মহাপুৰুষ শংকৰদেৱ

মহাপুৰুষ শংকৰদেৱৰ বিষয়ে ৰচনা


        শ্ৰীমন্তশঙ্কৰদেৱ অসমীয়া সাহিত্যৰ এজন অদ্বিতীয় ব্যক্তি। তেওঁ একেধাৰে ধৰ্ম প্ৰৱৰ্তক, সমাজ সংস্কাৰক, কবি, অনুবাদক, সংগীতজ্ঞ, নাট্যকাৰ, চিত্ৰকৰ। অসমীয়া জাতীয় জীৱন আৰু সংস্কৃতিৰৰ প্ৰতিটো দিশতে তেখেতৰ কুশল হাতৰ পৰশ পৰিছিল। তেওঁ বিভিন্ন জাতি-উপজাতি, ধৰ্ম-বৰ্ণ এক কৰি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিলে বুলি ক'লে ভুল কৰা নহ'ব।

            শংকৰদেৱৰ সাহিত্য প্ৰধানতঃ শ্ৰীমদ্ভাগৱতৰ ওপৰত আধাৰিত। তেখেতৰ সাহিত্য সাধনাৰ পথ নিৰ্মাণ কৰিছিল সংস্কৃতত ৰচিত বৈষ্ণৱ সাহিত্যৰ বিপুল অধ্যয়ন আৰু থলুৱা মাত কথাৰ প্ৰতি থকা তেখেতৰ গভীৰ প্ৰেম। মূলতঃ শংকৰদেৱ, মাধৱদেৱ,অনন্ত কন্দলী,ৰাম সৰস্বতী আদি কবিয়ে এই যুগৰ সাহিত্যৰ বিকাশত বিশেষ ভূমিকা লৈছিল।

        শংকৰদেৱৰ সুদূৰপ্ৰসাৰী বহুমুখী দান উপলব্ধি কৰিয়েই ড: বাণীকান্ত কাকতিয়ে এনেদৰে মন্তব্য কৰিছে,"বহু দেৱতাৰ মাজত প্ৰধান দেৱতাৰ সন্ধান দান, বহু সত্যৰ ভিতৰত সনাতন সত্যৰ উপলব্ধিৰ প্ৰতি আমাৰ সামাজিক চৈতন্যৰ জাগৰণ, আমাৰ জাতীয় আধ্যাত্মিক ক্ষেত্ৰত মহাপুৰুষৰ প্ৰধান দান।"

        শংকৰদেৱে যঠেষ্ট সংখ্যক কৃতি ৰচনা কৰিছে। এই সাহিত্যৰাজিক বিভিন্ন পণ্ডিতে বিভিন্ন ভাগত ভাগ কৰিছে। তেখেতৰ ৰচনাৱলীক ৰচনাক্ৰমৰ আধাৰত বৰ্গীকৰণ কৰা সহজসাধ্য নহয়। বিষয়বস্তু অনুসৰি তেখেতৰ ৰচনাৱলীক তলত দিয়া ধৰণে শ্ৰেণীবিভাজন কৰা হয়। যেনে-

১/ কাব্য- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলিছলন, অমৃত মথন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ।

২/ ভক্তিতত্ব প্ৰকাশক গ্ৰন্থ- ভক্তিপ্ৰদীপ, ভক্তিৰত্নাকৰ, নিমি-নৱসিদ্ধ সংবাদ আৰু অনাদি পাতন।

৩/ অনুবাদমূলক ৰচনা- ভাগৱত পুৰাণৰ প্ৰথম, দ্বিতীয় আৰু ষষ্ঠ, অষ্টম, দশম, একাদশ আৰু দ্বাদশ স্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণ।

৪/ নাটক - চিহ্নযাত্ৰা, পত্নীপ্ৰসাদ, কালিদমন, কেলি গোপাল, ৰুক্মিণী হৰণ নাট, পাৰিজাত হৰণ আৰু ৰামবিজয়।

৫/ গীত - বৰগীত, ভটিমা আৰু টোটয় আৰু চপয়।

৬/ নাম - প্ৰসংগমূলক গ্ৰন্থ - কীৰ্তন আৰু গুণমালা।
 

        খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ শেষভাগৰ পৰা সপ্তদশ শতিকাৰ আদিভাগলৈ ৰচনা কৰা সাহিত্যক শংকৰী যুগৰ সাহিত্য বোলা হয়। এই যুগৰ সাহিত্যক নৱ বৈষ্ণৱ সাহিত্য বুলিও কোৱা হয়। কাৰণ এই যুগৰ সাহিত্যৰাজিত ভক্তিৰ স্বৰূপ মূৰ্তিমান হৈ আছে। এই যুগটোৰ সাহিত্যক শংকৰদেৱে প্ৰবলভাৱে প্ৰভাৱান্বিত কৰিছিল বাবেই এই যুগটোক শংকৰী যুগ আখ্যা দিয়া হয়।

        এই যুগৰ অসমীয়া সাহিত্য সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ লগত জড়িত। প্ৰাক-বৈদিক যুগতে ভক্তিতত্বৰ উৎসৰ সন্ধান পোৱা যায় বুলি পণ্ডিতসকলে মত পোষণ কৰিছে। ঋক্ বেদত বৰুণ, সবিতা আৰু ঊষাৰ প্ৰাৰ্থনা পোৱা যায়। এই প্ৰাৰ্থনা মন্ত্ৰবোৰত ভক্তিৰ বীজ অন্তৰ্লীন হৈ আছে। উপনিষদ সমূহৰ কেইখনমান ভক্তিতত্বৰ আভাস পোৱা যায়।

        ভক্তিধৰ্মৰ মূল লক্ষ্য আছিল লোকজীৱনৰ সকলো দিশতে উন্নতি কৰা। ভক্তিমাৰ্গত তিনিটা শব্দই বিশেষ স্থান লাভ কৰে। এই শব্দ কেইটা হ'ল ভগৱৎ, ভক্তি আৰু ভক্ত। পণ্ডিতসকলে মত পোষণ কৰিছে যে এই তিনিটা পদে আদিম জনজাতীয় গোষ্ঠী বিশেষৰ সম্পত্তিৰ অধিকাৰী (ভাগৱৎ, প্ৰভু), সম্পত্তিৰ অংশ (ভক্তি) আৰু সম্পত্তি লাভ কৰা ব্যক্তি বিশেষক (ভক্ত) বুজায়। সময়ৰ গতিশীলতাত ভগৱতক ঈশ্বৰ ৰূপে শ্ৰদ্ধা কৰিবলৈ লোৱা হ'ল আৰু ভক্তক ঈশ্বৰৰ সেৱকৰূপে জ্ঞান কৰা হ'ল।

        শ্ৰীমদ্ভাৱত পুৰাণত উল্লেখ আছে যে ভক্তি ধৰ্ম পোনতে দ্ৰাবিড় দেশত উদ্ভৱ হৈছিল। সেই দেশৰ আলোৱাৰ নামৰ এক শ্ৰেণীৰ কৃষ্ণ ভক্তৰ বিকাশ ঘটিছিল। তেওঁলোকৰ উপাস্য দেৱতা বাল গোপালক গীত, পদ, নৃত্যৰে উপাসনা কৰিছিল। বহুতো পণ্ডিতে মত পোষণ কৰে যে বৈষ্ণৱ ভক্ত- গায়ক আলোৱাৰসকলৰ ভগৱৎ প্ৰীতিৰ মাজেৰে প্ৰেম-ভক্তিৰ বিকাশ হয়। আনকি আলোৱাৰসকলৰে কোনো সিদ্ধই শ্ৰীমদ্ভাগৱত পুৰাণ ৰচনা কৰা বুলি কোনো কোনো পণ্ডিতে কয়। পৰৱৰ্তী কালত প্ৰসিদ্ধ যমুনাচাৰ্য, ৰামানুজ, নিম্বাকাচাৰ্য, মধ্বচাৰ্য, জ্ঞানদেৱ, নামদেৱ, কবীৰ, বল্লভাচাৰ্য, দাদুদয়াল আদি সন্ত সকলে ভিন ভিন সময়ত ভিন ভিন স্থানত ভক্তি ধৰ্ম প্ৰসাৰিত কৰে। চতুৰ্দশ-পঞ্চদশ শতিকাত অসমত শংকৰদেৱে আৰু বংগত চৈতন্যদেৱে ভক্তি ধৰ্ম প্ৰচাৰ কৰে।

        শংকৰী যুগৰ সাহিত্য মূলতঃ ভক্তি-ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচিত হৈছিল। হিন্দু ধৰ্মগ্ৰন্থসমূহ সাধাৰণতে সংস্কৃত ভাষাত ৰচিত। ইয়াৰ তত্বসমূহ সৰ্বসাধাৰণৰ বোধগম্য হোৱাকৈ শ্ৰৱণ-কীৰ্তনৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰচাৰৰ অৰ্থে ৰচিত হৈছিল। এই যুগৰ সাহিত্য আদৰ্শবাদী ভাৱধাৰাৰ ওপৰত প্ৰতিষ্ঠিত। সেইবাবেই ইয়াত সাধাৰণ লোকৰ মনৰ কথা বা আৰ্থ-সামাজিক চিত্ৰ প্ৰতিফলিত হোৱা দেখা নাযায়। ভগৱানৰ অৱতাৰ লীলা বা কৃষ্ণ ভক্তিৰ মাহাত্মহে সেই সময়ৰ সাহিত্যৰ মাজেৰে উদ্ভাসিত হৈছে। সাহিত্যৰাজিৰ মাজত বিভিন্ন ৰসৰ প্ৰকাশ ঘটিলেও ভগৱতৰ ভক্তিৰসত সকলো ৰস বিলীন হৈ যায়। অন্ত:সলিলা ফল্গুৰ দৰে সকলোৰে অন্তৰালত বৈ থাকে কৃষ্ণৰতি বা ভক্তিৰস।

        এই যুগৰ সাহিত্যৰ এটা বৈশিষ্ট হ'ল সমগ্ৰ সাহিত্যৰাজিয়েই আছিল মূলতঃ অনুবাদমূলক। কবিসকলে কাব্য-নাটৰ বাবে সমল সংগ্ৰহ কৰিছিল শ্ৰীমদ্ভাগৱত পুৰাণ আৰু আন আন ভক্তিমূলক পুৰাণৰ পৰা। অৱশ্যে অনুবাদমূলক বা সমল আধাৰিত হ'লেও এইবোৰৰ মাজতো কবিসকলৰ মৌলিক প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে।

        শংকৰদেৱৰ পদাংক অনুসৰণ কৰি তেওঁৰ মাধৱদেৱ, অনন্ত কন্দলি, ৰাম সৰস্বতী আদি কবিয়েও এই যুগৰ সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰাৰ লগতে অসমীয়া সাহিত্যৰ সৌষ্ঠৱ বঢ়োৱাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।

উদাহৰণ স্বৰূপে শংকৰদেৱ টোটয় আৰু চপয় দুটা তলত উল্লেখ কৰা হ'ল-

টোটয়

"টোটয়" শব্দটো সংস্কৃত শব্দ "টোটক" বা "তোটক" শব্দৰ পৰা উদ্ভৱ হৈছে। চৰিত পুথিৰ মতে নৰনাৰায়ণৰ ৰাজসভাত থকা কালত তেওঁ টোটক ছন্দত তলৰ শ্লোকটো ৰচনা কৰিছিল। যেনে-

মধু-দানৱ-দাৰণ-দেৱ-ৱৰম্।
ৱৰ-ৱাৰিজ-লোচন-চক্ৰ-ধৰম্।।
ধৰণী ধৰ ধাৰণ ধ্যেয়-পৰম্।
পৰমাৰ্থ-বিদ্যাশুভ-নাশ-কৰম।।

চপয়

টোটয়ৰ দৰে চপয় ছন্দত ৰচিত স্তৱ বা গুণ বৰ্ণনাক চপয় বোলে। যেনে-

 শুণ শুণ ৰুক্মিণী আই।
কৃষ্ণ গুণ কহন নাযাই।।
মুখ ইন্দু কৌটি পৰকাশ।
দশন মেতিম মন্দ হাস।।
----------------------------------------------------------------------------

Post a Comment

0 Comments