হীৰেন ভট্টাচাৰ্য
আধুনিক অসমীয়া কবিতাৰ এগৰাকী প্ৰসিদ্ধ কবি হ'ল হীৰেন ভট্টাচাৰ্য। অসমীয়া সাহিত্যত হীৰেন ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি নামেৰে খ্যাত। অনুভূতিৰ গভীৰতা, কাব্যিক গীতিময়তা অৰ্থৰ ব্যঞ্জণাৰে কবিগৰাকীৰ কবিতাসমূহক বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছে।
হীৰেন ভট্টাচাৰ্যৰ জন্ম ১৯৩২ চনত যোৰহাটত। তেখেতৰ পিতৃৰ নাম তীৰ্থনাথ ভট্টাচাৰ্য্য আৰু মাতৃৰ নাম স্নেহলতা ভট্টাচাৰ্য্য। পিতৃ এগৰাকী জেইলাৰ হোৱা হেতুকে সময়ে সময়ে বিভিন্ন স্থানত বদলি হৈ যাবলগীয়া হৈছিল। তেখেতে ডিব্ৰুগড়ৰ গ্ৰেহাম বজাৰ এম ই স্কুলৰ পৰা প্ৰাথমিক শিক্ষা জীৱনৰ পাতনি মেলি, ক্ৰমে তেজপুৰ মজলীয়া স্কুল, গোলাঘাট হাইস্কুলত পঢ়ি পিছত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫৪ চনত বি বৰুৱা কলেজৰপৰা আই এ পাছ কৰে। ইয়াৰ পিছত বিভিন্ন কামত নিয়োজিত হৈ ১৯৬২-৬৪ চনলৈ বোৰ্কা হাইস্কুলত শিক্ষকতা কৰে। ১৯৬৪ চনত তেখেতে চিত্ৰবন ছপাশালৰ স্বত্বাধিকাৰী হয় আৰু চিত্ৰবন, মন আৰু আন্তৰিক কাকতৰ সম্পাদনাৰ দায়িত্ব বহন কৰে। তেখেতৰ কেবাখনো কবিতা পুথিয়ে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ কাব্যগ্ৰন্থসমূহ হ'ল-
ৰৌদ্ৰ কামনা (১৯৬৪)
তোমাৰ বাঁহী,
মোৰ দেশ মোৰ প্ৰেমৰ কবিতা (১৯৭২)
বিভিন্ন দিশৰ কবিতা (১৯৭৪)
কবিতাৰ ৰ'দ (১৯৭৭)
সুগন্ধি পখিলা (১৯৮২)
শইচ পথাৰ মানুহ (১৯৯১)
শইচ পথাৰ মানুহ নামৰ গ্ৰন্থৰ বাবে হীৰেন ভট্টাচাৰ্যদেৱক ১৯৯২ চনৰ সাহিত্য অকাদেমি বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও তেখেতে বিষ্ণুৰাভা বঁটা (১৯৫৮), ভাৰতীয় বিদ্যা ভৱনে ৰাজাজী বঁটা (১৯৮৪-৮৫), ছোভিয়েট দেশ নেহৰু বঁটা (১৯৮৭), আৰু মেগৰ শিক্ষা ন্যাসে আগবঢ়োৱা অসম উপত্যকা সাহিত্য বঁটা (২০০০) আদি বঁটা লাভ কৰিবলৈ সক্ষম হয়। ২০১২ চনত এই মহান কবিগৰাকীয়ে ইহলীলা সম্বৰণ কৰে।
কবি হিচাপে হীৰেন ভট্টাচাৰ্যৰ মূল্যায়ন
অসমীয়া সাহিত্যৰ কাব্য জগতত হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ এক বিশেষ স্থান আছে। ভাৱৰ গভীৰতা, সহজ-সৰল ভাষাৰে জীৱনৰ নিভাঁজ সৰল ৰূপক অৰ্থবহ ৰূপে প্ৰকাশ কৰে। সাঙ্গীতিক মাধুৰ্যই কবিৰ কবিতাসমূহৰ এক সুকীয়া বৈশিষ্ট্য প্ৰদান কৰিছে। মানুহৰ প্ৰতি থকা গভীৰ প্ৰেম তেখেতৰ কবিতাত প্ৰতিভাত হয়। কেতিয়াবা প্ৰেমৰ ক্ষেত্ৰত কবিৰ মনত সৃষ্টি হোৱা বিষাদবোধে কবিৰ হৃদয় বিগলিত কৰিছে আৰু তাৰ সুষম, মাৰ্জিত আৰু সৌন্দৰ্যৰ উপলব্ধিয়ে তেখেতৰ কবিতাসমূহক এক নান্দনিক গাম্ভীৰ্য প্ৰদান কৰিছে। দুখীয়া-নিছলা, নিপীড়িত জনতাৰ দুখৰ প্ৰতিচ্ছবি প্ৰকাশ কৰিবলৈ প্ৰতীক ৰূপে তেখেতে সহায় লয় ৰূপালী চৰাই আৰু জাৰত কঁপি থকা সিহঁতৰ পাখিত পোহৰৰ অদ্ভূত স্পন্দন। জীৱনৰ শুকান ডালতো কবিৰ হৃদয়ত জাগ্ৰত হয় মুক্তিৰ গান।
হিৰেন ভট্টাচাৰ্য্য এগৰাকী মানৱতাবাদী কবি। মানুহৰ দুখ-বেদনাৰ অনুভূতি কবিৰ কবিতাৰ মাজত প্ৰকাশ পাইছে। দুখীয়া-নিছলা, নিপীড়িত জনতাৰ কল্যাণৰ অৰ্থে যি মৰ্মবাণী প্ৰকাশ কৰিছে তাৰ উপলব্ধি প্ৰতীকময় অৰ্থ-ব্যঞ্জনাৰ মাজত প্ৰকাশিত হয় তেখেতৰ কবিতাত এনেদৰে-
'মানুহবোৰ
আন্ধাৰত থূপ খাই বহি আছে।
সূৰ্য নোলোৱালৈকৈ
হয়তো এইদৰে থাকিব।'
সহজ-সৰল প্ৰকাশভঙ্গী, সাংগীতিক মাধুৰ্যই হীৰেন ভট্টাচাৰ্যৰ কবিতাক সজীৱতা প্ৰদান কৰিছে। অসমীয়া গাৱলীয়া সমাজ প্ৰীতি, কৃষিভিত্তিক সমাজ জীৱনৰ একো একোখন তেওঁৰ আত্মপক্ষ শীৰ্ষক কবিতাত প্ৰকাশ পায়-
'পাৰা যদি আই মোক ক্ষমা কৰিবা।
মই যে দাৱনীৰ হাতৰ ধান কাটি
কাচিখনৰ কথা পাহৰিয়েই গ'লো।
সেইখনো এদিন ময়েই পঢ়িছিলো।'
অনুভূতিৰ সজীৱতা, কমনীয়তা, গাম্ভীৰ্য আৰু আন্তৰিক সৌন্দৰ্যৰ সাৰ্থক প্ৰয়োগে তেখেতৰ কবিতাক এক অপূৰ্ব সৌন্দৰ্য প্ৰদান কৰিছে। তেখেতে বাঁহীৰ পাতত লিখিছে-
'বাঁহীটো তেজৰ তলত, হাড়ৰ মাজত
লুকাই আছিল অতকাল। তাত
থূপাই লৈছিলোঁ সময়ৰ কিছুমান
শুকান পাত।
জীৱনবোধৰ স্পৰ্শ আৰু গোন্ধ লৈ প্ৰেমৰ প্ৰকৃত স্বৰূপ তেওঁ ভোগালীত প্ৰকাশ কৰিছে এনেদৰে-
'তুমিতো জানায়
এই কবিৰ আৰু একো নাই
এটাই মাথো কামিজ
তাৰো ছিগো ছিগো চিধাই।
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায়।'
বেননাবোধে কুৰুকি-কুৰুকি খাইছে কবি অন্তৰক। বেদনাৰ ভৰ সহ্য কৰিব নোৱাৰি জনতাৰ কবিগৰাকীয়ে স্বাভাৱিক জীৱনৰ সৰল যাত্ৰাপথৰ পৰা জটিল পথলৈ আগবাঢ়িছে। সংঘাতে কবিক কৰি তোলে বিক্ষুব্ধ। তেওঁৰ তেজৰ শিখাত প্ৰজ্বলিত হৈ আছে 'বাৰুদ ভৰা যন্ৰণা' যিয়ে হয়তো বিস্ফোৰণৰ ৰূপো ল'ব পাৰে-
মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা
কেতিয়াবা ভাবো খুন কৰোঁ নাইবা
নিজেই নিহত হওঁ সিহঁতৰ হাতত।'
হীৰেন ভট্টাচাৰ্যৰ কবিতা চিত্ৰকলাৰে সমৃদ্ধ। প্ৰেম, মৃত্যু, জীৱন-যন্ত্ৰণা, মানবীয় প্ৰশান্তি, মানসিক ভীতিগ্ৰস্ততা- জীৱনৰ এই বিচিত্ৰ ৰূপক একোটি সুন্দৰ মানস চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰিছে। সাধাৰণ দৃষ্টিত মৃত্যু এক ভয়, সংশয়, বিষাদ আৰু কাৰুণ্যৰ প্ৰতীক কিন্তু কবিৰ মনত সিও এক শিল্প। মৃত্যুৱে জীৱনৰ সৌন্দৰ্য বঢ়ায়। মৃত্যু আছে বুলিয়েই জীৱন ইমান মধুৰ। মৃত্যুৰ ৰূপ প্ৰকাশ কৰিবলৈ গৈ কবিয়ে চিত্ৰকল্পৰ সহায় লৈছে। সকলো কামনা-বাসনা লুপ্ত এনে অৰ্থত নিৰ্লোভ শব্দটোৰ প্ৰয়োগ সঁচাকৈ বৰ সুন্দৰ হৈছে। সেয়ে জোনাকী মনত কবিয়ে কৈছে-
'মৃত্যুওটো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য্য।'
জীৱনৰ প্ৰশান্তি, ৰিক্ততা আৰু নীৰৱতাক কবিয়ে গছ, পাত, ৰ'দ, ম'হৰ শিং আৰু এখন পাহাৰৰ চিত্ৰ-সমৃদ্ধ ৰূপত এনেদৰে প্ৰকাশ কৰিছে-
'পাতবোৰ পৰি আছে। উদং গাৰে ৰ'দ লৈছে এইবোৰে
শুকান ঘাঁহত বন কৰা পাট যেন ৰ'দ। দূৰত মʼহৰ শিঙৰ দৰে
ফেৰ পাতি থকা পাহাৰটো সাৱটি আছে নৈৰ নিজান সুৰে।'
কবি মনৰ ভয়াবহ উপলব্ধি এটা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে কাৰাগাৰ ভাঙি পলাই অহা কয়দীৰ ৰূপত
'ফাতেক ভাঙি পলাই আহিছে
ঘৰৰ মানুহটো
সিৰিক কৰিলেই কঁপে
তাৰ
ঘৰৰ ভিতৰৰ
ঘৰ।'
কবিৰ অনুভূতি সূক্ষ্ম অথচ গভীৰ। তাৰেই প্ৰকাশ পাইছিল আইৰ অসুখ নামৰ কবিতাত এনেদৰে-
'মোৰ আইৰ অসুখ........
তেজৰ ধাৰণা, হাড়ৰ আঁহত বিহ।
হাতেৰে মোহাৰি কাংক্ষিত সুখ
সোণৰ হৃদয় সলাই ল'লে সীহ।
মোৰ আইৰ কি অসুখ?
বিষাদ বাঁহীৰ মাতত হেৰুৱাই সম্বিৎ।'
হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হ'ল স্বদেশ প্ৰেম। দেশ বুলিলে আদেশ নলগা কবিগৰাকীৰ বিষয়ে ক'বলৈ গৈ সাহিত্যৰ আলোচক ইমদাদ উল্লাহে তেখেতৰ 'সৃজন আৰু মনন'ত এনেদৰে কৈছে, 'হীৰেন ভট্টাচাৰ্যৰ ভালপোৱাত এনে এবিধ মৰ্মস্পৰ্শী গভীৰতা, অকৃতিম আৱেগৰ আৰু ব্যক্তিগত অনুভূতিৰ উত্তাপ আছে যে সি সহজেই যিকোনো পাঠকৰ অন্তৰ স্পৰ্শ কৰে।'
এফালে অনুভূতিৰ সজীৱতা আৰু গভীৰতা, আনফালে সহজ-সৰল ভাষাৰ গীতিধৰ্মীতা গুণেৰে সমৃদ্ধ হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ অসমীয়া সাহিত্যৰ এক আপুৰুগীয়া সম্পদ।


0 Comments
Please do not enter any spam link in the comment box.