শংকৰী যুগৰ সাহিত্য

শংকৰী যুগৰ অসমীয়া সাহিত্য

শঙ্কৰী যুগৰ সাহিত্য বৈশিষ্ট্য

শঙ্কৰী-যুগৰ-সাহিত্য


            খ্ৰীষ্টিয় পঞ্চদশ শতিকাৰ শেষভাগৰ পৰা সপ্তদশ শতিকাৰ আদিভাগলৈ ৰচনা কৰা অসমীয়া সাহিত্যসমূহক শঙ্কৰী যুগৰ সাহিত্য বোলা হয়। এই যুগৰ সাহিত্যক নৱ বৈষ্ণৱ সাহিত্য বুলিও কোৱা হয়, কাৰণ এই সাহিত্যৰাজিত ভক্তিৰ স্বৰূপ মূৰ্তিমান হৈ আছে। মহাপুৰুষ শঙ্কৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে গীত-কাব্য-নাট আদি ৰচনা কৰিছিল। সাহিত্য এই সময়ছোৱাক শঙ্কৰদেৱে বিশেষভাৱে প্ৰভাৱান্বিত কৰিছিল বাবে এই যুগটোক শঙ্কৰী যুগ আখ্যা দিয়া হয়।



            এই যুগৰ সাহিত্য নৱবৈষ্ণৱ আদৰ্শৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে নিবেদিত বাবে ইয়াক ‘ভক্তি সাহিত্য বা ‘নৱবৈষ্ণৱ সাহিত্য’ আদি অভিধাও দিয়া হৈছে। গতিকে সাহিত্যৰ ইতিহাসকাৰসকলে শঙ্কৰদেৱৰ বিশাল প্ৰতিভাৰ উপস্থিতি আৰু ভক্তিৰ স্বৰূপ প্ৰকট হোৱা সাহিত্যৰাজিক শঙ্কৰী সাহিত্য, নৱবৈষ্ণৱ সাহিত্য বা ভক্তি সাহিত্য আদি বিভিন্ন আখ্যা প্ৰদান কৰিছে। শংকৰী যুগৰ অসমীয়া সাহিত্যৰ এক পটভূমি আছে। সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ সৈতে ই নিবিড়ভাৱে সম্পর্কিত। প্রাক্-বৈদিক যুগতে ভক্তিতত্ত্বৰ উৎসৰ সন্ধান পোৱা যায় বুলি পণ্ডিতসকলে মত পোষণ কৰিছে। ঋক্‌বেদত বৰুণ, সবিতা আৰু ঊষাৰ প্ৰাৰ্থনা পোৱা যায় ৷ এই প্ৰাৰ্থনা মন্ত্ৰবোৰত ভক্তিৰ বীজ অন্তৰ্লীন হৈ আছে। উপনিষদসমূহৰ কেইখনমানত ভক্তিতত্ত্বৰ আভাস পোৱা যায় ৷ অৱশ্যে ভক্তি আন্দোলন বুলি ক’লে খ্ৰীষ্টিয় পঞ্চদশ শতিকাৰ আশে-পাশে আৰম্ভ হোৱা বৈষ্ণৱ আন্দোলটোকহে বুজা যায়। ভুক্তিধৰ্ম বা ভক্তিমাৰ্গৰ মূল লক্ষ্য আছিল লোকজীৱনৰ সৰ্বাঙ্গীন বিকাশ বা উন্নতি। পণ্ডিতসকলে অভিমত দিয়ে যে সেই সময়ত বিষ্ণু উপাসনা পদ্ধতিৰ সৈতে লোকধৰ্মৰ সংযোগ সাধন হৈ বৈষ্ণৱ ধৰ্ম বা বৈষ্ণৱ ভক্তি আন্দোলনটোৰ উদ্ভৱ আৰু বিকাশ হৈছে। ভক্তিমাৰ্গত তিনিটা শব্দই ইয়াত বিশেষ স্থান লাভ কৰিছে। সেয়া হৈছে- ভগৱৎ, ভক্তি আৰু ভক্ত ৷ পণ্ডিতসকলে মত পোষণ কৰিছে যে এই তিনিটা পদে অদিম জনজাতীয় গোষ্ঠী বিশেষৰ সম্পত্তিৰ অধিকাৰী (ভগৱৎ, প্রভু), সম্পত্তিৰ অংশ (ভক্তি) আৰু সম্পত্তি লাভ কৰা ব্যক্তি বিশেষক (ভক্ত) বুজায়। সময়ৰ গতিশীলতাত ভগৱতক ঈশ্বৰ স্বৰূপে শ্ৰদ্ধা কৰিবলৈ লোৱা হ’ল আৰু ভক্তক ঈশ্বৰক সেৱকৰূপে গণ্য কৰা হ'ল। খ্রীঃপূঃ কেইবা শতিকা আগৰে পৰা ভক্তিবাদৰ প্ৰচলন থকাৰ প্ৰমাণ পোৱা যায়। বেদবেদান্ত, প্রত্ন লিপি, শিলালিপি, সাহিত্য ৰচনা আদিয়ে এই কথা প্রতিপন্ন কৰে। শ্ৰীমদ্ভাগৱত পুৰাণত উল্লেখ আছে যে ভক্তি ধর্ম পোনতে দ্রবিড় দেশত উদ্ভৱ হৈছিল। দক্ষিণ ভাৰতত অৰ্থাৎ দ্ৰাবিড় দেশৰ আলোৱাৰ নামৰ এক শ্ৰেণীৰ কৃষ্ণ ভক্তৰ বিকাশ ঘটিছিল। তেওঁলোকৰ উপাস্য দেৱতা আছিল বাল গোপাল আৰু তেওঁলোকে এই উপাস্য দেৱতাক গীত, পদ আৰু নৃত্যৱে উপাসনা কৰিছিল। বহুতো পণ্ডিতে মত পোষণ কৰে যে বৈষ্ণৱ ভক্ত-গায়ক আলোৱাৰসকলৰ ভুগৱপ্ৰীতিৰ মাজেৰে প্ৰেম-ভক্তিৰ বিকাশ হোৱা স্বাভাৱিক। আনকি এওঁলোকে কয় যে আলোৱাৰসকলৰেকোনো সিদ্ধই শ্ৰীমদ্ভাগৱত  পুৰাণখন ৰচনা কৰে। পৰৱৰ্তী কালত প্ৰসিদ্ধ যমুনাচাৰ্য, ৰামানুজ,নিম্বাকাচার্য, মধ্বচার্য, জ্ঞানদেৱ, নামদেৱ, কবীৰ, বল্লভাচাৰ্য, দাদুদয়াল আদি সন্ত পুৰুষসকলেভিন্ন সময়ত বেলেগ বেলেগ ধৰণে ভাৰতৰ  বিভিন্ন স্থানত ভক্তি ধৰ্ম প্ৰসাৰিত কৰে। চতুৰ্দশপঞ্চদশ শতিকাত অসমত শঙ্কৰদেৱ আৰু বংগত চেতন্যদেৱে ভক্তি ধৰ্ম প্ৰচাৰ কৰে।

            শঙ্কৰদেৱ অসমীয়া সাহিত্যৰ অদ্বিতীয় নির্মাণ কৰ্তা তেওঁ একাধাৰে ধৰ্ম প্ৰৱৰ্তক, সমাজ সংস্কাৰক, কবি, অনুবাদক, সঙ্গীতজ্ঞ, নাট্যকাৰ, চিত্ৰকৰ। অসমীয়া জাতীয় জীৱন আৰু সংস্কৃতিৰ এনে এটা দিশ নাই, য’ত শঙ্কৰদেৱৰ কুশল হস্তৰ পৰশ পৰা নাই। তেখেতে বিভিন্ন জাতি-উপজাতি, ধর্ম-বর্ণ এক কৰি বৃহৎ অসমীয়া জাতি আৰু অসমীয়া সমাজ গঠন কৰিবলৈ নিজৰ সকলো প্ৰতিভা, মনীষা আৰু শ্ৰম নিয়োজিত কৰিছিল। এক কথাত শঙ্কৰদেৱেই বৃহত্তৰ অসমীয়া জাতি গঠন কৰিলে বুলি ক’লে অত্যুক্তি কৰা নহ'ব। তেওঁৰ সুদূৰপ্ৰসাৰী বহুমুখী দান উপলব্ধি কৰিয়েই বাণীকান্ত কাকতিয়ে এনেদৰে মন্তব্য প্ৰকাশ কৰিছে- 'বহু দেৱতাৰ মাজত প্ৰধান দেৱতাৰ সন্ধান দান, বহু সত্যৰ ভিতৰত সনাতন সত্যৰ উপলব্ধিৰ প্ৰতি আমাৰ সামাজিক চৈতন্যৰ জাগৰণ, আমাৰ জাতীয় আধ্যাত্মিক ক্ষেত্ৰত মহাপুৰুষৰ প্রধান দান।'

            এই যুগৰ সাহিত্য প্রধানতঃ শ্রীমদ্ভাগৱতৰ ওপৰত আধাৰিত। তেওঁৰ সাহিত্য সাধনাৰ পথ নিৰ্দিষ্ট কৰিছিল সংস্কৃতত ৰচিত বৈষ্ণৱ সাহিত্যৰ বিপুল অধ্যয়ন আৰু থলুৱা মাত কথাৰ প্ৰতি নিভাঁজ প্রেমে। কৃষ্ণনাৰায়ণ প্ৰসাদ ‘মাগধে' শঙ্কৰদেৱৰ বহুমুখী সাহিত্যিক অৱদানৰ প্ৰসঙ্গত এনেদৰে মন্তব্য কৰিছে- 'ৰচনাৱলীত তেখেতৰ ব্যক্তিত্ব কবি আৰু নাট্যকাৰ, গীতিকাৰ আৰু প্ৰৱন্ধকাৰ, পদ্য আৰু গদ্যকাৰ, সঙ্গীত আৰু কীৰ্ত্তন গায়ক, ভক্ত আৰু চিন্তাবিদ, উপদেশ কৰ্তা আৰু অভিনেতা, সম্পাদক
আৰু অনুবাদকৰ বিভিন্ন ৰূপত অভিব্যক্ত হৈছে।' শঙ্কৰদেৱে যথেষ্ট সংখ্যক সাহিত্য কৃতি ৰচনা কৰিছে। এই সাহিত্যৰাজিক বিভিন্ন পণ্ডিতে বিভিন্ন ভাগত ভাগ কৰিছে। তেওঁৰ ৰচনাৱলীক ৰচনাক্ৰমৰ আধাৰত বর্গীকৃত কৰা সহজ নহয়। এই যুগৰ সাহিত্যৰাজি কাব্যত ৰচিত। অধিকাংশ ৰচনাই ভাগৱত আদি গ্ৰন্থৰ অনুবাদমূলক গ্ৰন্থ। ৰচনাৰাজি ভক্তি ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত আৰু কৃষ্ণ মাহাত্ম্য প্ৰকাশ কৰাই আছিল এই যুগৰ কবিসকলক প্ৰধান উদ্দেশ্য। এই উদ্দেশ্য নাট, গীত, নাম প্ৰসংগৰ গ্ৰন্থ ৰচনা কৰা হৈছিল।

মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ


        শ্ৰীমন্তশঙ্কৰদেৱ অসমীয়া সাহিত্যৰ এজন অদ্বিতীয় ব্যক্তি। তেওঁ একেধাৰে ধৰ্ম প্ৰৱৰ্তক, সমাজ সংস্কাৰক, কবি, অনুবাদক, সংগীতজ্ঞ, নাট্যকাৰ, চিত্ৰকৰ। অসমীয়া জাতীয় জীৱন আৰু সংস্কৃতিৰৰ প্ৰতিটো দিশতে তেখেতৰ কুশল হাতৰ পৰশ পৰিছিল। তেওঁ বিভিন্ন জাতি-উপজাতি, ধৰ্ম-বৰ্ণ এক কৰি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিলে বুলি ক'লে ভুল কৰা নহ'ব। শংকৰদেৱৰ সাহিত্য প্ৰধানতঃ শ্ৰীমদ্ভাগৱতৰ ওপৰত আধাৰিত। তেখেতৰ সাহিত্য সাধনাৰ পথ নিৰ্মাণ কৰিছিল সংস্কৃতত ৰচিত বৈষ্ণৱ সাহিত্যৰ বিপুল অধ্যয়ন আৰু থলুৱা মাত কথাৰ প্ৰতি থকা তেখেতৰ গভীৰ প্ৰেম। মূলতঃ শংকৰদেৱ, মাধৱদেৱ,অনন্ত কন্দলী,ৰাম সৰস্বতী আদি কবিয়ে এই যুগৰ সাহিত্যৰ বিকাশত বিশেষ ভূমিকা লৈছিল।

        শংকৰদেৱৰ সুদূৰপ্ৰসাৰী বহুমুখী দান উপলব্ধি কৰিয়েই ড: বাণীকান্ত কাকতিয়ে এনেদৰে মন্তব্য কৰিছে,"বহু দেৱতাৰ মাজত প্ৰধান দেৱতাৰ সন্ধান দান, বহু সত্যৰ ভিতৰত সনাতন সত্যৰ উপলব্ধিৰ প্ৰতি আমাৰ সামাজিক চৈতন্যৰ জাগৰণ, আমাৰ জাতীয় আধ্যাত্মিক ক্ষেত্ৰত মহাপুৰুষৰ প্ৰধান দান।"
শংকৰদেৱে যঠেষ্ট সংখ্যক কৃতি ৰচনা কৰিছে। এই সাহিত্যৰাজিক বিভিন্ন পণ্ডিতে বিভিন্ন ভাগত ভাগ কৰিছে। তেখেতৰ ৰচনাৱলীক ৰচনাক্ৰমৰ আধাৰত বৰ্গীকৰণ কৰা সহজসাধ্য নহয়। বিষয়বস্তু অনুসৰি তেখেতৰ ৰচনাৱলীক তলত দিয়া ধৰণে শ্ৰেণীবিভাজন কৰা হয়। যেনে-


১/ কাব্য- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলিছলন, অমৃত মথন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ।

২/ ভক্তিতত্ব প্ৰকাশক গ্ৰন্থ- ভক্তিপ্ৰদীপ, ভক্তিৰত্নাকৰ, নিমি-নৱসিদ্ধ সংবাদ আৰু অনাদি পাতন।

৩/ অনুবাদমূলক ৰচনা- ভাগৱত পুৰাণৰ প্ৰথম, দ্বিতীয় আৰু ষষ্ঠ, অষ্টম, দশম, একাদশ আৰু দ্বাদশ স্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণ।

৪/ নাটক- চিহ্নযাত্ৰা, পত্নীপ্ৰসাদ, কালিদমন, কেলি গোপাল, ৰুক্মিণী হৰণ নাট, পাৰিজাত হৰণ আৰু ৰামবিজয়।

৫/ গীত- বৰগীত, ভটিমা আৰু টোটয় আৰু চপয়।

৬/ নাম- প্ৰসংগমূলক গ্ৰন্থ - কীৰ্তন আৰু গুণমালা।

        খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ শেষভাগৰ পৰা সপ্তদশ শতিকাৰ আদিভাগলৈ ৰচনা কৰা সাহিত্যক শংকৰী যুগৰ সাহিত্য বোলা হয়। এই যুগৰ সাহিত্যক নৱ বৈষ্ণৱ সাহিত্য বুলিও কোৱা হয়। কাৰণ এই যুগৰ সাহিত্যৰাজিত ভক্তিৰ স্বৰূপ মূৰ্তিমান হৈ আছে। এই যুগটোৰ সাহিত্যক শংকৰদেৱে প্ৰবলভাৱে প্ৰভাৱান্বিত কৰিছিল বাবেই এই যুগটোক শংকৰী যুগ আখ্যা দিয়া হয়।

        এই যুগৰ অসমীয়া সাহিত্য সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ লগত জড়িত। প্ৰাক-বৈদিক যুগতে ভক্তিতত্বৰ উৎসৰ সন্ধান পোৱা যায় বুলি পণ্ডিতসকলে মত পোষণ কৰিছে। ঋক্ বেদত বৰুণ, সবিতা আৰু ঊষাৰ প্ৰাৰ্থনা পোৱা যায়। এই প্ৰাৰ্থনা মন্ত্ৰবোৰত ভক্তিৰ বীজ অন্তৰ্লীন হৈ আছে। উপনিষদ সমূহৰ কেইখনমান ভক্তিতত্বৰ আভাস পোৱা যায়।

        ভক্তিধৰ্মৰ মূল লক্ষ্য আছিল লোকজীৱনৰ সকলো দিশতে উন্নতি কৰা। ভক্তিমাৰ্গত তিনিটা শব্দই বিশেষ স্থান লাভ কৰে। এই শব্দ কেইটা হ'ল ভগৱৎ, ভক্তি আৰু ভক্ত। পণ্ডিতসকলে মত পোষণ কৰিছে যে এই তিনিটা পদে আদিম জনজাতীয় গোষ্ঠী বিশেষৰ সম্পত্তিৰ অধিকাৰী (ভাগৱৎ, প্ৰভু), সম্পত্তিৰ অংশ (ভক্তি) আৰু সম্পত্তি লাভ কৰা ব্যক্তি বিশেষক (ভক্ত) বুজায়। সময়ৰ গতিশীলতাত ভগৱতক ঈশ্বৰ ৰূপে শ্ৰদ্ধা কৰিবলৈ লোৱা হ'ল আৰু ভক্তক ঈশ্বৰৰ সেৱকৰূপে জ্ঞান কৰা হ'ল।

        শ্ৰীমদ্ভাৱত পুৰাণত উল্লেখ আছে যে ভক্তি ধৰ্ম পোনতে দ্ৰাবিড় দেশত উদ্ভৱ হৈছিল। সেই দেশৰ আলোৱাৰ নামৰ এক শ্ৰেণীৰ কৃষ্ণ ভক্তৰ বিকাশ ঘটিছিল। তেওঁলোকৰ উপাস্য দেৱতা বাল গোপালক গীত, পদ, নৃত্যৰে উপাসনা কৰিছিল। বহুতো পণ্ডিতে মত পোষণ কৰে যে বৈষ্ণৱ ভক্ত- গায়ক আলোৱাৰসকলৰ ভগৱৎ প্ৰীতিৰ মাজেৰে প্ৰেম-ভক্তিৰ বিকাশ হয়। আনকি আলোৱাৰসকলৰে কোনো সিদ্ধই শ্ৰীমদ্ভাগৱত পুৰাণ ৰচনা কৰা বুলি কোনো কোনো পণ্ডিতে কয়। পৰৱৰ্তী কালত প্ৰসিদ্ধ যমুনাচাৰ্য, ৰামানুজ, নিম্বাকাচাৰ্য, মধ্বচাৰ্য, জ্ঞানদেৱ, নামদেৱ, কবীৰ, বল্লভাচাৰ্য, দাদুদয়াল আদি সন্ত সকলে ভিন ভিন সময়ত ভিন ভিন স্থানত ভক্তি ধৰ্ম প্ৰসাৰিত কৰে। চতুৰ্দশ-পঞ্চদশ শতিকাত অসমত শংকৰদেৱে আৰু বংগত চৈতন্যদেৱে ভক্তি ধৰ্ম প্ৰচাৰ কৰে।

        শংকৰী যুগৰ সাহিত্য মূলতঃ ভক্তি-ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচিত হৈছিল। হিন্দু ধৰ্মগ্ৰন্থসমূহ সাধাৰণতে সংস্কৃত ভাষাত ৰচিত। ইয়াৰ তত্বসমূহ সৰ্বসাধাৰণৰ বোধগম্য হোৱাকৈ শ্ৰৱণ-কীৰ্তনৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰচাৰৰ অৰ্থে ৰচিত হৈছিল। এই যুগৰ সাহিত্য আদৰ্শবাদী ভাৱধাৰাৰ ওপৰত প্ৰতিষ্ঠিত। সেইবাবেই ইয়াত সাধাৰণ লোকৰ মনৰ কথা বা আৰ্থ-সামাজিক চিত্ৰ প্ৰতিফলিত হোৱা দেখা নাযায়। ভগৱানৰ অৱতাৰ লীলা বা কৃষ্ণ ভক্তিৰ মাহাত্মহে সেই সময়ৰ সাহিত্যৰ মাজেৰে উদ্ভাসিত হৈছে। সাহিত্যৰাজিৰ মাজত বিভিন্ন ৰসৰ প্ৰকাশ ঘটিলেও ভগৱতৰ ভক্তিৰসত সকলো ৰস বিলীন হৈ যায়। অন্ত:সলিলা ফল্গুৰ দৰে সকলোৰে অন্তৰালত বৈ থাকে কৃষ্ণৰতি বা ভক্তিৰস।

        এই যুগৰ সাহিত্যৰ এটা বৈশিষ্ট হ'ল সমগ্ৰ সাহিত্যৰাজিয়েই আছিল মূলতঃ অনুবাদমূলক। কবিসকলে কাব্য-নাটৰ বাবে সমল সংগ্ৰহ কৰিছিল শ্ৰীমদ্ভাগৱত পুৰাণ আৰু আন আন ভক্তিমূলক পুৰাণৰ পৰা। অৱশ্যে অনুবাদমূলক বা সমল আধাৰিত হ'লেও এইবোৰৰ মাজতো কবিসকলৰ মৌলিক প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে।

        শংকৰদেৱৰ পদাংক অনুসৰণ কৰি তেওঁৰ মাধৱদেৱ, অনন্ত কন্দলি, ৰাম সৰস্বতী আদি কবিয়েও এই যুগৰ সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰাৰ লগতে অসমীয়া সাহিত্যৰ সৌষ্ঠৱ বঢ়োৱাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।

উদাহৰণ স্বৰূপে শংকৰদেৱ টোটয় আৰু চপয় দুটা তলত উল্লেখ কৰা হ'ল-

টোটয় - "টোটয়" শব্দটো সংস্কৃত শব্দ "টোটক" বা "তোটক" শব্দৰ পৰা উদ্ভৱ হৈছে। চৰিত পুথিৰ মতে নৰনাৰায়ণৰ ৰাজসভাত থকা কালত তেওঁ টোটক ছন্দত তলৰ শ্লোকটো ৰচনা কৰিছিল। যেনে-

মধু-দানৱ-দাৰণ-দেৱ-ৱৰম্।
ৱৰ-ৱাৰিজ-লোচন-চক্ৰ-ধৰম্।।
ধৰণী ধৰ ধাৰণ ধ্যেয়-পৰম্।
পৰমাৰ্থ-বিদ্যাশুভ-নাশ-কৰম।।

চপয়- টোটয়ৰ দৰে চপয় ছন্দত ৰচিত স্তৱ বা গুণ বৰ্ণনাক চপয় বোলে। যেনে-

শুণ শুণ ৰুক্মিণী আই।
কৃষ্ণ গুণ কহন নাযাই।।
মুখ ইন্দু কৌটি পৰকাশ।
দশন মেতিম মন্দ হাস।।

মহাপুৰুষ মাধৱদেৱ

        শঙ্কৰী যুগৰ আন এগৰাকী মহান কবি হ'ল মহাপুৰুষ মাধৱদেৱ। ১৪৮৯ চনত নাৰায়ণপুৰৰ লেতেকুপুখুৰী নামৰ ঠাইৰ হৰিশিঙা বৰাৰ গৃহত মাধৱদেৱৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম গোবিন্দগিৰী আৰু মাতৃৰ নাম মনোৰমা আই। গোবিন্দগিৰী বণ্ডুকাৰ লোক আছিল। মাধৱদেৱ সৰু থাকোঁতে পিতৃ গোবিন্দগিৰী নানা সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছিল। পুত্ৰ মাধৱৰ বয়স মাত্ৰ ছমাহমান থাকোঁতেই গোবিন্দগিৰীয়ে হৰিশিঙা বৰাৰ গৃহ ত্যাগ কৰিবলৈ বাধ্য হৈ ছমাহমান কাল বিভিন্ন ঠাইত দুৰ্ভোগ ভুগি ঘাঘৰ নদীৰ পাৰত গোবিন্দ ওৰফে ঘাঘৰ মাজিৰ ঘৰত আশ্ৰয় লয়। ইয়াতেই মাধৱৰ ভগ্নী ঊৰ্বশীৰ জন্ম হয়। চৈধ্য বছৰ কাল ঘাঘৰ মাজিৰ গৃহত থকাৰ পিছত গোবিন্দগিৰী সপৰিয়ালে ভৰালী ডুবি নামৰ ঠাইলৈ আহে। তাতেই ৰামদাসৰ লগত ঊৰ্বশীৰ বিয়া হয়। ঊৰ্বশীৰ বিয়াৰ পিছত মনোৰমা আইক জোঁৱায়েক ৰামদাসৰ ঘৰত থৈ মাধৱদেৱক লৈ গোবিন্দগিৰী বণ্ডুকালৈ যায়। তাতেই ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত নাম লগায়। অতি কম দিনৰ ভিতৰতে আৰু কম বয়সতে মাধৱদেৱ শুশিক্ষিত হৈ উঠে। মাধৱদেৱে কায়স্থিকা (কাইথেলী লিপিৰ জ্ঞান) বিদ্যাও শিকিছিল। বণ্ডুকাত পাঁচ বছৰ থকাৰ পিছত পিতৃ-বিয়োগ হোৱাত মাধৱদেৱ মাজুলীত থকা মাকৰ কাষ চাপে। মাজুলীত থকা সময়তে দেৱী পূজাক লৈ ভনী-জোঁৱাই ৰামদাসৰ যোগেদি মাধৱদেৱৰ শ্ৰীমন্ত শংকৰদেৱৰ লগত সাক্ষাৎ লাভ হয়। তেতিয়া শংকৰদেৱ ধুৱা হাটত আছিল। শংকৰদেৱৰ লগত তেওঁ প্ৰবৃত্তি মাৰ্গৰ সপক্ষে যুক্তিবাদত লিপ্ত হয় আৰু শংকৰদেৱে নিবৃত্তি মাৰ্গৰ সপক্ষে যুক্তি তৰ্কত লিপ্ত হয়। শংকৰদেৱৰ নিবৃত্তি মাৰ্গৰ যুক্তিৰ ওচৰত হাৰ মানি শংকৰদেৱৰ ওচৰত শৰণ লয় আৰু একান্ত বিষ্ণু ভক্ত হৈ পৰে। ধৰ্মাচৰণত ব্যাঘাত ঘটে বুলি তেওঁ ঘৰ-সংসাৰ পতাৰ কথা মনলৈয়ে নানিলে। আনকি দেউতাকে জোৰণ পিন্ধিই থোৱা কইনাকো কৌশলেৰে ত্যাগ কৰে। শংকৰদেৱে নিজেও নিজৰ কন্যা বিষ্ণুপ্ৰিয়াক মাধৱদেৱলৈ বিয়াৰ প্ৰস্তাৱ দিছিল। কিন্তু মাধৱদেৱে কৌশলপূৰ্ণ যুক্তিৰে, চাতুৰ্যেৰে শংকৰদেৱৰ এই প্ৰস্তাৱ নাকচ কৰে।ভক্তিধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত মাধৱদেৱ গুৰুজনাৰ সোঁহাত স্বৰূপ আছিল বুলিব পাৰি। ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত তেওঁ নানা সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছিল। তেওঁ দুবাৰকৈ গড়গাঁৱৰ ৰাজ-দৰবাৰত হাজিৰ হ'বলগীয়া হৈছিল। প্ৰথমবাৰ গুৰু শংকৰৰ লগত গৈ সুকলমে ঘূৰি আহে। দ্বিতীয়বাৰ শংকৰদেৱৰ জোঁৱাই হৰিৰ লগত তেওঁক গড়গাঁৱলৈ নিয়া হৈছিল। এইবাৰ স্বৰ্গদেউৰ আদেশ আওহেলা কৰাৰ অপৰাধত হৰি জোৱাই কটা গ'ল। মাধৱদেৱক কেৱলীয়া ভকত বুলি এবছৰ ৰাজধানীতে ৰাখি পিছত এৰি দিয়ে। গড়গাঁৱৰ পৰা মুকলি হৈ আহি তেওঁ গুৰুজনাৰ লগত কামৰূপলৈ আহে আৰু বৰপেটাৰ ওচৰৰ কাপলাত উপস্থিত হয়। কাপলাত ছমাহ থকাৰ পিছত তেওঁ বাৰাদিলৈ যায়। বাৰাদিত তিনি বছৰ থকাৰ পিছত কলানিকুছিত ছমাহ, নোৱাকুছিত চাৰি মাহ থকাৰ পিছত গণককুছি পায়। গণকুছিত মাধৱদেৱে ওঠৰ বছৰ কাল থাকে। গণককুছিত থকা সময়তে তেওঁ শংকৰদেৱৰ দ্বিতীয় তীৰ্থযাত্ৰাৰ সঙ্গী হৈ শ্ৰীক্ষেত্ৰ দৰ্শন কৰি উভতি আহে। তীৰ্থযাত্ৰাৰ পৰা উভতি অহাৰ পাছত শংকৰদেৱ ৰাজৰোষত পৰিবলগীয়া হয় আৰু বেহাৰৰ ৰজা নৰনাৰায়ণৰ ওচৰত উপস্থিত হয়। শংকৰদেৱ বেহাৰত থকাৰ সময়তে মাধৱদেৱে শোষবাৰৰ বাবে বণ্ডুকালৈ আহে।

        মাধৱদেৱ বণ্ডুকাত থাকোঁতেই শংকৰদেৱৰ তিৰোধান হয়। তেতিয়া কালিন্দী আইৰ অনুৰোধ ৰক্ষা কৰি মাধৱদেৱে পাটবাউসীত থাকিবলৈ লয়। পাটবাউসীত কিছুদিন থকাৰ পিছত সুন্দৰীদিয়াত থাকিবলৈ লয়। সুন্দৰীদিয়াত মহাপুৰুষ গৰাকীয়ে চৈধ্য বছৰ কাল থাকে। তাতো তেওঁ সুখে-শন্তিৰে ধৰ্ম প্ৰচাৰৰ কাম কৰিব পৰা নাছিল। গতিকে, সুন্দৰীদিয়া ত্যাগ কৰি বৰপেটাত থাকিবলৈ লয়। ইয়াতো তেওঁ সুখেৰে থাকিব পৰা নাছিল। এইবাৰ তেওঁ ৰজা ৰঘূদেৱৰ ৰোষত পৰিল। ৰঙিয়াল গৃহ সাজি, নটুৱা নাচ নচাই মানুহক বিপথে পৰিচালিত কৰা বুলি বিজয়নগৰলৈ ধৰাই নিয়ে। অৱশ্যে ৰজাই নিজৰ ভুল বুজি পাই মাধৱদেৱক সসন্মানে মুকলি কৰি দিয়ে। ইয়াৰ পিছত তেওঁ কিছুদিন হাজোত থাকি কোচবিহাৰলৈ গৈ ভেলাত সত্ৰ পাতে। ইয়াতো তেওঁৰ বিৰুদ্ধে কাজী নামৰ বিষয়া এগৰাকী উঠি-পৰি লাগে। অৱশ্যে কাজীয়ে নিজৰ ভুল বুজি পাই মাধৱত শৰণ লয়। কোচ ৰজা লক্ষ্মীনাৰায়ণেও তেওঁৰ ধৰ্ময়েই ৰাজ্যত প্ৰৱৰ্তিত হ'ব বুলি মাধৱদেৱক আশ্বাস দিয়ে। এনেদৰে ভক্তিধৰ্ম এসময়ত ৰাজধৰ্ম হৈ পৰে। ভেলাত থাকোঁতেই মাধৱদেৱৰ দেহা পৰি আহিবলৈ ধৰে আৰু ১৫১৮ শকৰ ভাদ মাহৰ সাতাইশ তাৰিখে মাধৱদেৱে ইহলীলা সম্বৰণ কৰে।

        গুৰুজনাৰ পদাঙ্ক অনুসৰণ কৰি মাধৱদেৱে সাহিত্য ৰচনাত ব্ৰতী হয় আৰু ভক্তি ধৰ্মৰ গুৰি-বঠা ধৰে। বিষয়বস্তু আৰু ৰূপ অনুসৰি মাধৱদেৱৰ ৰচনাৱলীক চাৰি ভাগত ভাগ কৰা হয়-

১/ আখ্যানমূলক ২/ তত্বমূলক ৩/ নাট আৰু ৪/ গীত।

১/ আখ্যানমূলক ৰচনা-
মাধৱদেৱৰ আখ্যানসমূহ ৰচনা দুখন হ'ল-

ক/ ৰামায়ণৰ আদিকাণ্ড আৰু খ/ ৰাজসূয় কাব্য।

ক/ আদিকাণ্ড ৰামায়ণ

         আদিকাণ্ড ৰামায়ণ মাধৱদেৱৰ কাব্য-প্ৰতিভাৰ অন্যতম নিদৰ্শন। মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰাৰ কথা উল্লেখ আছে। কিন্তু কোনো কাৰণ ইয়াৰ আদিকাণ্ড আৰু উত্তৰকাণ্ড উদ্ধাৰ নোহোৱাৰ বাবে শংকৰদেৱে নিজে উত্তৰকাণ্ড আৰু মাধৱদেৱক আদিকাণ্ড অনুবাদ কৰিবলৈ দিয়ে। গুৰুৰ আদেশ মানি মাধৱদেৱে ১৪৯১ টা পদত আদিকাণ্ড অনুবাদ কৰে। এই অনুবাদৰ যোগেদি মাধৱদেৱৰ কাব্য প্ৰতিভা উজলি উঠিছে। মাধৱদেৱে বাল্মীকি ৰামায়ণক মূল হিচাপে লৈছে যদিও আন আন উৎসৰ পৰাও উপাদান সংগ্ৰহ কৰাৰ উমান তলৰ শ্লোকটিৰ পৰা পোৱা যায়-

পৰে ৰামচৰণত আনো সৱ কথা
পাও ৰামকথাসে নিশ্চয়।
গঙ্গাৰ জল যত পৰে নদী নানা মত
তাক কোনে তেজিয়া আছয়।।

        গতিকে দেখা যায় যে, মাধৱদেৱৰ ৰামায়ণ মাধৱ কন্দলিৰ ৰামায়ণৰ নিচিনা বাল্মীকি ৰামায়ণৰ মূলাশ্ৰয়ী নহয়। তেওঁ মনে বিচৰা আৰু মানুহে ভালপোৱা নানান ঘটনা তেওঁৰ আদিকাণ্ড সংযোগ কৰিছে। আনহাতে প্ৰকাশন ৰীতিটো কোনো কোনো ক্ষেত্ৰত মূল ৰামায়ণৰ পৰা আঁতৰি আহিছে। মাধৱদেৱৰ আদিকাণ্ড ৰামায়ণত ৰঘুবংশ, পদ্মপুৰাণ আদিৰ প্ৰভাৱ পৰিলক্ষিত হয়। মাধৱদেৱৰ আদিকাণ্ডত বাল্মীকি ৰামায়ণৰ বহুতো ঘটনা সম্পূৰ্ণৰূপে বাদ পৰিছে আৰু কিছুমান চমু কৰিছে। নিজস্ব ৰীতি মানি আদিকাণ্ড ৰামায়ণত শিশু ৰামৰ বিবিধ ৰূপ আৰু লীলাৰ চিত্ৰণ কৰিছে। সৰ্বগুণী ৰামৰ কিশোৰ কাল ইয়াৰ মাজত উজলি উঠিছে। কাহিনীভাগ ৰামৰ জন্মৰ পূৰ্বৰে পৰা আৰম্ভ কৰা হৈছে, লগতে ৰামৰ শৈশৱ আৰু কৈশোৰ কাল দ্ৰুতগতিত আগ বঢ়াই নিয়া হৈছে। আনহাতে সীতাৰ স্বয়ম্বৰ আৰু হৰধনু ভঙ্গৰ পিছৰ কাহিনী ভাগ কিছু মন্থৰ গতি লয়। ৰাম-সীতাৰ ৰীতি-নীতি বাল্মীকি ৰামায়ণৰ বৰ্ণনাৰ বিপৰীতে এখন অসমীয়া বিয়াৰহে ওচৰ চপা। ইয়াৰ উপৰি পৰশুৰামৰ বৰ্ণনাত কবিৰ মৌলিকতাৰ প্ৰমাণ পোৱা যায়।

        মাধৱদেৱে ৰামায়ণৰ ৰাম-সীতাৰ কাহিনীৰ যোগেদি বিষ্ণু ভক্তি বা একশৰণীয়া আদৰ্শ প্ৰচাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। সেয়ে চেগ বুজি য'ত সুবিধা পায় তʼতেই ৰামক বিষ্ণুৰ অৱতাৰ বুলি বৰ্ণনা কৰিছে। মাধৱদেৱে কংস, পূতনাক বধ কৰোঁতা কৃষ্ণ আৰু বানৰৰ লগত সখীত্ব পতা ৰামচন্দ্ৰক একে ব্ৰহ্মৰ দুই ৰূপ বুলি প্ৰকাশ কৰিছে।

খ/ ৰাজসূয় কাব্য

         ৰাজসূয় কাব্য দশম স্কন্ধ ভাগৱতৰ উত্তৰাৰ্দ্ধৰ আধাৰত লিখা। কাব্যখন মাধৱদেৱৰ কাব্য প্ৰতিভাৰ এক উল্লেখযোগ্য নিদৰ্শন। কাব্যখনি ৭৭৪ টা পদত ৰচিত। কাব্যখনৰ কাহিনীভাগ যুধিষ্ঠিৰৰ যজ্ঞ সম্পাদনৰ বাবে শ্ৰীকৃষ্ণৰ বুদ্ধিত জৰাসন্ধ নিধন, বন্দী ৰজাসকলক মুক্তি প্ৰদান, শিশুপাল বধ আৰু যুধিষ্ঠিৰৰ অভিষেক সম্পাদন- এইকেইটা অধ্যায় সামৰা হৈছে। মাধৱদেৱে কাব্যখনৰ কাহিনীটো নিজৰ দক্ষতাৰে নিজৰ মতে গঢ়ি-পিতি লৈ নিটোল কৰি তুলিছে। ফলত মূলৰ কাহিনীটো কোনো অংশত হ্ৰাস, কোনো অংশ বৃদ্ধি আৰু কোনো অংশ বাদ দিছে। উদাহৰণ স্বৰূপে শ্ৰীকৃষ্ণৰ ইন্দ্ৰপ্ৰস্থ আগমন বা শিশুপালৰ শিশু কালৰ কাহিনী বহলভাৱে বৰ্ণনা কৰাৰ বিপৰীতে জৰাসন্ধৰ শিশু কালৰ কাহিনী সম্পূৰ্ণৰূপে বাদ দিছে। কাব্যখনৰ কেন্দ্ৰবিন্দুত ভগৱান শ্ৰীকৃষ্ণ জিলিকি আছে। উল্লেখযোগ্য যে মাধৱদেৱৰ ৰচনাত শিশু কৃষ্ণ দীপ্তিমান হোৱা দেখা যায়। কিন্তু ৰাজসূয় কাব্য ইয়াৰ ব্যতিক্ৰম। মাধৱদেৱৰ ৰাজসূয় কাব্যই একমাত্ৰ কাব্য য'ত পৌণত বয়সৰ কৃষ্ণ কাব্যৰ নায়ক হৈ আছে। ইয়াত কৃষ্ণক এজন দায়িত্বশীল শাসক আৰু অভিজ্ঞ কূটনীতিবিদৰ ৰূপত অংকন কৰা হৈছে। ভক্ত বৎসল কৃষ্ণ কাব্যখনত পূৰ্ণব্ৰহ্মৰ মানৱী ৰূপ। কাব্যখনত ছবি, দুলড়ি, ঝুমুৰি আদি ছন্দ ব্যৱহাৰ কৰিছে। ভক্তি ৰস কাব্যখনৰ প্ৰধান ৰস যদিও শান্ত, হাস্য,বীৰ, ৰৌদ্ৰ আদি ৰসো ইয়াত আছে।

        মুঠতে বিভিন্ন অলংকাৰৰ সাৰ্থক প্ৰয়োগ, ৰসৰ প্ৰয়োগ, বিভিন্ন ছন্দৰ প্ৰয়োগ আৰু ভক্তি ধৰ্মৰ আদৰ্শৰে ৰাজসূয় কাব্য মহাপুৰুষ মাধৱদেৱৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যৰ নিদৰ্শন বুলি ক'ব পাৰি।

২/ মাধৱদেৱৰ তত্ত্বমূলক ৰচনা

মাধৱদেৱৰ তত্ত্বমূলক ৰচনাত তিনিখন গ্ৰন্থ সামৰা হৈছে। সেইবোৰ হ'ল-
ক/ জন্ম ৰহস্য খ/ নাম-মালিকা আৰু গ/ ভক্তি ৰত্নাৱলী।

ক/ জন্ম ৰহস্য

        জন্ম ৰহস্য মাধৱদেৱৰ সাহিত্যিক জীৱনৰ আদিকালত ৰচিত এখন সৰু গ্ৰন্থ। চিলাৰায়ৰ পত্নী ৰাণী ভুৱনেশ্বৰীৰ অনুৰোধত মাধৱদেৱে এই পুথিখন ৰচনা কৰিছিল। ইয়াত সৃষ্টি আৰু প্ৰণয়ৰ বৰ্ণনা আছে। ইয়াৰ অধিকাংশই ঠাই শ্ৰীকৃষ্ণৰ পৰম ব্ৰহ্মত্ব সম্পৰ্কে উক্তিয়েই অধিকাৰ কৰি আছে। মাজে মাজে দৰ্শনৰ জটিল তত্ত্ব সহজ-সৰল ভাষাৰে দিয়াৰ প্ৰযত্ন আছে। মাধৱদেৱে নাৰদৰ আগত নাৰায়ণে দিয়া দশাৱতাৰৰ বিস্তৃত বৰ্ণনা কৰিছে। অৱশ্যে শ্ৰীকৃষ্ণলীলাৰ বৰ্ণনা আড়ম্বৰপূৰ্ণভাৱে দিছে। পুথিখনৰ প্ৰকাশভঙ্গী অতি স্বচ্ছ। ঠাই বিশেষে মাধৱদেৱৰ নিজস্ব অনুভূতি আৰু অভিজ্ঞতাই ভুমুকি মাৰিছে। গুৰু ভক্তিৰ নিদৰ্শনো ইয়াত প্ৰকাশ পাইছে। মাধৱদেৱৰ কবি প্ৰতিভাই পুথিখন প্ৰাণৱন্ত কৰি তুলিছে।

খ/ নাম-মালিকা

        নাম-মালিকা পুথিখন মাধৱদেৱে বিৰূপাক্ষ কাজিৰ অনুৰোধত ৰচনা কৰিছিল। পুথিখনৰ মূল ৰূপ হ'ল উৰিষ্যাৰ বিদ্যোৎসাহী ৰজা পুৰুষোত্তম গজপতিৰ আদেশত পণ্ডিতসকলে সংগ্ৰহ কৰা কৃষ্ণনামৰ মাহাত্ম্যসূচক শ্লোকৰ সংকলনেই হ'ল নাম-মালিকা। ইয়াত ৬১খন শাস্ত্ৰৰ বছা বছা শ্লোকৰ ভাঙনি গ্ৰন্থবদ্ধ কৰা হৈছে। ভাগৱত পুৰাণৰ প্ৰাধান্য ইয়াত দেখা নাযায়। ইয়াৰ আন এটা বৈশিষ্ট্য হ'ল- মূল গ্ৰন্থত নথকা স্বত্ত্বেও মাধৱদেৱে পদ্মপূৰাণৰ স্বৰ্গ খণ্ডৰ নামাপৰাধ অংশৰ বহল ভাঙনি আগবঢ়াইছে। পুথিখনত পুৰাণ, উপপুৰাণ, তন্ত্ৰ, স্মৃতি, সংহতি আদিৰ উদ্ধৃতি ব্যৱহাৰ কৰা হৈছে।

৩/ ভক্তি ৰত্নাৱলী

        অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ চাৰিপুথিৰ ভিতৰত ভক্তি ভক্তি ৰত্নাৱলীও এখন। অসমৰ বৈষ্ণৱ সমাজত এই চাৰিপুথিৰ প্ৰভাৱ অপৰিসীম। কৃষ্ণৰ মাহাত্ম্য প্ৰকাশ কৰি সকলোকে ভক্তি ৰসত নিমজ্জিত কৰি ৰখাই পুথিখনৰ মূল উদ্দেশ্য। ভক্তি আৰু সৎসংগৰ মাহাত্ম্য, ভক্তি বিশেষণ বিৰচন, ন প্ৰকাৰৰ ভক্তি বিৰচন, অৰ্চন বিৰচন আৰু শৰণ বিৰচন- এই তেৰটি বিৰচনেৰে গ্ৰন্থখনিত ভক্তিতত্ত্বৰ বিষয়ে আলোচনা কৰা হৈছে।

ভক্তি বিৰচন

        ভক্তি বিৰচনত বিভিন্ন প্ৰকাৰৰ ভক্তিৰ কথা কোৱা হৈছে। ইয়াত কোৱা হৈছে যে- নাৰায়ণ হ'ল এই বিশাল বিশ্ব ব্ৰহ্মাণ্ডৰ একমাত্ৰ পৰম দেৱতা। ভক্তি আৰু পৰম বিশ্বাসেৰে এই নাৰায়ণক ভজনা কৰিলে মোক্ষপদ লাভ হয়। যিসকলে মুক্তি সুখ কামনা নকৰি অন্য সুখ আশা কৰে- তেওঁলোকৰো হৰি ভক্তিত অভিলাস পূৰ্ণ হয়।

সৎসঙ্গ বিৰচন

সৎসঙ্গ বিৰচনত, সৎসঙ্গৰ প্ৰয়োজনীয়তা আৰু মাহাত্ম্যৰ কথা উল্লেখ কৰা হৈছে। ইয়াত কোৱা হৈছে যে সাধু বা সৎসঙ্গ স্বৰ্গতকৈও শ্ৰেয়। কাৰণ সৎ লোকৰ হৃদয়ত সদায় হৰি বিৰাজমান। সেই সন্তৰ পদৰেণুৰ স্পৰ্শত পাপীও নিৰ্মল হয়। সেইবাবে কোৱা হৈছে,"ভকতৰ সঙ্গই উত্তম সঙ্গ"।

ভক্তি বিশেষণ বিৰচন-ভক্তি বিশেষণ বিৰচনত নৱবিধা ভক্তি- শ্ৰৱণ, কীৰ্ত্তন, অৰ্চন, বন্দন, স্মৰণ,পাদসেৱন, দাস্য,সখ্য, আৰু নিবেদনৰ কথা কোৱা হৈছে। প্ৰত্যেকবিধ ভক্তিৰ মাহাত্ম্য আৰু লক্ষণ এই বিৰচনত বিতং-ভাৱে উল্লেখ কৰিছে।

শ্ৰৱণ

        শ্ৰৱণৰ বিষয়ে কোৱা হৈছে যে- হৰি নাম নিজে শুনাকৈ গোৱা বা আনে শুনাকে শ্ৰৱণ বোলে। হৰিৰ কথা কৰ্ণৰ মাজেৰে ভকতৰ হৃদয়ত প্ৰৱেশ কৰি মনৰ কামন-বাসনা আদি ধুই নি অন্তৰ পৱিত্ৰ কৰে। যি ভকত শ্ৰৱণ ৰসিক তেওঁ মলণলৈও ভয় নকৰে। কাৰণ হৰি নাম শ্ৰৱণ দেৱতাসকলৰ ভোগ্য বস্তু অমৃততকৈ বহু গুণে শ্ৰেষ্ঠ বুলি কোৱা হৈছে।

কীৰ্ত্তন

        কীৰ্ত্তনৰ বিষয়ে উল্লেখ কৰি কোৱা হৈছে যে- নিজ মুখে হৰিৰ নাম উচ্চাৰণ কৰাই হ'ল কীৰ্ত্তন। ইয়াত উল্লেখ কৰা হৈছে-

সংসাৰত যত ধৰ্ম্ম আছে শ্ৰেষ্ঠতৰ।
সমস্ততে কৰি শ্ৰেষ্ঠ কীৰ্ত্তন কৃষ্ণৰ।।

অৰ্চন বিৰচন

        অৰ্চন বিৰচনত কৃষ্ণৰ পূজাৰ বিষয়ে বিস্তৃত ভাবে উল্লেখ কৰা হৈছে। ইয়াত কোৱা হৈছে যে কৃষ্ণক পূজা কৰিলে সকলো দেৱ-দেৱীক পূজা কৰা হয়। গছ এজোপাৰ গুৰিত পানী দিলে যেনেকৈ ডাল-পাতেও ইয়াৰ অংশ পোৱাৰ দৰে কৃষ্ণৰ পূজা কৰিলে সকলো দেৱতা সন্তুষ্ট হয়।

বন্দন বিৰচন

        বন্দন বিৰচনত বন্দন ভক্তিৰ বিশদ বাখ্যা দিয়া হৈছে। ইয়াত উল্লেখ কৰা হৈছে যে- ভগৱন্তৰ চৰণ বন্দনা কৰিলে বন্দনা কৰোঁতাজনৰ পৰম মঙ্গল হয়।

এনেদৰে প্ৰতিবিধ ভক্তিৰ মহিমা ভক্তি বিশেষণ বিৰচনত বিশদভাৱে বাখ্যা কৰা হৈছে।

শৰণ বিৰচন

        শৰণ বিৰচনত একশৰণৰ মাহাত্ম্য বৰ্ণনা কৰা হৈছে। বৈষ্ণৱ ধৰ্মত একশৰণহে মূল কথা। এই মত অনুসৰি," এক দেৱ এক সেৱ একত বিনে নাই কেৱ।" এই একমাত্ৰজন হ'ল ভগৱান শ্ৰীকৃষ্ণ। যিটো নৰে কায়মনো বাক্যে হৰিত শৰণ লয়, তেওঁ পৰম পৱিত্ৰ হয়।

ভক্তি ৰত্নাৱলীত ভক্তিৰ দৰে জটিল বিষয় এটা মাধৱদেৱে সৰ্বসাধাৰণ লোকৰ বাবে তথা ভকতৰ হৃদয়ঙ্গম কৰি সৰল বৰ্ণনা আগবঢ়াইছে। ভক্তি তত্বমূলক গ্ৰন্থৰ ভিতৰত মাধৱদেৱৰ ভক্তি ৰত্নাৱলীৰ তুলনা নাই।

নাম-ঘোষা

         নাম-ঘোষা মাধৱদেৱৰ ভক্ত জীৱনৰ শ্ৰেষ্ঠতম নিদৰ্শন। আসমৰ ভক্তি সাহিত্যৰ ই এক অন্যতম সম্পদ। চৰিত পুথিত উল্লেখ আছে যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে শেষবাৰৰ বাবে বেহাৰলৈ যোৱাৰ আগতে মাধৱদেৱক কৈছিল," নাহো মানে আৰু এখনি ঘোষা নামে প্ৰেমভক্তি গ্ৰন্থ কৰিবা, আমাৰ পাছত যেন ৰৌবৰালিৰে আৰু ডনিকা ৰয় জেন কৈ।"

সেই আজ্ঞা অনুসৰি শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত সুন্দৰীদিয়াত থকা কালত মাধৱদেৱে নাম-ঘোষা ৰচনা কৰে। ইয়াত এহেজাৰ ঘোষা আছে বাবে ইয়াক হেজাৰী ঘোষাও বোলা হয়। এই এহেজাৰ ঘোষাৰ ভিতৰৰ প্ৰায় ছশমান শ্লোক অনুবাদমূলক। ভাগৱত পুৰাণ, ভাগৱদগীতা, বিষ্ণু পুৰাণ, বামন পুৰাণ, বৃহন্নাৰদীয় পুৰাণ আদি বিভিন্ন সংস্কৃত গ্ৰন্থৰ পৰা এইবোৰ চয়ন কৰা। ইয়াৰ অনুবাদবোৰ ইমান প্ৰাঞ্জল যে ইয়াক সহজে অনুবাদ বুলি ক'ব নোৱাৰি। তেওঁৰ ৰচনা ভক্ত হৃদয়ৰ আকুতিৰে পৰিপূৰ্ণ।

লিখনশৈলীৰ পৰিপক্কতালৈ লক্ষ্য কৰি নাম-ঘোষা মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ শেষৰ ফালৰ ৰচনা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে। সেইবাবে বাণীকান্ত কাকতি দেৱে নামঘোষাক মাধৱদেৱৰ মহাপ্ৰস্থানিক গীত বুলি অভিহিত কৰিছে।

        শ্ৰৱণ আৰু কীৰ্ত্তনৰ আধাৰত গুৰু শঙ্কৰদেৱৰ প্ৰচাৰিত ভক্তি ধৰ্মৰ কাৰ্য-সাধনৰ বাবে কীৰ্ত্তনঘোষৰ দৰে একে উদ্দেশ্য আগত ৰাখি মাধৱদেৱৰ নামঘোষাও ৰচনা কৰা হৈছে। পণ্ডিতসকলে নাম-ঘোষাক সত্ৰীয়া সঙ্গীত পদ্ধতিৰ বিশাল ৰূপৰ এটি নাতিক্ষুদ্ৰ সংস্কৰণ বুলি মত প্ৰকাশ কৰিছে। নামঘোষা এফালে সাহিত্য পাঠ, আনফালে সমান্তৰালভাৱে সাংগীতিক পৰিৱেশৰ পাঠ। নামঘোষাৰ ৯০ টা ছেদ মুঠ ছটা ছন্দৰ মাজত সোমাই আছে। এই ছন্দসমূহ হ'ল-

১/ ছবি ২/ দুলড়ি ৩/ পদ ৪/ লেছাৰি ৫/ ঘোষা আৰু ৬/ নাম ছন্দ। মাধৱদেৱে সাব্যস্ত কৰিব বিচৰা সামগ্ৰিক তাত্ত্বিক দিশবোৰৰ একো একোটা ৰূপ এই মূল ছন্দৰ ভাগবোৰৰ মাজত আবদ্ধ কৰিছে। মাধৱদেৱে নামঘোষাৰ আৰম্ভণিতে লিখা- "মুক্তিতো নিষ্পৃহ যিটো, সেহি ভকতক নমো, ৰসময়ী মাগোহো ভকতি।।" শ্লোকটোত ভক্তিৰ মহিমাময় ৰূপটোৰ সুন্দৰ বৰ্ণনা দিছে। পৰৱৰ্তী ছেদসমূহ নাম, দেৱ, গুৰু আৰু ভকত আদিৰ তাত্ত্বিক দিশসমূহ উন্মোচিত কৰিছে।

বাণীকান্ত কাকতিদেৱে নামঘোষা প্ৰবন্ধত কৈছে যে নামঘোষাত তিনিটা ভাবৰ ধাৰা মিহলি হৈ বিশাল আনন্দসিন্ধুত মিলিত হৈছে। এই ধাৰা তিনিটা হৈছে-

১/ কৃষ্ণৰ ভক্তিৰ মাহাত্ম্য ২/ পুণ্য শ্লোক শংকৰ স্মৃতি আৰু ৩/ মাধৱদেৱৰ আত্মলঘিমা।

        এই তিনিওটা ধাৰাৰ মূল উৎস একেটাই, সেয়া হ'ল ৰসময়ী ভকতিৰ প্ৰতি থকা মাধৱদেৱৰ গভীৰ নিষ্ঠা আৰু আৱেগ। নাম-ঘোষাত বৈষ্ণৱসকলৰ পৰম আৰাধ্য দেৱতা ভগৱান শ্ৰীকৃষ্ণৰ পৰম-পুৰুষত্বৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। শ্ৰীকৃষ্ণক কাল মায়া আদিৰ অধিকাৰী, সৃষ্টি, স্থিতি প্ৰলয়ৰ কাৰণ বুলি প্ৰতিপন্ন কৰি তেওঁৰ প্ৰতি অচল ভক্তি নিৱেদন কৰিছে আৰু এইবুলি প্ৰাৰ্থনা কৰিছে-

"এ ভাই ভজা ভগৱন্ত ভক্তি ভাৱে।।"

        আত্মলঘিমা মাধৱদেৱৰ ব্যক্তিত্বৰ প্ৰধান অলংকাৰ। মাধৱদেৱৰ প্ৰায় সকলো ৰচনাতে আত্মলঘিমাৰ দিশটো উজলি উঠিছে। নাম-ঘোষাৰ মাজত ই আৰু বেছিকৈ প্ৰকাশ পাইছে। নামঘোষাৰ মাজত মাধৱদেৱে নিজকে মুৰুখমতি, দীন মাধৱ, হীন আদি বিশেষণেৰে চিনাকি দিছে।

        নামঘোষা গুৰু শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছৰ কালৰ ৰচনা। সেই সময়ছোৱাত মাধৱদেৱৰ হৃদয়ত শংকৰস্মৃতিয়ে ভৰি আছিল। নাম-ঘোষাত মাধৱদেৱৰ এই শংকৰস্মৃতিৰ পূৰ্ণ প্ৰকাশ পাইছে। সুযোগ পালেই তেওঁ শংকৰ প্ৰশস্তি বা শংকৰদেৱৰ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰিবলৈ এৰা নাই। নামঘোষাৰ এনে এটা শংকৰ প্ৰশস্তি হ'ল-

হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা
বাহ ব্ৰহ্মাণ্ডক ভেদি।।

        নাম-ঘোষাত অনুবাদৰ লগতে মাধৱদেৱৰ মৌলিক ৰচনাও আছে। শ্লোকবোৰৰ ছন্দসজ্জা অতি মনোৰম, সুৰৰ প্ৰাধান্যও হৃদয়স্পৰ্শী। নাম-ঘোষাত ব্যৱহৃত অলংকাৰসমূহে ভাষাৰ মাধুৰ্য বঢ়োৱাৰ উপৰিও সাংগীতিক লয়ৰো সৃষ্টি কৰিছে। ভাষাৰ ক্ষেত্ৰত কেতিয়াবা সৰল আৰু কেতিয়াবা জটিল ভাষাৰ প্ৰয়োগ কৰিছে। তত্বমূলক কথাবোৰ কিছু পৰিমাণে জটিল যদিও অতি দুৰূহ নহয়। কিছুমান শ্লোকত ঘৰুৱা কথাৰ ব্যৱহাৰে পাঠক শ্ৰোতাক অধিক ওচৰ চপাই নিছে। ঠায়ে ঠায়ে তেওঁ কিছুমান অতি সৰল ভাষাৰ প্ৰয়োগ কৰিছে-

নিজ দাস কৰি হৰি মোকে কিনা কিনা।
আন ধন নলাগয় নাম ধন বিনা।।

        "কিনা কিনা" বোলা এই সৰল উক্তিটোত মাধৱদেৱৰ আত্মনিবেদনৰ হেঁপাহ জিলিকি উঠিছে। শংকৰদেৱে প্ৰতিষ্ঠা কৰা উদাৰতা মাধৱদেৱৰ নামঘোষাৰ মাজতো স্পষ্টভাবে প্ৰতিফলিত হৈছে। মাধৱদেৱে অকল নিজৰ মুক্তিকে নিবিচাৰি, সমগ্ৰ মানৱ জাতিৰ মুক্তি বিচাৰিছে-

"হৰি নাম নুহিকে নিয়ম অধিকাৰী।
ৰাম বুলি তৰে মিৰি অসম কছাৰী।।"

        ই পৃথিৱীৰ সকলো স্তৰৰ জাতি-জনগোষ্ঠী, উপজাতি, ভাষা-ভাষী লোকক ভক্তি আন্দোলনৰ এনাজৰীৰে একত্ৰিত কৰাৰ প্ৰয়াস কৰাৰ স্বাক্ষৰ বহন কৰিছে।

মুঠতে নাম-ঘোষা অকল অসমৰ বৈষ্ণৱ ধৰ্মৰে নহয়, ই সমগ্ৰ বিশ্ব-সাহিত্যৰে এখনি মহৎ গ্ৰন্থ।

মাধৱদেৱৰ নাটসমূহ

        মহাপুৰুষ মাধৱদেৱৰ নামত নখন নাট বা ঝুমুৰা পোৱা যায় যদিও সন্দেহমুক্তভাৱে ছখন নাটৰ কথা উল্লেখ কৰিব পাৰি। এইকেইখন হ'ল-

১/ অৰ্জুন ভঞ্জন ২/ চোৰ ধৰা ৩/ পিম্পৰা গুচোৱা ৪/ ভূমি লেটোৱা ৫/ ভোজন বিহাৰ আৰু
৬/ ভূষণ হৰণ।

        ইয়াৰে অৰ্জুন ভঞ্জনৰ বাহিৰে বাকী নাটকেইখন ঝুমুৰা বোলা হয়। ঝুমুৰাসমূহৰ ৰচনাৰীতি শংকৰদেৱৰ নাটক সমূ্হৰ লগত কিছু পৃথক। আনকি সেই সময়ত অসমত প্ৰচলিত লোকনাট্যানুষ্ঠান-সমূহৰ লগতো মিল নাই। ঝুমুৰা মাধৱদেৱৰ এক অনুপম তথা মৌলিক সৃষ্টি। অৱশ্যে ঝুমুৰা বুলিলেও "নাট" বা "যাত্ৰা" অভিধাৰেও এইবোৰকে বুজোৱা হয়।

        মাধৱদেৱৰ ঝুমুৰাসমূহত পূৰ্ণদৈৰ্ঘৰ কাহিনী নাথাকে। ইয়াত কেৱল ঘৰুৱা কাহিনী এটাৰ ক্ষুদ্ৰ ছবি এখনহে থাকে। এনে একোখনি ছবিত কাহিনীৰ বিকাশ নাইবা উপ-কাহিনীও নাথাকে। এই ঝুমুৰাবোৰত নাটকত থকা পঞ্চসন্ধিও নাথাকে। মহাপুৰুষ গৰাকীয়ে কৃষ্ণকৰ্ণামৃত আৰু কিছু পৰিমাণে ভাগৱতৰ আখ্যান সমূহৰ বিষয়বস্তুৰ আলমত ঝুমুৰাসমূহ ৰচনা কৰিছে। ঝুমুৰাত ভটিমাৰ ভূমিকা তেনেই সীমিত। কেৱল ভোজন বেহাৰ ঝুমুৰাখনত মাত্ৰ এটা ভটিমা আছে। ঝুমুৰাসমূহত নাট্যকাৰৰ স্বৰচিত শ্লোকো পোৱা নাযায়। ঝুমুৰাৰ মাজত পোৱা শ্লোকসমূহ বিল্বমঙ্গলৰ স্তুতি নাইবা ভাগৱত পুৰাণৰ পৰা উদ্ধৃত। কৃষ্ণক প্ৰধান চৰিত্ৰ হিচাপে অংকন কৰা ঝুমুৰাসমূহ নাৰী চৰিত্ৰপ্ৰধান। এইবোৰ সাধাৰণতে হাস্য আৰু বাৎসল্য ৰসপ্ৰধান। বিল্বমঙ্গলৰ কৃষ্ণকথামৃত গ্ৰন্থৰ শ্লোকৰ প্ৰভাৱ ঝুমুৰাবোৰত লক্ষ্য কৰা যায়।

চোৰ ধৰা ঝুমুৰাখনিৰ মূল হ'ল বিল্বমঙ্গলৰ এই শ্লোকটি-

"কুণ্ডক্ৰীড়া ৱিগলিত ঘনস্বেদ মুগ্ধাননশ্ৰী:
ক্কশ্চিৎ দৃষ্টা কুবলয়দলশ্যামল: কোপি ৱালা
পৃচ্ছন্তোৱৈৰ পথি পথি যযউ ব্যাকুলা নন্দপত্নী
তীৰে তীৰে তপন দুহিতা কৃষ্ণমন্বেষয়তী।"

ইয়াৰ লগত লৱণু চুৰিৰ কাহিনীভাগ মিশ্ৰণ কৰি ঝুমুৰাখনি ৰচনা কৰা হৈছে।

        কৃষ্ণৰ্ণামৃতৰ "পিপিলিকাপনয়ম" শব্দৰ পৰা পিম্পৰা গুচোৱা নামটো লৈ মূলৰ বিশ আৰু একত্ৰিশ নং শ্লোকৰ আধাৰত পিম্পৰা গুচোৱা ঝুমুৰাখনিৰ কাহিনীভাগ গঠন কৰা হৈছে, আনকি ঝুমুৰাখনিৰ আৰম্ভণিতে দিয়া গীতটোও বিল্বমঙ্গলৰ শ্লোকৰ সৰল অনুবাদ মাথোন।

        ভূমি লেটোৱা ঝুমুৰাখনি বিল্বমঙ্গলৰ স্তোত্ৰৰ আধাৰত ৰচনা কৰা হৈছে। অৱশ্যে ভোজন বেহাৰ ঝুমুৰাখন ভাগৱতৰ নৱম স্কন্ধৰ পৰা লোৱা কাহিনীৰ আধাৰত ৰচনা কৰা হৈছে।

        ঝুমুৰা কেইখনৰ বিষয়বস্তু হ'ল শিশু কৃষ্ণৰ দুষ্টালি, চৌৰ্য-চাতুৰি আৰু যশোদাৰ মাতৃ হৃদয়ৰ আকুলত। ক্ষণিকৰ একোটা ঘটনাই শিশু কৃষ্ণৰ চৰিত্ৰৰ মোহনীয়তা আৰু মানৱীয় ৰূপ মাধৱদেৱে নিজৰ দক্ষতাৰে অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে। ইয়াৰ মাজতে কিন্তু শ্ৰীকৃষ্ণ যে পৰমব্ৰহ্ম পুৰুষ তাক সোঁৱৰাই দিবলৈ পাহৰা নাই। হাস্যৰস আৰু ভক্তিৰস ঝুমুৰাসমূহৰ প্ৰধান ৰস ৰূপে পৰিগণিত হৈছে। নৃত্য-গীতৰ প্ৰাধান্যতা ঝুমুৰাসমূহৰ প্ৰধান বৈশিষ্ট্য। ঝুমুৰাসমূহৰ ভাষা ব্ৰজাৱলী যদিও ই কথিত অসমীয়া ভাষাৰ অধিক ওচৰ চপা।

        ওপৰত উল্লেখিত ঝুমুৰাকেইখনৰ বাহিৰেও মাধৱদেৱৰ নামত আৰু তিনিখন ঝুমুৰা পোৱা যায়। সেইকেইখন হ'ল-

১/ ব্ৰহ্মা মোহন ২/ ৰাস ঝুমুৰা আৰু ৩/ কোটোৰা খেলোৱা।

        ইয়াৰে ব্ৰহ্মা মোহন আৰু ৰাস ঝুমুৰাৰ কাহিনীভাগ ভাগৱত পুৰাণৰ আধাৰত গঢ় লৈ উঠা আৰু কোটোৰা খেলোৱাৰ উৎস সম্বন্ধে একো জনা নাযায়। তিনিওখন নাটকৰ সংলাপ অতি ক্ষীণ আৰু নৃত্য-গীত প্ৰধান।

        মাধৱদেৱৰ গীতসমূহ- মাধৱদেৱৰ গীতসমূহ তেখেতৰ সাহিত্যিক জীৱনৰ অক্ষয় কৃতি। মাধৱদেৱৰ গীতসমূহ অসমীয়া ভক্তিমূলক সাহিত্য আৰু ধৰ্মীয় জগতৰ অমৰ সৃষ্টি। মাধৱদেৱৰ গীতসমূহ অসমীয়া গীতি সাহিত্যৰ আকাশৰ একো একোটা উজ্বল নক্ষত্ৰ সাদৃশ। তেখেতৰ গীতসমূহ দুটা ভাগত বিভক্ত কৰা হৈছে। সেইবোৰ হৈছে-

১/ বৰগীত আৰু ২/ ভটিমা।

১/ বৰগীত

        বৰগীতসমূহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ অমৰ সৃষ্টি। কেৱল মহাপুৰুষ দুজনাই ৰচনা কৰা গীত সমূহকহে বৰগীত আখ্যা দিয়া হয়। গুৰুচৰিত কথাৰ মতে শংকৰদেৱৰ আজ্ঞাত বৰগীত ৰচনাত হাত দি ১৫৭ টা বৰগীত ৰচনা কৰে। কিন্তু বৰগীতৰ এই সংখ্যাক লৈ পণ্ডিতসকলৰ মাজত মতবিৰোধ আছে। প্ৰকাশিত বৰগীতৰ পুথিৰ মতে কোনোখনত মাধৱদেৱৰ বৰগীত ১৮১টা, কোনোখনৰ মতে ১৮৩টা, কোনোখনৰ মতে ১৫৭টা, আৰু আন কোনোখনত ১৫৫টা বুলি উল্লেখ আছে। ইয়াৰ উপৰিও মাধৱদেৱৰ ভণিতা থকা ভালেমান ভক্তিমূলক গীত জনমানসত চলি আহিছে।

মাধৱদেৱৰ বৰগীত সমূহৰ ৰচনাকাল আৰু স্থান সম্পৰ্কে স্পষ্টকৈ জনা নাযায়। চৰিত পুথিৰ মতে মাধৱদেৱে বিভিন্ন ঠাইত, বিভিন্ন সময়ত ভিন্ন প্ৰসঙ্গৰ বৰগীতসমূহ ৰচনা কৰিছিল। মাধৱদেৱৰ প্ৰখৰ কবিত্ব আৰু কল্পনাশক্তিৰ বলত মাধৱদেৱে যি কোনো সযয়ত যি কোনো বিষয়ৰ ওপৰত একো একোটা গীত ৰচনা কৰিব পাৰিছিল। ৰস আৰু বিষয়বস্তু অনুসৰি মাধৱদেৱৰ বৰগীতসমূহক ছটা ভাগত ভাগ কৰা হৈছে। সেইবোৰ হ'ল-

১/ বিৰহ ২/ বিৰক্তি ৩/ চোৰ ৪/ চাতুৰি ৫/ লীলা আৰু ৬/ পৰমাৰ্থ।

সত্ৰৰ বিভিন্ন সন্ত-মহন্তৰ মতে মাধৱদেৱৰ চতুৰ্ধাৰা বিশিষ্ট। এই চতুৰ্ধাৰা হ'ল-

ক/ উত্থান খ/ জাগন গ/ খেলন আৰু ঘ/ নৃত্য।

অৱশ্যে এই চতুৰ্ধাৰা মহাপুৰুষজনাৰ শিশু কৃষ্ণ বিষয়ৰ লগত জড়িত ক্ষেত্ৰতহে প্ৰযোজ্য। বিভিন্ন আলোচনাৰ অন্তত সমালোচকসকলে বৰগীতত বৰ্ণিত বিষয়বস্তুৰ ওপৰত লক্ষ্য কৰি মাধৱদেৱৰ বৰগীতসমূহক বহলভাৱে তিনিটা ভাগত ভাগ কৰিছে। সেই ভাগ কেইটা হ'ল-

১/ স্তুতি বা প্ৰাৰ্থনামূলক বৰগীত ২/ উপদেশমূলক বৰগীত আৰু ৩/ লীলা বিষয়ক বৰগীত।

১/ স্তুতি বা প্ৰাৰ্থনামূলক বৰগীত

        মাধৱদেৱৰ স্তুতি বা প্ৰাৰ্থনামূলক বৰগীতৰ সংখ্যা ২৫টা মান হ'ব। স্তুতি বা প্ৰাৰ্থনামূলক বৰগীতসমূহৰ মাজত,"মানৱ জীৱন দুষ্প্ৰাপ্য, অথচ ক্ষণভঙ্গুৰ আৰু মায়াময়। মৰীচিকাসাদৃশ এই জগতো অনিত্য আৰু অসাৰ। হৰি ভক্তি মোহাচ্ছন্ন জীৱ তথা সংসাৰ সমুদ্ৰত ধ্ৰুৱতৰা স্বৰূপ।" এনে ভাব প্ৰকাশ পায়। এনেবোৰ বৰগীতৰ মাজত মাধৱদেৱৰ দাস্য ভক্তিৰ পৰাকাষ্ঠা লক্ষ্য কৰা যায়। মাধৱদেৱে নিজকে মূৰুখমতি, দীন মাধৱ, হীন আদি বিশেষণেৰে চিনাকি দি এই ভাব প্ৰকাশ কৰিছে।

২/ উপদেশমূলক বৰগীত

        মাধৱদেৱৰ উপদেশপ্ৰধান বৰগীতৰ সংখ্যা ৩০টা মান হ'ব। প্ৰতিটো গীততে মাধৱদেৱে,"মানুহৰ চঞ্চল মনক উদ্দেশ্য কৰি বিষয় বাসনাৰ দোষবোৰ আঙুলিয়াই দি সেইবোৰৰ মোহ পাশৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ উপায় স্বৰূপ হৰি ভক্তি সম্পৰ্কীয় তত্ত্ব জ্ঞানৰ উপদেশ আবেগময়ী ভাষাত দাঙি ধৰিছে।" মাধৱদেৱৰ উপদেশমূলক গীতবোৰত ৰাম,কৃষ্ণ আৰু বিষ্ণুক অভিন্ন ৰূপত দেখুওৱা হৈছে।
এই গীতবোৰৰ মাজেৰে মানৱ দেহ আৰু পাৰ্থিৱ বিষয়-বাসনা-অনিত্যতা প্ৰতিপন্ন কৰা হৈছে আৰু সেইবোৰৰ পৰা উদ্ধাৰ পোৱাৰ একমাত্ৰ উপায় হৈছে হৰিভক্তি।

৩/ লীলা বিষয়ক বৰগীত

        মাধৱদেৱৰ ৰচিত বৰগীতসমূহৰ ভিতৰত লীলা বিষয়ক গীতৰ সংখ্যাই অধিক। মাধৱদেৱৰ শ্ৰীকৃষ্ণৰ লীলা বিষয়ক বৰগীতৰ সংখ্যা এশৰো অধিক হ'ব। শ্ৰীকৃষ্ণৰ শৈশৱ আৰু কৈশোৰ কালৰ লীলা এই বিধ গীতৰ মাজেৰে অতি সুন্দৰকৈ প্ৰকাশ কৰিছে। বিষয়বস্তুৰ ফালৰ পৰা এই গীতসমূহক তলত দিয়া ধৰণে শ্ৰেণীবিভাজন কৰা হৈছে-

ক/ কৃষ্ণৰ কেঁচুৱা ৰূপ আৰু স্তন পান খ/ চোৰ-চাতুৰি গ/ বন্ধন ঘ/ উত্থান বা জাগন ঙ/ চালন চ/ ভোজন ছ/ প্ৰত্যাৱৰ্তন জ/ খেলন ঝ/ ভূষণ হৰণ ঞ/ কৃষ্ণৰ ৰূপ মাধুৰী ট/ গোপী বিৰহ ঠ/ দৌলাৰোহণ ড/ ফাকুখেল আৰু ঢ/ ভগৱানৰ বিপৰীত লীলা প্ৰকাশক গীত।

        ইয়াৰ উপৰিও শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰক লৈও মাধৱদেৱ দুই এটা গীত ৰচনা কৰিছে।" এই সমস্ত গীতত শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব,- ঈশ্বৰত্ব আৰু মানৱত্ব- অতি সুসংহত ৰূপত প্ৰকাশ পাইছে। শ্ৰীকৃষ্ণৰ শৈশৱ আৰু কৈশোৰৰ হাঁহি-কান্দোনেৰে সমুজ্জ্বল এই গীতবোৰত চিৰকুমাৰ মাধৱদেৱে মাতৃ যশোদা আৰু পুত্ৰ কৃষ্ণৰ চিৰন্তন আবেগ-অনুভূতি, মমতা নিজৰ মাজত উপলব্ধি কৰিছিল।.... এই গীতবোৰ উত্তৰ ভাৰতৰ ভক্ত কবি সুৰদাসৰ গোকুল আৰু বৃন্দাবন লীলাৰ শিশু কৃষ্ণ বিষয়ক গীতবোৰলৈ মনত পেলাই দিয়ে।" এই গীতখিনিৰ মাজেৰে মাধৱদেৱৰ শিশুৰ মনস্তত্ত্ব অতি সুন্দৰকৈ প্ৰকাশ কৰিছে।

        মাধৱদেৱৰ বৰগীতৰ প্ৰধান ৰস দুবিধ। এটা দাস্য আৰু আনটো বাৎসল্য। বাৎসল্য ৰসৰ মাজে মাজে বীৰ, কৰুণ,হাস্য আদি ৰসেও ভুমুকি মাৰিছে। মাধৱদেৱৰ বৰগীতৰ ভাষা ব্ৰজাৱলী যদিও ই কথিত অসমীয়া ভাষাৰ বেছি ওচৰ চপা। অনুপ্ৰাস, ৰূপক, উপমা, স্বভাৱোক্তি আদিৰ প্ৰয়োগ লক্ষ্য কৰা যায়। মুঠতে ক'ব পাৰি যে মাধৱদেৱৰ বৰগীতসমূহ অসমীয়া সাহিত্যৰ এক আপুৰুগীয়া সম্পদ।

ভটিমা

        বৰগীতসমূহৰ দৰে মাধৱদেৱৰ ৰচিত ভটিমাসমূহো অসমীয়া সাহিত্যলৈ মহাপুৰুষগৰাকীৰ এক উল্লেখযোগ্য দান। অৱশ্যে ইয়াৰ সংখ্যা তেনেই কম। ভোজন বেহাৰ নাটৰ বাহিৰে আন নাটত ভটিমা আৰোপ কৰা নাই। মাধৱদেৱে ৰাজভটিমাও লিখা নাই। কিন্তু গুৰুভটিমা ৰচনা কৰি নতুন এক শ্ৰেণীৰ ভটিমা সৃষ্টি কৰি থৈ গৈছে। তেওঁৰ গুৰু শঙ্কৰদেৱলৈ নিবেদন কৰা গুৰু ভটিমা এটাত কৈছে-

"জয়গুৰু শঙ্কৰ সৰ্বগুণাকৰ
যাকেৰি নাহিকে উপাম।
তোহাৰি চৰণত ৰেণু শতকোটি
বাৰেক কৰোঁহো প্ৰণাম।।"

আন এটা গুৰু ভটিমাত তেওঁ শঙ্কৰদেৱক কৃষ্ণৰ অৱতাৰ বুলিও উল্লেখ কৰিছে-

"চাৰিবেদ শিৰোমণি মাজে
যাকেৰি চৰণ বিকাশ
সোহি দেৱ কলিক কালে
শঙ্কৰদেৱৰ পৰকাশ।।"

        ভটিমাটিৰ মাজেৰে মাধৱদেৱৰ একান্ত গুৰুভক্তিৰ প্ৰকাশ পাইছে। উপমা অলংকাৰ ব্যৱহাৰেৰে ভটিমাটিয়ে সাহিত্যৰ মৰ্যদা লাভ কৰিছে।

        গতিকে দেখা যায় যে শঙ্কৰদেৱৰ পিছত অসমীয়া সাহিত্যৰ আন এটা উল্লেখযোগ্য নাম হ'ল মহাপুৰুষ মাধৱদেৱ।

অনন্ত কন্দলি

        অনন্ত কন্দলি শঙ্কৰী যুগৰ আন এগৰাকী উল্লেখযোগ্য বৈষ্ণৱ কবি হ'ল অনন্ত কন্দলি। বৈষ্ণৱ কবি অনন্ত কন্দলিৰ অনুদিত পুথি ভাগৱতৰ ষষ্ঠ আৰু দশম স্কন্ধৰ মতে তেখেতৰ জন্ম হৈছিল কামৰূপ জিলাৰ হাজো অঞ্চলত। তেখেতৰ পিতৃৰ নাম ৰত্ন পাঠক। অনন্ত কন্দলিৰ পিতৃ প্ৰদত্ব নাম হ'ল হৰিচৰণ। তৰ্কশাস্ত্ৰত পাৰ্গত হোৱা বাবে তেওঁ অনন্ত কন্দলি নাম লাভ কৰে। ইয়াৰ উপৰিও ভাগৱত আচাৰ্য, ভাগৱত ভট্টাচাৰ্য্য, শ্ৰীচন্দ্ৰ ভাৰতী আদি নামেৰেও অনন্ত কন্দলিক জনা যায়। তলৰ "শেষ দশমৰ" পদ কেইফাকিৰপৰা অনন্ত কন্দলিৰ বিষয়ে এটা স্পষ্ট ধাৰণা লাভ কৰিব পৰা যায়-

ৰতন পাঠক নামে পণ্ডিত পৰম।
ভাগৱত শাস্ত্ৰে আছিল বিক্ৰম।।
শ্ৰীহৰিচৰণ নামে তাহান সন্ততি।
ব্যাকৰণ পঢ়ি নাম শ্ৰীচন্দ্ৰ ভাৰতী।।
তৰ্কত লভিলা নাম অনন্ত কন্দলি।
ভাগৱত আচাৰ্য্য পদবী ভৈলা বলী।।
ভাগৱত ভট্টাচাৰ্য্য বোলে আৰ্য্যজন।
তেহো বিৰচিলা পদ কৃষ্ণৰ চৰণে।।

        অনন্ত কন্দলিৰ জীৱনকাল সম্পৰ্কে পণ্ডিতসকলৰ মাজত মতবিৰোধ আছে। সত্যেন্দ্ৰনাথ শৰ্মাদেৱে তেখেতৰ "অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত" গ্ৰন্থত এনেদৰে উল্লেখ কৰিছে- অনন্ত কন্দলি ষোড়শ শতাব্দীৰ তৃতীয় বা চতুৰ্থ দশকৰ ভিতৰত অৰ্থাৎ ১৫২০-৩০ খ্ৰীষ্টাব্দৰ ভিতৰত সম্ভৱতঃ জন্মগ্ৰহণ কৰি ষোড়শ শতাব্দীৰ শেষভাগলৈকে জীৱিত আছিল।

বৈষ্ণৱ কবি সাহিত্যিক গৰাকীৰ ৰচনাৱলীক তলত দিয়া ধৰণে শ্ৰেণীবিভাজন কৰিব পাৰি-

১/ কাব্য- কুমাৰ হৰণ আৰু বৃত্ৰাসুৰ বধ।
২/ অনুবাদ সাহিত্য- ৰামায়ণৰ আদি, অৰণ্য, কিষ্কিন্ধা, সুন্দৰা আৰু লঙ্কা কাণ্ড আৰু ভাগৱতৰ দশম
স্কন্ধৰ (মধ্য আৰু অন্ত্য)।
৩/নাটক- সীতাৰ পাতাল প্ৰৱেশ।
৪/ তত্ত্বমূলক ৰচনা- ভক্তি সাধন বা বৈষ্ণৱামৃত আৰু জন্ম ৰহস্য আৰু
৫/ স্মৃতি শাস্ত্ৰ- নীতিৰত্ন আৰু কল্পদ্ৰুম।

ৰাম সৰস্বতী

        শংকৰী যুগৰ আন এগৰাকী উল্লেখযোগ্য কবি হ'ল ৰাম সৰস্বতী। তেওঁৰ কোচ ৰজা মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত কাব্য প্ৰতিভা উদয় হয় আৰু সেই বংশৰ পৰৱৰ্তী কালত কেবাগৰাকীও ৰজা ৰঘুদেৱ, পৰীক্ষিত নাৰায়ণ, বলিনাৰায়ণ আৰু দৰঙ্গী ৰজা নামে খ্যাত সুন্দৰ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। অসমীয়া বৈষ্ণৱ যুগৰ কবিসকলৰ ভিতৰত ৰাম সৰস্বতীয়েই আটাইতকৈ বেছি পদ ৰচনা কৰিছিল। ৰাম সৰস্বতীয়ে মহাভাৰতৰ সৰহ সংখ্যক পৰ্ব অসমীয়ালৈ অনুবাদ কৰিছে। পদ ৰচনাৰ ব্যাপকতা আৰু বৰ্ণনীয় বিষয়বস্তুলৈ লক্ষ্য ৰাখি তেখেতক "অসমীয়া ব্যাস" আখ্যা দিয়া হয়। ৰাম সৰস্বতীৰ পিতৃ প্ৰদত্ত নাম হ'ল অনিৰুদ্ধ। মহাভাৰতৰ বিভিন্ন পদ ভাঙনিত কবিগৰাকীয়ে নিজৰ আত্মপৰিচয় এনেদৰে দাঙি ধৰিছে-

পিতৃয়ে মাতৃয়ে অনিৰুদ্ধ নাম দিলা।
কবিচন্দ্ৰ নাম গোট দেৱালে বুলিলা।।
ৰাম সৰস্বতী নাম নৃপতি দিলন্ত।
ভাৰতৰ পদ মোক কৰা বুলিলন্ত।।"

        ৰাম সৰস্বতীৰ জন্মস্থান সম্পৰ্কে বিতৰ্কৰ আদি অন্ত নাই। ভীষ্ম পৰ্বৰ ভাঙনিত কবিগৰাকীয়ে এনেদৰে উল্লেখ কৰিছে-

কামৰূপ মধ্যে গ্ৰাম নাহিকে উপাম।
তাতে গ্ৰাম ভৈলা চমৰিয়া নাম।।
সেহি গ্ৰামেশ্বৰ ভৈলা কবি চূড়ামণি।
পণ্ডিত গণৰ মধ্যে যাক অগ্ৰগানি।।
গোবিন্দৰ ভকতিত যাহাৰ দিন গৈল।
তাত অনন্তৰে তাৰ দুই পুত্ৰ ভৈল।।
জ্যেষ্ঠ ভৈল কবিচন্দ্ৰ অতি শুদ্ধ মতি।
তাহান অনুজ ভৈল ৰামসৰস্বতী।।

ৰাম সৰস্বতীৰ ৰচনাৱলীক চাৰিটা ভাগত ভাগ কৰি আলোচনা কৰা হয়-

১/ মহাভাৰতৰ অনুবাদ- আদি পৰ্ব, সভা পৰ্ব (কিছু অংশ), বন পৰ্ব, বিৰাট পৰ্ব (কীচক বধ পৰ্যন্ত), উদ্যোগ পৰ্ব, ভীষ্ম পৰ্ব (অধিকাংশ), দ্ৰোণ পৰ্ব (গোপীনাথ পাঠকৰ সহযোগত) আৰু কৰ্ণ পৰ্ব (বিদ্যি পঞ্চাননৰ সহযোগত)।

২/ বধকাব্য- পুষ্পহৰণ পৰ্ব, মণিচন্দ্ৰ ঘোষ, বিজয় পৰ্ব, যজ্জপৰ্ব কুলাচল বধ, বঘাসুৰ বধ, কাল কুঞ্জ শোষক বধ, ভীম চৰিত, জঁটাসুৰ বধ, জঙ্ঘাসুৰ বধ, খটাসুৰ বধ, সিন্ধুৰা বধ, অশ্বকৰ্ণ যুদ্ধ আদি।

৩/ মহাভাৰতৰ বাহিৰে অন্য কাব্যৰ অনুবাদ- গীতগোৱিন্দ আৰু

৪/ মহাভাৰতৰ কথাবস্তুৰ লগত সম্পৰ্ক যুক্ত সুকীয়া কাব্য- পাঞ্চালী বিৱাহ, তীৰ্থযাত্ৰা, ব্যঞ্জন পৰ্ব, ব্যাসাশ্ৰম, সাৱিত্ৰী উপাখ্যান আৰু স্ত্ৰীপৰ্ব।

সাৰ্বভৌম ভট্টাচাৰ্য

        গুৰু চৰিত কথা অনুসৰি সাৰ্বভৌম ভট্টাচাৰ্য প্ৰাগজ্যোতিষৰ লোক আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমসাময়িক আৰু শিষ্য আছিল। অৱশ্যে অন্যান্য গুৰু চৰিত, যেনে দৈত্যাৰি ঠাকুৰ, ভূষণ দ্বিজ, অনিৰুদ্ধ কায়স্থ আদিৰ গুৰু চৰিতত সাৰ্বভৌম ভট্টাচাৰ্যৰ বিষয়ে একো উল্লেখ পোৱা নাযায়। সাৰ্বভৌম ভট্টাচাৰ্যৰ "ক্ষুদ্ৰ স্বৰ্গখণ্ড"ৰ ভণিতাত কবিয়ে নিজৰ পৰিচয় এনেদৰে দাঙি ধৰে-

সাৰ্বভৌম ভট্টাচাৰ্য জ্যোতিষত সাৰ।
দেৱী উপাসক আছিলোহো দুৰাচাৰ।।

শঙ্কৰৰ সঙ্গে বহু বাদক কৰিলো।
বাদে ভঙ্গ হুয়া শাস্ত্ৰ পঢ়িবাক গৈলো।।
কাশী দেশে বিশ্বেশ্বৰ চক্ৰৱৰ্তী নাম।
চাৰিবেদ পঢ়িলোহো তৈতে অনুপম।।

নামত শঙ্কৰ হৈব শূদ্ৰ কুলে জাত।
ব্ৰহ্মা হৰ আদি দেৱো জন্মিব তথাত।।
লোকৰ চৰণ হেতু সন্ত মূৰ্ত ধৰ।
তাহাৰ চৰণে কৰোঁ শত নমস্কাৰ।।

        সাহিত্য সমালোচক মহেশ্বৰ নেওগে সাৰ্বভৌম ভট্টাচাৰ্যৰ বিষয়ে এনেদৰে উল্লেখ কৰিছে- "পুথি দুখনৰ মতে আৰু কথা গুৰু চৰিতৰ মতেও সাৰ্বভৌম প্ৰাগজ্যোতিষৰ পাণ্ডিত্যগৰ্বী শাক্ত পণ্ডিত; পিছত তেওঁ শ্ৰীমন্ত শঙ্কৰৰ ওপৰত শৰণ লয়। বহুতো অমূল্য প্ৰামাণ্যৰ বোজা আৰু শঙ্কৰদেৱৰ লগত তৰ্ক কৰা লোক এজনে জানিব নোৱাৰা পিছৰ কালৰ কথাৰ উৎপ্ৰেক্ষাই এই চৰিতমূলক পুথি দুখনৰ ওপৰত গভীৰ সন্দেহৰ ছাঁ পেলায়।"

সাৰ্বভৌম ভট্টাচাৰ্যৰ ৰচিত দুখন পুথি হ'ল-

১/ ক্ষুদ্ৰ স্বৰ্গখণ্ড আৰু ২/ বৰ বা বৃহৎ স্বৰ্গখণ্ড।

কংসাৰি কায়স্থ

        সাহিত্য সমালোচক মহেশ্বৰ নেওগৰ মতে কংসাৰি কায়স্থ মহাপুৰুষ মাধৱদেৱৰ থানত আছিল বুলি দৃঢ়তাৰে মত পোষণ কৰিছে। কবিগৰাকীয়ে সম্পৰ্কে বিশেষ সমল পোৱা নাযায় যদিও সাহিত্যৰ বুৰঞ্জী ৰচয়িতাসকলে তথ্য প্ৰমাণৰ দ্বাৰা কংসাৰি কায়স্থ বিষয়ে কিছু তথ্য সংগ্ৰহ কৰিছে। এই তথ্য অনুসৰি কংসাৰি কায়স্থ বিখ্যাত মহাভাৰতীয় কবি ৰাম সৰস্বতীৰ সমসাময়িক কবি। তেখেতে কামৰূপৰ এজন অগ্ৰগণ্য ব্যক্তি, গোপালৰ সেৱক যশচন্দ্ৰ খৰি বংশৰ লোক। কংসাৰি কায়স্থক পীতাম্বৰ কায়স্থ বুলিও জনা যায়। কবিজনাই শ্ৰীমন্ত গাভৰু খাঁৰ আজ্ঞামতে মহাভাৰতৰ পদ ৰচনা কৰিছিল।

ৰাম সৰস্বতীৰ ৰচনাত কংসাৰি কায়স্থৰ বিষয়ে এনেদৰে উল্লেখ কৰিছে-

"ৰাম সৰস্বতী নাম নৃপতি দিলন্ত।
ভাৰতৰ পদ কৰা মোক বুলিলন্ত।।
কংসাৰি প্ৰমুখ্যে কবি আছে যত যত।
সিসিবেয়ো পদচয় কৰিলা পাচত।।"

        সাহিত্যৰ বুৰঞ্জী ৰচয়িতাসকলে অসম আৰু বৰ্তমান বাংলাদেশৰ ৰংপুৰত পোৱা তথ্য অনুসৰি এই কবিগৰাকীয়ে মহাভাৰতৰ বনপৰ্বৰ অন্তৰ্গত কিৰাত অনুপৰ্ব তথা বিৰাত পৰ্বৰ অন্তৰ্গত দক্ষিণ গোগ্ৰাহৰ পদ ৰচনা কৰিছিল।

শ্ৰীধৰ কন্দলি

        শ্ৰীধৰ কন্দলিৰ সম্পৰ্কে বিশেষ একো জনা নাযায়। বিশিষ্ট সাহিত্য সমালোচক বাণীকান্ত কাকতিৰ মতে বৈষ্ণৱ কবি শ্ৰীধৰ কন্দলি শঙ্কৰদেৱৰ সমসাময়িক আৰু তেওঁৰ প্ৰিয়পাত্ৰ আছিল। সাহিত্য সমালোচক সত্যেন্দ্ৰনাথ শৰ্মাই কবি অনন্ত কন্দলিক শঙ্কৰদেৱৰ সমসাময়িক নহ'লেও বেছি পিছৰ নহয় বুলি কৈছে। সাহিত্য সমালোচক মহেশ্বৰ নেওগে কবিজনাৰ সময় ১৬-১৭ শতিকাৰ ভিতৰত হ'ব বুলি উল্লেখ কৰিছে।

শ্ৰীধৰ কন্দলিৰ ভণিতা থকা পুথিকেইখন হ'ল-

১/ কাণখোৱা ২/ ঘুনুচা কীৰ্ত্তন ৩/ অশ্বমেধ পৰ্ব আৰু ৪/ কানাই ধেমেলীয়া।

ৰত্নাকৰ কন্দলি

        ৰত্নাকৰ কন্দলি শংকৰী যুগৰ আন এগৰাকী উল্লেখযোগ্য বৈষ্ণৱ কবি। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এজন ব্ৰাহ্মণ শিষ্য আছিল। মহেশ্বৰ নেওগৰ মতে তেওঁ বেলগুৰিত শংকৰদেৱৰ শৰণ লৈছিল। সত্ৰত মাঘ মাহীয়া মূল গীতা পাঠ আৰু বাখ্যা কৰা ৰত্নাকৰ কন্দলিৰ কাম আছিল। ৰত্নাকৰ কন্দলিৰ নামৰ উল্লেখৰ সময়ত "কবিশেখৰ" আৰু "দ্বিজ কবিশেখৰ" বুলি তেওঁৰ কাব্যত উল্লেখ আছে। দৈত্যাৰি ঠাকুৰৰ চৰিত পুথিত উল্লেখ আছে যে- তেওঁ শঙ্কৰদেৱৰ আন এজন ব্ৰাহ্মণ শিষ্য ব্যাসকলাইৰ লগ লাগি নিতৌ গীতা পাঠ আৰু বাখ্যা আদি কৰিছিল, শংকৰদেৱ আৰু মাধৱদেৱে তেওঁলোকৰ শিষ্য সমন্বিতে ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিত বহি ৰত্নাকৰ কন্দলিৰ গীতা পাঠ আৰু বাখ্যা শুনিছিল। ৰত্নাকৰ কন্দলিয়ে ৰচনা কৰা পুথি এখন পোৱা যায়।

সেই পুথিখন হ'ল-

কীৰ্ত্তন পুথিৰ অন্তৰ্গত বিষ্ণুৰ সহস্ৰ নাম বৃত্তান্ত।

       উল্লেখযোগ্য যে ৰত্নাকৰ কন্দলি নামৰ আন এগৰাকী কবি পোৱা যায়। তেওঁ মহাৰাজ নৰনাৰায়ণৰ ৰাজসভা সভাকবি আছিল। এইজনা কবিৰ নামত সাৰ দীপিকা নামেৰে জয়দেৱৰ গীতাগোবিন্দৰ এটি টীকা ৰচনা পোৱা যায়।

ৰত্নাকৰ মিশ্ৰ

        ৰত্নাকৰ মিশ্ৰ আৰু ৰত্নাকৰ কন্দলিক একেজন ব্যক্তিয়েই বুলি সাব্যস্ত কৰা হৈছে। কবিগৰাকীৰ নামত ব্ৰহ্মগীতা আৰু গীতা- কীৰ্ত্তন নামৰ পুথি দুখন পোৱা যায়। সমালোচকসকলে ব্ৰহ্মগীতা গীতা-কীৰ্ত্তনৰ ৰচক ৰত্নাকৰ মিশ্ৰৰ ৰচনা ৰীতি বিষ্ণুৰ সহস্ৰ নাম বৃত্তান্ত আৰু গীতা কীৰ্ত্তন দুয়োখনি কীৰ্ত্তনৰ আদৰ্শত ৰচনা কৰা। বিষ্ণুৰ সহস্ৰ নাম বৃত্তান্তত কবিয়ে সুকবি শেষৰ অথবা দ্বিজ কবিশেখৰ ৰূপেও ভণিতা দিছে।

নাৰায়ণ দাস ঠাকুৰ আতা

        শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য বৈষ্ণৱ কবি হ'ল নাৰায়ণ দাস ঠাকুৰ আতা। নাৰায়ণ দাস ঠাকুৰ আতাৰ জন্ম ১৪৯৫ চনত উত্তৰ গুৱাহাটীত। তেওঁৰ পিতৃ প্ৰদত্ত নাম আছিল মহানন্দ। উত্তৰ গুৱাহাটীৰ পৰা উঠি আহি নামানগৰ বা হালধীয়া গাঁৱত বসবাস কৰিবলৈ লয়। এসময়ত মহানন্দ এজন চহকী সদাগৰ আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্যলৈ অহাৰ পাছত গুৰুজনাই এওঁৰ নাম নাৰায়ণ দাস ৰাখে। পৰৱৰ্তী কালত নাৰায়ণ দাস "ঠাকুৰ আতা" নামে জনাজাত হয়। নাৰায়ণ দাস ঠাকুৰ আতাৰ নামত কিছুমান ভকতীয়া ফকৰা আৰু কিছু সংখ্যক গীত পোৱা যায়। এইবোৰ অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদ।

চান্দসাই

        চান্দসাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এজন মুছলমান শিষ্য আছিল। তেখেতৰ আচল নাম চান্দ খাঁ আছিল। চান্দসাই এগৰাকী দৰ্জী আছিল। শংকৰদেৱক লগ পোৱাৰ আগতে চান্দসাই শংকৰদেৱক নিন্দাহে কৰিছিল। পিছত শংকৰদেৱৰ সান্নিধ্যলৈ আহি তেওঁৰ মাহাত্ম্যত মুগ্ধ হৈ শিষ্যত্ব গ্ৰহণ কৰে। এওঁৰ সাহিত্যকৃতি হিচাপে দুই এটা গীতহে পোৱা যায়।

দামোদৰ দেৱ

            দামোদৰ দেৱ নৱবৈষ্ণৱ ধৰ্মৰ দামোদৰী পন্থৰ প্ৰৱৰ্তক। তেওঁ অকল ধৰ্ম প্ৰচাৰৰ কামতে আবদ্ধ নাথাকি সাহিত্যৰ ক্ষেত্ৰতো অনবদ্য অৱদান আগবঢ়াইছিল। দামোদৰ দেৱে তেখেতৰ প্ৰিয় শিষ্য ভট্টদেৱৰ হতুৱাই গদ্য ছন্দত কথা ভাগৱত ৰচনা কৰাইছিল। দামোদৰ দেৱৰ এই অৱদান পৰোক্ষ আছিল যদিও পৰৱৰ্তীকালত ই অসমীয়া সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তন আনি দিলে।

হৰিদেৱ

            হৰিদেৱ নৱৈষ্ণৱ ধৰ্মৰ হৰিদেৱী পন্থৰ প্ৰৱৰ্তক। সম্প্ৰতি হৰিদেৱৰ ভণিতা থকা দুখন পুথি উদ্ধাৰ হৈছে। এই পুথিদুখন হ'ল-

১/ শৰণ সাহিত্য আৰু ২/ ভক্তিৰস তৰঙ্গিনী।

এই কবি-সাহিত্যিক সকলে কম-বেছি পৰিমাণে শংকৰী যুগৰ সাহিত্যৰ বিকাশত বিশেষ অৰিহণ যোগাইছে।
--------------------------------------------------------------------------------------------------------------------

Post a Comment

0 Comments