শংকৰোত্তৰ যুগৰ সাহিত্য

শংকৰোত্তৰ যুগৰ সাহিত্যৰ বৈশিষ্ট্য

            মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ দেহাৱসানৰ পিছত অৰ্থাৎ খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ আদিৰ পৰা অন্তলৈকে এই সময়ছোৱাক অসমীয়া সাহিত্যৰ ইতিহাসত চৰিত পুথি, গদ্য সাহিত্যৰ উদ্ভৱ আৰু বিকাশৰ যুগ বুলি অভিহিত কৰা হয়। এই যুগত ৰামায়ণ, মহাভাৰত, বিভন্ন পুৰাণৰ আংশিক অনুবাদ, অঙ্কীয়া নাট আৰু গীত ৰচনাৰ পৰম্পৰা অব্যাহত থাকে। এই যুগৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হল- চৰিত পুথিৰ উদ্ভৱ, ভকতীয়া গদ্যৰ বিকাশ আৰু বুৰঞ্জী গদ্যৰ আৱিৰ্ভাৱ।

            এই সময়ছোৱাত বৈষ্ণৱ মহাপুৰুষসকলে নিৰ্মাণ কৰি থৈ যােৱা বৈষ্ণৱ অনুষ্ঠানসমূহে জনসাধাৰণৰ হৃদয় স্পর্শ কৰিবলৈ সক্ষম হয়। ফলস্বৰূপে সত্র অনুষ্ঠানসমূহে বিকাশ আৰু বিস্তৃতি লাভ কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত এই অনুষ্ঠানসমূহত মহাপুৰুষসকলৰ চৰিত্ৰ কীৰ্তন কৰাটো এক নৈমিত্তিক কর্মত পৰিণত হৈ পৰে। পিছলৈ বিভিন্ন সত্ৰৰ প্রতিষ্ঠাতাসকলৰাে চৰিত্ৰ বৰ্ণনা কৰি চৰিত লেখাৰ প্রথা প্রচলিত হ'বলৈ ধৰে। সেইবাবে এই কালছােৱাক বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ আৰু প্রতিপত্তিৰ যুগ বুলিও কোৱা কৰা হয়। বৈষ্ণৱ আন্দোলনৰ আৰম্ভণিৰ সময়খিনিত মহাপুৰুষজনাৰ লগতে অন্যান্য শিষ্য-প্ৰশিষ্যসকলে ৰজাঘৰ আৰু প্ৰজাঘৰৰ পৰা যিসমূহ সমস্যাৰ সন্মুখীন হৈছিল নাইবা প্রতিকূল পৰিৱেশত কাম কৰিব লগা হৈছিল, সেয়া সপ্তদশ শতিকাৰ আৰম্ভণিৰপৰা কিছু পৰিমাণে কমি আহিছিল। এই সময়ছােৱা ৰজা-প্রজা আদি সকলোৱে হিন্দু ধর্মক আগ্রহৰে গ্ৰহণ কৰিছিল। ফলত বৈষ্ণৱ সন্তসকলে অসমৰ চুকে-কোণে বিভিন্ন অঞ্চললৈ শিষ্য-প্রশিষ্যসকলক পঠাই ন ন সত্র স্থাপন কৰি ধৰ্ম প্ৰচাৰৰ আন্দোলনটো তীব্ৰতৰ কৰি তােলে। এইদৰে সত্ৰ আৰু ভকতৰ সংখ্যা বাঢ়িবলৈ ধৰে। এটা সময়ত ভক্তৰ সংখ্যা ইমানেই বৃদ্ধি হৈছিল যে সেই সত্ৰসমূহৰ ওপৰত ৰজাঘৰীয়াৰ চকু পৰিছিল। ফলস্বৰূপে, গদাধৰ সিংহই বহুতো সত্ৰ ভাঙি দি, বহু ভকতসকলক ধৰাই নি আলি বন্ধা, পুখুৰী খন্দা আদি বিভিন্ন কামত লগাইছিল।


            অসমৰ বিভিন্ন স্থানত গঢ়ি উঠা এই সত্ৰসমূহত গুৰুসকলৰ আৰু পূর্বৱর্তী সন্ত-মহন্তসকলৰ ধর্মীয় জীৱন, কার্যাৱলী আদিৰ আলােচনা হ'বলৈ ধৰিলে। এয়েই চৰিত তোলা প্রথাৰূপে অভিহিত হ’ল।

            চৰিত সাহিত্যৰ উদ্ভৱৰ প্রায় বিশ-পঁচিশ বছৰমান আগতেই গদ্য-সাহিত্যৰ উদ্ভৱ হয়। অসমীয়া গদ্যৰ প্ৰথম চানেকি অঙ্কীয়া নাটসমূহত পােৱা যায় যদিও সেই গদ্যক প্রকৃত গদ্যৰ চানেকি বুলি ক'ব পৰা নাযায়। কাৰণ, সেই গদ্যত মৈথিলীৰ আধিক্য দেখা যায় আৰু গদ্য ৰচনাৰ বাক্য বিন্যাস প্রণালী সেই গদ্যত ৰক্ষিত হোৱা নাছিল। প্রকৃত অসমীয়া গদ্যৰ সৃষ্টি হয় বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য বা চমুকৈ ভট্টদেৱৰ হাতত। তেখেতে অনুভৱ কৰিছিল যে জনসাধাৰণে গদ্য ভঙ্গীতহে কথা কয়, ছন্দত নকয়। সেয়ে কথা কোৱাৰ ভঙ্গীতে যদি সাহিত্য ৰচনা কৰা যায় তেন্তে সেই সাহিত্য বুজাত জনসাধাৰণৰ সহজ হ'ব। ছন্দত ৰচিত সাহিত্য পঠন-শ্ৰৱণত অভ্যস্ত জনসাধাৰণৰ সন্মুখত নতুন প্রণালীত ৰচনা কৰা সাহিত্য দাঙি ধৰাটোও তেখেতৰ এটা বিশেষ উদ্দেশ্য আছিল। ছন্দ হ’ল আৱেগ-অনুভূতিৰ স্বাভাবিক মাধ্যম আনহাতে, গদ্যৰীতি যুক্তি-তর্ক আলােচনাৰ মাধ্যম।

            গদ্যই প্রতিষ্ঠা লাভ কৰাৰ লগে লগে ইয়াৰ প্ৰয়ােগ হ'বলৈ ধৰে যদিও ইয়াৰ সিমান প্ৰসাৰ নঘটিল, কিয়নাে সেই সময়ত পদ সাহিত্যৰ শ্রুতিমাধুর্যই সর্বসাধাৰণৰ মন মােহিত কৰি ৰাখিছিল। তাৰোপৰি, সুৰ লগাই কীর্তন কৰি ভকতসকলে পৰম আনন্দ লাভ কৰিছিল। আনহাতে, গদ্য কীৰ্তনৰ বাবে সুবিধাজনক নহয়।

            মাধৱদেৱৰ তিৰােধানৰ পিছৰ এশ বছৰত গঢ়ি উঠা সাহিত্যৰ কেন্দ্রস্থল বৈষ্ণৱ সত্ৰ আৰু সমাজ আছিল। কিন্তু তাত ৰাজ পৃষ্ঠপোষকতা নাছিল। মহাৰাজ নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ ৰাজ্য দুটা ভাগত বিভক্ত হয়। ফলত সাহিত্যৰ ওপৰত ৰাজসভাৰ পৃষ্ঠপােষকতা কমি আহে। তথাপি কোচবেহাৰৰ ৰাজসভাত এৰাধৰাকৈ সপ্তদশ শতিকাৰ শেষলৈকে অসমীয়া সাহিত্যৰ ধাৰাটো বৰ্তি আছিল।

        চৰিত পুথি আৰু গদ্য সাহিত্যৰ বাহিৰে সপ্তদশ শতিকাত ৰচিত অন্যান্য সাহিত্যই ষােড়শ শতিকাৰ ৰচনা ৰীতিকেই অনুসৰণ কৰে। এই শতিকাৰ ৰচনাৰাজিত ছন্দৰ প্রয়ােগ, বিষয়বস্তুৰ নতুনত্ব আৰু ৰচনাৰীতিত মৌলিকতা দেখা পোৱা নাযায়। মহাপুৰুষসকলে প্ৰৱৰ্তন কৰা সাহিত্য পৰম্পৰাই গতানুগতিক ৰীতিত আগ বাঢ়ি যায়।

            ৰচনাৰীতিত মৌলিকতাৰ অভাৱ পৰিলক্ষিত হ'লেও, নাইবা শংকৰী যুগৰ সাহিত্যৰ দৰে শংকৰোত্তৰ যুগৰ সাহিত্যৰাজি বৈচিত্ৰময় নহ'লেও এই যুগৰ সাহিত্যিকসকলে অসমীয়া সাহিত্যৰ ভঁৰাল আপুৰুগীয়া সম্পদৰে চহকী কৰি থৈ গৈছে।

অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱ


            অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ প্রকৃত নাম হ’ল বৈকুণ্ঠনাথ ভট্টাচার্য। তেখেতৰ পিতৃৰ নাম আছিল কবি সৰস্বতী। অবিভাজ্য কামৰূপ জিলাৰ (বৰ্তমান বৰপেটা জিলাৰ) বৰনগৰ অঞ্চলৰ ভেৰাগ্রাম হ'ল তেখেতৰ জন্মস্থান। অদ্বিতীয় প্রতিষ্ঠিত পণ্ডিত গৰাকী দামােদৰদেৱৰ প্রিয় শিষ্য আছিল। গুৰু দামােদৰদেৱৰ পৰামর্শ অনুসৰি ভট্টদেৱে টীকাভাষ্যৰ সহায় লৈ ভাগৱতৰ প্ৰথম স্কন্ধ ৰচনা কৰে। দামােদৰদেৱে বিশদ আৰু বিস্তৃত আলােচনা নকৰি ভাগৱতৰ চমু আৰু সৰল কথাৰূপ দিবলৈ ভট্টদেৱক আদেশ দিয়ে। ফলস্বৰূপে ভট্ৰদেৱে দ্বিতীয়বাৰ প্ৰত্যেকটো অধ্যায়ৰ একোটি চমু সাৰাংশ ৰচনা কৰি দ্বাদশ স্কন্ধ ভাগৱত ৰচনা কৰে। ভট্টদেৱৰ ভাগৱত ব্যুৎপত্তি আৰু ব্যাখ্যাত অসাধাৰণ ক্ষমতা দেখি পণ্ডিত সমাজে তেওঁক কবিৰত্ন আৰু ভাগৱত ভট্টাচার্য উপাধিৰে বিভূষিত কৰিছিল। ৰাজ আজ্ঞা মতে পাটবাউসী এৰিব লগা হােৱাত দামােদৰদেৱে ভট্টদেৱক পাটবাউসী সত্ৰৰ ৰক্ষণাবেক্ষণ ভাৰ দিয়ে আৰু গদ্যত ভাগৱত-শাস্ত্ৰখন তেওঁ লিখিবলৈ কয় যাতে সর্বসাধাৰণে সেইখন সহজতে বুজি পায়। পাটবাউসী সত্ৰত কিছু বছৰ কটোৱাৰ পিছত ভট্টদেৱে পাটবাউসী এৰি ব্যাসকুছিত সত্ৰ পাতে। এই সত্ৰতেই থাকি ধর্ম চর্চা আৰু প্ৰচাৰ কৰি মহাপুৰুষজনাই ১৬৩৮ খ্রীষ্টাব্দত ইহলীলা সম্বৰণ কৰে।

ভট্টদেৱৰ সাহিত্যিক প্ৰতিভা

ভট্টদেৱ বিৰচিত গ্রন্থকেইখন দুটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি- অসমীয়াত লিখা আৰু সংস্কৃতত লিখা।

অসমীয়াত লিখা গ্ৰন্থ কেইখন হ'ল-

কথা ভাগৱত
কথা গীতা
ভক্তি ৰত্নাৱলী,
নন্দোৎসৱ,
প্ৰসঙ্গমালা,
সাত্ত্বত তন্ত্ৰ, আৰু
বিষ্ণু সহস্রনাম।

আনহাতে, সংস্কৃতত লিখা গ্ৰন্থ কেইখন হ'ল-

ভক্তিসাৰ,
ভক্তি বিবেক,
ভাগৱত অধিকৰণ আৰু
শৰণমালিকা।

            বিষয়বস্তুৰ ফালৰপৰা প্ৰতিখন গ্রন্থৰে এক সুকীয়া মূল্য আছে যদিও কথা-ভাগৱত, কথাগীতা আৰু কথা ৰত্নাৱলী- এই তিনিখন গ্ৰন্থ অসমীয়া সাহিত্যলৈ ভট্টদেৱৰ শ্রেষ্ঠ অৱদান। পুৰণি অসমীয়া সাহিত্যৰ ভিতৰত ভট্টদেৱৰ কথা ভাগৱতখনেই একমাত্র গ্রন্থ য'ত সমগ্ৰ ভাগৱতৰ বিষয়বস্তু ক্রমিক ৰূপত সংক্ষিপ্তভাৱে লিখা হৈছে। সমগ্র কথা ভাগৱতেই সংক্ষিপ্ত যদিও তাৰ ভিতৰত একাদশ-দ্বাদশ স্কন্ধৰ কিছুমান অধ্যায় অতি সংক্ষিপ্ত ৰূপত বর্ণনা কৰা হৈছে। তেওঁ কথাগীতা পুথিখন শ্রীধৰ টীকাৰ আধাৰত অনুবাদ কৰিছিল। কথা ৰত্নাৱলীখন আকাৰত দুয়োখনৰ মাজতে পৰে অৰ্থাৎ কথা ভাগৱতৰ নিচিনা সংক্ষিপ্তও নহয় আৰু কথাগীতাৰ দৰে বিস্তৃতও নহয়।

            ভট্টদেৱ বিৰচিত অসমীয়া পদপুথিৰ ভিতৰত নন্দোৎসৱ, প্রসঙ্গ মালা আৰু বিষ্ণু সহস্রনাম ছপা হৈছে। নন্দোৎসৱ গ্ৰন্থত কৃষ্ণৰ জন্মত নন্দ গৃহত হােৱা আনন্দ উৎসৱ আৰু নন্দৰাজে দিয়া দান-দক্ষিণাৰ কথা বর্ণনা কৰা হৈছে। দামােদৰীয় সত্ৰবােৰত দ্বাদশ প্রসঙ্গ সঠিকভাৱে চলাৰ উদ্দেশ্য ভট্টদেৱে প্ৰসঙ্গমালা পুথিখন ৰচনা কৰি গৈছে। বিষ্ণু সহস্রনাম পুথিখন তেওঁ পুৰাণৰ উত্তৰখণ্ডৰ অন্তৰ্গত খণ্ডৰ পদানুবাদ কৰিছে।

            ভট্টদেৱৰ গদ্য সাহিত্যৰ বৈশিষ্ট্য ভট্টদেৱে তিনিখন প্রসিদ্ধ তত্ত্বগধুৰ সংস্কৃত গ্রন্থ অসমীয়া গদ্যলৈ অনুবাদ কৰি অসমীয়া ভাষাক এক উচ্চ মর্যাদা প্রদান কৰি থৈ গৈছে। ভট্টদেৱৰ আগতে সকলো পুথি পদ্যত লিখা হৈছিল। উল্লেখযোগ্য যে, ভট্টদেৱে গদ্য ৰচনা কৰাৰ সময়ত সাহিত্যিক অসমীয়া গদ্যৰ কোনাে নমুনা পােৱা নাছিল। তেওঁৰ পূর্ববর্তী শঙ্কৰদেৱ আৰু মাধৱদেৱৰ নাটসমূহত যি গদ্যৰ চানেকি পোৱা গৈছিল তাৰ ভাষা ব্ৰজাৱলীহে আছিল। জনসাধাৰণৰ কথিত ভাষাৰ যােগেদি গীতা-ভাগৱতৰ নিচিনা পবিত্র গ্রন্থক গদ্যৰূপ দিয়াটো সঠিক নহ'ব বুলি ভাবি ভট্টদেৱ পূর্বসূৰী মাধৱ কন্দলি, শঙ্কৰদেৱ, মাধৱদেৱ আদিৰ কাব্যৰাজিৰ ভাষাতেই গুৰুত্ব দিয়ে। এই কাব্যৰাজিৰ মাজৰ পৰা শব্দৰাজি আহৰণ কৰি কথ্যৰীতি আৰু সংস্কৃত ব্যাকৰণৰ আদৰ্শত বাক্যবিন্যাসকৰণ সৃষ্টি কৰি একপ্ৰকাৰ গদ্যৰ ৰূপ দিয়ে আৰু এই গদ্যতেই তেওঁ উক্ত তিনিখন গ্রন্থ অনুবাদ কৰে। গদ্য বা কথাৰীতিক প্ৰকাশৰ মাধ্যমৰূপে গ্রহণ কৰিলেও পদবন্ধৰ প্রতি তেখেতে মােহ এৰিব পৰা নাছিল। কথা ভাগৱতৰ ঠায়ে ঠায়ে তেওঁৰ ৰীতি ছন্দগন্ধী হৈ পৰা দেখা যায়। ধর্মীয় সমাজত শাস্ত্র ব্যাখ্যা কৰোঁতে যি ৰীতিত প্রশ্ন উত্থাপন কৰি উত্তৰ দিয়ে, ভট্টদেৱেও প্রশ্ন উত্থাপন আৰু যুক্তিৰ মাজেদি তাৰ উত্তৰ ব্যাখ্যা কৰিছে। এনে ধৰণৰ প্ৰকাশ ৰীতিয়ে ভট্টদেৱৰ গীতা ভাগৱতৰ গদ্যৰ মাজত যুক্তিপ্রদ আৰু ব্যাখ্যাত্মক ভাষাৰ প্ৰকাশিকা শক্তিৰ ন্যূনতা, বিষয়বস্তুৰ গভীৰতা আদি কিছুমান কথাৰ বাবে ভট্টদেৱৰ গদ্যৰীতি সংস্কৃতমূলীয়া হৈ পৰিছে।

            ভট্টদেৱৰ বাক্যত শব্দবিন্যাসৰ প্রণালী নিখুঁত আৰু ব্যাকৰণ প্ৰয়ােগ বিশুদ্ধ। বাক্যবােৰ সাধাৰণতে চুটি চুটি, কিন্তু স্থান বিশেষে সংস্কৃতীয়া প্ৰভাৱৰ পৰা মুক্ত হ'ব নােৱাৰি সমাসবদ্ধ বাকাৰ প্ৰয়ােগ কৰা দেখা যায়। ছন্দোবদ্ধ ৰচনাত প্রয়ােগ নােহােৱা উত্তম পুৰুষৰ ভৱিষ্যত কালৰ প্রত্যয় "ম" (ধৰিম) আৰু তৃতীয় পুৰুষৰ 'ব’ প্রত্যয়ৰ প্রয়ােগ ভট্টদেৱৰ গদ্যৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। ঠায়ে ঠায়ে ঘৰুৱা উপমা প্রয়ােগে তেওঁৰ গদ্যক মনােৰম ৰূপ প্ৰদান কৰিছে। কিছু সংখ্যক পণ্ডিতে ভট্টদেৱৰ গদ্যত সংস্কৃত শব্দৰ বহুল প্রয়ােগ সম্পৰ্কে অভিযােগ কৰা দেখা যায়। কিন্তু দাৰ্শনিক তত্বপ্রধান গ্রন্থকেইখন ঘৰুৱা শব্দৰ দ্বাৰা অনুবাদ কৰাৰ থল নাছিল।

            ভট্টদেৱৰ সংস্কৃত গ্ৰন্থৰাজিৰ ভিতৰত ভক্তি বিবেক গ্রন্থখনি পােন্ধৰতা পৰিচ্ছেদত বিভক্ত। প্রথম পৰিচ্ছেদত ভক্তিৰ স্থান নির্ণয়, দ্বিতীয় পৰিচ্ছেদত গুৰু শিষ্য নির্ণয়, নৱম পৰিচ্ছেদত কীর্তন নির্ণয়, দশম পৰিচ্ছেদত স্মৰণ মাহাত্ম্য, একাদশ পৰিচ্ছেদত পদ সেৱন মাহাত্ম্য, দ্বাদশ পৰিচ্ছেদত পূজা নির্ণয়, ত্রয়ােদশ পৰিচ্ছেদত পূজা মাহাত্ম্য, চতুৰ্দশ পৰিচ্ছেদত দাস্য নির্ণয় আৰু পঞ্চদশ পৰিচ্ছেদত ভাৱন্মুৰ্তিৰ সত্যতা আলােচনা কৰা হৈছে। ভক্তি বিবেকত ভট্টদেৱৰ অসাধাৰণ পাণ্ডিত্য, গভীৰ অধ্যয়ন আৰু বিচাৰ বুদ্ধি প্রতিচ্ছবি পৰিস্ফুট হৈছে।

ৰামচৰণ ঠাকুৰ


            ৰামচৰণ ঠাকুৰ মহাপুৰুষ মাধৱদেৱৰ ভাগিনীয়েক আছিল। তেখেতৰ দেউতাকৰ নাম ৰামদাস কায়স্থ। ৰামদাস হােকোৰাকুছী নামে ঠাইৰ লোক আছিল। সৰু কালৰেপৰা ৰামচৰণ ঠাকুৰ মাধৱদেৱৰ লগত থাকি যথােচিত শিক্ষা লাভ কৰে। মাধৱদেৱ সুন্দৰীদিয়াত থকা সময়ত তেওঁক ভক্তি ৰত্নাকৰ আৰু ভক্তি ৰত্নাৱলী ৰামচৰণক নিয়মীয়াকৈ পাঠ কৰিবলৈ দিয়াৰ লগতে পুথি নকল কৰাৰ কাম দিছিল। পৰৱৰ্তী কালত মাধৱদেৱ কোচবেহাৰলৈ যােৱা পৰত ৰামচৰণ ঠাকুৰো তেওঁৰ লগতে যায়। মাধৱদেৱৰ আদেশানুক্রমে তেওঁ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা মহাপুৰষ শ্ৰীমন্ত শঙ্কৰদেৱৰ কীৰ্ত্তনৰ বিভিন্ন খণ্ড সংগ্রহ কৰে। ৰামচৰণ ঠাকুৰে ৰচনা কৰা পুথিৰ ভিতৰত কংসবধ আৰু মহাপুৰুষজনাৰ ভক্তি ৰত্নাকৰৰ পদ ভাঙনি উল্লেখযােগ্য। আনহাতে, চৰিত পুথিৰ ৰচক ৰূপে ৰামচৰণ ঠাকুৰৰ এক বিশেষ নাম আছে। শঙ্কৰ চৰিত নামৰ চৰিত পুথিখনত মুঠ ৪০৯৯ টা পদ সন্নিৱিষ্ট হৈছে। পুথিখনত বহুতাে অলৌকিক কথা সন্নিৱিষ্ট থাকিলেও শঙ্কৰদেৱৰ জীৱনৰ বহুতো কথা ইয়াত বিস্তৃতভাৱে উল্লেখ পােৱা যায়। কিন্তু পুথিখনত বহুতাে তৰল আৰু অলৌকিক কথাৰে সঁচা-মিছাৰ সংমিশ্ৰণৰে মহাপুৰুষজনাৰ চৰিত লিখা দেখি পণ্ডিতসকলে সেয়া ৰামচৰণ ঠাকুৰৰ ৰচনা নহয় ক'ব খোজে। সেয়ে, ৰামচৰণৰ নামত ভণিতা থকা শঙ্কৰ চৰিতৰ লেখক কোনােবা এজন কুহিয়াৰবৰীয়া ৰামচৰণহে বুলি ক'ব খোজে, সেইজন ৰামচৰণ মাধৱদেৱৰ ভাগিন ৰামচৰণ নহয় বুলি মত পোষণ কৰিছে।


            ৰামচৰণ ঠাকুৰে কংসবধ নাট ৰচনা কৰে। ভাগৱত পুৰাণৰ ৩৭-৪৫ অধ্যায়ৰ কাহিনীৰ আধাৰত কংসবধ নাটখন ৰচিনা কৰে। নাটখনিৰ আৰম্ভণিতে দুটি নান্দীশ্লোক সন্নিবিষ্ট কৰিছে। নাৰদৰ মুখত গােকুলত থকা শ্ৰীকৃষ্ণৰ কথা শুনি কংসই বন্দীশালত থকা বসুদেৱক হত্যা কৰিবলৈ উদ্যত হােৱা, নাৰদৰ প্ৰবােধ, ৰাম-কৃষ্ণৰ মথুৰা গমন, গােপী বিৰহ, চানুৰ মুষ্টিকৰ সৈতে ৰাম-কৃষ্ণৰ বাহু যুদ্ধ আৰু শেষত কংস-বধ ঘটনাৰে নাটখনিৰ সামৰণি পৰিছে। চৰিত্র সৃষ্টিৰ ক্ষেত্ৰত ঠাকুৰে বিশেষ গুৰুত্ব দিয়া নাই। ভক্তিৰসৰ উপৰিও বীৰ, শৃঙ্গাৰ আৰু কৰুণ আদি ৰসৰ নাটখনিত সমাৱেশ ঘটিছে। নাটখনিত থকা ১৬টা গীত আৰু পয়াৰে নাটখনিৰ কাব্যিক সৌন্দর্য বৃদ্ধিত অৰিহণা যােগাইছে। ৰামচৰণ ঠাকুৰে শঙ্কৰদেৱৰ ভক্তি ৰত্নাকৰ গ্ৰন্থখনিৰ ৩৮ টা মাহাত্ম্যৰ ৩৫ টাৰহে ভাঙনি কৰিছে। তেওঁ লােক মনোৰঞ্জনৰ বাবে মূলৰ চমু কথাকো শ্রীধৰী টীকাৰ সহায়ত ব্যাখ্যা কৰিছে। তেওঁ মূলৰ যথাযথ অনুবাদ কৰিছে। ইয়াৰ উপৰিও ৰামচৰণ ঠাকুৰে দুই-এটি গীতাে ৰচনা কৰি থৈ গৈছে।

            সেইয়া যি কি নহওঁক এজন বিশিষ্ট চৰিতকাৰ হিচাপে ৰামচৰণ ঠাকুৰৰ নাম অসমীয়া সাহিত্যৰ বুৰঞ্জীত সদায় স্মৰণীয় হৈ ৰব।

গােপাল আতা


            শংকৰোত্তৰ যুগৰ এগৰাকী বিশিষ্ট সাহিত্যিক হ'ল গোপাল আতা। গোপাল আতা বৈষ্ণৱ ধৰ্মৰ কাল সংহতিৰ প্ৰতিষ্ঠাপক। কথাগুৰু চৰিত অনুসৰি গােপাল আতাৰ জন্ম ১৫৪১ খ্রীষ্টাব্দত। তেখেতৰ পিতৃৰ নাম কামেশ্বৰ ভূঞা আৰু মাতৃৰ নাম বজ্ৰাঙ্গী আই। জানিব পৰা মতে গোপাল আতা গৰ্ভত থাকোতেই তেখেতৰ পিতৃৰ মৃত্যু হােৱাত বজ্ৰাঙ্গী আয়ে কলিতাদেশ এৰি আহি অসম পায়হি। অসমলৈ আহি গড়গাঁও নগৰৰ ওচৰৰ খােখােৰা গাঁৱৰ নাচনীঘাটত বসবাস কৰিবলৈ লয়। ইয়াৰ পাছত তেওঁ সুন্দৰীদিয়ালৈ আহে। নাৰায়ণ দাস ঠাকুৰ আতাৰ আজ্ঞা অনুসৰি গােপাল আতাই বৰপেটাৰ সবিতা আইক বিয়া কৰায়। পিছলৈ তেওঁ মাধৱদেৱৰ ওচৰত শৰণ লয় আৰু বৈষ্ণৱ ধৰ্ম প্ৰসাৰত আত্মনিয়ােগ কৰে। গােপাল আতাই পল্লা নৈৰ দক্ষিণত থকা কালজাৰত সত্ৰ স্থাপন কৰে। এই কালজাৰ সত্রই তিনিখন ৰাজ্যখণ্ডৰ বৈষ্ণৱৰ অন্যতম তীর্থ হৈ পৰে। ভৱানীপুৰীয়া আতাৰ আজ্ঞা পালন কৰি ভালেকেইজন বৈষ্ণৱে বিভিন্ন ঠাইত ন ন সত্র প্রতিষ্ঠা কৰে। তেওঁৰ ওচৰলৈ আহি ৰামচন্দ্র আতা, কৃষ্ণ আতা আৰু অনিৰুদ্ধ আতাই শৰণ লয়। পৰৱৰ্তী কালত স্থাপিত সত্ৰসমূহে কালসংহতি থুলৰ সত্ৰ বুলি জনাজাত হয়। গােপাল আতাই গুৰুজনাৰ আৰ্হি অনুসৰি ছয়জন ব্রাহ্মণ আৰু ছয়জন অব্রাহ্মণক ধর্মাচার্য বাব অর্পণ কৰে। গােপাল আতাই প্ৰায় সত্তৰ বছৰ কাল জীয়াই থাকে। তেখেতে তিনিখন নাট ৰচনা কৰে। সেই নাটকেইখন হ’ল-

১/ জন্মযাত্রা, ২/ নন্দোৎসৱ আৰু ৩/ উদ্ধৱযান।

১/ জন্মযাত্রা


            জন্মযাত্রা নাটখনৰ বিষয়বস্তু গােপাল আতাই শঙ্কৰদেৱৰ দশমৰ পৰা সংগ্ৰহ কৰিছে। তেখেতে মূল সংস্কৃত ভাগৱত পুৰাণৰ পৰা প্রত্যক্ষভাৱে নাটকৰ কাহিনী গ্ৰহণ কৰা নাই। জন্মযাত্ৰাৰ কাহিনীভাগ শঙ্কৰদেৱৰ দশমৰ ২০ সংখ্যক পদৰ পৰা ১৫৩ সংখ্যক পদত পোৱা যায়। ইয়াৰ পৰাই জন্মযাত্ৰাৰ কাহিনীভাগ সংগ্ৰহ কৰা বুলি অনুমান কৰা যায়। ভগৱান, বিভিন্ন দেৱ-দেৱী, ঋষি, কৃষ্ণ, গােপ-গােপী আদি মর্ত্যলােকত জন্মগ্রহণ কৰা ঘটনাবোৰ নাটখনিত সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। বসুদেৱ দৈৱকীৰ বিবাহ, কাৰাগাৰলৈ প্ৰেৰণ, কৃষ্ণৰ জন্ম, কৃষ্ণৰ নন্দ যশােদাৰ গৃহগমন, কংস, যােগমায়া আদিৰ ঘটনাবোৰ নাটখনত বর্ণনা কৰা হৈছে। মুক্তিমঙ্গল ভটিমাৰ ঠাইত এটি শ্লোকেৰে নাটখনি আৰম্ভ কৰা হৈছে। নাটখনত মুঠ ২৫টা গীত সন্নিৱিষ্ট কৰা হৈছে। বিভিন্ন অলংকাৰ যেনে- অনুপ্রাস, অন্ত্যানুপ্রাস,উপমা, যমক আদি অলঙ্কাৰ প্ৰয়ােগে গীতসমূহ সুমধুৰ কৰি তোলাৰ লগতে সাহিত্যিক মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি চৰিত্ৰবােৰৰ মুখত গদ্য সংলাপ প্রয়ােগ কৰা হৈছে।

২/ নন্দোৎসৱ


            নন্দোৎসৱ নাটখনত নাটকীয় সংঘাতেৰে পৰিপূৰ্ণ। অসমীয়া সমাজ জীৱনৰ ছবি এখন কিছুমান সংলাপৰ মাজেৰে সুন্দৰকৈ ফুটি উঠিছে। সূত্ৰধাৰৰ বচন, গীত আৰু চৰিত্ৰৰ বচনৰ বাহিৰে অঙ্কীয়া নাটকৰ আন আন অংগৰােৰ নাটখনত পোৱা নাযায়।

২/ উদ্ধৱযান


            উদ্ধৱযান বা উদ্ধৱ সংবাদ নাটখনত উদ্ধৱে গােপীসকলৰ ওচৰলৈ কৃষ্ণ সংবাদ লৈ যোৱা কাহিনী ভাগৱত পুৰাণৰ ৪৫- ৪৮ অধ্যায়ত বর্ণিত হৈছে। বিৰহ আতুৰা গােপীসকলৰ বিৰহ বেদনা নাইকিয়া কৰাৰ উদ্দেশ্যে কৃষ্ণই বান্ধৱ উদ্ধৱক ব্ৰজলৈ বার্তাসহ পঠিয়াই দিয়ে। গােপীসকলে কেনেকৈ অনুৰাগ-অভিমান কৰিলে আৰু উদ্ধৱে কিদৰে গােপীৰ মনক প্রবােধ দিলে তাৰ বৰ্ণনাৰে নাটখন সমাপ্ত কৰা হৈছে।

            মুঠতে, আমি ক'ব পাৰো যে- গোপালদেৱ বা গোপাল আতাৰ কৰ্মৰাজীৰ বাবে অসমীয়া সাহিত্যৰ বুৰঞ্জীত তেখেতৰ নাম চিৰস্মৰণীয় হৈ ৰব।

অনিৰুদ্ধদেৱ


            অনিৰুদ্ধদেৱ শঙ্কৰােত্তৰ যুগৰ বৈষ্ণৱ কবিসকলৰ ভিতৰত এজন অন্যতম কবি। লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ বিষ্ণু বালিকুছি গাঁৱত ১৫৫৩ চনত অনিৰুদ্ধদেৱৰ জন্ম হয়। অনিৰুদ্ধদেৱৰ আচল নাম বা পিতৃদত্ত নাম হৰকণ্ঠগিৰী আছিল। ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্রতি আকর্ষিত হৈ তেখেতে ভৱানীপুৰীয়া গােপাল আতাৰ ওচৰত শৰণ লয়। শৰণ লোৱাৰ পিছত ভৱানীপুৰীয়া আতাই তেখেতৰ নাম অনিৰুদ্ধ ৰাখে। সিদিনাৰ পৰাই হৰকন্ঠগিৰিৰ নাম অনিৰুদ্ধ হয়। কালঝাৰত তিনি বছৰ থকাৰ পিছত গুৰুৰ আজ্ঞামতে তেওঁ নিজ গৃহস্থান বিষ্ণু বালিকুছি গাঁৱলৈ আহি বিষ্ণু বালিকুছি সত্র স্থাপন কৰে। ডফলাসকলে উপদ্ৰৱ কৰাত পাঁচ বছৰৰ পিছত তেওঁ বিষ্ণু বালিকুছি সত্ৰখন মৰনৈৰ পাৰৰ নাহৰআটীলৈ উঠাই নিয়ে। তাৰ কিছু বছৰ পিছত সেই নাহৰআটী সত্ৰতেই অনিৰুদ্ধদেৱৰ মৃত্যু হয়। অনিৰুদ্ধদেৱে কেবাখনাে গ্রন্থ ৰচনা কৰি গৈছে। সেইবোৰ হ'ল-
১/ ভক্তিমঙ্গল ঘােষা, ২/ ভাগৱতৰ চতুর্থ স্কন্ধৰ পুৰঞ্জন উপাখ্যান, ৩/ দুকুৰি ভটিমা আৰু ৪/ নকুৰি দুটি গীতেৰে এখনি গীতশাস্ত্র আৰু ৫/ ভাগৱতৰ সাৰসংগ্ৰহ কৰি গদ্য-পদ্য মিশ্রিত নিজশাস্ত্ৰ নামৰ পুথি এখন। ভক্তিমঙ্গল ঘােষাখনিয়ে মায়ামৰা বৈষ্ণৱ ধৰ্মৰ মূল ভেটি নির্মাণ কৰিছে। এই ঘােষাখনিৰ মূল আধাৰ হ’ল শ্রীমদ্ভাগৱত, ব্রহ্মাণ্ড পুৰাণ, পদ্ম পুৰাণ, প্রবােধচন্দ্রোদয়, বিষ্ণুপুৰী ভাষ্য মুণ্ডকোপনিষদ, শ্রীধৰী টীকা, চাণক্য শতক আদি সংস্কৃত গ্রন্থসমূহ। ঘােষাখিনি পদ, ছবি, দুলড়ী, লেচাৰি, ঘােষা আদি ছন্দত ৰচিত। ঘােষাখনিৰ দুই পঞ্চমাংশ ঘােষাই মূল সংস্কৃত শ্লোকৰ অনুবাদ। ভক্তিমঙ্গল শাস্ত্ৰত থকা উপমাবােৰে পুথিখনক অনন্য সৌন্দর্য প্রদান কৰিছে। পুৰঞ্জন উপাখ্যান ভাগৱতৰ চতুর্থ স্কন্দৰ অন্তৰ্গত। উপাখ্যানখন ৫৭৯টা পদত ৰচিত। এই শাস্ত্রখনিৰ বিষয়বস্তু হ’ল নাৰায়ণৰ অক্লান্ত ভক্ত নাৰদৰ দ্বাৰা ভক্তিমার্গৰ গৃহতত্ত্ব আৰু দেহতত্ত্ব। পদ, দুলড়ী আৰু ছবি ছন্দত ৰচিত এই শাস্ত্ৰখনক অনিৰুদ্ধদেৱে সুন্দৰ আৰু কাব্যিক ৰূপত অনুবাদ কৰিছে।

            অনিৰুদ্ধদেৱৰ ভাগৱতৰ পঞ্চম সুন্দৰ অনুবাদত বিচক্ষণতা পৰিলক্ষিত হয়। ৯৫০টা পদত কবিয়ে এই অনুবাদ সমাপ্ত কৰিছে। বিষয়বস্তুৰ ভিতৰত প্রিয়ব্রত ৰজাৰ কাহিনী, ঋষভৰ জন্ম, সংসাৰ ত্যাগ, দেহত্যাগ, ভৰতৰ মৃগৰূপ প্রাপ্তি আৰু উন্মত্ততা, জড় ভৰতৰ কাহিনী, সপ্তদীপৰ কথা, নৰক বর্ণনা আদি পােৱা যায়।

            অনিৰুদ্ধদেৱৰ আন এখন গ্রন্থ হ’ল পদ্য-গদ্য মিশ্রিত ভাষাত ৰচিত নিজশাস্ত্র। এইখন আজিলৈ ছপা হােৱা নাই। এই শাস্ত্ৰখন ময়ামৰা সম্প্রদায়ৰ গুপুত শাস্ত্র। এইখন কেৱল ৰাতিহে পাঠ কৰা হয়। নিজশাস্ত্ৰ কেইবাটাও বর্ণ বা অধ্যায়ত বিভক্ত। ভকতে এই শাস্ত্র পাঠ কৰােতে তিনিটা, পাঁচটা, সাতটা নাইবা নটা বর্ণ বা অধ্যায় পাঠ কৰে।

            ইয়াৰ উপৰিও অনিৰুদ্ধদেৱে ১৮২টা গীত ৰচনা কৰি থৈ গৈছে। গীতসমূহত আধ্যাত্মিক ভাব, বেদৰ কথা, পাৰমার্থিক তত্ত্ব আৰু কৃষ্ণৰ বাল্য লীলা আদি প্রকাশ পাইছে। লীলা, বিৰহ, জাগন আদি বৰগীতৰ প্ৰায়বােৰ বিষয়বস্তুয়েই ইয়াত স্থান পাইছে। এই গীতসমূহত কল্যাণ, ধনশ্রী, ভাটিয়ালী, গৌৰী, গান্ধাৰ আদি ৰাগৰ প্রয়ােগ ঘটা দেখা যায়। গীতশাস্ত্ৰত ব্যৱহৃত বেছিভাগ শব্দই তৎসম, কিছুসংখ্যক পালি আৰু প্রাকৃত।

            তেওঁৰ গীতত ধ্বনি, ব্যঞ্জনা আৰু চিত্ৰকল্পৰ সুন্দৰ সমন্বয় ঘটা দেখিবলৈ পােৱা যায়। অনিৰুদ্ধদেৱৰ ৰচনাৰাজিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে।

পুৰুষােত্তম ঠাকুৰ


            শংকৰোত্তৰ যুগৰ আন এগৰাকী অন্যতম কবি হ'ল পুৰুষোত্তম ঠাকুৰ। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বৰনাতি আৰু ৰামানন্দ ঠাকুৰৰ পুত্র। বৰ্তমান বৰপেটা জিলাৰ পাটবাউসী নামৰ ঠাইত ১৫৬১ চনত তেওঁৰ জন্ম হয়। তেখেতৰ মাতৃৰ নাম হ'ল সিন্ধুমতী। ককাক শ্ৰীমন্ত শঙ্কৰদেৱৰ মৃত্যুৰ পিছতেই পিতৃ ৰামানন্দয়াে ইহলীলা সম্বৰণ কৰে। ফলত তেওঁৰ শিক্ষাৰ দায়িত্ব মহাপুৰুষ মাধৱদেৱে ল'বলগীয়া হয়। মহাপুৰুষ মাধৱদেৱৰ মৃত্যুৰ পিছত পুৰুষােত্তম ঠাকুৰে পাটবাউসী এৰি পূব কোচৰাজ্যৰ ৰাজধানী‌ বৰনগৰত সত্র স্থাপন কৰে। তাতেই কোচৰজা নৰনাৰায়ণে সপৰিয়ালে তেখেতৰ ওচৰত শৰণ লয়। তাৰ কিছু বছৰ পিছত তেওঁ বৰনগৰৰ পৰা আহি বৰপেটাৰ ওচৰৰ জনিয়াত সত্ৰ স্থাপন কৰে। তাৰ ছবছৰমান পিছত তেওঁ বেহাৰৰ ভেলালৈ গৈ ধৰ্ম প্ৰচাৰ কৰে আৰু এই ভেলা সত্ৰতেই তেওঁ ইহলীলা সম্বৰণ কৰে।

            পুৰুষােত্তম ঠাকুৰ পুৰুষ সংহতিৰ প্ৰতিষ্ঠাপক। তেওঁ শঙ্কৰদেৱৰ বাহিৰে আনক গুৰু বুলি মানি লােৱা নাছিল। তেওঁৰ শিষ্যসকলকো শঙ্কৰদেৱৰ বাহিৰে আনক গুৰুক নামানিবলৈ উপদেশ দিছিল। তেওঁ ধর্ম প্রচাৰৰ লগতে সাহিত্য চর্চা কৰিছিল। তেওঁৰ সাহিত্য কৃতী হ’ল ন ঘােষা পুথিখন। এই ন ঘোষা পুথিখন প্রায় চাৰিশ পদৰ সমষ্টি। ইয়াৰ এশমান পদ বিভিন্ন সংস্কৃত শ্লোকৰ অনুবাদ। পুথিখন ইমান উন্নত মানদণ্ডৰ নহলেও ইয়াৰ মাজৰে পুৰুষােত্তম ঠাকুৰৰ কবিত্বৰ প্রকাশ পাইছে। ন ঘোষা গ্রন্থখনৰ উপৰি তেওঁ প্রায় কুৰিটা গীত ৰচনা কৰিছিল। গীতসমূহ আন বৈষ্ণৱ গীতৰ দৰে ভগৱত প্ৰেমেৰে সিক্ত। গীতসমূহত ভূপালী, বসন্ত, বেলােৱাৰ, ভাটিয়লী আদি ৰাগৰ প্ৰয়ােগ ঘটিছে। ইয়াৰ উপৰিও সস্তসাৰ আৰু বুঢ়াভাষ্য নামে দুখন পুথিও পুৰুষােত্তম ঠাকুৰৰ নামত প্রচলিত।

অসমীয়া সাহিত্যৰ ইতিহাসত পুৰুষোত্তম ঠাকুৰৰ অৱদান স্মৰণীয় হৈ ৰব।

বৰ যদুমণিদেৱ


            শংকৰোত্তৰ যুগৰ আন এগৰাকী অন্যতম কবি তথা ভবানীপুৰীয়া গােপাল আতাৰ শিষ্য হ'ল বৰ যদুমণিদেৱ। তেখেতৰৰ জন্ম হয় গােভিৰ গ্ৰাম নামৰ ঠাইত। তেখেতে ডেকা বয়সতে গৃহ ভার্যা ত্যাগ কৰি খৰঙা দেশলৈ গৈ নানা বাদ্যযন্ত্র শিকি আহে। কিছুদিন বংশীগােপালদেৱৰ সত্ৰত থাকি তাৰ পিছৰ বাৰ বছৰ কাল গােপাল আতাৰ সৈতে ভৱানীপুৰত থাকিবলৈ লয়। গুৰুৰ আজ্ঞানুসৰি বৰ যদুমনিদেৱে আহােম ৰাজ্যলৈ গৈ ধর্ম প্রচাৰ কৰে। চাওদাঙে তেওঁক ধৰিবলৈ বিচাৰি ফুৰাত তেওঁ বাহবাৰীলৈ গৈ তাতেই সত্র স্থাপন কৰে। ১৫৫৩ শকৰ ফাগুণ মাহৰ শুক্লা চতুর্দশী তিথিত উত্তৰ লক্ষীমপুৰৰ কপলিপুখুৰী নামৰ ঠাইত বৰ যদুমণিয়ে ইহলীলা সম্বৰণ কৰে। কথিত আছে যে বৰ-যদুমণিদেৱে বাৰকুৰি গীত ৰচনা কৰিছিল। গীতসমূহৰ ভাষা, বিষয়বস্তু, ৰাগ আদি অতি উচ্চ পর্যায়ৰ। এই গীতবোৰ মহাপুৰুষ দুজনাৰ বৰগীতৰ সাঁচতে ৰচিত। তেওঁৰ এশ ছয়ত্রিশটি গীত "গীত মন্দাকিনী" নামৰ গ্ৰন্থত সঙ্কলিত হৈছে। বৰ-যদুমণিদেৱৰ যাত্ৰা নাটখনি অসমীয়া সাহিত্যলৈ এক অনবদ্য অৱদান। নাটখনৰ বিষয়বস্তু স্কন্ধ পুৰাণৰ উৎকল খণ্ডত থকা ফাল্গুৎসৱ বা দৌলযাত্ৰাৰ বৰ্ণনাৰ সৈতে মিল আছে। ভক্তি ৰসে প্ৰাধান্য লাভ কৰা নাটখনিত ৰাধাৰ চৰিত্ৰটোক বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হয়। নাটখনিত কৃষ্ণই বৃন্দবনত গােপ শিশুসকলৰ সৈতে নৃত্য-গীত কৰি ৰত্নময় দৌলত যােগেশ্বৰ হৰিক ফাকু দিয়াৰ কথা বৰ্ণনা আছে। ৰাধাই কৃষ্ণৰ গাত ফাকু ছটিয়াই ভক্তি নিবেদন কৰিছে। দেৱ, গন্ধর্ব, কিন্নৰ, ঋষি, নৰ-নাৰীৰ উৎসাহ, ৰাধাকৃষ্ণৰ অৰ্চনাৰে দুদিন জোৰা ফল্লুৎসৱৰ বৰ্ণনাৰে নাটখন আকৰ্ষণীয় কৰি তুলিছে।

            বৰ যদুমণিদেৱ ৰচিত কেৱলীয়া ঘােষাৰ ঘােষাসমূহ ছবি, দুলড়ী, লেচাৰি, ঝুনা আদি ছন্দত ৰচিত। ভাব, ভাষা, ছন্দ-অলঙ্কাৰৰ সুন্দৰ প্রয়ােগে বৰ-যদুমণিদেৱৰ ঘােষসমূহ অতি মনােমােহা ৰূপ প্ৰদান কৰিছে। অসমীয়া সাহিত্যৰ ইতিহাসত বৰ-যদুমণিদেৱৰ নাম সোণালী আখৰেৰে লিখা ৰব।

শ্ৰীৰাম আতা


            শংকৰোত্তৰ যুগৰ আন এগৰাকী অন্যতম কবি, গীতিকাৰ তথা নাট্যকাৰ হ'ল শ্ৰীৰাম আতা।তেওঁৰ দেউতাকৰ নাম আছিল গােবিন্দ মিশ্রৰ। শ্ৰীৰাম আতা ভৱানীপুৰীয়া গােপাল আতাৰ অন্তিম থাপিত ছজন ব্রাহ্মণ সত্ৰীয়াৰ এজন । আতাই বাৰ বছৰলৈ গুৰু গৃহত থাকি নানা শাস্ত্র অধ্যয়ন কৰিছিল। পিছত ডেবেৰা পাৰৰ বংশীগােপালদেৱৰ ওচৰ পায়। আৰু তাতে তেওঁ প্ৰায় ছবছৰ কাল কটায়। সেই সময়তে তেখেতৰ যদুমণি আতাক লগ পায় আৰু আতাৰ লগ লাগি চাউলখােৱা সুতিৰে নাৱেৰে আহি বৰপেটা পায়। তাৰ পৰা তেওঁ ভবানীপুৰলৈ গৈ গােপাল আতাৰ শিষ্য হয়। গােপাল আতাই তেওঁক কালঝাৰ সত্ৰৰ ধর্মাচার্য পদত অধিষ্ঠিত কৰায়। দীর্ঘদিন ধৰি কালঝাৰত হৰি কথা শ্ৰৱণ-কীর্তন কৰি শ্ৰীৰাম আতাই ইহলীলা সম্বৰণ কৰে। ধর্মাচার্য হােৱাৰ পিছত শ্ৰীৰাম আতাই ভালে সংখ্যক গীত, ঘােষা আৰু নাট ৰচনা কৰে। তাৰ ভিতৰত কেইবাখনাে পুৰাণ, বিষ্ণুযামল, বিল্বমঙ্গল, ভক্তি প্রদীপ, মহাভাৰত, হিতােপদেশ আদি অন্যতম। আতাৰ এখনি একশণ গ্রন্থ হ’ল ঘােষা পটল। গ্রন্থখনত বৈষ্ণৱী গ্রন্থৰ শ্লোক সন্নিৱিষ্ট কৰা হৈছে। ঘােষা পটল গ্রন্থখনত সংস্কৃত শ্লোকৰ লগতে অসমীয়া অনুবাদ কৰিছে। শ্ৰীৰাম আতাৰ সুভদ্রা হৰণৰ কাহিনীভাগ ভাগৱত পুৰাণ আৰু মহাভাৰতত পােৱা যায়। নাটকৰ কাহিনীভাগত সুভদ্রা আৰু অৰ্জুনৰ পূৰ্বৰাগ, অৰ্জুনৰ দ্বাৰা সুভদ্রা হৰণ, বিবাহ, বিয়াৰ পিছত বীৰ বিজয় আৰু সুভদ্ৰাৰ কৌতুকেৰে নাটৰ কাহিনীভাগ সামৰণি পৰিছে।

            শ্ৰীৰাম আতাই তেওঁৰ নাটকত শঙ্কৰদেৱৰ নাট্যৰীতিকেই অনুকৰণ কৰিছে। নাটকখনত নান্দীশ্লোক, ভটিমাৰ উপৰিও উনেশটা গীত আছে। নাটখনিৰ গীতসমূহৰ ভাষা ব্রজাৱলী। শ্ৰীৰাম আতাৰ ৭৯টা গীত বিৰিঞ্চি কুমাৰ বৰুৱা সম্পাদিত শ্ৰীৰাম আতা আৰু ৰামানন্দদেৱৰ গীত নামৰ গ্ৰন্থত সঙ্কলিত হৈছে। বৰগীতৰ দৰে শ্ৰীৰাম আতাৰ গীতসমূহত শান্ত, দাস্য,সখ্য, বাৎসল্য আৰু মধুৰ ভাবৰ সমন্বয় দেখা যায়। শ্ৰীৰাম আতাই তেওঁৰ গীতসমূহত অহিৰ, বসন্ত, ধনশ্ৰী, গৌৰী, কল্যাণ, কেদাৰ, মল্লাৰ, শ্রীগন্ধাৰ আদি ৰাগ প্রয়ােগ কৰিছে।

            এগৰাকী গীতিকাৰ, নাট্যকাৰ আৰু প্ৰকৰণ গ্রন্থ ৰচক হিচাপে শ্ৰীৰাম আতাৰ নাম অসমীয়া সাহিত্যৰ ইতিহাসত চিৰস্মৰণীয় হৈ ৰব।

ভাগৱত মিশ্র


            শংকৰোত্তৰ যুগৰ আন এগৰাকী অন্যতম কবি হ'ল ভাগৱত মিশ্ৰ। তেখেতৰ বিষয়ে বিশেষ একো জনা নাযায়। বিষ্ণু পুৰাণ আৰু সাত্ত্বত-তন্ত্রৰ পদ ভাঙনিত ভাগৱত মিশ্রই নিজকে দামােদৰৰ শিষ্য বুলি উল্লেখ কৰিছে। গুৰুৰ নিৰ্দেশ মৰ্মে তেওঁ ‘ভাগৱত গৃঢ় শাস্ত্র' ব্যাখ্যা কৰে। ভাগৱত মিশ্ৰই ৰচনা কৰা গ্ৰন্থ দুখন হ’ল-

১/ বিষ্ণু পুৰাণ আৰু
২/ সাত্ত্বত-তন্ত্র।

            কবিয়ে বিষ্ণু পুৰাণত যমপুৰীৰ বৰ্ণনা বৰ নিখুঁতভাবে দাঙি ধৰিছে। সাত্ত্বত-তন্ত্র গ্রন্থখন হ’ল বৈষ্ণৱী তন্ত্র। তেখেতে এই তন্ত্ৰখনি তিনিশ ছয়সত্তৰটা পদত অনুবাদ কৰিছে। এই তন্ত্ৰখন নটা পটলত ভাগ কৰিছে। প্ৰথম আৰু দ্বিতীয় পটলত বিৰাট পুৰুষৰ উৎপত্তি, তৃতীয় পটলত পূর্ণ, অংশ, কলা প্রভৃতিৰ কথা, চতুর্থ পটলত ভক্তিৰ ভেদ, পঞ্চম পটলত যুগধর্ম মােক্ষৰ সাধন, ষষ্ঠ পটলত বিষ্ণু নাম সহস্রেক, নামৰ মহিমা, সপ্তম পটলত বিষ্ণু নাম, অষ্টম পটলত সর্বসাৰ ৰহস্য, নৱম পটলত তন্ত্রমতৰ বিকাশৰ কথা সন্নিৱিষ্ট কৰা হৈছে। শিৱ আৰু নাৰদৰ কথােপকথনৰ মাজেদি সাত-তন্ত্ৰৰ কথাখিনি ব্যক্ত কৰা হৈছে।


            সাত্ত্বত-তন্ত্ৰ আৰু বিষ্ণু পুৰাণৰ অনুবাদক হিচাপে ভাগৱত মিশ্রৰ নাম অসমীয়া সাহিত্যৰ ইতিহাসত সদায় স্মৰণীয় হৈ ৰব।

গােবিন্দ মিশ্র


            শঙ্কৰােত্তৰ যুগৰ আন এগৰাকী অন্যতম কবি হ'ল গোবিন্দ মিশ্ৰ! অনুবাদক হিচাপে পৰিচিত গােবিন্দ মিশ্র সম্পর্কে বিশেষ একো জনা নাযায়। তেখেতৰ নিজৰ পুথি সমূহৰ ক'তাে নিজৰ পৰিচয় দাঙি ধৰা নাই। কবিজনাৰ বংশলতা সম্পৰ্কত হৰি নাৰায়ণ দত্তবৰুৱাৰ মন্তব্য প্রনিধানযােগ্য। তেখেতে কামৰূপৰ হালধিবাৰী সত্ৰৰ গােস্বামী এগৰাকীৰ পৰা কবিজনাৰ বংশলতা সংগ্ৰহ কৰিছে। এই বংশলতা মতে গােবিন্দ মিশ্র হ’ল কোচ ৰজাই কনৌজৰ পৰা অনা জবানন্দ ভূঞাৰ চতুর্থ পুৰুষ। জবানন্দৰ নাতি হৰিচৰণ, তেওঁৰ পুত্ৰ হ'ল দামােদৰ। এই দামােদৰৰ পুত্ৰ হ’ল গােবিন্দ মিশ্র। তেওঁৰ জন্ম স্থান হ’ল মঙ্গলদৈৰ কলাইগাঁৱৰ ওচৰৰ ডালাত।

            কবিজনাই নিজৰ পৰিচয় সন্দৰ্ভত একো উল্লেখ নকৰিলেও তেখেতে ভক্তি বিবেকগ্রন্থখন অনুবাদ কৰা, আৰু ভট্টদেৱক ইষ্টদেৱ হিচাপে অভিহিত কৰালৈ লক্ষ্য ৰাখি তেওঁক ভট্টদেৱৰ সমসাময়িক অথবা ভট্টদেৱৰ উত্তৰ কালৰ কবি বুলি অনুমান কৰিব পাৰি। তেখেতে শ্রীমদ্ভগৱতগীতা আৰু ভক্তি বিবেক নামৰ দুখনি গ্রন্থ অনুবাদ কৰিছে। উল্লেখযোগ্য যে ভট্টদেৱে ৰচনা কৰা শ্ৰীমদ্ভক্তিৱিহেক গ্রন্থখন ঋগ্বেদ, ভাগৱত, গীতা, অষ্টাদশ পুৰাণ আদি বহু শাস্ত্ৰৰ সাৰাংশ। তেখেতে এই ভক্তিমূলক শাস্ত্ৰখন সংস্কৃতত ৰচনা কৰিছিল। গুৰু ভট্টদেৱৰ প্রতি শ্রদ্ধাৰ চিন স্বৰূপে গােবিন্দ মিশ্রই এই সংস্কৃত গ্রন্থখন অসমীয়ালৈ অনুবাদ কৰে। মূলৰ প্ৰতিটো শ্লোকৰ টীকা, ভাষ্যক কবিয়ে পদানুবাদ কৰিছে। গােবিন্দ মিশ্রই শ্রীমদ্ভগৱত গীতাৰ জটিল তত্ত্বসমূহ চাৰি টীকাৰ সহায় লৈ অনুবাদ কৰিছে। মাজে মাজে জটিল তত্ত্ব ব্যাখ্যা উপমা-পটন্তৰৰ দ্বাৰা দাঙি ধৰিছে। সংস্কৃত গীতাৰ জটিল দার্শনিক তত্ত্বসমূহ কবিয়ে নিজ ভাষাৰে অতি প্রাঞ্জলভাৱে বর্ণনা কৰিছে। কবিজনাই শঙ্কৰী, ভাস্কৰী, হনুমন্তী, আনন্দগিৰিৰ টীকাৰ সহায়ত ৰচনা কৰা গ্রন্থখনিৰ মাজে মাজে নিজস্ব দৃষ্টিভঙ্গী দাঙি ধৰা পৰিলক্ষিত হয়। ঠায়ে ঠায়ে পুথিখনত লৌকিকতাৰ পৰশ পৰা দেখা যায়। পদ, দুলড়ী, ঝুনা, ছবি, ঝুমু আদি ছন্দৰ প্রয়ােগ, উপমা-পটন্তৰ আদিৰ প্ৰয়োগেৰে কবিজনাই নিজস্ব পাণ্ডিত্য প্ৰকাশ কৰিবলৈ সক্ষম হৈছে।

ভাগৱতাচার্য


            শংকৰোত্তৰ যুগৰ আন এগৰাকী কবি হ'ল ভাগৱতাচার্য। তেখেতৰ বিষয়ে বিশেষ একো জনা নাযায়! পণ্ডিত হেমচন্দ্র গােস্বামীয়ে ভাগৱতাচাৰ্য দেৱক মহাপুৰুষ হৰিদেৱৰ শিষ্য আৰু হৰি-মিশ্ৰৰ পুত্ৰ বুলি উল্লেখ কৰিছে। সতেন্দ্ৰনাথ শৰ্মাদেৱে "কথা সূত্র", "সাত-তন্ত্র" আৰু "গীতাসাৰ"- এই গ্রন্থকেইখন ভাগৱতাচাৰ্যৰ ৰচনা বুলি উল্লেখ কৰিছে। কিন্তু দৰাচলতে, সাত-তন্ত্রৰ ৰচক ভাগৱত মিশ্রহে, ভাগৱতাচার্য নহয়। আনহাতে, কথা-সূত্ৰৰ এটি স্তৱকৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ গীতাসাৰ ৰচনা কৰা বুলি কোৱা হৈছে যদিও তেনে গ্রন্থ এতিয়ালৈ উদ্ধাৰ হােৱা নাই। সেয়ে কেৱল কথাসূত্ৰ গ্ৰন্থখনহে ভাগৱতাচার্যৰ প্রামাণ্য গ্রন্থ বুলি পণ্ডিতসকলে মত পোষণ কৰিছে।
-----------------------------------------------------------------------------------------------------------

Post a Comment

0 Comments