অসমীয়া পাঁচালী সাহিত্য

অসমীয়া পাঁচালী সাহিত্য


           মহাপুৰুষ শঙ্কৰদেৱৰ সমসাময়িকভাৱে, অর্থাৎ পঞ্চদশ শতিকাৰ শেষৰ পৰা ষােড়শ শতিকাৰ আৰম্ভণিৰ সময়ছােৱাত নৱ-বৈষ্ণৱ যুগৰ ভাৱাদৰ্শৰ দ্বাৰা প্ৰভাৱিত নােহােৱাকৈ, লৌকিক ঠাচত কাব্য ৰচনা কৰা কেইজনমান সাহিত্যিকৰ জন্ম হৈছিল। এওঁলােকে ৰচনা কৰা সাহিত্যৰাজিক "পাঁচালী
সাহিত্য" বা "পাঞ্চালী সাহিত্য" বোলা হয়, আৰু কবিকেইজনক "পাঁচালী কবি" বুলি কোৱা হয়।

        এই সাহিত্য নৱ-বৈষ্ণৱ যুগত আত্মপ্রকাশ কৰিলেও বৈষ্ণৱ সাহিত্যৰাজিৰ বিষয়বস্তু, ৰচনাশৈলী,
ৰূপ, গঠন আৰু আদৰ্শগত পার্থক্য বজাই ৰাখি এক শ্ৰেণীৰ নতুন সাহিত্যৰ সৃষ্টি হৈছিল। অর্থাৎ
পাঁচালী বা পাঞ্চালী সাহিত্যৰ সৃষ্টি হৈছিল। মূলতঃ লৌকিকতাক প্রাধান্য দি ওজাপালিৰ উদ্দেশ্যে এই শ্রেণীৰ সাহিত্যৰাজি ৰচনা কৰা হৈছিল। এই শ্রেণী সাহিত্যত বৈষ্ণৱ কৰিৰ দৰে ভক্তিৰ প্ৰতি এঢলীয়া টান নাই। জগতখনৰ প্রতি বিৰক্তি বা উদাস ভাব পােষণ কৰা দেখা নাযায়। কাব্যৰ ভাষাও কথিত ভাষাৰ বেছি ওচৰ চপা। চৰিত্ৰসমূহ লৌকিক মানুহৰ দৰে মানৱীয় দুখ-সুখ, আবেগ-অনুভূতি, দুর্বলতা আদিৰে সিক্ত। এই ভাগটিৰ প্রখ্যাত কবিসকল হ'ল

১/ দুর্গাবৰ, ২/ পীতাম্বৰ, ৩/ মনকৰ, ৪/ সুকৰি নাৰায়ণদেৱ আৰু ৫/ ষষ্ঠীবৰ।




পাঁচালী সম্পর্কে বিভিন্ন পণ্ডিতে বিভিন্ন মত আগ বঢ়াইছে। তাৰে ভিতৰত উল্লেখযােগ্য কেইটিমান হ’ল-

১/ সংস্কৃত "পাঞ্চালিকা" শব্দৰ পৰা পাঁচালী বা পাঞ্চালী শব্দটোৰ সৃষ্টি হৈছে। পাঞ্চালিকা মানে পুতলা। পুতলা নাচ যুক্ত গীতেই হ’ল পাঁচালী। পূৰ্বতে পুতলা নাচৰ সৈতে নৃত্য-গীত-অভিনয় কৰাকে পাঞ্চালিকা বিহাৰ বুলি কোৱা হৈছিল। পৰৱৰ্তী কালত পুৰণি গুজৰাট, ৰাজস্থানকে ধৰি বঙ্গ আৰু অসমত ই প্রাচীন আখ্যায়িকাৰ সৈতে যুক্ত হয়! লােকসমাজত এইবিধ পৰিৱেশ্য কলাৰ সমাদৰ আজিও বিৰাজমান। কালিকা পুৰাণত চণ্ডিকাক উপাসনা কৰাৰ প্রসঙ্গত পুষ্যা নক্ষত্রা যুক্তা তৃতীয়া তিথিত পাঞ্চালিকা বিহাৰ আৰু শিশু কৌতুক কৰাৰ বিধান আছে। ডঃ মহেশ্বৰ নেওগে "পাঞ্চালিকা বিহাৰ" শব্দটোত পুতলা নাচ অথবা পাঁচালী গীতৰ আবৃত্তিকে ইংগিত কৰে বুলি মন্তব্য কৰিছে। ঠিক সেইদৰে অঙ্গদেশত ৰচিত বৃহদ্ধর্ম পুৰাণ (চতুদর্শ-পঞ্চদশ শতিকা) তাে প্রাচীন পাঞ্চালী নাট-গীতৰ আভাস আছে। ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি যে অতি পুৰণি কালৰে পৰাই পাঞ্চালী বা পাঁচালী গীতৰ পৰম্পৰা এটা প্রচলন হৈ আহিছে।

২/ নাট্যশাস্ত্ৰতাে বিভিন্ন নাট্য প্রবৃত্তিৰ আলােচনা প্রসঙ্গত পাঞ্চালী প্রবৃত্তিৰ নাম উল্লেখ কৰি নৃত্য-গীত আৰু খােজৰ আধিক্য থকাৰ কথা উনুকিওৱা হৈছে। পাঞ্চাল বা কনৌজ দেশত প্রচলিত নৃত্য-গীত বিশিষ্ট যি গীত শৈলী অঙ্গদেশলৈ আহি প্রতিপত্তি লাভ কৰে তাকে পাঁচালী বুলি "দশৰথি ও তাহাৰ পাঞ্চালী"ৰ ভূমিকাত হৰিপদ চক্ৰৱৰ্তীয়ে মন্তব্য কৰিছে।

৩/ এসময়ত কোনাে পুৰা কথা আবৃত্তি কৰাৰ প্রসঙ্গত দৃশ্য-শ্ৰব্য উভয় দিশৰ দাৰী পূৰণ কৰাৰ স্বাৰ্থতে পুতলা নাচৰ দৰে অনুষ্ঠেয় কলাৰ সংযােগ ঘটে। অর্থাৎ পুতলা নাচৰ দৰে পৰিৱেশ্য কলাক ধর্মীয় কৃত্যত দৃশ্য-শ্ৰব্য দিশ সম্পাদন কৰিবলৈ সংযােগ কৰা হয়। এই নব্য ৰূপ প্ৰদান কৰিবলৈ চেষ্টা কৰাৰ ফলতেই ই "পুতলা নাচ"ৰ পৰা "পাঞ্চালিকা বিহাৰ"লৈ ৰূপান্তৰিত হয়। কালক্ৰমত ইয়াৰ লগত জড়িত অর্থাৎ পাঞ্চালিকা বিহাৰৰ লগত জড়িত পুৰা কথাই পাঞ্চালী বা পাঁচালী গীত ৰূপে কল্প সলায়। এনে পৰম্পৰায়ে সুযােগ্য বাহক আৰু ধাৰক হিচাপে অসমৰ "ওজাপালি" অনুষ্ঠানক নবীনচন্দ্ৰ শৰ্মাই চিহ্নিত কৰিছে। তেওঁ মন্তব্য কৰিছে যে মনসা পূজাৰ লগত জড়িত ওজাপালি অনুষ্ঠানত কাহিনীৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি নৃত্য আৰু অভিনয় প্রদর্শন কৰা হয় আৰু ইয়ে পাঞ্চালী বা পাঁচালী পৰম্পৰাৰূপে পৰিগণিত হয়। এইফালৰ পৰা চাবলৈ গ'লে দেৱ-দেৱীৰ মহিমা প্রকাশক প্রাচীন কাহিনী বা পুৰাকথাই পাঞ্চালী বা পাঁচালী গীতৰূপে আত্মপ্রকাশ কৰে বুলি ক'ব পাৰি।

৪/ কোনাে কোনাে পণ্ডিতৰ মতে পঞ্চ অঙ্গযুক্ত সঙ্গীত শৈলীয়েই পাঞ্চালী বা পাঁচালী। সঙ্গীতৰ পঞ্চ অঙ্গ হ'ল- গান, সাজপাৰ, গীতৰ দ্বৈত অনুশীলন, গীত ৰচনা-ৰীতি আৰু নৃত্য! ওজাপালি অনুষ্ঠানতাে এই পাঁচটা অঙ্গ বিৰাজমান। আনহাতে, ওজাপালি অনুষ্ঠানত পাঁচজন গায়ক বাদক থাকে বাবেও পাঞ্চালী বা পাঁচালী হ'ব পাৰে বুলি বহুতে মত আগ বঢ়ায়। তদুপৰি ওজাপালিৰ গীতত দিহা বা ধুৰা, ৰাগ, পদ, বানা আৰু ভণিতা- এই পাঁচ অঙ্গ থাকে বাবেও পাঞ্চালী বা পাঁচালী বুলি কোৱা হয় বুলিও এচামে মন্তব্য কৰে।

৫/ গৌড়ীয় বৈষ্ণৱ সঙ্গীত-শাস্ত্ৰকাৰ নৰহৰি চক্ৰৱৰ্তীয়ে অতি বিস্তীর্ণ ধ্ৰুবাপদ বা ধ্রুবাৰহিত পদযুক্ত গানক পাঁচালী বুলি অভিহিত কৰিছে।

৬/ কোনাে কোনাে পণ্ডিতৰ মতে পাঁচালী হ’ল একধৰণৰ গীত বা সুৰ। এই সুৰত গােৱা গীতেই হ'ল পাঁচালী। আনহাতে পয়াৰ ছন্দকো বহুতে পাঁচালী বুলি ক'ব খােজে, অৱশ্যে এয়া আধুনিক স্বৰাবৃত্ত পয়াৰ নহয়।

৭/ সমালােচক সত্যেন্দ্রনাথ শৰ্মাই "পাঁচালি কাব্যত সম্ভৱতঃ প্রথম স্তৰত গীতৰ মাধ্যমেদিয়েই ওজাই কাহিনী ৰূপায়ণ কৰিছিল আৰু তাকে কৰোঁতে বহু সময়ত ব্যাখ্যা প্রসঙ্গত কথা বহলাই বর্ণনা কৰিব লগা হৈছিল। গীতবােৰৰ মাজত থকা সুৰঙাখিনি পূৰাবৰ কাৰণে ওজাই বর্ণনাত্মক পদ সংযােগ কৰি যােৱা ৰীতি, ক্রমে প্রৱর্তন কৰে। ফলত প্রত্যেক গীতৰ পাছত কিছু বর্ণনাত্মক পদ অন্তর্ভুক্ত কৰি পাঁচালি কাব্য ৰীতিত এইদৰেই প্ৰৱর্তন কৰে" বুলি মত আগ বঢ়াইছে।

        এই আলােচনাৰ পৰা এটা কথা স্পষ্টৰূপে প্রতিভাত হৈছে যে পাঁচালী বা পাঞ্চালী এক প্ৰকাৰৰ সাঙ্গীতিক শৈলী। এই বিষয়ে পাঁচালী কবিৰূপে পৰিচিত সাহিত্যিকসকলৰ ৰচনাতাে এনেদৰে পােৱা যায়-

নাৰায়ণদেৱে উল্লেখ কৰিছে-
“সুকবি নাৰায়ণ দেৱৰ সৰল পাঞ্চালী।
পয়াৰ প্রবন্ধে বুলি একয় লাচাৰি।।”

ঠিক সেইদৰে দুৰ্গাৰৰে কৈছে-
"পেহুলাইৰ পাঞ্চালি এহিমানে সমাপতি।
বিষহৰিক বন্দি দূর্গাবৰে নিগতি।।”

পীতাম্বৰে লিখিছে-
“মােৰ দোষ মৰসিয়াে স চভাসদ লােক।
ৰচিবাে পাঞ্চালি তাতে জত দোষ থাকে।।”

        মনকৰ, দুর্গাবৰ আৰু সুকবি নাৰায়ণদেৱ আদি প্রসিদ্ধ পাঁচালী কবিয়ে এনেদৰে তেওঁলােকৰ ৰচনাৰ উল্লেখ কৰাৰ পৰা অনুমান কৰিব পাৰি যে খ্রীষ্টিয় ১৫শ-১৬শ শতিকাত এই পাঁচালী সঙ্গীত পৰম্পৰাই লিখিত ৰূপ লাভ কৰে আৰু পাঁচালী সাহিত্যৰূপে চিহ্নিত হয়। প্রসঙ্গক্রমে উল্লেখ্য যে বৈষ্ণৱ কবিকুলে এই শ্রেণীৰ সাহিত্যৰাজিক বৰ উদাৰ দৃষ্টিৰে চোৱা নাছিল। লৌকিকতাক অধিক গুৰুত্ব দিয়াৰ বাবে শঙ্কৰদেৱে পীতাম্বৰ কবিৰ পদ শুনি তামসিক কবি বুলিও মন্তব্য কৰিছিল। তথাপিও প্রণিধানযােগ্য যে ক'ব নােৱৰাকৈ হ'লেও ইয়াৰ প্ৰভাৱ বৈষ্ণৱ সত্ৰসমূহত পৰিছিল। আউনীআটী সত্ৰত প্রচলিত

"পাঞ্চালী ওজাপালি" বা "পাঞ্চালী গায়ন-বায়ন"ইয়াৰ এক প্রকৃষ্ট নিদর্শন।

বিষয়বস্তুৰ আধাৰত অসমীয়া পাঁচালী সাহিত্য সংস্কৃতিবিদ আৰু সাহিত্য সমালােচক নবীন চন্দ্র শর্মাই তিনিটা শ্ৰেণীত বিভাজন কৰিছে। সেইকেইটা হ'ল-

১/ মহাকাব্যীয় পাঁচালী। ২/ মনসা বা বিষহৰী বিষয়ক পাঁচালী আৰু ৩/ বিবিধ বিষয়ক পাঁচালী।


১/ মহাকাব্যীয় পাঁচালী-

যিবােৰ পাঁচালী সাহিত্যৰ আধাৰ গ্ৰন্থ মহাভাৰত, ৰামায়ণ বা পুৰাণ- তেনে পাঁচালীসমূহক মহাকাব্যীয় পাঁচালী বুলি আখ্যা দিয়া হয়। উদাহৰণ স্বৰূপে দুর্গাবৰৰ গীতি ৰামায়ণ, পীতাম্বৰ দ্বিজৰ উষা পৰিণয় আদি মহাকাব্যীয় পাঁচালীৰ অন্তৰ্গত। বিষ্ণু বা কৃষ্ণ কথা-বৃত্তৰ লগত জড়িত গীত-পদ আদিক কলাত্মক ৰূপ প্ৰদান কৰাই হ’ল মহাকাব্যীয় পাঁচালীৰ মূল উদ্দেশ্য। অৱশ্যে শাক্ত ভাবাপন্ন গীতপদ কোনাে কোনাে প্রসঙ্গত আবৃত্তি কৰাৰ প্রবণতাও এই শ্ৰেণীৰ ওজাপালিত দেখা যায়। নবীন চন্দ্র শর্মাই এইবােৰ অর্বাচীন বুলি মন্তব্য কৰিছে।

২/ মনসা বা বিষহৰী বিষয়ক পাঁচালী-

মনসা দেৱীৰ গুণানুকীৰ্তন কৰা পাঁচালী‌ সাহিত্যৰাজিকে মনসা বা বিষহৰী বিষয়ক পাঁচালী সাহিত্য বােলা হয়। মনকৰ তথা দুর্গাবৰৰ মনসা কাব্য, সুকবি নাৰায়ণদেৱৰ পদ্মপুৰাণ আৰু ষষ্ঠীবৰৰ মনসা পুৰাণ এই শ্রেণীৰ পাঁচালী সাহিত্যৰ উদাহৰণ। মনসা শাখাৰ পাঁচালী গীতত সৰ্পৰ অধিষ্ঠাত্রী দেৱী মনসাক অৰ্চনা কৰা হয়। মনসাৰ বিশেষণ আৰু শক্তিলৈ লক্ষ্য ৰাখি এওঁৰ অভিব্যক্তিত আর্য-অনার্য, বৈদিক-অবৈদিক, হিন্দু-বৌদ্ধজৈন আদি ধর্মীয় পৰম্পৰাৰ সংস্কৃতি আৰু বিশ্বাসৰ সংমিশ্রণ ঘটিছে বুলি ভাবিবৰ থল

আছে। অৱশ্যে ব্রহ্ম-বৈৱর্ত পুৰাণৰ বাদে আন সংস্কৃত পুৰাণসমূহত মনসাৰ মাহাত্ম্য বর্ণনা কৰা দেখা নাযায়। অসমত মনসা পূজা কেতিয়াৰ পৰা প্ৰচলন হ'ল তাক কোৱা টান। খ্রীষ্টিয় একাদশ শতিকামানত হাতীৰ ওপৰত অধিষ্ঠিত "নাগেন্দ্র বাহিনী মনসা"ৰ মূর্তি নুমলীগড় অঞ্চলত উদ্ধাৰ হৈছে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে অতি

প্রাচীনকালৰ পৰাই অসমত মনসা পূজাৰ প্ৰচলন আছিল। অৱশ্যে খ্ৰীষ্টিয় ত্রয়ােদশ শতিকা মানৰ পৰাই ব্রাহ্মণ্য ধর্মপূজাৰ পদ্ধতিত মনসা দেৱীৰ পূজাৰ প্ৰচলন হয়। ইয়াৰ অনুষংগতে মনসাৰ মাহাত্মজ্ঞাপক গীত-পদ (পােঞাৰ পাঁচালী) ওজাপালিয়ে পৰিৱেশন কৰে। ইয়াৰ লগতে দেওধনী উঠাৰ পৰম্পৰা এটিও গা কৰি উঠে। উল্লেখ যে, মনসা পূজা উপলক্ষে গােৱা পাঁচালী গীত-পদক দুটা ভাগত ভাগ কৰিব পাৰি। যেনে-

১/ মনসা বা পদ্মাৰ জন্ম বৃত্তান্ত আৰু
২/ বেউলা আখ্যান।


৩/ বিবিধ বিষয়ক পাঁচালী-

        নবীনচন্দ্র শর্মাৰ মতে- মহাকাব্যীয় পাঁচালী আৰু মনসা বা বিষহৰী বিষয়ক পাঁচালী- এই দুয়ােটা শ্রেণীবিভাজনৰ পৰিধিয়ে সামৰিব নােৱৰা পাঁচালী সাহিত্যৰাজিকে বিবিধ বিষয়ক পাঁচালী। এই শ্রেণীৰ পাঁচালীৰ বিষয়বস্তু বিবিধ উৎসৰ পৰা সংগৃহীত। বিশ্বেশ্বৰ দ্বিজৰ নামত প্রচলিত শ্রীশ্রী সত্য নাৰায়ণ পাঁচালী, জয়ৰাম দাসৰ শ্ৰীশ্ৰী শীতলা পাঁচালী,অজ্ঞাত কবিৰ শ্ৰীশ্রী লক্ষ্মীচৰিত পাঁচালী, শ্রীশ্রী শনিদেৱৰ পাঁচালী, ত্রিনাথ পাঁচালী আৰু দীন দ্বিজবৰৰ মাধৱ সুলােচন আদি এই শ্ৰেণীৰ অন্তৰ্গত। দীন দ্বিজবৰৰ কাব্যখনত পাঁচালী নামটো যুক্ত হৈ থকা নাই যদিও কবিজনাই নিজেই উল্লেখ কৰিছে-

"মালিনী কহিলা মাধৱৰ ৰূপ গুণ।
দ্বিজবৰে ৰচিলা পাঞ্চালী সবে শুন।।"

        ইয়াৰ পৰাই এই কাব্যখনাে যে পাঁচালী সঙ্গীতৰ শৈলীতে ৰচনা কৰা হৈছিল সেই বিষয়ে ধাৰণা কৰিব পাৰি।

পাঁচালী সাহিত্য কবি

 দুর্গাবৰ কায়স্থ

        দুর্গাবৰ কায়স্থই মহাকাব্যীয় আৰু মনসা-বিষহৰী এই দুয়ােটা শ্রেণীৰে পাঁচালী পৰম্পৰাৰ কথাবৃত্তক লিখিত ৰূপ প্ৰদান কৰে। দুৰ্গাবৰ কায়স্থৰ আত্মপৰিচয় উল্লেখ বিশেষভাৱে পােৱা নাযায়। তেওঁৰ ৰামায়ণতাে কোনাে আত্মপৰিচয়মূলক কথা পােৱা নাযায়। পদ্মাপুৰাণত তেখেতৰ আত্মপৰিচয় কিছু পোৱা যায়। তেখেতে পদ্মাপুৰাণত এনেদৰে উল্লেখ কৰিছে-


"কায়স্থ শ্রীচন্দ্ৰধৰ         আন পুত্ৰ দুৰ্গাবৰ
          বিৰচিলা গীত বিতােপন”

        তাৰোপৰি,দুর্গাবৰে একাধিক স্থানত বাহুবল শিকদাৰ নামৰ ব্যক্তি এগৰাকীৰ কথাও উল্লেখ কৰিছে এনেদৰে-

“বাহুবল শিকদাৰ গন্ধর্ব যে অৱতাৰ।
কবি দুৰ্গাবৰে গীত কৰিলা প্রচাৰ।।"

আন এঠাইত লিখিছে-

“বাহুবল শিকদাৰ যে পােৱা সুপ্রসন্নে।
চিৰঞ্জীৱ হােক কবি দুৰ্গাবৰে ভণে।।”

        এনেবোৰ ভণিতাৰ পৰা দুৰ্গাবৰে কায়স্থ কুলত জন্ম লাভ কৰিছিল বুলি অনুমান কৰিব পাৰি। লগতে তেওঁৰ পিতৃৰ নাম শ্রীচন্দ্ৰধৰ কায়স্থ বুলি ধাৰণা কৰিব পাৰি। ইয়াৰ উপৰি তেওঁ বাহুবল শিকদাৰ নামৰ এগৰাকী বিষয়াৰ পৃষ্ঠপােষকতা লাভ কৰিছিল আৰু তেখেতৰ অনুপ্ৰেৰণাতে পদ্মাৰ গীত-পদ প্ৰচাৰ কৰাৰ কথা এই ভণিতাসমূহৰ পৰা অনুমান কৰিব পাৰি। দুৰ্গাবৰে নীলগিৰি পাহাৰৰ নীলাচল গ্রামত থাকি পদ্মপুৰাণৰ গীত ৰচনা কৰিছিল। উল্লেখ্যযোগ্য যে কবিগৰাকীয়ে মনসা বিষয়ক পুথিখনক "কাব্য" বুলি আখ্যা দিয়াৰ বিপৰীতে "গীত" বুলিহে আখ্যা দিয়া দেখা যায়। উদাহৰণ স্বৰূপে-

"কবি দুর্গাবৰে গীত কৰিলা বাখ্যান।" বা "কবি দুর্গাবৰ গীত অমূল।" ইত্যাদি।

পদ্মাপুৰাণত দুৰ্গাৰ্বৰে কমতাৰাজ বিশ্বসিংহৰ বন্দনা এনেদৰে কৰিছে-

‘কমতা ঈশ্বৰে ৰাজা বন্দো বিশ্বসিংহ নৃপবৰ।
আঠচল্লিশ মহিষী বন্দো ওঠৰ কোঁৱৰ।।
পিতৃ-মাতৃক বন্দো সহস্রেক বাৰ।
গুৰুৰ চৰণ বন্দিবাে শতবাৰ।।”


        উক্ত বন্দনাৰ পৰা অনুমান কৰিব পৰা যায় যে এইজনা কবিৰ সময়সীমা কমতাপুৰৰ ৰজা বিশ্বসিংহৰ সমসাময়িক আছিল। বুৰঞ্জীকাৰসকলে বিশ্বসিংহৰ সময়সীমা ষােড়শ শতিকাৰ প্ৰথমার্ধত বুলি ঠাৱৰ কৰিছে। সেই ফালৰপৰা দুৰ্গাবৰো যােড়শ শতিকাৰ প্রথমার্ধৰ কবি বুলি ক'ব পাৰি।বর্তমানলৈকে কবিজনাই ৰচিত দুখন পুথি পােৱা যায়। পুথি দুখন হ'ল-
১/ পদ্মাপুৰাণ বা পােঞাৰ পাঁচালী আৰু 
২/ ৰামায়ণ।

১/ পদ্মাপুৰাণ বা পােঞাৰ পাঁচালী

        দুয়ােখন পুথি হাজো অঞ্চলৰ পৰা উদ্ধাৰ হৈছে। এই ফালৰপৰা পৰা লক্ষ্য ৰাখি কবিজনাৰ জন্মস্থান হাজো অঞ্চল আছিল বুলি অনুমান কৰিব পাৰি বুলি 'গীতি ৰামায়'ৰ প্ৰথমগৰাকী সম্পাদক বিষয়চন্দ্র বিশ্বাসীয়ে মত পােষণ কৰে। ৰচনাশৈলী, বিষয়বস্তু, সাঙ্গীতিক বৈশিষ্ট্য আৰু ভাব-ভাষাৰ বৈশিষ্ট্যৰ ফালৰ পৰা পদ্মাপুৰাণখন কবিৰ প্ৰথম আৰু ৰামায়ণখন দ্বিতীয় ৰচনা বুলি ঠাৱৰ কৰা হৈছে। প্রায় তেৰশ পদ বিশিষ্ট আৰু ১৫৫ টা গীত সন্নিৱিষ্ট দুর্গাবৰৰ পদ্মাপুৰাণখনত সৰ্পৰ অধিষ্ঠাত্রী দেৱী পদ্মাৰ মহিমা কীর্তন কৰা হৈছে। "পদুমাইৰ দাস" দুর্গাবৰে প্রথমেই পদ্মাৰ চৰণ বন্দনা কৰি মনসা গীত ৰচনা কৰিছে। ইয়াৰ লগতে তেখেতে বিভিন্ন দেৱ-দেৱীকে প্রণিপাত জনাবলৈও পাহৰা নাই। এই কাব্যখনত চান্দো সদাগৰৰ কাহিনী আৰু বেউলাৰ আখ্যান বর্ণনা কৰা হৈছে। চন্দ্ৰধৰ সাউদৰ চম্পাৱতী নগৰৰ বৰ্ণনাৰে মূল কাহিনী আৰম্ভ কৰা এই কাব্যখনত সােনেকাৰ সন্তানহীনতাৰ দুখ, পুত্রলাভৰ উপায়, পুত্ৰৰ জন্ম, বিৱাহ, সােনেকাৰ পদুমাই পূজাৰ আয়ােজন, চান্দোৰদ্বাৰা পূজা নষ্ট, পদ্মাৰ কোপ আৰু বিৰােধ, চন্দ্ৰধৰৰ ওপৰত পদ্মৰ প্রতিশােধমূলক অত্যাচাৰ, পদ্মাৰ বৰদানত সােনেকাৰ পুত্র লাভ, পুত্ৰ লখিন্দৰৰ লগত বেউলাৰ বিবাহ, লখিন্দৰক সর্পদংশন, মৃত্যু, পতিৰ প্ৰাণ বিচাৰি বেউলাৰ অনিশ্চিত যাত্রা, নেতাৰ সহায়ত স্বৰ্গত উপস্থিত, লখিন্দৰৰ প্ৰাণ লাভ, বেউলাৰ চম্পাৱতী নগৰলৈ প্রত্যাৱৰ্তন আৰু পদ্মাপূজা কৰিবলৈ চন্দ্ৰধৰৰ সন্মতিৰে কাব্যখনৰ সামৰণি পৰিছে।


        কাব্যখনৰ কাহিনী বর্ণনা, চৰিত্ৰ সৃষ্টি আৰু তেওঁলােকৰ মানসিক স্থিতিৰ চিত্রণ, পৰিৱেশ ৰচনা আৰু উপস্থাপন ৰীতি দুর্গাবৰে নিজস্ব মৌলিক প্রতিভাৰ স্বাক্ষৰ দাঙি ধৰিবলৈ সক্ষম হৈছে। ঘৰুৱা চিত্রকল্পৰ প্ৰয়ােগ, ঘৰুৱা ভাষাৰ প্ৰয়ােগ কাব্যখনৰ মূল বৈশিষ্ট্য। উল্লেখ্য যে দুর্গাবৰৰ শৃঙ্গাৰ ৰস বর্ণনা বৰ সুৰুচিপূর্ণ, কৰুণ ৰসসিক্ত গীতসমূহ মর্মস্পর্শী আৰু কাব্যখনত সন্নিৱিষ্ট গীতসমূহত ৰাগ ৰাগিণীৰ উল্লেখে কবিজনাৰ সঙ্গীতৰ ক্ষেত্ৰত থকা পাৰদৰ্শিতাৰ কথা প্রমাণ কৰে। ঘাইকৈ ৰামগিৰি, সুহাই, ভাঠিয়ালী আৰু পটমঞ্জৰী ৰাগ-ৰাগিণীৰ প্ৰয়ােগ এই কাব্যখনত অধিক। কবিজনাই মূল কাহিনী বর্ণনা কৰোঁতে বিভিন্ন উপকাহিনী, শাখা-প্রশাখাৰে কাব্যখন ভাৰাক্ৰান্ত কৰাৰ বিপৰীতে দুৰ্গাবৰে পােনপটীয়াভাৱে মূল কাহিনীভাগ উপস্থাপন কৰাত অধিক গুৰুত্ব আৰােপ কৰিছে। কাব্যখনত “মানুহ দেৱত্বলৈ পৰিণত হৈছে আৰু দেৱতা মানুহৰ শাৰীলৈ নামি আহিছে।” তদুপৰি সমসাময়িক সমাজ আৰু লােকজীৱনৰ চিত্রায়ণে কাব্যখনক লােকমহাকাব্যৰ গাম্ভীর্য প্রদান কৰিছে।

২/ ৰামায়ণ

        দুর্গাবৰৰ দ্বিতীয়খন পুথি হ’ল গীতি ৰামায়ণ। উল্লেখ্যযোগ্য যে এই ৰামায়ণখন পাঞ্চালী শৈলীত উপস্থাপন কৰা বাবে দুর্গাবৰৰ ৰামায়ণ, দুর্গাবৰী বা দুর্গাবৰী ৰামায়ণ বুলি জনা যায়। পুথিখনৰ প্ৰথম সংকলক সম্পাদক বিষয়চন্দ্র বিশ্বাসীয়ে ইয়াৰ নাম "গীতি ৰামায়ণ" বুলি উল্লেখ কৰিছে। পুথিখনৰ শেষত কবিগৰাকীয়ে "দুর্গাবৰী সমাপ্তী" বুলিহে উল্লেখ কৰিছে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে পুথিখনৰ প্ৰথম সম্পাদক হাজোৰ বিষয়চন্দ্র বিশ্বাসীয়ে (১৯১৫ খ্রীঃ) হে পুথিখনৰ নাম "গীতি ৰামায়ণ" বুলি নামকৰণ কৰিছিল। এই সম্পর্কে তেওঁ পুথিখনৰ পাতনিতে উল্লেখ কৰা কথাখিনি প্রণিধানযােগ্য‌ “বর্তমান পুথিখনিৰ নাম দুর্গাবৰী। দুর্গাবৰ নামৰ জনৈক কবিৰ লিখা, এই নিমিত্তে এই নামেই সর্বসাধাৰণৰ ওচৰত পৰিচিত। অন্য পক্ষত ইয়াক গীতি ৰামায়ণহে বুলিব পাৰি, যিহেতু ইয়াৰ বর্ণিত বিষয়ৰ ৰচনা ৰাগ আৰু পদত। এনেকুৱা কাব্য আমাৰ ভাষাত প্রায়ে বিৰল।”


        পৰৱৰ্তী কালৰ মহেশ্বৰ নেওগেও ১৯৫৪ চনত এই পুথিখন প্রথম সংস্কৰণৰ আধাৰত "দুর্গাৱৰী গীতি ৰামায়ণ" নামেৰে প্ৰকাশ কৰে। ১৯৯২ চনত শশী শর্মায়াে দুর্গাৱৰী ৰামায়ণৰ এটা সংস্কৰণ সম্পাদনা কৰে। এই গােটেই কেইটা সংস্কৰণতে প্রথম দুটা কাণ্ড (বাল আৰু অযােধ্যা) সংকলিত হােৱা নাছিল, কাৰণ এই দুয়ােটা কাণ্ড তেতিয়ালৈকে উদ্ধাৰ হোৱা নাছিল। কেইবছৰমানৰ পূর্বে ১৯৯৪ চনত হাজোৰ তৰু চন্দ্ৰ ভাগৱতীৰ পৰা পুথিখনৰ ‘অযােধ্যা কাণ্ডটি সংগ্রহ কৰি প্ৰবীণ চন্দ্র দাসে এই কাণ্ডটি সংযােজন কৰি "দুর্গাবৰী ৰামায়ণ" ৰূপে প্রকাশ কৰে। দুৰ্গাবৰে মাধৱ কন্দলীৰ ৰামায়ণখনকে আধাৰ হিচাপে লৈ এই গীতি ৰামায়ণখন ৰচনা কৰাৰ বাবে অৰণ্যকাণ্ডটিৰ বাহিৰে আন কেইটা কাণ্ডত বৰ বেছি মৌলিকত্বৰ পৰিচয় পােৱা নাযায়। অৱশ্যে অৰণ্যকাণ্ডটিত কবি প্রতিভাৰ চূড়ান্ত স্ফুৰণ ঘটা দেখা গৈছে। গােটেই কাব্যখনৰ অধিকাংশ ঠাই এই খণ্ডটিয়ে আগুৰি আছে। দুর্গাবৰে ইয়াত মূলৰ পৰা আহৰণ কৰা ঘটনাৰ লগতে মৌলিক পৰম্পৰাত প্রচলিত ৰামকথাও সংযােগ কৰিছে। উদাহৰণ স্বৰূপে সীতাৰ দ্বাৰা দশৰথক বালিৰ পিণ্ডদান, মায়া অযােধ্যাৰ সৃষ্টি আৰু মােট খেলৰ বৰ্ণনা, শূর্পনখাৰ প্ৰেমৰ বিষময় পৰিণতি, ৰামৰ বেদনাবিধুৰ অৱস্থা, ৰাৱণ আৰু মন্দোদৰীক সীতাৰ দ্বাৰা পিতৃ-মাতৃৰূপে পৰিচয় প্রদান, চাকৈচকোৱা আৰু বগুলাৰ অনুকথা, ৰামৰ প্রতি তাৰাৰ অভিশাপ, আদি কবিৰ স্বকীয় সৃষ্টি। এইবােৰে কবিৰ মৌলিকত্ব আৰু সৃজনী শক্তিৰ পৰিচয় দাঙি ধৰে।

        দুর্গাবৰী ৰামায়ণত ৰাম অৱতাৰী পুৰুষ হ'লেও কৰ্ম-কাণ্ড বা কাণ্ড-কাৰখানাবােৰ লক্ষ্য কৰিলে ৰামৰ গাত সাধাৰণ মানুহৰ চাৰিত্রিক বৈশিষ্ট্যহে ফুটি উঠে। সেইবাবেই হয়তাে বাণীকান্ত কাকতিয়ে গীতি ৰামায়ণক লৌকিকতাৰ আৱেগ আৰু বাল্মীকি ৰামায়ণৰ "গাঁৱলীয়া তাঙৰণ" বুলি অভিহিত কৰিছে। এই ক্ষেত্ৰত মহেশ্বৰ নেওগৰ এষাৰ মন্তব্য স্মর্তব্য- "অৰণ্যকাণ্ডৰ শেষৰ ফালৰ পৰাই পিছৰ ডােখৰ লক্ষ্য কৰিলে গীতি ৰামায়ণক মাধৱ কন্দলিৰ পদ ৰামায়ণৰ ওজাপালি তাঙৰণ বুলিহে বেছি ৰজিতা খাব যেন লাগে।" কাব্যখনত ৰাগ ৰাগিণীৰ প্ৰয়ােগ এক উল্লেখনীয় বৈশিষ্ট্য। অহিৰ, আকাশমণ্ডলী, কম্বাৰ, গুঞ্জৰি, চালনি, দেৱজিনি, দেৱমােহন, ধনশ্রী, পটমঞ্জৰী, শ্রীগান্ধাৰ, বৰাৰি, বসন্ত, সুহাই, ভৈৰৱী, মাৰােৱাৰ, ভাঠিয়ালী, ৰামগিৰি আদি ৰাগ ৰাগিণীৰ সুষম প্রয়ােগ ঘটিছে। এক কথাত ক'ব পাৰি যে অসমীয়া ৰামায়ণী পৰম্পৰাত দুর্গাবৰৰ স্থান বৈশিষ্ট্যপূর্ণ।

পীতাম্বৰ কবি

     পীতাম্বৰ কবিৰ ব্যক্তিগত জীৱনৰ বিষয়ে বৰ বিশেষ একো জনা নাযায়। কাৰণ হিচাপে তেওঁৰ দ্বাৰা ৰচিত পুথিসমূহ দুষ্প্রাপ্য। উষা পৰিণয়খনৰ বাদে এওঁৰ দ্বাৰা বিৰচিত আন গ্রন্থ এতিয়ালৈকে অসমত উদ্ধাৰ হােৱা নাই। তেখেতৰ বাকীখিনি সাহিত্য কোচ বিহাৰত সংৰক্ষিত হৈ আছে আৰু সেই সাহিত্যৰাজি বাঙলা সাহিত্যৰ অন্তর্ভুক্ত কৰা হৈছে। অৱশ্যে দুটা কথা নিৰূপণ কৰা গৈছে যে তেওঁ শঙ্কৰদেৱৰ সমসাময়িক কবি আছিল আৰু কোচ ৰজা বিশ্বসিংহৰ পুত্ৰ সমৰসিংহ অর্থাৎ নৰনাৰায়ণ নৃপতিৰ ভাতৃ চিলাৰায়ৰ পৃষ্ঠপােষকতা লাভ কৰিছিল। তদুপৰি তেওঁৰ জন্মস্থান তথা বাসস্থান কোচৰাজ্যৰ ৰাজধানী কমতাপুৰ আছিল।

    অসমীয়া চৰিত সাহিত্যত পীতাম্বৰ কবিৰ দশম স্কন্ধৰ অনুবাদ শঙ্কৰদেৱে নাকচ কৰাৰ এটি প্রসঙ্গ সন্নিৱিষ্ট হৈছে। ১৫৪৬ খ্রীঃ মানত মহাপুৰুষ শঙ্কৰদেৱে বৰপেটা অঞ্চলত থাকিবলৈ লােৱা সময়তে নতুনকৈ শৰণ লােৱা নাৰায়ণ ঠাকুৰক সেই অঞ্চলৰ উল্লেখযােগ্য ব্যক্তিসকলৰ নাম সােধে। ইয়াৰ প্ৰসঙ্গতে নাৰায়ণ ঠাকুৰে পীতাম্বৰ কবিৰ কথা ব্যক্ত কৰি তেওঁ যে দশম স্কন্ধৰ পদ অসমীয়ালৈ ভাঙিছে সেই কথা প্রকাশ কৰে। শঙ্কৰদেৱে তাৰ পদ মাতিবলৈ কোৱাত নাৰায়ণ ঠাকুৰে শুনালে-

“বিলাপ কৰি কান্দে দেৱী ৰুক্মিণী।
কোন অংগে খুন দেখি নাইলা যদুমণি।।”

এনে বর্ণনা শুনি শঙ্কৰদেৱে তেওঁক ‘তামসিক কবি’ বুলি তিৰস্কাৰ কৰে। এই কথাৰ পৰা আমি ক'ব পাৰো যে-

১/ পীতাম্বৰ কবিৰ আদি ৰসাত্মক বর্ণনাৰ প্রতি দুর্বলতা আছিল।

২/ সেই সময়ছােৱাতে ভাগৱতৰ দশম স্কন্ধ অনুবাদৰ জৰিয়তে জনসাধাৰণৰ মাজত সুপৰিচিত হৈছিল, আৰু
 
৩/ তেওঁ শঙ্কৰদেৱৰ সমসাময়িক কবি আছিল।

‘প্রেত কৌমুদী’, সংক্রান্তি কৌমুদী’ আদি স্মৃতি নিবন্ধ ৰচনা কৰা পণ্ডিত পীতাম্বৰ সিদ্ধান্তবাগীশ আৰু পীতাম্বৰ কবিক একেজন ব্যক্তি বুলি বহু পণ্ডিতে মত পােষণ কৰে। কিন্তু মহেশ্বৰ নেওগ প্ৰমুখ্যে কেইজনমান সাহিত্যৰ বুৰঞ্জীকাৰে এই সিদ্ধান্ত মানি লােৱা নাই। বর্তমানলৈকে পীতাম্বৰ দ্বিজেৰচনা কৰা চাৰিখন পুথি পােহৰলৈ আহিছে। সেইকেইখন হ'ল-

১/ উষা পৰিণয়, ২/ মার্কণ্ডেয়-চণ্ডী, ৩/ ভাগৱতৰ দশম স্কন্ধ আৰু ৪/ নল-দময়ন্তী।


বর্তমানলৈকে ছপা ৰূপত উপলব্ধ পীতাম্বৰ কবিৰ একমাত্র কাব্যখন হ'ল- উষা-পৰিণয়।

    গুৱাহাটীৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ (অসম)ৰ পুথিভঁৰালত এই কাব্যখনৰ তিনিটাকৈ নকল সংৰক্ষিত হৈ আছে। কাব্যত ইয়াৰ ৰচনাকাল বাণ যুত বাণ বেদ শশাঙ্ক’ শক অর্থাৎ ১৪৫৫ শক বুলি উল্লেখ কৰা আছে-


“কামতা নগৰ সুৰপুৰ অৱতাৰ ।
একমুখে কে কহিব যেন গুণতাৰ।।
তাত পীতাম্বৰ নামে শিশুমতি।
উষা-পৰিণত গীত কৈলা সমাপতি।
বাণ যুত বাণ বেদ শশাঙ্ক প্রমিত।
বৈশাখ মাসৰ শুক্ল পক্ষ পঞ্চমীত।।”


    কাব্যখনত কবিজনাই কমতাপুৰৰ কথা উল্লেখ কৰিছে যদিও বিশ্বসিংহ নাইবা সমৰসিংহৰ কথা উল্লেখ কৰা নাই। সত্যেন্দ্রনাথ শৰ্মাই এই কাব্য সম্পর্কে এনেদৰে মত পোষণ কৰিছে-
“শৃঙ্গাৰ ৰসৰ প্ৰাচুৰ্যই, চপল কল্পনাৰ প্রাধান্যই আৰু নিজকে শিশুমতি পৰিচয় দিয়া কথাই কাব্যখন নবীন বয়সৰ ৰচনা বুলি প্রতীতি জন্মায়।”

পীতাম্বৰে উষা-পৰিণয়খনক কাব্য বুলি উল্লেখ কৰাৰ পৰিৱর্তে গীত আৰু পাঞ্চালী বুলিহে কৈছে-

উষা-পৰিণয় গীত কৈলা সমাপতি।


ৰচিবাে পাঞ্চালি তাতে জত দোষ থাকে।


    হৰিবংশৰ বিষ্ণুপৰ্বৰ অন্তৰ্গত ১১৬শ অধ্যায়ৰ পৰা ১২৮শ অধ্যায়ৰ বিষয়বস্তু গ্রহণ কৰি মূল কাহিনীভাগক পৰিৱৰ্তন নকৰাকৈ দুই-এটা পৰিস্থিতি আৰু চৰিত্ৰ সৃষ্টিতহে কবিয়ে মৌলিকতা আৰােপ কৰিছে। কামসেনা যক্ষিণী আৰু কোকিলা ধাইৰ কার্যকলাপ, অনিৰুদ্ধ বিৰহৰ দুখত সন্ন্যাসী হােৱাৰ চেষ্টা আদি দুই-এটা কথা নিজাকৈ সন্নিৱিষ্ট কৰিছে।


    মার্কণ্ডেয় চণ্ডী পুথিখন বর্তমানলৈকে ছপা হােৱা নাই, কোচবেহাৰৰ উত্তৰ অঙ্গ ৰাজ্যিক পুথিভঁৰালত ইয়াৰে দুটি নকল সংৰক্ষিত হৈ আছে। তুলাপাতত লিখা এই নকলকেইটিৰ পৰা জানিব পাৰি যে যুৱৰাজ সমৰসিংহ (সংগ্ৰাম সিংহৰ)ৰ আজ্ঞামতে পীতাম্বৰ কবিয়ে মার্কণ্ডেয়-চণ্ডীৰচনা কৰে-

“মহাৰাজ বিশ্বসিংহ কমতা নগৰে।
তাৰ পুত্র ভােগে তুল্য নহে পুৰন্দৰ।।


পুৰাণাদি শাস্ত্রে সেহি ৰহস্য আছয়।
পণ্ডিতে বুঝায় মাত্র অন্যে না বুঝায়।।
একাৰণ শ্লোক ভাঙ্গি সবে বুঝিবাৰ।
নিজ দেশ ভাষা বন্দে ৰচিয়াে পয়াৰ।।
জেমন জুৱৰাজ আজ্ঞা কৈল মােৰে।
জাৰ আজ্ঞা অন্য অন্য ৰাজা ধৰে শিৰে।।
তাহাৰ আদেষে আমি স্থিৰ কৰি মন।
বিশেষ ভবানী কথা কৰি বিৰচন।।”


    কাব্যখনৰ ৰচনাকাল সম্পর্কে মতবিৰােধ আছে। উল্লেখ্য যে কোচবেহাৰত সংৰক্ষিত হৈ থকা কাৰণে বাংলা সাহিত্যৰ বুৰঞ্জীকাৰসকলে এই পুথিখন আৰু পিতাম্বৰ কবিক বাংলা সাহিত্যৰ অন্তর্ভুক্ত কৰি লৈছে। সংস্কৃত মার্কণ্ডেয় পুৰাণৰ মুক্ত অনুবাদ এই কাব্যখনৰ বিষয়বস্তুৱে কবিগৰাকীক বৈষ্ণৱ আদৰ্শৰ প্ৰভাৱৰপৰা মুক্ত কৰি ৰাখিছে। ইয়াত কবিয়ে চণ্ডীৰ অসুৰ বধ আখ্যান বর্ণনা কৰিছে।

    পীতাম্বৰ কবিৰ ভাগৱতৰ দশম স্কন্ধ পুথিখনৰ এটি নকল কোচবেহাৰৰ উত্তৰঅঙ্গ ৰাজ্যিক পুথিভঁৰালত সংৰক্ষিত হৈ আছে। এই অসম্পূর্ণ পুথিখনৰ বহু ফলক নষ্ট হৈ চিনিব নােৱৰা হৈছে আৰু ইয়াতে কবিয়ে যুৱৰাজ সমৰসিংহৰ পৃষ্ঠপােষকতাত এই পুথিখনি ৰচনা কৰিছিল বুলি উল্লেখ কৰিছে-

“অভিনৱ পুৰ শে জে কামতা নগৰ।
... ...আছয় বিশ্বসিংহ নৃপবৰ।।
তাহাৰ তনয় জে সমৰসিংহ নাম।
কৃষৰ লীলাত তাঞে য়তি অভিৰাম।।
কৃষ্ণ পদ পদ্মে তাৰ ভকতি শততে।
... ... ...গুণ কিছু স্বভিশ্বাস (?) চিৰ্ত্তে।।
শিশুমতি পিতাম্বৰ তাহাৰ সমিপে।
কৃষ্ণেৰ লীলাৰ পদ ৰচিল সংক্ষেপে।।

    পুথিখনত ইয়াৰ ৰচনাকাল সম্পর্কে কোনাে কথা উল্লেখ নাই যদিও বিভিন্ন প্রমাণৰ ভিত্তিত ১৪৫৫ শক আৰু ১৪৬৮ শকৰ ভিতৰত এই পুথিখন ৰচনা কৰিছিল বুলি বহুতো পণ্ডিতে মতপােষণ কৰে। কবিয়ে মূলতঃ মূলানুগতভাৱে এই পুথিখন ৰচনা কৰিছিল যদিও ঠায়ে ঠায়ে অৱশ্যে তেওঁৰ চিন্তা-ভাৱনাক মুক্ত স্ফুৰণাে দিছে। এই পুথিৰ পদ শুনি শঙ্কৰদেৱে তেওঁক "শাক্ত, তামসিক" আখ্যা দিছিল বাবেই সম্ভৱতঃ অসমৰ ভক্ত সমাজত এই পুথিখনে আদৰ নাপালে বাবেই হয়তো ই দুষ্প্রাপ্য হৈ পৰে।

    পীতাম্বৰৰ ভণিতা থকা আনখন পুথি হ’ল নল-দময়ন্তী। এই পুথিখনেও বর্তমানলৈকে ছপাৰ মুখ দেখা নাই। ইয়াৰে এটা নকল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পুৰণি পুথি সংৰক্ষণ বিভাগত সংৰক্ষিত হৈ আছে। তুলাপাতত লিখা এই পুথিখনৰ আৰম্ভণিৰ কেইখিলামান পাত নাই। পুথিখনত কবিজনাৰ ভণিতা আছে এনেদৰে-

“অতি অনুপম কথা নলেৰ চৰিত্ৰ।
শুনিলে সম্পদ বড়ে খণ্ডয় দুৰিত।।
পূন্য কথা পয়াৰ প্রবন্ধ পূন্যময়।
হৰি পৰসনে কবি পীতাম্বৰে কয়।।”

    পুথিখনৰ ৰচনাকাল সম্পর্কে পণ্ডিতসকলৰ মতামত একে নহয়। কিন্তু নলদময়ন্তীৰ ভাষা ভাগৱতৰ ভাষাতকৈ আধুনিক যেন লাগে আৰু ইয়াৰ ভাষা প্ৰৱাহশীল, স্পষ্ট আৰু আকর্ষণীয়। কবিয়ে মহাভাৰতৰ পৰা চয়ন কৰা কাহিনীভাগেৰে গীত আৰু পদৰ সংমিশ্ৰণত এই পুথিখন ৰচনা কৰিছে। এই পুথিখনৰ আটাইতকৈ মনােগ্রাহী কথাটি হ’ল কৰুণ ৰসৰ সাৱলীল আৰু মনােৰম প্রকাশ।

সুকবি নাৰায়ণ দেৱ

    মৌখিক পৰম্পৰাৰে প্ৰচলিত মনসা কথা বৃত্তক মহাকাব্যিক ৰূপ প্রদান কৰা সকলৰ ভিতৰত অন্যতম হ’ল সুকবি নাৰায়ণদেৱ। আন আন প্রাচীন কবিসকলৰ দৰেই এই জনা কবিৰাে জন্মস্থান, সময়, জাত-কুল আদি লৈ বিতৰ্কৰ অন্ত নাই। কবিয়ে তেওঁৰ নাম সুকবি নাৰায়ণদেৱ বুলি উল্লেখ কৰাৰ লগতে তেওঁৰ পিতৃৰ নাম যে নৰসিংহ বুলি উল্লেখ কৰিছে। এইজনা কৰিৰ পদ্মাপুৰাণ-বঙ্গদেশত সমানে জনপ্রিয়। সেইবাবে বহু বঙলা সমীক্ষকে তেওঁক বঙলাভাষীৰূপে সাব্যস্ত কৰিবলৈ বিচাৰে যদিও পুথিখনত ব্যৱহৃত ভাষা, পৰিচিত স্থানৰ উল্লেখ, কাব্যখনত বর্ণিত ৰীতি-নীতিৰ লগতে পদ্মাপুৰাণখনৰ জনপ্রিয়তা, আখ্যানভাগ সম্পর্কে প্রচলিত বিভিন্ন জনশ্রুতি আৰু অসমত প্রাপ্ত প্রতিলিপিৰ সংখ্যালৈ লক্ষ্য কৰি এওঁক অসমীয়া কবিৰূপে ঠাৱৰ কৰা হৈছে। এওঁৰ সময়সীমা সম্পর্কে ভিন্নমত পােষণ কৰে বিভিন্ন সমীক্ষকে। সুকুমাৰ সেনৰ মতে এওঁ ষােড়শ শতিকাৰ। কিছুমানৰ মতে দ্বাদশ-এয়ােদশ শতিকাৰ আৰু আন কিছুমান পণ্ডিতৰ মতে সপ্তদশ শতিকাত নাৰায়ণদেৱে দৰঙীৰজা ধর্মনাৰায়ণৰ {১৬১৫-১৬৩৭)ৰ পৃষ্ঠপােষকতা কৰাৰ সপক্ষে বহু মত পােৱাৰ আধাৰত সত্যেন্দ্রনাথ শৰ্মাই .. তেওঁ সপ্তদশ শতিকাৰ আদিভাগৰ কবি আছিল বুলি মন্তব্য কৰিছে। আনহাতে পাঁচালী সাহিত্যৰ সংগ্রাহক ভৰত চন্দ্র দাসৰ মতে সুকবি নাৰায়ণদেৱ শুৱালকুছিৰ বাসত্তৰীয়া ব্রাহ্মণ পৰিয়ালত জন্ম গ্রহণ কৰিছিল আৰু উক্ত পৰিয়ালত এতিয়াও নাৰায়ণদেৱৰ পদ্মাপুৰাণ সংৰক্ষিত আছে।

    পদ্মাপুৰাণৰ ভণিতাত নাৰায়ণদেৱৰ বিভিন্ন নাম, যেনে— বিপ্র জানকীনাথ, বিপ্র ৰঘুনাথ আদিৰ উল্লেখেৰে ভণিতা আছে। বহুতে এয়া ওজা পৰম্পৰাৰ এক বৈশিষ্ট্য বুলিও চিহ্নিত কৰিব বিচাৰে। হিন্দু-মুছলমান উভয় সম্প্রদায়ৰ মাজত নাৰায়ণদেৱৰ পুৰাণখন এসময়ত বৰ জনপ্রিয় আছিল। সেয়ে বিভিন্ন জন ওজাই নিজৰ ধৰণে বহু কথা সংযােগ কৰি এইদৰে ভণিতা পেলাব পাৰে বুলিও অনুমান কৰা হয়। এই পুৰাণখনৰ বহু বিৱৰণ প্ৰক্ষিপ্ত। সত্যেন্দ্রনাথ শৰ্মাই সেইবাবে এনেদৰে মন্তব্য কৰিছে, "অতি প্রাচীন কালত সূতবিলাকে পুৰাণকথা ব্যাখ্যা কৰোঁতে নিজস্ব কথা কিছুমান সুমুৱাই দি যেনেকৈ মহাভাৰত, পুৰাণ আদিৰ কলেৱৰ বৃদ্ধিত সহায় কৰিলে, তেনেকৈ ওজা পৰম্পৰাৰ হাতত সুকবি নৰায়ণৰ পদ্মপুৰাণে বিস্তৃতি লাভ কৰে।"

নাৰায়ণদেৱৰ নামত প্রাপ্ত একমাত্র পুথিখন হ'ল পদ্মাপুৰাণ। পদ্মাপুৰাণখনৰ কলেৱৰ বৰ বিশাল।জনসমাজত সুকনান্নী নামেৰে প্রচলিত এই কাব্যখনক কবিয়ে কিন্তু ‘পাঞ্চালী' বুলিহে আখ্যা দিছে। সুকনান্নী পদটো সুকবি নাৰায়ণদেৱ নিগদতি’ বাক্যটোৰ প্ৰতিটো পদৰ আদ্য অক্ষৰৰ সংযােগত সিদ্ধ হৈছে—সু (সু) ক (কবি) + না (নাৰায়নদেৱ) +নি (নিগদতি) = সুকনানি। আৰু আদ্য শ্বাসাঘাটৰ হেতু মধ্যস্বৰ ‘অ’ লােপ পােৱা বাবে পদটো সুকনান্নি বা ‘সুকনান্নী’ ৰূপে উচ্চাৰিত হৈছে। নাৰায়ণদেৱৰ পদ্মাপুৰাণৰ বিষয়বস্তুক সাধাৰণতে তলত দিয়া ধৰণে বিভাজন কৰি দেখুৱাব পাৰি বুলি নবীনচন্দ্ৰ শৰ্মাই মত পােষণ কৰে।

ক/ উজনি খণ্ড  খ/ ভাটিয়ালী খণ্ড

    ইয়াৰে উজনি খণ্ডত সৃষ্টি পাতনৰ পৰা আৰম্ভ কৰি চন্দ্ৰধৰৰ কাহিনী, বেউলালখিন্দৰৰ বিৱাহ আৰু উভয়কে মেৰঘৰত থােৱালৈকে বিস্তৃত। আনহাতে, ভাটিয়ালী খণ্ডত লখিন্দৰক বধ কৰিবলৈ উপায় বিচাৰি নাপাই পদ্মাৱতীয়ে নেতাৰ গলত ধৰি কন্দাৰ পৰা আৰম্ভ কৰি, লখিন্দৰক দংশন, বেউলাৰ অনির্দিষ্ট যাত্রা আৰু পদ্মাৱতীয়ে তেওঁক জীয়াই তােলা তথা চন্দ্ৰধৰে মনসাক আনুষ্ঠানিকভাৱে পূজা দিয়া এই সকলােখিনিক সামৰা হৈছে। পদ্মাপুৰাণখন মহাকাব্য বা পুৰাণৰ দৰে বিভিন্ন উপ-কাহিনীৰে ভৰপূৰ আৰু গােটেইখন কাব্য কিছুমান গীতৰ সমষ্টি। কবিয়ে নিজেই উল্লেখ কৰিছে-

'মধুৰ কোমলগিত উদয় প্রকাস।'
'সুকবি নাৰায়ণদেৱৰ মধুৰ সংগতি।' ইত্যাদি।

    গােটেই পুৰাণখনত গীতবােৰত প্ৰায়বােৰ দিহাৰ লগতে বিভিন্ন ৰাগ ৰাগিণী বান্ধি দিয়া হৈছে। তদুপৰি সাঙ্গীতিক লয় ৰক্ষা কৰিবৰ বাবে পদ আৰু দিহাত-

‘আৰেহে’, ভালহে ন্যাৰ-ৰে'
আদি শব্দাংশৰ প্ৰয়ােগ কৰা হৈছে।

    পুৰাণখনত ব্যৱহৃত হােৱা ৰাগ ৰাগিণীবােৰৰ ভিতৰত উল্লেখযােগ্য কেইটিমান হ’ল—শ্রী, ঝুলুনা, মল্লাৰ, ভৈৰৱী, পটমঞ্জৰী, ধনী, ভাঠিয়ালী, নাট, শ্রীবসন্ত, কৰুণা ভাটিয়ালী, কেদাৰ, পাহাৰী, কৰুণা, অহিৰ, বৰাৰি, ৰামাগিৰি, পাসজ চই (চয়) আদি। উল্লেখ্য যে এইখন পুৰাণত সন্নিৱিষ্ট প্রতিটো গীতেই পাঞ্চালী সঙ্গীতৰ ৰীতি-অনুসৰি দিহা সংযােজিত হৈছে। পদ্মাপুৰাণখন মূলতঃ দেৱী মাহাত্ম্য, অর্থাৎ মনসা দেৱীৰ মাহাত্ম প্রকাশৰ গ্রন্থ যদিও ইয়াত চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত কবিজনাই পিছে কেৱল মনসাকে গুৰুত্ব প্রদান কৰা নাই। মনসাৰ উপৰি আন আন চৰিত্ৰ, যেনে— শিৱ, মহাদেৱ, নাৰদ, চান্দো সদাগৰ, নেতা, সােনেকা, বেউলা আদি প্ৰতিটো চৰিত্ৰকে সমানে গুৰুত্ব দিছে। অৱশ্যে ইয়াত চৰিত্ৰসমূহে বৈদিক বা পৌৰাণিক চৰিত্ৰৰ দৰে হৈ নাথাকি লৌকিক গ্রাম্য দেৱ-দেৱতাৰ ৰূপ পৰিগ্ৰহ কৰিছে। প্ৰতিটো চৰিত্রই লােকজীৱনৰ বাস্তৱ অভিজ্ঞতাৰ আধাৰত পল্লৱিত হৈছে । চৰিত্ৰসমূহ সাধাৰণ মানৱীয় আচাৰ অনুভূতিৰে, স্থানীয় মাটিৰ গােন্ধৰে সিক্ত। সুকবি নাৰায়ণদেৱে দেৱী-মাহাত্ম প্রকাশকে মূল লক্ষ্য হিচাপে লৈছে যদিও কবিৰ আদর্শ বৈষ্ণৱ কবিসকলৰ দৰে আদৰ্শপ্রধান নহয়। বৰং অধিক গুৰুত্ব পাইছে লৌকিকতাহে। গােটেই পুৰাণখনত বর্ণিত বিভিন্ন ঘটনা-উপঘটনাত অসমৰ লোক সমাজ জীৱনৰ বিভিন্ন চিত্রই সবলভাৱে ভুমুকি মাৰিছে। প্রণিধানযােগ্য যে বিভিন্ন সাহিত্য সমালােচক সকলে লােককাব্য তথা মৌখিক সাহিত্যত অতিৰঞ্জনৰ প্রকাশ ঘটাটো অপৰিহাৰ্য শৈলী বুলি অভিহিত কৰে। এইখন কাব্যটো কাহিনীৰ বিকাশ, চৰিত্ৰ সৃষ্টি পৰিৱেশ সৃষ্টি আদিত অতিৰঞ্জনৰ সমাৱেশ লক্ষ্য কৰা যায়। শব্দালংকাৰ আৰু অর্থালংকাৰ প্রয়ােগ সুকবি নাৰায়ণদেৱৰ ৰচনাত এক উল্লেখযােগ্য বৈশিষ্ট্য। উদাহৰণস্বৰূপে-

“পত্ৰাৱলী কপালে ৰচিকা নানা ৰূপে।
বিজুলী চটক যেন মেঘৰ সমুখে।।
মদন ধনুক জিনি দুয়াে ভুৰ ৰঙ্গ।।
সঞ্জন জিনিয়া যেন নয়ন সুৰঙ্গ।”

ৰস সৃষ্টি ক্ষেত্ৰতাে নাৰায়ণদেৱে দক্ষতাৰ পৰিচয় দাঙি ধৰিছে। কবিৰ প্ৰিয়ৰস হ'ল কৰুণ। সেইবাবেই সমীক্ষকসকলে মন্তব্য কৰে নাৰায়ণদেৱৰ নির্মিতি বিশেষ অঙ্গীৰ কৰুণ। ই যেন কবি নাৰায়ণদেরৰ কৰুণ ৰসৰ মূর্তিমান প্রকাশ। মধ্যযুগীয় অসমৰ বেপাৰ বাণিজ্য, বিনিময়ৰ মাধ্যম, উৎপাদিত সামগ্রী প্রভৃতিৰ বিষয়ে, অসমত শাক্তধৰ্মৰ প্ৰচলনৰ প্ৰমাণ স্বৰূপে এইখন পুৰাণত বিভিন্ন তথ্য সন্নিৱিষ্ট হৈছে। নবীনচন্দ্র শর্মা প্রমুখ্যে বিভিন্ন সমীক্ষকে পদ্মপুৰাণৰ ভাটিয়ালী’বা ভাইঠেলী খণ্ডটোক আটাইতকৈ মনােৰম বুলি স্বীকৃতি দিছে আৰু এই খণ্ডটোতে নাৰায়ণদেৱৰ প্রতিভাই পূর্ণ বিকাশ লাভ কৰিছে বুলিও মন্তব্য কৰে। নাৰায়ণদেৱে 'পয়াৰ' আৰু 'লাচাৰি' ছন্দৰ নামােল্লেখ কৰি তেওঁৰ পুৰাণখনত এইকেইটা ছন্দ সজ্জা যে প্রয়ােগ কৰিছে তাৰে ইংগিত দিছে।

ষষ্ঠীবৰ

    বেণুধৰ ৰাজখােৱাৰ 'Notes on the Sylheti Dialect (1913)' নামৰ ৰচনাখনত মনসা কথাবৃত্তক লিখিত ৰূপ প্ৰদান কৰা ষষ্ঠীবৰৰ ৰচনাৰ চানেকি পােৱা যায়। পােন প্ৰথমবাৰৰ বাবে এইখন ৰচনাতে ষষ্ঠীবৰ কবিৰ ৰচনা সম্পর্কে সম্ভেদ পােৱা যায়। বাংলা পণ্ডিতসকলে এওঁক শ্রীহট্টৰ লােক বুলি অভিহিত কৰি বাংলা কবিৰ পৰিধিত সামৰিছে। কিন্তু ১৯৪৭ চন পর্যন্ত শ্রীহট্ট অঞ্চল অসমৰ চাৰিসীমাৰ ভিতৰত আছিল। তদুপৰি ৰচনা কৰা মনসা কথাবৃত্তৰ ভাষা পুৰণি অসমীয়া ভাষাৰ লগত একে।

    যীবৰৰ সময় সম্পর্কেও সঠিক তথ্য উপলব্ধ নহয়। প্রচলিত জনশ্রুতি আৰু নিমিতি বিশেষৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যৰ আধাৰত ঠাৱৰ কৰিব পাৰি যে এওঁ খ্রীষ্টিয় সপ্তদশ শতিকাৰ লােক আছিল আৰু নাৰায়ণদেৱৰ পৰৱৰ্তী কবি আছিল। 

    দ্বিতীয়তে,অশ্বমেধ পর্বৰ ৰচয়িতা কবি গঙ্গাদাসৰ পিতৃৰ নাম ষষ্ঠীবৰ আছিল। হেমচন্দ্র গােস্বামীয়েও গংগাদাসক ষষ্ঠীবৰৰ পুত্ৰ বুলি স্বীকাৰ কৰিছে যদিও বঙলা লােক বুলিহে ঠাৱৰ কৰিছে। কিন্তু পৰৱৰ্তী কালৰ গৱেষকসকলে প্রমাণ কৰিছে যে এওঁ অসমৰে ব্যক্তি আছিল। গঙ্গাদাসে তেওঁৰ কাব্যত এনেদৰে লিখিছে-

“হেন সস্ত মহন্তৰ কৰি নমস্কাৰ।
বিৰচিবাে অশ্বমেধ পৰ্ব্ব কথা সাৰ।।
নিগদতি গঙ্গাদাস সষ্ঠিবৰ সুত।
মােৰ সম নাহি মূঢ় অতি অদভূত।।”

    বেণুধৰ ৰাজখােৱাই যুক্তিসহ প্রতিপন্ন কৰিছে যে শ্রীহট্টৰ ভাষাৰ লগত পুৰণি অসমীয়া ভাষাৰ কোনাে ধৰণৰ পার্থক্য নাই। এইফালৰ পৰা ষষ্ঠীবৰৰ মনসা পুৰাণৰ ভাষা অসমীয়া বুলি নিশ্চিতভাৱে ক'ব পাৰি। তেওঁৰ ভাষাৰ চানেকি এনে ধৰণৰ-

“ধনাই দানৱে বোলে মনাই না যে ভাই।
তােৰ ঘৰে দুই স্ত্রী মােৰ ঘৰে নাই।।
গায়েৰ অলঙ্কাৰ বস্ত্র তুমি তাৰে নেও।
সুদা মনুষ্য গােটা মােকে তুলি দেও।।
কহে যীবৰ কবি সৰসু পাঁচালী।
দুই ভাইৰ মধ্যতে লাগিল চুলাচুলি।।”

    ষষ্ঠীবৰ কবিয়ে ৰচনা কৰা মনসা কাব্যখনত বেউলা-লখিন্দৰৰ কাহিনীভাগত বিশেষকৈ প্রাধান্য লাভ কৰিছে আৰু কৰুণ ৰসৰ সাৰ্থক প্রকাশ পাইছে। এওঁৰ ৰচনাশৈলী মালিতাধর্মী। লৌকিকতা এইখন কাব্যৰৰ প্রধান বৈশিষ্ট্য। এওঁৰ ৰচনাত পিছে দুই এঠাইত আন আন মনসা কবিসকলৰ মত বেলেগ ধৰণে উপস্থাপিত হৈছে। যেনে- ষষ্ঠীবৰৰ মতে বেউলাৰ মাতৃৰ নাম কমলা, কিন্তু নাৰায়ণদেৱৰ মতে সুমিত্রা। ষষ্ঠীবৰে মনকৰ, দুর্গাবৰ, সুকবি নাৰায়ণদেৱৰ দৰে মুখ পৰম্পৰাত প্রচলিত মনসা কথাবৃত্তৰ আধাৰত সুকীয়া এক লিখিত মনসা পুৰাণ পৰম্পৰাৰ সৃষ্টি কৰে। উল্লেখ্যযোগ্য যে বৰাক উপত্যকাৰ অঞ্চল বিশেষত ষষ্ঠীবৰৰ 'মনসা পুৰাণ' আজিও আবৃত্তি কৰা হয়।
---------------------------------------------------------------------------------------------------------




Post a Comment

0 Comments