ব্যৱহাৰিক সাহিত্য কি

ব্যৱহাৰিক সাহিত্য কি ?


ব্যৱহাৰিক সাহিত্যৰ বৈশিষ্ট্য

            মধ্যযুগত, বিশেষকৈ ৰাজপৃষ্ঠপোষকতাত এক শ্ৰেণীৰ ব্যৱহাৰিক বা প্ৰায়োগিক দিশৰ জ্ঞান সম্বলিত সাহিত্য গঢ় লৈ উঠে। সাহিত্য সমালোচকসকলে এই শ্ৰেণীৰ সাহিত্যকে ব্যৱহাৰিক সাহিত্য বুলি চিহ্নিত কৰিছে। ব্যাপক অৰ্থত ই ব্যাকৰণ, ভাষাতত্ব, ছন্দ, অলংকাৰ আদি বিষয়ক গ্ৰন্থসমূহকো সামৰি লয়। ব্যৱহাৰিক সাহিত্যৰ এই গ্রন্থসমূহ অসমীয়া আৰু সংস্কৃত উভয় ভাষাতে ৰচিত হৈছিল। মধ্যযুগত অসমত উভয় সংস্কৃত আৰু অসমীয়া ভাষাত ব্যৱহাৰিক বিষয়ৰ গ্ৰন্থ ৰচিত বা অনূদিত হৈছিল যদিও এই শাখাটোত আমি অসমীয়াত ৰচিত হােৱা বা অসমীয়ালৈ অনূদিত হােৱা ব্যৱহাৰিক গ্ৰন্থৰ কথাহে আলােচনা কৰিম।

            অসমৰ ব্যৱহাৰিক সাহিত্য সম্পর্কে বিৰিঞ্চিকুমাৰ বৰুৱাই তেখেতৰ 'অসমীয়া কথা সাহিত্য', পুৰণি ভাগত আগবঢ়োৱা মন্তব্যটি এই ক্ষেত্ৰত তাৎপর্যপূর্ণ-   '...... বিজ্ঞানৰ বিষয়বস্তুৰ বাখ্যাৰ নিমিত্তে উপযোগী পোনপটীয়া বাক্যৰীতিৰ ব্যৱহাৰ এই ৰচনাৱলীত আছে। সেই কাৰণেই অর্থৰ দুর্বোধ্যতা অথবা অর্থৰ অস্পষ্টতা দোষৰ পৰা এই গ্রন্থসমূহ ভালেখিনি মুক্ত। সাহিত্যিক সৌন্দর্য আৰু গদ্য ৰচনা কৌশলৰ কথা এৰিও অসমীয়া কথা সাহিত্যৰ বুৰঞ্জীত এই গ্ৰন্থৰাজিৰ বিশেষ স্থান আছে।' 

            মধ্যযুগীয় অসমীয়া সাহিত্যৰ ইতিহাসত প্রায়ােগিক জ্ঞান সম্বলিত এক শ্ৰেণীৰ সাহিত্য ৰচিত হৈছিল। যাক ব্যৱহাৰিক সাহিত্য বুলি অভিহিত কৰা হৈছে। ব্যৱহাৰিক শব্দটো এটি বিশেষণ। ইয়াৰ আভিধানিক অর্থ- ব্যৱহাৰ-সম্বন্ধীয়। যিটো কার্যত প্রয়ােগ কৰা হয়, সেইটোৱেই প্রায়ােগিক [Applied]

            গদ্য আৰু পদ্য উভয়তে ৰচিত এইবিধ সাহিত্যৰ ভিতৰুৱা কেইবাখনিও সংস্কৃত গ্রন্থ অসমীয়ালৈ অনূদিত হৈছে। আয়ুর্বেদ শাস্ত্র, নিদান, জ্যোতিষ, অংকআর্যা, নৃত্য-গীত, গৃহ নির্মাণ আদি বিষয়ৰ গ্ৰন্থৰাজি ব্যৱহাৰিক সাহিত্যৰ অন্তৰ্গত। অসমীয়া ভাষা আৰু সাহিত্যৰ ক্ৰমবিকাশত এইবোৰৰ বিশেষ ভূমিকা আছে। তলত ব্যৱহাৰিক সাহিত্যৰ এই গ্রন্থসমূহৰ চমু আলােচনা আগ বঢ়োৱা হ'ল-


কিতাবৎ মঞ্জৰী

            কোচ ৰাজা নৰনাৰায়ণৰ সভাপণ্ডিত বকুল কায়স্থই ভাস্কৰাচার্য দ্বিতীয়ৰ সুবিখ্যাত গ্রন্থ সিদ্ধান্ত শিৰােমণিৰ লীলাৱতী অংশৰ ভিত্তিত কিতাবৎ মঞ্জুৰী ৰচনা কৰিছিলে। কামৰূপ অনুসন্ধান সমিতিত থকা বকুল কায়স্থৰ কিতাবৎ মঞ্জৰী ১৩৫৬ শকত স্বৰ্গনাৰায়ণদেৱৰ ৰাজত্বত লিখা হয় বুলি উল্লেখ আছে। গ্ৰন্থখন পদ ছন্দত ৰচিত। ৰাজকীয় বস্তু-বাহানীৰ হিচাপ কেনেদৰে ৰাখিব লাগে, যােগ-বিয়ােগ হিচাপ কেনেদৰে ৰাখিব লাগে, মাটি-বাৰীৰ জোখ কেনেকৈ উলিয়াব লাগে -এনেবোেৰ কথাৰ বিৱৰণ কিতাবৎ মঞ্জৰীত আছে। এই গ্ৰন্থখন অসমত গণিত চৰ্চাৰ প্ৰাচীনত্বৰ ইংগিত বহনকাৰী গ্রন্থ।


লীলাৱতী

            লীলাৱতী গ্রন্থৰ ভাঙনিকাৰ কবিৰত্ন দ্বিজ। যােগ-বিয়ােগ, পূৰণ-হৰণৰ উপৰি বীজ গণিতীয় সমীকৰণৰ বর্গমূল, ঘনমূল আদি উলিওৱা নিয়ম লীলাৱতী পুথিত আছে। অৱশ্যে পুথিখনৰ ৰচনাকাল জনা নাযায়। পুথিখন গদ্যত লিখা।


জ্যোতিষ চূড়ামণি

            গদ্যত ৰচিত এই গ্রন্থখনৰ ৰচক চূড়ামণি দ্বিজ। ইয়াত জ্যোতিষৰ লগতে যােগ-বিয়ােগ আৰু জোখ-মাখ সম্পর্কীয় কথাও আছে। এই গ্রন্থখন কিতাবৎ মঞ্জৰীৰ পৰৱৰ্তী সময়ৰ ৰচনা, কাৰণ ইয়াত চূড়ামণিয়ে বকুল কায়স্থক গুৰু মানি লােৱাৰ কথা উল্লেখ আছে।


শ্ৰীহস্তমুক্তাৱলী

             শুভংকৰ কবি শ্রীহস্তমুক্তাৱলীৰ ৰচক। মহেশ্বৰ নেওগে এই গ্ৰন্থখনৰ ৰচনাৰ সময় চতুৰ্দশ শতিকাৰ মাজ ভাগৰ ভিতৰত বুলি কৈছে। গন্থখনৰ গদ্যানুবাদৰ প্ৰসংগত মহেশ্বৰ নেওগে লিখিছে যে শ্রীহস্তমুক্তাৱলীৰ মূলে সৈতে এটি গদ্যানুবাদ মাজুলীৰ আউনীআটী সত্ৰত ৰক্ষিত হৈছে; অনুবাদকৰ নাম নাই, মাত্ৰ শেষত আছে- ‘সুচান্দৰাই ওজাৰ পুস্তক’। নেওগৰ দৃষ্টিত সেই অনুবাদৰ ভাষা  অষ্টাদশ শতিকাৰ পাছলৈ যাব নােৱাৰে। অনুবাদৰ দুটা বৈশিষ্ট্যৰ কথা তেওঁ উল্লেখ কৰি গৈছে- হস্ত [অর্বাচীন ভাষাত যাক মুদ্রা বােলা হয়] সমূহৰ বিনিয়ােগ দেখুওৱা অংশত মূল শ্লোকৰ অনুবাদ নিদি সম্ভৱতঃ কোনাে টীকাৰ সহায়েৰে বহল বিৱৰণ দিয়া হৈছে। অনুবাদৰ ভাষা প্রাঞ্জল আৰু মনোজ্ঞ।


অঙ্কৰ আৰ্য্যা

কাশীনাথে অঙ্কৰ আৰ্য ৰচনা কৰিছিল। এইখন গদ্যত লিখা গণনা বিষয়ক গ্রন্থ।


কামৰত্ন তন্ত্র

            'কামরত্ন তন্ত্র' সুচান্দ ওজা কামৰত্ব তন্ত্ৰৰ ৰচনাকাৰ। ইয়াত বশীকৰণ, স্তম্ভন, মাৰণ, উচাতন কেনেকৈ সাধন কৰিব পাৰি তাক বর্ণনা কৰা আছে।


ভাস্বতী

            কবিৰাজ ৰামনাৰায়ণ চক্রবর্তীয়ে ভাস্বতীনামৰ জ্যোতিষ বিষয়ক এখন গ্রন্থ গদ্যৰ ভাষাত ৰচনা কৰিছিল। কবিৰাজে আহােম ৰজা ৰুদ্ৰসিংহ, শিৱসিংহ আৰু ৰজা ফুলেস্বৰীৰ পৃষ্ঠপােষকতা লাভ কৰিছিল।


হস্তীবিদ্যাৰ্ণৱ পুথি


           হস্তীবিদ্যার্ণৱ গ্ৰন্থখন শিৱসিংহ আৰু ৰাণী অম্বিকাৰ আদেশত সুকুমাৰ বৰকাথে গদ্যত ৰচনা কৰিছিল। গ্রন্থখনৰ ভিত্তি শম্ভুনাথ প্রণীত সংস্কৃত গ্রন্থ গজেন্দ্রচিন্তামণি। পুথিখনত হাতীৰ শ্ৰেণী, প্রকৃতি, বেমাৰ আৰু ঔষধ আদিৰ বহুমূলীয়া বিৱৰণ সৰল কথিত ভাষাত দিয়া হৈছে। গ্ৰন্থখনৰ ৰচনাকাল সম্বন্ধে মহেশ্বৰ নেওগে তাৎপর্যপূর্ণ উদ্ধৃতি সন্নিৱিষ্ট কৰিছে- 'শকৰ ১৬৫৬ আতে চিত্র কৰিবলৈ আজ্ঞা কৰিলে দিলবৰ দোচায় দুই লিখকক।'


ঘোঁৰা নিদান

            ঘোঁৰা-নিদানৰ ৰচনাকাৰ সুকুমাৰ বৰকাথ। গদ্য শৈলীত ৰচিত এই গ্ৰন্থখনত ঘোঁৰাৰ জাতি, লক্ষণ, বেমাৰ আৰু প্ৰতিকাৰৰ বৰ্ণনা কৰিছে। এই গ্রন্থখনাে ৰজাঘৰীয়া অনুপ্ৰেৰণাত ৰচিত। ব্যৱহাৰিক বিষয়ৰ পুথি কাৰণেই ইয়াত ব্যৱহাৰিক ভাষাৰ প্ৰয়ােগ ঘটিছে।


নীতি-লতাঙ্কুৰ

            মধুমিশ্র বাগীশ নীতি-লতাঙ্কৰৰ ৰচক। আউনীআটী সত্ৰৰ ষষ্ঠ অধিকাৰ প্রাণহৰিদেৱৰ দিনত তেওঁ দুৱৰা বংশৰ হৰনাথ ভিতৰুৱাল ফুকনৰ অনুপ্ৰেৰণাত এই গ্ৰন্থখন গদ্যত ৰচনা কৰিছিল বুলি আউনীআটী সত্ৰৰ বুৰঞ্জীত খৰচি মাৰি আলােচনা কৰিছে। এই তথ্যৰ সূত্র সন্নিৱিষ্ট হৈছে সত্যেন্দ্রনাথ শৰ্মাৰ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তত। গ্রন্থৰ মূল পাঠসমূহ সংস্কৃতত আছে। কিন্তু তাৰ ভাঙনিসমূহ অসমীয়া গদ্যৰ বিশুদ্ধ চানেকি। ইয়াত আঠোটা বিষয়ৰ আলােচনা আছে। মন্ত্রণাৰ বিষয়, স্থান, কাল, পাত্র আদি, নীতিবৃক্ষৰ বৰ্ণনা, সন্ধিৰ প্ৰকাৰ, বিগ্রহ, ত্রিবর্গ, ক্ষয়, সাধনা, বৃদ্ধি অষ্টবর্গ
[ কৃষি, বাণিজ্য, দুর্গ, সেতু, কুঞ্জৰ, বন্ধন খন্যাকৰ, বলাদান, শূন্যনিৱেশন ] চাৰি উপায়  [ সাম, দান, ভেদ, দণ্ড ], যান ব্যবস্থা, কোট ব্যবস্থা, ব্যূহ ব্যবস্থা, অক্ষৌহিণীগণনা আদি ৰাজনীতিৰ প্রয়ােজনীয় জ্ঞান গ্ৰন্থখনত দিছে। মূল শ্লোকৰ ভাওনিৰ ভাষা প্রসন্নগম্ভীৰ। এই গদ্য বুৰঞ্জীৰ গদ্যৰ সমপৰ্য্যায়ৰ।


ব্যৱহাৰিক সাহিত্যৰ বৈশিষ্ট্য

            ব্যৱহাৰিক সাহিত্যৰাজিৰ ধ্বনিতাত্বিক, ৰূপতাত্ত্বিক, শব্দতাত্ত্বিক আৰু বাক্যতাত্ত্বিক -এই চাৰিটা দিশত কিছুমান বৈশিষ্ট দেখিবলৈ পোৱা যায়। তলত সেইবোৰ চমুকৈ আলোচনা কৰা হ'ল-


ধ্বনিতাত্বিক বৈশিষ্ট্য

ব্যৱহাৰিক সাহিত্যৰাজিত কিছুমান ধ্বনিতাত্ত্বিক বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। সেইবোৰ এনে ধৰণৰ-

‘অ’ৰ ঠাইত ‘উ’ ৰ প্ৰয়োগ- নুৱৰিয়া 'নৰিয়া'

'ই’ৰ ঠাইত ‘ঞি’ ৰ প্ৰয়োগ- তাঞিকে 'তাইকে'

‘শ' ৰ ঠাইত স’ ৰ প্ৰয়োগ- সুকুলা 'শুকুলা'

‘ন্দ’ৰ ঠাইত ‘দ’ ৰ প্ৰয়োগ- মাখুঁদি 'মাখুন্দি'


ৰূপতাত্ত্বিক বৈশিষ্ট্য

ধ্বনিতাত্ত্বিক বৈশিষ্ট্যৰ দৰে ৰূপতাত্ত্বিক দিশতাে বিশেষ বৈশিষ্ট্য পৰিলক্ষিত হয়। যেনে-

সর্বনাম- তঞি, মােত, মই, আমি, আপুনি আদি।

নির্দিষ্টতাবাচক প্রত্যয় – খন, টো, টা, গচ, মহা, জোৰ আদি।

অব্যয়- এতেকে, নিছিনা, কিন্তু, জদি, তথাপি আদি।

কৃদন্তৰূপকৃদন্তৰূপ কৰোঁতে ওঁতে প্রত্যয়ৰ ঠাইত ঞোঁতেৰ প্ৰয়ােগ হয়।যেনে- জাঞোঁতে, খাঞোঁতে।


শব্দতত্ত্ব

ব্যৱহাৰিক সাহিত্যৰ প্ৰয়ােগ হােৱা শব্দৰ ভিতৰত-

সংস্কৃত আৰু অনা সংস্কৃত শব্দ যেনে- প্রভাত, তেন্তেলি, ঋতু আদি।

কামৰূপী উপভাষাৰ শব্দ যেনে- বুলন, ৰাজা, ভিঠা আদি।

তদুপৰি, ব্যৱহাৰিক সাহিত্যত অন্যান্য দেশী আৰু বিদেশী ভাষাৰ শব্দৰো প্রয়ােগ ঘটিছে। উদাহৰণ স্বৰূপে বাংলা ভাষাৰ শব্দ- গৈছেন, নাকৰিলাম আদি শব্দৰ ব্যৱহাৰ হোৱা দেখা যায়।


বাক্যতত্ত্ব

ব্যৱহাৰিক সাহিত্যৰ ভাষাৰ আলােচনাত বাক্যতত্ত্বৰ আলােচনা অপৰিহার্য। বাক্য গঠনৰ প্ৰণালীৰ ক্ষেত্ৰত লক্ষ্য কৰিলে দেখা যায় যে ইয়াৰ বাক্যবোৰ অতি চুটি চুটি। বাক্যত সহজ-সৰল বাক্যৰ প্ৰয়ােগ দেখা যায়। যেনে-

'পাছে ৰাজাএ প্রভাতে পণ্ডিতৰ হতােৱাএ চোৱালে।' --হস্তীবিদ্যাৰ্ণৱ

“ঘােৰা কাহে যদি তাকে কাম বােলে।” --ঘোঁৰানিদান

'প্ৰভু কামৰূপতন্ত্র মােত কহা।' --কামৰূপতন্ত্র

            এইদৰে বিচাৰ কৰিলে দেখা যায় যে, মধ্যযুগীয় অসমীয়া ভাষাৰ বিকাশৰ ক্ষেত্ৰত ব্যৱহাৰিক সাহিত্যৰাজিৰ মূল্য কোনাে গুণে কম নহয়। সাহিত্যৰ বোৱতী সুঁতিয়ে সাহিত্যৰ ইতিহাসলৈ পৰিৱৰ্তন আৰু নতুনত্ব কঢ়িয়াই আনে। আন আন সাহিত্যৰ দৰে অসমীয়া সাহিত্যৰ ক্ষেত্ৰতাে ই প্রযােজ্য। এই কথাৰ পৰাই ক'ব পাৰি যে শংকৰােত্তৰ যুগটোক সেই ঢৌৱে স্পর্শ কৰিলে আৰু সাহিত্যৰ ক্ষেত্ৰত ন ন বীজৰ অংকুৰণ ঘটিল। পৰৱৰ্তী সময়ছােৱাত অসমীয়া ভাষাসাহিত্যই আধুনিকতাৰ অভিমুখে এখােজ-দুখােজকৈ আগ বঢ়োৱাত এই সমলসমূহে যথেষ্ট অৰিহণা আগ বঢ়ালে।

Post a Comment

0 Comments