প্ৰাচীন অসমীয়া সাহিত্যৰ ৰূপ

 প্ৰাচীন অসমীয়া সাহিত্যৰ ৰূপ


            যিকোনো সাহিত্যৰ প্ৰাৰম্ভিক স্তৰৰ কথা আলোচনা কৰিলে প্ৰথমতে অলিখিত মৌখিক বা লোক সাহিত্যৰ কথা আহি পৰে। অসমীয়া সাহিত্যৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম নহয়। সাধাৰণতে, মৌখিক সাহিত্যত ৰচনাকাল বা সময়ৰ উল্লেখ পোৱা নাযায়। "চৰ্যাপদ" সমূহকে অসমীয়া সাহিত্যৰ প্ৰাচীনতম নিদৰ্শন বুলি ধৰা হয়। ই বৌদ্ধ ধৰ্মৰ আধাৰত সৃষ্ট। চৰ্যাপদ বা চৰ্যা-গীত-পদসমূহৰ মাজত লিখিত সাহিত্যৰ এটা সাহিত্যিক ৰূপ পোৱা যায়। অসমীয়া সাহিত্যত চৰ্যাপদৰ আগতে সাহিত্যৰ কোনো লিখিত ৰূপ পোৱা নাযায় যদিও ভাষাৰ বিকাশৰ ক্ষেত্ৰত পঞ্চম শতিকাৰ শিলালিপি, তামৰ ফলি আদিত অসমীয়া ভাষাৰ প্ৰাৰম্ভিক চিত্ৰ এখন দেখিবলৈ পোৱা যায়। সেইবাবে, খ্ৰীষ্টীয় পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে উদ্ধাৰ হোৱা শিলালেখ, তাম্ৰলেখ সমূহক অসমীয়া ভাষাটোৰ বিকাশৰ আধাৰ হিচাপে লোৱা হয়। পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে পুৰণি কামৰূপৰ বিভিন্ন ঠাইত ৰাজত্ব কৰা হিন্দু ৰজাসকলে প্ৰদান কৰা তামৰ ফলিসমূহত ভাষাই সেই সময়ৰ অসমীয়া ভাষাৰ পৰিচয় দাঙি ধৰে। এই ফলিবোৰত এনে কিছুমান শব্দ সন্নিৱিষ্ট হৈ আছে, যিবোৰক ধ্বনিগত দিশৰ পৰা বিশুদ্ধ সংস্কৃত বুলি ক'ব নোৱাৰি। তাম্ৰলিপিত সন্নিৱিষ্ট হোৱা এনে শব্দবোৰক অসমীয়া ভাষা প্ৰত্নৰূপ বুলি ক'ব পাৰি। প্ৰাক্-আহোম যুগৰ এনেবোৰ শিলালিপি আৰু তাম্ৰলিপিত লিপিকাৰসকলে বিশুদ্ধ সংস্কৃত ভাষাত লিখিবলৈ চেষ্টা কৰিছিল যদিও তাৰ মাজতে কিছুমান অপ্ৰচলিত শব্দ সোমাই পৰিছিল। বৰ্মন, শালস্তম্ভ আৰু পাল বংশৰ ৰজাসকলৰ ৰাজত্ব কালত প্ৰদত্ব এনেবোৰ শিলালিপি আৰু তাম্ৰলিপিৰ ভাষাত সন্নিৱিষ্ট হৈ থকা বিভিন্ন শব্দাৱলীত কিছুমান আৰ্যভিন্ন শব্দ সোমাই পৰিছিল। বিশেষকৈ গছৰ নাম, ঠাইৰ নাম,নদী, চৰাই-চিৰিকটি, ফল-মূলৰ নাম আদিৰ মাজেদি মূল সংস্কৃত ভাষাৰ মাজতেই থলুৱা ভাষাৰ এটা চিহ্ন ৰাখি যাবলৈ সক্ষম হৈছিল। অসমীয়া ভাষা যে মধ্য ভাৰতৰ ভাষাৰ পৰা কিছু পৃথক সেই কথা হিউয়েন চাঙৰ টোকাত পোন প্ৰথমবাৰৰ বাবে পোহৰলৈ আহে। হিউয়েন চাঙে তেখেতৰ টোকাত উল্লেখ কৰিছিল যে প্ৰাচীন কামৰূপৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ কিছু পৃথক। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে খ্ৰীষ্টিয় সপ্তম শতিকাতেই অসমীয়া ভাষাৰ প্ৰত্ন ৰূপটো আধুনিক ভাৰতীয় ভাষা গঠনৰ দিশত আগ বাঢ়িছিল। উল্লেখযোগ্য যে চীনা পৰিব্ৰাজক হিউয়েন চাং ৬৪৩ খ্ৰীষ্টাব্দত কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্ব কালত কামৰূপলৈ আহিছিল।


 
আৰ্যসকল প্ৰাচীন কামৰূপলৈ অহাৰ সময়তে তেওঁলোকে তেওঁলোকৰ নিজস্ব ভাষা সংস্কৃতিও লগত লৈ আহিছিল। আৰ্য-ভাষাৰ লগত প্ৰাচীন কামৰূপৰ অনাৰ্য অৰ্থাৎ ভূমিপুত্ৰসকলৰ ভাষাৰ লগত সমন্বয় ঘটি এক সুকীয়া বৈশিষ্ট্যযুক্ত ভাষা এটা গঢ় লৈ উঠে। এই সুকীয়া ভাষাটোক ভাষাবিদসকলে "কামৰূপ অপভ্ৰংশ" বুলি অভিহিত কৰিছে। পঞ্চম শতিকাৰ পৰা দ্বাদশ-ত্ৰয়োদশ শতিকাৰ ভিতৰত প্ৰাচীন কামৰূপৰ হিন্দু ৰজাসকলৰ ৰাজত্ব কালত লিখা শিলালেখ, তাম্ৰলেখ আদিত অসমীয়া ভাষাৰ প্ৰাৰম্ভিক ৰূপটো ৰক্ষিত হৈছে। অসমীয়া ভাষাৰ প্ৰত্ন ৰূপটো এই লেখ সমূহত ৰক্ষিত হৈ আছে। অসমীয়া সাহিত্যৰ পূৰ্ণ ৰূপ এটা এই স্তৰত পোৱা নাযায় যদিও ভাষাটোৰ বিকাশৰ ক্ষেত্ৰত এই শিলালিপি আৰু তাম্ৰলিপিসমূহে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।

প্রাচীন অসমীয়া সাহিত্যৰ প্রত্নস্তৰ খ্রীষ্টিয় দশম শতিকাৰ আগৰে পৰাই নব্য ভাৰতীয় আর্য ভাষাসমূহে নিজাকৈ দুই-এটা বৈশিষ্ট্যৰে এটি বিশেষ গঢ় ল’বলৈ আৰম্ভ কৰিছিল। চর্যাপদ, শূন্য পুৰাণ আৰু শ্রীকৃষ্ণ কীৰ্ত্তনৰ ভাষাৰ জৰিয়তে অসমীয়া লিখিত সাহিত্যই খ্রীষ্টিয় দ্বাদশ-চতুর্দশ শতিকাৰ পৰা এটি সণ্ঢালনি ৰূপ নাপালেও অসমীয়া ভাষা-সাহিত্যই যে ইয়াৰ আগতেই নিজস্ব ৰূপ এটি পৰিগ্ৰহ কৰিবলৈ যত্ন কৰিছিল সেই বিষয়ে কোনাে সন্দেহ নাই। খ্রীষ্টিয় দ্বাদশ শতিকা বা তাৰ আগৰ সময়ছােৱাৰ অধ্যয়ন কৰিবলৈ হ'লে প্রাচীন হিন্দু ৰজাসকলৰ প্রদত্ত লেখ’সমূহ আধাৰ হিচাপে ল'ব লাগিব। এই স্তৰটোৰ সময় সীমা খ্রীষ্টিয় পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত। এই স্তৰটোক প্রাচীন অসমীয়া সাহিত্যৰ প্রত্নস্তৰ বুলি কোৱা হয়। এই সময়ছােৱা অসমীয়া ভাষা, সাহিত্য, লিপি আদিৰ অধ্যয়নৰ আৰম্ভণিৰ বাবে প্রয়ােজনীয় সময়। এই সময়ছােৱাত প্রকৃত সাহিত্যৰ উহঁ পোৱা নগ'লেও ভাষাৰ ঐতিহাসিক দিশৰপৰা ইয়াৰ গুৰুত্ব অপৰিসীম।


            তলত প্ৰাচীন কামৰূপত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ শিলালেখ আৰু তাম্ৰলেখ সমূহৰ তালিকা এখন উল্লেখ কৰা হ'ল-

সুৰেন্দ্ৰবৰ্মাৰ উমাচল শিলালেখ                           খ্ৰীষ্টিয় পঞ্চম শতিকা।
ভূতিবৰ্মাৰ বৰগঙ্গা শিলালেখ                               খ্ৰীষ্টিয় ষষ্ঠ শতিকা।
ভাস্কৰবৰ্মাৰ ডুবি তাম্ৰফলক                                খ্ৰীষ্টিয় সপ্তম শতিকা।
ভাস্কৰবৰ্মাৰ নিধনপুৰ তামৰ ফলি                        খ্ৰীষ্টিয় সপ্তম শতিকা।
দেওপানীৰ শঙ্কৰ-নাৰায়ণপুৰ মূৰ্তিৰ লেখ ১         খ্রীষ্টিয় ৮ম শতিকা।
দেওপানীৰ হৰিহৰ-মুৰ্তিৰ লেখ ২                         খ্রীষ্টিয় ৮ম শতিকা।
হর্জৰবৰ্মাৰ তেজপুৰ শিলালেখ                             খ্রীষ্টিয় ৯ম শতিকা।
হর্জৰবৰ্মাৰ তেজপুৰ শিলালেখ                             খ্রীষ্টিয় ৯ম শতিকাৰ মধ্যভাগ।
বনমালাৰ তেজপুৰ তামৰ ফলি                             খ্রীষ্টিয় ৯ম শতিকাৰ মধ্যভাগ।
বনমালাৰ পৰ্বতীয়া তামৰ ফলি                              খ্রীষ্টিয় ৯ম শতিকাৰ মধ্যভাগ।
তৃতীয় বলবৰ্মাৰ উত্তৰ বৰবিল তামৰ ফলি             খ্রীষ্টিয় ৯ম শতিকাৰ শেষ চতুর্থাংশ।
তৃতীয় বলবৰ্মাৰ নগাঁও তামৰ ফলি                         খ্রীষ্টিয় ৯ম শতিকাৰ শেষ চতুর্থাংশ।
তৃতীয় বলবৰ্মাৰ উলুবাৰী তামৰ ফলি                     খ্রীষ্টিয় ৯ম শতিকাৰ শেষ চতুর্থাংশ।
ৰত্নপালাৰ বৰগাঁও তামৰ ফলি                               খ্রীষ্টিয় ১১ শতিকাৰ প্রথমার্ধ।
ৰত্নপলৰ শুৱালকুছি তামৰ ফলি                           খ্রীষ্টিয় ১১ শতিকাৰ প্রথমার্ধ।
ইন্দ্রপালৰ গুৱাহাটী তামৰ ফলি                             খ্রীষ্টিয় ১১ শতিকাৰ দ্বিতীয়ার্ধ।
ইন্দ্রপালৰ গুৱাকুছি তামৰ ফলি                             খ্রীষ্টিয় ১১ শতিকাৰ দ্বিতীয়ার্ধ।
গােপালবৰ্মাৰ গছতল তামৰ ফলি                          খ্রীষ্টিয় ১১ শতিকাৰ শেষ চতুর্থাংশ।
ধর্মপালৰ খনামুখ তামৰ ফলি                                খ্রীষ্টিয় ১২ শতিকাৰ প্রথমার্ধ।
ধর্মপালৰ শুভঙ্কৰপাটক তামৰ ফলি                     খ্রীষ্টিয় ১২ শতিকাৰ প্রথমার্ধ।
ধর্মপালৰ পুষ্পভদ্রা তামৰ ফলি                             খ্রীষ্টিয় ১২ শতিকাৰ প্রথমার্ধ।
বৈদ্যদেৱৰ কমৌলি তামৰ ফলি                             খ্রীষ্টিয় ১২ শতিকাৰ প্রথমার্ধ।
বল্লভদেৱৰ অসম ফলি                                         খ্রীষ্টিয় ১২ শতিকাৰ শেষার্ধ।
সমুদ্রপালৰ আমবাৰী শিলালেখ                             খ্রীষ্টিয় ১৩ শতিকাৰ প্রথমার্ধ।

প্ৰাচীন-অসমীয়া-সাহিত্যৰ-ৰূপ

                                                            উমাচল শিলালেখ

শাসনাবলী

            কামরূপ শাসনাবলী "কামরূপ শাসনাবলী" আৰু "প্ৰাচ্য শাসনাবলী"য়ে প্ৰাচীন অসমীয়া সাহিত্যৰ ৰূপ বিশ্লেষণত এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। পদ্মনাথ ভট্টাচাৰ্য সংকলিত "কামরূপ শাসনাবলী"ৰ ভূমিকাত "কামৰূপ ৰাজাৱলী" নামেৰে এটি বহল আলোচনা আগবঢ়াইছে। আলোচনা প্ৰসংগত তেখেতে উল্লেখ কৰিছে যে প্ৰাচীন কালৰ "কামৰূপ"ৰ নাম "প্ৰাগজ্যোতিষ"হে ‌আছিল। ইতিহাসৰ নানা প্ৰমাণিত তথ্যৰ উদ্ধৃতি দি তেখেতে ইয়াত ভাস্কৰবৰ্মাৰ পূৰ্বপুৰুষসকলৰ এখন তালিকা সংলগ্ন কৰিছে। তাত চতুৰ্থ শতিকাত মাজভাগৰপৰা সপ্তম শতিকাৰ পূৰ্বাৰ্ধালৈ অৰ্থাৎ পুষ্য বৰ্মনৰ পৰা ভাস্কৰ বৰ্মালৈ ৰজাসকলৰ বংশাৱলী ইয়াত সংলগ্ন কৰিছে। যদিও সাহিত্যিক প্ৰমূল্য এই বংশাৱলীৰ লগত নাই তথাপি ঐতিহাসিক দিশৰ ফালৰপৰা ইয়াৰ যথেষ্ট গুৰুত্ব আছে। কাৰণ এইবোৰ হ'ল পৰৱৰ্তী কালৰ সাহিত্যৰ ভেটি স্বৰুপ। হৰ্জৰ বৰ্মা, বনমাল বৰ্মা আৰু বলবৰ্মাৰ বংশাৱলীৰ বিৱৰণে পৰৱৰ্তী কালৰ সাহিত্যৰ ভেটি নিৰ্মাণত বিশেষ ভূমিকা পালন কৰি আহিছে। ইয়াত ভাস্কৰবৰ্মাৰ তাম্রশাসন হৰ্জৰ বৰ্মাৰ তাম্রশাসন, বনমাল বৰ্মাৰ তাম্ৰশাসন, ৰত্নপালৰ প্ৰথম তাম্রশাসন, দ্বিতীয় তাম্রশাসন, ইন্দ্রপালৰ প্রথম তাম্রশাসন, ইন্দ্রপালৰ দ্বিতীয় তাম্ৰশাসন, ধর্মপালৰ প্রথম তাম্রশাসন, ধর্মপাল দ্বিতীয় তাম্রশাসন— এই আটাইকেইখন তাম্ৰশাসনৰ আলােচনা, পাঠ, অনুবাদ আৰু আলােচনা সন্নিৱিষ্ট কৰা হৈছে। এই শাসনাৱলীৰ প্রতিখনকে একো একোখন লিপি হিচাপে নামকৰণ কৰা হৈছে। সেইবোৰ ক্রমে- ১/ নিধনপুৰ লিপি, ২/ হাইয়ুংথল লিপি, ৩/ তেজপুৰ তাম্ৰশাসনৰ লিপি, ৪/ নৌগাঁলিপি, ৫/ বড়গাঁও লিপি, ৬/ সােয়ালকুচি লিপি, ৭/ গৌহাটি লিপি, ৮/ গুয়াকুচিলিপি, ৯/ শুভঙ্কৰ পাটিক লিপি আৰু ১০/ পুষ্পভদ্রা লিপি। সাহিত্যৰ বহল ভাগত যদি লিপিসমূহৰ আলােচনাক সন্নিৱিষ্ট কৰা যায়, তেতিয়া হ'লে অসমীয়া লিপিৰ ক্ৰমবিৱর্তন আলােচনাত এইসমূহৰ গুৰুত্ব অপৰিসীম ৰূপত দেখা যায়। শাসনাৱলীৰ ভাষা সংস্কৃত আছিল। কিন্তু ভট্টাচার্যই ইয়াক ভুল বুলি কৈ শুদ্ধ পাঠ সংযােজন কৰিছে। কিন্তু এই আলােচনাত ভুল বুলি ভবা শব্দসমূহক কথিত ভাষাৰ পৰা অহা ৰূপ বুলিও ক'ব পৰা যায়। উদাহৰণ স্বৰূপে-

১/ অক্ষৰ, শব্দ বা বাক্যাংশত অনুস্বাৰ আৰু বিসর্গ কেতিয়াবা লােপ হােৱা দেখা যায়।
২/ শব্দৰ শেষত 'ম' ৰ ঠাই ‘ং’ৰ প্রয়ােগ হয়। (ভাষাৰ প্রাকৃত স্তৰতেই এই পৰিৱর্তন দেখা পোৱা যায়; গতিকে ইয়াক ভুল বুলি কোৱাত কৈ ভাষাৰ সৰলীকৃত ৰূপ বুলি কোৱা উচিত)।
৩/ ধ্বনিৰ বিকল্প প্রয়ােগ অৰ্থাৎ এটা ধ্বনিৰ ঠাইত আন এটা ধ্বনিৰ প্ৰয়োগ আদি।

অসমীয়া সাহিত্যৰ আলােচনা প্রসঙ্গত ভাষাৰ এই দিশসমূহে উল্লেখনীয় বিষয়।

প্রাচ্য-শাসনাবলী

            'প্রাচ্য-শাসনাবলী’ৰ ভূমিকাত স্পষ্টভাবে উল্লেখ কৰা হৈছে যে পদ্মনাথ ভট্টাচার্য বিদ্যাবিনােদৰ "কামরূপ শাসনাবলী"ৰ আৰ্হিৰে পুষ্য বর্মা, শালস্তম্ভ আৰু ধর্মপাল বংশৰ ৰজাসকলৰ ৰাজত্বৰ অৱসানৰ পিছৰ যুগৰ তাম্রশাসন, প্রস্তুৰ শাসন আৰু আন আন লেখসমূহ একলগ কৰি প্ৰকাশ কৰাৰ মানসেৰে ‘প্রাচ্য শাসনাবলী'ৰ সৃষ্টি কৰা হৈছিল। এই শাসনাৱলীত ভাৰতবৰ্ষৰ পূর্ব প্রান্তত চলিত ৰাজ্য শাসন আৰু ৰাজনীতি, ন্যায়বিচাৰ, ৰাজস্ব শাসন, কৰ আৰােপণ ব্যৱস্থা, শাসকসকলৰ ধৰ্ম সংক্রান্ত নীতি আৰু শাসন আদি সন্নিৱিষ্ট হােৱা লক্ষ্য কৰা যায়। "প্ৰাচ্য শাসনাবলী"ত সন্নিৱিষ্ট বহুকেইখন ফলিত দুর্গ,মন্দিৰ,গড়-খাৱৈ,পৰিখা আদি নির্মাণৰ ইতিহাস, যুদ্ধৰ ইতিহাস, মানুহ বেচাকিনাৰ প্ৰমাণ,মঠ-মন্দিৰ,দ’ল দেৱালয়,সত্ৰ আদিত অখণ্ড প্রদীপৰ বাবে প্রয়ােগ হােৱা প্ৰয়োজনীয় মানুহ, তেল, দ্বীপ ইত্যাদিৰ বৰ্ণনা ইয়াত পােৱা যায়। ইয়াত ‘কানাই বৰশী হােৱা শিলৰ তুৰস্ক ক্ষয়ৰ ফলি (শক ১১২৭)ৰ পৰা মৰঙিৰ দেৱীঘৰৰ তামৰ ফলি, ১৭০৫ শকলৈকে প্রায় এশ ষাঠিখনমান ফলিৰ পাঠ পােৱা যায়। বিভিন্ন বিষয়, বিভিন্ন শৈলী আৰু বিভিন্ন ধাতু বা শিলত খােদিত হ'লেও ইয়াৰ ঐতিহাসিক মূল্যৰ উপৰিও সাহিত্যিক মূল্য বিশেষকৈ 'অসমীয়া লিপি’ৰ আলােচনাত এক বিশেষ ভূমিকা আছে। এইবোৰৰ মাজতেই প্ৰাচীন অসমীয়া সাহিত্যৰ ৰূপ এটাৰ আভাস পোৱা যায়।
---------------------------------------------------------------------------------------------------------------------------

Post a Comment

0 Comments