বুৰঞ্জী সাহিত্য কাক বোলে ?
বুৰঞ্জী শব্দৰ অৰ্থ কি ?
বুৰঞ্জী সাহিত্যৰ বৈশিষ্ট্য।
‘বুৰঞ্জী’ শব্দটো টাই বা তাই মূলীয়। আহােমসকলে তেওঁলােকৰ পূৰ্বপুৰুষৰ বসতিস্থল থাইলেণ্ডৰ পৰাই অসমলৈ বুৰঞ্জী লিখাৰ পৰম্পৰাটো লগতে লৈ আহিছিল। গতিকে বুৰঞ্জী শব্দটোও থাইলেণ্ডৰ পৰাই অহা। আহােমসকলে বুৰঞ্জীক বৰ সন্মানৰ চকুৰে চাইছিল। বুৰঞ্জী লিখাটো তেওঁলােকে আন নৈতিক ধৰ্মৰ দৰেই জ্ঞান কৰিছিল। 'বুৰঞ্জী’ শব্দটোৰ অর্থ হ'ল- 'মূখৰ শিক্ষাৰ ভঁৰাল' বা 'মূখৰ জ্ঞানৰ ভঁৰাল'। বুৰঞ্জীবিদ সূর্যকুমাৰ ভূঞা, ভাষাবিদ গ্ৰীয়াৰ্চন, হেমচন্দ্র গােস্বামী, পদ্মনাথ গােহাঞি বৰুৱা আদি সকলাে স্তৰৰ লােকসকলে এই একেটা অর্থকে সমর্থন কৰিছে।
বুৰঞ্জী সাহিত্য মধ্যযুগীয় অসমীয়া সাহিত্যৰ এটি আপুৰুগীয়া সম্পদ। চুকাফাৰ নেতৃত্বত আহােমসকল অসমত প্ৰৱেশ কৰাৰ আগলৈকে অসমৰ ইতিহাসত বুৰঞ্জী লিখাৰ কোনাে নিদর্শন নাযায়। ই আহােমসকলৰ অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিলৈ এক অনবদ্য দান। বুৰঞ্জী লিখা বা কোনাে ঘটনা লিপিবদ্ধ কৰি ৰখাতাে আহােমসকলৰ এটি পুৰণি প্রথা। সেয়েহে চুকাফাই অসমত প্ৰৱেশ কৰাৰ পাছতে তেওঁৰ লগত অহা মহন বাইলুঙক সন্মুখত ঘটা প্ৰতিটো ঘটনা লিপিবদ্ধ কৰি যাবলৈ নির্দেশ দিয়ে আৰু মহন বাইলুঙেও চুকাফাৰ নির্দেশ মতে সকলাে ঘটনা লিপিবদ্ধ কৰিবলৈ লােৱাৰ লগে লগে অসমত এইবিধ নব্য পৰম্পৰাৰ সূচনা হয়।
আহােমসকলে বুৰঞ্জী লিখাৰ প্ৰথাটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে। বুৰঞ্জী শিক্ষাৰ জৰিয়তে নৱ প্রজন্মক উৎসাহ আৰু অনুপ্ৰেৰণা যােগােৱাৰ লগতে তেওঁলােকে ভৱিষ্যতৰ গতিপথ নিৰ্ণয়তাে এই বুৰঞ্জীবােৰে প্ৰভূত প্ৰভাৱ পেলাব বুলি তেওঁলােকৰ বিশ্বাস। তদুপৰি আহােমৰ বিবাহ পদ্ধতি 'চকলং' অনুষ্ঠানত বুৰঞ্জীৰ কাহিনী পঢ়াই শুনােৱাটো আহােমসকলে অপৰিহাৰ্য জ্ঞান কৰিছিল এনেবোৰ দিশৰ পৰাই আহােমসকলৰ বুৰঞ্জীৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাৰ কথা বুজা যায়। 'বুৰঞ্জী’ শব্দটোৰ বুজাবলৈ ইংৰাজীত কেবাটাও সমার্থক শব্দ আছে। ইয়াৰ ভিতৰত Chronicle, Annals আৰু History অন্যতম। বর্তমান প্রচলিত ভাষাবােৰত বুৰঞ্জীৰ সমার্থক হিচাপে জনপ্রিয়ভাৱে History শব্দটো ব্যৱহাৰ হ'লেও পুৰণি বুৰঞ্জীবােৰ যে Chronicle হে বুলি লীলা গগৈয়ে তেওঁৰ বুৰঞ্জী সাহিত্যত উল্লেখ কৰিছে। সূর্যকুমাৰ ভূঞাই মধ্যযুগৰ বুৰঞ্জী বুজাবলৈ Chronicle, Annals অথবা History -এই তিনিওটা ৰূপকে সমানে ব্যৱহাৰ কৰিছিল। তেখেতে তুংখুঙ্গীয়া বুৰঞ্জী অনুবাদ কৰোতে 'Chronicle of the Tungkhungiya Dynasty' আৰু 'পাদশ্বাহ বুৰঞ্জী' অনুবাদ কৰোতে 'Annals of the Delhi Badshahet' বুলিহে উল্লেখ কৰিছে, যদিও দুয়ােখন বুৰঞ্জীৰ মাজত তেনে কোনাে ৰীতিগত পার্থক্য নাই। কিন্তু লীলা গগৈয়ে তিনিওটা শব্দৰ ভিতৰত Chronicle শব্দটোহে এই বুৰঞ্জীৰ ক্ষেত্ৰত বেছি ওচৰ চপা বুলি উল্লেখ কৰিছে। কাৰণ পুৰণি বুৰঞ্জীবােৰ হৈছে ঘটনাবােৰৰ কালানুক্রমিক বিৱৰণ মাথােন। বুৰঞ্জীসমূহলৈ লক্ষ্য কৰিলে এইটো দেখা যায় যে আহােম ৰাজত্বৰ প্ৰায় ছশ বছৰীয়া ৰাজত্বৰ ঘটনাবােৰ কালানুক্রমিক ৰূপত এফালৰ পৰা বর্ণনা কৰা হৈছে। এই বুৰঞ্জী আহােমসকলৰ অতি সন্মানৰ বস্তু। শিক্ষা লাভৰ অংশ হিচাপে তেওঁলােকে বুৰঞ্জীকেই আগস্থান দিছিল। ৰাজকোঁৱৰকে আদি কৰি ডা-ডাঙৰীয়াসকলৰ সন্তানসকলকো কাহিনীৰ চলেৰে বুৰঞ্জীৰ শিক্ষা প্ৰদান কৰা পৰম্পৰা আহােমসকলৰ অতি পুৰণি অভ্যাস। ইয়াৰ পৰা এইটো প্রতীয়মান হয় যে আহােম যুগত বুৰঞ্জী চৰ্চাৰ ধাৰাটো লিখিত আৰু মৌখিক দুয়ােটা ৰূপতে চলিছিল বুলিব পাৰি। আহােমসকলৰ মাজত তেওঁলােকৰ পূৰ্বপুৰুষৰ বুৰঞ্জী জনাটো নৈতিক কর্তব্য বুলি জ্ঞান কৰোতেই লিখিত ধাৰাৰ সমান্তৰালভাৱে মৌখিক ধাৰা এটিও যে প্রবাহিত হৈ আছিল তাক সহজে অনুমান কৰিব পাৰি।
যি কি নহওক, ‘মূখৰ জ্ঞানৰ ভঁৰাল’ স্বৰূপ এই বুৰঞ্জীসমূহ আহােমৰ আন বহুতো দানৰ ভিতৰত শ্রেষ্ঠ দান। ইয়াত ১২২৮ ৰ পৰা ১৮২৬ খ্রীষ্টাব্দলৈ আহােমৰ গৌৰৱময় প্রায় ৬০০শ বছৰীয়া ৰাজত্ব কালৰ ৰজা-মহাৰজা, ডা-ডাঙৰীয়া সকলৰ ৰাজকার্য, উত্থান-পতন, যুদ্ধ-বিগ্রহ, ঘৰুৱা সংঘাত, চুবুৰীয়া ৰাজ্যৰ সৈতে সংঘাত আৰু সম্পর্ক, প্রতিষ্ঠা ধ্বংস আদি বিভিন্ন বিষয়ৰ বর্ণনাৰে সমৃদ্ধ বুৰঞ্জী সাহিত্যখিনি কেৱল অসমৰ বাবেই নহয় ভাৰতীয় প্রেক্ষাপটতাে সমানেই সমাদৃত সাহিত্য সম্পদ। যি বুৰঞ্জীৰ আধাৰত বৃহত্তৰ অসমীয়া সংস্কৃতি আৰু অসমীয়া গদ্যৰ সোঁতটিয়ে এক নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছিল।
ফকৰা-যােজনাৰ প্ৰয়োগ-
তয়াে খােৰা, ময়াে খােৰা, লেফেৰা বৰবৰুৱা, সিয়াে খােৰা।
একে হাবিতে দুটা মতা বাঘ, হাতী নাথাকে, একে পাটতে ৰজা দুটাও নাথাকে।
পটন্তৰৰ প্ৰয়োগ-
উত্তমজনৰ বাক্য গজদন্তৰ তুল্য।
পুত্র হলে পিতৃৰ বচন মানিব লাগে।
গালৈকো চাবা, দালৈকো চাবা।

বুৰঞ্জী সাহিত্যৰ উদ্ভৱ
মধ্যযুগীয় অসমীয়া সাহিত্যৰ ভিতৰত বুৰঞ্জী সাহিত্যৰ অৱদান অন্যতম। ই অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ আহােমসকলৰ সমস্ত দানৰ ভিতৰত সর্বশ্রেষ্ঠ দান হিচাপে পৰিগণিত হৈছে। আহােমসকলে অসমত বুৰঞ্জী লিখা পৰম্পৰা আৰম্ভ কৰাৰ আগতে অসমত বুৰঞ্জী জাতীয় লিখনিৰ কোনাে নিদর্শন পোৱা নাযায়। ফলস্বৰূপে, ত্রয়ােদশ শতিকাৰ পূৰ্বৰ সময়ছোৱাৰ ইতিহাস সম্বন্ধে জানিবলৈ কেৱল ৰজাসকলৰ ভুমিদান কৰা ফলি, ৰাজ প্রশক্তিমূলক কোনাে ৰচনা অথবা কোনাে প্রাচীন কীৰ্তিৰ চিহ্ন আৰু কোনাে পৌৰাণিক পুথি-পাঁজি চাই আনকি বহু ক্ষেত্ৰত অনুমানৰ ওপৰত নির্ভৰশীল কথাকো স্থান দিবলগীয়া হৈছিল। বুৰঞ্জী সাহিত্যৰ সৃষ্টিয়ে এনে অভাৱ দূৰ কৰিলে বুলিয়ে ক'ব পাৰি। আহােমৰ ৰাজঘৰীয়া পৃষ্ঠপােষকতাত ধাৰাবাহিক বুৰঞ্জী সাহিত্য ৰচনা হােৱাৰ লগে লগে অসমৰ ইতিহাস জানিবলৈ বুৰঞ্জীসমূহকে প্রামাণিক দলিল হিচাপে স্বীকৃতি লাভ কৰে। এইদৰে প্রত্যক্ষ ৰাজঘৰীয়া পৃষ্ঠপােষকতাত অসমীয়া বুৰঞ্জী সাহিত্যৰ উদ্ভৱ হৈছিল। চুকাফাৰ নেতৃত্বত আহােমসকলে অসমত প্ৰৱেশ কৰিয়েই যে বুৰঞ্জী লিখাৰ পৰম্পৰা হঠাতে আৰম্ভ কৰিছিল এনে নহয়, তেওঁলােকৰ আদিম তথা পূর্বপুৰুষসকলৰ মাজতাে বুৰঞ্জী লিখা, শ্ৰৱণ কৰোৱাতো এটি জাতিগত পৰম্পৰা পূর্বৰ পৰাই আছিল, যি পৰম্পৰাই অসমত ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কেৱল ইতিহাস সৃষ্টিয়ে নহয়, আজিৰ অসমীয়াই ৰাষ্ট্ৰীয় প্রেক্ষাপটত বুৰঞ্জী সাহিত্যৰ জৰিয়তে নিজকে উচ্চ চিন্তাৰ জাতি হিচাপে পৰিগণিত হ’ব পাৰিছে। বুৰঞ্জীৰ সন্দৰ্ভত কৰা গ্ৰীয়াৰ্চন চাহাবৰ এটি উক্তি এই ক্ষেত্ৰত প্রণিধানযােগ্য। তেওঁ কৈছিল- 'The Assamese are justly proud of their national literature. In no department have they been more successful than in a branch of study in which India, as a rule is curiously deficient. The historical works or Buranjis are numerous and voluminous. A knowledge of the Burjanjis was an indespensable qualification to an Assamese gentlemen (Linguistics Servey of India, Vol.1, Part 1) গ্ৰীয়াৰ্চনৰ মন্তব্যৰ পৰা এইটো প্রতিপন্ন হয় যে বুৰঞ্জী কেৱল অসমীয়া সাহিত্যতে নহয়, বৰং ভাৰতীয় সাহিত্যৰ বাবেও ই সমানে মূল্যবান সম্পদ।

আহােমসকলে পােনপ্ৰথমে টাই বা তাই ভাষাতহে বুৰঞ্জী লিখিছিল। কিন্তু লাহে লাহে স্থানীয় যুৱতীৰ সৈতে বৈবাহিক সম্বন্ধ গঢ়ি উঠাৰ লগে লগে স্থানীয় লােকৰ সংস্পৰ্শলৈ অহাত অসমীয়া ভাষা সম্পূৰ্ণৰূপে আয়ত্ত কৰাই নহয় নিজ ভাষা টাই লাহে লাহে দ্বিতীয় ভাষাত পৰিণত হ'বলৈ ধৰে। তদুপৰি ৰজাকে আদি কৰি বহু ৰজাঘৰীয়া ডা-ডাঙৰীয়াই পূর্বৰ ধৰ্ম ত্যাগ কৰি হিন্দু ধর্ম গ্রহণ কৰে। ফলস্বৰূপে, বুৰঞ্জীৰ ভাষালৈও পৰিৱৰ্তন আহিবলৈ ধৰে। অসমীয়া ভাষাত প্রথম কেতিয়াৰ পৰা বুৰঞ্জী লিখিবলৈ আৰম্ভ কৰে ক'বলৈ টান যদিও, বহুতো পণ্ডিত আৰু হেমচন্দ্র গােস্বামী সম্পাদিত পুৰণি অসম বুৰঞ্জী আৰু বাঁহগড়ীয়া আতন বুঢ়াগােহাঁইৰ বুৰঞ্জী দুখনেই অসমীয়া ভাষাৰ প্রথম তথা সর্বপ্রাচীন বুৰঞ্জী বুলি অভিহিত কৰিছে। উক্ত বুৰঞ্জী দুখনক অসমীয়া ভাষাত কৰাৰ ক্ষেত্ৰত পণ্ডিতসকলৰ মাজত বিশেষ দ্বিমত নাই যদিও ৰচনাকালক লৈ কিন্তু কিছু মতভেদ পৰিলক্ষিত হয়। বুৰঞ্জীবিদ লীলা গগৈৰ মতে ষােড়শ শতিকাৰ আদি ভাগ, সত্যেন্দ্রনাথ শৰ্মাৰ মতে সপ্তদশ শতিকা; মহেশ্বৰ নেওগৰ মতে ষােড়শ শতিকাৰ মাজভাগ; নবীন চন্দ্ৰ শৰ্মাৰ মতে সপ্তদশ শতিকাৰ শেষ ভাগৰ পৰাহে অসমীয়া লিপি বা অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ পৰ্ব আৰম্ভ হয়। উল্লেখযােগ্য যে এইদৰে অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ সময়ক লৈ কিছু মতবিৰােধ থাকিলেও অসমীয়া বুৰঞ্জী সাহিত্যৰ লিখনৰ সলনি পর্ব আৰম্ভ হয় অষ্টাদশ শতিকাত। অর্থাৎ অধিকাংশ অসমীয়া ভাষাৰ বুৰঞ্জীয়েই অষ্টাদশ শতিকাত ৰচিত। টাই লিপি বা টাই ভাষাৰে আৰম্ভ হােৱা আৰু ঊনবিংশ শতিকাৰ শেষ ভাগলৈকে পুৰণি পৰম্পৰাৰ অনুকৰণত চলি থকা সমগ্র বুৰঞ্জী সাহিত্যক নবীন চন্দ্র শৰ্মাই চাৰিটা ভাগত ভাগ কৰি দেখুৱাইছে। সেই ভাগ চাৰিটা হ'ল-
আহােম বা টাই লিপি আৰু টাই ভাষাত ৰচিত বুৰঞ্জী
টাই লিপিৰে অসমীয়া ভাষাত ৰচিত বুৰঞ্জী
অসমীয়া লিপিৰে টাই ভাষাত ৰচিত বুৰঞ্জী
অসমীয়া লিপিৰে অসমীয়া ভাষাত ৰচিত বুৰঞ্জী।
বুৰঞ্জীসমূহক যদিও ৰজাঘৰীয়া প্রত্যক্ষ পৃষ্ঠপােষকতাত ৰচিত সাহিত্য সম্পদ বুলি কোৱা হয় তথাপি ব্যক্তিগত উদ্যোগতাে একাধিক বুৰঞ্জী ৰচিত হৈছিল। সেইপিনৰ পৰাও বুৰঞ্জীসমূহক আন দুটা ভাগত ভাগ কৰা হয়। এই ভাগ দুটা হ'ল-
ৰজাঘৰীয়া আৰু
ব্যক্তিগত।
ব্যক্তিগত বুৰঞ্জীসমুহত লেখকৰ চিন্তা-চৰ্চা আৰু উপলব্ধি অনুসাৰে ব্যক্তিগত স্বাধীনতাৰে বুৰঞ্জীৰ কাহিনী প্রণয়ন কৰিছিল। অৱশ্যে ব্যক্তিগত উদ্যোগত ৰচিত হ'লেও ৰজাঘৰীয়া বুৰঞ্জীৰ গাত আঁউজিয়েই এইবােৰ বুৰঞ্জীও ৰচিত। কেৱল কেতিয়াবা জঁকাটো একে ৰাখি নিজস্ব চিন্তা-চৰ্চা অনুযায়ী বিষয়বস্তুৰ কিছু বঢ়া-টুটা কৰিছিল। এইদৰে ৰজাঘৰীয়া উদ্যোগতেই হওক বা ব্যক্তিগত উদ্যোলতেই হওক অলেখ বুৰঞ্জী ৰচিত হৈছিল। লীলা গগৈয়ে এনে বুৰঞ্জীৰ সংখ্যা হাজাৰ হ'ব বুলি কৈছে যদিও উদ্ধাৰ হোৱা বুৰঞ্জীৰ সংখ্যা অৱশ্যে ডেৰশমানহে হ'ব বুলি উল্লেখ কৰিছে। হাজাৰৰ ঘৰত ৰচিত এনে বহু বুৰঞ্জী হয়তাে বিভিন্ন কাৰণত ধ্বংসপ্রাপ্ত হৈছিল। বিভিন্ন অনুসন্ধানকাৰী পণ্ডিতে বুৰঞ্জী ধ্বংসৰ মূলতে ৰাজনৈতিক, সামাজিক আৰু প্রাকৃতিক আদি কাৰণ কিছুমানলৈ আঙুলিয়াইছে।
ৰাজনৈতিক কাৰণৰ ভিতৰত সঘনাই ঘটি থকা যুদ্ধ বিগ্রহ,
সামাজিক কাৰণৰ ভিতৰত গৃহকন্দল আৰু
প্ৰাকৃতিক কাৰণৰ ভিতৰত প্রাকৃতিক দুর্যোগ, যেনে- বানপানী, বনজুই, এন্দুৰ-নিগনি, পঁইতাচোৰাৰ দৰে প্ৰাণীৰ উৎপাত ইত্যাদিকে বুৰঞ্জী ধংসৰ বাবে প্রধান কাৰণ বুলি ক'ব খােজে।
ইয়াৰ উপৰিও কীর্তিচন্দ্ৰ বৰবৰুৱাৰ 'বুৰঞ্জী-দাহ' নামৰ বুৰঞ্জীপ্ৰসিদ্ধ ঘটনাই বুৰঞ্জী ধ্বংসৰ প্ৰমাণ দাঙি ধৰে।
বুৰঞ্জী আহোমসকলৰ নিজা সম্পত্তি যদিও তেওঁলোকে অকল আহোম ৰাজত্ব বা শাসনৰ কথাই বুৰঞ্জীত অন্তর্ভুক্ত কৰা নাই। বৰং ওচৰ-চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে হোৱা যুদ্ধ-বিগ্ৰহৰ উপৰিও কুটনৈতিক সম্পর্ককে আদি কৰি আন ৰাজ্যৰ বুৰঞ্জীও লিখি গৈছিল। ত্রিপুৰৰ বুৰঞ্জী, পাদশ্বাহ বুৰঞ্জী আদিয়েই ইয়াৰ উৎকৃষ্ট নিদৰ্শন বুলি ক'ব পাৰি। সেইদৰে কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী অথবা দাঁতিঅলীয়া বুৰঞ্জীও অনা আহােম ৰাজত্বৰ বুৰঞ্জীৰ উৎকৃষ্ট উদাহৰণ। তদুপৰি কোনাে নির্দিষ্ট ফৈদৰ বিৱৰণেৰেও বুৰঞ্জীত লিখা হৈছিল। তুংখুঙ্গীয়া বুৰঞ্জী এনে ফৈদৰ বিৱৰণ থকা বুৰঞ্জীৰ নিদর্শন। যুদ্ধ-বিগ্ৰহৰ সা সামগ্ৰী, সৈন্য-সজ্জা, আদিৰ বিষয়বস্তুৰেও দুই এথন বুৰঞ্জী লিখা হৈছিল। ইয়াৰ পৰা প্রমাণ পোৱা যায় হয় যে বুৰঞ্জীসমূহ এক বৈচিত্র্যময় ধাৰাৰে ৰচিত আৰু বিকশিত সাহিত্যসম্ভাৰ।
বুৰঞ্জীৰ শ্ৰেণীবিভাজন প্রসিদ্ধ বুৰঞ্জীবিদ সূর্যকুমাৰ ভূঞা আৰু লীলা গগৈয়ে অসমীয়া বুৰঞ্জীসমূহ তলত দিয়া ধৰণে শ্ৰেণীবিভাজন কৰিছে। সূর্যকুমাৰ ভূঞাৰ মতে বিষয়বস্তুৰ ফালৰপৰা অসমীয়া বুৰঞ্জীখিনিৰ তিনিটা প্রধান ভাগ কৰি দেখুৱাইছে-
১/ ৰজা ভগদত্তৰ সময়ৰ পৰা আহোম ৰাজত্বৰ আৰম্ভণিলৈকে,প্রাচীন কামৰূপৰ হিন্দু ৰজাসকলৰ অসংলগ্ন ইতিহাস।
২/ আহােম ৰাজত্বৰ আৰম্ভণি অথাৎ ১২২৮ খ্রীষ্টাব্দৰ পৰা তেওঁলােকৰ ৰাজ শাসনৰ শেষ সময় বা তাৰাে পাছলৈকে থকা আহােম ৰাজাৰ বুৰঞ্জী আৰু
৩/ অসমৰ বাহিৰে ওচৰ চুবুৰীয়া ৰাজ্য বা অন্য দেশৰ বুৰঞ্জী।
আনহাতে, লীলা গগৈয়ে অসমীয়া বুৰঞ্জীখিনিক সাতােটা ভাগত ভাগ কৰি দেখুৱাইছে। তেওঁৰ শ্রেণীবিভাগ এনে ধৰণৰ-
প্রাক আহােম যুগৰ বুৰঞ্জী
আহােম যুগৰ বা আহােম ৰজাৰ বুৰঞ্জী
দাঁতিঅলীয়া বুৰঞ্জী
অন্য ৰাজাৰ বুৰঞ্জী।
কটকী বুৰঞ্জী
ঢেকীয়ালৰ বুৰঞ্জী আৰু
চাং-ৰুং ফুকনৰ বুৰঞ্জী।
শ্রেণী বিভাজন যি নহওক, বৰ্তমান সময়ত বুৰঞ্জী আৰু আহােমসকলৰ ৰাজঘৰীয়া গন্ধীয়া ভঁৰালৰ সম্পত্তি নহয়। বুৰঞ্জী অসমীয়া জাতীয় জীৱনৰ ইতিহাস। ইয়াত কেৱল ৰজা অথবা ৰাজত্বৰ কাহিনীয়েই লিপিবদ্ধ কৰা হােৱা নাই, বৰং বুৰঞ্জীতো চৰিত পুথিৰ দৰেই সমসাময়িক সমাজ ব্যৱস্থাৰ চিত্রৰ লগতে ৰাজনৈতিক, সাংস্কৃতিক আৰু অর্থনৈতিক দিশৰ নানা কথাৰ উল্লেখ এই বুৰঞ্জীসমূহৰ পৰাই পাব পাৰি। উল্লেখযোগ্য যে বুৰঞ্জী লেখকসকলে ভাষাৰ একেবাৰে ব্যৱহাৰিক ৰূপটোকহে বুৰঞ্জীসমূহত ব্যৱহাৰ কৰিছিল। ইয়াৰ ফলত বুৰঞ্জীসমূহ সকলাে স্তৰৰ মানুহৰে বােধগম্য হােৱাত সহায়ক হৈছিল। এই ক্ষেত্ৰত সূর্যকুমাৰ ভূঞাৰ এষাৰ কথা প্ৰণিধানযোগ্য। তেওঁ কৈছে, 'বুৰঞ্জীৰ কথা শুকান হাৰ-ছাল নহয়; তাত ভাবৰ সমাৱেশ আৰু আৱেগৰ সৌৰভ লক্ষ্য কৰিব পাৰি। সেই দেখি এই বুৰঞ্জীসমূহক বুৰঞ্জীৰ শাৰীৰ পৰা আনি বিশুদ্ধ সাহিত্যৰ অঙ্গীভূত কৰা হৈছে। বুৰঞ্জী আৰু সাহিত্যৰ এনে অপূর্ব সঙ্গম ব্রিটিছৰ পূর্ব যুগৰ কোনাে ভাৰতীয় সাহিত্যত দেখিবলৈ পােৱা নাযায় বুলি ক'লেও সত্যৰ অপলাপ নহয়।' গতিকে অসমীয়া সাহিত্যৰ আকাশত বুৰঞ্জীসমূহৰ অৱদান নিশ্চিভাৱে অনস্বীকাৰ্য্য।
অসমীয়া বুৰঞ্জী সাহিত্যৰ বৈশিষ্ট্য- বুৰঞ্জী সাহিত্যসমূহ অসমীয়া ভাষা আৰু সাহিত্যৰ উভয় দিশতে বৈশিষ্ট্যপূর্ণ। বিষয়বস্তুৰ পৰা লেখন ৰীতিলৈ সকলাে দিশতে এনে বিভিন্ন বৈশিষ্ট্যসমূহ চকুত লগা। আধুনিক অসমীয়া গদ্য সাহিত্যৰ ক্ৰমবিকাশ বুৰঞ্জীৰ গদ্য আৰু চৰিত পুথিৰ গদ্যৰ পৰাই হয় বুলি ধৰা হয়। কিন্তু সত্ৰীয়া পৰিৱেশত সৃষ্ট চৰিত্ৰ পুথিত থকা ভকতীয়া গদ্যৰীতিৰ পৰিৱৰ্তে দৈনন্দিন জীৱনত ব্যৱহৃত ভাষাৰ ব্যৱহাৰিক ৰূপটো বুৰঞ্জীত ব্যৱহাৰ হোৱা হেতু বুৰঞ্জীৰ ভাষা চৰিতৰ গদ্যতকৈও বহু ক্ষেত্ৰত ঘৰুৱা বুলি অনুভৱ কৰিব পাৰি। তলত বুৰঞ্জী সাহিত্যৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ'ল-
১/ বুৰঞ্জীসমূহ সত্যৰ ওপৰত প্রতিষ্ঠিত। মহেশ্বৰ নেওগে বুৰঞ্জীক সত্যবাদিতাৰ এক ঐতিহ্যৰ ওপৰত প্রতিষ্ঠিত বুলি উল্লেখ কৰিছে। বুৰঞ্জীবিদ গেইট চাহাবেও বুৰঞ্জীবােৰক বিশ্বাসযােগ্য গ্রন্থ বুলি অভিহিত কৰিছিল। বুৰঞ্জীকাৰসকলে এই সত্যনিষ্ঠতা অটুট ৰখাৰ বাবে শক, মাহ, দিন-বাৰ আনকি কেতিয়াবা কেতিয়াবা তিথি, দণ্ড-পল পর্যন্ত সন্নিৱিষ্ট কৰিছিল। যেনে- 'তাত পাচে ১৬২৯ শকত জয়ন্তী দেশ মাৰিলে।' --পুৰণি অসম বুৰঞ্জী।
২/ ভাষাৰ অকৃত্রিমতা বুৰঞ্জীৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য। দৈনন্দিন জীৱনত মানুহে যি ভঙ্গীৰে কথা-বতৰা পাতে সেই কথনভঙ্গীকে বুৰঞ্জীকাৰসকলে বুৰঞ্জীত প্ৰয়োগ কৰিছে। ব্যৱহাৰিক জীৱনৰ এই অনাড়ম্বৰ তথা অকৃত্রিম ভাষাশৈলীয়ে বুৰঞ্জীৰ গদ্য ভাষাক অধিক ঘৰুৱা কৰি তুলিছে। কিন্তু সেই বুলি বুৰঞ্জীৰ ভাষাক নীৰস কৰি পেলােৱা হােৱা নাই। বৰং ইয়াৰ ভাৱ আৰু ভাষাৰ অপূর্ব মিশ্রণে বুৰঞ্জীৰ ভাষাক সাহিত্যিৰ মর্যাদা প্রদানত সহায়হে কৰিছে বুলিহে ক'ব লাগিব৷ এইক্ষেত্ৰত লীলা গগৈয়ে এনেদৰে উল্লেখ কৰিছে- 'অসমীয়া বুৰঞ্জী কেৱল তথ্যপাতিৰ একোটা নিৰস টোপােলাই নহয়, ই সাহিত্যৰ ৰসাল ফল বুলিব পাৰি। কাৰণ বাস্তৱ বর্ণনাৰ সমান্তৰালভাৱে মানৱীয় অনুভূতিমূলক বর্ণনাও ঠায়ে ঠায়ে দেখিবলৈ পােৱা যায়।'
৩/ নিৰপেক্ষ দৃষ্টিভঙ্গী বুৰঞ্জীৰ আন এটা অন্যতম বৈশিষ্ট্য। বুৰঞ্জী ৰচোঁয়িতাসকলে সত্যনিষ্ঠতাৰ বাবে বা সকলাে কথা সত্যৰ আধাৰত প্ৰকাশ কৰিবলৈ যােৱাৰ ফলত ৰচয়িতাসকলৰ ব্যক্তি স্বাধীনতা অথবা নিজস্ব দৃষ্টিভঙ্গী, আৱেগ-অনুভূতি প্রকাশ কৰাৰ সুবিধা প্রায় নাপায় বুলিয়েই ক'ব পাৰি।
৪/ বুৰঞ্জীৰ ভাষা পােনপটীয়া। যিকোনাে বিষয়ৰ বৰ্ণনা পােনপটীয়া আৰু সহজসৰল। ব্যর্থতা ভৰা ভাষাৰ সমাৱেশ বুৰঞ্জীৰ গদ্যত নাই। আনকি কোনাে কথা অতিৰঞ্জিত বর্ণনাও নাই। যেনে- 'মােৰ লৰা-লুৰি নাই। এতেকে অগ-পাছলৈকো আশা নাই। মই ৰজা হলে ভাল নহয়! তুমিয়েহে ৰজা হবলৈ ভাল। তথাপি তুমি তেওঁ ৰজা নােহােৱা। ভাল, ময়ে ৰজা হৈ ৰজা নাম লৈ খাই থাকিম, ৰাজ্যপাট সকলােখিনি তােমাৰহে।' ---দেওধাই বুৰঞ্জী।
৫/ সংক্ষিপ্ততা বুৰঞ্জীৰ আন এটা উল্লেখনীয় বৈশিষ্ট্য। সৰল বাক্যবিন্যাস আৰু চুটি চুটি বাক্যৰ প্ৰয়ােগে এই সংক্ষিপ্ততা ৰক্ষা কৰা দেখা যায়। কিন্তু সেই বুলি ভাবৰ গাম্ভীর্য আৰু বিষয়বস্তুৰ স্পষ্টতাত যেন কতােৱেই ব্যাঘাত জন্ম নাই। যেনে- 'দুল্লভ দানী মানী যশস্বী ৰাজা হল। এঞে পূৰ্ব্ব জম্মত ব্রাহ্মণ আছিল। সন্ন্যাসী হৈ মণিকূট পৰ্ব্বতত তপস্যা কৰিছিল, সৌমাৰ পিঠত ৰাজা হবলৈ, পাচে তেঞে ১৬২৮ শকত হিড়িম্বদেশক আক্রমি ললে।...'
৬/ বুৰঞ্জীসমূহ কেতিয়াও পৰস্পৰে পৰস্পৰৰ বিৰােধ নহয়। অর্থাৎ বিভিন্ন বিষয় বা ঘটনাক বিভিন্ন লেখকে বর্ণনা দিয়াৰ সময়ত বুৰঞ্জীসমূহ যেন ইখনৰ প্ৰতি সিখন পৰস্পৰৰ নিৰ্ভৰশীলহে, বিৰােধী নহয়।
৭/ বর্ণনাৰ শৃঙ্খলাবদ্ধতা বুৰঞ্জীৰ আন এটি প্রধান বৈশিষ্ট্য। অর্থাৎ বুৰঞ্জীত ঘটনাৰ সকলাে বিৱৰণ শৃঙ্খলাবদ্ধভাৱে এফালৰ পৰা দাঙি ধৰা হয়। এনে শৃঙ্খলাবদ্ধ বিৱৰণে বুৰঞ্জী সাহিত্যৰ ৰচনাৰীতিক অধিক বিজ্ঞানসন্মত কৰি তােলাত সহায় কৰিছে বুলি ক'ব পাৰি।
৮/ বর্ণনাৰ মাজে মাজে কথােপকথন ৰীতিৰ প্রয়ােগ বুৰঞ্জীৰ এটা প্রধান বৈশিষ্ট্য। এনে ৰীতিয়ে তৎকালীন সমাজৰ কথনভঙ্গীৰ ঠাঁচ দাঙি ধৰাৰ লগতে বুৰঞ্জীৰ গদ্য নাটকীয় কৰি তুলিছে। উদাহৰণ স্বৰূপে- 'বুঢ়াফুকনে সুধিলে,'ডেবেৰাএ বােলে, নুশুনিছহক নিকি? এক দেহা, দশমৰ পদ মইহে কৰিছাে, তয়াে কৰিবি।' ফুকনে বােলে, ‘এতিয়া নমৰিবি ?' ডেবেৰাএ বােলে, ‘মােক তঞি পুৰুষেহে মাৰিবি, তােক একা ঘৰৰ তিৰীয়ে মাৰিব। আমাক দোষ দিলে কি হব? কালে যেই কৰে সেই হয়।' --দেওধাই বুৰঞ্জী।
৯/ সূৰ্য কুমাৰ ভূঞাই কোৱাৰ দৰেই বুৰঞ্জীসমূহ শুকান হাড়-ছাল নহয়। বুৰঞ্জীৰ নিৰস কাহিনীক নিৰসন কৰিবলৈ বুৰঞ্জীকাৰসকলে বর্ণনাৰ মাজে মাজে জতুৱা-ঠাঁচ, প্রবাদ-প্রবচন, খণ্ডবাক্যকে আদি কৰি উপকথা, দৃষ্টান্ত, আদি ব্যৱহাৰ কৰিছে। যেনে-

উপমাৰ প্ৰয়োগ-
১/ সৰু হৈ যা
লৰা লােৱাদি লব
বৰ নহবি চিলা উৰুৱাদি উৰুৱাব।
২/ কাঠৰ গড় বান্ধিম পচিব
মাটিৰ গড় বান্ধিম খহিব
মই কথাৰ গড় বান্ধি দিছোঁ
প্রাণ-পৰি-ভুগী ৰব।
৩/ নাও তল যাব
শিল উপঙিব
কোৱা বগা হব
বগা ক’লা হব
লুইতে উভতি গতি কৰিব
তেবে কি মােৰ কবুল চাৰিবে।
৪/ মহৰ পীৰা নলৰ কানমাৰিয়ে নসয়
বামুণৰ লগুণ শূদ্রে কেনেকৈ বব।
এনে বাক্যৰ পৰা চৰিত্ৰৰ মনৰ অনুভূতিৰ তীব্রতাৰ উমান পাব পাৰি। এইবােৰৰ বাহিৰেও বুৰঞ্জীসমূহত ঠায়ে ঠায়ে উপকথা বা নীতিকথাৰাে সমাৱেশ দেখা যায়। এনে উপকথাৰ উপযুক্ত নিদর্শন হ’ল মিৰজুমলাৰ আক্ৰমণৰ প্রসঙ্গত বর্ণিত 'হাতী আৰু বাঁহ ম’ৰা চৰাইৰ কাহিনীটো'। ইয়াৰ বাহিৰেও নাহৰ কোঁৱৰ, মেচ্লৌ কুঁৱৰী অথবা লুইত ৰজাৰ সােণৰ ফণি- এনে উপকথাৰ সুন্দৰ নিদর্শন।
এনেবােৰ বিশেষত্বৰ উপৰিও বুৰঞ্জীৰ কেতবােৰ ভাষাগত বিশেষত্বৰ বিষয়েও আলােচনা কৰা নিশ্চয় সমীচীন হ'ব।
ভাষাগত দিশত বুৰঞ্জীৰ কেইটামান উল্লেখযােগ্য বৈশিষ্ট্য
১০/ বুৰঞ্জীৰ ভাষাত স্বৰধ্বনিৰ ক্ষেত্ৰত দেখিবলৈ পােৱা এটা উল্লেখযোগ্য বৈশিষ্ট্য হ'ল- উচ্চ স্বৰ নিম্ন হােৱা আৰু নিম্ন স্বৰ উচ্চ হােৱাৰ প্রৱণতা। যেনে-
উচ্চ > নিম্ন
অ > ও = কাপৰ < কাপােৰ
উ > অ = যৌতক < যৌতুক
নিম্ন > উচ্চ
এ > উ = ইন্দুৰ < এন্দুৰ
ও > উ = উপজিব < ওপঙিব, তামুল < তামােল'
আন কেইটামান স্বৰধ্বনি পৰিৱৰ্তন হ'ল
অ > এ = ক্ষেত্রিয় < ক্ষত্রিয়
অ > আ = ৰজা < ৰাজা
ই > আ = গধুলা < গধুলি
এ > ই = ইতিয়া < এতিয়া ইত্যাদি।
১১/ ব্যঞ্জন ধ্বনিৰ ক্ষেত্ৰতো এনে পৰিৱৰ্তন দেখা যায়। অর্থাৎ এটা ব্যঞ্জনৰ ঠাইত আন এটা ব্যঞ্জনৰ উচ্চাৰণ বুৰঞ্জীৰ ভাষাত বহুলভাৱে লক্ষ্য কৰা যায়। যেনে-
ক্ষ > খ = দখিনা < দক্ষিণা
ক > ক্ষ = চক্ষু < চকু
গ > খ = বৈশাখ < ব'হাগ/ বৈহাগ
ত > থ = সাথুৰিব < সাঁতুৰিব
ৰ > ড় = এড়ি < এৰি
হ > স = আসি < আহি ইত্যাদি।
১২/ ৰূপতত্ত্বৰ দিশৰ প্ৰধান বিশেষত্ববােৰৰ ভিতৰত বােৰ/ভুৰ/ভোৰ, বােলাক/বিলাক, হঁত/হেত, সকল আদি বহুবচনবাচক প্রত্যয়ৰ ব্যৱহাৰ, -টে/ টা/ টো/ টি, জন/ জনা/ জনী, -খন/-থান/-খানি, -ডাল, -যুৰ/-যুৰি, -সাজ/ -সজা, -হালি আদি নির্দিষ্টতাবাচক প্রত্যয়ৰ ব্যৱহাৰ; অনির্দিষ্টতাবাচক প্রত্যয়, যেনে--চাৰিয়েক, চাৰেক, মান-ৰ ব্যৱহাৰ; মঞি, তঞি, কেমন, যতেক,তান, তােমাৰা, তাঞিৰ, তোঞোৰ দৰে সর্বনাম শব্দৰ প্ৰয়ােগ; ক্রিয়া ৰূপ, যেনে- কৰিবা, থাকিবা, ৰাখিম, জন্মিলে, ধৰিলে, মেলে, যায়, পাৰি,লয়, আছে, হ'ব, হয়; অথবা অসমাপিকা ক্রিয়াপদ, যেনে- সুনি, দেখি, কবি, চাই, খেদি আদিৰ প্ৰয়ােগ মন কৰিবলগীয়া।
১৩/ তদুপৰি অসমাপিকা ক্রিয়াপদেৰে বাক্য শেষ কৰা ৰীতিৰ বিপৰীতে পাচে, বােলে, আৰু, পূর্বে আদি শব্দেৰে বাক্য আৰম্ভ কৰা ৰীতিৰে বুৰঞ্জীৰ ভাষাক বিশেষত্বপুর্ণ কৰি তুলিছে।
১৪/ বুৰঞ্জীৰ ভাষাত তৎসম, অর্ধ-তৎসম, তদ্ভৱ শব্দৰ উপৰি বিভিন্ন আহােম ভাষাৰ শব্দ, আৰবী-ফার্চী আদি কৰি আঞ্চলিক ভাষাৰ শব্দ আৰু ওচৰ-চুবুৰীয়া ৰাজ্যৰ দুই-এটা শব্দৰৰ প্রয়ােগ দেখা যায়। এনে ভিন্ন ভাষাৰ শব্দই বুৰঞ্জীৰ শব্দ তালিকাখন বৈচিত্র্যময় কৰি তুলিছে। যেনে-
তৎসম শব্দৰ প্ৰয়োগ
ইন্দ্ৰ, দেৱতা, সর্গ, ঋতু, অদ্যাপি, দর্শন, উৎসব, পূজা, মন্ত্র আদি।

অৰ্ধ তৎসম শব্দৰ প্ৰয়োগ
মুকুতা, যুগুতি, জনম, বৰিষণ আদি।
মুকুতা, যুগুতি, জনম, বৰিষণ আদি।
তদ্ভৱ শব্দৰ প্ৰয়োগ
হাতী, তুমি, গৰু, সাপ, কঁঠাল, পিতল, সােণা।

নামনি অসমৰ শব্দৰ প্ৰয়োগ
বেলা, গল, গিলা, তিৰতা, বহাগু, মানুষ।
বেলা, গল, গিলা, তিৰতা, বহাগু, মানুষ।
আহােম ভাষাৰ শব্দ
চকলং, চেলেং, খামৰুং, হাঁচতি, মাইহাং, চাংমাই, ফুকন, মৈদাম, চুকাফা, প্লাইৰিণ, প্লাইপাচ, খেকলাই, কুন্খা, নামাটি, মুংমাও, থাওমুং, লেচাম, বুৰঞ্জী, টিপাম আদি।

আৰবী-ফার্জীমূলীয় শব্দৰ ব্যৱহাৰ
কবুল, জেমা, পাগ, নবাব, মজুৰি, চৰ্দ্দাৰ, খাজানা, কিৰি, গােমােস্তা, দলিচা, চাকৰ আদি।
এইবােৰ শব্দৰ ব্যৱহাৰৰ বাহিৰেও যুৰীয়া আৰু অনুৰূপ শব্দ, যেনে- নাও-নাওৰা, লুড়া-পুড়া, ৰণ-বন, বটা-বাহন, কান্দি-কটি, মৰা-কাটা, ইখান-সিখান, কৰ-কাটল আদি।
জতুৱা খণ্ডবাক্যৰ ব্যৱহাৰ
মােহৰ মৰা, দগা দি, ওল দিলে, গাঁও মাৰি আদি। তদুপৰি বাক্যগত দিশত সৰল বাক্য, মিশ্র বাক্যকে আদি কৰি যৌগিক বাকালৈ বিভিন্ন প্ৰকাৰ বাক্যৰীতিৰ সমাবেশ বুৰঞ্জীসমূহ ঘটছে।
এইদৰে বিচাৰ কৰিলে ঐতিহাসিকভাৱে সমৃদ্ধ বুৰঞ্জীসমূহক সাহিত্যিক আৰু ভাষাতাত্ত্বিক দিশতাে সমৃদ্ধ সাহিত্য সম্পদ বুলি অভিহিত কৰিব পাৰি । অকল সেয়াই নহয়, সামাজিক চিত্ৰ আৰু আধুনিক অসমীয়া গদ্যৰ উৎকৃষ্ট নিদর্শনেৰে অসমীয়া বুৰঞ্জী সাহিত্যৰ মধ্যযুগীয়া সাহিত্য সম্পদৰাজিৰ এটি আপুৰুগীয়া সম্পদ বুলি ক'ব পাৰি।
আহােমৰ পৃষ্ঠপােষকতাত অসমীয়া ভাষাত ৰচিত আৰু এতিয়ালৈকে অসম চৰকাৰৰ 'বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে প্রকাশ কৰি উলিওৱা কেইখনমান উল্লেখযােগ্য বুৰঞ্জীৰ এটি চমু আভাস দিবলৈ যত্ন কৰা হৈছে-
অসম বুৰঞ্জী-১
আহোম যুগৰ তথা অসমীয়া ভাষাত লিখিত বুৰঞ্জীসমূহৰ ভিতৰত অসম বুৰঞ্জী-১ এখন উল্লেখযােগ্য বুৰঞ্জী। এই বুৰঞ্জীখন উত্তৰ গুৱাহাটীৰ সুকুমাৰ মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে। বুৰঞ্জীখনত আহােম স্বৰ্গদেউসকলৰ উৎপত্তিৰ পৰা গদাধৰ সিংহৰ ৰাজত্বৰ সময়লৈকে নৃপতিসৰ বৰ্ণনাৰ লগতে বিভিন্ন ৰাজনৈতিক ঘটনা সন্নিবিষ্ট হৈছে। ইয়াত চুকাফাৰ পৰা গদাধৰ সিংহৰ দিনলৈ সকলাে কথা সামৰা হৈছে। তেৰটা অধ্যায়ত বিভক্ত বুৰঞ্জীখনৰ দ্বিতীয় অধ্যায়ৰ পৰা এয়োদশ অধ্যায়লৈকে ঐতিহাসিক ঘটনা প্রবাহৰ নিৰপেক্ষ বিৱৰণ সন্নিবিষ্ট হ'লেও প্রথম অধ্যায়টোত দুটা কিংবদন্তিমুলক কাহিনীৰ জৰিয়তে আহােম স্বৰ্গদেউসকলৰ উৎপত্তিৰ বিৱৰণ পোৱা যায়। বাকী বাৰটা অধ্যায়ত পাটকাই পৰ্বত ভেদি অসমত প্ৰৱেশ কৰালৈকে বাটত সন্মুখীন হােৱা নগাকে আদি কৰি আন সকলােবােৰ প্রতিবন্ধক নেওচি কেনেকৈ ৰাজশাসন আৰম্ভ কৰিছিল তাৰ সকলাে বিৱৰণ বুৰঞ্জীখনত পােৱা যায়। তদুপৰি চুতাওফাৰ পৰা চুপিমফা, চুহুম্কা দিহিঙ্গীয়া ৰজা, চুক্লেন্ফা খােৰাৰজা, চুচেংফা, বুঢ়াৰজা, ভগাৰজা আৰু নৰিয়া ৰজা, জয়ধ্বজ সিংহ, চক্ৰধ্বজ সিংহ, উদয়াদিত্য সিংহকে প্রমুখ্য কৰি গদাধৰ সিংহলৈ সকলাে কথাৰ ধাৰাবাহিক বিৱৰণ বুৰঞ্জীখনত আছে। তদুপৰি বুৰঞ্জীখনত আহােম ৰজাই বিভিন্ন সময়ত লােৱা অত্যাচাৰী ভূমিকাকো বুৰঞ্জীখনত মুকলিকৈ বর্ণনা কৰিছে। উদাহৰণ স্বৰূপে পৰাজিত নগাক হত্যা কৰি সিহঁতৰ গাৰ মাংস কাটি পুৰি-সেকি আত্মীয়-কুটুম্বক খুওৱা কাহিনীৰ জৰিয়তে চুকাফাৰ চৰম অত্যাচাৰী চৰিত্ৰৰ পৰিচয় পােৱা যায়। ইয়াৰ বিপৰীতে দিহিঙ্গীয়া ৰজাৰ দিনত বিদ্রোহী হৈ উঠা বাৰভূঞা, মৰাণ, বৰাহী, চুতীয়া, জয়ন্তীয়া, নগা, কছাৰীসকলক কঠোৰ হাতেৰে কৰা দমনৰ বৰ্ণনাও বুৰঞ্জীখনত পােৱা যায়। অৱশ্যে বুৰঞ্জীখনৰ শেষৰ ফালে আহােম ৰাজত্বৰ দুৰ্দিনৰ বিৱৰণৰাে বুৰঞ্জীখনত উল্লেখ পােৱা যায়। গদ্যত ৰচিত অসম বুৰঞ্জী-১ গন্থখনত স্বৰ্গদেউসকলৰ উৎপত্তিৰ পৰা ৰাজ্য শাসন, যুদ্ধ বিগ্রহ, সন্ধি চুক্তি আদি বিভিন্ন কথাৰ বর্ণনা সন্নিবিষ্ট হৈছে। তদুপৰি ঐতিহাসিক কাহিনী বর্ণনাৰ মাজতে সমসাময়িক সমাজৰ সামাজিক, অর্থনৈতিক, ধর্মীয় তথা সাংস্কৃতিক দিশৰ বৰ্ণনাই অসম বুৰঞ্জী-১ গন্থখনক এখন উল্লেখযােগ্য বুৰঞ্জী সাহিত্যলৈ উন্নীত কৰিছে বুলিব লাগিব।
অসম বুৰঞ্জী-২
অসম বুৰঞ্জী নামেৰে বৰ্তমানলৈ দুখন পোৱা গৈছে। সেয়েহে এখনক অসম বুৰঞ্জী-১ আৰু এইখন বুৰঞ্জী অসমৰ বুৰঞ্জী-২ ৰে সূচিত কৰা হৈছে। অসম বুৰঞ্জী-১ আৰু অসম বুৰঞ্জী-২ দুয়ােখনতে আহােম ৰজাৰ ৰাজনৈতিক তথা ঐতিহাসিক বিৱৰণৰ বর্ণনা আছে। প্রথমখন চুকাফাৰ পৰা গদাধৰ সিংহৰ দিনলৈ সকলাে কথা সামৰাৰ বিপৰীতে দ্বিতীয়খনত জয়ধ্বজ সিংহৰ দিনৰ পৰা গদাধৰ সিংহৰ দিনলৈকে বিভিন্ন ঘটনাৰ বিৱৰণ দাঙি ধৰা হৈছে।

অসম বুৰঞ্জী পুথি
কাশীনাথ তামুলী ফুকন আৰু ৰাজানাথ বৰৰুৱাৰ দ্বাৰা ৰচিত অসম বুৰঞ্জী পুথি গ্ৰন্থখনত প্রাচীন কালৰ পৰা ব্রিটিছ আগমনলৈ এক সুদীর্ঘ সময়ৰ ৰজা আৰু ৰাজনৈতিক তথা ঐতিহাসিক ঘটনাৱলীৰ ধাৰাবাহিক বিৱৰণ পোৱা যায়। উল্লেখযােগ্য যে গ্রন্থখন পােনপ্ৰথমে ‘অৰুণােদয়ত' ছপা হৈ ওলাইছিল।
কামৰূপ বুৰঞ্জী
সূর্যকুমাৰ ভূঞাই সম্পাদনাত ১৯৩০ চনত প্রথম প্রকাশিত কামৰূপ বুৰঞ্জীখনৰ লেখকৰ নাম পােৱা নাযায়। বুৰঞ্জীখনৰ অধিকাংশ বর্ণনাই কিম্বদন্তিমূলক। প্রাচীন কামৰূপৰ হিন্দু ৰজাসকলৰ বৰ্ণনা গ্ৰন্থখনত বিবৃত কৰা হৈছে। অৱশ্যে খ্রীষ্টীয় সপ্তদশ শতিকাৰ আহােম-মােগলৰ যুদ্ধৰ এক বিস্তৃত বর্ণনাও গ্রন্থখনত সন্নিৱিষ্ট হৈছে। তথাপি বুৰঞ্জীখনত তথ্যনিৰ্ভৰ ঐতিহাসিক ইতিহাসৰ বিৱৰণ পর্যাপ্ত বুলিব নােৱাৰি। কামাখ্যাৰ মহিমাৰে আৰম্ভ কৰা কামৰূপ বুৰঞ্জীখন অলৌকিকতাৰ বাবে বহু কথা ত্রুটিপূর্ণ আৰু বিকৃত ধৰণৰ যেন লাগে।

পুৰণি অসম বুৰঞ্জী
কামৰূপ অনুসন্ধান সমিতিয়ে হেমচন্দ্র গােস্বামীৰ সম্পাদনাৰে ১৯২২ চনত পুৰণি অসম বুৰঞ্জী পুথিখন প্রকাশ কৰি উলিয়ায়। আহােম ৰাজত্বকালৰ পৰা গদাধৰ সিংহৰ মৃত্যুলৈকে এক দীঘলীয়া কালৰ বর্ণনা গ্রন্থখনত পােৱা যায়। চুহুংমুং দিহিঙ্গীয়া ৰজাৰ ৰাজত্ব কালৰ বিভিন্ন বর্ণনা, বুঢ়াৰজা প্রতাপ সিংহ, চক্ৰধ্বজ সিংহৰ ৰাজত্ব আৰু শৰাইঘাটৰ যুদ্ধৰ এক বিস্তৃত বর্ণনা বুৰঞ্জীখনত পােৱা যায়। মূল সাঁচিপতীয়া পুথিখন ঘনকান্ত যুৱৰাজৰ বিধৱা পত্নী মাহিন্দী দেৱীৰ পৰা সংগ্রহ কৰা হয়।

তুংখুঙীয়া বুৰঞ্জী
তুংখুঙীয়া বুৰঞ্জীখন মধ্যযুগীয়া অসমীয়া সাহিত্যৰ এক অন্যতম সম্পদ। লীলা গগৈয়ে তুংখুঙীয়া বুৰঞ্জী বা তুংখুঙ্গীয়া বুৰঞ্জীখনক অসমীয়া বুৰঞ্জী সাহিত্যৰ এটি বহুমূলীয়া মণি বুলি তেখেতৰ 'বুৰঞ্জী-সাহিত্য' নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে। শ্ৰীনাথ দুৱৰা বৰৰাই লিখা বুৰঞ্জীখনত ৰাজেশ্বৰ সিংহৰ (১৭৫১) ৰাজত্ব কালৰ পৰা কমলেশ্বৰ সিংহৰ ৰাজত্ব কালৰ প্ৰায় এঘাৰটা বছৰৰ বিৱৰণ আছে। কিন্তু উল্লেখযোগ্য কথাটো হ’ল- ছপা তুংখুঙ্গীয়া বুৰঞ্জীখনত ১৬৮১ চনৰ পৰা ১৮০৬ চনলৈকে আহোম ৰাজত্বৰ এক দীঘলীয় সময় উক্ত বুৰঞ্জীখনত সামৰা হৈছে। তুংখুঙ্গীয়া বুৰঞ্জীখনৰ প্ৰকৃত নাম শ্রীশ্রী তুংখুঙ্গীয়া স্বর্গীয়ৰ বংশাৱলী আছিল। তুংখুঙ্গীয়া নামটো সম্পাদক সূর্যকুমাৰ ভূঞাই দিয়াহে। বুৰঞ্জীখনত তুংখুঙ্গীয়া বংশৰ প্রতিষ্ঠাতা গদাধৰ সিংহৰ ৰাজত্ব কালৰ পৰা প্ৰমত্ত সিংহৰ ৰাজত্বকাল পর্যন্ত বিৱৰণ পােৱা যায় যদিও উদয়াদিত্য সিংহ ৰাজপাটত বহাৰ পৰা গদাধৰ সিংহ ৰাজপাটত বহাৰ সময়লৈকে বিভিন্ন ৰাজ শাসন সম্পর্কীয় কথাৰ বিৱৰণাে আছে। তদুপৰি বুৰঞ্জীখনত মােৱামৰীয়া বিদ্ৰোহৰ বিৱৰণো পােৱা যায়।

দেওধাই অসম বুৰঞ্জী
দেওধাই অসম বুৰঞ্জীখন মুঠ চাৰিখন বুৰঞ্জীৰ সমষ্টি। এই চাৰিখন বুৰঞ্জীৰ হ’ল- ১/ দেওধাই অসম বুৰঞ্জী, ২/ বাঁহগড়ীয়া বুঢ়াগােহাঁইৰ বুৰঞ্জী, ৩/ দাঁতিয়লীয়া বুৰঞ্জী আৰু ৪/ বিবিধখণ্ড বুৰঞ্জী। ইয়াৰে প্ৰথমখন বুৰঞ্জী অৰ্থাৎ দেওধাই অসম বুৰঞ্জীত আহােম ৰজাৰ উৎপত্তিৰ পৰা চুতিংফা নৰিয়া ৰজাৰ ৰাজত্ব কাললৈকে বিভিন্ন ৰাজনৈতিক ঘটনাৱলীৰ বর্ণনা আছে। দ্বিতীয়খনত আহােম ৰাজবংশৰ উৎপত্তিৰ পৰা চুচেংফা প্রতাপ সিংহৰ ৰাজত্ব কাললৈকে বর্ণনা আছে। উল্লেখযােগ্য যে বুৰঞ্জীখনৰ কথা ৰাজমন্ত্রী আতন বুঢ়াগােহাঁইৰ মুখেৰে ওলােৱা বাবে বুৰঞ্জীখনক বাঁহগড়ীয়া বুঢ়াগােহাঁইৰ বুৰঞ্জী বোলা হয়। তৃতীয়খন বুৰঞ্জীত অসমৰ দাঁতিকাষৰীয়া কছাৰী, জয়ন্তা ৰজা আৰু মিকিৰ, নেলী, গােভা, চহৰী, খাহিগৰীয়া আদি ৰজা-পােৱালিৰ সৈতে সম্পাদিত সম্পর্ক অতি সংক্ষিপ্ততকৈ বৰ্ণনা কৰিছে। চাৰিটা খণ্ডৰে নির্মিত বিবিধখণ্ড বুৰঞ্জীত আহােম সংস্কৃতিৰ বিৱৰণ উল্লেখ আছে।
সাতসৰী অসম বুৰঞ্জী
সাতখন বুৰঞ্জীৰ সমষ্টিয়ে হ’ল সাতসৰী অসম বুৰঞ্জী। প্ৰথমখনত খুনলুং-খুনলাইৰ পৰা চুজিফা অর্জুন দিহিঙ্গীয়া ৰজালৈকে, দ্বিতীয়খনত আদিৰজা স্বৰ্গনাৰায়ণৰ পৰা চুহুংমুং দিহিঙ্গীয়া ৰজালৈকে, তৃতীয়খনত দিহিঙ্গীয়া ৰজাৰ পৰা প্রমত্ত সিংহলৈকে. চতুর্থখনত দিহিঙ্গীয়া ৰজাৰ পৰা গৌৰীনাথ সিংহলৈকে, পঞ্চমখনত জয়ধ্বজ সিংহৰ পৰা চক্ৰধ্বজ সিংহলৈকে, ষষ্ঠখনত কমলেশ্বৰ সিংহৰ পৰা পুৰন্দৰ সিংহৰ উজনি অসমৰ কৰতলীয়া শাসনলৈকে বিভিন্ন ৰাজনৈতিক ঘটনা-পৰিঘটনা বর্ণিত, সপ্তমখনত আহােমৰ ৰাজনীতি, সমাজনীতিকে আদি কৰি সেই সময়ৰ সামাজিক মর্যাদা আদিৰ বর্ণনা আছে।

হৰকান্ত শর্মা মজিন্দাৰ বৰুৱাৰ আসাম বুৰঞ্জী
বুৰঞ্জীখনৰ ৰচনা কাল ঊনবিংশ শতিকাৰ শেষৰফালে। বুৰঞ্জীখনত আহােম ৰাজত্বৰ আৰম্ভণিৰ পৰা শেষলৈকে বর্ণনা আছে। বুৰঞ্জীখন লিখাৰ সময়ত হৰকান্ত বৰুৱা সদৰামীনে কাশীনাথ তামুলী ফুকনৰ বুৰঞ্জীৰ পৰা বিভিন্ন তথ্য সংগ্রহ কৰিছিল।
স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্ব কালত দুই ৰাজকটকী ৰত্ন কন্দলি আৰু অৰ্জুন দাস বৈৰাগীৰ যুটীয়া সহযােগত ১৭২৪ চনত ত্রিপুৰা বুৰঞ্জীখন ৰচনা কৰা হয়। ৰুদ্ৰসিংহই এই দুগৰাকী ৰাজকটকীক ত্ৰিপুৰা ৰাজাৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। সেই ত্ৰিপুৰা ভ্ৰমণৰ সময়তে ৰাজকর্তব্য পালনৰ উপৰি ত্ৰিপুৰা যাত্ৰাৰ বিৱৰণ, ত্ৰিপুৰা বিৱৰণ, দুয়াে ৰাজ্যৰ সম্পৰ্কৰ বৰ্ণনাকে আদি কৰি ত্ৰিপুৰাৰ মদন পূজাৰ দৰে বিভিন্ন আকর্ষণীয় বর্ণনাও বুৰঞ্জীখনত লিপিবদ্ধ কৰে।
কছাৰী বুৰঞ্জী
কছাৰী বুৰঞ্জীখনত প্রাচীন কালৰে পৰা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজা তাম্ৰধ্বজৰ সময়লৈকে বিভিন্ন ৰাজনৈতিক ঘটনা-পৰিঘটনাৰ বিৱৰণ আছে।

জয়ন্তীয়া বুৰঞ্জী
জয়ন্তীয়া বুৰঞ্জীখনত জয়ন্তীয়া আৰু খৈৰাম (খাচি) ৰাজ্যৰ ঐতিহাসিক বর্ণনা পােৱা যায়। ইয়াত প্রাচীন কালৰ পৰা স্বৰ্গদেউ শিৱসিংহৰ সমসাময়িক জয়ন্তীয়া নৃপতি লক্ষীসিংহৰ ৰাজত্ব কাললৈকে উল্লেখ আছে। তদুপৰি জয়ন্তীয়া সমাজত প্ৰচলিত মাতৃপূজাৰৰ বিৱৰণ পােৱা ইয়াত যায়।

পাদাশ্বাহ বুৰঞ্জী
পাদশ্বাহ বুৰঞ্জী অসমৰ পটভূমিত ৰচিত বুৰঞ্জী নহয়। ইয়াত ভাৰবৰ্ষত মুছলমান ৰাজত্বৰ বিভিন্ন দিশৰ বিৱৰণ আছে। বিশেষকৈ পৃথ্বীৰাজ বা পিথুৰাজৰ পৰাজয়ৰ পৰা ঔৰঙ্গজেৱৰ অভ্যুত্থানৰ সময়লৈকে ইয়াত বৰ্ননা কৰা হৈছে। টাইমূৰৰ ভাৰতবর্ষ আক্রমণ, শ্বেৰশ্বাহ-হুমায়ুনৰ যুদ্ধ, শ্বাহজাহানৰ পুত্ৰসকলৰ মাজত সংঘটিত সংঘর্ষ, ঔৰঙ্গজেৱৰ সিংহাসন লাভ আদি বিভিন্ন ঘটনা পাদশ্বাহ বুৰঞ্জীত পােৱা যায়। উল্লেখযোগ্য যে, বুৰঞ্জীখন কোনাে ৰজা বা ৰজাঘৰীয়াৰ পৃষ্ঠপােষকতাত ৰচিত হােৱা নাছিল। তদুপৰি ইয়াত লেখকৰ নামাে উল্লেখ পােৱা নাযায়। কামৰূপ অনুসন্ধান সমিতিয়ে সূর্যকুমাৰ ভূঞাৰ সম্পাদনাত ১৯৩৫ চনত পাদশ্বাহ বুৰঞ্জীখন ছপা কৰি উলিয়ায়।
বুৰঞ্জী সাহিত্য, সমসাময়িক অসমীয়া সমাজ জীৱন
মধ্যযুগটো অসমীয়া ভাষা, সাহিত্য, সমাজ আৰু সংস্কৃতিৰ বাবে এটা উল্লেখনীয় যুগ। কেৱল ভাষা, সাহিত্য, সমাজ আৰু সংস্কৃতিৰ বাবেই যে এই যুগটো গুৰুত্বপূৰ্ণ তেনে নহয়, ৰাজনৈতিক দিশতাে এই যুগটো সমানেই গুৰুত্বপূৰ্ণ। যি ৰাজনৈতিক পৰিৱেশে মধ্যযুগীয় অসমৰ সমগ্ৰ অঞ্চলকেই বিভিন্ন ধৰণে প্রভাৱিত কৰি ৰাখিছিল, ষােড়শ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ প্ৰাৰম্ভলৈকে পৰিব্যাপ্ত মধ্যযুগৰ অসমৰ ৰাজনৈতিক বাতাবৰণৰ প্ৰভাৱ সামাজিক স্তৰতাে নপৰাকৈ থকা নাছিল। এই সময়ছােৱাত বিশেষকৈ খ্রীষ্টিয় যােড়শ শতিকাৰ পৰা অষ্টাদশ শতিকালৈ অসমৰ পূব প্ৰান্তৰ যিদৰে আহােম ৰাজশক্তিৰ উত্থান হৈছিল, পশ্চিমৰ কমতা ৰাজ্য নৰনাৰায়ণৰ ৰাজত্বৰ পিছত লাহে লাহে দুর্বল হৈ পৰিছিল। লগে লগে ভাষা-সাহিত্যৰ ক্ষেত্ৰতাে তাৰ বিৰূপ প্ৰভাৱ পৰিছিল। চুতীয়া শক্তি আৰু অন্যান্য শক্তিৰ লগতে কছাৰী শক্তিও সেই সময়ত আহােমৰ শক্তিৰ তুলনাত প্রায় নিষ্প্রভ বিন্দুত অৱস্থান কৰিবলগীয়া হৈছিল। গতিকে মধ্যযুগৰ অসমত ছশ বছৰীয়া ৰাজশাসনৰ কৃতিৰে অসমত যি শাসনৰ নমুনা দেখুৱালে সি অসমৰ ইতিহাসত নিশ্চয় বিৰল। লক্ষ্যণীয় কথাটো এয়ে যে আহােম শক্তিও যে সদায় একে ৰূপত চলিছিল তেনে নহয়। ছশ বছৰীয়া আহােমৰ ইতিহাসতো উত্থান-পতন, গৃহকন্দল আদি সংঘটিত হৈছিল। ৰাজপৃষ্ঠপােষকতাত সৃষ্ট বুৰঞ্জী সাহিত্যসমূহ তাৰেই প্রামাণিক দলিল যদিও এইবিধ সাহিত্যই অসমীয়া সাহিত্যৰ ভৰালটোক এক বিৰল মর্যাদাও প্রদান কৰি গৈছে।
বুৰঞ্জীবিদ লীলা গগৈয়ে বুৰঞ্জী সাহিত্যসমূহ তিনিটা দিশত অতিকে তাৎপর্যপূর্ণ বুলি উল্লেখ কৰিছে। প্ৰথমতে, আধুনিক ভাৰতীয় ভাষাৰ ভিতৰতে বুৰঞ্জীসমূহ একক আৰু অতুলনীয়। দ্বিতীয়তে, বুৰঞ্জী আহােম ৰাজ্যৰ সাধাৰণ মানুহৰ মুখৰ মাত-কথা আৰু ৰাজ চ’ৰাৰ শাসকীয় ভাষাৰ চানেকী আৰু তৃতীয়তে, বুৰঞ্জীত সমসাময়িক জনজীৱনৰ বর্ণাঢ্য বর্ণনা পােৱা যায়। তেওঁৰ মন্তব্যৰ পৰাই অনুমান কৰিব পাৰি বুৰঞ্জীসমূহ ৰাজনৈতিক তথা ঐতিহাসিকভাৱে যিমানেই সমৃদ্ধ সামাজিকভাৱেও সমানেই সমৃদ্ধ। আমি এই আলােচনাত বুৰঞ্জী সাহিত্যৰ বৈশিষ্ট্যপূর্ণ অন্যতম দিশ সমসাময়িক অসমীয়া সমাজ জীৱনৰ এটি চিত্ৰ দাঙি ধৰিবলৈ যত্ন কৰিম।
মধ্যযুগীয় সমাজখন যে কৃষিজীৱী অর্থাৎ কৃষিনির্ভৰ সমাজ আছিল সেই বিষয়ে চৰিত পুথি, বংশাৱলীকে আদি কৰি বুৰঞ্জীসমূহেও প্রমাণ কৰে। আহােমৰ ৰাজত্ব কালত ডাঙৰ ডাঙৰ বিষয়াসকলে বিস্তৃৰ পৰিমাণে মাটিবাৰী পােৱাৰ উপৰি খেতি কৰিবলৈ ‘পাইক’ আদিও লাভ কৰিছিল। 'পাইক' বিলাকক 'লিক্চৌ’ নামেৰেও জনা যায়। এই আধাৰতে আহােম ৰাজ্যত তিনি শ্ৰেণী মানুহৰ উদ্ভৱ হৈছিল বুলি অনুমান কৰাৰ থল আছে।
প্রথমটো- ৰাজকুমাৰ, সম্রান্ত লােক বা ডাঙৰ ডাঙৰ বিষয়াসকল,
দ্বিতীয়টো- চমুৱা বা পাইক-চমুৱা আৰু
তৃতীয়টো- সাধাৰণ প্রজা।
অৱশ্যে সাধাৰণ লােক হ'লেও আহােম ৰজাসকলে তেওঁলােকক উপযুক্ত খেতি-মাটি পৰিয়াল অনুপাতে প্রদান কৰিছিল। সাধাৰণ লােকৰ পৰা বিষয়াসকললৈ যে কৃষিৰ এটি সুস্থ পৰম্পৰা
আছিল সেই কথা সুকুমাৰ বৰকাথৰ ঘৰত পােৱা অসম বুৰঞ্জীত উল্লেখ পােৱা যায়। বুৰঞ্জীখনত
উল্লেখ থকা মতে এগৰাকী সিংহাসনচ্যুত আহােম ৰজাই কান্দি কান্দি কৈছিল বােলে, 'মই মােৰ
খেতিপথাৰত হালবাই থাকোতেই অতিকে সুখী আছিলো। বিষয়াসকলে মােক ৰজা পাতিলে,
তেওঁলােকেই মােক সিংহাসনচ্যুত কৰি মাৰিবলৈ ওলাইছে।'
এই কৃষি পৰম্পৰাৰ পৰাই মধ্যযুগীয় অর্থনীতিৰে উমান পাব পাৰি। অর্থাৎ মধ্যযুগীয় অসমৰ অৰ্থনীতিৰ মূল আধাৰ আছিল কৃষি। সেই সময়ত জমিদাৰী প্ৰথাৰাে প্ৰচলন আছিল। কৃষক, দাস অথবা শ্ৰমিকসকলে উৎপাদিত কৃষি সামগ্ৰীৰ এটা অংশ জমিদাৰ বা মাটিৰ মালিকক দিব লাগিছিল। কামৰূপৰ বুৰঞ্জীত উল্লেখ থকা মতে ভূঞাসকল আছিল প্রকৃতাৰ্থত ‘গ্রামেশ্বৰ বা জমিদাৰহে।
আহােমসকলে প্ৰয়ােগ কৰা মুদ্রা নীতি ভিতৰুৱা অঞ্চলবােৰত সৰ্বসাধাৰণ লােকে নকৰিব পৰা নাছিল। সেয়েহে আহােম ৰাজত্বৰ সময়ছােৱাত মুদ্ৰাৰ সমান্তৰালভাৱে বিনিময় প্ৰথা কড়ি আৰু মুদ্ৰা, দুয়ােটা প্রথাৰেই সামগ্ৰীৰ ক্রয়-বিক্রয় চলিছিল। খাজনাৰ ক্ষেত্ৰত ৰজাঘৰৰ ফালৰ পৰা খেতি কৰিবলৈ দিয়া মাটিত খাজনা আৰােপিত হােৱা নাছিল যদিও গৃহ নির্মিত মাটিত খাজনা আৰােপ কৰা হৈছিল।
বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত হাতেৰে তৈয়াৰী বাঁহ, বেত বা কাঠৰ বিভিন্ন সামগ্রী ক্রয়-বিক্ৰয় কৰাৰ উপৰি ঔষধজাত সামগ্ৰীৰ, যেনে- গছৰ ছাল-পাত-শিপা, মৌ, পাহাৰীয়া নিমখ আদি আনকি খেতিৰ পৰা পােৱা মাহ, আদা, হালধি, তিল, তেল আদিৰাে বেচা-কিনা হৈছিল। আহােম ৰাজত্বৰ কালছােৱাত নৰা কাপােৰ, কিৰমিজ কাপােৰ, চামৰ, মােৰা-বিচনী, হাতী দাঁতৰ ডাব কটাৰী, গাথিয়ন, সােণৰ হাৰ, ৰিহা-মেখেলা আদিও তৈয়াৰ কৰি লােৱা হৈছিল। আহােম ৰজা বা ৰাজবিষয়া সকল যে আর্থিকভাৱে যথেষ্ট টনকীয়াল আছিল সেই কথা হাজোৰ থানাদাৰ মিৰ্জা জাহিনাই প্রতাপ সিংহৰ পৰা দাবী কৰা ধন-সম্পত্তি; মিৰজুমলাই জয়ধ্বজ সিংহৰ পৰা দাবী কৰা ধন-সম্পত্তিৰ পৰাই প্রমাণ পাব পাৰি। এইদৰে বিভিন্ন বুৰঞ্জী বা বিভিন্ন নথি-পত্ৰৰ পৰা মধ্যযুগীয় অর্থনীতিৰ কিছু হ'লেও উমান পাব পাৰি।
আহােম ৰাজত্বৰ সময়ছােৱাত হিন্দু সমাজত বর্ণভেদ প্ৰভাৱ খুবেই স্পষ্ট আছিল। ব্রাহ্মণ আৰু বৈষ্ণৱ ভক্তৰ মাজত সংঘটিত অৰিয়া-অৰিৰ কথা বিভিন্ন বুৰঞ্জী আৰু চৰিত পুথিত পোৱা যায়। তদুপৰি অভিজাত আৰু নিম্ন শ্রেণীৰাে প্ৰভাৱ আছিল। ৰজাঘৰীয়া বা সাতঘৰীয়া আহােম ফৈদ আৰু ডা-ডাঙৰীয়াসকলে স্বাভাৱিক ভাৱেই অভিজাত শ্ৰেণীৰ শ্রেণীভুক্ত হৈছিল। আনহাতে, সামাজিক মর্যাদা অনুসাৰে বৰগােহাঁই, বুঢ়াগােহাঁই, বৰফুকন, বৰবৰা, ফুকন, গগৈ, বৰুৱা, হাজৰিকা আদিৰাে সৃষ্টি আহােমসকলেই কৰিছিল।
আহােম ৰাজত্বৰ তৎকালীন সমাজৰ সামাজিক উত্তৰণৰ বাবে আহােম ৰজাসকলে সময়ে সময়ে দ’ল-দেৱালয়, মন্দিৰ, বাট-পথ-গড়, মৈদাম, পুখুৰী আদি নির্মাণ কৰাৰ প্রমাণ বিভিন্ন বুৰঞ্জীত পোৱা যায়। উদাহৰণ স্বৰূপে- চুখাম্ফা খােৰাৰজাৰ দিনত গােহাঁইকমল আলি বন্ধোৱা, বুঢ়াৰজা প্রতাপসিংহৰ ৰাজত্ব কালত চামধৰাত গড় নির্মাণ কৰা, চুক্লেনমুং গড়গঞা ৰজাৰ দিনত গড়গাঁৱত গড় নির্মাণ, গড়গাঁৱত পুখুৰী খন্দোৱা ইত্যাদি উল্লেখযােগ্য।
বিহু আহােমসকলৰ দিনতে জাতীয় উৎসৱ হিচাপে পৰিগণিত হােৱা কথা আমি সকলােৱে জানাে। বিহু জাতীয় উৎসৱ ৰূপে পৰিগণিত হােৱাৰ লগে লগে বিহুগীত, বনগীতসমূহ বাঢ়িবলৈ ধৰে। 'জিকিৰসমূহো এই যুগৰে দান। প্রসঙ্গক্রমে ছুফী ধর্মমূলক সাহিত্যখিনিৰ কথাও উল্লেখ কৰিব পাৰি। কেৱল সেয়ে নহয়, বিভিন্ন ৰজা বা ৰাজপৃষ্ঠপােষকতাত সৃষ্ট ভিন্নধর্মী সাহিত্যও এই ক্ষেত্ৰত উল্লেখযােগ্য। উদাহৰণ স্বৰূপে স্বৰ্গদেউ ৰুদ্ৰসিংহ, শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰীৰ আমােলতে ব্রহ্মবৈৱৰ্ত পুৰাণ, গীতগােবিন্দ অথবা শকুন্তলা কাব্যৰ দৰে উচ্চমানৰ সাহিত্য সৃষ্টি কৰাই নহয় আহোম যুগৰ শ্ৰেষ্ঠ কবিৰূপেও স্বীকৃত হৈছিল। বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াতাে আহােমসকলৰ যথেষ্ট, অৰিহণা আছে। ওচৰ চুবুৰীয়া ৰাজ্য আৰু জাতি-জনজাতিৰ সৈতে সময়ে সময়ে যুদ্ধ বিগ্রহ লাগিছিল যদিও সন্ধি-চুক্তি আদিৰে এখন বৃহত্তৰ সমাজে গঠন কৰি থৈ গৈছে। বিশেষকৈ নগা, কাৰ্বি, গাৰো, খাচি, আনকি চুতীয়া, জয়ন্তীয়া, কছাৰী আদিৰে একত্রিত কৰা সু-সম্পর্কই বৃহৎ অসমীয়া জাতি গঠনত আহােমসকলে প্রভূত অৰিহণা দি থৈ গৈছে।
বুৰঞ্জী সাহিত্যৰ বৈশিষ্ট্য সন্দৰ্ভতে উদাহৰণসহ উল্লেখ কৰা হৈছে যে বুৰঞ্জীৰ ভাষাত থলুৱা ফকৰা-যােজনা, প্রবাদ-প্রবচন বহুলভাৱে প্ৰয়ােগ কৰা হৈছে। এনেবােৰ সাহিত্যিক উপাদানেও সমসাময়িক সমাজৰ আন এটা দিশৰ সাক্ষ্য বহন কৰে। এইদৰে বিচাৰ কৰিলে আহােম পৃষ্ঠপােষকতাত সৃষ্ট বুৰঞ্জীখিনিৰ পৰা সমাজৰ জাতিটোৰ দিশৰ উন্মােচন সন্ঢালনি ৰূপত নহ'লেও যিখিনি পােৱা গৈছে তাৰ পৰাই মধ্যযুগীয় অসমীয়া সমাজখনৰ সামাজিক চিত্ৰৰ কিছু আভাস পাব পাৰি।
পাদশ্বাহ বুৰঞ্জী অসমৰ পটভূমিত ৰচিত বুৰঞ্জী নহয়। ইয়াত ভাৰবৰ্ষত মুছলমান ৰাজত্বৰ বিভিন্ন দিশৰ বিৱৰণ আছে। বিশেষকৈ পৃথ্বীৰাজ বা পিথুৰাজৰ পৰাজয়ৰ পৰা ঔৰঙ্গজেৱৰ অভ্যুত্থানৰ সময়লৈকে ইয়াত বৰ্ননা কৰা হৈছে। টাইমূৰৰ ভাৰতবর্ষ আক্রমণ, শ্বেৰশ্বাহ-হুমায়ুনৰ যুদ্ধ, শ্বাহজাহানৰ পুত্ৰসকলৰ মাজত সংঘটিত সংঘর্ষ, ঔৰঙ্গজেৱৰ সিংহাসন লাভ আদি বিভিন্ন ঘটনা পাদশ্বাহ বুৰঞ্জীত পােৱা যায়। উল্লেখযোগ্য যে, বুৰঞ্জীখন কোনাে ৰজা বা ৰজাঘৰীয়াৰ পৃষ্ঠপােষকতাত ৰচিত হােৱা নাছিল। তদুপৰি ইয়াত লেখকৰ নামাে উল্লেখ পােৱা নাযায়। কামৰূপ অনুসন্ধান সমিতিয়ে সূর্যকুমাৰ ভূঞাৰ সম্পাদনাত ১৯৩৫ চনত পাদশ্বাহ বুৰঞ্জীখন ছপা কৰি উলিয়ায়।
বুৰঞ্জী সাহিত্য, সমসাময়িক অসমীয়া সমাজ জীৱন
মধ্যযুগটো অসমীয়া ভাষা, সাহিত্য, সমাজ আৰু সংস্কৃতিৰ বাবে এটা উল্লেখনীয় যুগ। কেৱল ভাষা, সাহিত্য, সমাজ আৰু সংস্কৃতিৰ বাবেই যে এই যুগটো গুৰুত্বপূৰ্ণ তেনে নহয়, ৰাজনৈতিক দিশতাে এই যুগটো সমানেই গুৰুত্বপূৰ্ণ। যি ৰাজনৈতিক পৰিৱেশে মধ্যযুগীয় অসমৰ সমগ্ৰ অঞ্চলকেই বিভিন্ন ধৰণে প্রভাৱিত কৰি ৰাখিছিল, ষােড়শ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ প্ৰাৰম্ভলৈকে পৰিব্যাপ্ত মধ্যযুগৰ অসমৰ ৰাজনৈতিক বাতাবৰণৰ প্ৰভাৱ সামাজিক স্তৰতাে নপৰাকৈ থকা নাছিল। এই সময়ছােৱাত বিশেষকৈ খ্রীষ্টিয় যােড়শ শতিকাৰ পৰা অষ্টাদশ শতিকালৈ অসমৰ পূব প্ৰান্তৰ যিদৰে আহােম ৰাজশক্তিৰ উত্থান হৈছিল, পশ্চিমৰ কমতা ৰাজ্য নৰনাৰায়ণৰ ৰাজত্বৰ পিছত লাহে লাহে দুর্বল হৈ পৰিছিল। লগে লগে ভাষা-সাহিত্যৰ ক্ষেত্ৰতাে তাৰ বিৰূপ প্ৰভাৱ পৰিছিল। চুতীয়া শক্তি আৰু অন্যান্য শক্তিৰ লগতে কছাৰী শক্তিও সেই সময়ত আহােমৰ শক্তিৰ তুলনাত প্রায় নিষ্প্রভ বিন্দুত অৱস্থান কৰিবলগীয়া হৈছিল। গতিকে মধ্যযুগৰ অসমত ছশ বছৰীয়া ৰাজশাসনৰ কৃতিৰে অসমত যি শাসনৰ নমুনা দেখুৱালে সি অসমৰ ইতিহাসত নিশ্চয় বিৰল। লক্ষ্যণীয় কথাটো এয়ে যে আহােম শক্তিও যে সদায় একে ৰূপত চলিছিল তেনে নহয়। ছশ বছৰীয়া আহােমৰ ইতিহাসতো উত্থান-পতন, গৃহকন্দল আদি সংঘটিত হৈছিল। ৰাজপৃষ্ঠপােষকতাত সৃষ্ট বুৰঞ্জী সাহিত্যসমূহ তাৰেই প্রামাণিক দলিল যদিও এইবিধ সাহিত্যই অসমীয়া সাহিত্যৰ ভৰালটোক এক বিৰল মর্যাদাও প্রদান কৰি গৈছে।
বুৰঞ্জীবিদ লীলা গগৈয়ে বুৰঞ্জী সাহিত্যসমূহ তিনিটা দিশত অতিকে তাৎপর্যপূর্ণ বুলি উল্লেখ কৰিছে। প্ৰথমতে, আধুনিক ভাৰতীয় ভাষাৰ ভিতৰতে বুৰঞ্জীসমূহ একক আৰু অতুলনীয়। দ্বিতীয়তে, বুৰঞ্জী আহােম ৰাজ্যৰ সাধাৰণ মানুহৰ মুখৰ মাত-কথা আৰু ৰাজ চ’ৰাৰ শাসকীয় ভাষাৰ চানেকী আৰু তৃতীয়তে, বুৰঞ্জীত সমসাময়িক জনজীৱনৰ বর্ণাঢ্য বর্ণনা পােৱা যায়। তেওঁৰ মন্তব্যৰ পৰাই অনুমান কৰিব পাৰি বুৰঞ্জীসমূহ ৰাজনৈতিক তথা ঐতিহাসিকভাৱে যিমানেই সমৃদ্ধ সামাজিকভাৱেও সমানেই সমৃদ্ধ। আমি এই আলােচনাত বুৰঞ্জী সাহিত্যৰ বৈশিষ্ট্যপূর্ণ অন্যতম দিশ সমসাময়িক অসমীয়া সমাজ জীৱনৰ এটি চিত্ৰ দাঙি ধৰিবলৈ যত্ন কৰিম।
আহােম যুগৰ সমাজ ব্যৱস্থাত যুগনায়ক তথা নৱবৈষ্ণৱ ধর্ম প্রচাৰৰ কাণ্ডাৰী পুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছিল। এই যুগৰ সাহিত্যৰ অন্যতম সম্পদ চৰিত পুথিসমূহেই তাৰ জ্বলন্ত প্রমাণ। ইতিমধ্যে আহােম ৰাজশক্তিয়ে প্রভাব বিস্তাৰ কৰাৰ লগে লগে ইন্দ্রবংশী আহােমসকলে পূর্বৰ ধৰ্ম পৰিত্যাগ কৰি হিন্দু ধর্মত দীক্ষিত হয়। লাহে লাহে আহােম ৰাজশাসনৰ বাহিৰে-ভিতৰে ধর্মীয় আৰু সামাজিক প্রেক্ষাপট সলনি হ'বলৈ ধৰে। অৱশ্যে তাৰ মাজতে অর্থাৎ উজনিত সত্ৰ-সংস্কৃতিয়ে বিকশিত ৰূপ ধাৰণ কৰি থকা সময়তে গদাধৰ সিংহৰ সময়ত সত্ৰসমূহ ভাঙি দিয়াৰ চেষ্টা কৰি মহন্ত-গোহাঁইক ৰজাঘৰীয়া কাম কাজত নিয়ােগ কৰােবাৰ অপচেষ্টা চলিছিল যদিও তেওঁৰ পুত্ৰ ৰুদ্ৰসিংহই তেওঁলােকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে। সত্ৰৰ বুৰঞ্জী অথবা চৰিত পুথিত এনে অনেক কাহিনী বর্ণিত আছে। সি যিয়েই নহওক আহােমৰ ৰাজপৃষ্ঠপােষকতাই হিন্দু ধর্ম আৰু হিন্দু সংস্কৃতিৰ বিস্তাৰত প্রভূত ইন্ধন যােগাইছিল বৈষ্ণৱ ধৰ্মৰ সহজ আচৰণীয় ধর্ম প্রণালীয়ে সর্বসাধাৰণৰ লগতে ৰজাঘৰৰ ভিতৰতাে খলকনি নােতােলাকৈ থকা নাছিল। এই সময়তেই বহুতাে জনজাতীয় লােকে বৈষ্ণৱ ধৰ্মত দীক্ষিত হৈ কোচ আৰু শৰণীয়া কছাৰী, দিহিং-মায়ামৰীয়া ভকতৰূপে পৰিচিত হৈ পৰিছিল। জয়ধ্বজ সিংহৰ ৰাজত্ব কালত আউনীআটীত সত্র স্থাপন, জখলাবন্ধা আৰু জতকৰা সত্ৰ স্থাপনৰ উল্লেখে বৈষ্ণৱ ধৰ্মৰ প্রতি ৰজাঘৰীয়াৰ আগ্ৰহৰ প্ৰমাণ পােৱা যায়। আহােমসকল হিন্দু ধৰ্মৰ বৈষ্ণৱ পন্থাৰ প্ৰতিয়েই যে আকর্ষিত আছিল তেনে নহয়, হিন্দু ধৰ্মৰ অন্য পন্থাৰ প্রতিও তেওঁলােকৰ আকৰ্ষণৰ প্ৰমাণ বুৰঞ্জীত পােৱা যায়। বিশেষকৈ সূর্য দেৱতাক পূজা কৰা, সন্ত-মহন্ত সমন্বিতে ব্রাহ্মণ-দৈৱজ্ঞক দান-দক্ষিণাৰ লগতে পূজা-পাতল কৰা, যুদ্ধ জয়ৰ ফলস্বৰূপে ৰণজয় উৎসৱ পালন আদিৰাে বর্ণনা বুৰঞ্জীত পােৱা যায়। তদুপৰি শাক্ত ধৰ্মৰ প্ৰচলনৰ উল্লেখাে কোনাে কোনাে বুৰঞ্জীত পােৱা যায়। পৰ্বতীয়া গােসাই, মুকলিমূৰীয়া গােসাঁই, ন-গোসাঁই আদিৰ প্রতিপত্তি এই প্রসঙ্গত বিশেষভাৱে উল্লেখযােগ্য। অৰীতীয়া মত প্রৱর্তনৰ সাক্ষাও বুৰঞ্জীয়ে বহন কৰে।
প্রথমটো- ৰাজকুমাৰ, সম্রান্ত লােক বা ডাঙৰ ডাঙৰ বিষয়াসকল,
দ্বিতীয়টো- চমুৱা বা পাইক-চমুৱা আৰু
তৃতীয়টো- সাধাৰণ প্রজা।
অৱশ্যে সাধাৰণ লােক হ'লেও আহােম ৰজাসকলে তেওঁলােকক উপযুক্ত খেতি-মাটি পৰিয়াল অনুপাতে প্রদান কৰিছিল। সাধাৰণ লােকৰ পৰা বিষয়াসকললৈ যে কৃষিৰ এটি সুস্থ পৰম্পৰা
আছিল সেই কথা সুকুমাৰ বৰকাথৰ ঘৰত পােৱা অসম বুৰঞ্জীত উল্লেখ পােৱা যায়। বুৰঞ্জীখনত
উল্লেখ থকা মতে এগৰাকী সিংহাসনচ্যুত আহােম ৰজাই কান্দি কান্দি কৈছিল বােলে, 'মই মােৰ
খেতিপথাৰত হালবাই থাকোতেই অতিকে সুখী আছিলো। বিষয়াসকলে মােক ৰজা পাতিলে,
তেওঁলােকেই মােক সিংহাসনচ্যুত কৰি মাৰিবলৈ ওলাইছে।'
এই কৃষি পৰম্পৰাৰ পৰাই মধ্যযুগীয় অর্থনীতিৰে উমান পাব পাৰি। অর্থাৎ মধ্যযুগীয় অসমৰ অৰ্থনীতিৰ মূল আধাৰ আছিল কৃষি। সেই সময়ত জমিদাৰী প্ৰথাৰাে প্ৰচলন আছিল। কৃষক, দাস অথবা শ্ৰমিকসকলে উৎপাদিত কৃষি সামগ্ৰীৰ এটা অংশ জমিদাৰ বা মাটিৰ মালিকক দিব লাগিছিল। কামৰূপৰ বুৰঞ্জীত উল্লেখ থকা মতে ভূঞাসকল আছিল প্রকৃতাৰ্থত ‘গ্রামেশ্বৰ বা জমিদাৰহে।
আহােমসকলে প্ৰয়ােগ কৰা মুদ্রা নীতি ভিতৰুৱা অঞ্চলবােৰত সৰ্বসাধাৰণ লােকে নকৰিব পৰা নাছিল। সেয়েহে আহােম ৰাজত্বৰ সময়ছােৱাত মুদ্ৰাৰ সমান্তৰালভাৱে বিনিময় প্ৰথা কড়ি আৰু মুদ্ৰা, দুয়ােটা প্রথাৰেই সামগ্ৰীৰ ক্রয়-বিক্রয় চলিছিল। খাজনাৰ ক্ষেত্ৰত ৰজাঘৰৰ ফালৰ পৰা খেতি কৰিবলৈ দিয়া মাটিত খাজনা আৰােপিত হােৱা নাছিল যদিও গৃহ নির্মিত মাটিত খাজনা আৰােপ কৰা হৈছিল।
বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত হাতেৰে তৈয়াৰী বাঁহ, বেত বা কাঠৰ বিভিন্ন সামগ্রী ক্রয়-বিক্ৰয় কৰাৰ উপৰি ঔষধজাত সামগ্ৰীৰ, যেনে- গছৰ ছাল-পাত-শিপা, মৌ, পাহাৰীয়া নিমখ আদি আনকি খেতিৰ পৰা পােৱা মাহ, আদা, হালধি, তিল, তেল আদিৰাে বেচা-কিনা হৈছিল। আহােম ৰাজত্বৰ কালছােৱাত নৰা কাপােৰ, কিৰমিজ কাপােৰ, চামৰ, মােৰা-বিচনী, হাতী দাঁতৰ ডাব কটাৰী, গাথিয়ন, সােণৰ হাৰ, ৰিহা-মেখেলা আদিও তৈয়াৰ কৰি লােৱা হৈছিল। আহােম ৰজা বা ৰাজবিষয়া সকল যে আর্থিকভাৱে যথেষ্ট টনকীয়াল আছিল সেই কথা হাজোৰ থানাদাৰ মিৰ্জা জাহিনাই প্রতাপ সিংহৰ পৰা দাবী কৰা ধন-সম্পত্তি; মিৰজুমলাই জয়ধ্বজ সিংহৰ পৰা দাবী কৰা ধন-সম্পত্তিৰ পৰাই প্রমাণ পাব পাৰি। এইদৰে বিভিন্ন বুৰঞ্জী বা বিভিন্ন নথি-পত্ৰৰ পৰা মধ্যযুগীয় অর্থনীতিৰ কিছু হ'লেও উমান পাব পাৰি।
আহােম ৰাজত্বৰ সময়ছােৱাত হিন্দু সমাজত বর্ণভেদ প্ৰভাৱ খুবেই স্পষ্ট আছিল। ব্রাহ্মণ আৰু বৈষ্ণৱ ভক্তৰ মাজত সংঘটিত অৰিয়া-অৰিৰ কথা বিভিন্ন বুৰঞ্জী আৰু চৰিত পুথিত পোৱা যায়। তদুপৰি অভিজাত আৰু নিম্ন শ্রেণীৰাে প্ৰভাৱ আছিল। ৰজাঘৰীয়া বা সাতঘৰীয়া আহােম ফৈদ আৰু ডা-ডাঙৰীয়াসকলে স্বাভাৱিক ভাৱেই অভিজাত শ্ৰেণীৰ শ্রেণীভুক্ত হৈছিল। আনহাতে, সামাজিক মর্যাদা অনুসাৰে বৰগােহাঁই, বুঢ়াগােহাঁই, বৰফুকন, বৰবৰা, ফুকন, গগৈ, বৰুৱা, হাজৰিকা আদিৰাে সৃষ্টি আহােমসকলেই কৰিছিল।
আহােম ৰাজত্বৰ তৎকালীন সমাজৰ সামাজিক উত্তৰণৰ বাবে আহােম ৰজাসকলে সময়ে সময়ে দ’ল-দেৱালয়, মন্দিৰ, বাট-পথ-গড়, মৈদাম, পুখুৰী আদি নির্মাণ কৰাৰ প্রমাণ বিভিন্ন বুৰঞ্জীত পোৱা যায়। উদাহৰণ স্বৰূপে- চুখাম্ফা খােৰাৰজাৰ দিনত গােহাঁইকমল আলি বন্ধোৱা, বুঢ়াৰজা প্রতাপসিংহৰ ৰাজত্ব কালত চামধৰাত গড় নির্মাণ কৰা, চুক্লেনমুং গড়গঞা ৰজাৰ দিনত গড়গাঁৱত গড় নির্মাণ, গড়গাঁৱত পুখুৰী খন্দোৱা ইত্যাদি উল্লেখযােগ্য।
বিহু আহােমসকলৰ দিনতে জাতীয় উৎসৱ হিচাপে পৰিগণিত হােৱা কথা আমি সকলােৱে জানাে। বিহু জাতীয় উৎসৱ ৰূপে পৰিগণিত হােৱাৰ লগে লগে বিহুগীত, বনগীতসমূহ বাঢ়িবলৈ ধৰে। 'জিকিৰসমূহো এই যুগৰে দান। প্রসঙ্গক্রমে ছুফী ধর্মমূলক সাহিত্যখিনিৰ কথাও উল্লেখ কৰিব পাৰি। কেৱল সেয়ে নহয়, বিভিন্ন ৰজা বা ৰাজপৃষ্ঠপােষকতাত সৃষ্ট ভিন্নধর্মী সাহিত্যও এই ক্ষেত্ৰত উল্লেখযােগ্য। উদাহৰণ স্বৰূপে স্বৰ্গদেউ ৰুদ্ৰসিংহ, শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰীৰ আমােলতে ব্রহ্মবৈৱৰ্ত পুৰাণ, গীতগােবিন্দ অথবা শকুন্তলা কাব্যৰ দৰে উচ্চমানৰ সাহিত্য সৃষ্টি কৰাই নহয় আহোম যুগৰ শ্ৰেষ্ঠ কবিৰূপেও স্বীকৃত হৈছিল। বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াতাে আহােমসকলৰ যথেষ্ট, অৰিহণা আছে। ওচৰ চুবুৰীয়া ৰাজ্য আৰু জাতি-জনজাতিৰ সৈতে সময়ে সময়ে যুদ্ধ বিগ্রহ লাগিছিল যদিও সন্ধি-চুক্তি আদিৰে এখন বৃহত্তৰ সমাজে গঠন কৰি থৈ গৈছে। বিশেষকৈ নগা, কাৰ্বি, গাৰো, খাচি, আনকি চুতীয়া, জয়ন্তীয়া, কছাৰী আদিৰে একত্রিত কৰা সু-সম্পর্কই বৃহৎ অসমীয়া জাতি গঠনত আহােমসকলে প্রভূত অৰিহণা দি থৈ গৈছে।
বুৰঞ্জী সাহিত্যৰ বৈশিষ্ট্য সন্দৰ্ভতে উদাহৰণসহ উল্লেখ কৰা হৈছে যে বুৰঞ্জীৰ ভাষাত থলুৱা ফকৰা-যােজনা, প্রবাদ-প্রবচন বহুলভাৱে প্ৰয়ােগ কৰা হৈছে। এনেবােৰ সাহিত্যিক উপাদানেও সমসাময়িক সমাজৰ আন এটা দিশৰ সাক্ষ্য বহন কৰে। এইদৰে বিচাৰ কৰিলে আহােম পৃষ্ঠপােষকতাত সৃষ্ট বুৰঞ্জীখিনিৰ পৰা সমাজৰ জাতিটোৰ দিশৰ উন্মােচন সন্ঢালনি ৰূপত নহ'লেও যিখিনি পােৱা গৈছে তাৰ পৰাই মধ্যযুগীয় অসমীয়া সমাজখনৰ সামাজিক চিত্ৰৰ কিছু আভাস পাব পাৰি।
-------------------------------------------------------------------------------------------------------------
0 Comments
Please do not enter any spam link in the comment box.