চৰিত সাহিত্য

চৰিত সাহিত্যৰ উদ্ভৱ আৰু বিকাশ

            অৱশ্যে, অসমীয়া সাহিত্যত শঙ্কৰােওৰ যুগতহে চৰিত সাহিত্যৰ ইতিহাস আৰম্ভ হয়। অর্থাৎ "বুদ্ধ চৰিত" ৰচনাৰ প্রায় পােন্ধৰ শ বছৰতকৈয়াে অধিক কাল পাছতহে অসমীয়া সাহিত্যত চৰিত সাহিত্য পৰম্পৰাবিধৰ সূচনা হয়। বুদ্ধ চৰিত্ৰ ৰচনা কাল আনুমানিক খ্রীষ্টীয় প্রথম শতিকা বুলি ঠাৱৰ কৰা হৈছে। খ্রীঃপূঃ ৪৮৩ ত বুদ্ধদেৱৰ মহাপ্ৰয়াণৰ প্রায় ৬০০ বছৰ পিছত অশ্বঘােষে এই কালজয়ী "বুদ্ধ চৰিত" গ্ৰন্থখন লিখি উলিয়ায়।

            সাধাৰণতে, যিবোৰ পুথিত কোনাে ব্যক্তি বিশেষৰ জীৱন আৰু কার্যাৱলী বর্ণিত থাকে তাকে চৰিত পুথি বােলা হয়। ভাৰতীয় সাহিত্যৰ ইতিহাসত চৰিত পুথিৰ লিখিত পৰম্পৰা অতি প্ৰাচীন। দৰাচলতে, অশ্বঘােষ নামৰ পণ্ডিত এজনে "বুদ্ধ চৰিত" গন্থখন ৰচনা কৰাৰ লগে লগে ভাৰতীয় সাহিত্য জগতত চৰিত পুথিৰ দৰে এক নব্য সাহিত্য সম্পদৰ সূচনা হয়।


            আধুনিক সমালােচকসকলৰ মতে, জীৱনী হ'বলৈ হ'লে সি আৱেগবর্জিত ৰচনা হ'বই লাগিব। অর্থাৎ অগ্রণী বা বিশিষ্ট ব্যক্তি এজনৰ জীৱনী লিখিবলৈ যাওঁতে ব্যক্তিজনৰ জীৱনত নঘটিবলগীয়া ঘটনাবােৰ জীৱনীকাৰে স্বেচ্ছাই এৰাই চলা প্রকৃত জীৱনীৰ আদৰ্শ নহয়। জন‌্চনৰ মতে- বাক্তি জীৱনৰ প্ৰতিটো সত্য পাঠকৰ ওচৰত অৱগত কৰাটোহে প্রকৃত জীৱনীৰ আদৰ্শ হােৱা উচিত। এই পিনৰ পৰা লক্ষ্য কৰিলে চৰিত পুথিসমূহক প্রকৃত জীৱনী বা Biography বুলি ক'ব নােৱাৰি। এই দৃষ্টিভঙ্গীৰে বিশ্লেষণ কৰিলে অশ্বঘােষৰ "বুদ্ধ চৰিত"কো প্রকৃত জীৱনীৰ শাৰীত পেলাব নােৱাৰি। ইংৰাজীত Biography নিচিনা Hagiography নামৰ এটি অভিধা পােৱা যায়, যাৰ আভিধানিক অর্থ হ'ল- সন্ত চৰিত। ইয়াৰ তাত্ত্বিক বা অন্তর্নিহিত অর্থ হ'ল সন্ত পুৰুষৰ জীৱনৰ বিস্ময়কৰ ঘটনাৱলী বর্ণনা। মানৱীয় গুণাৱলীতকৈ অলৌকিক বর্ণনা Hagiographyৰ এক প্রধান অৱলম্বন। বিষয়বস্তুৰ বৰ্ণনাৰ পৰা বা বর্ণনা ৰীতিৰ তাত্ত্বিক দিশৰ পৰা "বুদ্ধ চৰিত"ক Hagiography তহে অন্তর্ভুক্ত কৰিব পাৰি। কাৰণ, বুদ্ধদেৱৰ জীৱন আৰু তেওঁৰ কার্যাৱলী বর্ণনা কৰোঁতে মানৱীয় দৃষ্টিভঙ্গীতকৈ বুদ্ধদেৱক পৰমেশ্বৰ কল্পনাৰে বৰ্ণনা কৰোঁতে অলৌকিক বা অতিৰঞ্জিত বর্ণনাকহে মুখ্যভাৱে স্থান দিয়া হৈছে। বুদ্ধদেৱৰ মহাপ্ৰয়াণৰ বহু কালৰ পিছতাে তেওঁৰ শিষ্য আৰু ভক্তসমাজৰ মাজত বুদ্ধৰ অতিমানৱীয় ৰূপটোৱে তেওঁলােকৰ মন আচ্ছন্ন কৰি ৰাখিছিল। অশ্বঘােষেও বুদ্ধদেৱৰ জীৱন-কৰ্ম আৰু আদৰ্শৰ সান্নিধ্যৰে আচ্ছন্ন হৈ সেই দৃষ্টিভঙ্গীৰেই "বুদ্ধ চৰিত" ৰচনা কৰিছিল। ধর্মীয় আৱেগেৰে গ্ৰন্থখন লিখোঁত প্রকৃত জীৱন চৰিতৰ গুণাগুণ হেৰুওৱালেও জীৱন চৰিত লেখনৰ পৰম্পৰা সৃষ্টিৰে গুৰুৰ প্ৰতি শ্রদ্ধা নিবেদনৰ এক অনন্য বাট দেখুৱাই দিয়াৰ বাবে অশ্বঘােষ ঐতিহাসিকভাৱে এজন সফল কলাকাৰ নোবোলি নোৱাৰি।

            বৌদ্ধ সাহিত্যৰ দৰে জৈন সাহিত্যতাে চৰিতৰ লক্ষণ বিশিষ্ট সাহিত্য সম্পদৰ ভিতৰত হেমচন্দ্ৰৰ দ্বাৰা ৰচিত "ত্রিষষ্টিশলাকা পুৰুষ" চৰিত অথবা গুণচন্দ্ৰৰ দ্বাৰা ৰচিত "মহাবীৰ চৰিতম্" এই শ্ৰেণীৰ (Hagiography) দুখন ইতিহাস প্রসিদ্ধ গ্রন্থ। গ্রন্থ দুখনত ব্যক্তিনিষ্ঠ বর্ণনা মাত্রাধিক। এই মাত্রাধিক্যতাৰ বাবে গ্ৰন্থখনক প্রকৃত জীৱন চৰিতৰ পৰা আঁতৰাই ৰাখিছে। ত্রিষষ্টিশলাকা পুৰুষ চৰিতত ৬৩ জন মহাপুৰুষৰ জীৱন কাহিনী বিবৃত কৰা হৈছে।

            উল্লেখযোগ্য যে, লৌকিক সংস্কৃত ৰচিত পুৰাণসমূহ Hagiographyৰ সমপর্যায়ৰে বুলিব পাৰি, কিয়নাে এইবােৰতাে অতি প্রাকৃত তথা অলৌকিকতাৰ পৰিমাণ অধিকভাৱে দেখা যায়। এই পিনৰ পৰা লক্ষ্য কৰিলে পুৰাণসূর্য শ্রীমদ্ভাগৱত পুৰাণৰ অন্তৰ্গত দশম স্কন্ধৰ নব্বৈ (৯০)টা অধ্যায়ত কৃষ্ণৰ অতি প্রাকৃত আৰু অতিলৌকিক ঘটনা বিভিন্ন কাহিনীৰে পৰিপূৰ্ণ হােৱা বাবে গ্রন্থখনিক Hagiography বুলি কোৱাৰ যুক্তি আছে বুলি অসমীয়া সংস্কৃতিৰ গৱেষক পণ্ডিত নবীন‌ চন্দ্ৰ শৰ্মাই উল্লেখ কৰিছে।

            ভাৰতীয় চৰিত সাহিত্যৰ পৰম্পৰাত বাণভট্টৰ হৰ্য-চৰিত আৰু কলহনৰ ৰাজতৰঙ্গিনী- দুখন উল্লেখযােগ্য গ্রন্থ। গ্রন্থ দুখনৰ বর্ণিত বিষয়বস্তু পূর্বোল্লিখিত গ্রন্থসমূহৰ দৰে বহু পৰিমাণে Hagiographyৰ লক্ষণ বা আচৰণৰ পৰা কিছু মুক্ত যদিও হর্ষ-চৰিতক একেবাৰে অলৌকিকতা মুক্ত বুলিব নােৱাৰি। তথাপি সন্ত লােকৰ পৰিৱর্তে এই গ্রন্থত কোনাে ৰাজকীয় চৰিত্ৰৰ ৰাজকার্য বর্ণিত হৈছে। অৱশ্যে দ্বিতীয়খনত কোনাে অলৌকিকতা বা অলৌকিক কাহিনীৰ পৰিৱর্তে কাশ্মীৰৰ ইতিহাসেৰে বিবৃত এখন বিশুদ্ধ চৰিত গ্রন্থ বুলি যুক্তি কোৱাৰ থল আছে।



            সংস্কৃত, পালি আৰু প্রাকৃতৰ দৰে অপভ্রংশ স্তৰতাে এইবিধ সাহিত্যৰ ৰচনাৰ পৰম্পৰা প্ৰচলিত আছিল। অপভ্রংশ স্তৰতাে বিভিন্নজন পণ্ডিতে এই শ্ৰেণীৰ সাহিত্য ৰচনা কৰি ভাৰতীয় চৰিত সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে। অপভ্রংশ স্তৰত ৰচিত কেইখনমান উল্লেখযােগ্য চৰিত গ্রন্থ হ’ল- পুষ্পদন্তৰ জসহৰচৰিউ (যশােধৰ চৰিত), নায়কুমাৰ চৰিউ (নাগকুমাৰ চৰিত); কনকামৰ মুনিৰ কপকণ্ডচৰিউ; হৰিভদ্র সুৰিৰ ণেমিণাহচৰিউ (নেমিনাথ চৰিত) বিশেষভাৱে উল্লেখযােগ্য। ইয়াৰে ‘জসহৰচৰিউত' জৈনসকলৰ জনপ্রিয় ৰজা যশােধৰৰ কাহিনী বর্ণিত হােৱাৰ বিপৰীতে "নায়কুমাৰ চৰিউ"ত আছে- জৈনসকলৰ ২৪জন কামদেৱৰ ভিতৰত আটাইতকৈ ৰূপবান নায়কুমাৰৰ কাহিনী। সেইদৰে চম্পাৰ ৰজা দখিবাহনৰ পুত্ৰ কৰকণ্ডৰ জীৱনৰ ঘাত-প্রতিঘাত, প্রাপ্তি-অপ্রাপ্তিৰ এখন দীঘলীয়া দলিল স্বৰূপ কৰকণ্ড চৰিউ। আনহাতে, ণেমিণাহচৰিউত জৈন তীর্থঙ্কৰ নেমিনাথৰ জীৱন কাহিনী বর্ণিত কৰা হৈছে। সংস্কৃত কাব্যানুকৰণত ৰচিত গ্রন্থখনিত কিছু অলৌকিক কাহিনীৰ প্ৰভাৱ দেখা যায়।

            অসমীয়া চৰিত সাহিত্যৰ প্ৰেক্ষাপটত শঙ্কৰদেৱৰ তিৰােভাৱৰ পাছত মাধৱদেৱে শঙ্কৰদেৱৰ জীৱন কালৰ মহত্ত্ব আৰু কার্যাৱলীৰ গুণানুকীর্তনেৰে 'চৰিত তােলা প্রথা’ৰ জৰিয়তে এই পৰম্পৰাৰ শুভাৰম্ভণি ঘটায়। ইয়াৰ আগতে চৰিত লিখাৰ পৰম্পৰা অসমত উদ্ভৱ হােৱা নাছিল। অৱশ্যে দশম-একাদশ শতিকাৰ পৰা চতুর্দশ শতিকাৰ প্ৰাৰম্ভলৈকে তেনে কোনাে লিখিত সাহিত্য ৰচনাৰ প্ৰমাণো পােৱা নাযায়। যদি ৰচনা হৈছিলাে তথাপি বিভিন্ন প্রাকৃতিক, সামাজিক বা মানুহৰ সচেতনহীনতাৰ বাবে ৰচিত পুথিবােৰ হয়তাে কালৰ গতিত লয় পাইছিল। প্রাক্‌-শঙ্কৰী যুগত এমুঠিমান সাহিত্যিকে সাহিত্য ৰচনা কৰিলেও তেওঁলােকৰ সাহিত্যত আনকি শঙ্কৰী যুগৰ বহল সাহিত্য পৰিসৰৰ মাজতাে চৰিত ৰচনাৰ নিদর্শন নাই। তদুপৰি মাধৱদেৱে জীৱিত কালত গুৰুভক্তিৰ পৰাকাষ্ঠাৰে চৰিত চৰ্চাৰ পৰম্পৰাৰ আৰম্ভণি ঘটালেও পূর্ণাঙ্গ সাহিত্যিক ৰূপটিলৈ উত্তৰ শঙ্কৰ বা শঙ্কৰােত্তৰ যুগলৈকে অপেক্ষা কৰিবলগীয়া হৈছিল। অৱশ্যে চৰিত পুথি বা চৰিত সাহিত্যৰ পৰৱৰ্তী সাক্ষ্য জীৱনী সাহিত্য অসমীয়া সাহিত্যাকালৰাে সঞ্চালনি সাহিত্য সম্ভাৰ।

            উল্লেখযােগ্য যে চৰিত লিখাৰ পৰম্পৰা যে কেৱল ভাৰতবৰ্ষতে হৈছিল তেনে নহয়। বিশ্ব সাহিত্যতাে ই এটি নির্ভৰযােগ্য সাহিত্য উপাদান। বিশ্ব সাহিত্যৰ প্ৰেক্ষাপটত প্লুটার্কৰ (Plutarch) Lives এখন উল্লেখযােগ্য জীৱনী সাহিত্যই নহয়। Lives ৰ স্রষ্টা প্লুটার্কক জীৱন চৰিতৰ পিতৃ আখ্যা দিয়া হৈছে। তেওঁৰ Lives গ্ৰন্থত ৪৬জন গ্রীক আৰু ৰােমান মহাপুৰুষৰ জীৱন বৃত্তৰ এটি তুলনা দাঙি ধৰিছে।


            আন আন ভাৰতীয় সাহিত্যৰ দৰে মধ্যযুগত বাংলা সাহিত্যতাে এই বিধ সাহিত্যৰ পৰস্পৰা ৰক্ষিত হৈছিল। বাংলা সাহিত্যত চৈতন্য চৰিতামৃত অথবা চৈতন্য ভগৱত এই শ্রেণী সাহিত্যৰ উৎকৃষ্ট নিদর্শন।


            উল্লেখযোগ্য যে ভাৰতীয় চৰিত সাহিত্যখিনিৰ গাঁথনিক দিশ আৰু বিষয়বস্তুলৈ লক্ষ্য কৰিলে প্রাচীন স্তৰৰ মাজৰ পৰা শুদ্ধ ৰূপৰ বা বিশুদ্ধ চৰিত পুথি এখন উলিয়াই অনা যথেষ্ট টান। ইয়াৰ কাৰণ ব্যাখ্যা কৰি অসমৰ সাংস্কৃতিক ইতিহাস নামৰ গ্ৰন্থত অসমীয়া সংস্কৃতিৰ গৱেষক পণ্ডিত নবীন চন্দ্র শর্মাই মন্তব্য আগ বঢ়াই এনেদৰে কৈছে- “ ভাৰতীয়সকলে প্রাচীন কালৰে পৰা ঐহিক আৰু ব্যক্তি জীৱনত বিশেষ মূল্য আৰােপ নকৰিছিল। সেই কাৰণে খন্তেকীয়া সাধাৰণ মানৱ জীৱনৰ ঘটনা লিপিবদ্ধ কৰাত চকু নিদিছিল। ... দেৱতাৰ অনুগ্রহ অবিহনে মানৱৰ কোনাে মূল্য বা অস্তিত্বই নাই, তেওঁ কোনাে কাৰ্যৰেই কর্তা নহয়, তেওঁ কেৱল ফলভােগী, গতিকে মানৱৰ প্ৰকৃত গুণগৰিমা, কীৰ্ত্তন নিষ্প্রয়ােজনীয়। ভাৰতীয়সকলৰ এনেবিধৰ বিনীত-মানসিকতা আৰু প্রগাঢ় দেৱভক্তিৰ বাবেই ভাৰতীয় সাহিত্যত প্রকৃত চৰিতৰ অভাৱ।” সেইকাৰণে কোনাে মানৱীয় চৰিতৰ বর্ণনা দৈৱী পুৰুষৰ অলৌকিক কার্যকলাপৰ প্ৰভাৱত মানৱীয় চৰিত্রাঙ্কন ম্লান পৰা দেখা যায়।


            সি যি কি নহওক, প্রাচীন চৰিত বা আধুনিক জীৱনী যি ৰচনাই নহওক কিয়, কোনাে বিশিষ্ট ব্যক্তি বা সস্ত পুৰুষৰ জীৱন আৰু কার্যাৱলীৰহে যিহেতু বর্ণনা সন্নিৱিষ্ট হয়, সেই গতিকে ব্যক্তিজনৰ আদর্শাত্মক দিশটোৰ ওপৰতহে বেছি চকু ৰখা হৈছিল। তেনে আদর্শাত্মক ব্যক্তি যিহেতু দৈৱী পুৰুষৰ লক্ষণজাত, গতিকে তেনে ব্যক্তিৰ আদৰ্শহীন কার্য বা চৰিত্ৰৰ বৰ্ণনাৰে তেওঁক সমাজৰ আগত হেয় কৰাৰ মানসিকতা পােষণ কৰিব নােৱৰাটোৱেই স্বাভাৱিক। তেওঁলােকে এইটো ধাৰণাহে দিব বিচাৰে যে সেই বিশেষ ব্যক্তিজন দৈৱী পুৰুষজনৰ সৈতে যেন কোনাে ধৰণৰ পার্থক্য নাই। এনে দৈৱ অনুকম্পাৰে সিঞ্চিত মহানুভূতিৰ বাবে চৰিতৰ প্রাচীন স্তৰৰ চৰিতখিনিত বিশুদ্ধতাৰ অভাৱ স্পষ্ট ৰূপত পৰিলক্ষিত হৈছিল। অৱশ্যে এইটোও কোৱা সমীচীন হ’ব যে ভাৰতীয় চৰিত ইতিহাসৰ পৰা বিশ্ব চৰিত ইতিহাসলৈ অথবা অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ পটভূমিত ৰচিত সমগ্ৰ চৰিত সাহিত্যৰ ধাৰাতেই ব্যক্তিবিশেষৰ আদৰ্শাত্মক দিশটো বিশেষভাৱে উন্মােচিত হৈছিল বুলিব পাৰি। দৰাচলতে, চৰিত পুথিসমূহৰ এই নৈতিক আদৰ্শৰ বাবেই সমাজত এইবােৰক আজিও অতি সন্মানৰ চকুৰে চোৱা হয়। অসমীয়া চৰিতখিনিও কেৱল বৈষ্ণৱ ধৰ্মৰ মাজতেই নহয় সমগ্ৰ অসমীয়া সাহিত্য আৰু সংস্কৃতিৰে অতি আদৰৰ বস্তু।

             ভাৰতীয় চৰিত পুথিৰ ইতিহাস অতি পুৰণি যদিও তুলনামূলকভাৱে অসমীয়া চৰিত পুথি বা চৰিত সাহিত্যৰ ইতিহাস সিমান পুৰণি নহয়। নৱবৈষ্ণৱ ধৰ্মৰ প্রৱর্তক শ্ৰীমন্তশঙ্কৰদেৱ আৰু মাধৱদেৱৰ তিৰােভাৱৰ পিছত সৃষ্টি হোৱা এইবিধ সাহিত্যৰ আগতে চৰিত পুথি ৰচনাৰ কোনাে প্রমাণ পোৱা নাযায়। "গুৰু চৰিত কথা" অনুসৰি মাধৱদেৱেই এই পৰম্পৰাৰ প্রথম প্রৱর্তক। অর্থাৎ তেৱেঁই গুৰুজীৱনৰ (শঙ্কৰদেৱৰ) চৰিতৰ ব্যাখ্যা আন দহাে ভকতৰ সন্মুখত গুণানুকীৰ্তনৰ জৰিয়তে ‘চৰিত তােলা’ প্রথাৰ সূচনাৰে এইবিধ সাহিত্য পৰম্পৰাৰ শুভাৰম্ভণি কৰে। চৰিত তােলা প্রথা’সম্পৰ্কত মহেশ্বৰ নেওগে অসমীয়া সাহিত্যৰ ৰূপৰেখা গ্রন্থত এটি সুন্দৰ ব্যাখ্যা এনেদৰে আগ বঢ়াইছে- “আমাৰ দেশৰ সত্ৰ-থান আদিত কীৰ্ত্তন-প্রসঙ্গৰ পিছতে ‘চৰিত তােলা' বা 'চৰিত চর্চা' বুলি এটি ৰীতি প্রচলিত আছে- নিত্য বা নৈমিত্তিক কোনাে উপলক্ষ্যত ভকতসকল গােট-পিট খাই গুৰুৰ জীৱন-কাহিনী এফালৰ পৰা আলােচনা কৰে। ঠায়ে ঠায়ে পদ-চৰিতৰ পৰাও একোডােখৰ সুৰ লগাই গায়। এজন কথকে কওঁতে কিবা আসােৱাহ ওলালে আন এজনে তাক পােনাই ঠিক বাটলৈ আনি দিয়ে। কোনাে সজ্জনৰ ঘৰতাে কেতিয়াবা দহ ভকত একলগ হৈ এনে প্রসঙ্গ প্রৱর্তন কৰে। কেতিয়াবা কেতিয়াবা তেওঁলােকৰ মন গুৰুমাহাত্মত ইমানেই মজে যে তিনি-চাৰি দিন চৰিত চর্চা একে লেথাৰিকৈ চলি থাকে। এনেধৰণে চৰিত তােলাৰ ভিতৰত মন কৰিবলগীয়া কথা এইয়ে যে- গুৰুসকলৰ অনেক উক্তি বেদবাণীৰ দৰে লৰচৰ নােহােৱাকৈ অনেক কাল অনেক থান-সত্ৰত একে ধৰণে আবৃত্তি কৰা হৈ আহিছে আৰু এনেকৈয়ে গুৰু কথাৰ ঐতিহ্যৰ এটি শকত সোঁত চাৰি পাঁচশ বছৰে বৈ আহিছে।” যি ‘চৰিত তােলা’ প্ৰথাৰ দ্বাৰা অনুপ্রাণিত হৈ অনিৰুদ্ধ দাসে পদ চৰিত ৰচনা কৰিছিল-

“কথা ৰূপে ভক্তসৱে চর্চে ঠাই ঠাই।
পদ-ছন্দে কৰিবাক মােৰ অভিপ্রায়।।”


            চৰিত পুথিৰ উদ্ভৱত সত্ৰসমূহৰ ভূমিকা অপৰিসীম। যদিও চৰিত চর্চা কেতিয়াবা কেতিয়াবা কোনাে ভকত-সজ্জনৰ ঘৰতো হৈছিল, তথাপি চৰিত চৰ্চাৰ বাবে অগ্রাধিকাৰ পােৱা মুখ্য স্থানসমূহ আছিল প্রকৃততে এই সত্ৰসমূহ। সত্ৰসমূহ যে চৰিত চৰ্চাৰ প্রাণকেন্দ্ৰ আছিল সেই কথা বিভিন্ন সত্ৰদত পােৱা চৰিত পুথিসমূহলৈ লক্ষ্য কৰিলেই উমান পাব পাৰি। তাৰ ভিতৰত মধ্যযুগীয় গদ্য সাহিত্যৰ অপূর্ব নিদর্শন কথা গুৰু চৰিত (পিছলৈ গুৰু চৰিত কথা)ৰ ৰচিত আৰু সংৰক্ষিত সত্ৰ হ’ল বৰপেটা সত্ৰ, গুৰু চৰিত ৰচনা কৰা হয় বৰদোৱা সত্ৰৰ মজিয়াত, আউনীআটী সত্ৰত ৰচিত কেইখনমান উল্লেখযােগ্য চৰিত পুথি হ'ল বংশীগােপাল চৰিত, হৰিদেৱ চৰিত, লক্ষীনাথ দেৱ-চৰিত, সেইদৰে দক্ষিণপাট সত্ৰত ৰচিত হৈছে বনমালীদেৱ চৰিত।


            সপ্তদশ শতিকাৰ পৰা উনবিংশ শতিকাৰ প্ৰাৰম্ভলৈকে পৰিব্যাপ্ত অন্যতম প্রাচীন অসমীয়া ভাষা-সাহিত্যৰ এই যুগটো সপ্তদশ শতিকাৰ পৰা অষ্টাদশ শতিকাৰ ভিতৰত অধিকাংশ চৰিত পুথিৰ ৰচনা হৈছিল। গদ্য আৰু পদ্য- এই দুয়ােটা মাধ্যমতে এই চৰিত পুথিসমূহ ৰচনা কৰা হৈছিল। অৱশ্যে গদ্যত ৰচিত চৰিতকৈ পদ্যত ৰচিত চৰিতৰ সংখ্যা সৰহ। পদ্যত ৰচিত চৰিত পুথিসমূহৰ ভিতৰত উল্লেখযােগ্য চৰিত পুথি কেইখনমান হ’ল- ৰামচৰণ ঠাকুৰৰ শঙ্কৰ চৰিত (গুৰু চৰিত), ভূষণ দ্বিজৰ শঙ্কৰ চৰিত, দৈত্যাৰি ঠাকুৰৰ শঙ্কৰদেৱ মাধৱদেৱ চৰিত, ৰামানন্দ দ্বিজৰ বংশীগােপাল চৰিত, নীলকণ্ঠ দাসৰ দেৱ দামােদৰদেৱ চৰিত্ৰ, দামােদৰ দাসৰ গুৰু চৰিত্ৰ, অনিৰুদ্ধ দাসৰ গুৰু বর্ণনা আদিয়েই উল্লেখযােগ্য।


            সেইদৰে গদ্য বা কথাৰ মাধ্যমত ৰচিত চৰিতসমূহৰ ভিতৰত দুজনা গুৰু, ন-জনা আতা
আৰু দুজনা ঠাকুৰৰ চৰিত বর্ণনাৰে বর্ণিত উপেন্দ্রনাথ লেখাৰুদেৱৰ সম্পাদিত "কথা গুৰু চৰিত" অন্যতম। অৱশ্যে গ্রন্থখনি মহেশ্বৰ নেওগৰ সম্পাদনাৰ সময়ত "গুৰু-চৰিত কথা" ৰখা হয়। গদ্যত ৰচিত আন এখন চৰিত হ’ল মহেশ্বৰ নেওগ সম্পাদিত "বৰদোৱা চৰিত"। গােবিন্দ দাসৰ সন্ত সম্প্রদা কথাও গদ্য চৰিতৰ আন এখন উল্লেখযােগ্য গদ্যত ৰচিত চৰিত পুথিৰ নিদর্শন।


            লিখনৰীতিৰ ফালৰ পৰা চৰিত পুথিসমূহক যিদৰে ‘গদ্য আৰু ‘পদ্য' -এই দুটা ভাগত ভাগ কৰা হৈছে, বিষয়বস্তুৰ ফালৰ পৰাও চৰিত পুথিসমূহক দুটা ভাগত ভাগ কৰিব পাৰি। সত্যেন্দ্রনাথ শৰ্মাৰ মতে এই দুই বিধৰ এবিধত কোনাে সন্ত পুৰুষ বিশেষৰ জন্মৰ পৰা মৃত্যুলৈকে বিভিন্ন কথা বর্ণনা থাকে। আনবিধত থাকে সন্ত পুৰুষজনৰ কর্ম আৰু গুণাৱলীৰ বর্ণনা।

             চৰিত পুথিসমূহ নৱবৈষ্ণৱ ধৰ্মৰ পটভূমিত ৰচিত। সেইবাবে স্বাভাৱিকভাৱেই চৰিত পুথিসমূহত বৈষ্ণৱ ধৰ্মৰ বিভিন্ন দিশ সমৰি লোৱা হৈছে।‌ কিন্তু চৰিত পুথিসমূহ অধ্যয়ন কৰিলে এইটা দেখিবলৈ পােৱা যায় যে চৰিত পুথিসমূহত কেৱল বৈষ্ণৱ বা বৈষ্ণৱ আচাৰ-ৰীতিৰেই বর্ণনা নাই, এইবোৰত তৎকালীন সমাজৰ সমাজ ব্যৱস্থাৰ চিত্ৰণকে আদি কৰি ৰাজনৈতিক, অৰ্থনৈতিক আদি বিভিন্ন দিশৰ চিত্ৰণৰো প্রকাশ ঘটিছিল। এই ক্ষেত্ৰত অসমীয়া চৰিত সাহিতৰ মধ্যমণি স্বৰূপ গুৰু চৰিত কথালৈ আঙুলিয়াব পাৰি। গ্রন্থখনিত সপ্ত পুৰুষৰ জীৱন আৰু কাৰ্যাৱলীৰ বৰ্ণনাৰ লগতে মধ্যযুগীয় সামাজিক বুৰঞ্জীৰ প্রতিটো দিশেই উন্মােচিত হৈছে। এই পিনৰ পৰা গ্ৰন্থখনিক মধ্য যুগৰ ঐতিহাসিক দলিল হিচাপে অভিহিত কৰাৰ যুক্তি নিশ্চয় আছে। কেৱল বুৰঞ্জীত থকাৰ দৰে চৰিত পুথিত কোনাে ৰজা-মহাৰজাৰ ৰাজনৈতিক কার্যকলাপৰ বৰ্ণনা পােনপটীয়াভাৱে নাথাকে। তাৰ বিপৰীতে সর্বসাধাৰণৰ জীৱন-ধাৰণৰ বৰ্ণনাৰ লগতে সামাজিক আৰু সাংস্কৃতিক দিশৰ বৰ্ণনাও থাকে। অৱশ্যে গুৰুকলক ঈশ্বৰত্ব প্রদানৰ বাবে মাজে মাজে অলৌকিক বা অতিপ্রাকৃত ঘটনাৰ বৰ্ণনাও দেখিবলৈ পােৱা যায়। এইদৰে বিচাৰ কৰিলে অসমীয়া চৰিত পুথিখিনি বৈষ্ণৱ ধৰ্মাদৰ্শৰ দ্বাৰা ৰঞ্জিত যদিও বিভিন্ন জাতি-উপজাতিৰ বসতিস্থল সেই সময়ৰ অসমৰ সামাজিক চিত্র বর্ণনা, কৃষিজীৱী সমাজৰ জীৱন-ধাৰণৰ প্ৰণালী, ৰাজনৈতিক পৰিৱেশৰ চিত্ৰণকে আদি কৰি আর্থ-সামাজিক দিশৰ বিভিন্ন বর্ণনাৰ বাবে মধ্যযুগীয় বিভিন্ন সাহিত্য সম্পদৰ ভিতৰত চৰিত পুথিখিনিৰ এক সুকীয়া মূল্য সদায় আছে আৰু থাকিব। এইখিনিতে উল্লেখযোগ্য যে সত্ৰীয়া পৰিৱেশত ৰচিত সকলােবােৰ চৰিতেই আজিও প্রকাশৰ মুখ দেখ নাই। এতিয়াও বহু পুথি হাতে লিখা অৱস্থাতে আছে। সেই সমূহ পুথি প্রকাশ হ'লে চৰিত পুথিসমূহৰ মর্যাদা বৃদ্ধি পােৱাৰ লগতে নন তথ্যৰাে যে সমল ওলাব তাত কোনাে সন্দেহ নাই।

চৰিত পুথিৰ বৈশিষ্ট্য -

            ভাষা আৰু সাহিত্যৰ যিবােৰ সম্পদে অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ মধ্যযুগটোক মহীয়ান কৰি ৰাখিছে সেইসমূহ সাহিত্য সম্পদৰ ভিতৰত চৰিত পুথিৰ স্থান নিঃসন্দেহে অতি উচ্চ। অসমীয়া চৰিত পুথিৰ উদ্ভৱ প্ৰসঙ্গতে চৰিত পুথিৰ স্থান আৰু বিষয়বস্তু সম্পর্কেও কিছু ধাৰণা লাভ কৰিব পাৰি। যদিও বৈষ্ণৱ ধর্ম আৰু সত্ৰসমূহৰ আশ্রয়তে চৰিত পুথিসমূহ ৰচিত হৈছে, তথাপি আন কেইটামান দিশতাে চৰিতসমূহ খুবেই গুৰুত্বপূর্ণ। তাৰ ভিতৰত উল্লেখযােগ্য হ’ল- ইয়াৰ কথাৰীতি বা গদ্যৰীতি। অসমীয়া সাহিত্যৰ মধ্যযুগটোৰ সময় ধৰা হয় ষােড়শ শতিকাৰ একেবাৰে শেষ বা সপ্তদশ শতিকাৰ প্ৰাৰম্ভৰ পৰা অষ্টাদশ শতিকাৰ শেষৰ সময়ছােৱালৈকে। এই সময়ছােৱাত চৰিত পুথি, বুৰঞ্জী পুথিকে আদি কৰি আন কেইবাটিও গদ্য সাহিত্যৰ স্বাক্ষৰ বহনকাৰী সাহিত্য-উপাদানৰ জন্ম হয়। এই সকলােৰে ভিতৰত আধুনিকতাৰ পিনে ধাৱিত দুটি গদ্যৰ ধাৰা হ’ল চৰিত পুথি আৰু বুৰঞ্জী পুথিৰ গদ্য। পদ্যত লিখা চৰিত পুথিৰ তুলনাত গদ্যত লিখা চৰিত পুথিৰ সংখ্যা তাকৰ। তথাপি গদ্যৰ নিদর্শন পর্যাপ্ত আলােচনাৰ বাবে গুৰু চৰিত কথা বা বৰদোৱা চৰিতেই যথেষ্ট। দৰাচলতে, গদ্যৰীতিৰ বাবেই এইসমূহ চৰিত যথেষ্ট বৈশিষ্ট্যপূর্ণ। পদ্যত লিখা চৰিতসমূহেও প্রাচীন ছন্দ-ৰীতিৰ মাধ্যমত ৰচিত হােৱাৰ বাবে ইবােৰে সাহিত্যিক সৌন্দর্য অটুট ৰাখিবলৈ সক্ষম হৈছে। তদুপৰি ভকতীয়া ঠাঁচকে আদি কৰি ঐহিক জীৱনৰ ঘটনা বর্ণনাৰ বাবে সৰ্বসাধাৰণে সততে ব্যৱহাৰ কৰা ভাষা-ৰীতিকে গদ্য চৰিতত ব্যৱহাৰ কৰাত ই সকলােৰে বাবে সুখপাঠ্য হৈছে। ইয়াৰ বাহিৰেও সামাজিক বুৰঞ্জীৰ দলিত ৰূপে আখ্যায়িত চৰিত পুথিসমূহত প্রকাশিত সমাজৰ বিভিন্ন দিশৰ বৰ্ণনায়াে চৰিত পুথিখনিক বৈশিষ্ট্যপূর্ণ কৰি তােলাত সহায় কৰিছে। ইয়াৰ আধাৰতে তলত চৰিত পুথিসমূহৰ কেতবােৰ বৈশিষ্ট্য উল্লেখ কৰা হ'ল-


            চৰিত পুথিৰ গদ্যৰীতিৰ এটা প্রধান বৈশিষ্ট্য হ’ল ইয়াৰ কথনভঙ্গীৰ নাটকীয়তা। ভকতীয়া
বা সত্ৰীয়া পৰিৱেশতেই আচলতে নাট্যধর্মীতা লুকাই থাকে। বিৰিঞ্চি কুমাৰ বৰুৱাই 'অসমীয়া কথা সাহিত্য' গ্রন্থত সাধাৰণতে কথা কোৱা ৰীতিত নাটকীয় ঠাঁচ থাকে’ বুলি উল্লেখ কৰিছে। গুৰু চৰিত কথা এনে নাটকীয় কথনৰীতিৰ উৎকৃষ্ট নিদর্শন পােৱা যায়। যেনে-
 “আৰু একদিন আএ গুৰুজনক স্নান ভােজন কৰাই তৈল দি বােলে টামন, তােৰ আৰু পঢ়িবৰ মন নাই। ভণ্টাখেৰি গৰুজাকতহে চিত্ত। বাৰে বৎসৰীয়া হলিকে। আমাৰ বংশত অপণ্ডিত নাই। তই মুখ হব খুইছনে? দৈৱজ্ঞে চাই পণ্ডিত হব বুলি কলে সিও দেখাে মিছা হল। আমাৰেসে কৰ্ম্ম তৰে, পণ্ডিতৰাে বাক্য লৰে। ৰাজাক স্বদেশে পূজে বিদ্যাৱন্ত সৰ্ব্বদেশে পূজ্য মাতা শত্ৰু পিতা বৈৰী, জেন বাল্য ন-পাঠিতা। সভামধ্যে নােশােভন্তি হংস মাজে বকো জথা।”


            সহজ-সৰল প্রকাশভঙ্গী আৰু পােনপটীয়া ভাষাৰ প্ৰয়ােগ চৰিত পুথিৰ আন এটি অন্যতম বিশেষত্ব। যেনে- “পাছে মহাপুৰুষ নিতে নিতে বাঢ়ি জৌৱন হৈ আহিছে।”

            চৰিত পুথিত কথােপকথন ৰীতিত এক সুকীয়া বিশেষত্ব চকুত পৰে। এজনে কৈ যায় বা বর্ণনা কৰি গৈ থকাৰ মাজতে আন এনে প্রশ্ন সুধিছে, আনজনে আকৌ উত্তৰ দি গৈছে। যেনে- 
“আৰু একদিনা গুৰুজন আগে উঠা পৰত বেলা হল সয়ন শৃৰাম আতা বােলে বাপ আজি দেখাে বেলা হল বােলে স্বপ্নতে জষােদা আইৰে কৃষ্ণৰে দন্দ লাগিচিল দন্দ ভাঙ্গোতেই বেলা হল আজি।”


            চুটি চুটি বাক্যৰ প্ৰয়ােগ চৰিত পুথিৰ গদ্যৰ আন এটি প্রধান বৈশিষ্ট্য। এনে চুটি চুটি বাক্য প্রয়ােগে গদ্যৰ প্ৰকাশিকা শক্তি বৃদ্ধি কৰাৰ লগতে বিষয়বস্তুকো স্পষ্ট ৰূপত দাঙি ধৰাত সহায় কৰিছে। যেনে- “তেহে গুৰুজনে বােলে বাৰু দৃষ্টান্ত দিলা;
আমাৰ দুই পদ পাতিলা সুবৰ্মৰ তম্ভ
তােমাৰ মন হল হস্তি
গুৰুবাক্য জ্ঞানে হল অংকুসঃ
পৰমাত্মা মাহুতঃৰাজা পৰমগুৰু মােৰ শৃশঙ্কৰদেৱঃ
বুদ্ধি সৌকা চিতে কায় :
এই ক্রমে যেৱকে প্রবত্তিব।”

            এইখিনিতে এটা কথা উল্লেখযােগ্য যে চৰিতত যে কেৱল চুটি বাক্যৰেই প্রয়ােভৰ আছে তেনে নহয়, ভাব। ভাষাৰ সমতা ৰক্ষার্থে দীঘলীয়া বাক্যতাে প্রয়ােগ ঘটিছে। কিন্তু তেনে দীঘলীয়া বাক্যৰ কেতিয়াও পাঠকৰ বাবে আমনিদায়ক হােৱা নাই।


            যদিও চৰিত পুথিৰ গদ্য কথিত ৰূপৰ ওচৰ চপা তথাপি বর্ণনীয় বিষয়বস্তু ভক্তি ধৰ্মৰ ধাৰাৰে প্রবাহিত হেতু এই গদ্যত সুৰুচিপূর্ণ তথা গাম্ভীর্যপূর্ণ অথবা পৰিমার্জিত ৰূপটোও দেখিবলৈ পােৱা গৈছে- “তেহে শৃৰাম আতা সুধিছে গুৰুজনে কৈছে চর্চ্চি বােলে বৰাপাে আমাৰ সঙ্গে অনেক জাব চই সাৎ কুৰিও: আৰু তুমি নাৰায়ন সাতিসৱ: বৰাপাে শাখা বাঢ়ি অনেক জিৱ জাব। আৰু পুত্রপৌতৃ অংশে যদুবংশে আহি সন্তৰূপ ধৰি তাৰিবঃ সাৎ পুৰুষৰ অন্তে একা দুই এক জি সাৰিব: অন্য দেউ
আন মনঃ বাত পৰদাৰাঃ বৃষ্টি সঙ্গ মাৰ্গ্গে দ্রোহঃ দিশ পূর্ব্বাপৰ চাবঃ এই মতে ৰৈ জিসবে ভক্তি কৰিলে মানস সৰােবৰ বৈকুণ্ঠ পাবগৈ” (গুৰু চৰিত কথা)।


            কথিত ভাষাৰ কথনশৈলী গদ্য চৰিতৰ প্রধান বৈশিষ্ট্য। গতিকে স্বাভাৱিকতে কথিত শব্দৰ প্ৰয়ােগ চৰিত পুথিত সৰহ। তাতােকৈ সৰহ নামনি অসমৰ কথিত শব্দৰ। যেনে- “তেনেকৈ বুলিলতাে আই মাতৃৰ আপীক দিবৰ প্ৰবীণ চিত” (গুৰু-চৰিত কথা)। নামনিৰ কামৰূপীৰ প্ৰভাৱ বেছি।

            কিন্তু এই প্রসঙ্গত এটা কথা ক'বই লাগিব যে যদিও চৰিত পুথিত কথিত শব্দৰ প্রভাৱ প্ৰচুৰ তাৰ সমান্তৰালভাৱে তৎসম, তদ্ভৱকে আদি কৰি দেশী (হিন্দী, বাংলা), বিদেশী (আৰবী-পাৰ্চী)নানান শব্দই ভূমুকি মৰাও দেখা যায়। যেনে- হস্তী, পদ্ম, দুগ্ধ (তৎসম); ভকতি, ভুকুতি (অর্ধ-তৎসম); সােন, মাছ, মানুহ (তদ্ভৱ) ইত্যাদি। সেইদৰে বিদেশী শব্দৰ উদাহৰণ- ফিৰিঙ্গ, জামিন, চিজ ইত্যাদি।


            বর্ণনীয় বিষয়ৰ স্পষ্টতা তথা গভীৰতা আনিবলৈ পৃথিৱীৰ সকলাে ভাষাত থকাৰ দৰে অসমীয়াতাে কথাৰ ফাকে ফাকে জতুৱা ঠাঁচ, খণ্ডবাক্য অথবা ফকৰা-যােজনাৰ প্রয়ােগ মন কৰিবলগীয়া। চৰিতৰ ভাষায়াে এনেবােৰ ভাষাৰীতিক এৰাই চলিব পৰা নাই। অসমীয়া চৰিত পুথিত পােৱা এনে কেতবোেৰ জতুৱা ঠাঁচ আৰু ফকৰা যােজনাৰ উদাহৰণ হ'ল-

জতুৱা ঠাঁচ বা খণ্ডবাক্যঃ

            গা জাকি মাৰি, কটাৰ পাে কটাহত, কণা হাঁহক পতান ধান দি, গর্ভ বেকত হল, বধ শপত দি, পাৰাে কি চাৰাে, নিগুণত গুণ দিব খােজা।

ফকৰা-যােজনাঃ

'পশু নকৰিবা শৰ, মৰাও নানিবা জিয়াও নানিবা
সুধা হাতে নপসিবা ঘৰ।'
‘ভাণ্ড পৰশি লৱণু থবাঃ শিষ্য পৰশি জ্ঞান কথা।'
‘আহিছ হৰিপাে, কি বুলি কাঢ়িলা ৰাও।
সংসাৰ জুৰি গুৰু বহিছে কত দি আহিলা পাও।।'
‘আগে উপজিল ছােট ভাই
পাছে উপজিল কাকা।
কেৰমেৰকৈ মাক উপজিল
তেহে উপজিল বাপা।।'


            চৰিত পুথিৰ কথাৰীতিৰ এটা প্রধান বৈশিষ্ট্য হ’ল অসমাপিকা ক্রিয়াৰ সঘন প্রয়ােগ। গুৰু চৰিত কথাৰ পাতে পাতে এনে অজস্র অসমাপিকা ক্রিয়াৰে বাক্য শেষ কৰা উদাহৰণ পােৱা যায়। যেনে- “পৰিচৰ্য্যাখানি কৰাইঃ কট পৰাই দিএ গুৱাখানি দিয়াইঃ বহালৈ মাচ খাবিৰ সাক লােন তেল জলকিয়া বেঙ্গেনাটি দি পঠাই” 
অথবা
“সেই দিনাও প্রসাদ নলই ঠেস পাতিঃ দুও উঠিল ককালত কাপ বান্ধিঃ তাৰাও পাচি থৈ যুদ্ধ সাজে।”

অনুৰূপ শব্দ আৰু যুৰীয়া শব্দৰ প্রয়ােগ-

            অনুৰূপ শব্দ আৰু যুৰীয়া শব্দৰ প্রয়ােগাে চৰিত পুথিত কম নহয়। এনেবােৰ শব্দৰ প্রয়ােগেও চৰিত পুথিৰ ভাষাক কথিত ৰূপৰ কাষলৈ ওচৰ চপাই নিছে। এনে কেইটামান উদাহৰণ হ'ল-
খেতি-কৃষি, খুজি-বাড়ি, গীত-ৰাগ, দ্রব্য-বস্তু, ঘাটৰ-বাটৰ, তাৰণ-কাৰণ, তুতি-তুষ্ট, বিবাদ-সংগ্রাম, হেনা-হুচা, কট-কম্বল ইত্যাদি।

            কথাৰ মাজে মাজে কোনাে ঘােষা-পদ বা উদ্ধৃতিৰ ব্যৱহাৰে গদ্যক বহু সময়ত কাব্যধর্মী কৰি তােলাও দেখা যায়। তদুপৰি মাজে মাজে কেতিয়াবা গীতাংশৰ উদ্ধৃতি কৰা হৈছে। কাব্যধর্মিতাৰ সুন্দৰ নিদর্শন হ'ল-
তােহ্মাৰ ভৃত্যৰ ভৃত্যৰাে ভূতৰ তাৰে ভৃত্য ভৈলাে আমি।
মােক জগন্নাথ নকৰা অনাথ নেড়িবা মাধৱ স্বামি।।

অথবা,
সুহৃদ হৰিনাম সমস্তৰে।
তান অপৰাধ জি নৰে কৰে।
তাহাৰ ৰক্ষাৰ নাহি উপাই।
অৱশ্যে সিটো অধােগতি জাই।।
হৰিও ৰাখিবে নােৱাৰে তাক।
সুনিয়া নাৰদে বুলিলা বাক।।

            তদুপৰি গদ্যৰীতিৰ মাজে মাজে বর্ণিত কাব্যৰূপত বিভিন্ন কাব্যালংকাৰ, যেনে- অনুপ্রাস, ৰূপক, উপমাকে আদি কৰি ছন্দ সজ্জাৰ বাবে প্রয়ােজনীয় পদ বা পয়াৰ, দুলড়ী, লেচাৰি, ছবি, ঝুনা, ঝুমুৰী আদি ছন্দৰ প্রয়ােগে চৰিতক গদ্যৰ মাজতে কাব্যগন্ধী কৰি তুলিছে।

অসমীয়া চৰিত পুথিৰ লেখকসকল-


            উল্লেখযোগ্য যে এতিয়াও বহু চৰিত পুথিয়ে প্রকাশৰ মুখ দেখিবলৈ সক্ষম হােৱা নাই। তেনে বহু চৰিত পুথি আজিও সত্ৰসমূহৰ বৰপেৰাত সিঁচৰতি হৈ আছে। সেই পুথিসমূহ পােহৰলৈ অনাটো অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ নৈতিক ধর্ম হিচাপে বিবেচিত হৈছে। কাৰণ সেইসমূহ চৰিত প্ৰকাশৰ বাটলৈ আহিলে অসমীয়া সংস্কৃতিৰাে বহু সমল পােহৰলৈ যে আহিব সি নিশ্চিত। বর্তমান সাহিত্যৰ বুৰঞ্জীসমূহতো প্রকাশিত চৰিত আৰু চৰিতকাৰসকলৰ বিষয়েহে আলােচনা-বিলােচনা হৈছে। গতিকে সেইসমূহ পৰিচিত চৰিকাৰসকলৰ বিষয়েহে এটি থুল-মূল আভাস দিয়াৰ প্ৰয়াস কৰ হৈছে।

ৰামচৰণ ঠাকুৰ-

            অসমীয়া সাহিত্যৰ চৰিতকাৰৰ আলােচনাৰ প্ৰসঙ্গ আহিলে পােন প্রথমতে ৰামচৰণ ঠাকুৰৰ নাম আহে, কাৰণ তেওঁৰ দ্বাৰা ৰচিত শঙ্কৰ চৰিতখনেই কালগতভাৱে প্রথম চৰিত বুলি বিভিন্ন পণ্ডিতে মত আগ বঢ়াইছে। অৱশ্যে মাধৱদেৱৰ ভাগিনীয়েক তথা ৰামদাসৰ পুত্ৰ ৰামচৰণ ঠাকুৰৰ দ্বাৰা শঙ্কৰ চৰিতখন লিখা হৈছিল নে নাই কিছু সন্দেহৰ অৱকাশ আছে, কাৰণ তেওঁৰে পুত্ৰ দৈত্যাৰি ঠাকুৰে শঙ্কৰ-মাধৱ চৰিত ৰচনাৰ সময়ত বাপেকৰ পৰা মহাপুৰুষ দুগৰাকীৰ বিষয়ে মৌখিকভাৱেহে কিছু জানিব পাৰিছিল আৰু তেওঁৰ সন্মুখত তেনে জাতীয় কোনাে আৰ্হি নাছিল বুলি উল্লেখ কৰালৈ চাই এইজন ৰামচৰণে শঙ্কৰ-চৰিতখন ৰচনা কৰা-নকৰাকলৈ কিছু প্রশ্ন জাগে। তদুপৰি কিছু তৰাং আৰু অলৌকিকতাৰ বৰ্ণনাও গ্ৰন্থখনত সৰহ। অথচ এইজন ৰামচৰণেই শঙ্কৰদেৱৰ সংস্কৃতত লিখা ভক্তি ৰত্নাকৰ গ্রন্থখন অসমীয়ালৈ অনুবাদ কৰে। ৰামচৰণ ঠাকুৰ ষােড়শ শতিকাৰ এগৰাকী বিশিষ্ট সাহিত্যিক। সি যি কি নহওক 'কংস বধ' নামে এখন অঙ্কীয়া নাট 'ভক্তি ৰত্ন' নামে এখন ভক্তিবাদ গ্ৰন্থৰ প্রণেতা।

ভূষণ দ্বিজ-

            ভূষণ দ্বিজ চক্রপাণি ব্রাহ্মণৰ দ্বিতীয় পুত্র বৈকুণ্ঠৰ পুত্র। তেওঁ শ্ৰীশ্ৰীশঙ্কৰদেৱ নামেৰে এখন চৰিত ৰচনা কৰে। ইয়াৰ ৰচনাৰ কাল ষষ্ঠদশ শতিকাৰ মাজভাগ বুলি অনুমান কৰা হৈছে। পুথিখনি লিখাৰ পৰত শঙ্কৰদেৱৰ দুই নাতি আৰু নাৰায়ণ ঠাকুৰৰ দৰে সন্ত পুৰুষৰ পৰা গুৰু সম্পৰ্কীয় অনেক তথ্য সংগ্রহ কৰিছিল। দৈত্যাৰি ঠাকুৰৰ সৈতে কিছু কিছু কথাত অমিল থাকিলেও অথবা তেওঁৰ বৰ্ণনা লক্ষ্যণীয়ভাৱে চুটি যদিও প্রতিটো বর্ণনা তথ্য নির্ভৰ। ইয়াতেই তেওঁৰ পটুতাৰ পৰিচয় পােৱা যায়। তদুপৰি আন কেতবােৰ চৰিতৰ দৰে অলৌকিক বর্ণনাও কম। ভূষণ দ্বিজে 'অজামিল উপাখ্যান' আৰু 'সমন্ত হৰণ' নামৰ দুখন অঙ্কীয়া নাট ৰচনা কৰে।

দৈত্যাৰি ঠাকুৰ-

            দৈত্যাৰি ঠাকুৰ ৰামচৰণ ঠাকুৰৰ পুত্ৰ। তেওঁৰ দ্বাৰা ৰচিত চৰিত পুথি হ'ল শঙ্কৰদেৱ-মাধৱদেৱ চৰিত। তেওঁৰ চৰিতখনিৰ বিষয়বস্তুৰ এটি প্রধান বিশেষত্ব হ’ল- তেওঁ তেওঁৰ চৰিত পুথিত শঙ্কৰদেৱতকৈ মাধৱদেৱৰ জীৱন আৰু কার্যাৱলীৰ বৰ্ণনাহে অধিকভাৱে কৰিছে। ভূষণ দ্বিজৰ চৰিতৰ দৰে তেওঁৰ চৰিত পুথিখনিতাে অলৌকিক বা অতিপ্রাকৃত ঘটনা বর্ণনা কম। দৈত্যাৰিয়ে চৰিত লিখাৰ সময়ত মধুপুৰ সত্ৰৰ
সত্ৰীয়া বুঢ়ীৰ পাে গােৱিন্দ আতৈৰ পৰা সহায় পাইছিল। সত্যেন্দ্রনাথ শৰ্মাই দৈত্যাৰি ঠাকুৰৰ দ্বাৰা ৰচিত চৰিতখনৰ সময়কাল হিচাপে সপ্তদশ শতিকাৰ চতুর্থ-পঞ্চম দশকৰ ভিতৰত শেষ কৰে বুলি কৈছে। নৃসিংহ যাত্ৰা আৰু স্যমন্ত হৰণনামৰ আন দুখন নাটৰাে স্রষ্টা দৈত্যাৰি ঠাকুৰৰ চৰিতখনিৰ বৰ্ণনা সুৱলা আৰু পৰিপাটিৰ বাবে গ্রন্থখনিয়ে উচ্চ স্থানৰ দাবী কৰিব পাৰে।

ৰমানন্দ দ্বিজ-

            ৰমানন্দ দ্বিজ ভৱানীপুৰীয়া গােপাল আতাৰ শিষ্য শ্ৰীৰাম আতাৰ পুত্ৰ। তেওঁ সপ্তদশ শতিকাৰ শেষাংশৰ চৰিতকাৰ বুলি অনুমান কৰা হৈছে। তেওঁ পিতৃৰ উত্তৰাধিকাৰী সূত্রে কালজাৰত সত্ৰীয়া হয় যদিও পৰৱৰ্তী সময়ত আতন বাঁহগড়ীয়া বুঢ়াগােহাঁইৰ পৃষ্ঠপােষকতাত মাজুলিৰ আঁহতগুৰিত সত্ৰ পাতি সত্ৰীয়া হয়। ৰমানন্দৰ গুৰু-চৰিতত শঙ্কৰদেৱকে প্রমুখ কৰি মাধৱদেৱ আৰু গােপালদেৱসহ তিনিগৰাকী গুৰুৰ জীৱন আৰু কৰ্মাৱলী বর্ণনা কৰিছে। তেওঁ শঙ্কৰদেৱৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰতহে অধিক গুৰুত্ব দিয়া দেখা যায়। ৰমানন্দই এই তিনিও গৰাকী গুৰুকেই ভগৱানৰ অৱতাৰী পুৰুযৰ ৰূপত কল্পনা কৰা দেখা যায়। সত্যেন্দ্রনাথ শৰ্মাই তেওঁৰ সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তত ৰমানন্দৰ গুৰু-চৰিত শ্ৰুতি পৰম্পৰৰ ওপৰত প্রতিষ্ঠিত বুলি উল্লেখ কৰিছে, কাৰণ শঙ্কৰ-মাধৱ সম্পকীয় প্রায় সকলাে কথা তেওঁ তেওঁৰ পিতৃ শ্ৰীৰামৰ পৰাই জানি লৈছিল; যিহেতু ৰমানন্দই শঙ্কৰদেৱক লগ পােৱা নাছিল, (সান্নিধ্যলৈ আহিছিল পিতৃহে) গতিকে শুনা কথাৰে লিপিবদ্ধ কৰাত ঠাইলৈ কোনাে বর্ণনা
বিসঙ্গতি হােৱাটো স্বাভাৱিক। সি যি কি নহওক, চৰিতকাৰসকলৰ ভিতৰত ৰমানন্দ নিশ্চিতভাৱে এজন অন্যতম চৰিতকাৰ বুলি ক'বই লাগিব।

ৰমানন্দ-

            বংশীগােপালৰ শিষ্য ৰমানন্দই তেওঁৰ গুৰু বংশীগগাপালৰ জীৱন আৰু বংশীগােপালে উজনিত ধর্ম প্রচাৰৰ সময়ত পােৱা প্ৰতিটো প্রতিকূল চিত্র তেওঁৰ বংশীগোপালদেৱ চৰিতত সন্নিৱিষ্ট কৰিছে। গ্রন্থখনিত কেনে পৰিস্থিতিত অথবা কেনে পৰিস্থিতিৰ মুখামুখি হৈ বংশীগােপালে উজনিৰ কুৰুৱাবাহীত সত্ৰ স্থাপন কৰিছিল তাৰ সমস্ত কথা বৰ মনােজ্ঞ আৰু নির্ভযােগ্যতাৰে বৰ্ণনা কৰিছে।

বৈকুণ্ঠনাথ দ্বিজ-

            সপ্তদশ শতিকাৰ প্ৰথমার্ধৰ চৰিতকাৰ বৈকুণ্ঠনাথ দ্বিজে শঙ্কৰদেৱ,মাধৱদেৱ, পুৰুষােত্তম ঠাকুৰ আৰু চতুর্ভুজ ঠাকুৰ-এই চাৰিগৰাকী সন্ত পুৰুষৰ জীৱন আৰু কর্মসম্বলিত বিভিন্ন কথাৰ বৰ্ণনাৰে সস্তমালা নামৰ এখন চৰিত পুথি ৰচনা কৰে। পুৰুষােত্তম ঠাকুৰৰ নির্দেশ মর্মে শঙ্কৰদেৱৰ নাতিদ্বয়ৰ সহায়ত গ্রন্থখন পদত লিখি উলিয়ায়। গ্রন্থখনিত ধর্মীয় তথা জীৱনৰ কৰ্ম আৰু আদৰ্শক কিছু আৱেগিকভাৱে বৰ্ণনা কৰিছে।

ৰামৰায়-

            দামােদৰদেৱ আৰু ভট্টদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা চৰিত গুৰুলীলাৰ স্ৰষ্টা হ'ল ৰামৰায়। গ্রন্থখনিত দামােদৰদেৱৰ জন্মৰ পৰা ভট্টদেৱৰ মৃত্যুলৈকে বিভিন্ন কথা বিবৃত কৰা হৈছে। লােচ সত্ৰৰ প্রতিষ্ঠাতা অৰ্জুনদেৱৰ শিষ্য ৰামৰায়ৰ গুৰুলীলা কোচ ৰজা চন্দ্ৰনাৰায়ণৰ ৰাজকালৰ (১৬৪৩-৬০) সময়ত ৰচিত।

ৰমাকান্ত দ্বিজ-

            বৈষ্ণৱ চৰিতকাৰসকলৰ ভিতৰত ৰমাকান্ত দ্বিজ অন্যতম। তেওঁৰ দ্বাৰা ৰচিত শ্ৰীশ্ৰীবনমালীদেৱ চৰিতৰ বৈশিষ্ট্য এয়ে যে পুথিখনৰ প্ৰায়বােৰ ফলকতে নানা ৰঙী চিত্রৰ সম্পাদন। অসমীয়া পুথি-চিত্ৰৰ ইতিহাস নির্ণয়ত পুথিখনিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। গ্রন্থখনিত দক্ষিণপাট সত্ৰৰ প্রতিষ্ঠাতা সন্ত পুৰুষ বনমালীদেৱৰ জীৱন আৰু কৃতি সম্পর্কে বর্ণনা আছে। পুথিখন সম্প্রতি বৰপেটা সত্ৰত সংৰক্ষিত।

অন্যান্য চৰিকাৰসকল-

ওপৰত উল্লেখ কৰা চৰিতকাৰসকলৰ উপাৰিও আন কেইগৰাকীমান চৰিতকাৰে চৰিতপুথি ৰচনা কৰিছিল। তেওঁলােক হ'ল-


অনিৰুদ্ধ দাস,
নীলকণ্ঠ দাস, 
কৃষ্ণ ভাৰতী (কৃষ্ণাচার্য?),
সার্বভৌম ভট্টাচার্য, 
দামােদৰ দাস আদি।

            দামােদৰদেৱৰ পুত্ৰ ৰমাকান্তৰ ভক্ত অনিৰুদ্ধ দাসে গুৰু-বৰ্ণনা নামে এখন চৰিত ৰচনা কৰে। পুথিখনত পুৰুষােত্তম আৰু চতুর্ভুজ ঠাকুৰৰ চৰিত বর্ণনা প্রধান বিষয় হােৱাত শঙ্কৰ-মাধৱৰ জীৱন আভাসহে মাত্র পােৱা গৈছে।

             নীলকণ্ঠ দাসৰ শ্ৰীশ্রীদামােদৰদেৱ চৰিত এখন উল্লেখযােগ্য চৰিত পুথি। গ্রন্থখনিত গুৰু-শিষ্যৰ সম্পৰ্কৰ আধাৰত ব্যক্তিনিষ্ঠতাৰে দামােদৰদেৱৰ জীৱন আৰু কৃতিৰ বৰ্ণনা কৰা হৈছে।
 
            কৃষ্ণ ভাৰতী আৰু কৃষ্ণচার্য দুয়াে একেজন ব্যক্তি নে দুজন ব্যক্তি সত্যেন্দ্রনাথ শৰ্মাই সন্দেহ ব্যক্ত কৰিলেও কৃষ্ণ ভাৰতীৰ নামত সন্ত-নির্ণয় আৰু কৃষ্ণাচাৰ্যৰ নামত সন্ত-চৰিতনামৰ দুখন পুথি পােৱা গৈছে। দুয়ােখন গ্ৰন্থতে বৈষ্ণৱ প্রচাৰকসকলৰ বৰ্ণনা পােৱা গৈছে।

             শঙ্কৰদেৱৰ গুণ-গৰিমাৰে সার্বভৌম ভট্টাচার্য নামত দুখন চৰিত পুথিৰ নাম পােৱা গৈছে। সেই দুখন হৈছে- সৰু স্বৰ্গখণ্ড আৰু বৰ স্বৰ্গখণ্ড।

            ইয়াৰ বাহিৰেও দামােদৰ দাসৰ গুৰু চৰিত ভট্টদেৱৰ নামত প্রচলিত সৎ-সম্প্রদায়, ভৱানন্দ দ্বিজৰ গােবিন্দ চৰিত, জয় নাৰায়ণৰ লক্ষ্মীপতি চৰিত, পূৰ্ণানন্দৰ গােপালদেৱ চৰিত, বানেশ্বৰ আৰু দিবাকৰ দ্বিজৰ হৰিদেৱ চৰিত বিভূনাথৰ এটকা মহন্তৰ ঝূনা, হৰিনাৰায়ণ দ্বিজ আৰু ৰতিকান্ত দ্বিজৰ ঠাকুৰ চৰিত, কবিৰাজ সনন্দৰ শিয়ালা গােসাঁইৰ চৰিত আদি কেইখনমান উল্লেখযােগ্য চৰিত পুথি। ওপৰত উল্লিখিত সকলাে চৰিতেই পদ্য ছন্দত লিখা। তাৎপর্যপূর্ণ কথাটো হ’ল গদ্যত লিখা চৰিতখিনি কোনাে এখনতে লেখক বা বক্তাৰ নাম নাই। পদ্য চৰিততকৈ সংখ্যাত তেনেই তাকৰ গদ্য চৰিতৰ সংখ্যা মাথােন চাৰিখন- গুৰু-চৰিত কথা, বৰদোৱা চৰিত, আতৈৰ চৰিত আৰু আতা চৰিত৷ ইয়াৰে গুৰু চৰিত কথা সম্পর্কত ওপৰত ভালেখিনি কথা কৈ অহা হৈছে। একেদৰে শঙ্কৰদেৱ-মাধৱদেৱ আৰু তেওঁলােকৰ সন্ত-মহন্তসকলৰ জীৱন আৰু কৰ্মৰ আধাৰত ৰচিত বৰদোৱা চৰিতৰাে লেখকৰ নাম পােৱা নাযায়। 

            যি কি নহওক, ভক্তি ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে যিমানবােৰ চৰিত পুথিৰচনা হৈছে বা এতিয়ালৈ উদ্ধাৰ হৈছে, সেই সকলােবােৰে সাহিত্যিক মূল্য যে অটুট ৰাখিব পাৰিছে তেনেও নহয়; অথবা কোনােখনে ঐতিহাসিক চিত্ৰ দাঙি ধৰিলেও কোনােখনেই হয়তাে ইতিহাস সমৃদ্ধ গ্রন্থও নহয়। কিন্তু এইটো ঠিক যে ভক্তি ধৰ্মৰ প্ৰচাৰৰ চলেৰে তৎকালীন সমাজৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক ইত্যাদি প্রতিটো দিশৰ জ্ঞানসম্ভাৰ সঞ্চাৰিত মধ্যযুগীয়া চৰিত পুথিৰ মূল্য অসমীয়া সাহিত্যৰ বুৰঞ্জীত অপ্রতিদ্বন্দ্বী হিচাপে সদায় জিলিকি থাকিব। তাক নিশ্চয়ভাৱে আজিৰ সময়তাে দৃঢ়তাৰে ক'ব পাৰি।
------------------------------------------------------------------------------------------------------------




Post a Comment

0 Comments