উদ্ভৱ কালৰ অসমীয়া সাহিত্য

উদ্ভৱ কালৰ অসমীয়া সাহিত্য


মন্ত্ৰ সাহিত্য


            খ্ৰীষ্টীয় পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈ পুৰণি কামৰূপৰ বিভিন্ন ঠাইত ৰাজত্ব কৰা হিন্দু ৰজা সকলে প্ৰদান কৰা তামৰ ফলিসমূহত ভাষাই সেই সময়ৰ অসমীয়া ভাষাত পৰিচয় দাঙি ধৰে। এই ফলিবোৰত এনে কিছুমান শব্দ সন্নিৱিষ্ট হৈছে, যিবোৰৰ ধ্বনিগত দিশৰ পৰা বিশুদ্ধ সংস্কৃত বুলি ব নোৱাৰি। তাম্ৰলিপিত সন্নিৱিষ্ট হোৱা এনে শব্দবোৰক অসমীয়া ভাষা প্ৰত্নৰূপ বুলি ক'ব পাৰি। প্ৰাক্-আহোম যুগৰ এনেবোৰ শিলালিপি আৰু তাম্ৰলিপিত লিপিকাৰসকলে বিশুদ্ধ সংস্কৃত ভাষাত লিখিবলৈ চেষ্টা কৰিছিল যদিও তাৰ মাজতে কিছুমান অপ্ৰচলিত শব্দ সোমাই গৈছিল। বৰ্মন, শালস্তম্ভ আৰু পাল বংশৰ ৰজাসকলৰ ৰাজত্ব কালত প্ৰদত্ব এনেবোৰ শিলালিপি আৰু তাম্ৰলিপিৰ ভাষাত সন্নিৱিষ্ট হৈ থকা বিভিন্ন শব্দাৱলীত, বিশেষকৈ গছৰ নাম, ঠাইৰ নাম, চৰাই-চিৰিকটি, ফল-মূলৰ নাম আদিৰ মাজেদি মূল মূল সংস্কৃত ভাষাৰ মাজতেই থলুৱা ভাষাৰ এটা চিহ্ন ৰাখি যাবলৈ সক্ষম হৈছে। অসমীয়া ভাষা যে মধ্য ভাৰতৰ ভাষাৰ পৰা কিছু পৃথক সেই কথা হিউৱেন চাঙৰ টোকাত পোন প্ৰথমবাৰৰ বাবে পোহৰলৈ আহে। অৰ্থাৎ খ্ৰীষ্টিয় সপ্তম শতিকাতেই অসমীয়া ভাষাৰ প্ৰত্ন ৰূপটো আধুনিক ভাৰতীয় ভাষা গঠনৰ দিশত আগ বাঢ়ে। ভাষাবিদসকলে অসমীয়া ভাষাৰ উদ্ভৱ কাল দশম শতিকা বুলি ক'ব খোজে। চৰ্যাপদ, দোহাকোষ আদিৰ মাজত উদ্ভৱকালীন আসমীয় ভাষাৰ প্ৰত্ন ৰূপটো সন্নিৱিষ্ট হৈ আছে। এই সময়ৰ ৰচনাত বিশুদ্ধ অসমীয়া ভাষাৰ চানেকি পোৱা নাযায় যদিও উদ্ভৱ কালৰ অসমীয়া ভাষাৰ নিদৰ্শন তামৰ ফলি, চৰ্যাপদ আৰু শ্ৰীকৃষ্ণ কীৰ্ত্তনৰ ভাষাত সন্নিৱিষ্ট কৰা হৈছে।
            অসমীয়া লোকসাহিত্য মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন সমুহ উদ্ভৱ কালৰ সাহিত্যৰ অন্তৰ্গত।

মন্ত্ৰ সাহিত্য-

      
      অসমীয়া সাহিত্যৰ ক্ৰমবিকাশৰ ইতিহাসত মন্ত্র-সাহিত্যই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। মন্ত্র সাহিত্য এক বিশাল আৰু ব্যাপক বিষয়। ইয়াৰ পৰিসৰ, বিস্তৃতি, বিষয়বস্তু, উপস্থাপন পদ্ধতি, ধৰ্মৰ সৈতে মন্ত্রৰ সম্পৰ্ক, মন্ত্রৰ অন্তর্নিহিত শক্তি আৰু মন্ত্রৰ প্রয়ােগ পদ্ধতি আদি সম্পর্কে বিস্তৃতভাৱে আলােচনা কৰিবলৈ হ'লে যথেষ্ট অধ্যয়ন, অধ্যৱসায় আৰু গৱেষণাৰ প্রয়ােজন।


            মন্ত্রৰ প্রাচীনত্ব সম্পর্কে অন্তর্গত দীর্ঘ-নিকায়ৰ ভিতৰত নানা প্রকাৰ ৱিজ্জা (বিদ্যা)'ত বুদ্ধদেৱৰ সময়তে গুপুত তন্ত্র-মন্ত্ৰৰ প্রচলনৰ আভাস পােৱা যায়। বৌদ্ধ সাহিত্যৰ বিখ্যাত গ্রন্থ 'মঞ্জশ্রীমূলকল্পত' ভালেমান মন্ত্র-মুদ্রা, মণ্ডল, ধাৰণী আদিৰ উল্লেখ পােৱা যায়। পৰৱৰ্তী কালত তন্ত্ৰ-মন্ত্ৰ আৰু ইন্দ্রজাল বিদ্যাই বৌদ্ধধর্মত প্রৱেশ কৰে বুলি অনুমান কৰিব পাৰি। লাহে লাহে মানুহৰ মাজত মন্ত্রৰ প্রতি অগাধ বিশ্বাস বৃদ্ধি পােৱাত মহাযানী বৌদ্ধসকলৰ মাজত এনে বিশ্বাসে প্রাধান্য লাভ কৰিবলৈ ধৰিলে।


            হিন্দুধৰ্মৰ তান্ত্রিক যুগত তান্ত্রিক বৌদ্ধধৰ্মৰ ভালেমান আচাৰ-নীতিয়েও এফালে বৌদ্ধ বজ্রযান, সহজযান আদিৰ, আনফালে হিন্দুতন্ত্রৰ কেন্দ্র ৰূপে তন্ত্র-মন্ত্ৰ আৰু ইন্দ্রজাল বিদ্যাই হিন্দুধর্মতাে প্রৱেশ লাভ কৰিলে বুলি বহুতো পণ্ডিতে অনুমান কৰে। যােগিনীতন্ত্রত এনেধৰণৰ ভালেমান তান্ত্রিক সাধন আৰু যোগ প্রক্রিয়াৰ উল্লেখ সন্ঢালনিভাৱে পােৱা যায়। প্ৰাচীন কামৰূপ এসময়ত তন্ত্র-মন্ত্ৰৰ কাৰণে বিখ্যাত আছিল। এই সম্পর্কে বিভিন্ন ইতিহাসবিদৰ টোকাত উল্লেখ পােৱা যায়। মন্ত্ৰসমূহ অসমীয়া সাহিত্যৰ উল্লেখযােগ্য সম্পদ আৰু ইয়াৰ ৰচনাকাল অতি প্রাচীন। মৌখিক ৰূপত পৰম্পৰাগতভাৱে চলি আহিলেও জনপ্রিয়তা আৰু ব্যৱহাৰৰ ব্যাপকতাৰ বাবে মন্ত্র-সাহিত্যত অর্বাচনীয়তাৰ প্ৰভাৱ যথেষ্ট। মন্ত্রত পুৰাণ, উপনিষদ, মহাকাব্য, লােককথা, লােকবিশ্বাস আৰু পৰম্পৰাগত ঐতিহ্য আৰু লােক-সংস্কৃতিৰ প্ৰভাৱ যথেষ্ট।


            তন্ত্র-মন্ত্ৰৰ বাবে প্রাচীন কামৰূপ সমগ্ৰ ভাৰত ভিতৰতে বিখ্যাত। অষ্টম নৱম শতিকাৰ বিখ্যাত দার্শনিক শঙ্কৰাচাৰ্যৰ জীৱন কাহিনীৰ সৈতে কামৰূপৰ তন্ত্র মন্ত্রৰ কথা জড়িত হৈ আছে। প্রচলিত কিম্বদন্তি অনুসৰি অভিনৱ গুপ্ত নামৰ এগৰাকী
লােকে তান্ত্রিক অভিচাৰ কৰি শঙ্কৰাচাৰ্যৰ মৃত্যু ঘটাইছিল। শিখধর্মৰ গুৰুনানক অসমলৈ
আহোতে তেওঁৰ এগৰাকী শিষ্য মর্দনক এগৰাকী কামৰূপী তিৰােতাই কুমন্ত্র কৰিছিল। বিভিন্ন সময়ৰ মুছলমান ইতিহাসবিদে প্রাচীন কামৰূপৰ তন্ত্র মন্ত্রৰ প্রাদুর্ভাৱৰ কথা উল্লেখ কৰি গৈছে। আলমগীৰ নামা, বাহাৰিস্তান-ই-ঘায়বী, পাদশ্যাহ বুৰঞ্জী আদি গ্রন্থতাে পুৰণি কামৰূপত তন্ত্র-মন্ত্ৰৰ ব্যাপক প্রচলনৰ আভাস পােৱা যায়। আলমগীৰ নামাৰ বৰ্ণনা অনুসৰি 'যি লােকে বিদেশৰ পৰা কামৰূপলৈ আহে, এই দেশৰ যাদু-মন্ত্ৰৰ প্ৰভাৱত তেওঁ উৱাদিহ নােপােৱা হয়, জীৱন লৈ নিজ দেশলৈ ঘূৰি যােৱা তেওঁৰ বাবে কঠিন হয়।'


            মন্ত্র সাহিত্যৰ উদ্ভৱকাল সম্পর্কে সঠিক সিদ্ধান্ত দিয়া সম্ভৱ নহয় যদিও প্রাক্‌শঙ্কৰী যুগত ইয়াৰ ব্যাপক চর্চা আছিল যেন অনুমান হয়। ডিম্বেশ্বৰ নেওগৰ মতে, 'মন্ত্রসমূহ অতি আদিম, অন্ততঃ একাদশ দ্বাদশ শতিকাৰ পিছলৈ নাহে, বিশেষকৈ অসমীয়া সমাজত বৈষ্ণৱ ধৰ্মৰ ঢৌ উঠাৰ পাছত আৰু এনেবােৰ তন্ত্র-মন্ত্ৰৰ ন-কৈ জন্ম হােৱা সম্ভৱ নহয় বুলিয়ে ভাবিব পাৰি।”

প্রাচীন কামৰূপত তন্ত্র মন্ত্রৰ চর্চা

            গােৰক্ষনাথৰ কামৰত্ন তন্ত্র পুৰণি কামৰূপত ৰচিত এখনি উল্লেখযােগ্য তান্ত্রিক গ্রন্থ। কালিকা পুৰাণ, যােগিনীতন্ত্র, সর্বানন্দ নাথৰ 'সর্বোল্লাস তন্ত্র' ইত্যাদি প্রাচীন কামৰূপত ৰচিত তন্ত্র সম্পর্কীয় উল্লেখযােগ্য গ্ৰন্থ। যােগিনীতন্ত্রৰ পূর্বখণ্ডত যােগাভ্যাস, স্বপ্নৱতী, মৃত-সঞ্জীৱনী, মুণ্ড-সাধন আদি বিদ্যাৰ লগতে গুৰু-জপ মাহাত্ম্য বর্ণনা পােৱা যায়। যােগি সম্প্রদায়া বিস্কৃতিত মৎস্যেন্দ্র নাথৰ পৰকায় প্রৱেশ আৰু গােৰক্ষবিজয়ত গােৰক্ষনাথৰ মৃতসঞ্জীৱনী বিদ্যাৰ আভাস পােৱা যায়। এনে বর্ণনাই মধ্যযুগৰ প্ৰাচীন কামৰূপৰ উচ্চস্তৰৰ সমাজ আৰু সংস্কৃতিৰ নিদর্শন দাঙি ধৰে। কামৰত্ন তন্ত্র সম্পর্কত সম্পাদক হেমচন্দ্র গােস্বামীয়ে এনেদৰে লিখিছে- 'The Book describes how by indications and
other methods of man as well as women can be subdued attracted, make hostile, paralysed, killed, freed from evils, excited and so on. It gives the methods to be adopted for the performance of the above facts on the form of medicines, mantras and jantras.'
কামৰত্ন তন্ত্রত এনেদৰে উল্লেখ আছে-
'বশ, আকর্ষণ এই কর্ম বসন্তকালত কৰিব, গ্রীষ্মত বিদ্ধেষণ, বর্ষাত স্তম্ভন, শিশিৰত মাৰণ,শৰতত শান্তি পুষ্টি, হেমন্তত উচ্চাটন সম্পর্কীয় মন্ত্র প্রয়ােগ কৰিব লাগে।' বৰহেঙ্গুলী মন্ত্রত হেঙ্গুলীক প্রাণ দিবৰ বাবে গােৰক্ষনাথৰ নাম লােৱা হৈছে-
'উঠ স্ত্রী গােৰক্ষনাথ বাবা ফুট।' সেইদৰে সৰ্বঢাক মন্ত্রত আছে- '
শ্রীকৃষ্ণং পুণ্ডৰীকাক্ষং গােৰক্ষনাথং হৰি হৰি চৰণং।' একে মন্ত্রতে ব্যাধিৰ জন্মবৃত্তান্ত দাঙি ধৰি লিখিছে- 'অৰে অৰে ব্যাধি শুন কর্ণ পাতি। মহাদেউৰ পুত্র গােৰক্ষৰ নাতি। খাওন পিওন অশুদ্ধ হাত। অমুকাক ৰক্ষা কৰে শ্ৰীগােৰক্ষনাথ।”


            যােগিনীতন্ত্রত নানাবিধ তান্ত্রিক সাধন বিদ্যা আৰু যােগ পদ্ধতিৰ স্পষ্ট উল্লেখ আৰু বর্ণনা পােৱা যায়। এই গ্রন্থত 'ষটকর্ম' সাধন পদ্ধতিৰাে বিস্তৃত উল্লেখ আছে। এই ষটকর্ম হ’ল-
১/ শান্তিঃ ৰােগ বা বিপদত মঙ্গল কামনা কৰি কৰ্ম,
২/ বশ্যঃ বশীভূত কৰিবৰ উদ্দেশ্যে কৰা কৰ্ম,
৩/ স্তম্ভনঃ বাধা দিয়াৰ কাৰণে, ধৰিবৰ কাৰণে কৰা কৰ্ম,
৪/ বিদ্বেষণঃ দুজনৰ মাজত বৈৰী ভাব জগােৱাৰ কাৰণে কৰা কর্মই হ'ল বিদ্বেষণ,
৫/ উচ্চাটনঃ দূৰীভূত কৰিবৰ কাৰণে কৰা কৰ্ম। আৰু
৬/ মাৰণঃ ই ধ্বংসৰ কাৰণে কৰা কর্ম।


            যােগিনীতন্ত্রত কামৰূপক গুহ্যতীর্থ, তাৰ্ক্ষতন্ত্র আৰু কুব্জিকাতন্ত্রত মহাপীঠ আৰু মহানীলতন্ত্রত কামৰূপ পীঠক সকলাে পীঠৰ ভিতৰত শ্রেষ্ঠ পীঠ আখ্যা দিয়া হৈছে। অকুলবীৰ তন্ত্র, কৌলজ্ঞান নির্ণয় আদি গ্ৰন্থত যােগতান্ত্রিক সাধন পদ্ধতি, কৌলমার্গ আদি উল্লেখ পােৱা যায়।

            তন্ত্র মন্ত্র আৰু যােগসাধন পদ্ধতিত মন্ত্রৰ গুৰুত্বঃ নাথধর্মৰ ধর্মীয় সাধন পদ্ধতিৰ ভিতৰত ওঙ্কাৰ সাধনৰ সর্বাধিক। সদ্-গুৰু এই সাধন-প্রণালীৰ পথ-প্রদর্শক। পৰমার্থিক দৃষ্টিত জীৱ শিৱ স্বৰূপ হ'লেও অনাদি মলৰ আধিক্যৰ বাবে জীৱৰ গাত শিৱত্বৰ অভিব্যক্তি নহয়। ওঁ-কাৰ সাধনৰ জৰিয়তে জীৱদেহত চিৎশক্তিৰ বিকাশ হয় আৰু জীৱই শিৱসাম্যতা লাভ কৰে। চিত্তৰ চাঞ্চল্য দূৰ কৰিবৰ বাবে ওঁ-কাৰ সাধন অতি কার্যকৰী। জীৱদেহত বা গাত ধাৰণ কৰি থকা বাবে হংসমন্ত্রক ‘গায়ত্রী'ও বােলা হয়। যােগীসকলে গায়ত্রী মন্ত্ৰক পৰম মােক্ষদায়িনী ৰূপে বিবেচনা কৰে-

'অজপা নামগায়ত্রী যােগিনাং মােক্ষদায়িনী।
অস্যঃ সঞ্চল্পমাত্রেন সর্বপিপৈ প্রমুচ্যতে।।'

            কুলার্ণৱ তন্ত্রত জীৱৰ প্ৰাণধাৰিণী শ্বাস-প্রশ্বাসকে গায়ত্রী বা 'মহামন্ত্র’ বুলিছে। মহাবায়ু যেনেকৈ মহাসমুদ্ৰৰ একাংশ হিল্লোলিত কৰি পুনৰ মহাকাশত বিলীন হয়, সেইদৰে চিৎ স্বৰূপ পৰমাপ্রকৃতিও সৃষ্টিৰ উদ্দেশ্যেৰে চিৎ স্বৰূপ পৰমাত্মক‌ হিল্লোলিত কৰি পুনৰ পৰমাত্মাতে মিলি যায়। পৰমাপ্ৰকৃতিৰ এই হিল্লোলেই ‘স্পন্দনশক্তি'। পৰমাত্মাৰ স্পন্দনেই প্রপঞ্চজগত সৃষ্টিৰ মূল কাৰণ। এই স্পন্দনৰ পৰাই প্রকাশ, গতি নাইবা সত্ত্ব-ৰজ-তমােময় একপ্রকাৰ কণৰ উদ্ভৱ হয়। ইয়াকে গুণ বােলা হৈছে। এই গুণসমূহ যেতিয়ালৈকে অবিভাজ্য থাকে, তেতিয়ালৈকে সৃষ্টি নহয়। বিভাজিত হ'লেই এক বা পৰস্পৰ মিলিতভাৱে ত্রিগুণাত্মক সৃষ্টিকার্য সম্পন্ন হয়। পৰমপুৰুষ আৰু পৰমাপ্রকৃতিৰ মিলনত সৃষ্টি হােৱা বাবে স্পন্দনশক্তিও পুৰুষ-প্রকৃতি নাইবা শিৱশক্তি আদি উভয় নামেৰে পৰিচিত হয়-

'শক্তিৰূপ স্থিতশ্চন্দ্রো বামনাড়ী প্রৱাহকঃ ।
দক্ষনাড়ীপ্ৰৱাহশ্চ শম্ভুৰূপী দিবাকৰঃ।।'

আনহাতে, জীৱ হৃদয়স্থ প্রাণ বা স্পন্দন শক্তিয়েই প্রাণ-অপানৰ উভয় দিশত গতি কৰা ‘হংস’ বা ‘অজপা মন্ত্র’-

'হঙ্কাৰণে বহিৰ্য্যাতি সঃকাৰেণ বিশেৎ পুনঃ।
হংসহংসেত্যতোমন্ত্রং জীৱাে জপতি সর্বদা।।'

ওঁ-কাৰ সাধনাত ত্রিৰত্নৰ উপলব্ধি কৰাটো বিধান। এই ত্রিৰত্ন হৈছে-

ক/ চিৎ স্বৰূপ ঈশ্বৰ বা পৰম শিৱ,
খ/ পৰমশিৱৰে সৈতে নিত্যযুক্ত চিৎশক্তি,
গ/ বিন্দু, মহামায়া বা কুণ্ডলিনী।


অ-উ-ম কাৰে যথাক্রমে ভূঃ, ভুৱঃ আৰু স্ব-লােকক বুজাইছে। প্ৰণৱ ব্ৰহম স্বৰূপ। গতিকে, প্ৰণৱ নিৰ্ভৰ ব্যক্তিৰ কেতিয়াও ভয় নাথাকে-

'যুঞ্জীত প্রণৱে চেতঃ প্রণৱো ব্রহ্মা নির্ভয়ং।
প্রণৱে নিত্যযুক্তস্য ন ভয়ং বিদ্যতে কশ্চিৎ।।'


‘হঠযােগ'ত মনৰ একাগ্রতা সৃষ্টি তথা সমাধি লাভত প্ৰণৱ তথা গায়ত্রী মন্ত্ৰৰ গুৰুত্ব অস্বীকাৰ কৰিব নােৱাৰি। হঠযােগী আৰু তান্ত্রিকসকলে নিগুণ ব্রহ্ম উপলব্ধিৰ বাবে উচ্চাৰণ কৰা অনাহত ধ্বনিৰ আধাৰো হ’ল শব্দ স্বৰূপ ব্রহ্ম, যাক তেওঁলােকে নাদব্ৰহ্ম আখ্যা দিছে। তান্ত্রিকসকলে মন্ত্রৰ মাধ্যমেৰে শিৱশক্তিৰ তত্ত্ব উপলব্ধিৰ প্রয়াস কৰে আৰু উভয়কে বুজাবৰ বাবে যথাক্রমে বিন্দু আৰু নাদ শব্দ দুটিৰ প্ৰয়ােগ কৰে। বিন্দুৰ অস্তিত্ব আছে যদিও নাদৰ অবিহনে ইয়াৰ বিস্তাৰ বা প্রসাৰ অসম্ভৱ।
সেইবাবেই শক্তিক নাদ আখ্যা দিয়া হৈছে। মন্ত্ৰসমূহ নাদৰেই বিকাৰ মাত্র।


            ভাৰতীয় আধ্যাত্মিক জীৱনত গায়ত্রী মন্ত্রৰ প্ৰভাৱ অনস্বীকার্য। ঋকবেদত গায়ত্রী মন্ত্ৰৰ যােগেদি সূর্যদেৱতাক স্তুতি কৰা হৈছে। মন্ত্ৰত প্ৰণৱ স্বৰূপ গায়ত্রী মন্ত্ৰৰ সন্ঢালনি উল্লেখ পােৱা যায়। বিভিন্ন মন্ত্ৰৰ বীজমন্ত্র স্বৰূপে মন্ত্র উচ্চাৰণ কৰাৰ আগতেই ‘ওম্’ উচ্চাৰণ কৰা হয়। মন্ত্ৰত ব্যৱহৃত ঔং, হ্রীং, ক্লীং ফট আদি মন্ত্রত ব্যৱহৃত শব্দসমূহ গুপুত সাধনাৰ ইঙ্গিত মাত্র। বৌদ্ধ তন্ত্রতাে এনে উল্লেখ পােৱা যায়। দেৱ-দেৱীৰ পূজাত এক অক্ষযুক্ত মন্ত্ৰ কিছুমান প্রার্থনামূলক অথবা প্রশংসামূলক মন্ত্ৰৰ সৈতে আবৃত্তি কৰা হয়, যিবােৰক বিভিন্ন দেৱ-দেৱীৰ বীজমন্ত্র আখ্যা দিব পাৰি। মন্ত্ৰসমূহক বেদবিহিত কৰিবৰ কাৰণে ওঁ, স্বাহা ইত্যাদি মঙ্গলবচন সংযােগ কৰা হৈছে। যেনে-
 
'সর্বাঙ্ক নাশায় স্বাহা' ইত্যাদি।

            বীজমন্ত্ৰসমূহ প্রায়ে এক অক্ষৰ বিশিষ্ট; যেনে— ক্লীং, ক্রীং, শ্রীং, ঐং, হুং, ক্ষৌং, যাং, ৰাং, লাং, বাং, ক্রোং, দং ইত্যাদি। প্রতি গৰাকী দেৱ-দেৱীৰেই সুকীয়া সুকীয়া বীজমন্ত্র আছে, যাৰ যােগেদি সেই সেই দেৱ-দেৱীক জাগ্রত কৰিব পাৰি বুলি ধাৰণা কৰা হয়। যেনে-

দুর্গাঃ ওম্ হ্রীং দুর্গায়ৈ নমঃ।
সূৰ্য্যঃ ওম্ হ্রীং শ্রীসূৰ্য্যায়ৈ নমঃ। ইত্যাদি।


            মন্ত্রত উচ্চাৰিত এনে ধ্বনিৰ স্পন্দনে মন্ত্র সাহিত্যৰ গাম্ভীর্য বৃদ্ধি কৰিছে। জাতি-বর্ণ-নির্বিশেষে সকলাে স্তৰৰ মানুহৰ মাজত মন্ত্র বিশ্বাস থকাৰ বাবেই মন্ত্র সাহিত্যক ‘জন সাহিত্য (Popular Poetry) আখ্যা দিয়া হৈছে। তন্ত্র-মন্ত্ৰৰ মূলতে হৈছে নাৰী বা স্ত্রী শক্তি। তান্ত্রিক পূজাৰ বাবে মাছ, মঙহ আৰু নাৰী অত্যাৱশ্যকীয়-

'বিনা শক্তিং ন পূজ্যাপ্তি মৎস্য-মাংসং বিনা প্রিয়ে।'

            তান্ত্রিকসকলৰ নাৰী-সাধনা আৰু সহজীয়া পন্থীসকলৰ নাৰী-সাধনাৰ মাজত সাদৃশ্য লক্ষ্য কৰা যায়। উভয় সাধনাতেই পৰকীয়া প্রীতিত গুৰুত্ব দিয়া হৈছে। সহজাত প্রেম বা ভালপােৱাই সমাজ বান্ধনিৰ মুখ্য প্রবৃত্তি আৰু ইয়াৰ ফলতেই বিশ্বব্রহ্মাণ্ডৰ সৃষ্টি সম্ভৱ হৈছে। সহজীয়া পন্থাত ধর্মাচৰণৰ বাবে কামত অতিক্রম কৰি প্রেমময় ভগৱানৰ স্বৰূপ উপলব্ধি কৰাটোৱেই মূল লক্ষ্য।‌ বেজালি, বিষালি, সর্বঢাক, কৰতি আদি বিভিন্ন মন্ত্ৰৰ বিষয়বস্তু মূলতঃ মহাদেৱ‌-পার্বতী, নেতা-পদ্মৱতী অথবা মােহিনী-মহাদেৱ আদি দেৱ-দেৱীৰ প্রেমলীলা। সাপৰ বিষ জৰা প্ৰায়বােৰ মন্ত্ৰতে নাগমাতা পদ্মাৱতীৰ বিবিধ কার্যকলাপৰ বৰ্ণনা পােৱা যায়।

মন্ত্ৰৰ শক্তিঃ

            মন্ত্ৰৰ অন্তর্নিহিত শক্তি সম্পর্কে উল্লেখ কৰি হেমচন্দ্র গােস্বামীয়ে লিখিছে- 'প্রতি মন্ত্ৰতে দুটা ভাগ থাকে। তাৰ এভাগক ‘সিদ্ধ’ বা ‘বীজমন্ত্র’ বােলে, আৰু আনভাগক ‘সাধ্যমন্ত্র’ বােলে। হ্রীং, ক্লীং, ফট ইত্যাদি বীজবিলাক ঋষিবিলাকে তপস্যা কৰি ধ্যানত লাভ কৰা; সেই গুণে সেইভাগ নিত্যসিদ্ধ মন্ত্র। যি ভাগত ৰােগৰ জন্ম, দেৱতা আদিৰ প্ৰতি তুতিনতি আৰু ৰােগে এৰি গ'লে- ৰােগীৰ মনত এনে ভাব জন্মােৱা কথা আছে, সেই ভাগকে সাধ্যমন্ত্র’ বােলে। কিয়নাে, এই ভাগকে ওজাই নিজে সাধন কৰি সিদ্ধি কৰি ল'ব লাগে, নহ'লে তাৰ একো গুণ নধৰে।'


            মন্ত্র সাহিত্যৰ স্পন্দন শক্তি’ৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা যায়। মন্ত্ৰসমূহৰ ভাষাৰ ধ্বনি স্পন্দন (Sound Vibration)ৰ যােগেদি ইয়াৰ অন্তর্নিহিত অতিলৌকিক শক্তিৰ সার্থকতা নিৰ্ভৰ কৰে, সেইবাবেই মন্ত্রৰাজিত প্রকৃত আৰু শুদ্ধ উচ্চাৰণৰ প্রতি অত্যধিক গুৰুত্ব প্রদান কৰা হৈছিল।

বৈদিক সাহিত্যত মন্ত্রঃ

            শব্দ-শক্তি বা ধ্বনি বৈশিষ্ট্য মন্ত্রৰাজিৰ অন্যতম বিশেষত্ব। বৈদিক সাহিত্যক মন্ত্ৰ আৰু ব্রাহ্মণ’ -এই দুই ভাগত বিভক্ত কৰা হৈছে। যজ্ঞৰ বিভিন্ন গুৰু, দেৱ-দেৱীৰ উপাসনাৰ বাবে মন্ত্ৰবােৰ আবৃত্ত হয়। আনহাতে, যজ্ঞৰ পদ্ধতি-প্রণালী আদিৰ বৰ্ণনাত ব্রাহ্মণ ভাগটোৱে গুৰুত্ব দিয়ে। বৈদিক সাহিত্যত শব্দক ব্রহ্ম আখা দিয়া হৈছে। প্ৰকৃতাৰ্থত শব্দই হৈছে ব্ৰহ্মৰ প্রথম অমূর্ত প্রকাশ।

মন্ত্রৰ ভাষাঃ

            গােৰক্ষনাথ বিৰচিত কামৰত্ন তন্ত্র মন্ত্রবােৰ সংস্কৃতীয়া। দুই-এটি মন্ত্ৰৰ ভাষা আৰু ৰচনাৰীতিত অর্বাচীনতাৰ স্বাক্ষৰ স্পষ্ট। উদাহৰণ স্বৰূপে ‘মুখভঙ্গা মন্ত্ৰৰ' উল্লেখ কৰিব পাৰি-

'পার্বতীয়ে বােলে জানা মহাদেউ কৃষি কৰিব লাগে। ভিক্ষাৰ চাউলেৰে পেট নভৰে। তিনি-চাৰি প্ৰাণী, কার্তিক গণপতি, মই বুদ্ধি দিওঁ, তুমি কৃষি লােৱা। কুবেৰৰ তালৈ যােৱা কঠীয়া আনা, বলােভদ্র গােসাঁইৰ তালৈ যােৱা, নাঙল-যুঁৱলি আনা। ইন্দ্ৰ তালৈ যােৱা মাটি দিব। যম ৰজাৰ তালৈ যােৱা, মহিষটি আনা, তােমাৰ বলধটিৰে এহাল কৰা।” ইত্যাদি।


            কিছুমান মন্ত্র যথেষ্ট দীঘল আৰু ইয়াত ৰামায়ণ, মহাভাৰত, পুৰাণ'আদিৰ একো একোটা কাহিনী সন্নিৱিষ্ট কৰা হৈছে। বলিয়া কুকুৰে খােৱা মন্ত্রত কুকুৰৰ সৃষ্টি সম্পর্কে এটি কাহিনী সন্নিৱিষ্ট কৰা হৈছে-

'মাঘ মাহে প্রতিপদ তিথি, সৰমাত হন্তে কুটা ভৈলা উৎপত্তি। উৎপত্তি হস্তে কুটা আগ ভৈল, এতেকে সৰমা কুকুৰ নাম থৈল। চাৰি চাৰি গােটা দান্ত কৰি জেঙ্গ জেঙ্গ, সর্বকালে তােহােৰ নুগুছে খেঙ্গ খেঙ্গ। জাতিগণ সহিতে সদায়ে অমঙ্গল, যৈত আছে নুগুছে কন্দন। হেন দেখি সৰমাৰ মনে মহাতাপ; ক্ৰোধ কৰি সৰমায়ে তােক দিলে শাপ, তােৰ ঘাৱে মৃত্যু নােহােক কোনাে প্রাণী।” ইত্যাদি।


            জুয়ে পােৰা ঘা শুকুৱাবৰ বাবে ব্যৱহাৰ কৰা মন্ত্রটিৰ কাহিনীভাগৰ মূল ৰামায়ণৰ। তাৰ বৰ্ণনা এনে ধৰণৰ-

'ৰামে ফালিলে খৰি, লক্ষ্মণে জ্বালিলে জুই; সীতাই পানী ঢালিলে থাকে, যেন তেনে হৈ।... লঙ্কাৰ অগ্নি হনুমন্তই খাই, মুখৰ অগ্নি মুখে নুমাই।' ইত্যাদি।


            ৰাম কৰতি পুথিত কেইটিমান পদৰ ভিতৰতে ৰামায়ণৰ কাহিনীভাগ দাঙি ধৰা হৈছে। সেইদৰে বায়ুমন্ত্রত হনুমান বান্ধ খােৱাৰ কথা আৰু ইন্দ্ৰ কৰতিত অর্জুনে কৰতিবাণ ছেদ কৰাৰ কথা উল্লেখ কৰিছে।

মন্ত্র সিদ্ধিৰ বাবে গুৰুৰ প্ৰাধান্যঃ

মন্ত্রত সিদ্ধি লাভ কৰিবলৈ হ'লে গুৰু অপৰিহার্য।
ভালেমান মন্ত্রত সিদ্ধিৰ কাৰণে গুৰু কামাখ্যা দেৱীক চিন্তা কৰা দেখা যায়-

'সিদ্ধ গুৰুৰ পাৱ, ৰক্ষা কৰ কামৰূপৰ কামাখ্যা মাৱ।'
'গুৰুক সুমৰি সাত প্ৰহৰৰ বাট যাওঁ।' ( কৰতি মন্ত্র )

মন্ত্রৰ ব্যাপকতাঃ

            মন্ত্র সাহিত্যৰ বিষয়বস্তু ব্যাপক। নিৰক্ষৰ গ্ৰাম্য জনসাধাৰণৰ বিশ্বাস-অন্ধবিশ্বাসৰ পৰা আৰম্ভ কৰি শাস্ত্রীয় তথা পৌৰাণিক আৰু মহাকাব্যিক ঐতিহ্যৰ বহুতাে কথাই মন্ত্র সাহিত্যৰ অন্তর্ভুক্ত হােৱাত ইয়াৰ পৰিসৰ বৃদ্ধি পাইছে। মন্ত্রসমূহ অসমীয়া, সংস্কৃত আৰু জনজাতীয় ভাষাতো পােৱা যায়। মন্ত্ৰবােৰ জাতি বর্ণ নির্বিশেষে সকলােৰে মাজত সমানে প্রচলিত। কোনাে কোনাে মন্ত্ৰত ‘গড়িয়া বেজ’ৰাে উল্লেখ পােৱা যায়। বেদবাহ্য আচৰণৰ সৈতে জড়িত বাবেই মন্ত্রক বেদৰ বাহিৰৰ সাহিত্য বা 'ওভােটা বেদ’ বােলাও হয়।


            কিছুমান মন্ত্র অতি সংক্ষিপ্ত আৰু দুই-তিনিটা শব্দৰ সমষ্টি মাত্ৰ। এই মন্ত্রসমূহ এশ আঠবাৰ বা ততােধিক সংখ্যক জপ কৰাৰ বিধি প্রচলিত হৈ আহিছে। যােগিনীতন্ত্রত এটা সর্বঢাক মন্ত্র উল্লেখ কৰি সেই মন্ত্র নিতৌ পাঠ কৰি যথানিয়মে নির্মিত কবচ ধাৰণ কৰিলে সকলাে প্ৰকাৰৰ সৌভাগ্য লাভ হয় বুলি কোৱা হৈছে।


            হিন্দু ধৰ্মৰ দৰেই বৌদ্ধধর্মতাে মন্ত্রই গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বৌদ্ধধৰ্মত বিশেষকৈ মহাযান বৌদ্ধধৰ্মৰ অন্তত তান্ত্রিক মাৰ্গত হিন্দুধৰ্মৰ দৰেই মন্ত্রৰ গুৰুত্বপূর্ণ ভূমিকা লক্ষ্য কৰা যায়। ইছলাম ধৰ্মীসকলৰ মাজতাে মন্ত্র প্রচলন আছে। বৌদ্ধধৰ্মৰ ধাৰণী মন্ত্ৰৰ সাদৃশ্যৰ বিষয়ে উল্লেখ কৰি বিৰিঞ্চি কুমাৰ বৰুৱা ডাঙৰীয়াই লিখিছে-“মধ্যযুগৰ বৌদ্ধধর্মততা এনে ধৰণৰ জৰা-ফুৰা মন্ত্ৰৰ বিশেষ
প্রচলন হৈছিল। ইয়াৰ নাম আছিল 'ধাৰণী’ বা ‘পৰিত্তা' অর্থাৎ যি মন্ত্রই বিপদৰ পৰা ধৰি ৰাখে অথবা পৰিত্ৰাণ কৰে। ধৰণী মন্ত্ৰত আছে-
 
'ধৰণী কটকট ধৰণী ছাৰ, মােৰ ধৰণীৰ উপৰে বিষ নাই আৰ।।
নাযা ধৰণী নাযা জল। বিষ নামি যা পাতালপুৰ।
যেবে ছাৰি বিষ উপৰে যাস। আই পদ্মকুমাৰীৰ মাথা খাস।।' ইত্যাদি।

মন্ত্র সাহিত্যিক সৌন্দর্যঃ

            সাহিত্যিক দৃষ্টিভঙ্গীৰ পৰাও মন্ত্ৰসমূহৰ গুৰুত্ব অনস্বীকার্য। মন্ত্ৰৰ অলৌকিক শক্তিৰ সৈতে মানুহৰ সহজাত বিশ্বাস আৰু আন্তৰিকতাৰ দিশতাে জড়িত হৈ আছে। গদ্যৰ সকলােবােৰ লক্ষণ নাথাকিলেও অসমীয়া গদ্যৰ ক্ৰমবিকাশৰ ইতিহাসত মন্ত্র সাহিত্যত ব্যৱহৃত গদ্যৰ গুৰুত্ব অস্বীকাৰ কৰিব নােৱাৰি। অৱশ্যে সৰহভাগতে বাক্য-বিন্যাস প্রকৰণৰ নিয়ম ৰক্ষিত হােৱা দেখা নাযায়। সেয়ে মন্ত্রৰ গদ্যক প্রকৃত গদ্য নুবুলি অসমীয়া গদ্যৰ প্ৰাৰম্ভিক নমুনা বােলাহে অধিক যুক্তিসঙ্গত। জতুৱা ঠাঁচৰ সঘন প্রয়ােগ আৰু আলঙ্কৰিক বর্ণনাই মন্ত্ৰসমূহক সাহিত্যিক গুণেৰে সমৃদ্ধ কৰিছে। উদাহৰণ স্বৰূপে, সুদর্শন চক্ৰৰ ভয়ত পেপুৱা লগা যক্ষবােৰৰ প্রসঙ্গ উল্লেখ কৰিব পাৰি-

'কাৰাে একোখন কাণ কুলাৰ সমান।
এক কাণে দুই কাণ আৰু চাৰি কাণ।।
এক ভৰি দুই ভৰি কাৰাে কোঙা ভৰি।
চক্ৰৰ ভয়ত সবে পলাই লৱৰি।।
অতি কতাে ঢেলা কতাে কণা কতাে কুজা।
কতাে কতাে খোলা আৰু কতাে বেজীমুৱা।।'


            সাহিত্য সৃষ্টিৰ উদ্দেশ্যে ৰচিত নহ'লেও মন্ত্ৰসমূহ বিবিধ ৰসৰ সমাহাৰ লক্ষ্য কৰা যায়। পুৰুষ মােহিনী মন্ত্ৰত শৃঙ্গাৰ ৰসৰ বৰ্ণনা অতি চমৎকাৰ-

'মােহিনী মােহিনী যদি মুহিবাক লৈলা। হস্ত গা, আঙ্গুলি জঙঘা অতি সৰু
দেখিলা যেন হৰৰ ডম্বৰু।
হলফল কৰে যেন দুই স্তন দেখিয়া পুৰুষৰ থিৰ নােহে মন।' ইত্যাদি।

মন্ত্রৰ শ্রেণীবিভাজনঃ

মন্ত্ৰসমূহক প্রধানকৈ তিনি ভাগত ভগাব পাৰি-


ক/ প্রার্থনা মন্ত্র,
খ/ ধর্মীয় কৃত্যৰ সৈতে জড়িত মন্ত্ৰ আৰু
গ/ যাদুবিদ্যাৰ সৈতে জড়িত মন্ত্র।

ক/ প্রার্থনা মন্ত্র-

বিভিন্ন প্রসঙ্গত দেৱ-দেৱীৰ অনুগ্রহ বিচাৰি কৰা স্তুতি বা প্রার্থনাসমূহেই হ'ল প্রার্থনা মন্ত্ৰ।

খ/ ধর্মীয় কৃত্যৰ সৈতে জড়িত মন্ত্ৰ-


ধর্মীয় কৃত্যৰ সৈতে জড়িত আৰু হােম-যজ্ঞ-পূজা-পাৰ্বন আদিৰ বিভিন্ন গুৰু জুতিৰ সৈতে ব্যৱহৃত মন্ত্ৰসমূহক ধর্মীয় কৃত্যৰ সৈতে জড়িত মন্ত্ৰ বুলিব পাৰি।
 

গ/ যাদুবিদ্যাৰ সৈতে জড়িত মন্ত্র-


ৰােগ-ব্যাধি ইত্যাদি নিৰাময়ৰ বাবে ব্যৱহৃত মন্ত্ৰবােৰেই হ’ল যাদুবিদ্যা সম্পর্কীয় মন্ত্র। এই মন্ত্র সাধাৰণতে দুই প্রকাৰৰ-

স্তুতিমূলক আৰু ধমক প্রধান।

        যাদুমূলক মন্ত্রক ইয়াৰ অন্তর্নিহিত উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভগাব পাৰি-
সু-মন্ত্র বা কল্যাণকাৰী যাদু আৰু
কু-মন্ত্র অথবা অকল্যাণকাৰী যাদুমন্ত্র আখ্যা দিব পাৰি। কুমন্ত্ৰসমূহ সাধাৰণতে ‘অভিচাৰ মন্ত্র’ ৰূপে জনাজাত। কু-মন্ত্র প্রয়ােগ পদ্ধতিক বাণ মৰা বুলিও কোৱা হয়। এনে ৱাণ বিবিধ প্রকাৰৰ। যেনে- চক্ৰবাণ, বিষ্ণুবাণ,ৰুদ্ৰবাণ, সুদর্শন চক্র বাণ, ত্রিশূল বাণ, শিৱ বাণ, পাশুপাত মন্ত্র (বাণ), নৰসিংহ বাণ ইত্যাদি।


            অসমীয়া মন্ত্র সাহিত্যত যাদুমূলক মন্ত্ৰৰ পৰিসৰ যথেষ্ট ব্যাপক। এনে মন্ত্র ভিতৰত সৰ্বঢাক মন্ত্র, কৰতি মন্ত্র, নৰসিংহ মন্ত্ৰ ক্ষেত্রপাল মন্ত্র, পক্ষীৰাজ মন্ত্র, মুখভঙ্গা মন্ত্ৰ, সৰ্পৰ ধৰণী মন্ত্র, মােৰৰ মন্ত্র, জ্বৰৰ মন্ত্ৰ, বৰবেজালি মন্ত্র, মােহিনী মন্ত্র আদি উল্লেখযোগ্য।


            গােপনীয়তা মন্ত্র সাহিত্যৰ অন্যতম বৈশিষ্ট্য। গুৰুৰ পৰা মন্ত্র শিকি তেওঁলােকৰ নির্দেশ মতে ইয়াৰ প্ৰয়ােগ নকৰিলে মন্ত্রই কামত নিদিয়ে বুলি ধাৰণা কৰা হয়। অসমৰ জনজাতীয় লােকসকলৰ মাজতাে বিভিন্ন ধৰণৰ মন্ত্ৰৰ প্রচলন আছে। অসমৰ কাৰ্বি, ৰাভা, মিছিং, বড়াে, ডিমাচা ইত্যাদি জনগােষ্ঠীৰ মাজতাে বিভিন্ন ধৰণৰ মন্ত্ৰৰ প্রচলন আছে।

মন্ত্র সাহিত্যৰ বৈশিষ্ট্যঃ

১/ মন্ত্ৰবােৰ মৌখিক সাহিত্যৰ অন্তৰ্গত।


২/ মন্ত্ৰৰ সঠিক ৰচনাকাল নির্ণয় কৰা কঠিন।


৩/;মন্ত্ৰত ৰচোঁয়িতাৰ নাম পােৱা নাযায়।


৪/ গােপনীয়তা আৰু ৰক্ষণশীলতা মন্ত্র সাহিত্যৰ দুটি লক্ষ্যণীয় বৈশিষ্ট্য। যুগ যুগ ধৰি মুখ-পৰম্পৰা ৰূপে চলি অহা বাবে মন্ত্র সাহিত্যত কিছু অবাৰ্চীনতা
লক্ষ্য কৰা যায়।


৫/ লােকসাহিত্যৰ অন্যান্য শাখাৰ দৰে প্ৰচাৰ আৰু প্ৰসাৰ নােহােৱা বাবে অর্থাৎ ৰক্ষণশীলতাৰ বাবে মন্ত্রৰ ভাষা পৰিৱর্তনৰ ৰূপ কম।


৬/ মন্ত্ৰবােৰ ছন্দগন্ধী, অন্ত্যানুপ্রাসযুক্ত আৰু প্ৰায়বােৰ মন্ত্ৰতেই শেষবৰ্ণৰ মিল থকা লক্ষ্য কৰা যায়।


৭/ জৰা-ফুকা ইত্যাদি বেদবাহ্য আচৰণৰ বাবে মন্ত্রসমূহক ‘ওভােটা বেদ’আখ্যা দিয়া হৈছে।


৮/ মন্ত্ৰসমূহৰ শাৰীৰ দৈর্ঘ্য আৰু ধ্বনিৰ সংখ্যা সকলাে ক্ষেত্ৰতে সমান নহয়।


৯/ মন্ত্ৰসমূহত মধ্যযুগৰ অসমত বসবাস কৰা বিবিধ জনগােষ্ঠীৰ লােকবিশ্বাসৰ প্রতিফলন ঘটিছে।


১০/ মন্ত্ৰত ঠায়ে ঠায়ে পুৰাণ, মহাকাব্য আদিৰ কাহিনীৰ পুনৰাবৃত্তি লক্ষ্য কৰা যায়।


১১/ বিবিধ উপকথাৰ সংযোেগে মন্ত্ৰৰ পৰিসৰ বৃদ্ধিত সহায় কৰিছে।


১২/ লােকবিশ্বাস আৰু অলৌকিক শক্তি বিশ্বাসে মন্ত্রৰ জনপ্রিয়তা বৃদ্ধিত সহায় কৰিছে।


১৩/ অসংলগ্নতা মন্ত্ৰ সাহিত্যৰ অন্য এক বৈশিষ্ট্য।


১৪/ কিছুমান মন্ত্রত অবাচ্য আৰু অশ্লীল শব্দৰাে প্ৰয়ােগ লক্ষ্য কৰা যায়। বিশেষকৈ চেলাৰ বিষ জৰা-ফুকা ইত্যাদি মন্ত্ৰবােৰত অশ্লীল শব্দৰ পয়ােভৰ দেখা যায়।


১৫/ মন্ত্ৰত শৃঙ্গাৰ, অদ্ভুত, ভয়ানক ইত্যাদি বিবিধ ৰসৰ সমাহাৰ লক্ষ্য কৰা যায়।


১৬/ মন্ত্ৰসমূহত প্রায়ে পুনৰুক্তিৰ প্রাধান্য দেখা যায়। যেনে-
ব্রহ্মাৰ গাঁঠি কাটো,
বিষ্ণুৰ গাঁঠি কাটো।
ৰুদ্ৰৰ গাঁঠি কাটো... ইত্যাদি।


১৭/ মন্ত্ৰৰ ঠাইবিশেষে তান্ত্রিক বীজমন্ত্ৰৰ প্ৰয়ােগ কৰি ৰহস্যঘন পৰিৱেশ সৃষ্টি কৰা হৈছে।


১৮/ মন্ত্ৰসমূহ সাহিত্যিক দিশৰ পৰাও গুৰুত্বপূর্ণ। বিভিন্ন ৰস, অলঙ্কাৰ আৰু জতুৱা ঠাঁচৰ সংযােগে মন্ত্রৰ সাহিত্যিক সৌন্দর্যবর্ধনত সহায় কৰিছে।


১৯/ সমুহত ৰচক বর্ণনা শক্তিৰাে পৰিচয় পােৱা যায়।


২০/ মন্ত্ৰসমুহ স্থানবিশেষে সৃষ্টিতত্ত্বৰ বৰ্ণনাও সন্নিবিষ্ট হৈছে।


২১/ মন্ত্ৰসমুহৰ ভাষা কথিত ভাষাৰ ওচৰ চপা। আৰু


২২/ মন্ত্ৰসমূহত বৈদিক, অবৈদিক উভয় পৰম্পৰাৰ পৰিচয় পােৱা যায়।

২৪/ গােপনীয়তা মন্ত্র সাহিত্যৰ অন্যতম বৈশিষ্ট্য। গুৰুৰ পৰা মন্ত্র শিকি তেওঁলােকৰ নির্দেশ মতে ইয়াৰ প্ৰয়ােগ নকৰিলে মন্ত্রই কামত নিদিয়ে বুলি ধাৰণা কৰা হয়।


            মন্ত্ৰসমূহ অসমৰ জনসাধাৰণৰ দীর্ঘদিনীয়া বিশ্বাস আৰু জীৱন-অভিজ্ঞতাৰ ভূপীকৃত ৰূপ। অসমত বসবাস কৰা বিভিন্ন জনগােষ্ঠীৰ ধর্মীয় বিশ্বাস, ৰীতি নীতিপৰম্পৰা, লােক-বিশ্বাস, কল্পনা আৰু আর্থ-সামাজিক দিশৰ সৈতে জড়িত ভালেমান বিষয় মন্ত্র সাহিত্যৰ মাজেদি প্রতিফলিত হৈছে। মন্ত্ৰসমূহ মূলতঃ পৌৰাণিক আৰু মহাকাব্যিক ঐতিহ্যৰ লােকৰূপ বুলিব পাৰি। গার্হস্থ্য জীৱনত পালন কৰিবলগীয়া নীতি নিয়মৰে পৰা আৰম্ভ কৰি আয়ুর্বেদ সম্পৰ্কীয় জ্ঞান আৰু বিশ্বাসলৈকে, লােকাচাৰ আৰু লােকৰীতিৰ পৰা আৰম্ভ কৰি লােক-চিকিৎসা আৰু লােক-পূজা পদ্ধতিলৈ বৈদিক আৰু অবৈদিক উভয় পৰম্পৰাৰ স্বৰূপ মন্ত্ৰসমূহৰ মাজেদি ফুটি উঠিছে। মন্ত্ৰসমূহৰ উপযুক্ত সংৰক্ষণ আৰু প্ৰণালীবদ্ধ অধ্যয়নৰ যােগেদি মধ্যযুগৰ অসমৰ ধৰ্মীয় ঐতিহ্য বিশেষকৈ তান্ত্রিক ধর্ম, মহাযান বৌদ্ধধর্ম, সহজীয়া ধর্ম ইত্যাদি বিষয়ে সম্যক জ্ঞান লাভ কৰাৰ লগতে মধ্যযুগৰ অসমৰ সমাজ আৰু সংস্কৃতিৰ বিষয়ে অধ্যয়নতাে মন্ত্র সাহিত্যই গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব বুলি সিদ্ধান্ত কৰিব পৰা যায়।


ডাকৰ বচনঃ ইয়াৰ পৰিচয় আৰু বিষয়বস্তু ডাকৰ বচন শীৰ্ষক পাঠত বৰ্ণনা কৰা হৈছে-
-----------------------------------------------------------------------------------------------------------



Post a Comment

0 Comments