প্ৰাক শংকৰী যুগৰ সাহিত্য

প্ৰাক্-শংকৰী যুগৰ সাহিত্য আৰু অসমীয়া অনুবাদ সাহিত্য


    চৰ্যাপদৰ পৰৱৰ্তী কাল, অৰ্থাৎ খ্ৰীষ্টিয় ত্ৰয়োদশ- চতুৰ্দশ শতিকাত পৰা পঞ্চদশ শতিকাৰ মধ্যভাগলৈ- এই সময়ছোৱাক অসমীয়া সাহিত্যৰ প্ৰাক্-শংকৰী যুগ বুলি কোৱা হয়।

    প্ৰাচীন ভাৰতীয় সাহিত্য অৰ্থাৎ সংস্কৃত সাহিত্যক অৱলম্বন কৰি এই যুগৰ সাহিত্য গঢ় লৈ উঠিছিল। মূলতঃ পাঁচ গৰাকী মহান কবিৰ কাব্যই এই যুগৰ সাহিত্যৰ শোভা বৰ্ধন কৰে। এই যুগৰ প্ৰধান কবিসকল হ'ল- ১/ হেম সৰস্বতী, ২/ কবিৰত্ন সৰস্বতী, ৩/ হৰিবৰ বিপ্ৰ, ৪/ মাধৱ কন্দলি আৰু ৫/ ৰুদ্ৰ কন্দলি।

১/ হেম সৰস্বতী-

        হেম সৰস্বতী পুৰাণৰ আখ্যানৰ আধাৰত কাব্য ৰচনা কৰা হেম সৰস্বতী হ'ল প্ৰাক্-শংকৰী যুগৰ এজন উল্লেখযোগ্য কবি। পুৰাণৰ আখ্যানৰ কাহিনীৰ আলমতে ৰচনা কৰা তেওঁৰ দুখন কাব্য হ'ল-

১/ প্ৰহ্লাদ চৰিত্ৰ আৰু
২/ হয়গৌৰী সম্বাদ।

প্ৰহ্লাদ চৰিত্ৰত কবিয়ে নিজৰ পৰিচয় এনেদৰে দাঙি ধৰে-

কমতামণ্ডল, দুৰ্লভনাৰায়ণ, নৃপবৰ অনুপাম।
তাহান ৰাজ্যত, ৰুদ্ৰ সৰস্বতী, দেৱযানী কন্যা নাম।।
তাহান তনয় হেম সৰস্বতী, ধ্ৰুৱৰ অনুজ ভাই।
পদবন্ধে তেহো, প্ৰচাৰ কৰিলা,বামন পুৰাণ চাই।

        উক্ত পদকেইফাকিৰ পৰা হেম সৰস্বতী বিষয়ে কিছু কথা গম পোৱা যায় যদিও তেওঁ ৰুদ্ৰ সৰস্বতী নে দেৱযানীৰ পুত্ৰ তাক স্পষ্টকৈ জনা নাযায়। আনহাতে হৰগৌৰী সম্বাদৰ কবিতাৰ ভণিতাত কবিয়ে এনেদৰে উল্লেখ কৰিছে-

ভূপ দুৰ্লভ নাৰায়ণ পাত্ৰ পশুপতি সুত
সৰ্বশাস্ত্ৰে পণ্ডিত সুজান
তাহাৰ তনয় চাৰি ধনঞ্জয় আদি কৰি
ধ্ৰুৱ ভৈল কুলত প্ৰধান
অপৰ হেমন্ত কবি হৰগৌৰী পদ সেৱি
হেম সৰস্বতী ভৈল নাম।

        উক্ত বৰ্ণনা মতে মহাৰাজ দুৰ্লভনাৰায়ণৰ কৰ্মচাৰী পশুপতি নামৰ লোকজনৰ চাৰিজন পুত্ৰ আছিল। তাৰে ডাঙৰজনৰ নাম হেমন্ত কবি, যিয়ে হৰগৌৰী পদ ৰচনা কৰিছিল, পিছত তেওঁক হেম সৰস্বতী নামেৰে জনাজাত হয়। সেয়েহে দুৰ্লভনাৰায়ণৰ ৰাজত্ব কালতেই কবি হেম সৰস্বতীয়ে কাব্য ৰচনা কৰিছিল বুলি অনুমান কৰিব পাৰি। অৱশ্যে দুৰ্লভনাৰায়ণৰ ৰাজত্ব কাল সম্পৰ্কে পণ্ডিতসকলৰ মাজত কিছু মতানৈক্য আছে। কনকলাল বৰুৱা আৰু দেবানন্দ ভৰালীৰ মতে হেম সৰস্বতী চতুৰ্দশ শতিকাৰ মাজভাগৰ কবি। আনহাতে এডৱাৰ্ড গেইট, বাণীকান্ত কাকতি, সত্যেন্দ্ৰনাথ শৰ্মা, কালিৰাম মেধি আদি পণ্ডিতসকলৰ মতে দুৰ্লভনাৰায়ণ ত্ৰয়োদশ শতিকাত শেষৰ পৰা চতুৰ্দশ শতিকাত প্ৰথম ভাগৰ ৰজা। গতিকে পণ্ডিতসকলৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি হেম সৰস্বতী ত্ৰয়োদশ শতিকাৰ শেষৰ পৰা চতুৰ্দশ শতিকাৰ প্ৰথমভাগৰ কবি। হেম সৰস্বতী এগৰাকী বিশিষ্ট কবি আছিল, কাৰণ পুৰণি কালত বিশিষ্ট ব্যক্তিকহে সৰস্বতী উপাধি প্ৰদান কৰা হৈছিল।

        ১৯২৩ চনত কালিৰাম মেধিয়ে সম্পাদনা কৰা হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ এশপদ যুক্ত এখন নাতিদীৰ্ঘ কাব্য। অসমীয়া কাব্যৰ ইতিহাসত এই কাব্যখনিৰ মূল্য অপৰিসীম। কবি হেম সৰস্বতীয়ে কাব্যখনি বামন পুৰাণ চাই ৰচনা কৰা বুলি লিখিছে যদিও বৰ্তমানে প্ৰাপ্ত বামন পুৰাণত প্ৰহ্লাদ হিৰণ্যকশিপুৰ আখ্যানটি পোৱা নাযায়। সেইবাবে পণ্ডিসকলে অনুমান কৰিছে যে হেম সৰস্বতীৰ সময়ত বামন পুৰাণ নামৰ আন কোনো উপ-পুৰাণ আছিল আৰু তেওঁ তাৰ আলমত কাব্যখনি ৰচনা কৰে। কাব্যখনিত বৈষ্ণৱ আদৰ্শ প্ৰতিফলিত হৈছে।

        হেম সৰস্বতীৰ আন এখন কাব্য হ'ল হৰগৌৰী সম্বাদ। কাব্যখন ৮৯৯ টা পদত ৰচিত। কাব্যখনিত হিৰণ্যকশিপু বধ, তাৰকাসুৰৰ যুদ্ধ, শিৱৰ তপস্যা, কামদেৱ ভষ্ম, হৰগৌৰীৰ বিয়া, কাৰ্তিকৰ জন্ম আদি পুৰাণৰ আধাৰিত কথাৰ ওপৰত আধাৰিত। কালিকা পুৰাণ আৰু নৰসিংহ পুৰাণৰ আলমত হৰগৌৰী সম্বাদৰ কাহিনীভাগ ৰচনা কৰা হৈছে। পুথিখন বৰ্তমানলৈকে প্ৰকাশ পোৱা নাই। পুথিখনৰ এটি নকল গৌৰীপুৰৰ অজয় কুমাৰ চক্ৰৱৰ্তীৰ হাতত পোৱা গৈছে। হেম সৰস্বতী প্ৰথমজনা অসমীয়া পুৰাণ সাহিত্যিত বুলি ক'লে ভুল কৰা নহ'ব।

        এই প্ৰতিভাশালী কবিকেইজনৰ হাতত সৃষ্টি হোৱা সাহিত্যৰাজি মূলতঃ অনুবাদমূলক আছিল। এই যুগৰ কবি সকলৰ ভিতৰত মাধৱ কন্দলিকে শ্ৰেষ্ঠ কবি বুলি কোৱা হয়।

        প্ৰাচীন ভাৰতীয় সাহিত্যক প্ৰধান অৱলম্বন হিচাপে লৈ প্ৰাক্-শংকৰী যুগৰ সাহিত্যৰাজিৰ সৃষ্টি হৈছিল। সেয়েহে এই যুগৰ সাহিত্যৰ বিষয়বস্তু সৰ্বভাৰতীয় সংস্কৃতি আৰু আদৰ্শৰ বাহক আছিল। মাধৱ কন্দলি, হৰিবৰ বিপ্ৰ,ৰূদ্ৰ কন্দলি আৰু কবিৰত্ন সৰস্বতীয়ে ৰামায়ণ আৰু মহাভাৰতৰ পৰা বিষয়বস্তু গ্ৰহণ কৰিছিল। আনহাতে এই যুগৰ আন এগৰাকী কবি হেম সৰস্বতীয়ে পুৰাণৰ পৰা বিষয়বস্তু সংগ্ৰহ কৰি প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সম্বাদ কাব্য ৰচনা কৰিছিল। ভাব প্ৰকাশ কৰাৰ বাবে উপযুক্ত শব্দৰ প্ৰয়োগ, ছন্দ, অলংকাৰৰ সাৰ্থক প্ৰয়োগে এই যুগৰ সাহিত্যক সমৃদ্ধিশালী কৰি তুলিছিল।

        মূলতঃ ৰামায়ণ, মহাভাৰত, পুৰাণ আদি সৰ্বভাৰতীয় পৰ্যায়ৰ সংস্কৃত সহিত্যৰ অসমীয়া অনুবাদেই এই যুগৰ কাব্য সাহিত্যৰ বৈশিষ্ট্য আছিল বুলি ক'লে ভুল কৰা নহ'ব। সেইবাবেই এই যুগৰ সাহিত্যৰ মাজেৰে অসমীয়া অনুবাদ সাহিত্যৰ এটা টোকা প্ৰস্তুত কৰাৰ প্ৰয়াস কৰাৰ চেষ্টা কৰা হৈছে।

        সাধাৰণতে অনুবাদ বুলি ক'লে কোনো এটা ভাষাত ৰচিত (লিখিত বা কথিত) কোনো এটা পাঠ এনেদৰে পৰিবৰ্তন কৰা হয়, যাতে মূল পাঠৰ কাহিনী, বক্তব্য, অৰ্থ আৰু সাহিত্য ভাগ বিকৃত নহয়।

        এই যুগৰ সাহিত্যৰাজি প্ৰধানকৈ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত সৃষ্টি হৈছিল। এই যুগৰ পাঁচোজন কবিৰ ৰচনাৰাজিৰ মাজেৰে অসমীয়া সাহিত্যৰ আৰম্ভণি স্তৰ সমৃদ্ধিশালী কৰি তুলিছিল। এই যুগৰ কবিসকলৰ ৰচনাৰাজিৰ পৰাই অসমীয়া সাহিত্যই সাহিত্যিক মৰ্যাদা লাভ কৰিবলৈ সক্ষম হয়। বিশেষকৈ ভাব প্ৰকাশ কৰাৰ বাবে উপযুক্ত শব্দৰ ব্যৱহাৰ, বিভিন্ন ছন্দ, অলংকাৰ, পৰিৱেশৰ বৰ্ণনা, প্ৰবাদ-প্ৰবচন, জতুৱা ঠাঁচ আদিৰ প্ৰয়োগেৰে এই সময়ৰ ৰচনাৰাজি সাহিত্যিত সৌন্দৰ্যৰে সমৃদ্ধ।

২/ কবিৰত্ন সৰস্বতী-

    কবিৰত্ন সৰস্বতী প্ৰাক্-শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি হ'ল কবিৰত্ন সৰস্বতী। এওঁ মহাভাৰতৰ আখ্যানৰ আধাৰত কাব্য ৰচনা কৰিছিল। কবিৰত্ন সৰস্বতীয়ে মহাভাৰতৰ দ্ৰোণপৰ্বৰ অন্তৰ্গত জয়দ্ৰথ বধ আৰু তাৰ লগত জড়িত ঘটনাংশক কাব্যিক ৰূপ দিছে। ভণিতাত তেওঁ জয়দ্ৰথ বধ ৰচনা কৰা বুলি স্পষ্টভাবে উল্লেখ কৰিছে। অৱশ্যে এই কাব্যখনি দুষ্প্ৰাপ্য। এতিয়ালৈকে ইয়াৰ কোনো পাণ্ডুলিপি পোৱা হোৱা নাই। অসমীয়া সাহিত্যৰ চানেকি, অসমীয়া মহাভাৰত (দ্বিতীয় খণ্ড) আদিত কাব্যখনৰ কৈলাস বৰ্ণনা অংশৰ বাহিৰে কবিৰত্ন সৰস্বতীৰ অন্য কোনো ৰচনা অন্তৰ্ভূক্ত কৰা হোৱা নাই। কৈলাস বৰ্ণনা অংশৰ ভণিতাটিৰ শেষৰ অংশৰ লিখনিৰ মাজেৰে কবি পৰিচয় পোৱা যায়। ভণিতাত পোৱা মতে কবিগৰাকীৰ ঘৰ বৰপেটাৰ ছোটশিল গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল চক্ৰপাণি শিকদাৰ। কবিৰত্ন সৰস্বতীয়ে কমতাপুৰৰ ৰজা ইন্দ্ৰনাৰায়ণ পৃষ্ঠপোষকতাত লাভ কৰিছিল। কনকলাল বৰুৱাই ইন্দ্ৰনাৰায়ণ ৰাজত্বকাল ১৩৫০-৬৫ বুলি মত পোষণ কৰিছে। গতিকে কবিৰত্ন সৰস্বতী চতুৰ্দশ শতিকাৰ মাজভাগৰ কবি বুলি অনুমান কৰিব পাৰি।

    হেমচন্দ্ৰ গোস্বামী সংগৃহীত "অসমীয়া সাহিত্যৰ চানেকি"ত অন্তৰ্ভুক্ত জয়দ্ৰথ বধৰ কৈলাস বৰ্ণনা অংশটি অতি মনোৰম আৰু বিস্তৃত। এই অংশটোৰ পৰাই কবিৰত্ন সৰস্বতীৰ কাব্য প্ৰতিভাৰ উমান পাব পাৰি। দুলড়ী ছন্দত ৰচিত কৈলাস বৰ্ণনাত এটি মনোৰম চিত্ৰ অংকন কৰিছে। এই মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনাত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বৰ্ণনা কৰিছে-

আম জাম শ্যাম, অতি অভিৰাম, শাল তাল ভাল দেখি।
ফুলিল কণ্টকী, সুৱৰ্ণ, কেতেকী, ফুলমধ্যে যাক দেখি।।
গুৱা নাৰিকল, জৰা পণিয়ল, লেতেকু, টেঙ্গা দাড়িম্ব।
ষোলেঙ্গ মধুৰি আছে ডাল ভৰি, ৰসে টুপ টুপ জিম্ব।।

ভ্ৰমে জাক হংস চক্ৰবাক, জলচৰ পক্ষীগণ।
ক্ষণে ক্ষণে উৰি, ফুৰি ফুৰি পৰি, জলত কৰে ক্ৰীড়ণ।।
লৱঙ্গ মালতী, ফুলিল সেউতি, কুন্দন কুৰুবক জাই।
জম্পা নাগেশ্বৰ, শিৰিষ বিস্তৰ, হাত মেলি ফুল পায়।।

    জয়দ্ৰথ বধ ৰচনা কৰাৰ আগতে শকুন্তলা উপাখ্যান আৰু যযাতি চৰিত্ৰ নামৰ দুখন কাব্য ৰচনা কৰা বুলি কাব্যখনত উল্লেখ আছে যদিও এই কাব্য দুখনৰ কোনো সম্ভেদ পোৱা হোৱা নাই। বিষয়বস্তু ৰূপায়ণৰ দক্ষতা আৰু বৰ্ণনা শক্তিৰ ফালৰপৰা কবিৰত্ন সৰস্বতী মাধৱ কন্দলি, হৰিবৰ বিপ্ৰ আদি কবিৰ সমকক্ষ নহ'লেও কবিৰত্ন সৰস্বতী প্ৰাক্-শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি আছিল।

৩/ হৰিবৰ বিপ্ৰ-

    হৰিবৰ বিপ্ৰ প্ৰাক্-শংকৰী যুগৰ আন এগৰাকী উল্লেখযোগ্য কবি হ'ল হৰিবৰ বিপ্ৰ। হৰিবৰ বিপ্ৰৰ নামত তিনিখন কাব্য পোৱা যায়। এই কাব্য কেইখন হ'ল- ১/ বব্ৰুবাহনৰ যুদ্ধ, ২/ লৱ-কুশৰ যুদ্ধ আৰু ৩/ তাম্ৰধ্বজৰ যুদ্ধ।

    বব্ৰুবাহনৰ যুদ্ধত দিয়া আত্মপৰিচয় সূচক লিখনিৰ পৰা জানিব পৰা যায় যে হৰিবৰ বিপ্ৰ কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতাত লাভ কৰিছিল। কালিৰাম মেধিয়ে এডৱাৰ্ড গেইট, কনকলাল বৰুৱা আদি পণ্ডিতসকলৰ মতামত বিচাৰ কৰি ৰজা দুৰ্লভনাৰায়ণৰ ৰাজত্বকাল দ্বাদশ শতিকাত শেষৰ ফালে আৰু ত্ৰয়োদশ শতিকাৰ প্ৰথমভাগত বুলি অনুমান কৰিছে। সত্যেন্দ্ৰনাথ শৰ্মাই চতুৰ্দশ শতিকাৰ প্ৰথমাৰ্ধৰ দুৰ্লভ নাৰায়ণ ৰজাকে হৰিবৰ বিপ্ৰৰ পৃষ্ঠপোষক হিচাপে ধৰিব পাৰি বুলি যুক্তিৰে প্ৰতিপন্ন কৰিছে। মহেশ্বৰ নেওগে "Aspects of Early Assamese Literature"(২য় সংস্কৰণ, ১৯৫৯) গ্ৰন্থত সেই সময়ৰ সাহিত্যত উল্লেখ কৰা ৰজাসকলৰ ভিতৰত দুৰ্লভ নাৰায়ণকে প্ৰাচীনতম বুলি ভাবি তেওঁক ত্ৰয়োদশ শতিকাৰ শেষ নাইবা চতুৰ্দশ শতিকাৰ মাজভাগৰ ৰজা আছিল বুলি অনুমান কৰিছে। এই গ্ৰন্থৰে আন এঠাইত চতুৰ্দশ শতিকাৰ দ্বিতীয় পাদ (১৩৩০-৫০) নাইবা ত্ৰয়োদশৰ পিছৰ ভাগেই দুৰ্লভ নাৰায়ণৰ ৰাজত্ব কাল বুলি পণ্ডিতসকলৰ সিদ্ধান্তৰ কথাও উল্লেখ কৰিছে। হৰিবৰ বিপ্ৰৰ ভাষা সম্বন্ধীয় আলোচনাত দিয়া মহেশ্বৰ নেওগৰ উদাহৰণবোৰ পণ্ডিত বাণীকান্ত কাকতিদেৱে চতুৰ্দশ শতিকাৰ পিছৰ হ'ব নোৱাৰে বুলি মত পোষণ কৰিছে। এনেদৰে পণ্ডিতসকলকৰ মতামতবোৰৰ ওপৰত ভিত্তি কৰি দুৰ্লভনাৰায়ণৰ ত্ৰয়োদশ শতিকাৰ শেষৰ নাইবা চতুৰ্দশ শতিকাত প্ৰথম ভাগৰ ৰজা আছিল বুলি অনুমান কৰিব পাৰি। গতিকে হৰিবৰ বিপ্ৰও এই সময়ছোৱাৰে কবি বুলি অনুমান কৰিব পৰা যায়।

    হৰিবৰ বিপ্ৰৰ তিনিওখন কাব্যৰ বিষয়বস্তু জৈমেনী ঋষিয়ে ৰচনা কৰা মহাভাৰতৰ অশ্বমেধ পৰ্বৰ পৰা লোৱা। কাব্য তিনিখন অনুবাদমূলক হ'লেও ই অতি উচ্চ খাপৰ সাহিত্য। কাব্যকেইখনৰ বেছিভাগ বৰ্ণনা পদছন্দত দিয়া আছে যদিও দুই-এঠাইত ছবি, দুলড়ী আৰু ঝুমুৰী আদি ছন্দৰো প্ৰয়োগ কৰিছে। তিনিওখন কাব্যতে ৰূপক, উপমা আদি অলংকাৰ প্ৰয়োগ কৰা দেখা যায়।যেনে-

যেনমতে পকা আম জোকাৰি পেলায়।
সেহিমতে ৰিপুসেনা মাৰিবো নিশ্চয়।। ( লৱ-কুশৰ যুদ্ধ )

বালিত নৰহে যেন অল্প বৃষ্টিৰ জল। ( লৱ-কুশৰ যুদ্ধ )

যেন পানী খোজন্তে দধিক দিলা বিধি। ( তাম্ৰধ্বজৰ যুদ্ধ )

হস্তীৰ আগত যেন কদলীৰ পখা। ( তাম্ৰধ্বজৰ যুদ্ধ )

আগে যেন মনুষ্যে লৱড়ে খৰতৰি।
চাই বুলি বাঘৰ গলত আছে ধৰি।।
মনুষ্যে এড়ন্তে গলৰ নেৰে বাঘে।
তোৰ মোৰ পটন্তৰ সেহিমতে লাগে।। ( বব্ৰুবাহনৰ যুদ্ধ )

হৃদয়ত পৰি বীৰে দুই হাতে আটে।
বলবন্ত নাৰী যেন বেসুৱাৰ বাটে।। ( বব্ৰুবাহনৰ যুদ্ধ )

    মুঠতে প্ৰাক্- শংকৰী যুগৰ সাহিত্যৰ ইতিহাসত সংস্কৃত কাব্যৰ অনুবাদক হিচাপে হৰিবৰ বিপ্ৰই এখন বিশিষ্ট আসন দখল কৰি আছে।

৪/ মাধৱ কন্দলি-

    ইতিমধ্যে উল্লেখ কৰা হৈছে যে মাধৱ কন্দলি এই যুগৰ শ্ৰেষ্ঠ কবি। অসমীয়া সাহিত্যৰ যুগ প্ৰৱৰ্তক তথা অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শঙ্কৰদেৱে মাধৱ কন্দলিৰ বিষয়ে এনেদৰে প্ৰসংক্ষা কৰিছে-

"পূৰ্বকবি অপ্ৰমাদী মাধৱ কন্দলি আদি
তেহে বিৰচিলা পদে ৰাম কথা
হস্তীৰ দেখিয়া লাদ শশা যেন ফাৰে মাৰ্গ
মোৰ হৈল তেহ্নয় অৱস্থা।"

মাধৱ কন্দলিয়ে বৰাহী ৰজা মহামাণিক্যৰ অনুৰোধক্ৰমে সৰ্বসাধাৰণ লোকক কাব্য জ্ঞান দিয়াৰ প্ৰয়াসেৰে ৰামায়ণ মহাকাব্য অনুবাদ কৰা বুলি লংকা কাণ্ডত এনেদৰে উল্লেখ কৰিছে-

"সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলোঁ
লম্ভা পৰিহৰি সাৰোধৃতে।
মহামাণিক্যক বোলে কাব্যৰস কিছো দিলোঁ।
দুগ্ধক মথিলে যেন ঘৃত।।"

        কন্দলিয়ে নিজে সাতটা কাণ্ডত বাল্মীকী ৰামায়নৰ অবিকৃতভাৱে চমুকৈ ৰচনা কৰাৰ কথা লংকা কাণ্ডত উল্লেখ কৰিছে যদিও কন্দলিয়ে ৰচনা কৰা ৰামায়ণৰ আদি কাণ্ড আৰু উত্তৰা কাণ্ড উদ্ধাৰ হোৱা নাই। পৰৱৰ্তী কালত আদি আৰু উত্তৰৰা কাণ্ড ক্ৰমে মাধৱ দেৱে আৰু শংকৰদেৱে ৰচনা কৰি ইয়াত সংলগ্ন কৰে।

"সাতকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো
লম্ভা পৰিহৰি সাৰধৃতে। "

        উক্ত পদটোতে কন্দলিৰ ৰামায়ণ অনুবাদৰ মূল নীতিৰ আভাস পোৱা যায়। মূল ৰামায়নৰ কিছু সাংক্ষিপ্ত কৰিলেও তেখেতে প্ৰধান আৰু প্ৰয়োজনীয় কোনো ঘটনাকে বাদ দিয়া নাই।

কিষ্কিন্ধা কাণ্ডৰ তলত উল্লেখ কৰা কবিতাটোৰ মাজতেই কন্দলিৰ অনুবাদ সাহিত্যৰ আভাষ পোৱা যায়-

বাল্মীকি ৰচিলা শাস্ত্ৰ গদ্য-পদ্য ছন্দে।
তাহাক বিচাৰ আমি কৰিয়া প্ৰৱন্ধে।।
আপোনাৰ বূদ্ধি অৰ্থ যেমতে বুজিলোঁ।
সাংক্ষেপ কৰিয়া তাক পদ বিৰচিলোঁ।।
সমস্ত ৰসক কোনে জানিবাক পাৰে।
পক্ষীসৱ উৰয় যেন পাখা অনুসাৰে।।
কবিসব নিবন্ধয় লোক ব্যৱহাৰে।
কতো নিজ কতো লম্ভা কথা অনুসাৰে।।
দেৱবাণী নুহি ইটো লৌকিকহে কথা।
এতেকে ইহাৰ দোষ নলবা সৰ্ব্বথা।।

        উক্ত পদ কেইটাৰ পৰা তলৰ সিদ্ধান্ত কেইটাত উপনীত হ'ব পাৰি-

১/ কন্দলিয়ে অসমীয়া ৰামায়ণ মূলতকৈ কিছু চমু কৰিছে বা কিছু অপ্ৰয়োজনীয় কথা বাদ দিছে।

২/ বাল্মীকিৰ ৰামায়ণ পঢ়ি কন্দলিয়ে যি বুজি পাইছে তাকে লিখিছে। কাৰণ সকলো ৰস সকলোৱে বুজি পোৱাটো সম্ভৱপৰ নহয়।

৩/ কন্দলি ৰামায়ণ লৌকিকৰ ওপৰত প্ৰতিষ্ঠিত।

৪/ পৰিৱেশ চিত্ৰণত কন্দলিয়ে অসমৰ পৰিৱেশৰ ওপৰত গুৰুত্ব দিয়া দেখা গৈছে।

৫/ অলৌকিক কাৰ্যই ইয়াত স্থান লাভ কৰা নাই।

        মাধৱ কন্দলিয়ে মূল সংস্কৃত ভাষাত ৰচিত বাল্মীকি ৰামায়ণৰ পৰা অনুবাদ কৰিলেও ইয়াত বহুতো কথা যোগ বিয়োগ কৰি কন্দলিয়ে নিজৰ মৌলিক প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল। মূলৰ কাহিনী ভাগৰ অকনো বিকৃত নকৰাকৈ স্থানীয় ৰহন সনা বৰ্ণনাৰে নিজৰ দক্ষতাৰ প্ৰমাণ দিয়ে। অসমীয়া লোকৰ বুজি পোৱাত সহায় হোৱাকৈ অসমীয়া সমাজত প্ৰচলিত কথাৰ সংযোগ কৰিছে। এনে এক ঘটনাৰ প্ৰমাণ হ'ল - কুঁজী মন্থৰাই ভৰতৰ আগত সাজ-পোছাক, আ- অলংকাৰ পিন্ধি লাহে বিলাহত ওলোৱাটো। মূলৰ কোনো স্থানত এনে বৰ্ণনা পোৱা নাযায়। এয়া কন্দলিৰ মৌলিক সৃষ্টি। জনগনৰ মনত হাস্যৰসৰ সৃষ্টি কৰিবলৈ কন্দলিয়ে এনে বৰ্ণনা সংযোগ কৰিছে -

"বয়সত মই বৰ ভৰতত কৰি।
কামবশ ভৈলে সিটো দোষক নধৰি।।
বিদিতে কুমাৰে যেৱে লাজ কিছু কৰি।
গুপ্তৰূপে তথাপিতো হৈবো পটেশ্বৰী।।"

        বিভিন্ন পৰিৱেশত কৰুণ, বীৰ, বিভৎস আদি ৰস সৃষ্টিৰ ক্ষেত্ৰতো কবিৰ মৌলিকতাৰ পূৰ্ণ প্ৰকাশ পোৱা যায়।

বাল্মীকিৰ চিত্ৰকূটৰ নৈসৰ্গিক বৰ্ণনা খিনিত কন্দলিয়ে অসমৰ পৰিৱেশৰ সংযোগ কৰিছে-

দেখা দেখা জানকী হৰিষ কৰি মন।
ফলমূল মুকুত বিবিধ তৰু বন।।
জাই-জুতি বকুল বন্দুলি কৰ্ণিকাৰ।
কাঞ্চন তগৰ কুন্দ শেৱালি মদাৰ।।
অশোক পলাশ ফুলি গৈলা হিসাহিসি।
নাগেশ্বৰ চম্পক ফুলিল অহৰ্নিশি।।

        ঠিক সেইদৰে কন্দলিয়ে অসমৰ ঘৰ দুৱাৰ, আ-অলংকাৰ, সাজ-পোছাক আদি থলুৱা অসমীয়া বস্তুৰ নাম তেওঁৰ ৰামায়ণত উল্লেখ কৰিছে। এনেদৰে লক্ষ্য কৰিলে দেখা যায় যে অনুবাদমূলক হ'লেও কন্দলিৰ ৰামায়ণত চতুৰ্দশ শতিকাত অসমীয়া সমাজৰ বাস্তৱ চিত্ৰ এখন প্ৰতিফলিত হোৱা দেখা যায়।

কন্দলি ৰামায়ণৰ বৈশিষ্ট্য-

১/ ই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম অনূদিত ৰামায়ণ।
২/ ই বাল্মিকী ৰামায়নৰ প্ৰায় অবিকৃত ৰূপ।
৩/ ভাৰতত বাল্মীকি ৰামায়ণৰ তিনি প্ৰকাৰৰ (ক) গৌড়ীয় পাঠ (খ) দক্ষিনাত্য অঞ্চলৰ পাঠ আৰু (গ) পশ্চিম উত্তৰ অঞ্চল পাঠ বা সংস্কৰণ পোৱা যায়। প্ৰত্যেক পাঠৰে কিছু পাৰ্থক্য আছে । কন্দলিৰ ৰামায়ণ "গৌড়ীয় পাঠৰ" আধাৰত ৰচিত।
৪/ ই লৌকিকতাৰ ভেটিত ৰচিত।
৫/ লোক-সমাজৰ প্ৰয়োজনতাৰ প্ৰতি লক্ষ্য ৰাখি আক্ষৰিক অনুবাদৰ সলনি ভাবানুবাদৰ ওপৰত অধিক গুৰুত্ব দিছিল।
৬/ অসমৰ স্থানীয় পৰিৱেশৰ চিত্ৰ অংকন কৰা।
৭/ নিজস্ব ছন্দ, অলংকাৰ আৰু ফঁকৰা যোজনা আদিৰ প্ৰয়োগ।
৮/ ই অসমীয়া লিখিত পৰম্পৰা সৃষ্টিত শক্তিশালী ভুমিকা গ্ৰহণ কৰিছে।

৫/ ৰুদ্ৰ কন্দলি-

         প্ৰাক্-শংকৰী যুগৰ সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰা আন এগৰাকী উল্লেখযোগ্য কবি হ'ল ৰুদ্ৰ কন্দলি। মহাভাৰতীয় সাহিত্য অনুবাদক হিচাপে ৰুদ্ৰ কন্দলিৰ বিশেষ পৰিচয় আছে। তেওঁ তাম্ৰধ্বজ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। মূল সংস্কৃত মহাভাৰতৰ দ্ৰোণ পৰ্বৰ অন্তৰ্গত জয়দ্ৰথ বধৰ ভিতৰুৱা সাত্যকি প্ৰৱেশৰ কাহিনীভাগ তেওঁ অসমীয়ালৈ অনুবাদ কৰে। তাম্ৰধ্বজৰ প্ৰশংসাৰ শৰাই আগবঢ়াই নিজৰ পৰিচয় এনেদৰে প্ৰকাশ কৰিছে-

"শ্ৰীমন্ত তাম্ৰধ্বজ অনুজে সহিতে।
বৃদ্ধৰ সমান ধৰ্ম শিশু বয়সতে।।
বুদ্ধিত গম্ভীৰ ক্ষেমাৱন্ত শুভনয়।
যাহাৰ যশক সৰ্বজনে প্ৰশংসয়।।
বিষ্ণুৰ ভকত মহামায়াৰ সেৱক।
পুত্ৰৰ সমান কৰি দৰিদ্ৰ পালক।।
দুই ভাই স্নেহ যেন ৰাম লক্ষ্মণৰ।
সবানুৱে জীবন্তক সহস্ৰ বৎসৰ।।

        তাম্ৰধ্বজ ধৰ্মনাৰায়ণৰ পুত্ৰ আছিল। ৰজা ধৰ্মনাৰায়ণ কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ প্ৰতিদ্বন্দ্বী তথা সমসাময়িক ৰজা আছিল। সেইফালৰপৰা তাম্ৰধ্বজ চতুৰ্দশ শতিকাত মাজ ভাগৰ ৰজা বুলি অনুমান কৰিব পাৰি।

        অনুবাদৰ ক্ষেত্ৰত ৰুদ্ৰ কন্দলিয়ে মূল মহাভাৰতৰ কথাখিনি সম্পূৰ্ণভাৱে অনুসৰণ কৰিছে যদিও প্ৰয়োজনত বৰ্ণনীয় বিষয় কিছু পৰিমাণে হ্ৰস্ব-দীৰ্ঘ কৰিবলৈ এৰা নাই। মূলৰ উপমা আদি বিভিন্ন অলংকাৰ অনুবাদৰ মাজত জতুৱা উপমা, ঘৰুৱা চিত্ৰকল্পৰ প্ৰয়োগেৰে কাব্যৰ বিষয়বস্তু আকৰ্ষণীয়কৈ সজাই তুলিছে।

        মুঠতে মূল সংস্কৃত বিষয়বস্তুৰ ভাবানুবাদ, বিভিন্ন অলংকাৰৰ প্ৰয়োগ, বাছকবনীয়া শব্দ চয়ন আদিৰে মহাভাৰতীয় সাহিত্য অনুবাদক হিচাপে কন্দলিৰ নাম জিলিকি থাকিব।

        দৰাচলতে, প্ৰাক্ শংকৰী যুগৰ সাহিত্য আৰু অসমীয়া অনুবাদ সাহিত্যিক একাকাৰ কৰি সহৃদয় পাঠকক অনুবাদ সাহিত্যৰ ওপৰত কিছু জ্ঞান দিয়াৰ প্ৰয়াস কৰিছে। কিবা ভুল ভ্ৰান্তি হ'লে মাৰ্জনা কৰে যেন। আশাকৰোঁ অনুবাদ সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত ৰচনাটিয়ে কিছু পৰিমাণে সহায়ক হ'ব। লগতে নতুন প্ৰজন্ময় অনুবাদৰ যোগেদি বিভিন্ন ভাষাৰ সাহিত্য সমুহ অসমীয়া ভাষালৈ অনুবাদ কৰি অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধিশালী কৰিবলৈ সামৰ্থ্য হ'ব।
------------------------------------------------------------------------------------------------------------

Post a Comment

0 Comments