চুটিগল্প
চুটিগল্প ঊনবিংশ শতিকাৰ পাশ্চাত্য সাহিত্য জগতৰ এক অভিনৱ সৃষ্টি। চুটিগল্পৰ সংজ্ঞা দিবলৈ গৈ সাহিত্য সমালোচক এডগাৰ এলেন পোৱে উল্লেখ কৰিছে যে "ই হ'ব লাগিব একেটা বৈঠকতে পঢ়ি শেষ কৰিব পৰা, ইয়াৰ ফলশ্ৰুতি হ'ব লাগিব একমুখী। পূৰ্ব-কল্পিত ফলশ্ৰুতি নষ্ট কৰিব পৰা এটাও অতিৰিক্ত শব্দ ইয়াত থাকিব নোৱাৰিব। প্ৰতীকৰ ফালৰপৰাও ই হ'ব লাগিব একমুখী।"
ডব্লিউ বি হাডচনৰ মতে চুটিগল্পত এটাই মাত্ৰ মূলভাব থাকিব লাগিব আৰু সেই ভাবটোকে একান্তভাৱে একমুখী কৰি প্ৰকাশ কৰিব লাগিব।
ব্ৰান্দাৰ মেথিউ এই চুটিগল্পক সাহিত্য কৰ্মৰূপে তাৰ শেষ ফলশ্ৰুতি আৰু শিল্পগুণৰ দিশৰপৰা অন্যান্য গল্প সাহিত্যৰ পৰা পৃথক বুলি মত পোষণ কৰিছে।
উপৰোক্ত মন্তব্যৰ পৰা এটা কথা স্পষ্ট যে লক্ষ্য, প্ৰতীতি অৰ্থাৎ মনত বহুওৱা সাঁচ আৰু ফলশ্ৰুতি এই তিনিটা হ'ল চুটিগল্পৰ প্ৰধান বৈশিষ্ট্য।
বিশ্ব সাহিত্যৰ ইতিহাসত ৱাছিংটন আৰভিঙক চুটিগল্পৰ জনক বুলি কোৱা হয়। তেখেতৰ চুটিগল্প "ৰিপ'ভান উইষ্কলক" নামৰ গল্পটি বিশ্ব সাহিত্যৰ প্ৰথম চুটিগল্প। ৱাছিংটন আৰভিঙৰ পাছত অ'ৰোদ্য বানৰজাক, ভিক্তৰ হিউগো, নেথানিয়েল হৰ্থন, এডগাৰ এলেন পো, অ' হেনৰি, কাফকা আদি হ'ল আন্যতম গল্পকাৰ।
ভাৰতীয় সাহিত্যৰ উৰিয়া সাহিত্যিক ফকীৰ মোহন সেনাপতিৰ ১৮৬৮ চনৰ আলোচনীত প্ৰকাশিত লছমনীয়া নামৰ চুটিগল্পটো প্ৰথম ভাৰতীয় সাহিত্যৰ চুটিগল্প বুলি কোৱা হয়।
বাংলা সাহিত্যত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভিক্ষিৰিণী হ'ল বাংলা সাহিত্যৰ প্ৰথম চুটিগল্প। ই ১৮৭৭ চনত প্ৰকাশ পায়।
অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত জোনাকীৰ পাতত অসমীয়া চুটিগল্পৰ জন্ম আৰু বিস্তাৰ লাভ কৰে। ১৮৯২ চনৰ মে' মাহৰ সংখ্যাত প্ৰকাশ পোৱা সেউতী নামৰ চুটিগল্পটি অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্প। লক্ষ্মীনাথ বেজবৰুৱাৰ সুৰভি (১৯০৯) নামৰ গল্পৰ পুথিখন অসমীয়া সাহিত্যৰ প্ৰথম গল্পপুথি।
চুটিগল্পৰ সংজ্ঞা
চুটিগল্প সম্পৰ্কে এটা বিশেষ সংজ্ঞা পাবলৈ টান। বিভিন্ন সাহিত্য সমালোচকসকলে চুটিগল্পৰ সংজ্ঞা বিভিন্ন ধৰণে আগবঢ়ায়ছে।
চমাৰচেট মমৰ মতে, পাৰ্থিৱ বা পাৰ্থিৱ ঘটনাক অপ্ৰয়োজনীয়ভাবে বহল নকৰাকৈ নাটকীয় সংহতিৰে প্ৰকাশ কৰা আখ্যানেই চুটিগল্প।"
নাৰায়ণ গঙ্গোপাধ্যায়ৰ মতে, "চুটিগল্পই নিজৰ একমাত্ৰ বক্তব্যৰ বাহিৰে আন একোয়েই প্ৰকাশ নকৰে। অনাৱশ্যক ব্যাপ্তিৰ সুযোগ নাই তাত, অহেতুক চৰিত্ৰৰ ভিৰেৰে ভাৰাক্ৰান্ত নহয়, তাৰ প্ৰতিটো সংলাপ হ'ব সাৰগৰ্ভ। তাৰ প্ৰতিটো বাক্যতে থাকিব ইঙ্গিতধৰ্মিতা। তাৰ মাজত স্বল্পভাষিতা থাকিব পাৰে কিন্তু বহুভাষিতা একেবাৰে অচল।"
মিচ এলিজাবেথ ব্ৰাউনে চুটিগল্পক লিখকৰ এক প্ৰতীতিজাত ৰচনা বুলি অভিহিত কৰি কৈছে যে লিখকৰ ধাৰণাইহে এইবিধ ৰচনা ৰচিবলৈ বাধ্য কৰায়।
চেম্বাৰচ এনচাইক্লোপেদিয়াৰ মতে, "ই হ'ল সজ্ঞানে সাজি উলিওৱা এবিধ ৰচনা।"
এলেন পোৰ মতে, "চুটিগল্প হৈছে এটা বৈঠকতে পঢ়ি শেষ কৰিব পৰা ৰচনা। ইয়াৰ উদ্দেশ্য হ'ব লাগিব একমুখী। এই একমুখিতাক নষ্ট কৰিব পৰা কোনো কথা বা শব্দ ইয়াত থাকিব নোৱাৰিব।"
এই সকলোবোৰ সংজ্ঞাৰ এইটো ক'ব পাৰি যে এটা নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি কলাত্মকভাৱে সজাই পৰাই তুলিব পৰা কাহিনী বা পৰিস্থিতিৰ বৰ্ণনাই হ'ল চুটিগল্প। কাহিনীৰ একমুখীতা আৰু চমু বৰ্ণনা ইয়াৰ প্ৰধান বৈশিষ্ট্য।
চুটিগল্পৰ উপাদান
কিবা এটা সৃষ্টি বা নিৰ্মাণ কৰিবলৈ হ'লে কিছুমান সামগ্ৰীৰ প্ৰয়োজন। এই সামগ্ৰীসমূহক উপাদান বুলি কোৱা হয়। ঠিক তেনেদৰে, গল্প এটা সৃষ্টি কৰিবলৈও কিছুমান বস্তুৰ প্ৰয়োজন, যাক তাৰ উপাদান বুলি কোৱা হয়। চুটিগল্পৰ উপাদান বুলি ক'লে ইয়াৰ কাহিনী, চৰিত্ৰ, পৰিৱেশ, বিষয়বস্তু, প্ৰতীক আৰু ৰূপক, ষ্টাইল আৰু তাৰ অন্তৰ্নিহিত সুৰ, লিখকৰ জীৱন দৰ্শন আদিকে বুজা যায়।চুটিগল্পৰ উপাদানসমুহ তলত চমুকৈ আলোচনা কৰা হ'ল-
কাহিনী
সাধাৰণতে গল্প এটা হ'বলৈ কাহিনী এটাৰ প্ৰয়োজন। কিছু ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰমো নথকা নহয়। ইয়াৰ কাহিনী প্ৰতীতিজাত। গল্পকাৰৰ বিশেষ ব্যক্তিত্ব প্ৰতীতি গৃহীত হয়। এই প্ৰতীতিটোৱে স্থান, কাল, পৰিৱেশৰ সংকীৰ্ণ সীমা পাৰ হৈ লিখকৰ জীৱন দৰ্শন অনুসৰি বৃহত্তৰ সাৰ্থকতাৰ মাজেৰে প্ৰকাশিত হয়। প্ৰতীতিৰ টূকুৰাৰ মাজত সুবিশাল সত্য উদ্ভাসিত হয়। প্ৰতীতিৰ বিষয়ে উল্লেখ কৰি নাৰায়ণ গঙ্গোপাধ্যায়ে কৈছে যে এমুঠি বালিয়ে যেনেকৈ চাহাৰাৰ বাৰ্তা বহন কৰে ঠিক তেনেদৰে নৱ তাৎপৰ্যমণ্ডিত সাধাৰণ প্ৰতীতিয়ে গল্পকাৰৰ কলমৰ মাজেদি কোনো সমাজ, জাতি নাইবা কোনো দেশৰ সত্যক ব্যক্ত কৰে।
সাধাৰণতে, চুটিগল্পত এটা কাহিনী থাকিব লাগে। ই বৃত্তান্তধৰ্মী হ'ব নালাগে। ঘটনা পৰিহাৰ কৰিও এটা বিশেষ ভাবৰ মাজত এটা বিশেষ মূহুৰ্ত উজ্বল কৰি তাৰ মাজেৰে মানব চৰিত্ৰ বা জীৱন ৰহস্যৰ সন্ধান কৰিব পাৰিলেও তাৰ মাজত সাৰ্থক গল্পৰ পৰিচয় প্ৰকাশিত হৈ উঠে।
চৰিত্ৰ
চৰিত্ৰ গল্প এটাৰ এটি উল্লেখযোগ্য উপাদান। চৰিত্ৰবোৰক পাঠকৰ হৃদয়গ্ৰাহী কৰি তুলিবলৈ গল্পকাৰে সৰস বৰ্ণনাৰে চৰিত্ৰবোৰৰ বিষয়ে কৈ যায় নাইবা গল্পকাৰে চৰিত্ৰবোৰক নিজে নিজে প্ৰস্ফুটিত হ'বলৈ এৰি দি নিজেই দ্ৰষ্টা হৈ থাকে। সাধাৰণতে, গল্পকাৰে নিজে চৰিত্ৰবোৰৰ বিষয়ে বিশ্লেষণ কৰাতকৈ চৰিত্ৰবোৰে নিজেই নিজৰ বৈশিষ্ট্যবোৰ প্ৰস্ফুটিত কৰি তুলিলে পাঠকৰ মনত বেছি হৃদয়গ্ৰাহী হয়। চৰিত্ৰবোৰ একেবাৰে ভাল বা একেবাৰে বেয়া গল্পকাৰে বিষয়বস্তু বা বক্তব্যক তেওঁৰ গল্পত ফুটাই তোলে যদিও নীতি বচন বা উপদেশৰ ৰূপত প্ৰকাশ পালে সি কেতিয়াও ভাল গল্প হ'ব নোৱাৰে। গল্পকাৰে জীৱনৰ কোনো সমস্যা বা তাৰ ৰূপটো প্ৰকাশ কৰে। উপদেশেৰে গল্পটো ভাৰিক্ৰান্ত নকৰে। মাত্ৰ ইংগিতেৰে প্ৰকাশ কৰে।
আধুনিক গল্পকাৰে কেনেদৰে চৰিত্ৰ ফুটাই তোলে তাৰ ধাৰণা ৰিচাৰ্ড চ্যামাৰচে এনেদৰে উল্লেখ কৰিছে-
চৰিত্ৰৰ দৈহিক বৰ্ণনাৰে
চৰিত্ৰৰ চিন্তা-শ্ৰোত বা সজ্ঞান চিন্তাৰ আভাস দি
ঘটনাৰ প্ৰতি চৰিত্ৰৰ প্ৰতিক্ৰিয়াৰ যোগেদি
পৰিৱেশৰ মাজত চৰিত্ৰক উপস্থাপন কৰি
গল্পকাৰে প্ৰত্যক্ষ বিশ্লেষণৰ যোগেদি
চৰিত্ৰৰবোৰে কথা-বতৰা কোৱা ভঙ্গীৰে
চৰিত্ৰৰ প্ৰতি আনৰ প্ৰতিক্ৰিয়াৰ যোগেদি
চৰিত্ৰৰ বিষয়ে অন্যই মন্তব্যৰ যোগেদি অংকিত হ'ব লাগে। এনেদৰে চৰিত্ৰসমূহক জীৱন্ত কৰি তুলি গল্পকাৰে গল্পটো আবেদনপূৰ্ণ কৰি তোলে।
পৰিৱেশ
পৰিৱেশ চুটিগল্পৰ এটা উপাদান যদিও পৰিৱেশৰ বৰ্ণনা নকৰাকৈও গল্প ৰচনা কৰিব পাৰে। বহুতো উৎকৃষ্ট গল্প পৰিৱেশৰ ওপৰত গুৰুত্ব নিদিয়াকৈও ৰচনা কৰা হৈছে। সাধাৰণতে, গল্পকাৰে চিনিকি পৰিৱেশৰত গল্প উপস্থাপন কৰিব লাগে। এই ক্ষেত্ৰত ৰিচাৰ্ড চ্যামাৰচে কোৱা কথা এশাৰী উল্লেখ কৰিব পাৰি। তেখেতে কৈছে, "এখন পৰিচিত ঠাই নগৰ বা গাওঁ বা ঘৰ তাৰ প্ৰতিটো কোঠাৰ সৈতে পৰিচিত নগৰৰ ৰাস্তাবোৰৰ লগত গল্পকাৰৰ পৰিচিতি থাকিব লাগে।"
চুটিগল্পত কম পৰিসৰৰ ভিতৰতে পৰিৱেশ ৰচনা কৰিব লাগে।
বিষয়বস্তু
গল্প এটাৰ বিষয়বস্তুৱে কাহিনীৰ সাৰাংশকেই প্ৰকাশ কৰে। বিষয়বস্তুৰ ওপৰত চ্যামাৰচে এনেদৰে উল্লেখ কৰিছে, "Theme is nothing more than the total meaning of the story."
প্ৰতীক আৰু ৰূপক
গল্প এটাক ব্যঞ্জনা সমৃদ্ধ কৰাৰ বাবে প্ৰতীক আৰু ৰূপকৰ প্ৰয়োগ কৰা হয়। গল্প এটিৰ পৰিৱেশ বৰ্ণনা, প্লট, চৰিত্ৰ সৃষ্টিত ৰূপকৰ ব্যৱহাৰ কৰা হয়। লিখকে সাধাৰণ বৰ্ণনাৰে প্ৰতীকাত্মক ৰূপ দাঙি ধৰি তেওঁৰ প্ৰতিভা দাঙি ধৰে।
ষ্টাইল আৰু তাৰ অন্তৰ্নিহিত সুৰ
গল্পকাৰৰ যিটো ভঙ্গীয়ে কোনো বিষয়ৰ প্ৰতি তেওঁৰ মনোভঙ্গী প্ৰকাশ কৰে তকেই গল্পৰ সুৰ বুলি ক'ব পাৰি। কাহিনী, প্লট, চৰিত্ৰ, পৰিৱেশ আদিত এই সুৰ প্ৰকাশ পায়।
লিখকৰ জীৱন দৰ্শন
গল্প এটাত গল্পকাৰে বিভিন্ন ধৰণে তেখেতৰ জীৱন দৰ্শন প্ৰকাশ কৰে। কাহিনীৰ বৰ্ণনাৰ মাজত গল্পকাৰ নিজেই সোমাই পৰে। তেওঁ কাহিনীৰ কিছু অংশ নিজাববীয়াকৈও বৰ্ণনা কৰিব পাৰে। এনে কৰোঁতে গল্পকাৰে নিজ দক্ষতাৰ বলেৰে জীৱন দৃষ্টি বাখ্যা কৰা পৰিলক্ষিত হয়। কেতিয়াবা গল্পকাৰে মূল চৰিত্ৰৰ মাজত সোমাই পৰি সেই চৰিত্ৰই অনুভৱ কৰা অভিজ্ঞতা অনুভুতি আদিৰ মাজেৰে নিজৰ দৃষ্টিভঙ্গী প্ৰকাশ কৰে।
চুটিগল্পৰ শ্ৰেণীবিভাজন
ৰচনাশৈলীৰ ফালৰপৰা বিচাৰ কৰি চুটিগল্পৰ সমূহক প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি
কাহিনী প্ৰধান, চৰিত্ৰ প্ৰধান, পৰিৱেশ প্ৰধান।
কাহিনী প্ৰধান গল্প
কাহিনী এটাক প্ৰধানভাৱে অৱলম্বন কৰি ৰচনা কৰা গল্পবোৰক কাহিনী প্ৰধান গল্প বোলা হয়। চুটিগল্পৰ কাহিনীবোৰ সাধাৰণতে চুটি কেতিয়াবা বিস্তৃত কাহিনীবোৰো লেখকৰ ব্যঞ্জনাত্মক ৰচনাভঙ্গীৰ ফলত একোটা সুন্দৰ গল্প হ'ব পাৰে।
পৰিৱেশ প্ৰধান গল্প
পৰিৱেশ এটা সৃষ্টি কৰি তাত চৰিত্ৰ আৰু ঘটনা উপস্থাপন কৰি গল্প ৰচনা কৰিলে তাকে পৰিৱেশ প্ৰধান গল্প বোলা হয়।
বিষয়বস্তুৰ ফালৰপৰা বিচাৰ কৰি চুটিগল্পৰ সমূহক প্ৰধানকৈ গল্প সমূহক
দাৰ্শনিক গল্প,
সামাজিক গল্প,
ৰাজনৈতিক গল্প,
প্ৰেমমূলক গল্প,
অলৌকিক গল্প,
অপৰাধমূলক গল্প,
বিজ্ঞান ভিত্তিক গল্প,
আদি ভাগত ভাগ কৰিব পাৰি।
লক্ষ্মীনাথ বেজবৰুৱা
অসমীয়া সাহিত্যৰ চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱাদেৱ একাধাৰে কবি, সাহিত্যিক, গল্পকাৰ, প্ৰবন্ধকাৰ, নাট্যকাৰ, ঔপন্যাসিক, জীৱনীকাৰ আৰু সাহিত্য সমালোচক। জোনাকীৰ পাতত আত্মপ্ৰকাশ কৰা লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ, সাহিত্যৰথী আদি উপাধিৰে বিভূষিত কৰা হৈছে। ১৮৬৪ চনৰ কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা "ভুমিষ্ঠ নহৈ নৈকাস্থ হোৱা" বুলি লিখা লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্বৰী দেৱী। পিতৃ দীননাথ বেজবৰুৱা ইংৰাজ চৰকাৰৰ অধীনত এজন "মুন্সিফ" হিচাপে কাম কৰিছিল আৰু চাকৰি সংক্ৰান্তত অসমৰ বিভিন্ন ঠাইলৈ বদলি হৈ যাবলগীয়া হৈছিল। এবাৰ তেনেকৈ সপৰিয়ালে অবিভক্ত নগাঁও জিলাৰ পৰা নাৱেৰে বৰপেটালৈ গৈ থাকোঁতে নগাঁও জিলাৰ আঁহতগুৰিত লক্ষ্মীনাথৰ জন্ম হয়। তেওঁ গুৱাহাটী, তেজপুৰ, লক্ষীমপুৰ, শিৱসাগৰ আদি ঠাইত শিক্ষাগ্ৰহণ কৰি শিৱসাগৰ চৰকাৰী হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ কলিকতাৰ চি টি কলেজৰপৰা এফ এ পৰীক্ষাত উত্তীৰ্ণ হৈ জেনেৰেল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত এম এ আৰু আইন কলেজত নামভৰ্তি কৰে যদিও এই ডিগ্ৰী লাভ নকৰাকৈ শিক্ষা জীৱনৰ সামৰণি মাৰে। ১৮৮৮ চনত কলিকতাৰ প্ৰবাসী অসমীয়া ছাত্ৰসকলৰ লগত অসমীয়া ভাষা উন্নতি সাধিনী সভা স্থাপন কৰে। বেজবৰুৱাই দুবছৰ জোনাকী কাকতৰ সম্পাদক হিচাপে কাম কৰি ১৯১৯ চনৰ পৰা ১৯২৯ চনলৈ বাঁহী আলোচনীৰ সম্পাদনা কৰি অসমীয়া সাহিত্যত ভৰাল টনকিয়াল কৰি থৈ যায়। ১৯৩৮ চনত লক্ষ্মীনাথ বেজবৰুৱাই ইহলীলা সম্বৰণ কৰে।
লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কৃতি
বেজবৰুৱাৰ সৃষ্টি ৰাজি চমুকৈ তলত দিয়া ধৰণে চমুকৈ বাখ্যা কৰিব পাৰি
কবিতা পুথি- কদম কলি আৰু পদুম কৰি।
গল্প পুথি- সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি আৰু কেঁহোকলি।
নাটক- লিতিকাই, নোমৰ, পাচনি, চিকৰপতি-নিকৰপতি, নাটৰ কৰণি (৫ খন নাটকৰ সঙ্কলন), চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী আৰু বেলিমাৰ।
উপন্যাস- পদুম কুঁৱৰী।
ব্যঙ্গ আৰু হাস্যৰসাত্মক ৰচনা- কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি, বৰবৰুৱাৰ চিন্তাৰ শিলগুটি, বৰবৰুৱাৰ সাহিত্যিক ৰহস্য, কৃপাবৰ বৰুৱাৰ সামৰণি।
সাধুকথা আৰু শিশু সাহিত্য- বুঢ়ী আইৰ সাধু, ককা দেউতা আৰু নাতি ল'ৰা, জুনুকা, বাখৰ, কামত কৃতিত্ব লভিবৰ সংকেত।
জীৱনী আৰু তত্বমূলক ৰচনা- মোৰ জীৱন সোঁৱৰণ, ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সাংক্ষিপ্ত জীৱন চৰিত, শঙ্কৰদেৱ, মহাপুৰুষ শ্ৰী শঙ্কৰদেৱে আৰু শ্ৰী মাধৱদেৱ, তত্বকথা, শ্ৰীকৃষ্ণকথা, চৈতন্যদেৱ আদি।
অনূদিত গ্ৰন্থ- ভাৰতবৰ্ষৰ বুৰঞ্জী।
ইংৰাজী ভাষাত ৰচিত প্ৰৱন্ধ- History of Vaishnavism in India, Rasa-lila of Sri Krishna, Bhakti Marga, The Path of Devotion and Love and Important Incidents of My Calcutta Life.
আধুনিক অসমীয়া সাহিত্যৰ প্ৰায় আটাইকেইটা বিভাগৰেই বিকাশ আৰু বিস্তাৰত লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান অনন্য হোৱাৰ বাবে অসমীয়া সাহিত্যৰ জোনাকী যুগটোক বেজবৰুৱাৰ যুগ বুলিও কোৱা হয়।
লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ প্ৰধান বৈশিষ্ট্য
সাধুকথা আৰু গল্পৰ মাজত বিশেষ পাৰ্থক্য নৰখা
লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল তেখেতে সাধুকথা আৰু গল্পৰ মাজত বিশেষ পাৰ্থক্য ৰখা নাছিল। পাশ্চাত্য সাহিত্যৰ প্ৰতিষ্ঠিত চুটিগল্পৰ ৰচনাশৈলীৰ প্ৰতি বিশেষ মনোযোগ নিদি ভাৰতীয় তথা অসমীয়া সমাজত প্ৰচলিত উপকথা, সাধুকথা, ৰূপকথা আদিত বিশেষ মনোযোগ দিছিল। জনসাধাৰণৰ মুখে মুখে প্ৰচলিত লোককথা, কিংবদন্তি আদিক তেখেতে গল্পৰ মাজলৈ টানি অনা দেখা যায়।
সমাজ চেতনাৰ প্ৰতিফলন
বেজবৰুৱাৰ প্ৰায়ভাগ গল্পতে সমাজ চেতনাৰ প্ৰতিফলিত হোৱা দেখা যায়। সমাজৰ অনিষ্টকাৰী দিনবোৰৰ বিপক্ষে তেখেতে মাত মাতিছিল। সমাজ সংস্কাৰক মনোভাৱ এটি তেওঁৰ মনত সদায় জাগ্ৰত হৈ আছিল আৰু তেওঁৰ প্ৰায়বোৰ গল্পতে তাৰ প্ৰতিফলন হৈছিল।
মানবীয় প্ৰমূল্যবোধ আৰু মনুষ্যত্বৰ সন্ধান
লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ'ল মানবীয় প্ৰমূল্যবোধ আৰু মনুষ্যত্বৰ সন্ধান। সমাজৰ অনেক সমস্যা বিভিন্ন চৰিত্ৰৰ মাজেদি দাঙি ধৰি মানৱতাৰ জয়গান গাইছে। সমাজত নাৰীৰ প্ৰতি থকা অন্যায় অবিচাৰ, সাধাৰণ লোকৰ বিভিন্ন সমস্যা আদি তেখেতৰ গল্পত ফুটি উঠিছে।
ভাষাৰ অপূৰ্ব প্ৰয়োগ
বেজবৰুৱাৰ গল্পৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হ'ল ভাষাৰ অপূৰ্ব প্ৰয়োগ। তেখেতৰ ভাষাশৈলীক চেৰ পেলাব পৰা আন এজন অসমীয়া সাহিত্যত বিৰল। অসমীয়া ভাষাৰ কালিকা তেখেতৰ গল্প তথা সৃষ্টিত বিদ্যমান। জঁতুৱা ঠাঁচৰ প্ৰয়োগ, ঘৰুৱা প্ৰচলিত শব্দৰ ব্যৱহাৰ, হাস্যৰস, ব্যংগাত্মক ঠাট্টা বিদ্ৰুপ, ইংৰাজী শব্দৰ প্ৰয়োগেৰে তেওঁৰ সকলো ৰচনাৰ ভাষাক সমৃদ্ধিশালী কৰিছে। ব্যঙ্গ আৰু হাস্যৰস বেজবৰুৱাৰ প্ৰায়বোৰ গল্পতে কম-বেছি পৰিমাণে ভুমুকি মাৰে।
0 মন্তব্যসমূহ