লোকগীত সমূহ মৌখিক বা অলিখিত সাহিত্যৰ এক অন্যতম ভাগ। লোক-সাহিত্যৰ ইতিহাসত লোকগীতসমূহে এক বিশেষ স্থান লাভ কৰি আহিছে। ইয়াক লোক-কবিতা বুলিও কোৱা হয়। সাধাৰণতে বেছিভাগ লোকগীতৰ ৰচকৰ নাম পোৱা নাযায়।
উল্লেখযোগ্য যে, লোকগীত, দেহবিচাৰ গীত আদিত লিখকৰ নাম পোৱা নাযায় যদিও জিকিৰ সমূহত আজান ফকীৰৰ নামৰ উল্লেখ পোৱা যায়। অসমীয়া লোকগীতবোৰক আঞ্চলিক শ্ৰেণীবিভাজনৰ আধাৰত কামৰূপীয়া আৰু গোৱালপৰীয়া- এই দুটা প্ৰধান ভাগত ভাগ কৰা হৈছে।
লোকগীতৰ বৈশিষ্ট্য
১/ লোকগীতত জনসাধাৰণৰ বাস্তৱ অভিজ্ঞতা, প্ৰকৃতিৰ আৰু ব্যৱহাৰিক জীৱনৰ পৰা পোৱা বিভিন্ন অভিজ্ঞতাৰ আলম লৈ চহা কবিসকলে লোকগীতসমূহ ৰচনা কৰে। ফলস্বৰূপে লোকসমাজৰ এখন স্পষ্ট ছবি এই লোকগীতসমূহত প্ৰতিফলিত হয়।২/ প্ৰায়ভাগ লোকগীতৰ ৰচনা কাল সম্পৰ্কে স্পষ্ট ধাৰণা পোৱা নাযায়। অৱশ্যে বুৰঞ্জী আৰু বৈষ্ণৱ ভাবসম্পন্ন গীতৰ ৰচনা কাল অনুমান কৰি ল'ব পৰা যায়।
৩/ লোকগীতসমূহ সমৃদ্ধিশালী আৰু বৈচিত্ৰ্যপূৰ্ণ। লোকমনৰ বিভিন্ন অনুভূতিবোৰক চহা কবিয়ে ছন্দোবদ্ধভাবে ৰচনা কৰিছে। সময়ৰ সোঁতত বিভিন্ন পৰিৱেশত মুখ বাগৰি বাগৰি ই পৰিমাৰ্জিত ৰূপ ধাৰণ কৰিছে।
৪/ লোকসমাজৰ আশা-আকাংক্ষা, আৱেগ-অনুভূতি, হাঁহি-কান্দোন, বিৰহ-বেদনা, আনন্দ, জীৱন চেতনা এই লোকগীতসমূহত প্ৰতিফলিত হয়।
৫/ অধিকাংশ লোকগীতেই শৃঙ্গাৰ, হাস্য আৰু কৰুণ ৰসৰে ভৰপূৰ। অৱশ্যে বিছুমান লোকগীতত ৰৌদ্ৰ, বীৰ আদি ৰসৰ প্ৰাধান্য লক্ষ্য কৰা যায়।
৬/ লোকগীতসমূহত ৰূপক, অপ্ৰস্তুত প্ৰসংসা অতিশয়োক্তি, উপমা আদি অলংকাৰ প্ৰয়োগ লক্ষ্য কৰা যায়।
৭/ অধিকাংশ লোকগীতেই পদ, পয়াৰ, ছবি, দুলৰী আদি ছন্দত পোৱা যায়।
৮/ লোকগীতত ব্যৱহাৰ কৰা সংলাপসমূহে কেতিয়াবা কেতিয়াবা গীতবোৰক নাটকীয় মৰ্যাদা প্ৰদান কৰা দেখা যায়।
১/ গোৱালপৰীয়া লোকগীত
গোৱালপৰীয়া লোকগীতসমূহে অসমীয়া লোক-সাহিত্যৰ এক সুকীয়া স্থান দখল কৰি আহিছে। অসমীয়া লোক-সাহিত্যৰ ই এক প্ৰধান অঙ্গ। ইয়াৰ পৰিধি ব্যাপক আৰু বৈচিত্ৰপূৰ্ণ। গোৱালপৰীয়া লোক-সমাজৰ সৌন্দৰ্য্য চেতনা আৰু আনন্দ অভিলাসৰ ধাৰক আৰু বাহক স্বৰূপে এই গীতসমূহৰ ভূমিকা অবিস্মৰণীয়। গোৱালপৰীয়া লোকগীতসমূহৰ ভিতৰত (১) পূজা-পাৰ্বণৰ গীত আৰু (২) প্ৰেমমূলক গীতেই প্ৰধান। (ক) পূজা-পাৰ্বণৰ গীত-মদন কামৰ গীত, কাতি পূজাৰ গীত, যকা গীত আদিৰ লগত জড়িত গীতসমূহক পূজা-পাৰ্বনৰ লগত জড়িত গীত বুলি কোৱা হয়।
খ/ প্রেম মূলক গীত
মাহুত বন্ধুৰ গীত, মুইছালৰ গীত, বাইছাল গীত আদি গীতবোৰ প্ৰধানত শৃংগাৰ আৰু কৰুণ ৰসেৰে সমৃদ্ধ। গীতসমূহত এফালে মিলনৰ তীব্ৰ আকাংক্ষা প্ৰকাশ বিপৰীতে আনফালে হৃদয় বিদাৰক বিৰহ বেদনাৰ ছবি ফুটি উঠে। মাহুত বন্ধুৰ গীতৰ ভাববস্তু হাতীৰ মাউত আৰু প্ৰেমিকা বা পত্নীৰ লগত জড়িত। ঠিক সেইদৰে মুইষাল বা মৈছাল গীতৰ ভাববস্তু ম'হ চৰোৱা ব্যক্তি আৰু প্ৰেমিকা বা পত্নীৰ লগত জড়িত।ইয়াৰ উপৰিও ভাৱাইয়া গীত, কুশান গান, কালাৰ গান আদিয়ে গোৱালপৰীয়া লোকগীতৰ প্ৰধান অংগ।
এই গীতসমূহে অসমীয়া লোক-গীতৰ ভঁৰাল চহকী কৰাৰ উপৰি অসমীয়া মৌলিক সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি ৰাখিছে।
দালা (দোলা) সাজাও দালা সাজাও
চল মৈছাল বাতানেতে যাই।
আমাৰ বাৰীত যাইস মুঈছাল
খাইতে দিব পাণ চুপাৰি
বাটা ভৰা গুৱা; মুইছাল ৰে।
আমাৰ বাৰীত যাইস্ মুইছাল ৰে
মুইছাল খাইতে দিবৰে চিকণ চিৰা;
গোৱালপুৰীয়া টেঙা দৈ
গৌৰীপুৰেৰ মালভোগ কলাৰে।
ক/ ভাওৱাইয়া, ভাসান বা চিতান,
খ/ চট্-কা,
গ/ মইষালী আৰু
ঘ/ চৰুৱা।
২/ কামৰূপী লোকগীত
কামৰূপী লোকগীতসমূহ ভক্তিমূলক, ধৰ্মনিৰপেক্ষ, বুৰঞ্জীমূলক, কিংবদন্তিমূলক আদি ধাৰাৰে সমৃদ্ধ যদিও বেছিভাগ কামৰূপী লোকগীত বৈষ্ণৱ ধৰ্মৰ গীত-মাতৰ ওচৰ চপা। গীতবোৰ সুৰধৰ্মী আৰু লৌকিক ৰস সম্পৃক্ত হৈ আকৰ্ষণীয় হৈ পৰিছে। এই গীতবোৰ লোক-জীৱনৰ চিত্ৰ, নৈসৰ্গিক চিত্ৰ আৰু আলংকৰিকপ্ৰয়োগেৰে সমৃদ্ধিশালী। কামৰূপী লোকগীতসমূহ বিভিন্ন শাখা-উপশাখাত ভাগ কৰি আলোচনা কৰা হয়। এনে এটি শ্ৰেণী বিভাজন হ'ল "গোপী-কৃষ্ণৰ নাম"। গোপী-কৃষ্ণৰ নাম গীতসমূহ ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনত প্ৰদৰ্শন কৰা লীলা আৰু গোপীসকলৰ লগত কৃষ্ণৰ অকৃত্ৰিম সম্পৰ্কৰ আধাৰত ৰচিত।
হেমন্ত কুমাৰ শৰ্মাই "গোপী-কৃষ্ণৰ নাম" গীতৰ বিষয়বস্তু অনুসৰি কামৰূপী লোকগীত সমূহৰ বিষয়বস্তু অনুসৰি দুটা ভাগত বিভক্ত কৰিছে। সেই ভাগ দুটা হ'ল-
ক/ শিশুলীলাৰ গীত
খ/ গোপীবিলাপৰ গীত
উল্লেখযোগ্য যে গোপী-কৃষ্ণৰ নাম গীতবিলাকত ৰচয়িতাৰ ভণিতা পোৱা যায়। শিশুলীলা গীতবোৰ অসমীয়া বৈষ্ণৱ সাহিত্যত দ্বাৰা যথেষ্ঠ প্ৰভাৱান্বিত হৈছে। আনহাতে, গোপীবিলাপ গীতত বৈষ্ণৱ সাহিত্যই বিশেষ স্থান লাভ নকৰা বঙ্গীয় ৰাধা চৰিত্ৰই বঙ্গীয় বৈষ্ণৱ সাহিত্যত বিশেষভাৱে গুৰুত্ব পাইছে। বঙ্গীয় বৈষ্ণৱ সাহিত্যত কৃষ্ণৰ লগতে ৰাধাকো বিশেষ আসন দিয়া হয়। ৰাধা-কৃষ্ণৰ প্ৰেমলীলা বঙ্গীয় বৈষ্ণৱ সাহিত্যৰ এক বিশিষ্ট অঙ্গ। উত্তৰ-বৈষ্ণৱ যুগৰ বহুতো অসমীয়া কবি ৰাধা কৃষ্ণৰ প্ৰেমলীলাজনিত মধুৰ ৰসত আপ্লুত হোৱা দেখা যায়।
৩/ জিকিৰ
জিকিৰসমূহে অসমীয়া লোক-সাহিত্যৰ অসমীয়া লোকগীতত এক সুকীয়া স্থান দখল কৰি আহিছে। সপ্তদশ শতিকাৰ আদিভাগতেই ছাহমিৰান নামৰ ব্যক্তি এজনে ভায়েক নবীজানক লগত লৈ আৰৱ দেশৰ বাগদাদৰ পৰা অসমলৈ আহিছিল। প্ৰথমাৱস্থাত কামৰূপ জিলাৰ হাজোত থিতাপি লয় যদিও পৰৱৰ্তী কালত ভায়েকৰ সৈতে নাৱেৰে উজাই গৈ শিৱসাগৰৰ গড়গাওঁ পায়। তাতে তেখেতে অসমীয়া ভাষা শিকি, অসমীয়া কলা কৃষ্টি কৰি, হাড়ে-হিমজুৱে এজন অসমীয়া হৈ পৰে।ছাহমিৰাণ অসমলৈ অহাৰ আগতেও অসমত মুছলমান মানুহ বাস কৰিছিল যদিও ইছলাম ধৰ্মৰ নীতি নিয়ম সঠিকভাৱে মানি চলা নাছিল। তাৰ পৰিৱৰ্তে থলুৱা কিছুমান আচাৰ নীতিহে অনুসৰণ কৰিছিল। ছাহমিৰাণে এনে মুছলমান সকলক একত্ৰিত কৰি নামাজ পঢ়িবলৈ আহ্বান জনাই আজান দিছিল। তেতিয়াৰে পৰা ছাহমিৰাণৰ নাম "আজান ফকীৰ" নামে জনাজাত হয়। তেওঁ ছুফি সাধক আৰু ধৰ্মপ্ৰাণ ব্যক্তি কাৰণে "পীৰ" উপাধি লাভ কৰিছিল।
আজান ফকীৰে হ'ল অসমীয়া জিকিৰৰ ৰচক। তেখেতে কোৰান আৰু হাদীছৰ পৰা বিষয়বস্তু অধ্যয়ন কৰি জিকিৰ সমূহ ৰচনা কৰে। তেখেতৰ তলত উল্লেখ কৰা জিকিৰটোয়ে তাৰ প্ৰমাণ দিয়ে-
"জিকিৰ" শব্দটো আৰবী শব্দ "জিকিঅৰ" পৰা আহিছে, যাৰ অৰ্থ হৈছে আল্লাৰ নাম বাৰে বাৰে স্মৰণ কৰা। ই এক প্ৰকাৰৰ স্তুতি গীত। আজান ফকীৰে অসমৰ মুছলমান লোক সকলক ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ জিকিৰ ৰচনা কৰে। অসমীয়া দেহ বিচাৰ গীতৰ লগত জিকিৰৰ সাদৃশ্য থকা বুলি কোৱা হয়। থলুৱা কিছুমান লোক বাদ্য যেনে দোতৰা, বাঁহী, টোকাৰি আদি বজাই মাটিত বহি, হাত চাপৰি বজাই সমূহীয়াকৈ জিকিৰ সমূহ গোৱা হয়। আল্লাৰ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰাই জিকিৰ সমূহৰ মূল লক্ষ্য।
১/ কালিমা অর্থ
২/ নামাজ কি
৩/ ৰোজা
৪/ হজ
৫/ যাকাত
৪/ দেহ বিচাৰ গীত
অসমীয়া লোকগীতৰ আন এটা উল্লেখযোগ্য ভাগ হ'ল দেহবিচাৰৰ গীত। ই হ'ল আধ্যাত্মিক ভাৱযুক্ত এক শ্ৰেণীৰ তত্ত্বগধুৰ গীত। বুঢ়া ভকত, বয়সিয়াল মগনীয়া, সংসাৰ বিৰাগী, খোৰা,অন্ধ লোকৰ মুখত দেহবিচাৰৰ গীত শুনা যায়। মায়া-মোহ, বেদনা, জ্বালা-যন্ত্ৰনাৰে ভৰা সংসাৰৰ পৰা হাত সাৰিবলৈ ৰচনা কৰা এনেধৰণৰ গীতত বৈৰাগ্য ভাব প্ৰকাশ হোৱা দেখা যায়। এনেবোৰ গীতে কোনো এটা বিশেষ ধৰ্মক প্ৰতিনিধিত্ব নকৰে, ই সকলো ধৰ্মকে প্ৰতিনিধিত্ব কৰে। গীত পৰিৱেশন কৰা সময়ত তাল, খঞ্জৰী, দোঁতৰা, টোকাৰী আদি বাদ্যযন্ত্ৰ বজাই গীত গায় বাবে দেহবিচাৰৰ গীতক টোকাৰী গীত বুলিও কোৱা হয়। গীতবোৰ শৰীৰ, আত্মা, পৰমাত্মা, সংসাৰ, গুৰু, ভকত সম্পৰ্কীয় তত্ত্ব কথাৰে পৰিপূৰ্ণ।দেহবিচাৰৰ গীতৰ মূল হ'ল দেহ আৰু মন। ইয়াত দেহক বিশ্ব-ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ ৰূপ বুলি বিশ্বাস কৰা হয়। সংসাৰ মায়া-মোহত বন্দী আৰু ই জীৱক নানান দুখ-যন্ত্ৰণা দিয়ে। দেহবিচাৰৰ গীতত কেনেকৈ মানুহে মায়া-মোহৰ পৰা হাত সাৰিব পাৰে তাৰ দিহা উল্লেখ এই দেহবিচাৰৰ গীতসমূহত উল্লেখ আছে।
তলত দেহবিচাৰৰ গীত এটি উল্লেখ কৰা হ'ল-
0 Comments
Please do not enter any spam link in the comment box.