সাহিত্যত ৰসৰ প্ৰয়োজনীয়তা

সাহিত্যত ৰসৰ প্ৰয়োজনীয়তা


ৰস কাক বোলে ? ৰসৰ প্ৰকাৰ


    সাধাৰণতে ৰস শব্দই জুলীয়া পদাৰ্থ, আস্বাদিত অৰ্থ নিৰূপণ কৰে। বিশ্বনাথ কবিৰাজে সাহিত্য দৰ্পণত উল্লেখ কৰা মতে," ৰস্যতে ইতি ৰস:।" অৰ্থাৎ যিটো বস্তু ৰসিত বা আস্বাদিত হয় সিয়েই ৰস। ঋক্ বেদত ৰস শব্দই জুলীয়া বস্তুকে বুজাইছিল যদিও উপনিষদত ৰসৰ অৰ্থৰ পৰিবৰ্তন ঘটিল। তৈত্তিৰীয় উপনিষদত ৰস সম্পৰ্কে এনেদৰে উল্লেখ আছে-
"ৰসো ৱৈ স়ঃ ৰসং হ্যেৱায়ং লব্ধা আনন্দিভৱতি।" অৰ্থাৎ ৰস মানে আনন্দ। ভাৰতীয় অলংকাৰ শাস্ত্ৰত ৰসক কাব্যৰ আত্মা বুলি উল্লেখ কৰিছে।
 

কাব্যত ৰস

    
    কাব্যত ৰসৰ বিশেষ প্ৰয়োজন আছে। ৰস বিহীন কাব্যই পাঠকৰ মনত আনন্দ দিব নোৱাৰে। কাব্যত ৰস শব্দই সৌন্দৰ্যবোধৰ পৰা সৃষ্টি হোৱা মনৰ এটি অতিজাগতিক অৱস্থাক বুজায়। কবিতা এটি পঢ়ি পাঠকৰ মনত যি আনন্দ- অনুভূতিৰ সৃষ্টি হয়, সি কেৱল মনৰ লগতহে জড়িত। সি লৌকিক নহয়, অলৌকিকহে। গতিকে, কবিতা এটা পাঠ কৰিলে পাঠকৰ মনত যি অলৌকিক আনন্দময় অনুভূত হয় সিয়েই ৰস। ৰস যেন আনন্দৰেই আন এটা নাম ! এই আনন্দ সৃষ্টিৰ দ্বাৰা কবিয়ে ৰসসৃষ্টি কৰে।


বিখ্যাত আলংকাৰিক মন্মত ভট্টই কাব্য প্ৰকাশ গ্ৰন্থত উল্লেখ কৰিছে যে

কাব্যৰ পৰা কবিৰ যশস্যা লাভ হয়।
পাঠকে সাংসাৰিক জীৱনৰ লাগতিয়াল কৰ্তব্যৰ সম্ভেদ পায়।
অমংগল নাশ হয়।
বিমল আনন্দৰ উদ্ভৱ হয় আৰু
প্ৰীয়তমা পত্নীৰ মধুৰ বচনৰ উপদেশৰ দৰে তত্বজ্ঞান লাভ হয়।


    মন্মট ভট্টই উল্লেখ কৰা প্ৰথম তিনিটা কথা সাহিত্যৰ সকলো দিশতে খাটে। কিন্তু বিমল আনন্দৰ কথা কেৱল কবিতাৰ ক্ষেত্ৰতহে সম্ভৱ হৈ উঠে। কাব্যত ৰসৰ প্ৰয়োজনীয়তাৰ ওপৰত লক্ষ্য ৰাখি বিশ্বনাথ কবিৰাজে কৈছে,"বাক্যং ৰসাত্মকং কাব্যম্। অৰ্থাৎ যিবোৰ বাক্য ৰসেৰে পৰিপূৰ্ণ সিয়ে কাব্য। ধ্বনিবাদৰ প্ৰৱৰ্তক আনন্দবৰ্ধনেও ৰসক কাব্যৰ আটাইতকৈ সাৰবস্তু বুলি উল্লেখ কৰিছে।


    কেৱল শিল্পৰ মাধ্যমেৰে প্ৰকাশ পোৱা ভাৱৰ ৰূপান্তৰকহে ৰস বুলিব পাৰি। উদাহৰণস্বৰূপে লৌকিক জগতত কোনো বাহ্যিক কাৰণত এগৰাকী ব্যক্তিৰ মনত শোক ভাৱ জাগি উঠিলে ব্যক্তিগৰাকী শোকাৰ্ত হৈ পৰে আৰু তেওঁৰ সেই শোকে আন দহৰো মনত শোকৰ ভাৱ জাগ্ৰত কৰিব পাৰে। কিন্তু সেই শোক কৰুণ ৰসলৈ পৰিণত নহয়। কিন্তু কবিয়ে যেতিয়া কবিতাৰ মাধ্যমেৰে সেই শোকৰেই ৰূপ ফুটাই তোলে তেতিয়াই ই কৰুণ ৰসলৈ পৰিণত হয়। 

ৰসৰ প্ৰকাৰভেদ 


    ৰসৰ প্ৰকাৰভেদক লৈ আলংকাৰিক সকলৰ মাজত যথেষ্ট মতবিৰোধ আছে। ভৰতমুনিৰ মতে নাটকৰ ৰস আঠবিধ। সেইবোৰ হ'ল- শৃঙ্গাৰ, হাস্য, কৰুণ, ৰৌদ্ৰ, ভয়ানক, বীভৎস, বীৰ আৰু অদ্ভূত ৰস। অভিনৱ গুপ্ত আদি আলংকাৰিক মতে ৰস ন বিধ। তেওঁলোকে ভৰতমুনিয়ে উল্লেখ কৰা আঠবিধ ৰসৰ লগত শান্ত ৰসক লগ লগাই ন বিধ ৰসৰ কথা উল্লেখ কৰিছে। আলংকাৰিক ৰূদ্ৰটৰ মতে ৰস দহ বিধ। তেওঁ উক্ত ন বিধ ৰসৰ লগত প্ৰেয় ৰসক অন্তৰ্ভুক্ত কৰি দহবিধ ৰসৰ কথা উল্লেখ কৰিছে। আচাৰ্য ভোজৰাজে বাৰ বিধ ৰসৰ কথা উল্লেখ কৰিছে। তেওঁ ন বিধ ৰসৰ লগত প্ৰেয়স, উদান্ত আৰু উদ্ধত ৰসক যোগ কৰি বাৰ বিধ ৰসৰ কথা উল্লেখ কৰিছে। কবি কৰ্ণপূৰৰ মতে ভৰত মুনিৰ আঠ বিধ ৰসৰ লগত শান্ত, বাৎসল্য, প্ৰেমা আৰু ভক্তি ৰসক সামৰি বাৰ বিধ ৰসৰ কথা উল্লেখ কৰিছে। 

    মনকৰিবলগীয়া কথাটো হ'ল এই যে বিভিন্ন আলংকাৰিকে বেলেগ বেলেগ ৰসক প্ৰধান ৰস বুলি উল্লেখ কৰিছে। অভিনৱ গুপ্তই শান্ত ৰসক, ভোজৰাজে শৃঙ্গাৰ ৰসক আৰু বহুতো বৈষ্ণৱ কবিয়ে ভক্তি ৰসক প্ৰধান ৰস বুলি উল্লেখ কৰিছে।

    ৰসৰ ওপৰত বিভিন্ন আলংকাৰিক বিভিন্ন মত আছে যদিও মুঠ ন বিধ ৰসকে প্ৰধান ৰস বুলি গণ্য কৰা হয়। সেইবোৰ হ'ল- শৃঙ্গাৰ, হাস্য, কৰুণ, ৰৌদ্ৰ, বীৰ, ভয়ানক, বীভৎস, অদ্ভূত আৰু শান্তৰস।

শৃঙ্গাৰ ৰস


    শৃঙ্গাৰ ৰসৰ লক্ষণ প্ৰসংগত সাহিত্য দৰ্শনত উল্লেখ আছে 
শৃঙ্গ হি মন্মথোদ্ভেদস্তাদাগমনহেতুকঃ।
উত্তমপ্ৰকৃতিপ্ৰায়ো ৰসঃ শৃঙ্গাৰ ইষ্যতে।।

    শৃঙ্গ শব্দটোৱে কাম ভাবৰ আবিৰ্ভাৱক বুজায়। কাম ভাবৰ আবিৰ্ভাৱৰ কাৰণ স্বৰূপে যি ৰস সৃষ্টি হয় আৰু সেই ৰসৰ মূল প্ৰায়েই উত্তম প্ৰকৃতিৰ হয় তেনে ৰসকেই শৃঙ্গাৰ ৰস বোলা হয়। শৃঙ্গাৰ ৰস দুবিধ। সম্ভোগ আৰু বিপ্ৰলম্ভ। নায়ক-নায়িকাৰ চুম্বন, আলিংগন আদি অৱস্থাৰ বৰ্ণনাক আধাৰ কৰি যি শৃঙ্গাৰ ৰস সৃষ্টি হয় সেয়াই সম্ভোগ শৃঙ্গাৰ ৰস। আনহাতে নায়ক-নায়িকাৰ বিৰহ বা বিয়োগ অৱস্থাৰ পৰা উদ্ভৱ হোৱা ৰসক বিপ্ৰলম্ভ শৃঙ্গাৰ ৰস বোলা হয়। বিপ্ৰলম্ভ পাঁচবিধ। সেইবোৰ হ'ল- পূৰ্বৰাগ, বিৰহ, ঈৰ্ষা, প্ৰবাস আৰু দৈবদূৰ্বিপাক। নায়ক-নায়িকাৰ মিলনৰ পূৰ্বে পৰস্পৰৰ প্ৰতি পৰস্পৰৰ যি অনুৰাগ বা ভালপোৱা জন্মে সেয়াই পূৰ্বৰাগ। মিলনৰ উপযোগী ঠাই থকা স্বত্বেও গুৰুজন, অভিভাৱক আদিৰ বাধা বা লাজ, ভয়বশতঃ যদি প্ৰেমিক-প্ৰেমিকাৰ মিলন বাধাগ্ৰস্ত হয় তাকেই বিৰহ বোলে। আনৰ প্ৰতি অনুৰাগ থকা বুলি ভাবি অভিমান বা ঠেহ পতাৰ কাৰণে যি বিয়োগ বেদনাৰ সৃষ্টি হয় সেয়াই ঈৰ্ষাহেতুক বিপ্ৰলম্ভ শৃঙ্গাৰ। প্ৰেমিক-প্ৰেমিকাৰ মাজৰ এজন দূৰৈত থাকিলে যি যনোবেদনাৰ উদ্ভৱ হয় তাৰ নিষ্পন্ন শৃঙ্গাৰ ৰস হ'ল প্ৰবাসহেতুক বিপ্ৰলম্ভ শৃঙ্গাৰ। দেৱতা বা গুৰুৰ অভিশাপ বা গ্ৰহদোষ আদিৰ কাৰণে প্ৰেমিক-প্ৰেমিকাৰ যি বিৰহৰ সৃষ্টি হয় সেয়াই দৈৱদূৰ্বিপাক বিপ্ৰলম্ভ শৃঙ্গাৰ ৰস।

হাস্য ৰস 


    হাস নামৰ স্থায়ী ভাবটোৱে বিকৃত বেশভুক্ত, বচন, গমন আদিক অৱলম্বন কৰি, বেশ আদিৰ বিকৃত বা অসামঞ্জস্যৰ দ্বাৰা উদ্দীপিত, দন্ত বিকাশ, গণ্ডস্ফীতি আদিৰ দ্বাৰা অনুভাবিত আৰু পৰিশ্ৰম, আলস্য আদিৰ দ্বাৰা সঞ্চাৰিত হৈ পাঠকৰ মনত আস্বাদিত হ'লে তাক হাস্য ৰস বোলে।

কৰুণ ৰস


     মৃত বা চিৰদিনৰ বাবে গুচি যোৱা বন্ধু-বান্ধৱ আদিক আলম্বন কৰি শোক নামৰ স্থায়ী ভাবটি প্ৰিয়জনৰ গুণ আদিৰ দ্বাৰা উদ্দীপিত, যোজন আদিৰ দ্বাৰা অনুভাবিত আৰু দৈন্য, মোহ আদিৰ দ্বাৰা সঞ্চাৰিত হৈ যেতিয়া সামাজিকৰ হৃদয়ত আস্বাদিত হয় তাকেই কৰুণ ৰস বোলে।

ৰৌদ্ৰ ৰস


    শত্ৰু আদিক আলম্বন কৰি যি ক্ৰোধভাব, শত্ৰুৰ দ্বাৰা অপকাৰ আদিৰ দ্বাৰা উদ্দীপিত, তৰ্জন-গৰ্জন-কম্পন আদিৰ দ্বাৰা অনুবাদিত আৰু গৰ্ব-অমৰ্ষ আদিৰ দ্বাৰা অনুভাবিত হয় তাকে ৰৌদ্ৰৰস বোলে।

বীৰ ৰস


প্ৰতিপক্ষ, দানৰ পাত্ৰ, বিষাদগ্ৰস্ত প্ৰাণী বা পূণ্য কাৰ্য আদিক আলম্বন কৰি উৎসাহ নামৰ স্থায়ী ভাবটো অপকাৰ, বিপন্ন অৱস্থা বা পূণ্যফল আদিৰ দ্বাৰা উদ্দীপিত, প্ৰতিশোধ গ্ৰহণ বা বিপদৰ প্ৰতিকাৰ আদিৰ দ্বাৰা অনুভাবিত, গৰ্ব, বিতৰ্ক, ৰোমাঞ্চ আদিৰ দ্বাৰা সঞ্চাৰিত হৈ সামাজিকৰ হৃদয়ত যি ৰস আস্বাদিত হয় তাকে বীৰ ৰস বোলে।

ভয়ানক ৰস


    ভয়লগা বস্তুক অৱলম্বন কৰি ভয় নামৰ স্থায়ী ভাৱটো বিকট অৱস্থা বা কৰ্ম আদিৰ দ্বাৰা উদ্দীপিত, কম্পন পলায়ন আদিৰ দ্বাৰা অনুভাবিত আৰু ত্ৰাস আদিৰ দ্বাৰা সঞ্চাৰিত হৈ সামাজিকৰ হৃদয়ত আস্বাদিত হ'লে যি ৰস সৃষ্টি হয় তাকে ভয়ানক ৰস বোলে।

বীভৎস ৰস


    জুগুপ্সা (ঘৃণা) নামৰ স্থায়ী ভাৱটো, ঘিণ লগা বস্তুক আলম্বন কৰি, দুৰ্গন্ধ আদিৰ দ্বাৰা উদ্দীপিত হৈ নাসিকা, সংকোচন আদিৰ দ্বাৰা অনুভাবিত হৈ গ্লানি আদিৰ দ্বাৰা সঞ্চাৰিত হৈ সামাজিকৰ হৃদয়ত আস্বাদিত হ'লে তাক বীভৎস ৰস বোলা হয়।

অদ্ভূত ৰস


    বিস্ময় নামৰ স্থায়ী ভাৱটো অস্বাভাৱিক বস্তু বা ঘটনাক আলম্বন কৰি অস্বাভাৱিক বা অসাধাৰণ মাহাত্ম্য আদিৰ দ্বাৰা উদ্দীপিত, শিহৰণ, চকখোৱা আদিৰ দ্বাৰা উদ্দীপিত হৈ সামাজিকৰ হৃদয়ত আস্বাদিত হ'লে তাক অদ্ভূত ৰস বোলে।

শান্ত ৰস


    কোনো বস্তুৰ প্ৰতি মানসিক উদাসীন্যৰ নাম বৈৰাগ্য বা নিৰ্বেদ। এই বৈৰাগ্য নামৰ স্থায়ী ভাৱটো হেয় ৰূপত প্ৰতিভাত হৈ প্ৰপঞ্চময় জগতৰ বস্তুবিলাকক আলম্বন কৰি, তপোবন, সন্যাসীসঙ্গ আদিৰ দ্বাৰা উদ্দীপিত, জাগতিক বস্তুৰ প্ৰতি উপেক্ষাৰ দ্বাৰা অনুভাবিত হৈ ধৈৰ্য-মতি-হৰ্ষ আদিৰ দ্বাৰা সঞ্চাৰিত হৈ সামাজিকৰ হৃদয়ত আস্বাদিত হ'লে তাক শান্ত ৰস বোলে।


    কবিতাত ৰস সৃষ্টি হ'বৰ বাবে কিছুমান ভাব আধাৰৰূপে থাকিব লাগে। ভাৰতীয় আলংকাৰিক সকলৰ বহুতেই ভগৱৎ বিষয়ক ৰতিক ভাব বুলি প্ৰকাশ কৰিছে। যি স্থায়ীভাৱ কেৱল জাগৃত হয়, কিন্তু ৰসত পৰিণত হ'ব পৰা নাই, তাকে আলংকাৰিকসকলে ভাব বুলি প্ৰকাশ কৰিছে। ৰস আস্বাদন প্ৰক্ৰিয়াত ইয়ো আনন্দৰ বাহক হয়। এই ভাববোৰেই হ'ল স্থায়ীভাৱ। ই প্ৰধানকৈ নবিধ। এই স্থায়ীভাৱ সমূহ হল-

ৰতি
হাস
শোক
ক্ৰোধ
উৎসাহ
ভয়
জুগুন্সা
শম আৰু
বিস্ময়।


এই স্থায়ীভাব সমূহৰ পৰা


ৰতি ভাবৰ পৰা শৃংগাৰ ৰস
হাস ভাবৰ পৰা হাস্যৰস
শোক ভাবৰ পৰা কৰুণ
ক্ৰোধ ভাবৰ পৰা ৰৌদ্ৰ
উৎসাহ ভাবৰ পৰা বীৰ ৰস
ভয় ভাবৰ পৰা ভয়ানক ৰস
জুগুপ্সা (ঘৃণা) ভাবৰ পৰা বীভৎস ৰস
শম ভাবৰ পৰা শান্ত ৰস আৰু
বিস্ময় ভাবৰ পৰা অদ্ভুত ৰসৰ সৃষ্টি হয়।



    ভৰতৰ নাট্যশাস্ত্ৰত ৰসৰ বিষয়ে বিস্তৃত আলোচনা পোৱা যায়। আচাৰ্য ভৰতৰ মতে,
"তত্ৰ বিভাবানুভাবব্যভিচাৰিসংযোগদ্ৰৰনিষ্পত্তি:।"
এইটোৱেই আচাৰ্য ভৰতৰ বিখ্যাত ৰসসূত্ৰ। অৰ্থাৎ বিভাৱ, অনুভাৱ আৰু সঞ্চাৰী বা ব্যাভিচাৰীভাবৰ সংযোগত ৰসৰ নিষ্পত্তি হয়।


    প্ৰাচীন কালৰে পৰা ভাৰতীয় কাব্যত বিভিন্ন ৰসৰ প্ৰাধান্য লক্ষ্য কৰা যায়। তেনেদৰে প্ৰাচীন অসমীয়া কবিতাটো শৃংগাৰ, কৰুণ, হাস্য, ৰৌদ্ৰ আদি ৰসৰ প্ৰয়োগ দেখা যায়। উদাহৰণ স্বৰূপে শ্ৰীমন্তশঙ্কৰদেৱ বিৰচিত উত্তৰা কাণ্ড ৰামায়ণৰ এটি কলি তলত উল্লেখ কৰা হ'ল-


হা বান্ধৈ সীতা ত্যাজি গৈলা মোক
মাৰিয়া বুকুত ঘাৱ।
সুমৰি শান্তীক লোতক নিগৰে
পোৰে মৰ্মে সৰ্ব্বগাৱ।

তলত কৰুণ ৰসৰ বিষয়ে চমুকৈ আলোচনা কৰা হ'ল-

    আগতেই উল্লেখ কৰি আহিছোঁ যে সাধাৰণতে মৃত বা চিৰদিনৰ বাবে গুচি যোৱা বন্ধু-বান্ধৱ আদিক আলম্বন কৰি শোক নামৰ স্থায়ীভাৱটি প্ৰিয়জনৰ গুণ আদিৰ দ্বাৰা উদ্দীপিত, ৰোদন আদিৰ দ্বাৰা অনুভাবিত আৰু দৈন্য, মোহ আদিৰ দ্বাৰা সঞ্চাৰিত হৈ যেতিয়া পাঠকৰ হৃদয়ত আস্বাদিত হয় তাকেই কৰুণ ৰস বোলে। ইয়াত সীতা আলম্বন বিভাব, শান্তী উদ্দীপন বিভাব, অশ্ৰু নিগৰণ অনুভাব, স্মৃতি, মোহ আদি ব্যাভিচাৰী বা সঞ্চাৰীভাব আৰু শোক স্থায়ীভাৱ। সেইবাবে ইয়াত কৰুণ ৰস আস্বাদিত হৈছে।


    এনেদৰে কবিতাত বিভিন্ন ৰসৰ সৃষ্টি কৰি পাঠকৰ মনত অতুলনীয় আনন্দ দিব পাৰে। ৰসৰ অস্তিত্বই কবিতাক আকৰ্ষণীয় আৰু হৃদয়গ্ৰাহী কৰি তোলে। ৰসহীন কাব্য আত্মাহীন শৰীৰৰ দৰে।

----------------------------------------------------------------------

Post a Comment

0 Comments