কিমতে ভকতি কৰিবো তোমাত
।। কাকূতি ।।কিমতে ভকতি কৰিবো তোমাত হৰি এ
মঞি মূঢ়মতি নজানো তাৰ উপায় ৰাম ৰাম।
মহাবলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ
আমাৰ মনক তেজিয়া দূৰ নযায় ৰাম ৰাম।। ৭৮৯
তোমাৰ মায়ায়ে মন মুহি আছে হৰি এ
অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাঞো ৰাম ৰাম।
অভয় চৰণে শৰণ পশিলো হৰি এ
তুৱা গুণ নাম ভকতি প্ৰদীপ চাঞো ৰাম ৰাম।। ৭৯০
ভকতি মিনতি প্ৰণতি নজানো হৰি এ
মোত পৰে জ্ঞান শূণ্য হীনমতি নাই ৰাম ৰাম।
তুমি প্ৰভু কৃপা ৰসেৰ সাগৰ হৰি এ
দিয়ো মোক তুৱা পদছায়া তলে ঠাই ৰাম ৰাম।। ৭৯১
হৰি এ কৰুণাসিন্ধু জীৱন বন্ধু
গতি মতি তুমি নাৰায়ণ।
তুৱা গুণ নাম ভকতৰ মহাধন।। ৭৯২
পতিত বুলিয়া মোকে হৰি হৰি ও ৰাম
তেজিতে নপাৰা নাৰায়ণ।
পৰম কৰুণা গুণে হৰি হৰি ও ৰাম
নাম ধৰিছা পতিত পাৱন।। ৭৯৩
দায়াৰ ঠাকুৰ হুয়া দায়া কেনে নকৰয়
ৰাম কৃষ্ণ নাৰায়ণ দীন দায়াময়।। ৭৯৪
মোকে কৃপা কৰা হৰি এ
দান্তে ধৰো তৃণ মাথে ধৰো তৃণ।
তুমি কৃপাময়ক নজানো এত দিন
মোকে কৃপা কৰা হৰি এ।। ৭৯৫
মোকে কৃপা কৰা এ ঐ বন্ধু ৰাম প্ৰাণবন্ধু ৰাম।
নেৰোক মুখে ৰাম কৃষ্ণ নাম।। ৭৯৬
পতিত পাৱন বুলি নাৰায়ণ এ
পৰম পতিতে ডাকয় আতুৰ হুয়া।
তযু বেদবাণী আমি আছো শুনি এ
মহা মহাপাপী তৰে তযু নাম লৈয়া।। ৭৯৭
তুৱা গুণ নাম অমৃত আশায়ে এ
তোমাৰ চৰণে বিকা গৈলো মূঢ়মতি।
চৰণত ধৰো কাতৰ কৰো এ
মঞি অনাথক নছাড়িবা যদুপতি।। ৭৯৮
তোমাৰ সেৱক ভৈলো নাৰায়ণ এ
নিশ্চয় তোমাৰ দিবাক লাগে প্ৰসাদ।
নিজ ভৃত্য কৰি লৈলে গোপীনাথ এ
তযু কৃপাময় মিলয় কোন প্ৰমাদ।। ৭৯৯
হে দায়াশীল দেৱ দামোদৰ এ
তোমাৰ চৰণে বোলোহো কাকূতি বাণী।
মোক নিজ দাস কৰি লৈলে হৰি এ
কহিয়ো কৃপাল তোমাৰ কি হয় হানি।। ৮০০
পৰম কৃপালু হুয়া যদুপতি এ
কিনো অপৰাধে মোক ভৃত্য পৰিহৰা।
শাস্ত্ৰতো প্ৰসিদ্ধ অজ্ঞানতো হৰি এ
যিটো নাম লৱে তাকে মোৰ বুলি ধৰা।। ৮০১
জ্ঞানশূণ্য আতি পশু পক্ষী জাতি এ
তাকো অনুগ্ৰহ কৰি আছা কৃপাময়।
তাকে জানি হৰি শৰণে পশিলো এ
আমাক তোমাৰ তেজিতে উচিত নয়।। ৮০২
তোমাৰসে নিজ ভৃত্য ভৈলো হৰি এ
কৃপাৰ সাগৰ তুমি মোক নিজ স্বামী।
মঞি অনাথক নবঞ্চিবা হৰি এ
তযু সেৱা ৰস আশা কৰি আছো আমি।। ৮০৩
বেদৰ গুপুত বিত্ত নাৰায়ণ এ
দেৱকীত হন্তে সাক্ষাতে ভৈল বিদিত।
জীৱৰ তৰণ হেতু নাৰায়ণ এ
প্ৰচাৰিলা নিজ যশ ধৰ্ম্ম বিপৰীত।। ৮০৪
ভকতৰ বশ্য হুইবাৰ শঙ্কায় এ
জানো মোক তুমি দাস পৰিহৰা হৰি।
ইটো শঙ্কাৰ হৰি দূৰতে তেজিয়া এ
লৈয়োক তোমাৰ ভৃত্যৰ অধীন কৰি।। ৮০৫
তোমাৰ নামৰ মহিমা দেখিয়া এ
আন যত কাম দূৰতে তেজিয়া থৈলো।
তযু পদ সেৱা ৰসক আশায় এ
তোমাৰ একান্ত ভৃত্যৰ কিঙ্কৰ ভৈলো।। ৮০৬
সহজ কৃপালু গুণক প্ৰকাশি এ
ধৰি আছা হৰি ভকত বৎসল নাম।
ধেনু যেনমতে বৎসক পালয় এ
তুমি সেহিমতে ভকতক পালা ৰাম।। ৮০৭
আমি যত জীৱ তোহ্মাৰ পালন
হৰি হৰি হৰি হৰি এ
দান্তে ধৰো তৃণ মাথে ধৰো তৃণ।
তুমি কৃপাময়ক নজানো এত দিন
মোকে কৃপা কৰা হৰি এ।। ৭৯৫
মোকে কৃপা কৰা এ ঐ বন্ধু ৰাম প্ৰাণবন্ধু ৰাম।
নেৰোক মুখে ৰাম কৃষ্ণ নাম।। ৭৯৬
পতিত পাৱন বুলি নাৰায়ণ এ
পৰম পতিতে ডাকয় আতুৰ হুয়া।
তযু বেদবাণী আমি আছো শুনি এ
মহা মহাপাপী তৰে তযু নাম লৈয়া।। ৭৯৭
তুৱা গুণ নাম অমৃত আশায়ে এ
তোমাৰ চৰণে বিকা গৈলো মূঢ়মতি।
চৰণত ধৰো কাতৰ কৰো এ
মঞি অনাথক নছাড়িবা যদুপতি।। ৭৯৮
তোমাৰ সেৱক ভৈলো নাৰায়ণ এ
নিশ্চয় তোমাৰ দিবাক লাগে প্ৰসাদ।
নিজ ভৃত্য কৰি লৈলে গোপীনাথ এ
তযু কৃপাময় মিলয় কোন প্ৰমাদ।। ৭৯৯
হে দায়াশীল দেৱ দামোদৰ এ
তোমাৰ চৰণে বোলোহো কাকূতি বাণী।
মোক নিজ দাস কৰি লৈলে হৰি এ
কহিয়ো কৃপাল তোমাৰ কি হয় হানি।। ৮০০
পৰম কৃপালু হুয়া যদুপতি এ
কিনো অপৰাধে মোক ভৃত্য পৰিহৰা।
শাস্ত্ৰতো প্ৰসিদ্ধ অজ্ঞানতো হৰি এ
যিটো নাম লৱে তাকে মোৰ বুলি ধৰা।। ৮০১
জ্ঞানশূণ্য আতি পশু পক্ষী জাতি এ
তাকো অনুগ্ৰহ কৰি আছা কৃপাময়।
তাকে জানি হৰি শৰণে পশিলো এ
আমাক তোমাৰ তেজিতে উচিত নয়।। ৮০২
তোমাৰসে নিজ ভৃত্য ভৈলো হৰি এ
কৃপাৰ সাগৰ তুমি মোক নিজ স্বামী।
মঞি অনাথক নবঞ্চিবা হৰি এ
তযু সেৱা ৰস আশা কৰি আছো আমি।। ৮০৩
বেদৰ গুপুত বিত্ত নাৰায়ণ এ
দেৱকীত হন্তে সাক্ষাতে ভৈল বিদিত।
জীৱৰ তৰণ হেতু নাৰায়ণ এ
প্ৰচাৰিলা নিজ যশ ধৰ্ম্ম বিপৰীত।। ৮০৪
ভকতৰ বশ্য হুইবাৰ শঙ্কায় এ
জানো মোক তুমি দাস পৰিহৰা হৰি।
ইটো শঙ্কাৰ হৰি দূৰতে তেজিয়া এ
লৈয়োক তোমাৰ ভৃত্যৰ অধীন কৰি।। ৮০৫
তোমাৰ নামৰ মহিমা দেখিয়া এ
আন যত কাম দূৰতে তেজিয়া থৈলো।
তযু পদ সেৱা ৰসক আশায় এ
তোমাৰ একান্ত ভৃত্যৰ কিঙ্কৰ ভৈলো।। ৮০৬
সহজ কৃপালু গুণক প্ৰকাশি এ
ধৰি আছা হৰি ভকত বৎসল নাম।
ধেনু যেনমতে বৎসক পালয় এ
তুমি সেহিমতে ভকতক পালা ৰাম।। ৮০৭
আমি যত জীৱ তোহ্মাৰ পালন
হৰি হৰি হৰি হৰি এ
তুমিসে পালিয়া ফুৰা হুয়া অন্তৰ্য্যামী।
আৱে যেৱে নিজ ভৃত্য বুলি পালা
হৰি হৰি হৰি হৰি এ
তেৱেসে কৃপাল কৃতকৃত্য হঞো আমি।। ৮০৮
তুমি যাক পালা সিও জন আমি
হৰি হৰি হৰি হৰি এ
সংসাৰ নিকাৰ ভুঞ্জিয়া ফুৰো বহুত।
তোমাৰ অধীন হুয়া কেনে আমি
হৰি হৰি হৰি হৰি এ
ভৈলৈহো স্বতন্ত্ৰ ইটো কিনো অদভুত।। ৮০৯
তোমাক পৰম ঈশ্বৰ নামানি
হৰি হৰি হৰি হৰি এ
মহা অহংকাৰে দ্ৰোহ আচৰিলো আমি।
আৱে তযু পদে শৰণ পশিলো
হৰি হৰি হৰি হৰি এ
মঞি দ্ৰোহীয়াৰ দোষ ক্ষমা কৰা স্বামী।। ৮১০
দাস হুয়া তযু সেৱা নকৰিলো
হৰি হৰি হৰি হৰি এ
ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই।
তুমি পুনু প্ৰভু সহজ কৃপালু
হৰি হৰি হৰি হৰি এ
শৰণ পশিলো ক্ষমিবে প্ৰভু যুৱাই।। ৮১১
মঞি অজ্ঞানীৰ যতেক অজ্ঞান
হৰি হৰি হৰি হৰি এ
কথা কহি কোনে সীমা কৰিবেক তাক।
ইটো মোৰ ঘোৰ দোষ পৰিহৰি
হৰি হৰি হৰি হৰি এ
কৃপাময় কৃষ্ণ চৰণে ৰাখা আমাক।। ৮১২
প্ৰিয়তম আত্মা ঈশ্বৰ দেৱতা
হৰি হৰি হৰি হৰি এ
কৃষ্ণসে সুহৃদ বান্ধৱ গুৰু আমাৰ।
কৃষ্ণৰ চৰণ পঙ্কজে বিনাই
হৰি হৰি হৰি হৰি এ
মঞি অনাথৰ গতি নাহি নাহি আৰ।। ৮১৩
-----------------------------------------------------------আৱে যেৱে নিজ ভৃত্য বুলি পালা
হৰি হৰি হৰি হৰি এ
তেৱেসে কৃপাল কৃতকৃত্য হঞো আমি।। ৮০৮
তুমি যাক পালা সিও জন আমি
হৰি হৰি হৰি হৰি এ
সংসাৰ নিকাৰ ভুঞ্জিয়া ফুৰো বহুত।
তোমাৰ অধীন হুয়া কেনে আমি
হৰি হৰি হৰি হৰি এ
ভৈলৈহো স্বতন্ত্ৰ ইটো কিনো অদভুত।। ৮০৯
তোমাক পৰম ঈশ্বৰ নামানি
হৰি হৰি হৰি হৰি এ
মহা অহংকাৰে দ্ৰোহ আচৰিলো আমি।
আৱে তযু পদে শৰণ পশিলো
হৰি হৰি হৰি হৰি এ
মঞি দ্ৰোহীয়াৰ দোষ ক্ষমা কৰা স্বামী।। ৮১০
দাস হুয়া তযু সেৱা নকৰিলো
হৰি হৰি হৰি হৰি এ
ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই।
তুমি পুনু প্ৰভু সহজ কৃপালু
হৰি হৰি হৰি হৰি এ
শৰণ পশিলো ক্ষমিবে প্ৰভু যুৱাই।। ৮১১
মঞি অজ্ঞানীৰ যতেক অজ্ঞান
হৰি হৰি হৰি হৰি এ
কথা কহি কোনে সীমা কৰিবেক তাক।
ইটো মোৰ ঘোৰ দোষ পৰিহৰি
হৰি হৰি হৰি হৰি এ
কৃপাময় কৃষ্ণ চৰণে ৰাখা আমাক।। ৮১২
প্ৰিয়তম আত্মা ঈশ্বৰ দেৱতা
হৰি হৰি হৰি হৰি এ
কৃষ্ণসে সুহৃদ বান্ধৱ গুৰু আমাৰ।
কৃষ্ণৰ চৰণ পঙ্কজে বিনাই
হৰি হৰি হৰি হৰি এ
মঞি অনাথৰ গতি নাহি নাহি আৰ।। ৮১৩
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.