বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে ৰচনা

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা


        কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এগৰাকী কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰে।

        ১৯০৯ জানুৱাৰী মাহৰ ৩১ তাৰিখে সেই সময়ৰ অবিভক্ত ভাৰতৰ ঢাকা চহৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম গোপালচন্দ্ৰ ৰাভা মাকৰ নাম গেথীবাই ৰাভা। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী এজন বড়ো জনগোষ্ঠীয় লোক যদিও তেখেতে এটা ৰাভা পৰিয়ালত ডাঙৰ-দীঘল হয়। পাছলৈ গোপাল চন্দ্ৰ মুছাহাৰীয়ে 'ৰাভা' উপাধি গ্ৰহণ কৰে।

        বিষ্ণুপ্ৰসাদ ৰাভাই ১৯২৬ চনত তেজপুৰ চৰকাৰী হাইস্কুলৰপৰা প্ৰথম বিভাগত প্ৰৱেশিকা উত্তীৰ্ণ হয়। ১৯২৮ চনত কলিকতাৰ ছেইণ্ট পল কলেজৰপৰা প্ৰথম বিভাগত আই.এছচি পৰীক্ষাত উত্তীৰ্ণ হৈ পদাৰ্থবিজ্ঞানত অনাৰ্ছ লৈ ৰিপন কলেজৰ স্নাতক শ্ৰেণীত নামভৰ্তি কৰে যদিও বিভিন্ন কাৰণত শিক্ষা সমাপ্ত কৰিবলৈ সক্ষম নহ'ল। ১৯২৯ চনত ৰিপন কলেজৰ তেখেত ছাত্ৰ সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়। আৰু ১৯৩০ চনত মহাত্মা গান্ধীৰ নেতৃত্বাধীন আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰে। পুলিচৰ হাৰাশাস্তিৰপৰা হাত সাৰিবলৈ তেওঁ কলিকতা পৰিত্যাগ কৰে আৰু কোচবিহাৰৰ ভিক্টোৰিয়া কলেজৰ কলা শাখাত নাম ভৰ্তি কৰে। আন্দোলনত অংশ লোৱাৰ বাবে পুলিচৰ তেখেতে নানান হাৰাশাস্তি ভোগ কৰি থাকিবলগীয়া হৈছিল। পিছত কোচবিহাৰ ত্যাগ কৰি পূৰ্ববংগৰ কাৰমাইকেল কলেজত নামভৰ্তি কৰে। ১৯৩১ চনত ব্ৰিটিছ বিৰোধী কূটঘাতমূলক কামত জড়িত হোৱাৰ অভিযোগত জাৰীকৰা গ্ৰেপ্তাৰী পৰোৱানাৰপৰা হাত সাৰিবলৈ কলেজীয়া শিক্ষা সিমানতে সামৰি পুনৰ কলিকতালৈ উভতি যায়। তেখেতে মাধৱ বেজবৰুৱা সম্পাদিত "বাঁহী " নামৰ আলোচনীৰ "চিত্ৰলেখা" শিতান সম্পাদনা কৰে। ১৯৩৪ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিবলৈ লোৱা জয়মতী চলচ্চিত্ৰৰ কামত আৰু "শোণিত কুঁৱৰী" নাট বাণীবন্ধন কৰাত বিশেষ সহযোগিতা আগবঢ়ায়। ১৯৩৫ চনত যোৰহাটৰ প্ৰিয়লতা দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ ছমাহ নৌহওঁতেই প্ৰিয়লতাৰ মৃত্যু। পত্নী প্ৰিয়লতাৰ স্মৃতিত "পৰজনমৰ শুভলগনত"’ শীৰ্ষক বিখ্যাত গীতটি ৰচনা কৰে। ১৯৪৩ চনত ব্ৰিটিছ চৰকাৰে নিষিদ্ধ ঘোষণা কৰা ভাৰতৰ "বিপ্লৱী কমিউনিষ্ট পাৰ্টী"ৰ সান্নিধ্যত কৃষক জাগৰণৰ কামত ব্যস্ত হয়। ১৯৪৫ চনত ভাৰতৰ "বিপ্লৱী কমিউনিষ্ট পাৰ্টী"ৰ সদস্যপদ লাভ কৰি পাৰ্টীৰ কামত লাগি বিভিন্ন ঠাইত আত্মগোপন কৰিবলগীয়া হয়। ১৯৫২ চনত আত্মগোপনৰ সময়তে প্ৰেমত পৰি নলবাৰীৰ কনকলতা মেধিক বিয়া কৰে। কনকলতাৰ সৈতে গোৱালপাৰাৰ ঘিলাগুৰিত পুলিচৰ হাতত গ্ৰেপ্তাৰ হয়। ১৯৫৪ চনত জেলৰপৰা মুক্তি লাভ কৰে। ১৯৫৫ চনত পাটীৰ গৰিষ্ঠসংখ্যক সদস্যৰ সিদ্ধান্ত অনুসৰি আন সকলৰ সৈতে "ভাৰতীয় কমিউনিষ্ট পাৰ্টী"ত যোগদান কৰে। ১৯৫৭ চনত ভাৰতৰ দ্বিতীয় সাধাৰণ নিৰ্বাচনত কোকৰাঝাৰ সংসদীয় সমষ্টিৰপৰা "ভাৰতীয় কমিউনিষ্ট পাৰ্টি"ৰ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হ'বলগীয়া হয়। ১৯৬২ চনত দুটি কণমানি পুত্ৰ সন্তানক এৰি থৈ দ্বিতীয় পত্নী কনকলতাই চিৰবিদায় লয়। চীন-ভাৰত যুদ্ধত চীনৰ পক্ষ লোৱাৰ অভিযোগত কমিউনিষ্ট পাৰ্টীৰ আন বহু সদস্যৰ সৈতে ভাৰত চৰকাৰৰ দ্বাৰা গ্ৰেপ্তাৰ হৈ উৰিষ্যাৰ বৰহমপুৰ জেলত কাৰাবাস খাটিবলগীয়া হয়। ১৯৬৩ চনত জেলৰপৰা মুক্তি লাভ কৰে। ৰাভাদেৱে পুনৰ মোহিনীবালাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ১৯৬৭ চনত তেজপুৰ বিধানসভা সমষ্টিৰপৰা দলৰ অনুমতি সাপেক্ষে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হয়। ১৯৬৮ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ'বলগীয়া হয়। ১৯৬৯ চনত ৰোগশয্যাৰপৰাই জীৱনৰ অন্তিম সৃষ্টি ‘এয়ে মোৰ শেষ গান’শীৰ্ষক বিখ্যাত গীতটি ৰচনা। জুন মাহৰ ২০ তাৰিখে তেজপুৰৰ নিজ বাসভৱনত ইহলীলা সম্বৰণ কৰে।

            বিষ্ণু ৰাভাৰ উল্লেখযোগ্য প্ৰকাশিত পুথিসমূহ উপন্যাস, নাটক, প্ৰৱন্ধ আৰু গল্প আদি ভাগত শ্ৰেণীবিভাজন কৰিব পৰা যায়-

উপন্যাস-


 ১/ সোণপাহি
২/ মিচিং কনেং আৰু
৩/জীৱন লালসা

নাটক-


১/গেঙনি ৰেঙনি

প্ৰবন্ধ-


১/অসমীয়া কৃষ্টিৰ চমু আভাস
২/অতীত অসম
৩/মুক্তি দেউল
৪/ ন পৃথিৱীৰ নতুন যুগ
৫/ বড়ো জাতিৰ ইতিহাস
৬/ ৰাভা জাতিৰ ইতিবৃত্ত
৭/ বোঁৱতী পুতি
৮/ অসমীয়া কৃষ্টি
৯/ জনজাতীয় সংস্কৃতিত শিৱ
১০/ আলিয়াই-লিগাং
১১/ দিমাছা কছাৰীৰ বুৰঞ্জী
১২/ বান কেবাং

গল্পসমূহ-


১/ মামীৰ হাৰ
২/ কুৰি বছৰ জেইল
৩/ জাল কেছ
৪/ হিয়াৰ পুং
৫/ ফুংকা

    ইয়াৰ উপৰিও তেখেতে বহুকেইটা অসমীয়া গীত সৃষ্টি কৰে, যাক "ৰাভা সংগীত" নামেৰে বিভূষিত কৰা হৈছে।প্ৰতি বছৰে জুন মহৰ ২০ তাৰিখ দিনটো "ৰাভা দিৱসৰ" হিচাপে উৎযাপন কৰা হয়। সিদিনা অসমৰ বিভিন্ন ঠাইত "ৰাভা দিৱস" উৎযাপন কৰি মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰা হয়।
------------------------------------------------------------------------
প্ৰশান্ত শইকীয়া

Post a Comment

0 Comments