প্ৰাৰ্থনা গীত
ব্ৰহ্মা আদি কৰি জীৱ যত
।। প্ৰাৰ্থনা ।।
ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম
মায়াশয্যা মাজে আছয় ঘুমটি যাই।
তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই।। ৬৫৮
ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কূপে জীৱ আছে পৰি
কালসৰ্পে দংশি হৰাইল চেতন তাৰ।
মোক্ষ ৰূপ তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতি নিত
দয়াময় কৃষ্ণ কৰিয়ো মোক উদ্ধাৰ।। ৬৫৯
সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পীড়াক পায়া পাছে
আকাশে গৰুড় স্কন্ধে চক্ৰ ধৰি হৰি।
দেখি সুৱৰ্ণৰ পদ্ম ধৰি বোলে দুখে আৰ্ত্তনাদ কৰি
নামো ভগৱন্ত গুৰু লৈয়ো দাস কৰি।। ৬৬০
মধু ৰিপু ৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি
তোমাৰ চৰণে শৰণ কৰিলো সাৰ।
নমো দেৱ দীন দুখহাৰী দায়াশীল দামোদৰ প্ৰভু
আমি দুখিতক চৰণে কৰা উদ্ধাৰ।। ৬৬১
হে কৃষ্ণ তযু পাদপদ্ম পঞ্জৰ ভিতৰে মোৰ মন
ৰাজহংস পশি থাকোক প্ৰভু সৰ্ব্বথা।
প্ৰাণ প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত
কন্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা।। ৬৬২
হে কৃষ্ণ পুত্ৰ পত্নী সঙ্গ তেজি তযু পদ চিন্তি নিত
গৰ্ব্বশূণ্য সন্তসৱৰ আশ্ৰমে যাইবো।
তাসম্বাৰ মুখপদ্মে বাজ হুইবে তযু কথামৃত নদী
তাতে মগ্ন হুয়া দেহাৰ হাত এড়াইবো।। ৬৬৩

0 Comments
Please do not enter any spam link in the comment box.