জন্মাষ্টমী হিন্দু সকলৰ এটি ধৰ্মীয় উৎসৱ। এইটো ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মদিন উপলক্ষে পালন কৰা হয়। ইয়াক কৃষ্ণাষ্টমী, গোকুলাষ্টমী, শ্রীকৃষ্ণ-জয়ন্তী আদি বিভিন্ন নামেৰে জনা যায়।
হিন্দু পঞ্জিকা মতে, ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত যেতিয়া ৰোহিণী নক্ষত্রৰ প্রাধান্য হয়, তেতিয়া জন্মাষ্টমী পালন কৰা হয়। ইংৰাজী কেলেণ্ডাৰ অনুসাৰি প্রতি বছৰৰ আগষ্ট মাহৰ মাজভাগৰপৰা ছেপ্টেম্বৰ মাহৰ মাজভাগৰ কোনো এটা দিনত জন্মাষ্টমী পৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত জন্মাষ্টমী পালন কৰাৰ উপৰি ভাৰতৰ বৃন্দাবন, মথুৰা, মণিপুৰ আদি ঠাইত এই উৎসৱ অতি জাক-জমকতাৰে উৎযাপন কৰা হয়। সিদিনা শ্ৰীকৃষ্ণৰ জীৱনৰ সাংস্কৃতিক কর্মকাণ্ড শ্ৰৱণ-কীৰ্ত্তন, গীত, নাট্য, যাত্রা ইত্যাদি বিভিন্ন মাধ্যমেৰে ৰাসলীলা, কংস-বধ ইত্যাদি কর্মকাণ্ড উপস্থাপন কৰা হয়। উক্ত ৰাস-লীলাত শিশু কৃষ্ণৰ বাল্যকালৰ কর্ম-কাণ্ড প্ৰদৰ্শন কৰা হয়। আনহাতে, "দহি হাণ্ডি" প্রথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্রতিফলিত কৰা হয়, য'ত কেইজনমান শিশু মিলি উচ্চস্থানত ৰখা মাখনৰ হাণ্ডি ভঙাৰ চেষ্টা কৰে। এই পৰম্পৰাক তামিলনাডুত "উৰিয়াদি" নামে পালন কৰা হয়। কৃষ্ণ জন্ম হোৱাৰ আনন্দত নন্দই সকলোকে উপহাৰ বিতৰণৰ কাহিনী কৃষ্ণ জন্মাষ্টমীৰ পাছত বহু ঠাইত নন্দোৎসৱ ৰূপে পালন কৰা হয়।
ভগৱানৰ অৱতাৰ পুৰুষ শ্রীকৃষ্ণ হ'ল দৈৱকীৰ অষ্টম সন্তান। ইয়াৰ পূর্বে দৈৱবাণী যোগে দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত কংসৰ মৃত্যু হ'ব বুলি ঘোষণা কৰা হৈছিল। সেয়ে মহাৰাজ কংসই দৈৱকী আৰু তেওঁৰ স্বামী বসুদেৱক কাৰাগাৰত বন্দী কৰি থৈছিল আৰু এটি এটিকৈ দৈৱকীৰ সাটোটি সন্তানকে বধ কৰিছিল। সেয়ে, মথুৰাত শ্রীকৃষ্ণ জন্ম হোৱাৰ লগে লগে সেই ৰাতিয়েই বসুদেৱে সংগোপনে নি তেওঁক যমুনা নদী পাৰ কৰি গোকুলৰ নন্দ-যশোদাৰ গৃহত থৈ আহে। অৱশ্যে কৃষ্ণ নামটো নন্দৰাজৰ ঘৰতহে ৰখা হৈছিল। পুৰাণ, মহাভাৰত, ভাগৱত বর্ণনা তথা জ্যোতিষশাস্ত্রৰ গণনা অনুসাৰি কৃষ্ণৰ জন্ম তাৰিখ হ'ল খ্রীষ্টপূৰ্ব ৩২২৮ বৰ্ষৰ ১৮ জুলাই আৰু মৃত্যু তিথি খ্রীষ্টপূৰ্ব ৩১০২ বৰ্ষৰ ১৮ ফেব্রুৱাৰী। কৃষ্ণ মথুৰাৰ যাদৱ বংশৰ বৃষ্ণি গোত্রৰ লোক আছিল।
হিন্দু ধর্মাম্বলী লোকসকলে শ্ৰীকৃষ্ণৰ জন্মদিনটো জন্মাষ্টমী হিচাপে পালন কৰে। শ্রীকৃষ্ণৰ জন্মৰ সময়ত চৌদিশে অৰাজকতা, নিপীড়ন, অত্যাচাৰ-অনাচাৰে চৰম সীমাত উপনীত হৈছিল। সেই সময় মানুহৰ স্বাধীনতা বুলিবলৈ একোৱেই নাছিল। চৌদিশে আসুৰিৰ শক্তি আৰু অৰাজকতাই বিৰজ কৰিছিল। এনে এটা ক্ষণতে দুষ্টক দমন আৰু শান্তক পালন কৰাৰ অৰ্থে ধৰাত ভগৱান শ্রীকৃষ্ণৰ আৱিৰ্ভাব হৈছিল।
হিন্দু ধর্মাৱলম্বী বিশেষকৈ বৈষ্ণৱ সমাজত জন্মাষ্টমী এটি গুৰুত্বপূর্ণ উৎসৱ। বৈষ্ণৱ সমাজত এই উৎসৱ বৰ ভক্তি আৰু উলহ-মালহেৰে পালন কৰা হয়। সিদিনা উপবাসে থাকি মাজৰাতি শ্রীকৃষ্ণ জন্মৰ মুহূর্ত্ত পৰ্যন্ত ধর্মীয় আচাৰ গীত, নাট, নাম-প্ৰসঙ্গ আদিৰ আয়োজন কৰা হয়। ৰাস-লীলাত মূলত শ্রীকৃষ্ণৰ শিশু কালৰ বিভিন্ন ঘটনা দেখোৱা হয়। আনহাতে, দহি হাণ্ডি প্রথাত কিছু উচ্চতাত মাখনৰ হাণ্ডি ৰখা হয়, আৰু অনেক শিশু মিলি মানুহৰ পিৰামিড সাজি সেই হাণ্ডি ভাঙাৰ চেষ্টা কৰে। তামিলনাডুত এই প্রথাক উড়িৱাদি নামেৰে জনা যায়।
সিদিনা ধৰ্মপ্ৰাণ লোকসকলে কৃষ্ণৰ প্রতি প্ৰেম ব্যক্ত কৰি উপবাসে থাকি ভক্তি ৰসত বিলীন হৈ ধর্মীয় গীত গায়, নিজগৃহ নাইবা নামঘৰলৈ গৈ নাম-প্ৰসঙ্গ, উপাসনা আদি কৰে।
শাস্ত্রত উল্লেখ আছে যে, কোনোৱে যদি এবাৰ ভক্তিভাবে শ্রীকৃষ্ণৰ জন্মাষ্টমীত উপবাস পালন কৰে, তেতিয়া তেওঁ আৰু এই জড়-জগতৰ জন্ম, মৃত্যু, দুখ-কষ্ট, জ্বালা-যন্ত্ৰণা, ব্যাধি আদি ভোগ কৰিবলগীয়া নহয়। বাৰে বাৰে জন্ম গ্রহণ কৰিবলগীয়াও নহয়, অৰ্থাৎ মুক্তি বা নিৰ্বাণ লাভ কৰিব পাৰে।
১/ জন্মাষ্টমীৰ আগদিনা নিৰামিষ আহাৰ গ্ৰহণ কৰি সংযম পালন কৰিব লাগে আৰু নিশা বাৰ বজাৰ আগেয়ে আহাৰ গ্ৰহণ কৰিব লাগে। শুৱাৰ আগে আগে ভালদৰে মুখ-হাত ধুই শুৱ লাগে।
২/ জন্মাষ্টমীৰ পুৱাৰ পৰা মাজৰাতি পর্যন্ত উপবাস তথা জাগৰণ। উপবাসে থাকি হৰিনাম জপ, কৃষ্ণ লীলা শ্রৱণ, ভগৱানৰ দর্শন, ভকতৰ লগত হৰিনাম শ্ৰৱণ-কীর্তন, অভিষেক দর্শন আদি কৰা হয়। ভগৱানৰ অভিষেক কৰি একাদশীৰ দিনাৰ দৰে অনুকল্প প্রসাদ সেৱন কৰা হয়।
৩/ কিন্তু, যাৰ উপবাস পালনত সমস্যা বা অসুস্থ অনুভব কৰে, তেওলোকে অৱশ্যে দুপৰীয়া বাৰ বজাৰ পাছত, কৃষ্ণৰ ওচৰত ক্ষমা প্রার্থনা কৰি, অলপ অচৰপ দুধ, নাইবা ফলাহাৰ গ্ৰহণ কৰিব পাৰে। কিন্তু, এই ব্রতত একাদশীৰ দৰে অন্ন-সহ পঞ্চ ৰবি শস্য খোৱাৰ বিধান নাই।
৪/ জন্মাষ্টমীৰ পিছৰ দিনা পুৱা স্নান কৰি নির্দিষ্ট সময়ৰ মাজত পাৰণ মন্ত্র পাঠ কৰি শ্রীকৃষ্ণৰ প্রসাদেৰে পাৰণ কৰিব লাগে।
পাৰণ আৰম্ভণি মন্ত্র-
"সর্বায় সর্বেশ্বৰয় সর্বপতয়ে সর্বসম্ভবায় গোবিন্দায় নমো নমঃ।"
পাৰণান্ত মন্ত্র-
"ভূতায় ভূতেশ্বরায় ভূতপতয়ে ভূতসম্ভবায় গোবিন্দায় নমো নমঃ।"

জন্মাষ্টমী কিদৰে পালন কৰা হয়

পাৰণ মন্ত্র এনে ধৰণৰ-
পাৰণ আৰম্ভণি মন্ত্র-
"সর্বায় সর্বেশ্বৰয় সর্বপতয়ে সর্বসম্ভবায় গোবিন্দায় নমো নমঃ।"
পাৰণান্ত মন্ত্র-
"ভূতায় ভূতেশ্বরায় ভূতপতয়ে ভূতসম্ভবায় গোবিন্দায় নমো নমঃ।"
এনেদৰেই হিন্দু সমাজত জন্মাষ্টমীৰ ব্রত পালন কৰা হয়।
----------------------------------------------------------------------------------------------------------------------------
0 Comments
Please do not enter any spam link in the comment box.