ণত্ব বিধি আৰু ষত্ব বিধি

ণত্ব বিধি আৰু ষত্ব বিধি


ণত্ব বিধি কাক বোলে?


যি বিধি বা নিয়ম মতে দন্ত্য ন ই মূৰ্দ্ধন্য ণ ৰ ৰূপ লয় তাকে ণত্ব বিধি বোলে।

ণত্ব বিধিৰ প্ৰধান নিয়মসমূহ-


    একেটা পদ বা শব্দতে থকা ঋ, ৰ আৰু ষ ৰ পিছত দন্ত্য ন সদায় মূৰ্দ্ধন্য ণ হয়। যেনে- কৰ্ণ, ৰামায়ণ, বৰষুণ, ঋণ আদি।

    একেটা পদ বা শব্দতে থকা ঋ, ৰ, ষ আৰু ন-ৰ মাজত স্বৰবৰ্ণ, ক বৰ্গ অৰ্থাৎ ক খ গ ঘ ঙ
 বা প বৰ্গ অৰ্থাৎ প ফ ব ভ ম, বৰ্ণ বা য, ৱ, হ ব্যৱধান থাকিলেও দন্ত্য ন মূৰ্দ্ধন্য ণ হয়। যেনে- ৰাৱণ, কৃপণ, গ্ৰহণ, কৰুণ, পাষাণ আদি।


    ট বৰ্গ অৰ্থাৎ ট, ঠ, ড, ঢ, আদি বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য ন মূৰ্দ্ধন্য ণ হয়। যেনে- ঘণ্টা, কণ্ঠ, ঠাণ্ডা, দণ্ড আদি।

    উত্তৰ, দক্ষিণ, চান্দ্ৰ, পৰা, নাৰ, ৰাম আদি পদৰ পিছত থকা আয়ন শব্দৰ দন্ত্য ন মূৰ্দ্ধন্য ণ হয়। যেনে- উত্তৰায়ণ, দক্ষিণায়ণ, চন্দ্ৰায়ণ, পৰায়ণ, নাৰায়ণ, ৰামায়ণ আদি।

    প্ৰ, পূৰ্ব, অপৰ আদি শব্দৰ পিছত থকা অহ্ন শব্দৰ দন্ত্য ন মূৰ্দ্ধন্য ণ হয়। যেনে- প্ৰাহ্ণ, পূৰ্বাহ্ণ, অপৰাহ্ণ আদি।

    অক্ষ শব্দৰ পিছত থকা উহিনী শব্দৰ দন্ত্য ন আৰু শূৰ্প শব্দৰ পিছত থকা নখ শব্দৰ দন্ত্য ন মূৰ্দ্ধন্য ণ হয়। যেনে- অক্ষৌহিণী, শূৰ্পণখা।

    কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ণ হয়। যেনে- অণু, কণ, কংকণ, কণিকা, কোণ,গণ, কল্যাণ, গৌণ, চিকুণ, নিপুণ, পণ, পাণি, পূণ্য, ফণা, ফণি, বাণ, বণিক, বাণিজ্য, বীণা, বাণী, বেণু, মণি, মাণিক্য, লৱণ, শোণিত আদি।

ষত্ব বিধি


ষত্ব বিধি কাক বোলে?


যি বিধি বা নিয়ম অনুসৰি দন্ত্য স মূৰ্দ্ধন্য ষ-ৰ ৰূপ লয় তাকে ষত্ব বিধি বোলে।

ষত্ব বিধিৰ প্ৰধান নিয়মসমূহ-


    অ, আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ-ৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্য স মূৰ্দ্ধন্য ষ হয়। যেনে- ঋষি, শ্ৰীচৰণেষু, মুমূর্ষু, শুশ্ৰূষা আদি।

    ট বৰ্গ অৰ্থাৎ ট, ঠ, ড, ঢ আৰু ণ বৰ্ণৰ লগত দন্ত্য স যুক্ত হ'লে দন্ত্য স মূৰ্দ্ধন্য ষ হয়। কষ্ট, দুষ্ট, ওষ্ঠ, মিষ্ট আদি।

    ই-কাৰান্ত উ-কাৰান্ত উপসৰ্গৰ পিছত থকা স্থা, সিধ্, সিচ্, লচ্, আদি ধাতুৰ দন্ত্য স মূৰ্দ্ধন্য ষ হয়। যেনে- নিষেধ, বিষাদ, প্ৰতিষ্ঠা, অভিলাষ, নিষাদ, অনুষ্ঠান, অভিষেক আদি।

    ভূমি, গো, অংগু শব্দৰ পিছত থকা স্থা শব্দৰ দন্ত্য স মূৰ্দ্ধন্য হয় আৰু যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত্য স মূৰ্দ্ধন্য ষ হয়। ভূমিষ্ঠ, গোষ্ঠ, অংগুষ্ঠ, যুধিষ্ঠিৰ আদি।

    সু আৰু বি উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্ত্য স মূৰ্দ্ধন্য ষ হয়। যেনে- সুসম, বিষম আদি।

    প্ৰত্যয় যোগ হ'লে হবিস্ আৰু চাক্ষুস্ শব্দৰ দন্ত্য স মূৰ্দ্ধন্য ষ হয়। যেনে- হবিষ্য চাক্ষুষ আদি।

    কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ষ হয়। যেনে- ঔষধ, কলুষ, কলুষিত, তোষণ, দোষ, নিষেধ, পাষাণ, পুষ্প, পুৰুষ, পোষণ, বৰ্ষা, বিষয়, বিশেষ, বিশেষ্য, বিশেষণ, বিষ, ভাষা, ভীষ্ম, ভূষণ, শোষণ, ৰোষ ইত্যাদি।



Post a Comment

0 Comments