অসমৰ জিকিৰ

জিকিৰ

আজান ফকীৰ

সপ্তদশ শতিকাৰ আদিভাগতেই ছাহমিৰান নামৰ ব্যক্তি এজনে ভায়েক নবীজানক লগত লৈ আৰৱ দেশৰ বাগদাদৰ পৰা অসমলৈ আহিছিল। প্ৰথমাৱস্থাত কামৰূপ জিলাৰ হাজোত থিতাপি লয় যদিও পৰৱৰ্তী কালত ভায়েকৰ সৈতে নাৱেৰে উজাই গৈ শিৱসাগৰৰ গড়গাওঁ পায়। তাতে তেখেতে অসমীয়া ভাষা শিকি, অসমীয়া কলা কৃষ্টি কৰি, হাড়ে-হিমজুৱে এজন অসমীয়া হৈ পৰে।
ছাহমিৰাণ অসমলৈ অহাৰ আগতেও অসমত মুছলমান মানুহ বাস কৰিছিল যদিও ইছলাম ধৰ্মৰ নীতি নিয়ম সঠিকভাৱে মানি চলা নাছিল। তাৰ পৰিৱৰ্তে থলুৱা কিছুমান আচাৰ নীতিহে অনুসৰণ কৰিছিল। ছাহমিৰাণে এনে মুছলমান সকলক একত্ৰিত কৰি নামাজ পঢ়িবলৈ আহ্বান জনাই আজান দিছিল। তেতিয়াৰে পৰা ছাহমিৰাণৰ নাম "আজান ফকীৰ" নামে জনাজাত হয়। তেওঁ ছুফি সাধক আৰু ধৰ্মপ্ৰাণ ব্যক্তি কাৰণে "পীৰ" উপাধি লাভ কৰিছিল।

আজান ফকীৰে হ'ল অসমীয়া জিকিৰৰ ৰচক। তেখেতে কোৰান আৰু হাদীছৰ পৰা বিষয়বস্তু অধ্যয়ন কৰি জিকিৰ সমূহ ৰচনা কৰে। তেখেতৰ তলত উল্লেখ কৰা জিকিৰটোয়ে তাৰ প্ৰমাণ দিয়ে-

দহশ দুকুৰি নৱী চন হিজিৰি
আৰু পাঁচে বছৰ যায়।
ছাহমিলানে এই জিকিৰ কৰিলে
কোৰান কিতাবত পাই।

দহশ দুকুৰি নৱী চন হিজিৰি
আৰু পাঁচে বছৰ যায়।
আজান ফকীৰে এই জিকিৰ কৰিলে
হাদীছ ফোকাহক পাই।

এঘাৰ শ দুকুৰি নৱীচন হিজিৰি
আৰু পাঁচে বছৰ যায়।
ছাহমিৰানে এই জিকিৰ কৰিলে
কোৰান কিতাবত পাই।

আজান ফকীৰে ইছলাম ধৰ্মৰ তত্ব, আদৰ্শ, আচাৰ নীতি তথা আল্লাৰ মহিমামণ্ডিত কথাবোৰ অসমীয়া ভাষাত অতি সহজ সৰল বৰ্ণনাৰে এক শ্ৰেণীৰ ভক্তিমূলক গীত ৰচনা কৰে, যাক জিকিৰ বুলি কোৱা হয়।

"জিকিৰ" শব্দটো আৰবী শব্দ "জিকিঅৰ" পৰা আহিছে, যাৰ অৰ্থ হৈছে আল্লাৰ নাম বাৰে বাৰে স্মৰণ কৰা। ই এক প্ৰকাৰৰ স্তুতি গীত। আজান ফকীৰে অসমৰ মুছলমান লোক সকলক ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ জিকিৰ ৰচনা কৰে। অসমীয়া দেহ বিচাৰ গীতৰ লগত জিকিৰৰ সাদৃশ্য থকা বুলি কোৱা হয়। থলুৱা কিছুমান লোক বাদ্য যেনে দোতৰা, বাঁহী, টোকাৰি আদি বজাই মাটিত বহি, হাত চাপৰি বজাই সমূহীয়াকৈ জিকিৰ সমূহ গোৱা হয়। আল্লাৰ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰাই জিকিৰ সমূহৰ মূল লক্ষ্য।

ইছলামৰ মূল পাঁচ ভেটি জিকিৰত প্ৰতিফলিত হয়। এই পাঁচ ভেটি হ'ল- (১) কলিমা (২) নামাজ (৩) ৰোজা (৪) হজ আৰু (৫) জাকাত।তলত চমুকৈ ইয়াৰ বাখ্যা কৰা হ'ল -

(১)কলিমা : আল্লা এক, তেওঁ সৰ্বশ্ৰেষ্ঠ, তেওঁৰ বাহিৰে আন কোনো নাই। হজৰত মহম্মদ আল্লাৰ প্ৰেৰিত দূত বা নৱী বুলি বিশ্বাস কৰি একান্ত মনে আল্লাৰ নাম স্মৰণ কৰাই হ'ল কলিমা ।
(২) নামাজ : নামাজ হ'ল মুছলমান লোক সকলে প্ৰতিদিনে নিৰ্দিষ্ট সময়ত পাঁচ বাৰকৈ পালন কৰা প্ৰাৰ্থনা বা আল্লাৰ এবাদত কৰা । ই বাধ্যতামূলক।

(৩) ৰোজা : ৰোজা ৰমজান মাহত উপবাসে থাকি পালন কৰা ব্ৰত। ৰমজান মাহটো পবিত্ৰ বুলি গণ্য কৰা হয়।

(৪) হজ : ই এক প্ৰকাৰৰ তীৰ্থযাত্ৰা। মক্কা আৰু মদিনা দৰ্শনেই হ'ল হজ। ই কেৱল সামৰ্থৱান লোকৰ বাবেহে প্ৰযোজ্য।

(৫) জাকাত : জাকাত সকলো লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। ব্যক্তি বিশেষে তেখেতৰ সাঁচতীয়া ধনৰ বাবে আদায় দিব লগা দান। দুখীয়া‌, শাৰীৰিক ভাবে অক্ষম লোকক ধৰ্মীয় অনুষ্ঠানত দিয়া দান।

জিকিৰ সমূহত এই পাঁচ বিধ মূল ভেটি বৰ্ণিত হৈছে। ই অসমীয়া সংগীত জগতৰ এক স্বকীয় মহিমাৰে মহিমামণ্ডিত গীত । শংকৰ- মাধৱৰ বৰগীত সমূহে যেনেকৈ এক বিশেষ স্থান লাভ কৰি আছে, ঠিক তেনেদৰে আজান ফকীৰৰ জিকিৰ সমূহেও অসমীয়া সংগীত জগতত এক বৈশিষ্ট্যপূৰ্ণ গীত হিচাপে অলংকৃত হৈ থাকিব।

তলত আজান ফকীৰৰ এটা উল্লেখযোগ্য জিকিৰ তুলি দিয়া হ'ল -

জীৱৰ সাৰথি নাম

ঘোষা : জীৱৰ সাৰথি নাম।
সতগুৰু ভেটিবা, আতমাক চিনিবা, সিজিব দীনৰে কাম।
অমন পখনক চম্ভালি ৰাখিবা কোনোবাই ভাংগিব ধৰি।
মনৰ পাঁচ হাতীক থিৰকৈ বান্ধিবা কলিমা লাহৰে জৰী।।
মনকে বান্ধিবা, মনকে চাতিবা, মনকে নিদিবা লাই।
অবুজন মনকে বুজাব নোৱাৰি, যেনে গজমূৰী গাই।।
মনকে বান্ধিবা, মনকে চাতিবা, মনকে নিদিবা লাই।
দুৰ্জন মনকে বুজাব নোৱাৰি, বুজায়ে পাৰ নেপায়।।
তিনি আঠে বছৰ মনকে বুজালোঁ জগৰা বনলৈ যায়।
জগৰা বনলৈ কেলেই নেযাব, সৃষ্টি বাঢ়িবৰ ঠাই।।
বাঁহে কি এ তিতা, গজালি কোমল, খাওঁতে মাধুৰি ভাল।
কুকুৰাৰ ডিমাতে পানী ঢল ঢল তাতে কুকুৰাৰ আল।।
জাৰৰে কোমল সৰগৰে ৰ'দ ঘামৰে কোমল বা।
মাতৃৰ গৰভত দহ মাহ নৰকত, পণ্ডিতে বিচাৰি চা।।
জুয়ে কোমলাবৰ লাহে লোৱে, পানী কোমলাবৰ মাটি।
নামৰে কোমল, ভকতৰে বচন, ধৰিলে অমূলক আঁটি।।
এইনো বৰে ঘৰ কেলেই সাজিলা শুবলৈ নোজোৰে পাটি।
গাঁৱৰে গিয়াতী চপাই মাতি আনি ল'লা বাৰী চুকত মাটি।।
কাপে কাপে তুলা ডিঙিত শিলিখা, কঁকালত পিন্ধিলা লোং।
যাবৰ বেলিকা ল'লা কিয়ে নাম, তললৈ মূৰকৈ গুণ।।

জিকিৰসমূহ অসমীয়া ভাষা তথা অসমীয়া জাতিৰ এক আপুৰুগীয়া সম্পদ।
.................................................................................................................................................................
                                                                                                                                      প্ৰশান্ত শইকীয়া।

Post a Comment

0 Comments