ফকৰা-যোজনা

ফকৰা-যোজনা


    ফকৰা-যোজনাবোৰ ভাষাৰ সম্পদ স্বৰূপ। ই ভাষা চহকী কৰাৰ উপৰিও ভাষাৰ সৌন্দর্য আৰু সৌষ্ঠৱ বঢ়ায়। পৃথিবীৰ সকলো ভাষাতে কম-বেছি পৰিমাণে ফকৰা-যোজনাৰ ব্যবহাৰ আছে। এইক্ষেত্ৰত অসমীয়া ভাষাটো অতিকৈ চহকী। ফকৰা-যোজনাবোৰৰ বাহ্যিক অৰ্থৰ উপৰিও কিছুমান অন্তৰ্নিহিত অৰ্থ থাকে। যাৰ ফলত ইয়াৰ বাহ্যিক অৰ্থ গৌণ অথচ অভ্যন্তৰীণ অৰ্থ মুখ্য হৈ পৰে। ফলস্বৰূপে ইহঁত একো একোটা বিশেষ ভাবৰ নিৰ্দেশক তথা বাহক হৈ পৰে। সেইবাবে কোনো এটা ভাষাৰ অধ্যয়নৰ ক্ষেত্রত ফকৰা-যোজনাৰ জ্ঞান থকাটো অতিকৈ প্ৰয়োজনীয়। উদাহৰণস্বৰূপে- অসমীয়া ভাষাৰ "ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি।", এই ফকৰা-যোজনাটিৰ কথা উল্লেখ কৰিব পাৰি। ইয়াৰ বাহ্যিক অৰ্থ এনেধৰণৰ- স্বৰ্গৰ ৰজা ইন্দ্ৰই এখন সভা পাতি কিবা এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি আছে, এনেতে ফেঁচা এটাই কুৰুলি দিলে। কিন্তু ইয়াৰ অভ্যন্তৰীণ অৰ্থ হ'ল- গুৰুত্বপূৰ্ণ আলোচনা চলি থকা গুৰু-গম্ভীৰ সভা এখনত অবাঞ্ছিত অপদার্থ লোকৰ উপস্থিতিত সভাৰ পৰিৱেশ নষ্ট হোৱা বা শুভ কৰ্মত অমংগল উপস্থিত হোৱা। -এনে পৰিস্থিতিত এই ফকৰা-যোজনাটোৰ ব্যবহাৰ কৰিব পাৰি।

    তলত অসমীয়া ভাষাৰ কেইটামান উল্লেখযোগ্য ফকৰা-যোজনাৰ বিষয়ে আলোচনা কৰা হ'ল-


অচিন কাঠৰ থোৰাকাো নলগাবা-


    ধান বানিবলৈ বা চিৰা খুন্দিবলৈ টান, লিকটা কাঠৰ থোৰাৰ প্ৰয়োজন। সি নিৰ্ভৰশীল তথা নিৰাপদ। যিকোনো কাঠ বা অচিন কাঠৰ থোৰা এফালে নিৰ্ভৰশীলো নহয়, আনফালে হঠাতে ভাঙি দুৰ্ঘটনা হোৱা বা হাত ঘুণীয়া হোৱাৰ সম্ভাৱনা বেছি। সেইবাবে চিনাকি, সুকাঠী কাথৰ থোৰা লগাব লাগে। সেইদৰে যি লোক অচিনাকি, অৰ্থাৎ স্বভাৱ-চৰিত্ৰ, পৰিচয় আদি পোৱা নাযায়, তেনে লোকৰপৰা বিপদ হোৱাৰ সম্ভাৱনা বেছি। সেয়ে, অচিন লোকক আশ্ৰয় দিয়া অনুচিত। সাধাৰণ কাম হ'লেও চিনাকি মানুহৰ দ্বাৰাহে কৰাটো উচিত।

অতি ভক্তি চোৰৰ লক্ষণ-


    সাধাৰণতে বিপৰীতধৰ্মী কোনো ঘটনা অৱতাৰনা কৰিবলৈ এই ফকৰা-যোজনাটি ব্যবহাৰ কৰা হয়।
প্ৰতিটো কথাৰে একো একোটা সীমা বা মাত্ৰা থাকে। যেতিয়ালৈকে ই সীমা বা মাত্ৰাৰ ভিতৰত থাকে, তেতিয়ালৈকে ইয়াৰ সুফল লাভ কৰিব পাৰি। আন আন বস্তুৰ দৰে ভক্তিৰো একোটা সীমা থাকে। কিন্তু এই সীমা চেৰাই গ'লে তাৰপৰা সুফলতকৈ কুফল পোৱাৰহে আশংকা বেছি। সাধাৰণতে, ভক্তিপৰায়ণ লোক সমাজৰ সকলোৰে প্ৰিয়। কিন্তু ভক্তি যেতিয়া সীমা চেৰাই যায়, তাতেই ব্যভিচাৰিতা সোমাই পৰে। সেইবাবে, যি লোকে স্বাভাৱিকতকৈ অধিক ভক্তিপৰায়ণ হৈ দেখুৱায়, তেনে লোকৰ অন্তৰত ভক্তিতকৈ অধিক কপটতা লুকাই থাকে। তেনে লোক হয় দুষ্ট, নহয় চোৰ প্ৰকৃতিৰ। তেনেলোকৰ অন্তৰত কিবা স্বাৰ্থসিদ্ধিৰ অভিলাষা লুকাই থাকে। নিজ স্বাৰ্থ পূৰণৰ বাবেই তেনে লোকে অতি বিশ্বাসী আৰু ভক্তিপৰায়ণ হৈ দেখুৱায়। কিন্তু স্বাৰ্থসিদ্ধিৰ পাছতেই তেনে লোকৰ স্বৰূপ প্ৰকাশ পায়। গতিকে, সময় থাকোতেই তেনে লোকৰ পৰা আঁতৰি থকাই জ্ঞানী লোকৰ কাম।

অধিক মাছত বগলী কণা-


    সাধাৰণতে, মাছ বগলীৰ প্ৰধান আৰু প্ৰিয় খাদ্য। পানীত মাছ দেখিলে বগলীৰ আনন্দত সীমা নোহোৱা হয়। কিন্তু পানীত মাছ যেতিয়া বেছি হয়, তেতিয়া কোনটো খাম কোনটো নাখাম বুলি ভাবি থাকোতেই মাছে পলাই পতং দিয়ে। শেষত বগলীৰ ভাগ্যত খাবলৈ এটাও মাছ নাথাকে। বগলীয়ে পাইও হেৰুৱাবলগীয়া হৈ মনত কষ্ট পাবলগীয়া হয়। অৰ্থাৎ ভোগৰ উভৈনদী সামগ্ৰী পাইও ভোগ কৰিব নোৱৰাৰ বেদনাত ভুগিবলগীয়া হয়। মানুহৰ ক্ষেত্ৰতো এইটো প্ৰযোজ্য। মানুহে যেতিয়া আশা কৰি থকা বস্তু এটা প্ৰচুৰ পৰিমাণে পোৱাৰ সুযোগ পায়, তেতিয়া এনেদৰে আনন্দত আত্মহাৰা হৈ পৰে যে সময়ত সময়ৰ শৰ সময়মতে মাৰিব নোৱাৰি লক্ষ্যভ্ৰষ্ট হোৱা দেখা যায়। ফলত মনৰ আশা মনতে মাৰ যাবলগীয়া হৈ বৰ কষ্ট পোৱা যায়। সেইবাবে, আমি অধিক পোৱাৰ আনন্দত নিজৰ কৰ্তব্য পাহৰি যোৱা উচিত নহয়।

অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট, কণীবোৰ ভঙাই পেলাই বাহো কৰিলো নষ্ট-


    বান্দৰ এবিধ অতি মূৰ্খ প্ৰাণী। দেখাত প্ৰায় মানুহৰ দৰেই যদিও কাৰ্য্যতঃ মানুহৰ দৰে কাম কৰিব পৰা নাই। তাকে দেখি টোকোৰা চৰাইৰ বান্দৰৰ ওপৰত পুতৌ জন্মিল! এদিনাখন বান্দৰবোৰক বৰষুণত তিতি-বুৰি জুৰুলি-জুপুৰি হৈ থকা দেখি টোকোৰা চৰাইৰ দুখ লাগি মাত লগালে, "বান্দৰ ককাই! বৰষুণত তিতি-বুৰি আছাঁ যে, আমাৰ নিচিনা বাহ সাজি নোলোৱা কিয় ?"
এনেতে বান্দৰে বৰ লাজ পালে। মুৰ্খ বান্দৰে বিদ্ৰুপ কৰা বুলি ভাবি খঙত অগ্নিশৰ্মা হ'ল। খঙৰ ভমক তথা নিজৰ প্ৰভুত্ব দেখুৱাবলৈ গৈ টোকোৰা চৰাইৰ কণীবোৰ নষ্ট কৰি চৰাইৰ বাহবোৰো ভাঙি-ছিঙি ধ্বংস কৰিলে। টোকোৰা চৰায়ে মুৰ্খ বান্দৰক উপদেশ দিবলৈ গৈ মহা বিপদত পৰিল। গতিকে, মু্ৰ্খক উপদেশ দি একো লাভ নাই। সিহঁতে সদায় ভুল বুজে। বৰং উপকাৰ কৰিবলৈ গৈ নিজৰহে ক্ষতি হয়।
হেন জানি মুৰ্খক উপদেশ নিদিয়াই শ্ৰেয়।

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ-


    অভ্যাস এনেকুৱা এটা বস্তু যাৰ বলত অসম্ভৱকো সম্ভৱ কৰিব পাৰি। প্ৰৱাদ আছে যে অভ্যাসৰ বলত ধনু বিদ্যাত পাৰ্গত যোদ্ধা এগৰাকীয়ে মহিলাই কেৰু পিন্ধা কাণৰ সৰু ফুটাৰেও শৰ নিক্ষেপ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ মূলতেই হ'ল অভ্যাস। বাৰে বাৰে কৰি থকা কাৰ্যকে অভ্যাস বোলে। কাম যিমানেই কঠিন নহওক কিয় বাৰে বাৰে কৰি থাকিলে ই অভ্যাসত পৰিণত হয় আৰু এটা সময়ত এই অভ্যাসৰ যোগেদি কাণৰ ফুটাৰে শৰ পাৰ কৰাৰ দৰে অসম্ভৱ কামো অতি সহজতে কৰিব পাৰি।

আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা-


    অসমীয়া সমাজৰ লোকবিশ্বাস অনুসৰি যাত্ৰাৰ সময়ত অংগ-ক্ষত লোকক দেখাটো অমংগলজনক। সেইবাবে যাত্ৰাৰ সময়ত অংগ-ক্ষত লোক দেখিলে যাত্ৰা স্থগিত ৰখা হয়। ঈৰ্ষাপৰায়ণ লোকৰ চৰম উদাহৰণ হ'ল- সতিনী। সাধাৰণতে, সতিনীসকল বৰ ঈৰ্ষাপৰায়ণ। পৰাস্পৰে পৰাস্পৰৰ ক্ষতিসাধন কৰাটোৱেই যেন সতিনী ধৰ্ম। মাকৰ ঘৰলৈ যোৱাটো সকলো তিৰোতাৰ বাবে বৰ হেঁপাহ তথা আনন্দৰ কথা। সেইবাবে কোনো সতিনী মাকৰ ঘৰলৈ যোৱাটো আন এগৰাকী সতিনীয়ে কোনোপধ্যে সহ্য কৰিব নোৱাৰে। সেয়ে সতিনীৰ যাত্ৰা ভংগ কৰিবলৈ আন সতিনীবোৰ উঠি-পৰি লাগে। তেওলোক কেতিয়াবা ইমানেই ঈৰ্ষাপৰায়ণ হৈ পৰে যে আন একো উপায় নাথাকিলে, নিজৰ নাক কাটি অংগ-ক্ষত কৰি সতিনীৰ যাত্ৰাকালত সন্মুখত আহি দেখা দি হ'লেও সতিনীৰ যাত্ৰা ভংগ কৰিবলৈ কুন্ঠাবোধ নকৰে। নিজৰ মহা ক্ষতি কৰি হ'লেও আন সতিনীৰ অপকাৰ কৰিব পাৰিলেও মনত মহা আনন্দ অনুভৱ কৰে। ইয়াৰ পৰা ইয়াকে বুজা যায় যে ঈৰ্ষাপৰায়ণ লোকে নিজৰ ঘোৰ অনিষ্ট সাধন কৰি হ'লেও আনৰ অনিষ্ট সাধন কৰিব পাৰিলে পৰমানন্দ লভিব পাৰে।

আঠুৱা চাই ঠেং মেলা-


    মহ এবিধ মানুহৰ অনিষ্টকাৰী কীট। মহে কামুকিলে মেলেৰিয়া, ডেংগি, জাপানিজ এনকেফেলাইটিজ আদি বিভিন্ন সংক্ৰামক ৰোগ হ'ব পৰে। সেয়ে মহৰ কামোৰৰপৰা ৰক্ষা পাবলৈ মানুহে আঁঠুৱা ব্যৱহাৰ কৰে। এই আঁঠৱাবেৰৰ কিছুমান জোখ থাকে। আৰু সেই জোখৰ ভিতৰত থাকিলে মহে কামুৰিব নোৱাৰে। অৰ্থাৎ শুই থকা অৱস্থাত আমাৰ দেহ বা শৰীৰ আঁঠুৱাৰ ভিতৰত আৱদ্ধ কৰি ৰাখিব লাগে। তাকে নকৰিলে মহ বা শত্ৰুৱে আমাৰ ক্ষতি সাধন কৰিব পাৰে। ঠেং শব্দই সাধাৰণ অৰ্থত ভৰিক বুজায় যদিও ইয়াত শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগক বুজাইছে। ইয়াৰ দ্বাৰা ইয়াকে বুজাযায় যে আমি যিকোনো কাম কৰোতে নিৰ্দিষ্ট সীমাৰ মাজত থাকি নিজৰ নিজৰ কামবোৰ কৰিব লাগে। অন্যথা বিপদত পৰিবলগীয়া হ'ব পাৰে।

আপদৰ মাত আকালৰ ভাত-


    বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। বিপদৰ সময়তহে মানুহ লাগে। বিপদ বা আকালৰ পৰত সামান্য এপদ বস্তু দিলেও বহুত সহায় হয়। কিবা কাৰণত বস্তু দি সহায় কৰিব নোৱাৰিলেও সহানুভূতি জনাই এষাৰ মাত দিলেও মানুহে বহুত সকাহ পায়। সেইদৰে আকালৰ সময়ত সামান্য এমুঠি ভাত দি সহায় কৰিলেও পৰম ধৰ্ম হয় আৰু জীৱকো সহায় কৰা হয়। বিপদত এষাৰ মাত দিয়া আৰু আকালত এমুঠি ভাত দিয়া দুয়োটাই পৰম ধৰ্ম্ম আৰু মহৎ উপকাৰ। তাকে কৰিব পৰাটোৱেই প্ৰকৃত মানৱ ধর্ম। সেয়ে কয়- আপদৰ মাত আকালৰ ভাত।

আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা-


    আদা এবিধ উপকাৰী বস্তু। ই হজমকাৰক তথা বিভিন্ন ঔষধি গুণেৰে ভৰা। আঞ্জা, মাহ-প্ৰসাদ আদিৰ লগত ব্যবহাৰ কৰাৰ লগতে মচলা হিচাপেও আদা ব্যবহাৰ কৰা হয়। দেখাত কেঁতুৰি আদাৰ নিচিনা দেখিলেও, কেঁতুৰি কিন্তু মানুহে খোৱাটো দূৰৰে কথা, কোনো কামতে নালাগে। আদাক মানুহে খোৱা দেখি কেঁতুৰিয়ে নিজকে অভক্ষ্য বুলি জানিও মানুহে খাওক বুলি উপযাচিয়ে গা পাতি দিয়ে যদিও মানুহে কেতিয়াও কেঁতুৰি নাখায়। ঠিক তেনেদৰে, সমাজত এনে কিছুমান মানুহ থাকে যি নিজকে অযোগ্য বুলি জানিও, নিজৰ গুণ গাই নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব বিচাৰে কিন্তু জ্ঞানী লোকে সততে তেনে লোকৰপৰা আঁতৰি থাকে।

ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি-


    দেৱতাসকলৰ ৰজা ইন্দ্ৰ স্বৰ্গৰ ৰজা। অমৰাৱতী স্বৰ্গৰ ৰাজধানী। তাত বিদ্যাধৰী, অপ্সৰী, গন্ধৰ্বসকলৰ সুললিত গীতহে শোভনীয়, ফেঁচাৰ কুৰুলি তাত শোভা নাপায়। এই অমৰাৱতীৰ ৰাজসভাতে নানান গুৰুত্বপূৰ্ণ বিষয়বোৰ পৰ্যালোচনা কৰা হয়। অসমীয়া সমাজত ফেঁচা অমংগলীয় প্ৰাণী বুলি এক লোকবিশ্বাস আছে। শুভ কৰ্মত ফেঁচাৰ কুৰুলি এক অশুভ সংকেত, তেনে ক্ষেত্ৰত ইন্দ্ৰৰ ৰাজসভা নাইবা এক শুভ কাৰ্য্যৰ আৰম্ভণিতে যদি ফেঁচাই কুৰুলি দিয়ে, তেনে কাৰ্য্য ত্যাগ কৰাই শ্ৰেয় বুলি বিবেচিত।

উদক ভেঁটা ৰখীয়া পতা-


    উদ পানীত থকা এবিধ প্ৰাণী। মাছ ইহঁতৰ প্ৰধান আৰু প্ৰিয় খাদ্য। মাছ খাবলৈ পালে উদক আৰু একো নালাগে। সাধাৰণতে, চেঁপা পাতি মাছ ধৰিবলৈ মানুহে পুখুৰী, জলাশয়, জান-জুৰি আদিত ভেঁটা মাৰে। ভেঁটাত বাধা পাই মাছবোৰে জপিয়াই পাৰ হ'বলৈ চেষ্টা কৰে। সেই মাছ ধৰিবলৈ ভেঁটাত ৰখীয়া থাকে। এনেয়ে উদ মাছৰ লুভীয়া, তাতে যদি উদক ভেঁটা ৰখীয়া পতা হয় পৰিস্থিতি কি হ'ব পাৰে সেই কথা সকলোৰে অনুমেয়। ভেঁটাত পৰা সকলো মাছ খাই সি তহিলং কৰিব। সেইবাবে, উদক ভেঁটা ৰখীয়া পতাতো কোনোপধ্যে যুক্তিসংগত হ'ব নোৱাৰে। সেইদৰে লুভীয়া মানুহকো তেওঁলোকে ভাল পোৱা বস্তু বা ধন-সম্পদৰ ৰখীয়া পাতিলে উদক ভেঁটা ৰখীয়া পতাৰ দৰেই হ'ব। গতিকে, লুভীয়া মানুহক কেতিয়াও ৰখীয়া পাতিব নালাগে।

উদৰ সাতপুৰুষ গ'ল কেঁচা মাছ খাই-


    উদ এবিধ পানীত থকা জীৱ। মাছ উদৰ প্ৰধান আৰু প্ৰিয় খাদ্য। পানীৰ কেঁচা মাছ ধৰি কেঁচাই খোৱাটো সিহঁতৰ ধৰ্ম। ইয়াৰ ব্যতিক্রম হোৱাৰ কোনো স্থল নাই। কাৰণ মানুহৰ দৰে উদে মাছ বা যিকোনো খাদ্য সিজাই খাব নোৱাৰে। সেয়ে উদে মাছ কেঁচাই খায়। সময়ত উদে কেঁচাই কেঁচাই মাছ খোৱা আৰু মানুহে মাছ সিজাই খোৱাটো এটা অভ্যাসত পৰিণত হয়। ই পৰম্পৰাগত ভাৱে চলি অহা এক ৰীতি-নীতি স্বৰূপ। পৰম্পৰাগত ভাৱে চলি থকা এই ৰীতি-নীতিসমূহ সহজে ত্যাগ কৰিব নোৱাৰি- এনে অৰ্থ প্ৰকাশ কৰিবলৈ এই ফকৰা-যোজনাটো ব্যবহাৰ কৰা হয়।

উপকাৰীক অজগৰে খায়-


    অজগৰ এবিধ বৰ শক্তিশালী আৰু প্ৰকাণ্ড সাপ। ই অমংগলৰ প্ৰতীক। সাধাৰণতে, অজগৰে যাকে ওচৰতে পায় তাকে গিলি থয়। শুকাই ক্ষীণাই মৃত্যুমুখত পৰা অজগৰ এটাক সহায় কৰো বুলি কোনোৱে আগবাঢ়ি গ'লেও তাক সি গিলি থয়। সেয়ে কয় বোলে- সাপ সদায় সাপ, সাপক গাখীৰ খুৱাই কোনো লাভ নাই, অথবা সাপৰ উপকাৰ সাধন কৰি একো লাভ নাই। সাপে কোন মূহূর্তত খোট মাৰে তাৰ কোনো ঠিক নাই। মানুহৰ ক্ষেত্ৰতো ই প্ৰযোজ্য। ইয়াৰ দ্বাৰা ইয়াকে বুজা যায় যে শত্ৰু সদায় শত্ৰু, শত্ৰুক সহায় কৰি একো লাভ নাই। যিমান উপকাৰ কৰিলেও শত্ৰুৱে আপোনাৰ সদায় ক্ষতিয়েই কৰিব। সেয়ে শত্ৰুৰ পৰা সদায় নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাৰ প্ৰয়োজন।

উলুৰ লগত বগৰী পোৰা যোৱা-


    সাধাৰণতে, নদীৰ পাৰত উলুৱনি দেখা যায়। উলু এনেয়ে গজে। সেই উলুৱনিৰ মাজত প্ৰায়ে বগৰী গছো গজা দেখা যায়। বগৰী এবিধ সুস্বাদু ফল। বিভিন্ন জীৱ-জন্তুৰ লগতে মানুহৰো ই প্ৰিয় খাদ্য। ই জীৱ-কূলৰ বাবে উপকাৰী। আনহাতে, উলুৰ পৰা তেনে কোনো বিশেষ কাম বা উপকাৰত নাহে। খেতিৰ বাবে যেতিয়া মাটি মুকলি কৰিবলগীয়া হয়, তেতিয়া উলুৱনিত জুই লগাই দিয়া হয়। সেই জুইত উলুৱনিৰ লগতে উলুবনৰ মাজৰ বগৰী গছবোৰো পুৰি শেষ হৈ যায়। বগৰী উপকাৰী হোৱা স্বত্ত্বেও অপ্ৰয়োজনীয় উলুৰ লগত থকা বাবে অকালতে মৃত্যুমুখত পৰিবলগীয়া হয়। ইয়াৰপৰা ইয়াকে বুজা যায় যে সৎ হ'লেও কেতিয়াবা অসৎ লোকৰ লগত থাকিলে বিপদত পৰিব পাৰে। এতেকে সদায় অসৎ লোকৰপৰা আঁতৰি থকাটোৱেই শ্ৰেয়।

উমৈহতীয়া শ বাহী শ হয়-


    হিন্দুধৰ্মৰ পৰম্পৰানুসৰি মৃতদেহ বাহী হ'ব নাপায়। সেয়ে মৃতদেহ একেদিনাই অৰ্থাৎ মানুহ এজন যিদিনাই মৰে সিদিনাই সৎকাৰ কৰিব লাগে। কেতিয়াবা ইয়াৰ ব্যতিক্রমো নোহোৱা নহয়। মৃতকৰ বংশ-পৰিয়াল যদি ডাঙৰ হয়, তেতিয়া অমুক আহক, তমুক আহক, ইজনে কৰক, সিজনে কৰক কৰি থাকেতেই সময়মতে মৃতদেহ সংস্কাৰ কৰা নহয় গৈ। কামবোৰ ইজনে কৰক, সিজনে কৰক কৰি থাকোতে দিন বাগৰি শ বাহী শ হয় গৈ। অৰ্থাৎ উমৈহতীয়া কামবোৰ এনেদৰে বাগি ধৰোতে ধৰোতে সময়ৰ কাম সময়মতে হৈ নুঠে। গতিকে কাম কৰা লোক অধিক হ'লে ইজনে কৰিব, সিজনে কৰি থাকোতে সময়ৰ কাম সময়ত হৈ নুঠে। সেয়ে, কালৈকো আশা নকৰি নিজৰ কাম নিজে কৰি যাব লাগে।

এনেই বুঢ়ী নাচ নী, তাতে নাতিনীয়েকৰ বিয়া-


    নাতি-নাতিনীসকল বুঢ়ীমাক বা আইতাকসকলৰ অতি মৰম-চেনেহৰ বুকুৰ আমঠু স্বৰূপ। তাতোকৈ আনন্দৰ কথা নাতিনীসকলৰ বিয়াৰ কথাতো। তাতে যদি আকৌ বুঢ়ীমাক নাচনী বা ধেমেলীয়া স্বভাৱৰ হয়, তেতিয়া বুঢ়ীমাকসকলক চায় কোনে? বুঢ়ীমাক আনন্দত আত্মহাৰা হৈ পৰে। সেই আনন্দই সকলোৰে হৃদয় চুই যায়। অসমীয়া ভাষাত অপাৰ আনন্দ বুজাবলৈ এই ফকৰা-যোজনাটো ব্যৱহাৰ কৰা হয়।

এশ গৰু মাৰিলে বাঘৰো মৰণ-


    বাঘ এবিধ হিংস্ৰ তথা শক্তিশালী প্ৰাণী। ই বনাঞ্চলত থাকে। কেতিয়াবা ই খাদ্যৰ সন্ধানত বনাঞ্চলৰপৰা জনাঞ্চলত প্ৰৱেশ কৰি পোহনীয়া গৰু-ছাগলীবোৰ গোহালিৰ পৰা নি খাবলৈ ধৰে। প্ৰথমাৱস্থাত দুই-এটা গৰু ছাগলী হেৰোৱাৰ সময়ত ঘটনাটো কি হৈছে মানুহে অনুমান কৰিব নোৱাৰে। কিন্তু সেই সংখ্যা এশ স্পৰ্শ কৰে অৰ্থাৎ সীমা চেৰাই যায় ৰাইজে পহৰা দিয়াৰ ব্যৱস্থা কৰে আৰু তেতিয়াই বাঘেই যে এই কামটো কৰি আছে সেইটো স্পষ্ট হয়। তেতিয়া যিকোনো উপায়েৰে মানুহে বাঘ বধ কৰে। ইয়াৰ অৰ্থ এয়েই যে অত্যাচাৰ বৃদ্ধি পালে মৰণো চমু চাপে।

কালৰো কাল বিপৰীত কাল, 
হৰিণাই চেলেকে বাঘৰ গাল!


       হৰিণা এবিধ অতি শান্ত, নিৰ্জু প্ৰাণী। ইহঁতে কাৰো অনিষ্ট সাধন নকৰে। ইহঁত বনত থাকে। বনত থকা ঘাঁহ বন খাই ইহঁতে জীৱন নিৰ্বাহ কৰে। কথাতে কয় বোলে- হৰিণাৰ মাংসই বৈৰী। অৰ্থাৎ তাৰ সোৱাদ লগা মাংসৰ লোভত সকলোৱে তাক বধ কৰে। 

      বাঘ এবিধ হিংস্র মাংসাহাৰী প্ৰাণী। হৰিণা দেখিলেই বাঘে তাক খেদি খেদি ধৰি মাৰি খায়। আনহাতে, বাঘ দেখিলে হৰিণাও দূৰতে বিদূৰ হয়। তেনেস্থলত, হৰিণাই বাঘৰ গাল চেলেকা দূৰৰে কথা, বাঘৰ ওচৰে-পাজৰেও সাধাৰণতে দেখা নাযায়। এইটো এটা সম্পূর্ণৰূপে বিপৰীতধৰ্মী কথা। অসমীয়া ভাষাত দুই বৈৰী যেতিয়া একেখন মঞ্চত নাইবা একেলগে দেখা যায় তেতিয়া এই ফকৰা-যোজনাটি ব্যৱহাৰ কৰা হয়।

কিনা হাঁহৰ ঠোঁটলৈকে মঙহ-


    সাধাৰণতে, এনেয়ে পোৱা বস্তুতকৈ মানুহে কিনি অনা বস্তুক বেছি গুৰুত্ব দিয়ে বা মূল্য দিয়ে। কিনি অনা হাঁহৰ ক্ষেত্ৰতো তাৰ ব্যতিক্রম নহয়। সেয়ে ধন দি কিনি অনা হাঁহৰ কোনো অংশকে পেলাই দিব নোখোজে, পাৰিলে ঠোঁটটোও খাই পেলাবলৈ মন কৰে। ইয়াৰ দ্বাৰা ইয়াকে বুজা যায় যে মূল্য দি কিনি অনা বস্তুৰ অকনো হানি হ'বলৈ দিয়া অনুচিত। সামান্য হানি হোৱা মানেই ধনৰ অপচয় হোৱা।

কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা-


    জলকীয়া পুৰঠ বা পকিলেহে জাল বেছি হোৱাৰ দৰে, আদা বুঢ়া হ'লেহে জাল বেছি হয়। কুমলীয়া আদাৰ জাল কম। সাধাৰণতে, আদা খাবলৈ হ'লে তাৰ বাকলি কটাৰীৰে এৰাই ল'ব লাগে। কিন্তু কুমলীয়া আদাৰ ছাল কোমল হোৱা বাবে হাতেৰে মোহাৰি দিলেই তাৰ ছাল-বাকলি এৰাই যায়। গতিকে, ইয়াক মোহাৰিয়ে খাব পাৰি। ইয়াৰ দ্বাৰা ইয়াকে বুজা যায় যে ঢিলা মানুহ পালে সকলোৱে সহজতে অপকাৰ কৰিবলৈ উদ্যত হয়। কাৰণ দুৰ্বলক অপকাৰ কৰা সহজ, কিন্তু তেনে কৰা উচিত নহয়।

কুকুৰৰ নেজ দীঘল হয়, নিজে পাৰি বহিব-


    কুকুৰক মানুহে অস্পৃশ্য জীৱ বুলি ধৰে। কুকুৰৰ নেজৰ চুটি-দীঘলৰ হোৱাৰ লগত মানুহৰ কোনো সম্পর্ক নাথাকে। কাৰণ তাৰ নেজ যদি দীঘলো হয়, তেন্তে সি নিজেই পাৰি বহিব। আনে তাৰ নেজত বহিবলৈ নাযায় বা নোৱাৰে। অর্থাৎ কুকুৰৰ নেজ দীঘল হোৱাৰ পৰা আন কাৰো উপকাৰ নহয়। ঠিক তেনেদৰে অসৎ লোকেও নানা অসৎ উপায় অৱলম্বন কৰি ধন উপাৰ্জন কৰে। অসৎ উপায়েৰে উপাৰ্জন কৰা ধন অসৎ কামতেই খৰচ হয়, ই কোনো সৎ কামত নাহে। নাইবা তাৰপৰা আনৰ কোনো উপকাৰ নহয়৷ সেইদৰে কৃপণৰ ধন ছাইৰ দৰে। কৃপণে নিজেও ভোগ নকৰে আৰু আনকো ভোগ কৰিব নিদিয়ে। কেৱল চাই থাকিবৰ বাবেহে কৃপণে ধন উপাৰ্জন কৰে, সেই ধন কোনো লোকৰ উপকাৰত নাহে। সেয়ে স্বাৰ্থপৰ লোকৰ ধন আৰু কুকুৰৰ দীঘল নেজৰ মাজত একো প্ৰভেদ নাথাকে, ই কাৰোয়েই কামত নাহে।

খঙত পেট কাটি ছমাহলৈ শুকনী খোৱা-


    খং নামেই চণ্ডাল। খং মানুহৰ প্ৰধান শত্রু। খঙৰ বশৱৰ্তী হৈ মানুহে নানান অনাকাংক্ষিত ঘটনা ঘটায়। খং উঠিলে মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়। কেতিয়াবা নিজকে পাহৰি যায় আৰু কেতিয়াবা এনে হয় যে খঙৰ ভমকত কি কৰিছে নিজেই ক’ব নোৱাৰা হয়। এনে পৰিস্থিতিত হিতাহিত জ্ঞান হেৰুৱাই কেতিয়াবা আনৰ অনিষ্ট কৰিব নোৱাৰি নিজৰ পেটকে কাটি লয়। খং যেতিয়া মাৰ যায়, তেতিয়াহে অনুশোচনা আহে আৰু নিজৰ কৃতকৰ্মৰ বাবে অনুতাপ কৰিবলগীয়া হয়। পাছত নিজৰ পেটৰ ঘা শুকুৱাবলৈ ছমাহ-বছৰ শুকনী (ঔষধ) খাব লগা হয়। ইয়াৰ দ্বাৰা ইয়াকে বুজা যায় যে খঙৰ জালত মানুহে আনৰ অনিষ্ট সাধন কৰাৰ উপৰিও কেতিয়াবা নিজৰো অনিষ্ট সাধন কৰি বহুদিনলৈ কষ্ট ভোগ কৰিবলগীয়া হয়। সেইবাবে মানুহে খঙক দমন কৰি ৰাখিব লাগে।

গোৰ মাৰি গংগাত পেলোৱা-


    গংগা হিন্দুসকলৰ এখনি পৱিত্ৰ নদী। পৰম্পৰাগত বিশ্বাস অনুসৰি- কোনো লোকে গংগাত স্নান কৰিলে তেওঁৰ সমগ্ৰ পাপ খণ্ডন হয়। আনকি এই বিশ্বাসতে বহুতে মৃত পিতৃ-মাতৃৰ অস্থি গংগাত বিসর্জন দি পৰলোকগত আত্মাৰ কল্যাণ কামনা কৰে। কোনোবাই কাৰোবাক কষ্ট দিবৰ উদ্দেশ্যে খঙত গোৰ মাৰি দিওঁতে তেওঁ যদি গংগাত পৰে গৈ, তেনেহ'লৈ তেওঁৰ অযাচিত গংগাস্নান হে হয়। ফলত তেওঁ পুণ্য অৰ্জন হয়। অর্থাৎ কোনোবাই কেতিয়াবা কাৰোবাৰ অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰোতে তেওঁৰ অনিষ্ট নহৈ উপকাৰ হে হয়, তেতিয়া এই ফকৰা-যোজনাটি ব্যবহাৰ কৰা হয়।

চ'তৰ বিহুলৈ ছমাহ থাকোতেই হাত মেলি নচা-


    চ’তৰ বিহু অসমীয়া জাতিৰ অতি আদৰৰ, অতি চেনেহৰ। সেয়েহে মানুহে অন্তৰৰ সকলো আৱেগ অনুভূতি উজাৰি নাচি বাগি আনন্দ উপভোগ কৰে। আৱেগ-উচ্ছ্বাসে মানুহক কোনোবা সুখৰ মধুৰ মায়াপুৰীলৈ লৈ যায়। সংসাৰত এনে কিছুমান মানুহ আছে, যি বিহুৰ নামত এনেদৰে উত্ৰাৱল হৈ লাগিলে বিহুলৈ ছমাহেই থাকক বা নাথাকক, তথাপি বিহুৰ নাম শুনিয়ে উলাহতে নাচোন আৰম্ভ কৰি দিয়ে৷ ইয়াৰ দ্বাৰা ইয়াকে বুজা যায় যে কিছুমান মানুহে আশা পূৰণৰ চেষ্টা কৰক বা নকৰক, আশাৰ কথা চিন্তা কৰিয়ে বৰ বেছিকৈ উচ্ছ্বাসিত হৈ পৰে। কিন্তু এনে উচ্ছ্বাস সকলো সময়তে মংগলজনক নহবও পাৰে।

চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি-


    চোৰে যাতে সম্পত্তি চুৰ কৰি নিব নোৱাৰে, তাৰ কাৰণে আগতীয়াকৈ বুদ্ধি কামত লগালেহে সেই বুদ্ধি ফলপ্ৰসূ হয়। ৰ'দ বৰষুণৰপৰা ৰক্ষা পাবৰ বাবে মানুহক জাপিৰ প্ৰয়োজন। কিন্তু বৰষুণ শেষ হোৱাৰ পাছত সেই জাপিৰ কোনো প্ৰয়োজন নাথাকে। ঠিক তেনেদৰে, চোৰে সমস্ত চুৰ কৰি নিয়াৰ পাছত চোৰ খেদাৰ বুদ্ধি উলিয়াই একো লাভ নাই। বৰষুণত তিতি-বুৰি জুৰুলি-জুপুৰি হোৱাৰ পাছত জাপি লোৱা আৰু চোৰ যোৱাৰ পাছত বুদ্ধি উলিওৱা একেই কথা। তেনে বুদ্ধিও মূল্যহীন, তেনে জাপিও মূল্যহীন। অর্থাৎ অসময়ত উলিওৱা দুয়োটা উপায়েই মূল্যহীন। এতেকে অনিষ্ট হোৱাৰ আগেয়ে অনিষ্ট নিবৰাণ উপায় উদ্ভাৱন কৰিব লাগে।

জী ভালেই জোঁৱাই ভাল আপোন ভালেই জগত ভাল-


    জোঁৱাই পৰৰ সন্তান। সেইবাবে ভাল হ’ব নে নহয়, সজ নে অসজ, সতকাই কোৱা টান। কিন্তু জীয়াৰীজনী নিজৰ বাবে ভাল নে বেয়া সহজেই ক'ব পাৰি। আনহাতে, জীয়াৰী যদি ভাল হয়, তেনেহ'লে জোঁৱাই যেনেকুৱাই নহওঁক কিয়, তেওঁক নিজৰ জোখাৰে গঢ় দি ল'ব পাৰিব। অৰ্থাৎ জী ভাল হ’লে, জোঁৱাইকো যিকোনো প্ৰকাৰে ভাল কৰি ল'ব। ঠিক সেইদৰে নিজে ভাল হ’লে আনকো ভাল কৰি ল'ব পাৰি। ভাল লোকক সমাজৰ সকলোৱে ভাল পায়। এতেকে ব্যক্তি চৰিত্ৰৰ ওপৰতেই একো একোখন সমাজৰ ভাল-বেয়া সকলো দিশ নিৰ্ভৰ কৰে।

টেঙা আম এবাৰহে বেচিব পাৰি-


    সাধাৰণতে, মানুহে টেঙা আম খাবলৈ বৰ ভাল নাপায়। সেইবাবে গাঁঠিৰ ধন দি কোনেও টেঙা আম নিকিনে। কিন্তু বেঁচোতাই টেঙা আমকে মিঠা আম বুলি ফাঁকি দি বিক্ৰী কৰে। মানুহে যেতিয়া এবাৰ গম পায় যে তেওঁৰ আম টেঙা, তেতিয়া দ্বিতীয়বাৰ আৰু কোনেও তেওঁৰ ওচৰলৈ আম কিনিবলৈ নাযায়। আনকি পাছত যেতিয়া মিঠা আমো বেচিবলৈ আনে, মানুহে আৰু তেওঁক আৰু বিশ্বাস নকৰে। এবাৰ ঠগ খোৱাৰ পাছত আগলৈকো ঠগ খাব বুলি ভয় কৰে আৰু সাৱধান হয়। এতেকে ফাঁকি দিয়া মানুহক কোনেও বিশ্বাস নকৰে। এবাৰ হেৰোৱা বিশ্বাস আৰু কেতিয়াও ঘূৰি নাহে।

তুলসীৰ লগত কলপটুৱাৰো মুক্তি-


    প্ৰচলিত হিন্দু সমাজৰ ৰীতি অনুসৰি তুলসীক পৱিত্ৰ জ্ঞান কৰা হয়। সেইবাবে পূজা-পাতল, সেৱা-সৎকাৰ আদি সকলো মাংগলিক কৰ্মতে তুলসী ব্যৱহাৰ কৰা হয়। তুলসী এনেয়ে পৱিত্র, তাতে আকৌ যাগ-যজ্ঞ; পূজা সেৱা আদিত তুলসীৰ মুক্তি হয়। কলপটুৱা পৱিত্র বস্তু নহয়; কিন্তু পৱিত্র অনুষ্ঠানত তুলসী আদি থবৰ কাৰণেই কলপটুৱাৰে তৈয়াৰী খোল বা ডোঙাৰ প্ৰয়োজন হয়, গতিকে পৱিত্ৰ তুলসীৰ স্পৰ্শত কলপটুৱায়ো পৱিত্র হৈ মুক্তি লাভ কৰে। ইয়াৰ দ্বাৰা ইয়াকে বুজা যায় যে যি নিজে পৱিত্র, সি আনকো পৱিত্ৰ কৰিব পাৰে। সেয়ে পৱিত্রৰ লগত থাকিলে অপৱিত্ৰও মুক্তি লাভৰ সুবিধা পায়। এতেকে আমি সদায় সৎ সংগ লোৱা উচিত।

নাও বুৰিলেও টিঙৰপৰা ননমা-


    নাৱৰ গুৰিয়ালজনৰ যিদৰে দায়িত্ব বেছি, সেইদৰে মান-সন্মানো বেছি। সেইবাবে তেওঁৰ অহংকাৰো বেছি। তেওঁ মাত্ৰ নাৱৰ ওখ টিঙত বহি গুৰি ধৰে; বাকী নাৱৰীয়াসকলে তেওঁৰ আদেশত নাও বায়। কেতিয়াবা কোনো দুর্ঘটনাত যদি নাও বুৰিবও লগা হয়, তথাপি তেওঁ টিঙৰপৰা নামিবলৈ ইচ্ছা নকৰে; জানোচা তেওঁৰ সন্মান হানি হয়, গর্ব খর্ব হয়। সেইদৰে সংসাৰত এক শ্ৰেণীৰ মানুহ আছে, তেওঁলোকে সদায় আনতকৈ এখোপ ওপৰত থাকিব বিচাৰে। তেনে মানুহে হাজাৰ বিপদত পৰিলেও বা সৰ্বস্বান্ত হৈ গ’লেও নিজ গৰ্ব-অহংকাৰৰ বাবে তললৈ নানামে। এনে লোক নিজ অহঙ্কাৰৰ কাৰণেই আনৰ সহানুভূতিৰপৰাও বঞ্চিত হয়।

ধান পকে মানে টুনিৰ মৰণ-


    টুনি চৰায়ে পকা ধান খাবলৈ ভাল পায়। গতিকে পকা ধান খাবলৈ ধাননিত জাকে জাকে টুনি চৰাই পৰে। টুনি পৰিলেই গৃহস্থই নানা উপায়েৰে খেদে। তদুপৰি ধান পকাৰ লগে লগে গৃহস্থইও দাই আনে। এনে অৱস্থাত ধান পকালৈ বাট চাই থকা মানেই লঘোণে থাকি টুনিৰ মৰণ নিশ্চিত। সেইবাবে টুনিয়ে ধান পকাৰ আগৰেপৰাই ধান খাবলৈ আৰম্ভ কৰে। মানুহৰ ক্ষেত্ৰতো একে কথাই খাটে। ঘৰত যদি খাবলৈ ভাত নাথাকে, তেতিয়া ধান পকালৈ বাট চাই নোখোৱাকৈ লঘোণে জীয়াই থাকিব নোৱাৰি। সেইবাবে ধান পকালৈকে জীয়াই থাকিবলৈ হ’লে, অন্য উপায়েৰে উপাৰ্জন কৰি জীৱিকাৰ বৱস্থা কৰিব লাগিব। নহ’লে মৰণ নিশ্চিত। এতেকে জীৱিকাৰ উপায় ওলোৱাৰ আগতে মানুহে জীয়াই থাকিবলৈ আগতীয়া ব্যৱস্থা কৰি ল'ব লাগে।

ধাৰে কাটিলেও কটা, গাদিৰে কাটিলেও কটা-


    দা-ৰ ধাৰেৰে কাটিলে সহজতে কটা যায়; গাদিৰে সহজতে কটা নাযায়। কিন্তু তথাপি বহু কষ্টৰ মূৰত গাদিৰেও কটা যায়। ধাৰেৰে কাটক বা গাদিৰেই কাটক দুয়োটাই কটা কাৰ্য। দুয়োটাৰে পৰিণাম একেই। কেৱল কার্য সম্পাদন কৰাৰ ধৰণটোহে বেলেগে বেলেগ। সেইদৰে প্ৰত্যক্ষভাৱেই কৰক বা পৰোক্ষভাৱেই কৰক অপকাৰ সদায় অপকাৰেই, সি অন্য কিবা হ'ব নোৱাৰে। এতেকে নিজেই বা আনৰ হতুৱাইও মানুহে মানুহৰ অপকাৰ কৰিবলৈ চেষ্টা কৰা অনুচিত।

পৰৰ মূৰত খোৱা, ভটীয়া নাৱত যোৱা-


    যি মানুহে পৰৰ উপাৰ্জনৰ ওপৰতে খায়, তেওঁলোকে পৰিশ্ৰমৰ বাবেও চিন্তা কৰিব নালাগে আৰু উপাৰ্জনৰ বাবেও চিন্তা কৰিবৰ প্ৰয়োজন নাই। এওঁলোক সুবিধাবাদী আৰু কৰ্মবিমুখ। সেইদৰে ভটীয়নি সোঁতত নাও মেলি দিয়াও অতি সহজ। সোঁতেই নাও চলাই লৈ যায়; কেৱল গুৰি ধৰি নাৱখন পোনাইহে যাব লাগে। এনে সুবিধা কোনো মানুহেই এৰি দিব নোৱাৰে। সংসাৰতো এনে সুবিধাবাদী অনেক লোক আছে, যি ৰঘুমলাৰ দৰে পৰৰ ওপৰতে মহাসুখে খাই-বৈ নিশ্চিন্ত মনে আৰু বিনা কষ্টে জীয়াই থাকে। পিচে এনে মানুহ বিপদত পৰিলে উদ্ধাৰৰ কোনো উপায় নাথাকে।

ফটা কথা তিতে মানে গালৈহে গধুৰ-


    ফটা কাপোৰ জাপ জাপ কৰি কঁথা তৈয়াৰ কৰা হয়। ই যথেষ্ট ডাঠ আৰু গধুৰ। জাৰত দিনত দুখীয়া মানুহে ইয়াকে গাত লৈ জাৰৰপৰা ৰক্ষা পায়। গাত কঁথা লৈ পানীয়েদি গ’লে সাৱধান হ'ব লাগে। কাৰণ কঁথা পানীত তিতিলে বৰ গধুৰ হয়। সময়ত ইয়াক লগত নিবও নোৱাৰি থবও নোৱাৰি ভালুকৰ সংগী হৈ পৰাদি পৰে। আনহাতে সিয়েই দুখীয়াৰ জাৰ নিবাৰণৰ সম্বল, এতেকে এৰি থৈ যোৱাও টান। গতিকে, পানীৰ ওচৰেৰে গ'লে কঁথা যাতে নিতিতে তাৰ কাৰণে সাৱধান হোৱা উচিত। এই কথাৰে ইয়াকে বুজাইছে যে সময়ৰ কাম সময়মতে কৰি যাব লাগে; নহ'লে কাম পেলাই থওঁতে থওঁতে এসময়ত বোজা স্বৰূপ হৈ পৰে আৰু শেষত সমাধান কৰাৰ উপায় বিচাৰি নোপোৱা হয়।

ফিৰিঙতিৰপৰা খাণ্ডৱদাহ হয়-


    খাণ্ডৱ এখনি বিশাল আৰু বিস্তীর্ণ অৰণ্য আছিল। শত-সহস্ৰ পশু-পক্ষী, জীৱ-জন্তুৰ ই আছিল ৰম্যভূমি। অগ্নি দেৱতাৰ পৰিতৃপ্তিৰ কাৰণে ইয়াক অৰ্জুনে দাহন কৰিবলগীয়া হৈছিল। ফলত অৰণ্য আৰু তাৰ হাজাৰ-বিজাৰ জীৱ-জন্তু ভস্মীভূত হৈ গৈছিল। সামান্য এটা ফিৰিঙতিয়েই সুবিশাল খাণ্ডৱ অৰণ্য ছাইত পৰিণত কৰিছিল। সেইদৰে সামান্য একোটা ঘটনাৰপৰা বিৰাট ধ্বংস কাৰ্য সংঘটিত হ’ব পাৰে। এতেকে সামান্য বস্তু বা ঘটনা বুলি আওহেলা নকৰি তাৰ পৰা হ'ব পৰা অনিষ্ট যাতে হ’ব নোৱাৰে, তাৰ কাৰণে তাক আদিতেই নিৰ্মূল কৰিব লাগে।

বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকা-


    বৃদ্ধ বা বুঢ়াসকলেই সংসাৰৰ আটাইতকৈ অভিজ্ঞ লোক। তেওঁলোকে জীৱনৰ বিভিন্ন পৰিৱেশ-পৰিস্থিতি দেখি-শুনি, শিকি-বুজি বহুতো অভিজ্ঞতা লাভ কৰে। তেওঁলোকৰ অভিজ্ঞতা পুষ্ট জ্ঞানেৰে ডেকাসকলকো নানা উপদেশ দি, সজ বাট প্ৰদৰ্শন কৰি জীৱন সুন্দৰ আৰু মঙ্গলময় কৰি ল’বলৈ পৰামৰ্শ দিয়ে, কিন্তু ডেকাসকলে বয়সৰ স্বভাৱজাত উতনুৱামিৰ কাৰণেই তেওঁলোকৰ উপদেশ অমান্য কৰি অবাটে গৈ পাছত ভয়াবহ পৰিণাম ভোগ কৰিবলগীয়া হয়। ঘোৰ বিপদত পৰি কেঁকাবলগীয়া হয়। সেয়ে বুঢ়া বা বয়সীয়াল লোকসকলৰ উপদেশ শিৰোধাৰ্য কৰি জীৱনৰ বাটত আগবাঢ়ি যাব লাগে।

বেজীৰ জলাকো মনে কুঠাৰৰ জলাকো নমনে-


    বেজীৰ জলা নিচেই সৰু। তাক সহজে মনিব নোৱাৰি। কুঠাৰৰ জলা ডাঙৰ। তাক সহজে মনিব পাৰি। ইয়াত বিপৰীতভাৱে সৰু কথালৈকো মন দিয়া, অথচ কিছুমান ডাঙৰ কথালৈকো মন নিদিয়াৰ কথা কোৱা হৈছে। বহুতো এনে লোক আছে যি ডাঙৰ কামত দুপইচা খৰচ কৰিবলৈকো টান পায়, অথচ অনেক সৰু আৰু অলাগতিয়াল কামত হাজাৰ হাজাৰ টকা খৰচ কৰিবলৈকো কুণ্ঠাবোধ নকৰে। এনে মানুহ, যি ক্ষেত্রত উদাৰ হোৱা উচিত, তেনে ক্ষেত্ৰত উদাৰ নহৈ অনুচিত ক্ষেত্ৰতহে উদাৰ হোৱা দেখা যায়।
 

মহন্তৰ চিন মাহনিত-


    লহপহকৈ হোৱা, লোমালোমে লাগি থকা মাহনিত সোমালে দুই এটা মাহ ছিঙি খাবলৈ বা দুজোপা উঘালি আনি খাবলৈ স্বাভাৱিকতে লোভ লাগে। এই লোভ সামৰা বৰ টান। অথচ তাৰপৰা সামান্য হ'লেও গৰাকীৰ হানি হয়। লোভৰ বশৱৰ্তী সাধাৰণ মানুহৰ সেই কথা মনলৈ নাহে। গতিকে, সাধাৰণ লোকে মাহনিত সোমালে মাহ খাবই। কিন্তু জ্ঞানীলোকসকলৰ বিবেচনাই সেই কথা ঢুকি পায় বাবে লোভ সম্বৰণ কৰে। যি সকল প্রকৃত মহন্ত অর্থাৎ জ্ঞানী তেওঁলোকক ভোগৰ সম্ভাৰৰ মাজত সহজে চিনি পোৱা যায়। তেওঁলোকে হাজাৰ ভোগৰ সামগ্ৰীৰ মাজতো লোভ সম্বৰণ কৰি চলে। এতেকে যি ভোগৰ উভৈনদী সম্ভাৰ পায়ো লোভ সম্বৰণ কৰে, তেওঁহে প্ৰকৃততে মহন্ত।

ৰাইজে নখ জোকাৰিলে নৈ বয়-


    এটোপ এটোপ পানীৰ কণিকা লগ হৈ বৃহৎ নদীৰ সৃষ্টি হয়। সেইদৰে একত্ৰিত হোৱা অজস্ৰ মানুহৰ নখৰ আগত উঠা এটোপ এটোপ পানী মিলিত হৈও একোখন নদীৰ সৃষ্টি হ'ব পাৰে। আৱশ্যক মাত্ৰ একত্ৰিত কৰাৰ। সেইদৰে বহুতো মানুহ একত্ৰিত হৈ প্ৰত্যেকেই অলপ প্রচেষ্টা আগবঢ়াইও একো একোটা মহৎ কার্য সম্পাদন কৰিব পাৰে। এপইচা, দুপইচাকৈ ৰাইজে আগবঢ়োৱা বৰঙণিৰ দ্বাৰাই বৰ্তমান যুগত একো একোটা মহৎ অনুষ্ঠান গঢ়ি তুলিছে। এতেকে ৰাইজৰ সন্মিলিত শক্তিয়ে জগতত বহুত মহৎ কার্য সম্পাদন কৰিব পাৰে।


লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি-


    বিন্ধাই হ'ল হুলৰ প্ৰধন কাম। ই আপোন পৰ কাকো চিনি নাপায়। ঈর্ষাপৰায়ণ লোকে আনক বিন্ধক বুলি মানুহ অহা যোৱা কৰা বাটত বা বাৰীৰ ঢাপত হুল পুতি থয়। কিন্তু কেতিয়াবা পাহৰাতে সেইফালে গ’লে বা জানিও ভালকৈ মন নকৰাৰ কাৰণে নিজেই সেই হুলত ভৰি দি আঘাত পাব লগা হয়। অর্থাৎ পৰক আঘাত দিবলৈ চিন্তা কৰোতে নিজেই সেই আঘাত পাব লগা হয়। এতেকে আনৰ অহিত চিন্তা কৰা অনুচিত।
 

সাপ মাৰি নেগুৰত বিহ থোৱা-


    সাপ অমংগলৰ প্ৰতীক। ই হিংস্ৰ আৰু বিষাক্ত। সেয়ে জানি-শুনি কোনেও সাপ নোপোহে। বহুতে কয়- ইয়াৰ হেনো নেগুৰতো বিষ থাকে আৰু ছাটি মাৰি দিলে সেই বিষ লাগি মানুহ মৰে । সাপক কোবাই মাৰিলেও বহু সময়লৈকে নেগুৰডাল জীয়াই থাকে। গতিকে, তাৰপৰাও বিপদৰ সম্ভাৱনা থাকে। সেইবাবে সাপ মাৰিলে নেগুৰডালো কোবাই ভালকৈ মাৰিব লাগে। ইয়াৰ দ্বাৰা এইটো বুজা যায় যে শত্ৰু সদায় শত্ৰু। শত্ৰুৰ মুঠেই চিন থোৱা অনুচিত। শত্ৰুক সম্পূৰ্ণৰূপে নিৰাময় কৰি ভৱিষ্যতে যাতে কোনো অনিষ্ট সাধন কৰিব নোৱাৰে, তাৰ ব্যৱস্থা কৰিব লাগে।

শাকত নাখায় লোণ, পিটিকাত যায় তিনিগুণ-


    শাকত লোণ নিদিলে খাবলৈ সোৱাদ নহয়। কিন্তু এই কথা জানিও কোনোৱে অধিক লোণ খৰচ হোৱাৰ ভয়ত শাকত লোণ নিদিয়ে বা দিলেও খুব কমকৈ দিয়ে। ইয়াৰ ফলত লোণ ৰাহি হয়। আনহাতে, আলু, বেঙেনা, মাছ আদিৰ পিটিকা কৰোতে অ'ত ত'ত অকণ অকণকৈ লোণ দিওঁতে দিওঁতে তাতোকৈ বেছিহে লোণ খৰচ হয়। অর্থাৎ এহাতেদি ৰাহি কৰিবলৈ বিচাৰোতে আনহাতেদি দুগুণে ব্যয় হে হয়। এতেকে মানুহে সকলো দিশ বিবেচনা কৰি চাইহে, কাম কৰা উচিত।

হৰিণাৰ মাংসই বৈৰী-


    হৰিণাৰ মাংসৰ প্ৰতি মানুহৰ লোভ স্বাভাৱিক। কাৰণ ই সোৱাদ আৰু সহজে জীণ যায়। আনহাতে, হৰিণ অতি নিৰীহ, নিৰপৰাধী আৰু দেখিবলৈও বৰ শুৱনি প্ৰাণী। তথাপি তাৰ মঙহৰ কাৰণেই তাৰ সৌন্দৰ্য আৰু নিৰীহতাৰ প্ৰতি লক্ষ্য নাৰাখি বধ কৰা হয়। অৰ্থাৎ নিজৰ মাংসই তাৰ বৈৰী। সেইদৰে বহুতৰ অজস্ৰ সম্পদ থকাৰ বাবেই তাৰ লোভত আৰু প্ৰতিহিংসাত শত্ৰু বাঢ়ে। তেওঁৰ বাবে সম্পদেই শত্ৰু। আন কাৰোবাৰ ক্ষেত্ৰত সৌন্দৰ্যৰ বাবে নানা অনৰ্থ আৰু অঘটন ঘটে। তেনে লোকৰ বাবে সৌন্দর্যই কাল হয়।

যি মূলা বাঢ়িব তাৰ দুপাততে চিন-


    মূলা এবিধ পাচলি। অংকুৰিত হোৱা মূলা পুলি এটা আগলৈ ভাল হ’ব নে নহয়, তাৰ চিন দুপাততে অৰ্থাৎ সৰুতেই পোৱা যায়। যিটো মূলা পুলি ভৱিষ্যতে ভাল হ’ব, সি দুপতীয়াতে লহপহকৈ ধুনীয়াকৈ বাঢ়ি আহিব। আৰু যিটো কেৰুণীয়া হয়, সি দুপতীয়াতে মেমেৰা হয়। পুলিতেই ভাল বেয়াৰ চিন পাব পাৰি। মানুহৰ ক্ষেত্ৰতো ভাল বেয়াৰ চিন সৰুতেই পাব পাৰি। এই কথাষাৰ সকলো ক্ষেত্ৰতে খাটে। খেতি এডৰা লহপহকৈ বাঢ়ি আহিলে, ভৱিষ্যতে ই নিশ্চয় প্ৰচুৰ ফলদায়ক হ’ব। সেইদৰে ল’ৰা-ছোৱালী শৈশৱতেই যদি সজ হয়, কামত আগৰণুৱা হয় আৰু তীক্ষ্ণ বুদ্ধিসম্পন্ন হয় সি নিশ্চিতভাবে ভৱিষ্যত জীৱনতো সকলো দিশতে অগ্ৰণী আৰু প্ৰতিভাৱান হ’ব।

হলা গছত আটায়ে বাগি কুঠাৰ মাৰে-


    থিয় হৈ থকা গছ এজোপা কাটোতে যথেষ্ট সময় তথা কষ্ট লাগে। কিন্তু এজোপা হালি থকা গছ অতি সহজতে, কম সময়তে কাটিব পাৰি । বাগি লগাই অলপমান কাটি দিলেই সি সহজে বাগৰি পাৰিব। সেইবাবে তাক যেয়ে সেয়ে বাগি লগাই কাটিব বিচাৰে; কিন্তু থিয় হৈ থকা গছজোপা কষ্ট কৰিব লাগে বাবেই কাটিব নোখোজে৷ ইয়াৰদ্বাৰা এইটোকে বুজাইছে যে দুর্বল বা বিপন্ন লোকৰ অতি সহজে বিপদ ঘটাব পাৰি আৰু তেওঁলোকক কাতৰো কৰাব পাৰি; কিন্তু গজ-গজীয়া, বলী, সম্পদশালী লোকক নোৱাৰি। এতেকে দুৰ্বলীক বেছি দুৰ্বল কৰিবলৈ আঘাত কৰা অনুচিত।

হস্তীৰো পিচলে পাৱ সজ্জনৰো বুৰে নাও-


    হাতী শক্তিশালী জীৱ। তাৰ ভৰিও মোটা আৰু শকত। সেইবাবে ই সহজে পিচল নাখায়। কিন্তু কেতিয়াবা হঠাতে খোজকঢ়াৰ এনে ব্যতিক্রম ঘটি যায় যে হাতীও পিচলিবলৈ বাধ্য হয়। সেইদৰে সজ্জন বা সৎ জন সকল সদায় সৎ পথত থাকি আনৰ হিত সাধনেই কৰে। তেওঁলোকে নৌকা যাত্ৰা কৰিলেও সহজভাৱেই কৰে, সাৱধানো হয়। গতিকে, তেওঁলোকৰ নাও সহজতে বুৰিব নোৱাৰে। কিন্তু দুর্ভাগ্যক্ৰমে তেওঁলোকৰ নাৱো কেতিয়াবা বুৰি যায়। ইয়াৰদ্বাৰা ইয়াকে বুজা যায় যে সকলো লোকেই ভাগ্যৰ অধীন। গতিকে বিপদ-সম্পদ সকলোৰে ভাগ্যৰ বলতে ঘটে।

মুখতে বঁটা পায়, মুখতে কটা যায়-


    মানুহক মুখেই তৰাবও পাৰে, মুখেই মৰাবও পাৰে। মুখেৰে কথা কোৱা যায়। সেই কথা ক'ত কেনেকৈ ক'ব লাগে, বা কি পৰিস্থিতিত কেনেভাৱে কথা ক’ব লাগে তাক মানুহে জনা উচিত। মুখ আছে বুলিয়েই যেতিয়াই যিহকে তিহকে কোৱাৰ ফলত মানুহ বিপদত পৰে। কথা সুন্দৰকৈ, সময়োপযোগীকৈ সজাই-পৰাই ক'ব পাৰিলে মানুহৰ পৰা প্ৰশংসা পোৱা যায় আৰু মানুহকো আপোন কৰি ল'ব পাৰি; সেয়ে মুখৰ বঁটা। কিন্তু কথা ক’ব নাজানি য’তে ত’তে, যিহকে তিহকে ক'লে মানুহৰ অপ্রিয়ভাজন হ’ব লগা হয়; ফলত শত্ৰু বাঢ়ে আৰু বিপদো আহে; সিয়েই কটা যোৱাৰ তুল্য। এতেকে সদায় মুখক বশ কৰি ৰাখি জুখি-মাখি কথা কোৱা উচিত।
-------------------------------------------------------------------------------------------------------------

Post a Comment

0 Comments