কালী, কালি

কালি, কালী,


কালি- মুখেৰে ফুঁকি বজোৱা এবিধ লোকবাদ্য। যেনে- কালী পূজাত কালি বজোৱা হয়।

কালি- চিয়াঁহী। যেনে- আমি নীল নাইবা ক'লা চিয়াঁহীৰে লিখো।

কালি- দীঘ আৰু প্ৰস্থৰ পূৰণফল। যেনে- নিৰ্ণেয় আয়তটোৰ কালি ১৫ বৰ্গছেন্টিমিটাৰ।

কালি- আজিৰ এদিন আগৰ বা পাছৰ দিন। যেনে- অহাকালি, যোৱাকালি।

কালি- মাছ আদি খুঁচি ধৰিবলৈ ব্যৱহাৰ হোৱা জোঙা মূৰৰ বা লোৰ আগ থকা দীঘল বাঁহৰ যতন।

কালী- শিৱৰ ভাৰ্যা কালী গোসাঁনী। যেনে- কালী পূজাক শ্যামা পূজা বুলিও কোৱা হয়।

Post a Comment

0 Comments