ৰজনীকান্ত বৰদলৈ

উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ

    
    অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ ৰজনীকান্ত বৰদলৈৰ অৱদান অপৰিসীম। বিশেষকৈ অসমীয়া উপন্যাস ৰচনাৰ ক্ষেত্ৰত বৰদলৈ অদ্বিতীয়। তেখেতৰ উপন্যাসসমূহৰ মাজত তৎকালীন অসমীয়া সমাজৰ বাস্তৱ ছবি প্ৰতিফলিত হৈছে।

    প্ৰসিদ্ধ ঔপন্যাসিক ৰজনীকান্ত বৰদলৈদেৱক উপন্যাস সম্ৰাট হিচাপে জনাজাত। তেখেতে মুঠ নখন উপন্যাস ৰচনা কৰে। ইয়াৰে এখন সামাজিক উপন্যাস, এখন আখ্যানমূলক আৰু বাকী সাতখন বুৰঞ্জীমূলক উপন্যাস। তেখেতৰ উপন্যাসসমূহ হ'ল- মিৰি জীয়ৰী, মনোমতী, দন্দুৱাদ্ৰোহ, ৰঙ্গিলী, ৰাধা-ৰুক্মিণীৰ ৰণ, নিৰ্মল ভকত, তাম্বেশ্বৰী মন্দিৰ, ৰহদৈ লিগিৰী আৰু থাম্বা-থোইবীৰ সাধু। ইয়াৰে মিৰি জীয়ৰী এখন সামাজিক উপন্যাস আৰু থাম্বা-থোইবীৰ সাধু মণিপুৰী আখ্যানৰ ভিত্তিত ৰচিত উপন্যাস। মিৰি জীয়ৰী ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস। জনজাতীয় জীৱনক কেন্দ্ৰ কৰি বাস্তৱ জীৱনৰ পটভূমিত ৰচনা কৰা এখন উপন্যাস।

    ১৮৬৭ চনৰ ২৪ নৱেম্বৰত গুৱাহাটীত ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ জন্ম হয়। বৰদলৈৰ ককাদেউতাক তুলাৰাম বৰদলৈ আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ তথা অন্যান্য ৰাজ-বিষয়া সকলৰ জ্যোতিষ গণনা কৰি দিয়া এগৰাকী সন্মানীয় লোক। মানৰ আক্ৰমণৰ সময়ত ককাক তুলাৰাম পলাই গৈ বঙ্গৰ নদীয়া-শান্তিপুৰ আদি ঠাইত বসতি কৰিছিল। তাতেই সংস্কৃত শিক্ষা লাভ কৰাৰ সুবিধা পায় আৰু তাতেই এগৰাকী পণ্ডিত হিচাপে জনাজাত হৈ পৰে। মানৰ আক্ৰমণ শাম কটাত তুলাৰাম পুনৰ কামৰূপৰ বজালী অঞ্চলত থাকিবলৈ লয়। তাতেই ৰজনীকান্ত বৰদলৈৰ পিতৃ নৱকান্ত বৰদলৈৰ হয়। নৱকান্ত বৰদলৈয়ে পাছত উত্তৰ গুৱাহাটীত থাকিবলৈ লয়।

    মাত্ৰ ন বছৰ বয়সতে পিতৃক হেৰুৱাই মাক আৰু মোমায়েকৰ তত্বাৱধানত ডাঙৰ-দীঘল হয় আৰু প্ৰাথমিক শিক্ষা আৰম্ভ হয়। ১৮৮৫ চনত এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ ১৮৮৭ চনত কলিকতাৰ মেট্ৰোপলিটান কলেজৰ পৰা এফ. এ. পৰীক্ষাত উত্তীৰ্ণ হয়। এই সময়ছোৱাত তেখেতে কুৰি টকাৰ ইলিয়টিয় বৃত্তি পাইছিল। এফ. এ. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কলিকতাৰ চিটি কলেজত বি. এ. পঢ়িবলৈ লয়। একে সময়তে তেওঁ কলিকতাৰ মেডিকেল কলেজতো নামভৰ্তি কৰে যদিও একে সময়তে দুটা বিষয়ত পঢ়িলে বৃত্তি পোৱাত অসুবিধা হোৱাত মেডিকেল পঢ়া বাদ দিয়ে। ১৮৮৯ চনত তেওঁ সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। বি এ পাছ কৰাৰ পাছত আইন বিষয়ত অধ্যয়ণ কৰিবলৈ মন কৰিছিল যদিও পিছত চাকৰিত মনোনিৱেশ কৰে। ১৮৯০ চনত প্ৰথমে গুৱাহাটীৰ জিলা কমিছনাৰ কাৰ্যালয়ত কেৰাণী হিচাপে যোগদান কৰে। গেইট চাহাবৰ অধীনত তেওঁ ফ্ৰান্স-এছিছটেন্ট হিছাপেও কাম কৰে। ১৮৯১ চনত তেওঁ ছাব ডেপুটি কালেক্টৰলৈ পদোন্নতি লাভ কৰি লক্ষীমপুৰত যোগদান কৰে। সেই সময়তে তেখেতে মিৰিসকলৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, পৰম্পৰা আদিৰ বিষয়ে অধ্যয়ন কৰি বিখ্যাত তথা জীৱনৰ প্ৰথম উপন্যাস মিৰি জীয়ৰী উপন্যাসখন ৰচনা কৰাৰ অনুপ্ৰেৰণা পায়। ১৯০১ চনত তেওঁ এক্সট্ৰা এছিছটেন্ট কমিছনাৰ হিচাপে পদোন্নতি লাভ কৰে আৰু নগাঁও জিলাৰ অস্থায়ী উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰে। চাকৰি সূত্ৰে বদলি হৈ তেওঁ বৰপেটা, বিজনী, হাউলী, সৰভোগ আদিলৈ যাবলগীয়া হয়। বৰপেটাত থকা কালছোৱাত তেওঁ মনোমতী উপন্যাসৰ সমল গোটাব পাৰিছিল। সেই সময়ছোৱাতে তেওঁ এজন নগা সন্যাসীৰ সান্নিধ্যলৈ আহে আৰু তেওঁৰ পৰা শাক্ত আৰু শৈৱ ধৰ্মৰ বহুতো তত্বৰ অনুসন্ধান লাভ কৰে। কিন্তু তেওঁৰ জীৱনত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছিল। তেখেতৰ উপন্যাসসমূহত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিলক্ষিত হয়। মনোমতী উপন্যাসত এই কথা স্পষ্টকৈ প্ৰকাশ পাইছে। তেওঁ লিখিছে- "বৰপেটাতে মোৰ ধৰ্ম জীৱন আৰম্ভ হয়। বৰপেটা মোৰ পক্ষে মহাতীৰ্থ। বৰপেটায়ে মোক শান্তিময়, প্ৰেমময় বৈষ্ণৱ ধৰ্মত আশ্ৰয় লোৱালে।" নিজে বৈষ্ণৱপন্থী হোৱা স্বত্বেও তেওঁ আন ধৰ্মৰ প্ৰতি উদাৰ আছিল। 

    ১৯৪০ চনৰ ২৫ মাৰ্চত এই মহান ঔপন্যাসিক ৰজনীকান্ত বৰদলৈয়ে ইহলীলা সম্বৰণ কৰে। তেখেতৰ মৃত্যুত অসমে এগৰাকী মহান সাহিত্যিক তথা ঔপন্যাসিকক হেৰুৱালে।

    বৰদলৈৰ অসমীয়া সাহিত্য জগতলৈ অৱদান অনন্য। অসম আৰু অসমীয়া জাতি, ইতিহাস আদিৰ প্ৰতি তেওঁৰ অসীম শ্ৰদ্ধা আছিল। তেওঁ একেধাৰে কবি, সাহিত্যিক, গল্পকাৰ, প্ৰৱন্ধকৰ, নাট্যকাৰ, ঔপন্যাসিক, ব্যঙ্গ ৰচনা লেখক আছিল। গল্পকাৰ হিচাপেও বৰদলৈৰ এক সুনাম আছে। তেওঁৰ উল্লেখযোগ্য গল্পকেইটা হ'ল 'গা ধন', 'প্ৰেমৰ উপাসক' আৰু 'সৌন্দৰ্যৰ উপাসক'। তেখেতৰ একমাত্ৰ কবিতাটো হ'ল 'মানৰ প্ৰতি-আক্ৰমণৰ গীত'। 'মই স্বাধীন নে?', 'আত্মবিনোদক থিয়েটাৰৰ দল', 'চেনচাচ্-পিয়ল', 'নগৰ সঙ্কীৰ্তন', 'শ্ৰীভোলাই শৰ্মাৰ ভাৱ প্ৰৱণতা', আদি তেখেতৰ ধেমেলীয়া প্ৰবন্ধত সমাজ-সংস্কাৰৰ মনোভাৱ প্ৰকাশ পায়। তেখেতে ভোলাই শৰ্মা ছদ্মনামেৰে ভালেকেইটা ধেমেলীয়া প্ৰৱন্ধ প্ৰকাশ কৰিছিল। তেখেতে অসম সাহিত্য সভাৰ নগাঁৱত অনুষ্ঠিত হোৱা অষ্টম অধিৱেশনত সভাপতিৰ আসন আলংকৃত কৰে।


ৰজনীকান্ত বৰদলৈৰ উপন্যাসৰ বৈশিষ্ট্য 


    ৰজনীকান্ত বৰদলৈৰ উপন্যাস সমূহ কিছুমান বিশেষ গুণ বা বৈশিষ্ট্যৰে পৰিপূৰ্ণ। তলত সেই বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা হ'ল- 

    ৰোমান্সধৰ্মিতা ৰজনীকান্ত বৰদলৈৰ উপন্যাসৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য। ইতিহাস প্ৰীতি, অসমৰ মান-মৰ্য্যদা, বীৰ--বীৰাঙ্গনাৰ শৌৰ্য-বীৰ্য, গৰিমা আদি উপন্যাসৰ কাহিনীৰ মাজত দাঙি ধৰি জনসাধাৰণৰ মাজত স্বদেশ প্ৰেমৰ ভাৱ জগাই তোলা তেখেতৰ উপন্যাসৰ এটা প্ৰধান লক্ষ্য। 

    নাৰী চৰিত্ৰৰ প্ৰাধান্য ৰজনীকান্ত বৰদলৈৰ উপন্যাসৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। তেখেতৰ উপন্যাসসমূহত নাৰী চৰিত্ৰৰ তুলনাত পুৰুষ চৰিত্ৰসমূহ গৌণ ৰূপত প্ৰকাশ পাইছে। বৰদলৈ নাৰী চৰিত্ৰ সৃষ্টিত প্ৰসিদ্ধ। তেখেতৰ প্ৰায়বোৰ উপন্যাসেই নাৰী চৰিত্ৰ প্ৰধান। উদাহৰণ স্বৰূপে মিৰি জীয়ৰী, ৰহদৈ লিগিৰী, ৰঙ্গিলী, তাম্বেশ্বৰী মন্দিৰ, ৰাধা ৰুক্মিণীৰ ৰণ আদি উপন্যাসৰ নামাকৰণ নাৰী চৰিত্ৰৰ নামেৰে নামাকৰণ কৰা হৈছে। নাৰীৰ মৰ্যাদা আৰু নাৰীৰ মুক্তিৰ বাৰ্তা তেখেতৰ উপন্যাসসমূহত প্ৰতিফলিত হৈছে।

    ইংৰাজী সাহিত্যৰ ওৱাল্টাৰ স্কট আৰু বাংলা সাহিত্যত বঙ্কিমচন্দ্ৰৰ প্ৰভাৱ বৰদলৈৰ উপন্যাসৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। স্কটৰ উপন্যাসৰ স্বদেশ প্ৰেম, অতীত প্ৰীতি, আৰু বঙ্কিমচন্দ্ৰৰ ইতিহাস আশ্ৰিত উপন্যাসত জাতীয় চেতনা জাগ্ৰত কৰাৰ দৰে ৰজনীকান্ত বৰদলৈৰ উপন্যাসতো এনেবোৰ ধাৰণাৰ প্ৰকাশ পায়।

    নায়ক নায়িকাৰ মাজত 'প্ৰেম' বৰদলৈৰ উপন্যাসৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। এই প্ৰেম কেতিয়াবা মিলনাত্মক আৰু কেতিয়াবা বিয়োগাত্মক। অসফল প্ৰেমে কৰুণ ৰসৰ সৃষ্টি কৰা নতুবা ভাগৱৎ প্ৰীতিৰ মাজেৰে মানৱ প্ৰেমলৈ উন্নীত হৈছে।

    বৰদলৈৰ উপন্যাসত অলৌকিক শক্তিৰ বৰ্ণনা আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। মিৰি জীয়ৰী উপন্যাসত প্ৰেমৰ কৰুণ পৰিণতিত অদৃষ্টৰ পৰিহাস ফুটি উঠিছে। ইয়াৰ উপৰিও অন্যান্য উপন্যাস সমূহতো স্বপ্ন, সন্মোহন বিদ্যা, ভেল্কিবাজী, যৌগিক শক্তি, দৈৱী মায়া আদিৰ প্ৰভাৱ দৃশ্যমান হয়।

    সংস্কৃতিৰ বৰ্ণনা বৰদলৈৰ উপন্যাসৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। সামাজিক তথা ঐতিহাসিক প্ৰেক্ষাপটত ৰচনা কৰা আটাইবোৰ উপন্যাসৰ মাজত অসমীয়া সংস্কৃতিৰ বৰ্ণনা দেখা পোৱা যায়। মিৰি জীয়ৰী উপন্যাসত মিৰি সমাজৰ ৰীতি-নীতি, পূজা-পাতল, শাসন ব্যৱস্থা, নৰাচিঙা বিহুৰ বৰ্ণনা কৰা হৈছে। ঠিক তেনেদৰে মনোনীত উপন্যাসত বৰপেটাৰ দৌল উৎসৱৰ বৰ্ণনা, দন্দুৱাদ্ৰোহত তান্ত্ৰিক পদ্ধতি, দুৰ্গা উৎসৱৰ আয়োজন, ৰঙ্গিলীত বিহু উৎসৱৰ বৰ্ণনা, নিৰ্মল ভকত উপন্যাসত বৈষ্ণৱ ধৰ্মৰ শ্ৰেষ্ঠত্ব, সত্ৰৰ ৰীতি-নীতি, পৰম্পৰাৰ বৰ্ণনা, তাম্বেশ্বৰী মন্দিৰ উপন্যাসত বামাচাৰী তান্ত্ৰিক বিদ্যা, বৈষ্ণৱ ধৰ্ম, নৰবলি প্ৰথা, ৰহদৈ লিগিৰী উপন্যাসত তান্ত্ৰিকতা, বৈষ্ণৱ ধৰ্মৰ প্ৰাধান্য, যোগ বলৰ প্ৰভাৱ, ৰাধা ৰুক্মিণীৰ ৰণ উপন্যাসত অসমৰ সংস্কৃতি আৰু থাম্বা-থোইবীৰ সাধু উপন্যাসত মণিপুৰৰ সমাজ ব্যৱস্থা, লোকাচাৰ, ৰীতি-নীতি, ধৰ্মীয় বিশ্বাস আদিৰ বৰ্ণনা দেখা যায়।

    ধৰ্মৰ প্ৰভাৱ বৰদলৈৰ উপন্যাসৰ এটা প্ৰধান বৈশিষ্ট্য। বৰদলৈ নিজে বৈষ্ণৱ ধৰ্মৰ অনুৰাগী আছিল। বৈষ্ণৱ ধৰ্মৰ সাধন প্ৰণালী, হঠযোগ, তান্ত্ৰিক সাধনা, বৈষ্ণৱ ধৰ্মৰ শ্ৰেষ্ঠত্ব বৰদলৈৰ প্ৰায়বোৰ উপন্যাসতে প্ৰতিফলিত হৈছে। পাঠকক ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰাই তেখেতৰ উপন্যাসৰ প্ৰধান উদ্দেশ্য বূলি অনুমান কৰিব পাৰি।

    প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনাত ৱৰ্ডছৱথ, বাৰ্ণছ, গ'ল্ডস্মিথ, কীৎস আদি কবিৰ প্ৰভাৱ পৰাটো বৰদলৈৰ উপন্যাসৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য।

    বৰদলৈৰ উপন্যাসৰ ভাষাৰ সৰলতা আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। সহজ-সৰল ভাষাৰ প্ৰয়োগ, খণ্ড বাক্য আৰু উপমাৰ প্ৰয়োগ তথা চুটি চুটি বাক্যৰ প্ৰয়োগ তেখেতৰ প্ৰায়বোৰ উপন্যাসতে দেখিবলৈ পোৱা যায়। ঠায়ে ঠায়ে তেওঁ তেওঁৰ উপন্যাসত নামনি অসমৰ কথিত ভাষাও প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে।

    এনেবোৰ বৈচিত্ৰপূৰ্ণতাই ৰজনীকান্ত বৰদলৈৰ উপন্যাস সমূহক মৌলিকতা প্ৰদান কৰিছে।






একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ