অণুগল্প
জন্মদিন
আমাৰ জানো জন্মদিন নাই মা ?
নাই বোপাই, আমাৰ দৰে সৰু মানুহৰ কেতিয়াও জন্ম দিন নাথাকে অ' বোপাই !
বুলি কৈ মালতীবায়ে নিজ পুত্ৰক বুকুৰ মাজত সুমুৱাই হুকহুকাই কান্দি উঠিল।
মাকৰ দুগালৰ চকুলো মচি কণমানি বিকাশে ক'লে-
নাকান্দিবা মা, তুমি দুখ নকৰিবা, ডাঙৰ হ'লে মই মোৰ জন্মদিন পাতিম, তোমাৰো পাতিম, মা,তুমি নাকান্দিবা। মহাজন বৰতাহঁতৰ নিচিনাকৈ পাতিম। আৰু মহাজন বৰতাহঁতকো জন্মদিনলৈ মাতিম, তুমি নাকান্দিবা মা।
---------------------------------------------------------------------------
প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.