উপমা অলংকাৰ

উপমা অলংকাৰ

        অৰ্থালংকাৰৰ এটা উল্লেখযোগ্য ভাগ হ'ল উপমা অলংকাৰ। উপমা শব্দৰ অৰ্থ হ'ল তুলনা। দুটা ভিন্ন জাতিৰ বস্তুৰ মাজত কোনো সমান ধৰ্ম বা গুণৰ বাবে সাদৃশ্য কল্পনা কৰিলে যি অলংকাৰৰ সৃষ্টি হয় তাকে উপমা অলংকাৰ বোলে।

        তলৰ যতীন্দ্ৰনাথ দুৱৰাৰ এটি জনপ্ৰিয় কবিতাৰ কলিৰে উপমা অলংকাৰৰ বিষয়ে বুজাই দিয়াৰ প্ৰয়াস কৰা হ'ল-

"মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে
সেউজীয়া বননিৰ বৰণেৰে ঢকা।'

        ইয়াত কবিয়ে তেওঁৰ হিয়া বা অন্তৰখনিৰ ভাৱ বস্তুটোক দৃশ্যমান ৰূপ দিবলৈ গৈ তাক জেতুকা পাতৰ লগত তুলনা কৰিছে।

        উপমা অলংকাৰৰ সাৰ্থক প্ৰয়োগে কবিতাফঁকিৰ সৌন্দৰ্য বৃদ্ধিত যথেষ্ট অৰিহণা যোগাইছে।
এনেদৰে কবিতা এটিৰ সৌন্দৰ্য বৃদ্ধিত অলংকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰে।

        সহৃদয় পাঠকৰ সুবিধাৰ্থে লেখাটি অতি চমু আৰু সৰলকৈ যুগুত কৰা হ'ল। লেখাটিয়ে নৱ প্ৰজন্মৰ লেখক-লেখিকা সকলক প্ৰেৰণা যোগাব বুলি আশা কৰিলো।
----------------------------------------------------------------------

Post a Comment

0 Comments