প্ৰত্ন অসমীয়া সাহিত্য

প্ৰত্ন আৰু মিশ্ৰ অসমীয়া সাহিত্য

শূন্য পুৰাণ-

নহি ৰেক নহি ৰূপ নহি ছিল বন্ন চিন।
ৰবি সসী নহি ছিল নহি ৰাতি দিন।।
নহি ছিল জল থল নহি ছিল আকাস।
মেৰুমন্দৰ ন ছিল ন ছিল কৈলাস।।
নহি ছিল ছিষ্টি আৰ ন ছিল চলাচল।
দেহাৰ দেউল নাহি পৰবত সকল।।
দেৱতা দেহাৰা ন ছিল পূজিবাক দেহ।
মহাশূন্য মধ্যে পৰভুৰ আৰ আছে কেহ।।
                                                                    -ৰামাই পণ্ডিত

        ভাবাৰ্থ: আদিতে এই ব্ৰহ্মাণ্ড এটা বৃহৎ শূণ্য আছিল। এই শূণ্যৰ পৰাই গছ গছনি, জীৱ জন্তু আদিৰ সৃষ্টি হয়। যি সকলে শূণ্যত বিশ্বাস কৰে তেওঁ লোক লৌকিক বিষয়ৰ প্ৰতি উদাসীন। তেওঁ লোকৰ মতে লৌকিক বিষয়ৰ কোনো অস্তিত্ব নাই। এই কাব্যৰ দেৱতা নিৰাকাৰ, যাৰ শূণ্য ৰূপ। এই শূণ্য ৰূপী নাৰায়ণ হৈছে বহ্মা - বিষ্ণু- মহেশ্বৰৰ মিলিত সত্তা। এই শূণ্যতাৰ পৰাই চৰাচৰ জগতৰ সৃষ্টি হয়। এই নাৰায়ণৰ কৰুণা লাভ কৰাৰ বাবেই ব্ৰহ্মা , শিৱ আদি দেৱতাগণে গভীৰ তপস্যাত নিমগ্ন হয়।

" শূন্য পুৰাণ"কো কোনো কোনো পণ্ডিতে "মিশ্ৰ অসমীয়া" সাহিত্য বুলি মত পোষণ কৰিছে। অৱশ্যে ইয়াৰ বিষয়ে বিস্তৃত বিৱৰণ পোৱা নাযায়। ৰামাই পণ্ডিত "শূন্য পুৰাণ" গ্ৰন্থ খনিৰ ৰচক। কাব্যত ৰচিত এই পুথিখনি শূণ্য বাদৰ ওপৰত প্ৰতিষ্ঠিত। সেইবাবেই কাব্য খনিৰ নাম "শূন্য পুৰাণ"। মানুহৰ মুখে মুখে প্ৰচলিত শূণ্য নিৰঞ্জন সম্পৰ্কীয় কথা বিলাক ৰামাই পণ্ডিতে লিপিবদ্ধ কৰি উলিয়াইছিল।

        ৰমাই পণ্ডিতৰ এই পুথিখন হৰপ্ৰসাদ শাস্ত্ৰীযে বংগৰ বাঁকুলা জিলাৰ পৰা সংগ্ৰহ কৰে আৰু নগেন্দ্ৰ নাথ বসুৱে সৰ্ব প্ৰথমে কৰিছিল। ইয়াৰ নাম হৰপ্ৰসাদ শাস্ত্ৰীযে "ৰামাই পণ্ডিতৰ পদ্ধতি" ৰাখিছিল। নগেন্দ্ৰ নাথ বসুৱে ইয়াৰ নাম সলনি কৰি "শূন্য পুৰাণ" নাম দি "বংগীয় সাহিত্য পৰিষদৰ" পৰা ১৩১৪ বংগাব্দত (১৯০৭ চন হ'ব চাগে) প্ৰকাশ কৰি উলিয়ায়। ই প্ৰত্ন আৰু মিশ্ৰ অসমীয়া সাহিত্যৰ নিদৰ্শন।

        পৰৱৰ্তী কালৰ অসমীয়া কবিতাৰ বিকাশ অৰ্থাৎ প্ৰাক্-শংকৰী যুগৰ সাহিত্যত এই ৰাজি সাহিত্যৰ প্ৰভাৱ পৰিলক্ষিত হয়।
----------------------------------------------------------------------------------
 প্ৰশান্ত শইকীয়া।

Post a Comment

0 Comments