জীৱনৰ গীত-
জীৱনটো এটা সুৰীয়া গীতআছে মাথো হাৰ আৰু জিত
এটা পৃষ্ঠাত যদি মোৰ জীৱনৰ গীত
আনটো পৃষ্ঠাত তোমাৰ জীৱনৰ গীত।
নোপোৱাৰ বেদনা কেতিয়াবা সহিব পাৰি
কিন্তু পায়ো হেৰোৱা বেদনা সহিব নোৱাৰি
অকলেই আহিছিলোঁ যেতিয়া
অকলেই যাব লাগিব এতিয়া
দুদিনীয়া জীৱনৰ একাবেঁকা বাটত
তোমাকো এবাৰ বিচাৰি চাম ঘাটত।
তুমি যদি নদীৰ ধাৰ
ময়ো সেই নদীৰেই পাৰ
জীৱনৰ কোবাল সোঁতত
তুমি মোৰ অন্ধলাৰ লখুটি
ময়ো তোমাৰ অন্ধলাৰ লখুটি
দুচকুৰ সুমধুৰ সপোনবোৰে
আন্ধাৰত নিৰৱে দুগালে সৰে।
ধূমুহাজাক আজিয়েই আহিবলগীয়া আছিল
আহিল আকৌ গুচি গ'ল
ডাৱৰবোৰো কিছু সময় আছিল
সিয়ো আকাশৰ পৰা আঁতৰিল
বুকুত এবুকু বেদনা থৈ
সকলোৱে আঁতৰি যায় গৈ।
তুমি মোৰ কাষত থাকা বা নাথাকা
তাত মোৰ কোনো ভ্ৰুক্ষেপ নাথাকে
কাৰণ মই অকলে থাকিব শিকিছোঁ
জুইকুৰাৰ মাজতেই মোৰ জন্ম
সেয়ে জ্বলিবও জানো জ্বলাবও জানো।
------------------------------------------------
প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.