মাথো তুমি সুখী হোৱা

মাথো তুমি সুখী হোৱা

বহুদিন হ'ল
আকাশৰ নীলাবোৰ নেদেখা
ডাৱৰে ঢকা আকাশত
আজি ৰবিৰ প্ৰথম কিৰণ।

তুমি বাৰু কেতিয়াবা
মোৰ কথাও ভাবানে?
মোৰ হ'লে প্ৰতি মূহুৰ্ততে
তোমাৰ কথাই মনত পৰে।

নালাগে দিয়া
তুমি মোৰ কথা ভাবিবলে
কাৰণ মই সদায়েই সুখী
হয়তো ময়ো অকলেই
জীয়াই থাকিবলৈ শিকিছোঁ!

মাথো তুমি সুখী হোৱা
তোমাৰ আপোনজনক
সুখী কৰিবলৈ চেষ্টা কৰা
দেখিবা, তোমাৰ পিছে পিছে
অযুত সুখ দৌৰি ফুৰিছে!
-----------------------------------------------------------------------
প্ৰশান্ত শইকীয়া

Post a Comment

0 Comments