ঔষধ

ঔষধ

          এম্বুলেঞ্চখন আহি পদূলিত উপস্থিত হোৱাৰে পৰা সিহঁতৰ ঘৰত খবৰ লোৱা মানুহৰ লানি লাগিল। নহ'বয়ে বা কিয়? গাঁৱলীয়া ঠাই, তাতে আকৌ সিহঁতৰ বাৰ বছৰীয়া ল'ৰাটো গুৱাহাটীৰ কোনো এখন চিকিৎসালয়ৰ পৰা উভতি আহিছে! চিকিৎসকে ল'ৰাটোৰ কৰ্কট ৰোগৰ "লাষ্ট ষ্টেজ" বুলি ঘোষণা কৰিছে। সেই কথাটোকে নিজ মাতৃয়ে খবৰ ল'বলৈ অহা মানুহৰ আগত কেনেকৈ কয়? "এনেয়ে উজুটি খাই ভৰিদুখন তেনেকুৱা হ'ল!" বুলি মাকে কৈ থয়।

তাকে শুনি জীয়াই থকাৰ অদম্য হেঁপাহক দমন কৰিব নোৱাৰি সি ক'লে-

"মা তই সবৰে আগত মিছা কথা নক'বি! সঁচা কথাটো ক'লে কোনোবাই কিজানি কিবা ঔষধ দিব পাৰেই!"
 ---------------------------------------------------------------------------------------------------------------------------
প্ৰশান্ত শইকীয়া।

Post a Comment

0 Comments