কীৰ্তন-ঘোষা

শ্ৰীশ্ৰীশঙ্কৰদেৱ বিৰচিত

                            কীৰ্ত্তন-ঘােষা


            কীৰ্ত্তন-ঘােষা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ এখন নাম প্রসঙ্গমূলক গ্রন্থ। নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীর্তনক মুখ্য স্থান দিয়া হৈছে। নিজে গােৱা বা আবৃত্তি কৰা অথবা আনে গােৱা বা আবৃত্তি কৰা ভগৱানৰ নাম বা লীলামালাক কীর্তন বােলা হয়। প্রকৃততে কীর্তনতে শ্ৰৱণৰ গুণ সাধন হয়। আনহাতে, প্ৰভু ভগৱন্তৰ লীলামালা শুনা কার্যই হ'ল শ্ৰৱণ। বৈষ্ণৱ ধৰ্মত কীৰ্ত্তনৰ গুৰুত্ব অপৰিসীম। শ্ৰৱণ-কীৰ্তনৰ অভাব পূৰণৰ অৰ্থে শঙ্কৰদেৱে সময়ে সময়ে যিবােৰ ঘােষা ৰচনা কৰিছিল, সেইবােৰৰ সঙ্কলিত ৰূপেই হ'ল "কীৰ্ত্তন-ঘােষা"। নৱ-বৈষ্ণৱ ধর্ম প্রচাৰৰ সময়ছােৱাত বিভিন্ন সময়ত বিভিন্ন স্থানত মহাপুৰুষগৰাকীয়ে এই কীর্তনবােৰ ৰচনা কৰিছিল। ঘােষাবােৰ একত্রে সঙ্কলিত হৈ থকাৰ পৰিবৰ্তে হাজো, দক্ষিণকূল, বৰপেটা, বৰনগৰ, কালজাৰ আদি ঠাইত সিঁচৰতি হৈ আছিল। গুৰুজনাৰ মহাপ্রয়াণৰ পাছত মাধৱদেৱৰ আজ্ঞানুসৰি তেওঁৰ ভাগিন ৰামচৰণ ঠাকুৰে কীৰ্ত্তন ঘােষাৰ বিভিন্ন খণ্ডবােৰ সংগ্ৰহ কৰে।


        সমালােচকে মন্তব্য দিছে যে "কীৰ্ত্তন-ঘােষ" সঙ্কলন সম্পাদন আনুমানিক ১৫৯৪ ৰ পৰা ১৫৯৬ খ্রীঃৰ ভিতৰত সম্পাদন হয়। কীৰ্ত্তন-ঘােষাৰ বৰ্তমানৰ ক্ৰম স্থিৰ কৰিছিল ৰামচৰণ ঠাকুৰে আৰু তাক মহাপুৰুষ মাধৱদেৱে অনুমােদন জনাইছিল।


        কীৰ্ত্তন-ঘােষা শঙ্কৰদেৱৰ অতি প্রিয় গ্রন্থ আছিল। এই পুথিখন অসমৰ বৈষ্ণৱ সাহিত্যৰ এখন অনুপম গ্রন্থ। উত্তৰ ভাৰতত "ৰাম চৰিত মানস"ৰ যি এক উচ্চ স্থান আছে, ঠিক একেদৰে অসমতাে কীৰ্ত্তন-ঘােষাৰ এক উচ্চ স্থান আছে।


        কীৰ্ত্তন-ঘােষা এখন আখ্যানমূলক ভক্তি কাব্য। ইয়াৰ উৰেষা বর্ণন, নাম অপৰাধ আৰু পাষণ্ড মর্দন এই তিনিটা খণ্ডৰ বাহিৰে আন আটাইকেইটা খণ্ডৰ বিষয়বস্তু ভাগৱত পুৰাণৰ আখ্যানৰ পৰা গ্ৰহণ কৰিছে। ইয়াৰ নাম অপৰাধৰ বিষয়বস্তু পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ পৰা, পাষণ্ড মৰ্দ্দনৰ বিষয়বস্তু ভাগৱতৰ দ্বাদশ স্কন্ধৰ সাৰ সংগ্ৰহৰ পদ্মপুৰাণ, নাৰদীয় পুৰাণ আদিৰ সাৰ ভাগৰ পৰা আৰু উৰেষা বৰ্ণনৰ কাহিনীভাগ ব্ৰহ্মপুৰাণৰ পৰা সংগ্ৰহ কৰিছে। দৰাচলতে, ভাগৱতৰ বছা বছা কাহিনীক লৈ মহাপুৰুষজনায় কীৰ্ত্তন-ঘােষা ৰচনা কৰে।


        কীৰ্ত্তন-ঘােষাত মুঠ তেত্ৰিশটা খণ্ড আছে। সেইবোৰ হ'ল- ১/ চতুর্বিংশতি অৱতাৰ বৰ্ণন, ২/
নাম অপৰাধ, ৩/ পাষণ্ড মর্দন, ৪/ ধ্যান বর্ণন, ৫/ অজামিল উপাখ্যান, ৬/ প্রহ্লাদ চৰিত্ৰ, ৭/ গজেন্দ্র
উপাখ্যান, ৮/ হৰ মােহন, ৯/ বলি ছলন, ১০/ শিশু লীলা, ১১/ কালীয় দমন, ১২/ ৰাস ক্রীড়া, ১৩/ কংস বধ, ১৪/ গােপী-উদ্ধৱ সংবাদ, ১৫/ কুঁজীৰ বাঞ্ছা পূৰণ, ১৬/ অক্ৰূৰৰ বাঞ্ছা পূৰণ, ১৭/ জৰাসন্ধৰ যুদ্ধ, ১৮/ কাল যৱন বধ, ১৯/ মুচুকুন্দ স্তুতি, ২০/ স্যমন্তক হৰণ, ২১/ নাৰদৰ কৃষ্ণ দর্শন, ২২/ বিপ্র পুত্র আনয়ন, ২৩/ দামােদৰ বিপ্র উপাখ্যান, ২৪/ দৈৱকীৰ পুত্র আনয়ন, ২৫/ বেদস্তুতি, ২৬/ কৃষ্ণ লীলা মালা, ২৭/ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্রয়াণ, ২৮/ উৰেষা বর্ণন, ২৯/ ভাগৱত তাৎপৰ্য্য, ৩০/ ৰুক্মিণীৰ প্ৰেম কলহ, ৩১/ ভৃগু পৰীক্ষা, ৩২/ সহস্র নামবৃত্তান্ত, আৰু ৩৩/ ঘুনুচা কীৰ্ত্তন।

        কীৰ্ত্তনত সন্নিৱিষ্ট সহস্র নাম বৃত্তান্ত আৰু ঘুনুচা কীৰ্ত্তন শংকৰদেৱৰ ৰচনা নহয়। এই খণ্ড দুটা ক্ৰমে ৰত্নাকৰ কন্দলি আৰু শ্ৰীধৰ কন্দলিৰ ৰচনা। কীৰ্ত্তন-ঘােষাত ভগৱান শ্ৰীকৃষ্ণৰ স্বৰূপ নির্ণয় কৰা হৈছে। "ভগৱান শ্রীকৃষ্ণই জীৱক সততে কৃপা কৰে।" এই কৃপাক বৈষ্ণৱসকলে প্রসাদ তত্ত্ব বােলে। কীৰ্ত্তন ঘােষাৰ বিভিন্ন খণ্ডত এই প্রসাদতত্ত্ব প্রকাশ পাইছে। ইয়াৰ উপৰি নিষ্কাম ভক্তি, দাস্য ভাব, সৎসঙ্গ তত্ত্ব, অৱতাৰ তত্ত্ব, শ্রীকৃষ্ণৰ অপাৰ্থিৱ মহিমাৰ কথা কীৰ্ত্তনৰ মাজত উজলি আছে। নান্দনিক দিশৰ ফালৰ পৰাও কীৰ্ত্তন ঘোষা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ এক মহৎ সৃষ্টি। কথাবস্তু উপস্থাপনৰ বৈচিত্র্য, চৰিত্ৰ সৃষ্টিৰ বৈচিত্র্য, পৰিৱেশ বর্ণনাৰ সাৰ্থকতাৰ ফালৰপৰা কীৰ্ত্তন-ঘোষা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ এক মহৎ সৃষ্টি। তদুপৰি সমকালীন পটভূমি বা তন্ময় চৰিত্ৰৰ চিত্ৰনে কীৰ্ত্তনৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে। কীৰ্ত্তনে মানৱীয় প্ৰমূল্যৰ ওপৰত বিশেষ গুৰুত্ব আৰােপ কৰি আহিছে।

        মুঠতে, কীৰ্ত্তন-ঘোষা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ এক শ্ৰেষ্ঠ গ্ৰন্থ হোৱাৰ লগতে অসমীয়া সাহিত্যৰ এখনি শ্ৰেষ্ঠ কাব্যগ্ৰন্থ। তলত কীৰ্ত্তন ঘোষৰ প্ৰতিটো খণ্ড পৃথকে পৃথকে উল্লেখ কৰা হৈছে-


    কীৰ্ত্তন-ঘােষা


                স্তুতি স্তোত্র

            ।। শ্রীকৃষ্ণায় নমঃ।।

কৃষ্ণায় বাসুদেৱায় দৈৱকীনন্দনায় চ।
নন্দ গােপকুমাৰায় গােৱিন্দায় নমাে নমঃ।।
নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে।
নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙঘ্রয়ে।।
বসুদেৱ সুতং কৃষ্ণং কংসচাণূৰ-মর্দ্দনম্।
দৈৱকী-হৃদয়ানন্দং কৃষ্ণ বন্দে জগদ‌্গুৰুম।।
                                               হৰি ৰাম ৰাম।।
মূকং কৰােতি বাচালং পঙ্গুং লঙ্ঘয়তে গিৰিম্।
যৎকৃপা তমহং বন্দে পৰমানন্দং মাধৱম্।।
                                                                                                    -- ক্ৰমশঃ
---------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।

Post a Comment

0 Comments