ৰস-ৰচনা ১

ৰস ৰচনা-১


শাহু: গ্ৰহণ লগা সময়ত ৰন্ধা খাদ্য বস্তুবোৰ ৰৈ গ'লে পেলাই দিব লাগে। যা জুৰি ৰৈ যোৱা ভাতখিনি পেলাই দে।

তগৰ: ভাজি থোৱা মাছখিনিও পেলাই দিম নেকি মা? 
শাহু: মাছখিনি নালাগে দিয়া, মাছখিনি পিছত খালেও একো নহয়!

তগৰ: গাখীৰখিনি?

শাহু: গাখীৰখিনি নেপেলাবি পাছত গ্ৰহণ ভঙাৰ পাছত চাহ খাব লাগিব।

তগৰ: আচাৰখিনিও পেলাই দিব লাগিব নেকি? আচাৰখিনি দেখোন গ্ৰহণ লাগি থাকোঁতেই বনোৱা,মা?

শাহু: [বুজি পাই ] কোনে কথা কয় ও এইসবৰ লগত?


ৰস ৰচনা-২

শাহু:- তগৰ? অ' তগৰ?

বোৱাৰী:- কি হ'ল মা?

শাহু:- এই কাপোৰ কানিবোৰ মানুহ অহা-যোৱা কৰা ৰাস্তাটোতে কিয় মেলি দিছা?

বোৱাৰী:- চাৰিওফালে ইমান বিছা হৈছে! পিছফালে দিলে বিছা বগাই। সেইকাৰণে বাবুৰ কাপোৰ কেইটা
ইয়াতেই মেলি দিলোঁ, মা।

শাহু:- নাপায় নহয় ইয়াৰ তলেদি মানুহ অহা-যোৱা কৰা বৰ বেয়া কথা, বুজিছা!

বোৱাৰী:- কিয় মা? ডাঙৰ দাদাহঁতৰ (বৰ পুত্ৰ) অট্টালিকাৰ ছাদত সিহঁতৰ ভাড়াঘৰত থকা সকলোৱে দেখোন চাদৰ-মেখেলা আদি সব মেলি দিয়ে? তাৰ তলৰ ৰূমটোতে জানো ডাঙৰ দাদাহঁত শুই নাথাকে?

শাহু:- কোনে কথা কয় অ', এইসবৰ লগত!


ৰস ৰচনা-৩


    মেধি দাৰ বৌ কৰ'ণাৰ পৰা উঠিছে যদিও গাটো সিমান ভাল নহ'ল। সিদিনা মোক লগ পাই ক'লে-

বৌ- ইবাৰ মোৰিম বোলিয়ে ভাব‌্ছিলু, দে বাপু! বাপ্পাঐ কিবা কে হে বাচলু। বাচিম বোলি ভাবায়ে নাছিলু! হলিও গাটু সিমান ভাল নহৈ দিয়া! "তুমি এটা কাম কোৰবা চুন? তুহাৰ সেফ‌্লে কামকৰা মানুহ এজনী পালি মোক খবৰ দিবি চুন?

বাপু- হবো দিয়ক বৌ, মই আহাকালি ৰাতিপুৱাই খবৰতু দিম দিয়ক!

(পিছদিনা বৰেপুৱাই আহি মই খবৰতু বৌক দিলু)

বৌ, কাম কৰা আপী এটা পাইছু ৰ!

বৌ- হোই না? আপীটু কেনেহেন?

বাপু- দুইখা মান‌্হোৰ আপী, লেখা পঢ়াও অলপ আছে। কাম বন সব কোৰবা পাৰে! তাইক দেখলি মোৰ দুখে লাগে, গতে!

বৌ- দেখাই শুনাই কেনে বা?

বাপু- বৰ থৌগা বৌ, বগা-জগা আপোনাক চালি আৰ চাইবাএ নাল‌্গে! হলি মই কালি তাইক লৈ আহিম না বৌ?

বৌ- ( অলপ ভাবি চিন্তি) নাল‌্গে দে বাপু! মই গাটু আগোতকে অলপ ভাল পাইছু দে!


ৰস ৰচনা-৪



তগৰ- হেৰি নহয়! ফোন নম্বৰটো দি দিওঁ নেকি?

পাপ্পু- কাক, ফোন নম্বৰ দি মৰা, হা?

তগৰ- আমাৰ গোটৰ যে নগেন দাক?

পাপ্পু- কিয়? তেখেতে তোমাৰ ফোন নম্বৰটো বিচিৰিছে নেকি?

তগৰ- নাই! বেয়াও লাগে নহয়! টাইমলাইনত মোৰ বেমাৰৰ ইমান খবৰ-খাতি লৈ আছে যে? টাইমলাইনত সুধি থকাতকৈ যি সোধে ফোন কৰিয়েই সোধক!

পাপ্পু- হা? ৰ আজি, ঘৰলৈ গৈ উত্তৰ দিম ৰ!


ৰস ৰচনা-৫


    তগৰহঁতৰ নতুনকৈ এটা ডাঙৰ ৰেফ্ৰীজাৰেটৰ কিনিছে। তগৰে আগতে ফ্ৰীজ দেখা নাই। তাই একমূৰৰপৰা যত যি পাৰে ফ্ৰীজত ভৰাই গৈছে। ফ্ৰীজত থ'লে হেনো বস্তুবোৰ ভালে থাকে! শাহুৱেকে বস্তুবোৰ সঠিক ঠাইত বিচাৰি নাপাই সুধিলে- 

শাহুআই: দীয়াশলাই বাকচটো ক'ত অ' তগৰ?

তগৰ: ফ্ৰীজত আছে, মা!

শাহুআই: ( ফ্ৰীজৰ ওপৰত বিচাৰি নাপাই) ক'ত নো? ফ্ৰীজত নাই দেখোন, অ' তগৰ?

তগৰ: (তগৰে গপচত ফ্ৰীজ খুলি) এইটো দেখোন?

শাহুআই: হা?

ফ্ৰীজ খুলি তগৰৰ কাণ্ড দেখি "তগৰ অ'!" বুলি শাহুআই বাগৰি পৰিল!

ইফালে তগৰে কাপোৰ-কানি, চাৰ্ফ-চাবোন, দা-কটাৰী, ডেটল-ফেনাইল, দীয়াশলাই, চেনি-চাহপাত আদি ঘৰৰ সমস্ত বস্তু ফ্ৰীজৰ ফ্ৰীজৰ ভিতৰত ভৰাই থৈছে!


ৰস ৰচনা-৬


তগৰ- হেল্লো! জ্বৰটো অলপ ভাল পাইছোঁ! এতিয়া ঠাণ্ডা খাব পাৰিমনে?

পাপ্পু- তগৰ অ'! পাৰিবা দিয়া, কিয় নোৱাৰিবা? মাত্ৰ খোৱাৰ সময়ত উতলাই খাবা!


ৰস ৰচনা-৭


পপ্পু- হেল্লো? তগৰ----- কি খবৰ ?----- অসুখ ভাল পাইছানে?

তগৰ- জ্বৰ-স্বৰ নাই এতিয়া! গাটো বৰ দুৰ্বল লাগি আছে!

পাপ্পু- খোৱা বোৱাৰ ওপৰত অলপ গুৰুত্ব দিবা।

তগৰ- একো খাবলৈ মনে নাযায় দেখোন?

পাপ্পু- নাই, খাব লাগিব! নহ'লে নহ'ব। জোৰকৈ হ'লেও খাব লাগিব? কি খাইছা ৰাতিপুৱাৰ পৰা?

তগৰ- তেনেকৈ একো খোৱা নাই!

পাপ্পু- তথাপি ৰাতিপুৱাৰ পৰা এঘাৰ বজালৈ কি খাইছা নো?

তগৰ- কি নো খাইছো? একো খোৱা নাই বুলিয়েই ক'ব লাগিব! ৰাতিপুৱাই লাল চাহ একাপৰ লগত বিস্কুত দুখন, তাৰ পিছত দুখন শুকান ৰুটিৰ লগত ভাজী এবাতি তাৰ পাছত গাখীৰ চাহ একাপৰ লগত দুখন খোলাচাপৰি পিঠা, অলপ আগতে এবাতি ছিৰাৰ লগত এগিলাচ গাখীৰ খাইছোঁ। এতিয়া আৰু মোক একো খোৱাৰ কথা নক'ব দিয়ক! মোৰ একেবাৰে ভোক নাই!

পাপ্পু- হ'লেও আৰু কিবা অলপ খাব লাগিছিল?

তগৰ- খাম তো, দুপৰীয়া ভাত নাখাম? ভোক নালাগিলে মই কি কৰিম এতিয়া?

পাপ্পু- হ'লেও খাবা, তেহে দেহত শক্তি পাবা!

তগৰ- তেনেহ'লে আম আনি থোৱা আছে, ভাত খাই তাকেই খাম দিয়ক!

পাপ্পু- পাৰিলে আবেলি পৰত কিবা এটা খাবা!

তগৰ- অ', পাৰিলে খাম দিয়ক! একো খাবলৈ মনেই নাযায়, দেখোন?

ৰস ৰচনা-৮


পাপ্পু- তগৰ অ'? ডাক্তৰক দেখুৱালা?

তগৰ- অ'! দেখুৱালোঁ দিয়ক!

পাপ্পু- কি ক'লে ডাক্তৰে?

তগৰ- চালে ভালদৰে! আৰু ঔষধ লিখি দিছে!

পাপ্পু- ঔষধ বিলাক আনিলা?

তগৰ- হাও! কিয়নো ঔষধ মখা কিনি মৰো? স্টেথোস্কোপ ডাল বুকুত লগাই দিয়াৰ লগে লগে দেখোন বুকুৰ বিষ ভালেই হ'ল!

পাপ্পু- ঠিকেই আছে দিয়া! তোমাৰ ডাক্তৰে ঔষধে এইবাৰহে মিলা যেন পাইছোঁ!


ৰস ৰচনা-৯


পাপ্পু: তগৰ অ' ? 7up টো দেখোন পনীয়া পনীয়া লাগিছে?

তগৰ: অ' মই খাই অলপ পানী মিহলাই থোৱা নাই দিয়ক!

পাপ্পু: কৃষ্ণ!

ৰস ৰচনা ১০


পাপ্পূ: হেল্লো----- তগৰ? এই ৰাতিপুৱাই কাৰ লগত ফোনত ব্যস্ত হৈ আছা?


তগৰ: অ' নহয়! আমাৰ মহিলা সমিতিৰ সভাপতি অমল দাৰ লগত, কিবা মিটিঙৰ কথা পাতি আছিলোঁ!


পাপ্পু: ঘৰত মিঠাতেল আছেনে?


তগৰ: আছে তু!


পাপ্পু: ৰ্ মই গৈ আছোঁ ৰ্!

ৰস ৰচনা-১১

    ৰাস্তাৰে এজন আইচক্ৰীমৱালা আইচক্ৰীম বেচি গৈ আছে

"আইচক্ৰীমৱালা: অ' আইচক্ৰীম লাগে? ........আইচক্ৰীম?"

আইচক্ৰীম দেখি তগৰৰ জিভাৰ পানী পৰিল। বাৰাণ্ডাৰ পৰাই চিঞৰ লগালে- 

অ' আইচক্ৰীম? অ' আইচক্ৰীম? এইফালে আহাচোন?

আইচক্ৰীমৱালা: কিমান দামৰ দিম বাইদেউ?

তগৰ: (বেমাৰটোৰ কথা অলপ চিন্তা কৰি)
আজি নালাগে দিয়া! চৈধ্য দিনমান পাছত আহিবা!
----------------------------------------------------------------------
ৰচনা- প্ৰশান্ত শইকীয়া।

Post a Comment

0 Comments