ৰস-ৰচনা-২০

ৰস ৰচনা

ৰস ৰচনা-২০

পাপ্পু- তগৰ অ'? হা, কালি ফ্ৰীজত ইমানসোপা গোল্লা থলো, কি হ'ল নো?

তগৰ- অ'! ইমান আলহী আহিছে, শেষ হ'ল!

পাপ্পু- অ'! ৰাতি মই শুৱাৰ পিছতো কোনোবা আহিছিল নেকি?

তগৰ- নাই শুৱাৰ পাছত আৰু আলহী অহা নাই দিয়ক!

পাপ্পু- তেনেহ'লে গোল্লাখিনি ফ্ৰীজৰ পৰা ক'ত গ'ল?

তগৰ- দুটামান আছিল! ৰাতিপুৱা মই খালো!

পাপ্পু- দুটামান? কি কোৱা? মই গণি গণি পোন্ধৰটা থৈছিলোঁ, আৰু তুমি দুটামান বুলি কোৱা?

তগৰ- তাৰে এটা টুকুক দিলো তো! কাকো নক'বদিয়ক! কি নো খাইছু? তাকো বেছি ডাঙৰ নহয়                        দেখোন!

ৰস ৰচনা-২১


        পুৰণি দিনৰ কথা। তগৰৰ দেউতাক এগৰাকী কৃতী শিক্ষক। একেখন স্কুলৰে তগৰ ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰী। ৰোল নং-১! ছয়মাহিলী পৰীক্ষাৰ সময়! সিদিনা ইংৰাজী পৰীক্ষা চলি আছে।
তগৰে "অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা" প্ৰশ্নটোৰ দহোটা প্ৰশ্নৰ পাঁচটা অনুবাদ কৰিব পাৰিলে পাঁচটা উত্তৰ কৰিব পৰা নাই! এনেয়ো তগৰ বৰ বুদ্ধিমতী! তাই মনতে এটা বুদ্ধি উলিয়ালে-
"দেউতাইতো বহীখিনি চাবলৈ ঘৰলৈ নিবই, মই অনুবাদকেইটা পাছত ঘৰত কিতাপৰ পৰা চাই চাই কৰি থ'ম!" কথা মতেই কাম। দেউতাকে ঘৰত বহীখিনি আনি থৈছে মাত্ৰ! ইফালে-সিফালে চাই চেগ বুজি দেউতাক নথকা অৱস্থাত পাঁচোটা অনুবাদ কিতাপত চাই শুদ্ধকৈ কৰি থৈ, বহীখিনি আগৰ ঠাইত ভাঁজে ভাঁজে থৈ বিন্দাছ! ইফালে দেউতাকে বহীবোৰ চাই একমূৰৰ পৰা নম্বৰ দি আকৌ আগৰ দৰেই বান্ধি থলে। তগৰে মাজে মাজে বহীবোৰ খুলি চায়। তাই ইংৰাজীত ৭২ নম্বৰ পাইছে! কিন্তু পাছত কৰা অনুবাদ কেইটাত কোনো নম্বৰ দিয়া নাই! তগৰে ভাবে, "মই ৭২ পাইছো, আৰু সেই পাঁচোটাত ৫ নম্বৰ পালে ৭৭ পাব লাগে! ভুল হোৱাৰতো কথাই নাহে? কিতাপৰ পৰা দস্তুৰমত চাই লিখিছোঁ! হ'লেও ৭২ পোৱাটো খাটাং!" বহী দিয়াৰ সময়! দেউতাকে শেষৰ ফালৰপৰা বহী দিয়াৰ কাম আৰম্ভ কৰিলে। শেষত তগৰ আৰু বাকী দুজনৰ বহী দিবলৈ থকা অৱস্থাত তগৰক কমন-ৰূমৰ পৰা ভাল চাই বেঁত (চেকনি) এডাল আনিবলৈ ক'লে। তগৰে ভাবিলে, "মোক পাঁচ নম্বৰ নিদিলেও নাই, মইতো বাসত্তৰ পাইছোয়েই! গতিকে মোক মাৰাৰ কথাই নাহে! ইহঁত দুটাক দিব চাগে?" নাচি নাচি তগৰ বেঁত আনিবলৈ গ'ল। তগৰক দেখি শৰ্মা চাৰে সুধিলে-

শৰ্মা চাৰ- কি হ'ল অ' তগৰ?

তগৰ- চাৰ, দেউতাই ভাল চাই বেঁত এডাল নিব দিছে!

শৰ্মা চাৰ- ( মিচিকিয়া হাঁহি এটা মাৰি ) এইডাল সিমান ভাল নহয় ৰ্! আৰু এডাল লৈ য়া!
            ( বুলি দুডাল বেঁত দি পঠালে। )

                ( এইবাৰ তগৰৰ বহী লোৱাৰ পাল! বহীখন হাতত পৰাৰ আগতেই বেঁত তগৰৰ পিঠিত পৰিল )

দেউতাক- তই ২৭ পোৱা হা? বুলি তগৰক .....কোবন দিলে।

তগৰ- ( তগৰৰ খং উঠিল! তাই ক'লে- ) অ' ভালকে চা! মই ৭২ পাইছো দেখোন? কি ২৭ বুলি কোৱা?

        ( কথা হিতে বিপৰীত হ'ল )

দেউতাক- অ' তই মোক "তই" বুলি কৈছা? বাৰু তই ক চোন (বহীখন দেখুৱাই) বাকীখিনি প্ৰশ্নৰ উত্তৰ যে                     নীলা চিয়াঁহীৰে লিখিলি, এই পাঁচটা প্ৰশ্নৰ উত্তৰ কিয় ক'লা চিয়াঁহীৰে লিখিলি?"
                    ( বুলি কৈ আকৌ ধপ‌্হ! ধপ‌্হ! ধপ‌্হ! ধপ‌্হ! )

        ( বেচেৰী তগৰ সিদিনা কান্দি কান্দি খোজ কাঢ়িয়েই আহি ঘৰ পালে।
        স্কুললৈ যোৱাৰ সময়ত দেউতাকে কৈ গ'ল- )

দেউতাক- তই আজি স্কুললৈ যাব নালাগে! মই স্কুলৰ পৰা ঘূৰি নহালৈকে তই ইয়াতে থিয় হৈ থাক!

            ( শুনিছোঁ তগৰ এতিয়া বৰ দুপৰীয়াৰ ৰ'দত থিয় হৈ আছে! মাজে মাজে আহি মাকে চাই যায়! )
-------------------------------------------------------------------------------------------------------------------------

ৰস ৰচনা-২২


পাপ্পু: হেল্লো তগৰ?....... ক'লৈ গ'লা নো? ঘৰত [গোটত] নাই যে?

তগৰ: অ' মই অলপ "আহক না" গোটৰ ফালে আহিলো!

পাপ্পু: কথা নাই বতৰা নাই কিয় "আহক না" গোটলৈ গ'লা? ৰীতাক কৈ আছিলা নে?

তগৰ: অ' আপুনিও ঘৰত নাই! ডম্বৰুৱে মাতিলে কাৰণে আহিলো,দিয়ক! অ' আহোতে ৰীতাক কৈ অহা                নহ'ল দিয়ক!

পাপ্পু: ঘৰলৈ নহা নেকি?
 
তগৰ: যাম দিয়ক! অ' আপুনি আজি ঘৰলৈ অহা কথা নাছিলেই দেখোন? কিয়নো আহিব লাগে?

পাপ্পু: ঘৰলৈ ঘূৰি আহা আগতে, কিবা দিম আহা!

ৰস ৰচনা-২৩


আজি তগৰৰ জন্ম দিন। বিভিন্নজনৰ লগতে পাপ্পুয়েও ফোনতে তগৰক জন্ম দিনৰ শুভেচ্ছা দিছে- 

পাপ্পু: হেল্লো, তগৰ?..... Happy Birthday to you!

তগৰ: Same to you!

পাপ্পু: হা?

তগৰ: নহ'লে কি? ইংৰাজীত তো তেনেকৈয়ে কয়! আগতে ভাল পোৱা ল'ৰাটোকো মইতেনেকৈয়ে                      কৈছিলোঁ দেখোন?
 
পাপ্পু: হা? ৰবা গৈ আছোঁ!

ৰস ৰচনা-২৪


        তগৰে আজিকালি অনবৰতে অন্যমনস্ত হৈ থাকে! কৰিব লাগে কিবা, কৰে কিবা! আবেলিৰ চাহ কাপত আজি চেনিৰ ঠাইত নিমখ দিলে! তথাপি তগৰে হাৰ মানিবনে? চাওঁক চোন কি বুদ্ধি উলিয়ায় তগৰে?
 
তগৰ: চাহ দিছোঁ!

( পাপ্পু কিবা কামত অলপ ব্যস্ত হৈ আছে। তগৰে এঢোক মাৰি, চাহত চেনিৰ ঠাইত নিমখ দিয়াৰ কথাটো গম পালে )

হেৰি নহয়! চাহ কাপ আজি অলপ বেলেগকৈ বনাইছো দিয়ক!

পাপ্পু: কি বেলেগকৈ বনাইছা অ'?

তগৰ: আজি নিমখ চাহ বনাইছো দিয়ক! খৰচো অলপ কম হ'ব?

পাপ্পু: খৰচ কমাইছা নে, কিবা ভাবি কিবা কৰিলা?

তগৰ: এহ্! সব আপোনাৰ কাৰণে হৈছে!

ৰস ৰচনা-২৫


তগৰ: হেৰি নহয়? মিঠাতেলত এইবাৰ আপোনাক ঠগিলে দিয়ক?

পাপ্পু: মিঠাতেলত ঠগিলে? কি ঠগিলে নো?

তগৰ: অ' বহুত কম দিছে দিয়ক!

পাপ্পু: কি কোৱা এ? এইবাৰ দেখোন মই পেকেট মিঠাতেল আনিছো! পেকেটত কেনেকৈ কম দিব হে?

তগৰ: অ' লাজ কৰিব নালাগে দিয়ক! চাওক লাগে; দুইলিটাৰৰ কোকা-কোলাৰ। বটলটোত এক লিটাৰৰ দুই পেকেট মিঠাতেল ভৰাইছো, বটলটো খালীয়ে হৈ আছে? বটলটোৰ কোকা-কোলাৰ লেবেলখন আছেনে? এবাৰ চাই আহাচোন? লেবেলখনত কিমান লিটাৰ লিখা আছে?

(তগৰে বীৰদৰ্পে লেবেল চাবলৈ গ'ল, কিন্তু এতিয়ালৈকে ওলাই অহা নাই!)

----------------------------------------------------------------------
ৰচনা- প্ৰশান্ত শইকীয়া।

Post a Comment

0 Comments