চুটি,চুতি,ছুটি,ছুটী,
অসমীয়া ভাষাৰ এই "চুটি" শব্দটোৱে বৰ দিগদাৰ লগাই থাকে ! আকস্মিক ছুটীৰ আবেদনত আমি প্ৰায়েই ছুটী শব্দটো ব্যৱহাৰ কৰি আহিছো যদিও কোনটো "ছুটীৰ" ঠাইত কোনটো "চুটি" ব্যৱহাৰ কৰি আহিছো নিজেই নাজানো।
এবাৰ মই ছুটীৰ আবেদনত " আকস্মিক ছুটীৰ" ঠাইত "আকস্মিক চুটি" বুলি লিখি আবেদন জনালোঁ। চাৰে মোক মতাই নি সুধিলে,
"শইকীয়া কি চুটি লাগেহে আপোনাক ?"
"চাৰ মাৰ অলপ অসুখ, ডাক্তৰক দেখুৱাবলৈ দুদিনৰ চুটি লাগিছিল।"
চাৰে এটা অৰ্থপূৰ্ণ হাঁহি মাৰি ছুটী মঞ্জূৰ কৰিছিল যদিও, সেই সময়ত তেখেতৰ হাঁহিৰ অৰ্থ বুজা নাছিলো ।
এতিয়া কথাটো মনত পৰিলে বৰ লাজ লাগি থাকে। এনেধৰণৰ যাতে আপোনাৰ ক্ষেত্ৰত নহয়, তাৰবাবে লেখাটো চমুকৈ যুগুত কৰিলো।
চুটি- দীঘল নোহোৱা, হ্রস্ব; চাপৰ; সংক্ষিপ্ত ।
ছুটি- লৰ, ঘোঁৰাৰ চেঁকুৰ ।
ছুটী- কামৰ পৰা সাময়িক অৱসৰ।
চুতি- হাজং সকলৰ কৰতাল।
0 Comments
Please do not enter any spam link in the comment box.