মই আকাশ হ'ব বিচাৰো

মই আকাশ হ'ব বিচাৰো



মই ফুল হ'ব নিবিচাৰো

কাৰোবাৰ লিগিৰী-খোপা নাইবা

কাৰোবাৰ ফুলনি শুৱনি কৰি

অকালতে মৰহি যাবলৈ!


মই জোনাক হ'বও নিবিচাৰো

জিলমিল তৰাৱলী ঢাকি

পূৰ্ণিমাৰ জোনাক বিলাই

মৰ-আঁউসীক আদৰিবলৈ!


মই লাখুটি হ'ব বিচাৰো

দুৰ্বলজনৰ ভৰ ল'বলৈলৈ

শতৰুৰ পৰা ৰক্ষা কৰিবলৈ

নাইবা অন্ধলাৰ দিব্যচক্ষু হ'বলৈ!


মই আকাশ হ'ব বিচাৰো

সীমাৰ পৰিধি ভাঙি

নিজকে বিলাই দি

নীলিমাত বিলীন হ'বলৈ!

মই আকাশ হ'ব বিচাৰোঁ!
-----------------------------
প্ৰশান্ত

Post a Comment

0 Comments