সাদৰী

চুটিগল্প-

সাদৰী

 
    কথাহে! এদিন নহয় এদিন কাণত পৰিবই! কথাতে কয় বোলে বেৰাৰো বোলে কাণ থাকে!" কথা গৈ পৰিল নহয় আমাৰ আমাৰ মালতী বৌৰ কাণত! কথা মানে আমাৰ সাদৰী বাইদেউৰ কথা ক'বলৈ ওলাইছোঁ আকৌ-

    সাদৰী আৰু তপেশ্বৰ আজীৱন প্ৰেমিক! স্কুল-কলেজীয়া দিনৰেপৰা বোলে মস্ত প্ৰেম! আমি হ'লে নাজানোঁ, সাদৰী বাইদেৱে কোৱা কথাহে দেই! চকুৰ আঁৰ হ'লে হেনো মনৰো আঁৰ হয়! আই সাদৰী আৰু বোপা তপেশ্বৰৰ হঠাতে কি জানো? ফলা বাহ যোৰা নলগা দি দুয়ো দুফাল হ'ল! দিন মাহ বছৰ এনেদৰে পাৰ হ'ল বোপা তপেশ্বৰৰ দেখা-দেখি নাই! ইফালে সেই সময়ত আজিৰ দৰে মোবাইল ফোনৰ ব্যৱস্থাও নাছিল! প্ৰেমলীলা ইমানতে সমাপ্তি হ'ল! ইফালে তপেশ্বৰে আকৌ প্ৰেমত পৰি এজনী চপাই ল'লে। উপাই নাপাই আমাৰ সাদৰী বাইদেৱে ও গাঁৱতে এজনৰ লগত বিয়াত বহিল! তইহে পাৰানে? তথাপি মনৰ পৰা প্ৰথম প্ৰেমৰ জাল আঁতৰি নগ'ল! হ'বই দিয়কচোন! প্ৰথম প্ৰেম আকৌ! সকলো কথা মচো বুলিয়েই মচিব পাৰিনে? ইফালে সংহাৰৰ বান্ধোনত বান্ধ খাই আমাৰ সাদৰী বাইদেৱে তিনিটা বছৰতে নগদ তিনিটি সন্তান উপহাৰ দিলে! এনেদৰে সাদৰীৰ সংসাৰৰ কুৰিটা বছৰ কেনেকৈনো পাৰ হৈ গ'ল তৰকিবই নোৱাৰিলে! ল'ৰা ছোৱালীও বিয়া পাতি দিবলৈ হ'ল! এনেদৰে দিনবোৰ সুকলমে পাৰ হৈ আছিল। হঠাতে এটা পথ দূৰ্ঘটনাত সাদৰীৰ গিৰিয়েকৰ থিতাতে মৃত্যু হ'ল!

    এইবাৰ কিন্তু আমাৰ তপেশ্বৰ বোপাই সাদৰীৰ খবৰ নোলোৱাকৈ নাথাকিল! কেনেকৈনো গম পালে জানো? কোনেও তপেশ্বৰক সান্ত্বনা দিব পৰা নাই! সাদৰীৰতকৈ তপেশ্বৰহে দুখত ভাগি পৰিল। যি কি নহওঁক সাদৰীৰ জীৱন মৰুত যেনিবা জৌ-জৌ-কৈ এজাক বৰষুণ বাৰুকৈয়ে পৰিল!

    দিনৰ পিছত দিন গ'ল! আজিকালি সাদৰীৰ কাণৰপৰা মোবাইল নসৰাই হ'ল! যেন আঠা লগাই কাণত থৈহে দিছে? হেৰো বাচন ধুৱাৰ সময়তো মোবাইল ফোন কাণত লাগিয়েই থাকে!

    কথাহে! কথা গৈ গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ ৰৌজাল-বৌজাল হ'ল! নকওঁ বুলি ভাবিও সিদিনা মালতী বৌৱে কৈয়েই পেলালে-

    "হেৰো সাদৰী? গিৰীয়েৰা মৰা এবছৰ হোৱাই নাই, তোৰ দেখোন কাণৰপৰা মোবাইল নুগুচায়ে হ'ল? ফোন হ'ল বুলিয়েই নো তই চৌব্বিশ্ ঘন্টাই কাৰ লগত ইমান ব্যস্ত হৈ থাক?"

    "সাদৰীয়ে হাঁহি এটা মাৰি তপৰায় মাত লগালে- নহয় অ' বৌ! এ আমাৰ তপেশ্বৰৰ লগতহে অলপ কথা কও! এটা কথা কও বৌ, তুমি আকৌ কাকো নক'বা! আমি দুয়ো আজীৱন প্ৰেমিক! তেওঁক মই সৰুৰে পৰা ভাল পাওঁ! মাজতে ভুলতেহে আমাৰ বিয়া নহ'ল! এইবাৰ সি মোক বিয়া পাতিব বোলে!"

    "হা মৰতী! সি দেখোন বিয়া পতা এ? তাৰ আগৰ ঘৈণীয়েকজনী নাছে? ল'ৰা-ছোৱালীও আছে বোধয়? ময়ো কথাটো লক্ষ্য কৰি আছোঁ ৰ! সি দেখোন আজিকালি বেছিভাগ সময় ইয়াতেই থাকে অ'?"

    "ঠিকেই কৈছে বৌ! তাৰ ঘৈণীয়েকজনী আজি মৰো কালি মৰো হৈ আছে! ডাঙৰ বেমাৰ এটা হৈ আছে! মৰিলেই ৰক্ষা পৰো! তাই মৰাৰ দিনাই সি মোক বিয়া পাতিব! সি মোক এতিয়া নিৰ্মালি পিন্ধাই থৈছে, তাই মৰাৰ দিনাই মোক সিন্দূৰ পিন্ধাই লৈ যাব!"

"দিয়া ভালেই হ'ব দিয়া! পিছে ল'ৰা-ছোৱালী কেইটা?"

" যি হয় হ'ব! কোনে চিন্তা কৰে এইসবৰ কথা!"
------------------------------------------------------------------------------------------------------------
বি.দ্ৰ.- চুটিগল্পটোৰ কাহিনী আৰু চৰিত্ৰসমূহ সম্পূৰ্ণ কাল্পনিক। কিবা কাৰণত চৰিত্ৰ আৰু কাহিনীভাগ কাৰোবাৰ জীৱনৰ লগত মিলি গ'লে তাৰবাবে লিখক দায়ী নহয়।

Post a Comment

0 Comments