মাঘ বিহু বা ভোগালী বিহুৰ তাৎপৰ্য
অসমীয়া জাতিৰ বাপতি সাহোন বিহুৰ এটা অন্যতম বিহু হ'ল মাঘ বিহু বা ভোগালী বিহু। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই বিহু তিনিদিনীয়াকৈ পালন কৰা হয়। পুহমাহত কৃষকসকলে শস্য চপাই ভঁৰাল ভৰায়। এই সময়ত কৃষকসকলৰ ভঁৰাল উপচি থাকে। বিশেষকৈ ভোগৰ উৎসৱ বাবে এই বিহুক ভোগালী বিহু বুলি কোৱা হয়। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি খাবলৈ ধান-চাউল থাকে। বিশেষকৈ খোৱা বোৱাৰ ওপৰতে এই বিহুত অধিক গুৰুত্ব দিয়া হয়। চিৰা, পিঠা, লাডু, সান্দহ, আখৈ, কাৰৈ আদি খাদ্যবস্তুৰে মানুহৰ ঘৰ উপচি পৰে।
মাঘ বিহুৰ আন এক অন্যতম আকৰ্ষণ হ'ল মেজি পোৰা। এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তিও বোলা হয়।
এখন যুঁজত দুটা বুলবুলিয়ে অংশ লয় আৰু যিটো চৰাই বিজয়ী হয়, তাক পৰৱৰ্তী যুঁজলৈ বাছনি কৰা হয়। যুঁজত হৰা বুলবুলি চৰাইবোৰক আঁতৰাই দিয়া হয়। সাধাৰণতে ভীমকলৰ লোভ দেখুৱাই দুটা বুলবুলিৰ মাজত যুঁজ লগোৱা হয়। যুঁজত দেখুওৱা পাৰদৰ্শিতাৰ ভিতৰত তিনিটা বুলবুলি চৰাইক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়, চৰাইৰ মালিকে এই বঁটা লাভ কৰে। যুঁজ শেষ হোৱাৰ পাছত চৰাইবোৰ মুকলি কৰি দিয়া হয়। বৰ্তমান বুলবুলি চৰাইৰ যুঁজ অসমৰ হাজো অঞ্চলত (বিশেষকৈ সোণাৰীটোলা আৰু ভৰালীটোলা গাঁও) প্ৰচলিত।
ম'হ যুঁজত দুবিধ ভিন্ন জাতিৰ ম'হে অংশগ্ৰহণ কৰোঁৱা দেখা যায়। সেই দুবিধ হ'ল- অসমীয়া আৰু আদৰাঙী (mixed origin) ম'হ। অসমীয়া ম'হৰ শিংযোৰ মেলাহি, কপাল বহল আৰু অৱয়ব ডাঙৰ। ইহঁতে প্ৰতিপক্ষক ওচৰত দেখাৰ লগে লগে মূৰটো ডাঙি ফেৰ পাতে। গোৱালে নাকী খুলি দিয়াৰ পাছত কপালে কপালে খুন্দা মাৰি শিঙেৰে ইহঁতে ইটোৱে সিটোক আঘাত কৰিবলৈ চেষ্টা কৰে। কিন্তু ইহঁতে বেছি সময় যুঁজিব নোৱাৰে। আনহাতে, আদৰাঙী ম'হে বহুসময় যুঁজি থাকিব পাৰে। ইহঁতৰ শিংযোৰ ঘূৰণীয়া। ইহঁতে ইটোৱে সিটোক গলধনত আঘাত কৰিবলৈবলৈ চেষ্টা কৰে। এই যুঁজক উজনি অসমত 'কাপ যুঁজ' বুলি কোৱা হয়। ম'হে যুঁজোতে চকু দুটা মুদি লয়। যুঁজত এবাৰ হৰা ম'হে জাকত চৰোতে পুনৰ অন্য ম'হৰ লগত নুযুঁজে।
ঠাই বিশেষে বিহু উৎযাপনৰ ধৰণ কিছু ভিন্ন হ'লেও বিহুৱে সমগ্ৰ অসম তথা অসমীয়া জাতিটোক সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি বিশ্ব দৰবাৰত অসমীয়া জাতিৰ এক বিশাল সংস্কৃতিৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।
মাঘ বিহুৰ আন এক অন্যতম আকৰ্ষণ হ'ল মেজি পোৰা। এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তিও বোলা হয়।
জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই সমূহীয়াভাৱে পালন কৰা হয় যিয়ে মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে বিশ্বত এক নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।
আদিম যুগৰ পৰাই অসমীয়া জাতিয়ে মাঘ বিহুক এক গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে পালন কৰি আহিছে। মাঘ বিহু আদিম যুগৰ বড়ো মূলীয় লোক সকলৰ প্ৰধান উৎসৱ আছিল। পাছৰ পৰ্যায়ত কামৰূপ ৰাজ্যৰ দিনত আৰ্য ব্ৰাহ্মণ সকলে হিন্দু ৰীতি মতে তিথি নিৰ্ধাৰিত কৰি দিছিল।
মাঘ বিহুৰ দুটা প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা। মেজি শব্দটো উজনি অসমত সৃষ্টি হোৱা শব্দ। এই শব্দটো বড়ো-কছাৰী মূলীয় প্ৰাচীন চুতীয়া ভাষাৰ "মিডি-য়ে-জি"ৰ (মিডি=দেৱতা/পূৰ্বপুৰুষ, য়ে=জুই, জি=উৰি যোৱা) পৰা সৃষ্টি হৈছিল। আনহাতে "উৰুকা" শব্দটো চুতীয়া ভাষাৰ "উৰুকুবা"ৰ(অৰ্থ=শেষ হোৱা) পৰা অহা বুলি জনা যায় কাৰণ পুহ মাহৰ এই অন্তিম দিনটোতে শস্য চপোৱাই শেষ হয়।
চুতীয়া আৰু আহোমৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলি জনা যায়। আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰ পৰা বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল। ৰজাসকলে ডা-ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল। আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল। সেইদৰে হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, ম'হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিৰো সেইসময়তে প্ৰচলন হয় বুলি জানিব পৰা যায়। এই সমূহ কাৰ্যৰ সুষমতাৰ বাবে ৰজাঘৰীয়া খেল আৰু বিষয়বাব আছিল। উদাহৰণ স্বৰূপে- হাতীবৰুৱা, শেনচোৱা ফুকন, কুকুৰাচোৱা বৰুৱা ইত্যাদি।

উৰুকা-
পুহ মাহৰ শেষৰ দিনটোত উৰুকা হিচাপে পালন কৰা হয়। সিদিনা গাঁৱৰ ডেকা সকলে নৰা কাটি পুহতে প্ৰস্তুত কৰা ভেলাঘৰত উৰুকাৰ দিনা লগ লাগি ভোজ ভাত খাই নাচি বাগি উজাগৰে থাকে। তদুপৰি গাঁৱৰ ৰাইজে মিলি একেলগে জুই পুৱাই নাম-কীৰ্তন কৰে। ভেলাঘৰৰ কাষতে কাঠ-বাঁহৰে সজা মেজিত অগ্নিসংযোগ কৰা হয়। মেজি সাধাৰণতে প্ৰতিযোগিতামূলকভাৱে ওখ হোৱা দেখা যায়। মেজিৰ ব্যৱহাৰ উজনি অসমত তুলনামূলকভাৱে বেছি। মেজিৰ জুইত বাঁহৰে সজা পানীহিলৈ ফুটোৱাটো এক পৰম্পৰা। পানী জমা হোৱা কোনো বাঁহক মেজিৰ জুইত ভৰাই দি দাৰে আঘাত কৰা হয়। মেজিৰ জুই জ্বলাই গোৱা হয়-
"পুহ গ'ল মাঘ হ'ল, আমাৰ মেজি জ্বলি গ'ল।"
প্ৰবাদ আছে যে মেজিৰ তলত আশীৰ্বাদ ল'লে ব্যক্তিৰ মনৰ আশা-আকাংক্ষা পূৰণ হয়। সাধাৰণতে খেৰ-নৰাৰে সজা ভেলাঘৰৰ দীঘ-প্ৰস্থ সমান হয়, কিন্তু ঠাইভেদে ইয়াৰ আকাৰ ভিন্ন হোৱা দেখা যায়। কোনো কোনো ঠাইত দুচলীয়া শংকু আৰু আয়তাকাৰ আকৃতিৰ মেজিঘৰৰ নিৰ্মাণ কৰাও দেখা যায়। তদুপৰি কামৰূপ-নলবাৰীৰ কিছু কিছু অঞ্চলত কলপাতেৰেও ভেলাঘৰ সজা হয়। উজনি অসমত ভেলাঘৰক হাৰলি ঘৰ বুলি জনা যায়। ভেলাঘৰক কলাত্মক ৰূপ দিয়াটো এক আধুনিক ৰীতি। একো একোটা ভেলাঘৰ তিনি তলা পৰ্যন্ত ওখ হোৱা দেখা যায়। ই একো প্ৰকাৰৰ শিল্প। মেজিৰ নিৰ্মাণ কৰোঁতে দুটা কলগছৰ গাত সমান্তৰালকৈ কাঠ আৰু বাঁহ জাপি দিয়া হয় ("=" আৰু "॥" ধৰণে )। মেজিটোৰ একেবাৰে ওপৰত আগলি বাঁহ আৰু কলপাত এখিলা দিয়া হয়। মেজি এক প্ৰকাৰৰ শৈৱ আচাৰৰ প্ৰভাৱ পৰা প্ৰতীক। ই আদিম মানৱ সমাজৰ ধাৰণাৰ দ্বাৰা প্ৰভাৱিত। ঠাইবিশেষে আৰু জনগোষ্ঠীভেদে মেজিৰ আকাৰ-আকৃতিৰ ভিন্নতা দেখা যায়। উদাহৰণ স্বৰূপে খামতি জনগোষ্ঠীৰ মেজি আন মেজিৰ তুলনাত বেছি ওখ। আদিতে উৰুকাত ভেলাঘৰ বা মেজি সাজি জ্বলোৱা কামটো গৰখীয়াসকলে কৰিছিল। নৃতাত্বিক দিশৰ পৰা চাবলৈ গ'লে ই চিকাৰ যুগৰ পৰা কৃষিযুগৰ আৰম্ভণিৰ সমাজখনক সূচায়, যেতিয়া মানুহে জীৱ-জন্তুক পোহ মনাইছিল আৰু শস্য চপাই আনন্দ কৰিছিল। এফালৰ পৰা চাবলৈ গ'লে ই মানৱ সমাজৰ বুদ্ধি-বৃত্তিকো সূচায়, য'ত খেতি কৰাৰ সামৰ্থ কেৱল মানৱ সমাজেহে আয়ত্ত কৰিলে। ভেলাঘৰ বা মেজিৰ জুইকুৰাই মানুহক প্ৰাণীসমাজৰ পৰা পৃথক কৰে আৰু মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে। সেইদিশৰ পৰা মাঘ বিহুৰ উৰুকা একমতে হাজাৰ বছৰৰো অধিক প্ৰাচীন উৎসৱ। সামাজিক স্তৰত বা লোকাচাৰৰ দিশৰ পৰা অনুসন্ধান কৰিলে বুজা যায়, খেতি চপোৱাৰ সময়ত বন্য পশুৰ উপদ্ৰৱ বৃদ্ধি পায়। হাতী-মহে আহি জনপদ সমূহত অত্যাচাৰ কৰে আৰু পকা ধান আৰু শস্য বিনষ্ট কৰে। যাৰ ফলত গৰখীয়া বা খেতিয়কে জুই জ্বলায় আৰু পানীহিলৈ ফুটায় ধাননি আৰু পথাৰসমূহ ৰক্ষা কৰে। পিছলৈ ইয়ে বিৱৰ্তন বা ৰূপান্তৰ ঘটি উৰুকাৰ নাম পায়।
মানৱ সমাজৰ চিকাৰ যুগৰ পৰা কৃষিযুগলৈ উত্তৰণ ঘটিল যদিও সমূহীয়াভাৱে চিকাৰ কৰাৰ প্ৰথা একেবাৰে নাইকিয়া নহ'ল। যাৰ ফলত সমূহীয়া চিকাৰৰ ঠাইত আধুনিকযুগ বা মধ্যযুগৰ শেষৰ ফালে মৎস্য চিকাৰ কৰাৰ পৰম্পৰা হ'ল। বিহুৰ উৰুকাৰ দিনা বিল, নদী, পুখুৰী, জান জলাশয় আদিত একোটা চুবুৰি বা একোখন গাঁৱৰ ৰাইজে সমূহীয়াকৈ মাছ ধৰে। জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোকে এই মাছ ধৰা উৎসৱত অংশগ্ৰহণ কৰে। এই প্ৰথা অনুসৰি, বিল, নদী, পুখুৰী আদিত জাল, পল, জুলুকিলৈ মাছ মাৰি ৰাইজে সেই মাছেৰে উৰুকাৰ ভোজ খায়।
পুহ মাহৰ শেষৰ দিন টোত উৰুকা উদযাপন কৰা হয়। উৰুকাৰ ৰাতি চেমনীয়া ল'ৰাবোৰে গাঁৱৰ মানুহৰ বাৰীৰ পৰা খৰি, শাক-পাচলি আদি চুৰি কৰি আনে। কাৰোবাৰ ঘৰত দুজনমান ল'ৰাই পিঠা খোৱাৰ চলেৰে সোমায় আৰু বাকী দুজনমানে বাৰীৰ পৰা কুকুৰা-পাৰ, জেওৰা-জপনা, আলু-কবি আদি চুৰি কৰি লৈ যায়। এই প্ৰথাৰ বাবেই গৃহস্থয়ো সাধাৰণতে ওৰে ৰাতি ঘৰৰ বাৰী, চৌহদ আদিৰ চকু ৰাখে। সেইবাবে এই বিহুক চোৰ বিহু বুলিও কোৱা হয়।

বুলবুলি চৰাইৰ যুঁজ-
অসমৰ হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ বুলবুলি চৰাইৰ যুঁজে এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে। দুটা বুলবুলি চৰাইৰ মাজত অনুষ্ঠিত এই যুঁজত আটাইতকৈ শক্তিশালী বুলবুলি চৰাইটোৱেই জয়লাভ কৰে। এই বুলবুলি চৰাইৰ যুঁজৰ আৰম্ভণি কেতিয়াৰ পৰা আৰাম্ভ হ'ল সেয়া স্পষ্ট নহয়। প্ৰবাদ আছে যে মাঘ মাহৰ প্ৰথম দিনা কোনো এগৰাকী নৃপতিয়ে হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ আহে। সেই সময়ত তাত দুটা বুলবুলি চৰাইৰ মাজত এখন যুঁজ লাগি আছিল। তাকে দেখি নৃপতি মুগ্ধ হৈ পৰে আৰু তেতিয়াৰে পৰাই তাত বছৰি মাঘ বিহুত এই যুঁজ অনুষ্ঠিত হৈ আহিছে। যুঁজৰ বাবে বিশেষ ফান্দৰ সহায়ত বুলবুলি চৰাই ধৰা হয় আৰু এমাহ মান যুঁজৰ প্ৰশিক্ষণ দিয়া হয়। উৰুকাৰ দিনা নিচাজাতীয় ভোগ খুৱাই বুলবুলি বোৰ উত্তেজিত কৰি ৰখা হয় আৰু পিছদিনা অৰ্থাৎ বিহুৰ দিনা যুঁজৰ বাবে সজা বিশেষ মঞ্চত বুলবুলি চৰাইবোৰ এৰি দিয়া হয়।এখন যুঁজত দুটা বুলবুলিয়ে অংশ লয় আৰু যিটো চৰাই বিজয়ী হয়, তাক পৰৱৰ্তী যুঁজলৈ বাছনি কৰা হয়। যুঁজত হৰা বুলবুলি চৰাইবোৰক আঁতৰাই দিয়া হয়। সাধাৰণতে ভীমকলৰ লোভ দেখুৱাই দুটা বুলবুলিৰ মাজত যুঁজ লগোৱা হয়। যুঁজত দেখুওৱা পাৰদৰ্শিতাৰ ভিতৰত তিনিটা বুলবুলি চৰাইক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়, চৰাইৰ মালিকে এই বঁটা লাভ কৰে। যুঁজ শেষ হোৱাৰ পাছত চৰাইবোৰ মুকলি কৰি দিয়া হয়। বৰ্তমান বুলবুলি চৰাইৰ যুঁজ অসমৰ হাজো অঞ্চলত (বিশেষকৈ সোণাৰীটোলা আৰু ভৰালীটোলা গাঁও) প্ৰচলিত।
ম'হ যুঁজ-
মাঘ বিহুৰ সময়ত ম'হ যুঁজৰ পৰম্পৰা সম্পৰ্কে ভিন্ন জনৰ ভিন্ন মত পোৱা যায়। এই খেল আহোম ৰজাৰ দিনত ৰংপুৰৰ ৰূপহী পথাৰত অনুষ্ঠিত হৈছিল বুলি জনা যায়। আহোম স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰৰ পৰা এই খেল উপভোগ কৰিছিল। মাঘ বিহুত যুঁজত অংশগ্ৰহণ কৰা ম'হবোৰৰ আহিন-কাতি মাহত প্ৰতিপালন কৰি যুঁজৰ সাজু কৰোৱা হয়। ম'হ যুঁজ সাধাৰণতে মুকলি পথাৰত হয় আৰু দৰ্শকসকলে নিৰাপদ স্থানৰ পৰা এই খেল উপভোগ কৰে।ম'হ যুঁজত দুবিধ ভিন্ন জাতিৰ ম'হে অংশগ্ৰহণ কৰোঁৱা দেখা যায়। সেই দুবিধ হ'ল- অসমীয়া আৰু আদৰাঙী (mixed origin) ম'হ। অসমীয়া ম'হৰ শিংযোৰ মেলাহি, কপাল বহল আৰু অৱয়ব ডাঙৰ। ইহঁতে প্ৰতিপক্ষক ওচৰত দেখাৰ লগে লগে মূৰটো ডাঙি ফেৰ পাতে। গোৱালে নাকী খুলি দিয়াৰ পাছত কপালে কপালে খুন্দা মাৰি শিঙেৰে ইহঁতে ইটোৱে সিটোক আঘাত কৰিবলৈ চেষ্টা কৰে। কিন্তু ইহঁতে বেছি সময় যুঁজিব নোৱাৰে। আনহাতে, আদৰাঙী ম'হে বহুসময় যুঁজি থাকিব পাৰে। ইহঁতৰ শিংযোৰ ঘূৰণীয়া। ইহঁতে ইটোৱে সিটোক গলধনত আঘাত কৰিবলৈবলৈ চেষ্টা কৰে। এই যুঁজক উজনি অসমত 'কাপ যুঁজ' বুলি কোৱা হয়। ম'হে যুঁজোতে চকু দুটা মুদি লয়। যুঁজত এবাৰ হৰা ম'হে জাকত চৰোতে পুনৰ অন্য ম'হৰ লগত নুযুঁজে।
ঠাই বিশেষে বিহু উৎযাপনৰ ধৰণ কিছু ভিন্ন হ'লেও বিহুৱে সমগ্ৰ অসম তথা অসমীয়া জাতিটোক সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি বিশ্ব দৰবাৰত অসমীয়া জাতিৰ এক বিশাল সংস্কৃতিৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।
0 Comments
Please do not enter any spam link in the comment box.