কাকো মৰম নিদিবা

হাস্যৰসাত্মক গল্প-

             কাকো মৰম নিদিবা


আঐ মৰতীজনীয়ে মোক বুকুতে কামুৰিলে ঐ! 

হেৰো, কাকাইদেউ কোনে কামুৰিলে, কাক কামুৰিলে নো?

   বুজিছা মনেশ্বৰ একেবাৰে বখলিয়াই পেলালে অ'! যোৱাবছৰ মাঘ বিহুৰ সময়তে আনিছিলোঁ! বগা-ধক‌্ধকীয়া, ওঁঠৰ ওচৰত তিল নে মাহ এটাৰ নিচিনাও আছে, নোদোকাকে বৰ ধুনীয়া আছিল, বুজিছা মনেশ্বৰ! মাজতে আকৌ বেমাৰো হ'ল! ডাক্তৰৰ ওচৰলৈ নাজায়, মই নেৰোঁ! জোৰ-জবৰদস্তি নি ডাক্তৰৰ ওচৰ পোৱালো। উঠিব নোৱাৰে উঠাই দিলোঁ, বহিব নোৱাৰে বহাই দিলোঁ, খাব নোৱাৰে, খুৱাই খুৱাই দিলোঁ! ভাল শুশ্ৰূষা পাই মৰতীজন স্বাস্থ্যই পাতিয়ে আগতকৈ ভালহে হ'ল! ভালেই লাগিল, অন্ততঃ মোৰ কষ্টই ফল ধৰিল!

হেৰো! পিছত কি হ'ল, নকয়নো কিয়?

  কি ক'ম মনেশ্বৰ বোলে "চোৰে নেৰে চোৰ প্ৰকৃতি, কুকুৰে নেৰে ছাই!" আহিল নহয় আহিন মাহ! আহিন মাহ পৰিল কি নপৰিল, তাইৰ স্বভাৱ-চৰিত্ৰ সলনি হ'বলৈ ধৰিলে! যোৱাৰাতি বুকুতে কামোৰ মাৰি তাই যি ওলাই গ'ল গ'লেই! ঘূৰি নাহিল আৰু মনেশ্বৰ! মোৰেই দোষ আছিল, অ' মনেশ্বৰ! কাকো ইমান বিশ্বাস আৰু মৰম কৰিব নাপায়!

ছেহ্! বৌয়েনো এই বয়সত এনেকুৱা কাম এটা কৰিব লাগেনে?

হেৰো নহয় অ'! মই আমাৰ কুকুৰজনীৰ কথাহে কৈছোঁ!

এ ককাইদেউ মানুহ মাৰিব আপুনি!
-------------------------------------------------------------------------------------------------------------
গল্পটোৰ কাহিনী আৰু চৰিত্ৰসমূহ সম্পূৰ্ণ কাল্পনিক! কিবা কাৰণত কাৰোবাৰ জীৱনৰ লগত কাহিনী আৰু চৰিত্ৰসমূহ মিলি গ'লে গল্পকাৰ দায়ী নহয়।

Post a Comment

0 Comments