কত | ক'ত |

কত, ক'ত

    অসমীয়া ভাষাত সঘনাই ব্যবহাৰ হৈ থকা দুটা শব্দ হ'ল কত আৰু ক'ত। বানান দুটা দেখাত একে যেন লাগিলেও অৰ্থৰ ফালৰ পৰা শব্দ দুটাৰ বৃহৎ পাৰ্থক্য আছে। ব্যৱহাৰিক দিশত বহুতো শিক্ষিত লোকেও শব্দ দুটাৰ প্ৰয়োগৰ ক্ষেত্ৰত ভুল কৰা দেখা যায়। সেইবাবে শব্দ দুটাৰ ওপৰত মোৰ সীমিত জ্ঞানেৰে এটা চমু আলোচনা আগবঢ়ালোঁ।

কত- কত শব্দটোৱে বহুত বুজায়। উদাহৰণ স্বৰূপে ড: ভুপেন হাজৰিকাৰ এটি গীতৰ কলি উল্লেখ কৰা হ'ল -

কত জোৱানৰ মৃত্যু হ'ল
কাৰ জীৱন যৌৱন গ'ল

ক'ত- ক'ত শব্দটোৱে কোন ঠাইত ? বুজায়। উদাহৰণ স্বৰূপে আপোনালোকৰ চিনাকি প্ৰাৰ্থনা এটিৰ কলি উল্লেখ কৰা হ'ল -

নিচিনো তোমাক ক'ত আছা
প্ৰভু আমি অতি সৰু ল'ৰা।

Post a Comment

0 Comments