বকুল ফুলৰ মালা

চুটিগল্প 

বকুল ফুলৰ মালা


            জোনালী আৰু তৰালী দুই বাই-ভনী। তৰালী চতুৰ্থ শ্ৰেণীত আৰু জোনালী পঞ্চম শ্ৰেণীত পঢ়ে। জোনালী বয়সত এবছৰ ডাঙৰ যদিও দেখায়-শুনায় তৰালীক ডাঙৰ যেন লাগে। পদূলি মূৰৰ থকা বকুল ফুলৰ গোন্ধে চৌদিশ আমোল-মোলাই আছে।

        তৰালীয়ে সদায় তৰে দুই-চাৰিপাহ বকুল ফুল বুটলি আনে। বাঁহৰ বেৰল অ'ত-ত'ত গুজি থকা দেখি আইতাই সুধিলে- 

তৰালী,তই ইয়াত কি কৰি আছা অ' ?

নাই আইতা, বকুল ফুল থৈছোঁ। বৰ ধুনীয়া গোন্ধ নহয় আইতা ?

দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি আইতাই ক'লে - হয় দে।
 আগতে আমি বকুল ফুল বুটলি আনাই-বনাই কম ঘূৰি ফুৰিছিলোনে ? কিমান যে মালা গাঁথিছিলো ! জানা, বিয়াৰ দিনা দৰাক বকুল ফুলৰ মালা পিন্ধাব লাগে। তেতিয়া সিহঁতৰ যোৰা আৰু কেতিয়াও নাভাঙে। বৰ ভাল বুজিছা ? বকুল ফুলৰ মালা যিমানে পুৰণি হয় সিমানেই মৰম চেনেহ বাঢ়ে।

        আইতাৰ কথাখিনি তৰালীয়ে একান্তমনে সাধু শুনাদি শুনি আছে। হঠাতে খিৰিকীৰে সোমাই অহা এজাক মলয়া বতাহে তৰালীৰ ঢৌ খেলা চুলি তাৰি আউলি-বাউলি কৰি দিলে। তাইৰ দুডাল বকুল ফুলৰ মালা গাঁথিবলৈ মন গ'ল। দৌৰি আহি বকুল জুপিলৈ চাই মনটো সেমেকি উঠিল। বকুল জুপি বুঢ়া হ'ল। ডালবোৰ ক্ৰমান্বয়ে শুকাই যাবলৈ ধৰিছে। কি হ'ব এতিয়া ? তাইৰ বকুল ফুলৰ মালা গাঁথা নহ'বই নেকি ?
---------------------------------------------------------------------------
 প্ৰশান্ত

Post a Comment

0 Comments