হেডফোন

হেডফোন

        পঞ্চায়ত সচিৱ কমলা কান্তই কৰ্তব্যৰ পৰা আজি অলপ সোনকালে আহিল। দুৱাৰত টুকৰিয়াই টুকৰিয়াই আঙুলি বিষাই গ'ল। তথাপি দুৱাৰ নুখুলিল। দুৱাৰ খোলাৰ কোনো লক্ষণ নেদেখি জীয়েক ৰশ্মিলৈ ফোন লগালে,"ক'ত আছা, আই?"
"হয়, দেউতা ঘৰতে আছো।"
"তেনেহ'লে দুৱৰাখন খোলা !"
"অ' গৈছো ৰব, দেউতা", বুলি দৌৰি গৈ দুৱাৰখন খুলি দিলে।

        ইমান দেৰি বাহিৰতে দুৱাৰত টুকৰিয়াই টুকৰিয়াই চিঞৰি আছো, দুৱাৰখন খুলিবলৈ নহ'ল। সামান্য দুৱাৰখন খোলতেই তহঁতৰ এঘন্টা লাগে ? মায়েৰা কলৈ গ'ল ?
মায় সিটো ৰূমত শুই আছে নেকি ?

        কমলাই ৰূমত গৈ দেখে মলয়াৰ অৱস্থা কাহিল, তত-ভত নাই, লাং খাই পৰি আছে। গাত ধৰি জোকাৰি দিয়াতহে তত্ আহিল।

"কি হ'লহে তোমাৰ ?"
মলয়াই কোনোমতে সেহাই সেহাই "পানী, পানী" বুলি ক'লে।
ৰশ্মিয়ে দৌৰি গৈ এগিলাচ পানী আনি মাকক খুৱাই দিলে।
পানী খাই কোনোমতে মলয়াৰ গাত তত্ আহিল।
মা তোমাৰ কি হ'ল নো ?

        তত্ আহি মলয়াই লাহে লাহে ক'বলৈ ধৰিলে। ভাত-পানী খাই বাচন-বৰ্তন ধুলো। তামোল এখন খাই বাগৰ দিলো মাত্ৰ, হে তামোলে মূৰত ধৰি উঠিব নোৱাৰা হ'লো নহয়। তোমাক চিঞৰি আছো,বোলে পানী অকনকে আনি দে, নাই তোমাৰ খৱৰ নাই।

মই শুনায়ে নাই দেখোন,মা ?
    
হেৰো কাণত সেই হেডফোনডাল লগাই ল'লে ক'ত শুনিবি অ' ? আজি দেউতাৰা সোনকালে আহিল বুলিহে ?
---------------------------------------------------------------------------------------------------------------
প্ৰশান্ত

Post a Comment

0 Comments