বিকল্প

বিকল্প

         এনেয়ে ঘৰৰ ভিতৰত সোমাই থাকিনো কি কৰিম, বুলি সুনন্দি ঠিকাদাৰ নিজৰ বুলেটখন লৈ বৰপেটা-ৰোড বজাৰলৈ ওলাই। আধাবাটতে ধৰ্ম অলপ কৰো বুলি বেঁকী দলঙৰ পাৰৰ গণেশ মন্দিৰত সোমাল। মনটো বৰ পৱিত্ৰ পৱিত্ৰ লাগিল। "দুটামান ফটোকে লও, হাঁহিৰে ধেমালিত দিব পাৰিম" বুলি নদীৰ একেবাৰে কাষ পালে।

        এনেতে নদীৰ পাৰত বহি কিবা চিন্তা কৰি বহি থকা অৱস্থাত মলতীবাইক দেখি,"অ' মালতীবাই ! তই ইয়াত কি কৰি আছা ?

দুগালৰ চকুপানী মচি হাঁহি এটা মাৰি, "নাই অ' বাবা, এনেয়ে বহি আছু ৰ।"

        "এই দুপৰবেলা নদীৰ পাৰত এনেয়ে বহি থাকেনে ?" ব'ল মোৰ লগতে বজাৰৰ পৰা আহো ব'ল।
বাইয়ে একো আপত্তি নকৰি বাইকত উঠিল।

"ক'ত আহিছিলি, তই বাই ?"

        "মহাজনৰ তাকে কাম-কোৰবা আইছিলু, কুনবা কৰুনা আইছে বোলে, আজিৰ পৰা কাম-কোৰবা যাবা নালগে যা বলি খেদি দিলাক! এথেন আৰ-তাৰ ঘৰত সুধলু কাকো কাম কৰা মানহু নালগে বোলে, এথেন কি কৰবি ? ভাগাৰে দুখে নদীটুকে চাই আছিলু, সেনে সময়তে তয়ো আহি পাব লাগেনা ?"

"কিয় মই আহি পোৱাৰ কাৰণে তই বেয়া পালি ?"

"নাই দে বাবা, তুহাক বয়া পালি মই কাকনু ভাল পাম ? মোৰ আছেনু কুন ?"

        মালতীবাইৰ কথা শুনি সুনন্দিৰ বৰ দুখ লাগিল। সমাজৰ বহু মালতীয়ে অকল পেটৰ তাড়ণাত ঘূৰি ফুৰিছে। কৰ'ণা সিঁহতৰ বাবে চিন্তাৰ বিষয় নহয়। দিনটো কাম-বন কৰি দুবেলা দুমুঠি খাই-বৈ জীয়াই থকাটোৱেই সিঁহতৰ লক্ষ্য। আজি কৰ'ণাই সিহঁতৰ জীৱনৰ হেঙাৰ হৈ পৰিছে। কথাবোৰ ভাবি চিন্তি ভাল চাহৰ দোকানত বাইক ৰখাই, দুয়ো হাত মুখ ভালদৰে ধুলে। খোৱা বস্তু কেইবিধমান মালতীবাইক দি নিজেও দুটামান খালে। চিগাৰেট এটা জ্বলাই লওতেই, ঘৰৰ পৰা মোবাইল ফোন বাজি উঠিল, মুৰ্গী এটা লৈ যোৱাৰ কথা কৈছে।

        মোবাইলটো হোৱাৰ পৰা কিমান যে সুবিধা হৈছে ? এটা সময় আছিল, ফোন এটা কৰিবলৈ কিমান কষ্ট কৰিবলগীয়া হৈছিল ? ওচৰৰ পি চি অ' লৈ গৈ শাৰী পাতি থাকিব লাগিছিল ! এটা সময়ত পি চি অ' এটা চলায়েই একো একোটা পৰিয়াল ধুনীয়াকৈ চলি আছিল। চহৰ-নগৰ, গাওঁ-ভূঞে কিমানযে পি চি অ' আছিল। সেই সময়ত নিজৰ পি চি অ' এটা থকাটো কম গৌৰৱৰ কথা আছিল নে ? পিছে মোবাইল ওলোৱাৰ লগে লগে এই পি চি অ' বিলাকৰ তেতিয়া মালতীবাইৰ নিচিনা অৱস্থা হৈছিল। কিন্তু তেওঁলোকেও আজি বিকল্পৰ পথ বাছি ললে। বহুতেই পি চি অ'ৰ ঠাইত অনলাইন চাৰ্ভিচ চেন্টাৰ বনাই ল'লে।

'বাই তই চিন্তা নকৰিবি। মই তোক কিবা এটা কাম যোগাৰ কৰি দিম দে।"
"মই ঘৰৰ বাচন ধুৱাৰ বাদে বেলেগে কাম নাজনু নহৈ বাবা।"
"হ'ব বাই, তই খাই ল! মই চিন্তা কৰিম দে!"

        খাই-বৈ লোৱাৰ পিছত দুয়ো বজাৰলৈ গ'ল। মুৰ্গীবেপাৰী ৰতনৰ লগত কি কথা পাতিলে জানো, ভিতৰত পৰা এগাল মুৰ্গী ধৰি আনি দিলে। ওজন কৰি দৰ দাম কৰি বাৰটা ডাঙৰ ডাঙৰ মুৰ্গী লৈ ঘৰলৈ উভতিল। বাটতে মালতীবাইয়ে সুধিলে," "এমেন মাখা কি কৰবিয়ে তই ?"
"খাব লাগিব, বাই। লক-ডাউন আছে নহয় ? এটা এটাকৈ খাব লাগিব।"
বাইয়ে "হইদে" বুলি শলাগি থলে।

        বাইক গৈ মালতী বাইৰ চোতালত ৰখিল। ওচৰৰে গজেন মিস্ত্ৰীক মতাই আনি বাইৰ ঘৰৰ এটা ফালে মুৰ্গী ৰখাব পৰাকৈ বনাই দিলে।

        সুনন্দিয়ে বাইৰ হাতত টকা পাঁচশ দি, "বাই তই আৰু আজিৰ পৰা লোকৰ ঘৰে ঘৰে কাম বিচাৰি ফুৰিব নালাগে। মুৰ্গীকেইটাকে চাই মেলি থাকিবি। মুৰ্গীকেইটা ভাল। ৰতনে মোক বেয়া বস্তু নিদিয়ে। দুই এদিনতে মুৰ্গীয়ে কণী পাৰিবই।" বুলি তাৰে মাজৰ মতা মুৰ্গীটো লৈ ঘৰ পালে।

        পাছৰ সোমবাৰে ৰাতিপুৱাই মালতীবাই সুনন্দিৰ ঘৰ পালে। সুনন্দিৰ চিন্তা হ'ল, "কি বা হ'ল ?"
ৰূমালৰ টোপোলাটো আগবঢ়াই, ইকেইটা তই খাবি!"

টোপোলাটো খুলি চাই, "বাই কণী কিয় লৈ আহিছা ?"
"মুৰ্গীকেইটাই আনাৰ পাছৰ দিনৰ পৰাই কণী পাৰবা ধোৰছে নহ !"

"বাই মই মুৰ্গীকেইটা তোৰ কাৰণেহে আনিছো, তই কণীকেইটা বেছি-কিনি তেল নিমখ কিনিব পাৰিব।"

"বাবা, তেল নিমখ কিনাৰ কাৰণে মোক ইমান পইছা নালগে নহৈ।"

        বাইৰ মুখত হাঁহি দেখি সুনন্দি আত্মহাৰা হৈ চিঞৰি উঠিল, "কৰবী, ঐ কৰবী, বাই আজি দুপৰীয়া আমাৰ ঘৰতে ভাত খাই যাব হা।"

--------------------------------------------------------------------------------- 
  প্ৰশান্ত

Post a Comment

0 Comments