পুত্ৰ বা কন্যা সন্তান জন্ম হোৱাৰ ক্ষেত্ৰত দোষ কাৰ

পুত্ৰ বা কন্যা সন্তান জন্ম হোৱাৰ ক্ষেত্ৰত দোষ কাৰ?

    সাধাৰণতে প্ৰতিগৰাকী পিতৃ-মাতৃয়ে নিজৰ এজন পুত্ৰ সন্তান হোৱাটো বিচাৰে। এই ক্ষেত্ৰত বহুতে সফল হ'ব পাৰিছে। আন বহুতে হয়তো সফল হ'ব পাৰা নাই। পুত্ৰ সন্তান লাভৰ আশাত বহুতে তিনি চাৰিজনী কন্যা সন্তান লাভ কৰাও দেখা যায়। অৱশ্যে পুত্ৰ অথবা কন্যা সন্তানৰ বিভেদ দেখুৱাটো মোৰ ৰচনাটিৰ উদ্দেশ্য নহয়।

    সাধাৰণতে দেখা যায় যে যেতিয়াই মাতৃ এগৰাকীয়ে পুত্ৰ সন্তান এটা জন্ম দিবলৈ সামৰ্থ নহয়, সমস্ত দোষ সেই মাতৃগৰাকীৰ ওপৰত জাপি দিয়া হয়। ই কোনো কাৰণতে যুক্তিসংগত কথা হ'ব নোৱাৰে। তাৰ প্ৰত্যুত্তৰত মোক এই "দোষ কাৰ" প্ৰৱন্ধটো প্ৰস্তুত কৰিলোঁ-

    বুজিবলৈ সকলোৰে সহজ হোৱাকৈ কথাখিনি অতি চমুকৈ আৰু সৰলকৈ প্ৰস্তুত কৰা হ'ল-

    সন্তানৰ লিংগ নিৰ্ধাৰণৰ ক্ষেত্ৰত মানৱ দেহৰ কোষত থকা ক্ৰম'জম নামৰ এবিধ পদাৰ্থই বিশেষ ভূমিকা পালন কৰে। অৰ্থাৎ সন্তানটো ল'ৰা হ'ব নে ছোৱালী হ'ব সেইটো এই ক্ৰম'জমে নিৰ্ধাৰণ কৰে। সন্তানটোৰ প্ৰথম কোষটো পঠন হওঁতে পিতৃৰ পৰা এডাল আৰু মাতৃৰ পৰা এডাল ক্ৰম'জমৰ প্ৰয়োজন হয়, যিয়ে সন্তানৰ লিংগ নিৰ্ধাৰণ কৰে।

    সাধাৰণতে মানুহৰ শৰীৰত দুই ধৰণৰ "X" আৰু "Y" ক্ৰম'জম লগলাগি পুৰুষ আৰু মহিলা গঠন হয়। মহিলাৰ দেহত (XX) আৰু পুৰুষ দেহত (XY) ক্ৰম'জম থাকে।
(XX) মানে ছোৱালী।
(XY) মানে ল'ৰা সন্তান।

    এতিয়া আপুনিয়েই ভাবি চাওঁক, মাতৃগৰাকীয়ে নিজৰ গাত থকা (XX) পৰা আধা দিলে প্ৰতিবাৰে "X" ক্ৰম'জম এই দিব পাৰে।

    কিন্তু পিতৃ গৰাকী যিহেতু পুৰুষ (XY) থাকে তাৰ আধা কেতিয়াবা হয় "X" নহয় "Y" দিব পাৰে।
যদি পিতৃৰ (XY) পৰা X আহিল আৰু মাতৃৰ (XX) পৰা X আহিল তেতিয়া নতুন কোষটো পঠন হ'ব (XX) অৰ্থাৎ ছোৱালী।

    আৰু যদি পিতৃৰ (XY) পৰা Y আহিল আৰু মাতৃৰ (XX) পৰা X আহে তেতিয়া সন্তানৰ প্ৰথম কোষটো পঠন হ'ব (XY) অৰ্থাৎ ল'ৰা সন্তান।

    গতিকে, দেখা যায় যে পুত্ৰ বা কন্যা সন্তান জন্ম দিয়াৰ কথাটো পুৰুষ গৰাকীৰ ওপৰত নিৰ্ভৰ কৰে। মিছাতে মহিলাগৰাকীক নানান অপযশ দিয়া যায়।

গতিকে, দোষ কাৰ বিবেচনা কৰাৰ দায়িত্ব সহৃদয় পাঠকৰ হাতত অৰ্পন কৰিলোঁ।
-----------------------------------------------------------------------
    প্ৰশান্ত                                                                                                                                 

Post a Comment

0 Comments