ভাইৰাছ
আজিৰ দিনত এটা সঘনাই চৰ্চিত নাম হ'ল ভাইৰাছ। ভাইৰাছ এটি লেটিন শব্দ, যাৰ অৰ্থ হ'ল বিষ। ভাইৰাছ নিউক্লীয় প্ৰটিনৰ দ্বাৰা গঠিত অকোষীয় অণুবীক্ষণিক বস্তু। ই জীৱ আৰু জড়ৰ মধ্যম অৱস্থা। অৰ্থাৎ ই জীৱও নহয় জড়ও নহয়। ইয়াৰ লক্ষণৰ ফালৰ পৰা জীৱ আৰু কিছুমান লক্ষণৰ ফালৰ পৰা জড় পদাৰ্থৰ শাৰীত ৰাখিব পাৰি।ভাইৰাছৰ জীৱন চক্ৰত দুটা দশা বিদ্যমান- (১) বহি: কোষীয় আৰু (২) অন্ত: কোষীয়। ই মানুহ তথা অন্যান্য জীৱৰ দেহত প্ৰৱেশ কৰাৰ লগে লগে অন্ত: কোষীয় চক্ৰ আৰম্ভ হয় আৰু বিভিন্ন বেমাৰৰ সৃষ্টি কৰে।
ভাইৰাছ বোৰে পৰিৱেশ ভেদে কেতিয়াবা জীৱ আৰু কেতিয়াবা জড়ৰ লক্ষণ দেখুৱায়। বহি: কোষীয় অৱস্থাত ই জড় প্ৰকৃতি আৰু জীৱ কোষত প্ৰবেশ কৰাৰ পাছত ই জীৱৰ লক্ষণ দেখুৱায়। অৰ্থাৎ জীৱদেহৰ বাহিৰত থাকিলে জড়ৰ লক্ষণ আৰু জীৱ দেহৰ ভিতৰত ভাইৰাছ বোৰে জীৱৰ লক্ষণ দেখুৱায়। জীৱদেহৰ ভিতৰত ই বংশ বৃদ্ধি কৰিব পৰা হয়। বংশ বৃদ্ধি কৰিব পৰাটো যিহেতু জীৱৰ প্ৰধান লক্ষণ সেইফালৰ পৰা এই অৱস্থাত ইয়াক জীৱ বুলি কোৱাৰ অৱকাশ থাকে। ইয়াৰ নিজস্ব বিপাক ক্ৰিয়া কৰাৰ ক্ষমতা আৰু চলন ক্ষমতা নাই। উচ্চ উষ্ণতাত ভাইৰাছবোৰ ধ্বংস নহয়। প্ৰতিজৈৱিকৰ (এন্টিবায়'টিক) দ্বাৰাও ভাইৰাছ ইয়াক ধ্বংস কৰিব নোৱাৰি।
ইয়াৰ পৰা পৰিত্ৰাণৰ এটাই উপাই- যিকোনো উপায়েৰে ভাইৰাছক জীৱ দেহত প্ৰৱেশ কৰাত বাধা দিব লাগিব। লাগিলে ই নভেল কৰ'ণাই হওঁক বা আন কিবা ভাইৰাছেই হওঁক।
সাধাৰণতে যিকোনো ভাইৰাছে মানব দেহত চকু, নাক আৰু হাতৰ যোগেদি মুখেৰে খোৱা খাদ্যৰ লগত প্ৰৱেশ কৰে। সেয়েহে ভাইৰাছ মানুহৰ দেহত প্ৰৱেশৰ পথ বন্ধ কৰিবলৈ মাক্স ব্যৱহাৰ কৰা, খোৱাৰ আগতে ভালদৰে চাবোনেৰে হাত ধোৱা, হাতত চেনিটাইজাৰ ব্যৱহাৰ কৰা আদি কাম কৰিলে ভাইৰাছক মানুহৰ দেহত প্ৰৱেশত বাধা দিব পাৰি। লগতে নিজে নিৰোগী থকাৰ লগতে আনকো ভাইৰাছ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি।

0 Comments
Please do not enter any spam link in the comment box.