অসমীয়া কবিতাৰ ক্ৰমবিকাশ-
অসমীয়া কাব্য সাহিত্যৰ প্ৰাচীনতম লিখিত ৰূপ বুলি ক'লে চৰ্যাপদ সমূহকে বুজা যায়। তথাপি, এই চৰ্যাপদ সমূহৰ পূৰ্বেও কিছুমান কবিতা মানুহৰ মাজত মুখে মুখে প্ৰচলিন হৈ আছিল। এইবোৰৰ ৰচনাকাল সঠিককৈ ক'ব পৰা নাযায়। যুগ যুগ ধৰি মানুহৰ মুখ বাগৰি আহোঁতে বিষয় আৰু ভাষাগত বা সুৰৰ পাৰ্থক্য হোৱাটো স্বাভাৱিক। মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন সমূহক মৌখিক সাহিত্য তথা অসমীয়া কবিতাৰ প্ৰাচীনতম ৰূপ বুলি কোৱা হয়। এই মন্ত্ৰ সমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হয়। সেইবোৰ হ'ল-
(১) প্ৰাৰ্থনা মন্ত্ৰ: বিভিন্ন প্ৰসংগত দেৱ-দেৱীৰ কৃপা বিচাৰি কৰা স্তুতি বা প্ৰাৰ্থনা সমূহ এই মন্ত্ৰৰ অন্তৰ্গত।
(২) ধৰ্মীয় কৃত্যৰ লগত জড়িত মন্ত্ৰ: হোম-যজ্ঞ পূজা আদিৰ লগত জড়িত মন্ত্ৰ সমূহ ইয়াৰ অন্তৰ্গত।
(৩) যাদু বিদ্যাৰ লগত জড়িত মন্ত্ৰ : বেমাৰ-আজাৰ আদি নিৰাময় কৰাৰ বাবে ব্যৱহাৰ কৰা মন্ত্ৰ সমূহ ইয়াত অন্তৰ্ভূক্ত।
প্ৰাচীন কামৰূপ তন্ত্ৰ- মন্ত্ৰৰ বাবে বিখ্যাত আছিল।অষ্টম- নৱম শতিকাৰ বিখ্যাত দাৰ্শনিক শংকৰাচাৰ্যৰ জীৱন কাহিনীৰ লগত কামৰূপৰ তন্ত্ৰ-মন্ত্ৰৰ কথা জড়িত হৈ আছে। প্ৰচলিত কিম্বদন্তি অনুসৰি অভিনৱ গুপ্ত নামৰ এজন ব্যক্তিয়ে তান্ত্ৰিক অভিচাৰ কৰি শংকৰাচাৰ্যৰ মৃত্যু ঘটাইছিল।
তন্ত্ৰ- মন্ত্ৰৰ মূলতে আছিল নাৰী শক্তি। তান্ত্ৰিক পূজাৰ বাবে মদ, মাংস আৰু নাৰী অত্যাৱশ্যকীয় অংগ।বেজালি, বিষালি, সৰ্বঢাক, কৰতি আদি বিভিন্ন মন্ত্ৰৰ বিষয়বস্তু মূলতঃ শিৱ-পাৰ্বতি, নেতা- পদ্মাৱতী আদিৰ প্ৰেমলীলা।
তলত এটা সিদ্ধি মন্ত্ৰ উল্লেখ কৰা হ'ল-
"সিদ্ধ গুৰুৰ পাৱ,
ৰক্ষা কৰ কামৰূপৰ কামাখ্যা মাৱ।"
ডাকৰ বচন:-
মৌখিক কাব্যৰ আনটো ধাৰা হ'ল ডাকৰ বচন সমূহ। অসমত প্ৰচলিত পৰম্পৰা অনুসৰি জন্ম হৈয়েই ডাক দিয়াৰ বাবে ডাক পুৰুষৰ নাম ডাক ৰখা হৈছিল। যিজন সিদ্ধ পুৰুষে ভবিষ্যতৰ কথা ক'ব পাৰিছিল তেৱেই ডাক। ডাকৰ বচন সমুহত নানা বিষয় সামৰি লোৱা হৈছে। সেইবোৰ হ'ল
(১) জন্ম প্ৰকৰণ :
সন্তান জন্মিলে প্ৰসূতি আৰু সন্তানৰ যত্ন কেনে ধৰণৰ ল'ব লাগে তাৰ উল্লেখ আছে এনেদৰে -
কলিয়া তুলসী বেলৰ পাত।
মুঠায়ে সহিতে বাটি-পতাত।।
তপত কৰিয়া জননী খাইব।
তেখেনে নাড়ী দৃঢ়ক পাইব।।
যেবে সুতিকাৰ ৰাখিব জীৱ।
যতন কৰিয়া ঔষধ দিব।।
(২) ধৰ্ম প্ৰকৰণ :
প্ৰাচীন কালত জনকল্যানৰ বাবে বৃক্ষৰোপণ, পুখুৰী খন্দা, মঠ- মন্দিৰ আদি নিৰ্মাণ কৰ্মত গুৰুত্ব আৰোপ কৰা হৈছিল। তেনে এটা জনপ্ৰিয় ডাকৰ বচন উল্লেখ কৰা হ'ল-
তেবেসে ধৰ্মক ধৰিবা জানি।
পুখুৰী খানিয়া ৰাখিবা পানী।।
বৃক্ষ ৰোপণত অধিক ধৰ্ম।
মঠ-মণ্ডপ গুৰুতৰ কৰ্ম।।
(৩) নীতি প্ৰকৰণ :
সমাজ এখন বৰ্তি থাকিবলৈ হ'লে সমাজৰ কিছু নীতি নিৰ্দেশনা মানি চলিব লাগে। ডাকে এই বিষয়ে কৈছে-
ৰান্ধন শালত নাবাজে পটা।
স্নান অৱসানে নভৈল ফোঁটা।।
শীতকালে যাৰ নভৈল বস্ত্ৰ।
যুদ্ধ সময়ত ধুকাইল অস্ত্ৰ।।
যজ্ঞ অৱসানে নাই দক্ষিণা।
বোলন্ত ডাকে পাঞ্চো বিড়ম্বনা।।
(৪) ৰাজনীতি প্ৰকৰণ :
ৰজাক চিনিবা দানত।
ঘোঁৰাক চিনিবা কাণত।।
খুৰক চিনিবা শানত।
তিৰীক চিনিবা স্নানত।।
(৫) ৰন্ধন প্ৰকৰণ :
অসমীয়া নাৰীয়ে কেনেকৈ সুস্বাদু ব্যঞ্জন ৰান্ধিব পাৰে তাৰো দিহা ডাকৰ বচনত পোৱা যায়-
মাগুৰ মাছৰ চিৰকুটিয়া।
হালধি মৰিচ হিংগক দিয়া।।
তৈল লোণ দি কৰিব পাক।
ভাল ব্যঞ্জন বোলয় ডাক।।
চাউল দিবা যতেক ততেক।
পানী দিবা তিনি তেতেক।।
যেবে দেখা নিসিজে চাউল।
তেবে বুলিবা ডাকক বাউল।।
(৬) গৃহিণী লক্ষণ :
কাষত কলচী জলক যাই।
তলমূৰ কৰি কাকো নাচাই।।
যি পথে যাই সেই পথে আসে।
ডাকে বোলে ভাল মনত বাসে।।
(৭) পৰিত্যাগ কথন :
তিনি নাৰী যাৰ একেটি পতি।
তাক পৰিহৰ বোলোহো আমি।।
পৰিহৰ সততে পৰ অন্ন আস।
পৰিহৰ শূন্য নগৰে নিবাস।।
পৰিহৰ শুকটি মৎসৰ জোল।
পৰিহৰ অসতী জনৰ বোল ।।
পৰিহৰ মন্দিৰ সন্মুখে বাট।
পৰিহৰ যুৱতী যি কৰে হাট।।
(৮) কৃষি লক্ষণ :
ৰ'দে বৰষুণে সমে যাই।
তেবেসে কৃষিৰ লাভক পাই।।
মাঘী সপ্তমীত বৰিষে দেৱ।
বেহা এৰি কৰা নাঙল সেৱ।।
শীত সৰিয়হ মীত মাহ।
শাওণত নাকাটে বেত-বাঁহ।।
ভাদৰ চাৰি আহিনৰ চাৰি।
মাহ ব'বা যিমান পাৰি।।
শীত সৰিয়হ মীত মাহ।
গণ্ডযোগত নুৰুইবা বাঁহ।।
(৯) বৃষ লক্ষণ :
গাঁৱৰ বলদ নিকটৰ ভূঁই।
ইয়াক নেৰিবা জানন্তা হুই।।
জিকাৰু বিচাৰি কিনিবা গাই।
সৰু মুহ পাচ ভাংগৰী চাই।।
(১০) জ্যোতিষ প্ৰকৰণ :
সোমে শনি পূৱে বাস।
দুটি গ'লে এটি নাশ।।
উত্তৰে কৰিবা শংকা।
গাৰ লটি ঘটি ভৰিবা টংকা।।
হেট মুণ্ড পাৱ উপৰ কৰি।
জলৰ মধ্যেত থাকিব মৰি।।
(১১) বৰ্ষা লক্ষণ :
আহাৰৰ নৱমী শুক্লা পক্ষত।
যদি নবৰিষে ভূমি তলত।।
হাল ৰাখিয়া চিন্তিয়ো দেৱ।
ৰাজ্যৰ গৃহত কৰিয়ো সেৱ।।
অসমীয়া জাতীয় জীৱনৰ সকলোবোৰ দিশ ডাকৰ বচনত পোৱা যায়। লোকজীৱনৰ অভিজ্ঞতা ৰাজিৰ সংৰক্ষণ আৰু সংবৰ্ধনত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। অসমীয়া কবিতাৰ ক্ৰমবিকাশত মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন সমূহে বিশেষ ভূমিকা পালন কৰি আহিছে।
............................................................................................................................................
প্ৰশান্ত শইকীয়া।
প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.