ডাকৰ বচন
অসমীয়া কাব্য সাহিত্যৰ প্ৰাচীনতম লিখিত ৰূপ বুলি ক'লে চৰ্যাপদ সমূহকে বুজা যায়। তথাপি, এই চৰ্যাপদ সমূহৰ পূৰ্বেও কিছুমান কবিতা মানুহৰ মাজত মুখে মুখে প্ৰচলিন হৈ আছিল। এইবোৰৰ ৰচনাকাল সঠিককৈ ক'ব পৰা নাযায়। যুগ যুগ ধৰি মানুহৰ মুখ বাগৰি আহোঁতে বিষয় আৰু ভাষাগত বা সুৰৰ পাৰ্থক্য হোৱাটো স্বাভাৱিক।মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন সমূহক মৌখিক সাহিত্য তথা অসমীয়া কবিতাৰ প্ৰাচীনতম ৰূপ বুলি কোৱা হয়। এই মন্ত্ৰ সমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হয়। সেইবোৰ হ'ল-
(১) প্ৰাৰ্থনা মন্ত্ৰ
(২) ধৰ্মীয় কৃত্যৰ লগত জড়িত মন্ত্ৰ আৰু
(৩) যাদু বিদ্যাৰ লগত জড়িত মন্ত্ৰ।
(১) প্ৰাৰ্থনা মন্ত্ৰ- বিভিন্ন প্ৰসংগত দেৱ-দেৱীৰ কৃপা বিচাৰি কৰা স্তুতি বা প্ৰাৰ্থনা সমূহ এই মন্ত্ৰৰ অন্তৰ্গত।
(২) ধৰ্মীয় কৃত্যৰ লগত জড়িত মন্ত্ৰ- হোম-যজ্ঞ পূজা আদিৰ লগত জড়িত মন্ত্ৰ সমূহ ইয়াৰ অন্তৰ্গত।
(৩) যাদু বিদ্যাৰ লগত জড়িত মন্ত্ৰ- বেমাৰ-আজাৰ আদি নিৰাময় কৰাৰ বাবে ব্যৱহাৰ কৰা মন্ত্ৰ সমূহ ইয়াত অন্তৰ্ভূক্ত।
প্ৰাচীন কামৰূপ তন্ত্ৰ- মন্ত্ৰৰ বাবে বিখ্যাত আছিল।অষ্টম- নৱম শতিকাৰ বিখ্যাত দাৰ্শনিক শংকৰাচাৰ্যৰ জীৱন কাহিনীৰ লগত কামৰূপৰ তন্ত্ৰ-মন্ত্ৰৰ কথা জড়িত হৈ আছে। প্ৰচলিত কিম্বদন্তি অনুসৰি অভিনৱ গুপ্ত নামৰ এজন ব্যক্তিয়ে তান্ত্ৰিক অভিচাৰ কৰি শংকৰাচাৰ্যৰ মৃত্যু ঘটাইছিল।
তন্ত্ৰ- মন্ত্ৰৰ মূলতে আছিল নাৰী শক্তি। তান্ত্ৰিক পূজাৰ বাবে মদ, মাংস আৰু নাৰী অত্যাৱশ্যকীয় অংগ।বেজালি, বিষালি, সৰ্বঢাক, কৰতি আদি বিভিন্ন মন্ত্ৰৰ বিষয়বস্তু মূলতঃ শিৱ-পাৰ্বতি, নেতা- পদ্মাৱতী আদিৰ প্ৰেমলীলা। তলত এটা সিদ্ধি মন্ত্ৰ উল্লেখ কৰা হ'ল-
সিদ্ধ গুৰুৰ পাৱ,
ৰক্ষা কৰ কামৰূপৰ কামাখ্যা মাৱ।
ডাকৰ বচন-
মৌখিক কাব্যৰ আনটো ধাৰা হ'ল ডাকৰ বচন সমূহ। অসমত প্ৰচলিত পৰম্পৰা অনুসৰি জন্ম হৈয়েই ডাক দিয়াৰ বাবে ডাক পুৰুষৰ নাম ডাক ৰখা হৈছিল। যিজন সিদ্ধ পুৰুষে ভবিষ্যতৰ কথা ক'ব পাৰিছিল তেৱেই ডাক।অসমত প্ৰচলিত পৰম্পৰা অনুসৰি জন্ম হৈয়েই ডাক দিয়াৰ বাবে ডাক পুৰুষৰ নাম ডাক ৰখা হৈছিল। যিজন সিদ্ধ পুৰুষে ভৱিষ্যতৰ কথা ক'ব পাৰে, নাইবা ভৱিষ্যত বাণী কৰিব পাৰে তেৱেঁই ডাক। গতিকে ডাকপুৰুষ সমাসবদ্ধ পদটোৰ প্ৰয়োগ বিশেষণ ৰূপেহে হয়, বিশেষ ৰূপে নহয়। বঙ্গ দেশত ডাক পুৰুষক জ্যোতিষী ৰূপে প্ৰসিদ্ধ। গতিকে ডাকৰ ঘোষণা বা উক্তিয়েই হ'ল ডাকৰ বচন। তিব্বতী ভাষাত "ডাক" শব্দৰ অৰ্থ হ'ল জ্ঞান। গতিকে ডাকৰ বচন মানে জ্ঞানীজনৰ প্ৰবচন।
"ডাক" ইতিহাস প্ৰসিদ্ধ ব্যক্তি হয় নে নহয়, এই সম্পৰ্কে যথেষ্ট মত পাৰ্থক্য থকা দেখা যায়। অধ্যাপক আশুতোষ ভট্টাচাৰ্য্যই তেওঁৰ বাংলাৰ লোকসাহিত্য শীৰ্ষক গ্ৰন্থত খনাৰ বচন, ডাকৰ বচনক "নৈসৰ্গিক চড়া"ৰ ভিতৰত ধৰিছে আৰু এনেদৰে লিখিছে- "ডাক কোনো ব্যক্তিৰ নাম নহয়, এক শ্ৰেণীৰ বৌদ্ধতান্ত্ৰিক সাধককে"ডাক" বোলা হৈছিল।"
ডাকাৰ্ণৱতো ঠিক একে ধৰণৰ ইংগিত পোৱা যায়-
"অন্তৰালেষু যচ্চিত্তং তচ্চিত্তং সৰমসীগতম্।
ডাক: সম্ভৱতে তস্মাৎ মহামণ্ডল যোগত:।।"
বংগদেশ আৰু বাংলাদেশত খনা আৰু ডাক একাকাৰ হৈ পৰিছে। কোনো কোনো পণ্ডিতৰ মতে বংগদেশত প্ৰচলিত খনাৰ বচনবোৰেই অসম আৰু মিথিলাত ডাকৰ বচন ৰূপে পৰিগণিত হয়। অসম আৰু বংগত ডাকৰ নামত প্ৰচলিত প্ৰবন্ধবোৰৰ মাজত বহুতো সাদৃশ্য লক্ষ্য কৰা যায়। আনহাতে, অসম আৰু বাংলাদেশৰ দৰেই পশ্চিম উৰিষ্যাৰ লোকসমাজত প্ৰচলিত কৃষি আৰু জ্যোতিষৰ সৈতে জড়িত বচনসমূহক ডাকৰ সৈতে সাঙোৰা হৈছে। অসম বংগ আৰু উৰিষ্যাৰ দৰে মিথিলাতো ডাকৰ বচনৰ প্ৰচলন আছে। অসমীয়া ডাকৰ বচনৰ লগত মৈথিলী ভাষাত প্ৰচলিত ডাকৰ বচনৰো সাদৃশ্য লক্ষ্য কৰা যায়। বাংলা, মিথিলা আৰু ভোজপুৰী পৰম্পৰাত ডাকৰ বচনৰ স্ৰষ্টা ডাক পুৰুষক গোৱালৰ সন্তান বুলি দেখুওৱা হৈছে। আনহাতে, অসমীয়া পৰম্পৰা মতে ডাকৰ জন্ম কুমাৰণীৰ গৰ্ভত। বৰাহ মিহিৰৰ আশীৰ্বাদত কুমাৰণীৰ গৰ্ভত ডাকৰ জন্ম হোৱা বুলি অসমত যেনেদৰে প্ৰবাদ আছে। আনহাতে, কোনো কোনো প্ৰবাদত তেওঁক উত্তম ব্ৰাহ্মণৰ ঘৰত জন্ম হোৱা বুলিও উল্লেখ আছে। বাংলা পৰম্পৰাতো বৰাহ মিহিৰৰ কৃপাত ডাকৰ জন্ম হোৱা বুলি উল্লেখ আছে। উৰিষ্যাত প্ৰচলিত পৰম্পৰা অনুসৰি ডাকৰ জন্ম হৈছিল অস্পৃশ্য কন্যাৰ গৰ্ভত। বংগদেশত প্ৰচলিত পৰম্পৰাৰ নিচিনাকৈ মিথিলাৰ ডাকো আছিল গোৱালৰ ল'ৰা আৰু বৰাহ মিহিৰৰ ঔৰসত তেওঁৰ জন্ম। ভোজপুৰী পৰম্পৰাত গোৱালৰ ঘৰত ডাক পুৰুষৰ জন্ম হৈছিল বুলি উল্লেখ আছে। আনহাতে, উত্তৰ প্ৰদেশত প্ৰচলিত প্ৰৱচনসমূহৰ লগত ঘাঘৰ নামটো সাঙুৰ খাই আছে। ঘাঘ আৰু ডাকৰ উদ্ভৱ যে একেটা পৰম্পৰাৰ পৰাই হৈছে, তাৰ আভাস পোৱা যায় দুয়োৰে জ্যোতিষ চৰ্চাৰ সৈতে থকা সম্পৰ্কত। বিহাৰ, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত প্ৰচলিত প্ৰবচনসমূহৰ সৈতে ভড্ডৰ আৰু ভড্ডৰীৰ নামটো জড়িত হৈ আছে। তাৎপৰ্যপূৰ্ণভাৱে ভড্ডৰৰ বৃত্তিত এগৰাকী জ্যোতিষী আৰু ভড্ডৰৰ মাক এগৰাকী গোৱালিনী। ৰাজস্থানতো ভড্ডৰ, ভড্ডৰী আৰু ডঙ্ক পৰম্পৰা দীৰ্ঘদিন ধৰি মৌখিকভাৱে প্ৰচলিত হৈ আহিছে। ৰাজস্থানৰ ডঙ্ক পৰম্পৰাৰ সৈতে পূৰ্ব ভাৰতত প্ৰচলিত ডাক পৰম্পৰাৰ কোনো পাৰ্থক্য নাই। ভাৰতবৰ্ষৰ আন আন প্ৰদেশতো ডাক বা খনাৰ বচনৰ অনুৰূপ বিবিধ বচনৰ প্ৰচলন আছে।
গতিকে দেখা যায় যে ডাক পুৰুষ কোনো ঐতিহাসিক ব্যক্তি নহয়। ডাক, খনা, ডঙ্ক, ভড্ডৰ প্ৰভৃতি দৰাচলতে লোকসমাজত প্ৰচলিত মৌলিক পৰম্পৰাহে। অতীত কালৰে পৰা ই জনসাধাৰণৰ মাজত মৌখিকভাৱে প্ৰচলিত হৈ কৃষি, জ্যোতিষ আৰু যাত্ৰাবিচাৰ প্ৰভৃতি কথাসমূহ জনসাধাৰণে ডাক, ভড্ডৰ,খনা, ডঙ্ক, ঘাঘ, প্ৰভৃতি কাল্পনিক নামৰ সৈতে সংযুক্ত কৰি দিছিল। সেইবাবে এওঁলোকৰ জন্মদিন, জন্মস্থান, পিতৃ-মাতৃৰ নাম আদিৰ নিৰ্ভৰযোগ্য তথ্য ক'তো পোৱা নাযায়।
লোকসাহিত্যই যুগ যুগ ধৰি জনজীৱনৰ ওপৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। অসমীয়া নিৰক্ষৰ জনসাধাৰণৰ বাবে "ডাকৰ বচন" বেদৰ বাণীৰ দৰেই ব্যৱহাৰিক জ্ঞানৰ এখন মৌলিক বিশ্বকোষ স্বৰূপ। তেওঁলোকৰ কোনোবাই বেদ নামানিব পাৰে, কিন্তু "ডাকৰ বচন" তেওঁলোকে মানিবই। এই বাণীসমূহ জনগণৰ বাবে বিবেক বাণী স্বৰূপ। কৃষিজীৱী লোকৰ লাগতিয়াল আৰু ব্যৱহাৰিক অভিজ্ঞতা, শুভাশুভৰ ধাৰণা, বিশ্বাস-অবিশ্বাসৰ আধাৰভূমি এই "ডাকৰ বচনসমূহ। ডাকৰ বচন সমূহত বিভিন্ন দিশ সামৰি লোৱা হৈছে। তাৰ ভিতৰত-
(১) জন্ম প্ৰকৰণ (২) ধৰ্ম প্ৰকৰণ (৩) নীতি প্ৰকৰণ (৪) ৰাজনীতি প্ৰকৰণ (৫) ৰন্ধন প্ৰকৰণ (৬) গৃহিণী লক্ষণ (৭) পৰিত্যাগ কথন (৮) কৃষি লক্ষণ (৯) বৃষ লক্ষণ (১০) জ্যোতিষ প্ৰকৰণ আৰু (১১) বৰ্ষা লক্ষণেই প্ৰধান।
"ডাকৰ বচনে" যুগ যুগ ধৰি লাভ কৰা অভিজ্ঞতা সমূহৰ যোগেদি সমাজ জীৱনৰ বিভিন্ন সমস্যা সমাধানৰ পথ মুকলি হৈছিল। বিশেষকৈ কৃষিজীৱি লোকৰ বিভিন্ন সমস্যাৰ সমাধান এই "ডাকৰ বচন"ত পোৱা যায়। "ডাকৰ বচন"ৰ নিচিনা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত খনাৰ বচন, ডঙ্ক, ভড্ডৰ, ভড্ডৰী আদিৰ উল্লেখ পোৱা যায়। এই আটাইবোৰ ব্যক্তিৰ স্ৰষ্টা হিচাপে একোজন বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰিলেও ডাক,খনা, ডঙ্ক, ভড্ডৰ আদি যে ঐতিহাসিক ব্যক্তি নহয়, সেই সম্পৰ্কে বিভিন্নজনে মত প্ৰকাশ কৰিছে। তাৰ বিপৰীতে বহুতেই এই প্ৰবচনসমূহ এটা জাতিৰ পুৰুষাণুক্ৰমে সংৰক্ষিত জ্ঞানৰ সামগ্ৰীক ৰূপ বুলি ক'ব খোজে। ডাকৰ বচন সমুহত নানা বিষয় সামৰি লোৱা হৈছে। সেইবোৰ হ'ল
(১) জন্ম প্ৰকৰণ-
সন্তান জন্মিলে প্ৰসূতি আৰু সন্তানৰ যত্ন কেনে ধৰণৰ ল'ব লাগে তাৰ উল্লেখ আছে এনেদৰে -কলিয়া তুলসী বেলৰ পাত।
মুঠায়ে সহিতে বাটি-পতাত।।
তপত কৰিয়া জননী খাইব।
তেখেনে নাড়ী দৃঢ়ক পাইব।।
যেবে সুতিকাৰ ৰাখিব জীৱ।
যতন কৰিয়া ঔষধ দিব।।
সুতিকা নিকতে ৰাখিবা অস্ত্ৰ।
গৃহ চাৰিচুকে দ্বাৰ মুখত।
বচ সিজু আদি ৰুইবে শকত।।
অশৌচ বাজে মঙ্গল কৰি।
সূৰ্য্যক দেখাইব নয়ন ভৰি।।
(২) ধৰ্ম প্ৰকৰণ-
প্ৰাচীন কালত জনকল্যানৰ বাবে বৃক্ষৰোপণ, পুখুৰী খন্দা, মঠ- মন্দিৰ আদি নিৰ্মাণ কৰ্মত গুৰুত্ব আৰোপ কৰা হৈছিল। তেনে এটা জনপ্ৰিয় ডাকৰ বচন উল্লেখ কৰা হ'ল-তেবেসে ধৰ্মক ধৰিবা জানি।
পুখুৰী খানিয়া ৰাখিবা পানী।।
বৃক্ষ ৰোপণত অধিক ধৰ্ম।
মঠ-মণ্ডপ গুৰুতৰ কৰ্ম।।
(৩) নীতি প্ৰকৰণ-
সমাজ এখন বৰ্তি থাকিবলৈ হ'লে সমাজৰ কিছু নীতি নিৰ্দেশনা মানি চলিব লাগে। ডাকে এই বিষয়ে কৈছে-ৰান্ধন শালত নাবাজে পটা।
স্নান অৱসানে নভৈল ফোঁটা।।
শীতকালে যাৰ নভৈল বস্ত্ৰ।
যুদ্ধ সময়ত ধুকাইল অস্ত্ৰ।।
যজ্ঞ অৱসানে নাই দক্ষিণা।
বোলন্ত ডাকে পাঞ্চো বিড়ম্বনা।।
ষাঠি বছৰত বোলে আই।
আহাৰ শাওণত দোহে গাই।।
পুহত আহু জেঠত শালি
তেবেসে জানিবা গৃহস্থালি।।
উৰুখা ঘৰত বাৰিষা থাকে।
যুৱতী কন্যাক ঘৰত ৰাখে।।
আতুৰ গ্ৰাসে খাৱক ভাত।
ধৰুৱা গৃহস্থক নিদিয়ে মাত।।
চোৰে এৰে কৰে সঙ্গ।
ইতিনিৰ জানিবা ভঙ্গ।।
(৪) ৰাজনীতি প্ৰকৰণ-
ৰজাৰ সেৱাত সকলো পাই।দুগ্ধত যেন গুৰ মিশলাই।।
এক মন কৰি সেৱিবা ৰাজ।
তেবেসে সিজিব সমস্ত কাজ।।
ৰজাক চিনিবা দানত।
ঘোঁৰাক চিনিবা কাণত।।
খুৰক চিনিবা সানত।
তিৰীক চিনিবা ম্লানত।।
(৫) ৰন্ধন প্ৰকৰণ-
অসমীয়া নাৰীয়ে কেনেকৈ সুস্বাদু ব্যঞ্জন ৰান্ধিব পাৰে তাৰো দিহা ডাকৰ বচনত পোৱা যায়-মাগুৰ মাছৰ চিৰকুটিয়া।
হালধি মৰিচ হিংগক দিয়া।।
তৈল লোণ দি কৰিব পাক।
ভাল ব্যঞ্জন বোলয় ডাক।।
চাউল দিবা যতেক ততেক।
পানী দিবা তিনি তেতেক।।
যেবে দেখা নিসিজে চাউল।
তেবে বুলিবা ডাকক বাউল।।
(৬) গৃহিণী লক্ষণ-
সম সৰু দান্ত লাৱণ্য মাত।গৃহে বাতি দেই সন্ধা বেলাত।।
ৰন্ধন কৰয় বচন মিষ্ট।
সেই গৃহিণীক বোলয় ইষ্ট।।
যি নাৰী প্ৰভাতে নিদ্ৰাক যায়।
বসি শয্যাত সূৰ্য্যক পায়।।
উদয় কালত নিলিপে ঘৰ।
ডাকে বোলে তাইক ছাড়িয়ো নৰ।।
কাষত কলচী জলক যাই।
তলমূৰ কৰি কাকো নাচাই।।
যি পথে যাই সেই পথে আসে।
ডাকে বোলে ভাল মনত বাসে।।
(৭) পৰিত্যাগ কথন-
তিনি নাৰী যাৰ একেটি পতি।তাক পৰিহৰ বোলোহো আমি।।
পৰিহৰ সততে পৰ অন্ন আস।
পৰিহৰ শূন্য নগৰে নিবাস।।
পৰিহৰ শুকটি মৎসৰ জোল।
পৰিহৰ অসতী জনৰ বোল ।।
পৰিহৰ মন্দিৰ সন্মুখে বাট।
পৰিহৰ যুৱতী যি কৰে হাট।।
(৮) কৃষি লক্ষণ-
ৰ'দে বৰষুণে সমে যাই।তেবেসে কৃষিৰ লাভক পাই।।
মাঘী সপ্তমীত বৰিষে দেৱ।
বেহা এৰি কৰা নাঙল সেৱ।।
শীত সৰিয়হ মীত মাহ।
শাওণত নাকাটে বেত-বাঁহ।।
ভাদৰ চাৰি আহিনৰ চাৰি।
মাহ ব'বা যিমান পাৰি।।
শীত সৰিয়হ মীত মাহ।
গণ্ডযোগত নুৰুইবা বাঁহ।।"
(৯) বৃষ লক্ষণ-
গৰু কিনিবা চিকন জালি।দুই চাৰি ছয় দন্তীয় ডালি।।
হৰিণৰ সমান জিহ্বা কাণ।
হেন বলদ বিচাৰি আন।।
গাঁৱৰ বলদ নিকটৰ ভূঁই।
ইয়াক নেৰিবা জানন্তা হুই।।
জিকাৰু বিচাৰি কিনিবা গাই।
সৰু মুহ পাচ ভাঙ্গৰী চাই।।
তালযুৰিয়া বৱে হাল।
ভাতে নাটে সৰ্বতিকাল।।
গৰু কিনিবা নিঘুত বগা।
বোলন্ত ডাকে মই হও লগা।।"
(১০) জ্যোতিষ প্ৰকৰণ-
লগ্নৰ লগত শনিৰ মেলা।সকলো কাৰ্যত কৰাৱে হেলা।।
সপ্তমত মঙ্গলে দেখয় যেৱে।
মেঘৰ নাদত মৰিব তেবে।।
দধি মধু ঘৃত শুক্ল তণ্ডুল।
শুকুলা চামৰ শুকুলা ফুল।।
হংস দৈৱজ্ঞ সুন্দৰী কন্যা।
মাত্ৰাৰ কালত সকলো ধন্যা।।
নাম অক্ষৰ দুই মাত্ৰা কৰি।
নাম স্থিৰ কৰ পুৰুষ নাৰী।।
বেদে হৰি পাইব ভাগ।
তেবে পাইব জীৱন মৰণ লাগ।।
শূণ্যে একে মৰে পতি।
দুই পালে মৰে যুৱতী।।
তিনি পাইলে উভয় মৰণ।
ডাকৰ এই নিচয় বচন।।
সোমে শনি পূৱে বাস।
দুটি গ'লে এটি নাশ।।
উত্তৰে কৰিবা শংকা।
গাৰ লটি ঘটি ভৰিবা টংকা।।
হেট মুণ্ড পাৱ উপৰ কৰি।
জলৰ মধ্যেত থাকিব মৰি।।
(১১) বৰ্ষা লক্ষণ-
আহাৰৰ নৱমী শুক্লা পক্ষত।যদি নবৰিষে ভূমি তলত।।
হাল ৰাখিয়া চিন্তিয়ো দেৱ।
ৰাজ্যৰ গৃহত কৰিয়ো সেৱ।।
মাঘ মাহত ৰোহিনী নক্ষত্ৰ
যদি নবৰিষে দেৱ।
ভাল ডোল বেছি কৰ সব লোক
দেৱী মহাদেৱক সেৱ।।
বৰ্ষা কালত বেঙ্গৰ ৰাও।
হাল গৰু লৈয়া পথাৰক ধাও।।
জেঠ মাহত গ'ল বিনা নাঙলে।
তাহাৰ কিমতে কিৰিষি ফলে।।
তিনিশ ষাঠি জোপা ৰুবা কল।
মাহেকে পষেকে চিকুনাবা তল।।
পাত পচলা লাভত খাবা।
লঘকাৰ বণিজ ঘৰতে পাবা।।"
অসমীয়া জাতীয় জীৱনৰ সকলোবোৰ দিশ ডাকৰ বচনত পোৱা যায়। লোকজীৱনৰ অভিজ্ঞতাৰাজিৰ সংৰক্ষণ আৰু সংবৰ্ধনত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। অসমীয়া কবিতাৰ ক্ৰমবিকাশত মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন সমূহে বিশেষ ভূমিকা পালন কৰি আহিছে।
----------------------------------------------------------------------------------
0 Comments
Please do not enter any spam link in the comment box.