য'ত | যত |

য'ত, যত


য'ত আৰু যত শব্দ দুটা দেখাত একে যেন লাগিলেও ইয়াৰ উচ্চাৰণ আৰু অৰ্থৰ ফালৰ পৰা শব্দ দুটাৰ মাজত বহুত পাৰ্থক্য থকা দেখা যায়।

উচ্চাৰণৰ ফালৰ পৰা "য'ত" শব্দটো ( জোত ) শব্দৰ নিচিনা উচ্চাৰিত হয়। সেইদৰে যত শব্দটো ( জত ) শব্দৰ নিচিনা অৰ্থৰ ফালৰ পৰা য'ত শব্দই যি ঠাইত অৰ্থ বুজায়। যেনে-

১/ ৰোমানিয়াৰ ট্ৰাঞ্চলেভনীয়া নামৰ ঠাইত "হোৱা বস্যু" নামেৰে এখন অৰণ্য আছে, য’ত যোৱাৰ পিছত কোনো লোক উভতি নাহে।

২/ য'ত য'ত ক'লা পতাকা দেখুৱাই পিছদিনা তাতেই বগা পতাকা দেখুৱাবলৈ আহ্বান জনোৱা হয়।

            আনহাতে, যত শব্দই সমস্ত বা সকলো অৰ্থ বুজায়। উদাহৰণ স্বৰূপে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নাম-ঘোষাৰ এটি প্ৰাৰ্থনাৰ কলি তুলি দিয়া হ'ল-

"ব্ৰহ্মা আদি কৰি জীৱ যত                       ৰাম ৰাম ৰাম ৰাম ৰাম
                        মায়াশয্যা মাজে আছয় ঘুমটি যাই।
তুমিসে চৈতন্য সনাতন                           ৰাম ৰাম ৰাম ৰাম ৰাম
                      আমি অচেতন নিয়োক নাথ জগাই।।" 
 

Post a Comment

0 Comments