কবিতাৰ প্ৰতীক

কবিতাত প্ৰতীকৰ প্ৰয়োগ

কবিতাত প্ৰতীকৰ ব্যৱহাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰতীকৰ অৰ্থ হ'ল সংকেত বা নিদৰ্শন। শব্দ এটাই যেতিয়া তাৰ নিৰ্দিষ্ট আক্ষৰিক অৰ্থতকৈ অধিক বৃহত্তৰ ব্যঞ্জনা আনি দিয়ে তেতিয়া তাকেই প্ৰতীক আখ্যা দিয়া হয়। অৰ্থাৎ প্ৰতীকৰ আপাত অৰ্থ আৰু নিহিত অৰ্থ বঞ্জনাময়। হেনৰি দ্য ৰেনিয়াৰ মতে, "প্ৰতীক হ'ল বিমূৰ্ত আৰু মূৰ্তৰ এক প্ৰকাৰ তুলনা, আৰু সেই তুলনাত যিকোনো এটা পক্ষ মাথোন ব্যঞ্জিতহে হয়।"

সহজ ভাষাত ক'বলৈ গ'লে, যেতিয়া প্ৰানী, বস্তু, বা চিহ্নই ইয়াৰ সাধাৰণ অৰ্থৰ উপৰিও আন কিবা বেলেগ অৰ্থ বা তাৎপৰ্য বুজায়, তাকেই প্ৰতীক বুলি কোৱা হয়।

প্ৰাচীন কালৰে পৰাই কাব্যত প্ৰতীকৰ ব্যৱহাৰ হৈ আহিছে। পৰম্পৰাগতভাৱে সূৰ্য পোহৰৰ প্ৰতীক, বাঘ বা সিংহ হিংস্ৰতাৰ প্ৰতীক, ছাঁ, ফুল আদি শান্তিৰ প্ৰতীক। তেনেদৰে বৰ্ষা, সাপ, ৰাতি আদি অশান্তি, বিশৃংখলতা আৰু আন্ধাৰ আদিৰ প্ৰতীক। নীল ৰং শান্তিৰ প্ৰতীক, ৰঙা ৰং বিপদৰ প্ৰতীক। বৰ্ষা ঋতুটো দুখ-দুৰ্দশা, হতাশাৰ প্ৰতীক ইত্যাদি।
সাহিত্য তথা সকলো শিল্পকলাই বহল অৰ্থত প্ৰতীকধৰ্মী। কবিতাতো প্ৰতীকৰ ব্যৱহাৰে কবিতাক অধিক সৌন্দৰ্যমণ্ডিত কৰি তোলে। অসমীয়া বিহুগীত, বনগীত, দেহবিচাৰৰ গীত আদিত প্ৰতীকৰ বহুল প্ৰয়োগ পৰিলক্ষিত হয়। পৰম্পৰাগত কাব্যৰ প্ৰতীক আৰু আধুনিক কবিতাৰ প্ৰতীকৰ মাজত যথেষ্ট প্ৰভেদ পৰিলক্ষিত হয়। আধুনিক কবিয়ে প্ৰতীকক কাব্যৰ মূল আত্মাৰূপে গ্ৰহণ কৰাৰ বিপৰীতে পৰম্পৰাগত কাব্যত প্ৰতীকক মাথোন অলংকাৰ ৰূপেহে প্ৰয়োগ কৰিছিল।

প্ৰতীকবাদী সকলৰ মতে কবিতাই যিবোৰ বক্তব্য প্ৰকাশ কৰে সেই বক্তব্য পোনপটীয়া হোৱাতকৈ আওপকীয়া হোৱা উচিত। প্ৰতীকবাদৰ গুৰুত্বপূৰ্ণ কাম হ'ল শব্দৰ ধ্বনিময়তাৰ ওপৰত অধিক মনোযোগ দিয়া আৰু কাব্যক মূলত: সংগীত ধৰ্মী কৰা। তেওঁলোকৰ মতে সংগীতৰ সমপৰ্যায়লৈ নিব পৰাতেই কবিতাৰ সাৰ্থকতা নিৰ্ভৰ কৰে।

অসমীয়া কবিতাৰ নৱকান্ত বৰুৱাৰ কবিতাত প্ৰতীকবাদী ধাৰাই নিজস্ব দৃষ্টিভংগীৰে উজলি উঠিছে। "ইয়াত নদী আছিল" নামৰ কবিতাটো বিভিন্ন প্ৰতীকেৰে সমৃদ্ধ। কবিতাটোত অৱক্ষয়ৰ চিত্ৰ দাঙি ধৰিবলৈ গৈ "মৰুভূমি", "তামৰঙী এখন আকাশ", "ফুট ছাই বৰণৰ পৃথিৱী" আদি বিভিন্ন প্ৰতীকী ভাষাৰ প্ৰয়োগ কৰিছে এনেদৰে-
কিন্তু মৰুভূমি আহে,
লাহে লাহে মাহে মাহে বছৰে বছৰে
আঁহতৰ খোৰোঙত এপাহি কপৌ ফুল সোনকালে
গোপন ব্যাধিৰ দৰে লাহে লাহে মচি নিয়ে
প্ৰাণৰ যিমান ৰং, সেউজী সোণালী
আঁকি দিয়ে তামৰঙী এখন আকাশ আৰু
ফুটছাই বৰণৰ এখন পৃথিৱী।
-নৱকান্ত বৰুৱা
..................................................................................................................................................................
                                                                                                                                        প্ৰশান্ত শইকীয়া।

Post a Comment

0 Comments