লৰা | ল'ৰা |

লৰা,ল'ৰা,


            অসমীয়া ভাষাত সঘনাই ব্যৱহৃত "লৰা" আৰু "ল'ৰা" শব্দ দুটাক বিষয়বস্তু হিচাপে লৈ এটি চমু আলোচনা আগবঢ়ালোঁ-

            বাহ্যিক দৃষ্টিত শব্দ দুটাৰ মাজত মাত্ৰ এটা উৰ্ধ কমা ( ' ) ৰ পাৰ্থক্য যেন দেখিলেও অৰ্থৰ ফালৰ পৰা শব্দ দুটাৰ মাজত বহুত পাৰ্থক্য থকা দেখা যায়।

লৰা শব্দই সাধাৰণতে দুটা অৰ্থ বহন কৰে। প্ৰথমটোৱে লৰচৰ কৰা বুজায়। আৰু দ্বিতীয় অৰ্থটোৱে নষ্ট হোৱা বুজায়। উদাহৰণ স্বৰূপে: মাছটো লৰিছে। বজাৰৰ লৰা মাছকেইটাহে আপোনাৰ চকু পৰিলনে ?

আনহাতে ল'ৰা শব্দটোৱে মতা সন্তানক বুজায়। যেনে- ল'ৰা জন বৰ ধুনীয়া দেই!

            এই লৰা আৰু ল'ৰা শব্দ দুটাই বহুতৰে মনত খেলিমেলি লগায় বাবে লেখাটি প্ৰস্তুত কৰিলোঁ। অসমীয়া ভাষাত এনেকুৱা অসংখ্য একে একে উচ্চাৰণৰ শব্দ পোৱা যায়। আপোনালোকৰ সহায় সহযোগিতা পালে আগলৈ এনেকুৱা লেখা প্ৰস্তুত কৰিবলৈ প্ৰেৰণা পাম।
--------------------------------------------------------------------------------------------------------------------------

Post a Comment

0 Comments