ফাকি, ফাঁকি,
অসমীয়া ভাষাত সঘনাই ব্যৱহাৰ হোৱা দুটা একে ধৰণৰ শব্দ হ'ল ফাকি আৰু ফাঁকি।
বৰ্ণৰ ফালৰ পৰা এটা শব্দৰ "ফ" ৰ ওপৰত চন্দ্ৰবিন্দু " ঁ " আছে আৰু আনটোৰ "ফ" ৰ ওপৰত চন্দ্ৰবিন্দু নাই।
সেইদৰে উচ্চাৰণৰ ফালৰপৰা "ফ" ৰ ওপৰত চন্দ্ৰবিন্দু থকা ফাঁকি শব্দটো অলপ অনুনাসিক হয়, অৰ্থাৎ ইয়াৰ উচ্চাৰণ কৰোতে হাওঁফাওঁৰ পৰা ওলোৱা বতাহ কিছু পৰিমাণে নাকেৰে ওলাই যায়।
ঠিক তেনেদৰে, অৰ্থৰ ফালৰ পৰা -
১/ "ফাকি" শব্দই কবিতাৰ, গল্প আদিৰ শাৰী, বাক্যাংশ আদিক বুজায়। উদাহৰণ স্বৰূপে : আমি বাখ্যা কৰোঁতে প্ৰায়ে ব্যৱহাৰ কৰোঁ-
উক্ত কবিতা ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত " বৰগীত" টিৰ পৰা তুলি দিয়া হৈছে । ইত্যাদি।
২/ আনহাতে "ফাঁকি" শব্দটোৱে ছল, ঠগ, ফাঁকি, প্রতাৰণা, কৌশলেৰে মিছাক সঁচা প্ৰতিপন্ন কৰা আদিক বুজায়। উদাহৰণ স্বৰূপে ভুপেন হাজৰিকাৰ জনপ্ৰিয় গীতৰ কলি এটি তুলি দিয়া হ'ল -
"চৰ্দাৰ বলে কাম কাম।
বাবু বলে ধৰে আন.
চায়ব বলে লিব পিঠেৰ চাম.
অ' বিদেশী চাহাব
ফাঁকি দিয়ে আনালি আসাম ।
---------------------------------------------------------------------------------
0 Comments
Please do not enter any spam link in the comment box.