মুক্তিত নিস্পৃহ যিটো
।। ছবি ।।
মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি।। ১
যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱসিন্ধু তৰি
পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰোহো হৃদয়ত।। ২
।। নমস্কাৰ ।।
মৎস্য কূৰ্ম্ম নৰসিংহ বামন পৰশুৰাম
হলীৰাম বৰাহ শ্ৰীৰাম।
বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোঁহো প্ৰণাম।। ৩
---------------------------------------------------------

0 Comments
Please do not enter any spam link in the comment box.